Thursday, July 28, 2016

মহাশ্বেতা দেবীলৈ শ্ৰদ্ধাঞ্জলী.... মানুহজনী ঢুকাই থাকিল৷ বয়সৰ হিচাপেৰে উচিত বয়সতে তেখেতৰ মৃত্যু হৈছে......


মহাশ্বেতা দেবীলৈ শ্ৰদ্ধাঞ্জলী....

মানুহজনী ঢুকাই থাকিল৷ বয়সৰ হিচাপেৰে উচিত বয়সতে তেখেতৰ  মৃত্যু হৈছে৷ ১৯২৬ চনৰ ১৪ জানুৱাৰীত  ঢাকাত জন্ম হৈছিল তেখেতৰ৷ ৯০ বছৰ হৈছিল

বেঞ্জামিন ফ্ৰেকলিনে কৈছিল-
If you would not be forgotten
As soon as you are dead and rotten
Either write things worth reading
Or do things worth writing…

এই অৰ্থত মহাশ্বেতা দেবীৰ মৃত্যু নহয়, কাৰন তেখেতৰ লিখনি নিতান্তই পঢ়াৰ যোগ্য৷ তেখেতৰ কাহিনীৰ পটভুমিত এতিয়ালৈকে ৫খন কথাছবি নিৰ্মান হৈছে – সংঘৰ্ষ (১৯৬৮), ৰুদালী (১৯৯৩), হাজাৰ চুৰাচী কি মা (১৯৯৮), মাটি মাই (২০০৬) আৰু গংগোৰ (২০১০)৷

লেখিকাৰ অন্যান্য গ্ৰন্থসমূহ হৈছে – ধানের শীষে শিশির, অগ্নিগৰ্ভ, অরণ্যের অধিকার, নৈঋতেৰ মেঘ, যমুনা কী তীর, শ্ৰীশ্ৰী গণেশ মহিমা, শালগিরার ডাকে, নীলছবি, বন্দোৱস্তী, গ্ৰাম্য বাংলা, মিলুর জন্যে, যাবজ্জীৱন, সিধু কাণুৰ ডাকে, কবি বন্দ্যঘটী গাঞির জীৱন ও মৃত্যু, আই.পি.সি.৩৭৫, প্ৰতি চুয়ান্ন মিনিটে, ৬ই ডিচেম্বরের পর, কৃষ্ণা দ্বাদশী, সাম্প্ৰতিক, ইটের পর ইট, বেনে বউ, স্তনদায়িনী এবং অন্যান্য গল্প, লায়লী আসমানের আয়না, ঘোরানো সিঁড়ি, আঁধাৰমানিক, চোট্টি মূণ্ডা এবং তার তীর, মুখ, বায়স্কোপের বাক্স ইত্যাদি৷


ঢাকাত জন্ম হোৱা মহাশ্বেতাৰ গোটেই পৰিয়ালটোৱেই আছিল সাহিত্য আৰু শিল্পৰ লগত জড়িত৷ দেউতাক মনিশ ঘটক আছিল কবি আৰু উপন্যাসিক৷ তেখেতৰ খুড়াৱক ঋত্বিক ঘটকৰ নাম কথাছবি জগতৰ লগত পৰিচিত সকলোৰে চিনাকী (নাগৰিক, অযান্ত্ৰিক, সুৱৰ্ণৰেখা, মেঘে ঢাকা তাৰা, তিষ্টা একটি নদীৰ নাম খ্যাত)৷  তেখেতৰ মাকেও লেখা পঢ়া কৰিছিল৷ মামাৱকহ’তো কম নাছিল৷ শঙ্খ চৌধূৰীৰ নাম নিপুণ ভাস্কৰ (Sculptor) হিচাপে বিখ্যাত৷ আনজন মোমায়েক শচীন চৌধূৰী আছিল Economics and Political Weekly নামৰ পত্ৰিকাখনৰ প্ৰতিষ্ঠাপক সম্পাদক৷ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিভাগত স্নাতক হোৱাৰ পিছত মহাশ্বেতাই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ হয়৷ তেখেতৰ স্বামী বিজন ভট্টাচাৰ্য গণনাট্য সংঘৰ লগত জড়িত এজন নামকৰা নাট্যকাৰ আছিল৷ ১৯৫৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়৷ তেওঁলোকৰ পুত্ৰ নবাৰুণ ভট্টাচাৰ্য বাংলা ভাষাৰ এজন যশস্বী উপন্যাসিক৷

মহাশ্বেতাই বিজয়গড় কলেজত অধ্যাপনা কৰিছিল৷ সেই কলেজখনত এসময়ত কামকৰা মহিলাসকলৰ কলেজ আছিল৷ মহাশ্বেতাই লোধা আৰু চাবাৰ নামৰ দুটা ট্ৰাইবেল ফৈদৰ বাবে কৰা কামে তেখেতলৈ স্বীকৃতি আনিছিল৷ উদ্যোগীকৰণৰ বিৰুদ্ধে আৰু অৰন্যৰ সপক্ষে তেওঁৰ বক্তব্য আছিল সৱল আৰু পৰিষ্কাৰ৷ বিভিন্ন সামাজিক কাম মহাশ্বেতা মৃত্যুৰ সময়লৈকে জড়িত হৈ আছিল৷

সাহিত্য একাডেমী, পদ্মশ্ৰী, পদ্মবিভূষণ, জ্ঞানপীঠ, ৰমণ মেগচেচে, বঙ্গবিভূষণ, সাহিত্যব্ৰহ্মা আৰু ২০১৪ চনত তেখেতক প্ৰথম মামণি ৰয়চম গোস্বামী বঁটাৰে সন্মানিত কৰা হৈছিল৷

২০০৬ চনত, বাংলা গল্পকাৰ জয়ন্ত দে’ দাদাই মোক এবৰ কলেজ ষ্ট্ৰীট আৰু কফি হাউচলৈ লৈ গৈছিল৷ সেইদিনাই তেখেতে মহাশ্বেতাৰ "হাজাৰ চুরাশির মা" আৰু "অরণ্যের অধিকার" কিতাপদুখন মোক উপহাৰ দিছিল৷ আজি এই মুহুৰ্ত্তত মোৰ হাজাৰ চুৰাশীৰ সুজাতা আৰু অরণ্যের অধিকার উপন্যাসখনৰ মুল চৰিত্ৰ বীৰসা মু্‌ণ্ডাৰ সংগ্ৰামৰ কথা মনত পৰিছে যি মহাশ্বেতাই অমৰ কৰি গ’ল৷

মহাশ্বেতাৰ মৃত্যু নহয়, কাৰণ,

That cannot be forgotten
What Mahasweta has written!

তেখেতলৈ মোৰ শ্ৰদ্ধাঞ্জলী জনলোঁ৷


Monday, July 25, 2016

নিজৰ কথাঃ গোৱাৰ ভাস্কো-ডা-গামা নামৰ নগৰখনৰ সঞ্জিৱনী হস্পিটেল নামৰ চিকিৎসালয়খনত থকা প্ৰসূতি বিভাগৰ অপাৰেচন কক্ষটোৰ বন্ধ দুৱাৰ এখনৰ সমূখত মই এদিন এই সময়তে পৰম ব্যগ্ৰ আৰু অস্থিৰ হৈ ক্ষণ গণি আছিলো.....

নিজৰ কথাঃ

গোৱাৰ ভাস্কো-ডা-গামা নামৰ নগৰখনৰ সঞ্জিৱনী হস্পিটেল নামৰ চিকিৎসালয়খনত থকা প্ৰসূতি বিভাগৰ অপাৰেচন কক্ষটোৰ বন্ধ দুৱাৰ এখনৰ সমূখত মই এদিন এই সময়তে পৰম ব্যগ্ৰ আৰু অস্থিৰ হৈ ক্ষণ গণি আছিলো৷ সন্ধ্যা লাগি তেতিয়া ভাগিছিল৷ চাৰে ন বজাৰ আগে আগে সেই বন্ধ দুৱাৰখনেদিয়েই মোৰ পত্নীক কক্ষটোৰ ভিতৰলৈ সুমুৱাই দিছিলো৷ সেইদিনা আছিল বন্ধু অমন মালহোট্ৰাৰ ল’ৰা আৰ্যৰ এবছৰীয়া জন্মদিন – কেনিলৱৰ্থ নামৰ হোটেলখনত অমনে অভ্যৰ্থনাৰ আয়োজন কৰিছিল৷ সেয়ে, সেই সময়ত মোৰ লগত থাকিব খোজা মোৰ বন্ধুকেইজনক জোৰকৈ মই বিদায় দিলোঁ- আপোনালোক নগ’লে অমনে বেয়া পাব, প্ৰয়োজন হ’লে মই খবৰ দিম, আপোনালোক যাওঁক৷ এসময়ত, ক্ষীণ হাঁহিমুখীয়া ইৰকিট নামৰ নাৰ্ছগৰাকীয়ে দুৱাৰখন ঠেলি ভুমুকি মাৰিলে- বাবা হুৱা, নাইন থাৰ্টি ছিক্স৷ ন বাজি ছয়ত্ৰিশ মিনিটত ল’ৰা এটা জন্ম হৈছে! তাই আকৌ সোমায় গ’ল৷

কথাষাৰ কোৱাৰ পাঁচ মিনিটমান হ’ল নে নহ’ল মোৰ মনত নৰ’ল৷

ইৰকিটে ৰবৰৰ পুতলাৰ দৰে কেঁচুৱা এটা আনি মোৰ হাতত তুলি দিলেহি৷ কেচুঁৱাটোৰ গাৰ অঁত তঁত তেজৰ চেকুৰা লাগিয়েই আছে৷ চকু দুটা মুদখোৱা৷ গোটেই গাটোত তেজে ফুটো ফুটো, চুবলৈকে ভয় লাগে!

মই আগতেওঁ কোলাত কেচুৱা লৈ পাইছো৷ কিন্তু মোৰ হাতত কেচুৱা থকা সময়ছোৱাত ওচৰতে কোনোবা নহয় কোনোবা এজন বা এগৰাকী উৎকন্ঠিত হৈ মই কেঁচুৱাটো দিয়ালৈ বাট চাই থাকে! কিন্তূ কি আচৰিত, আজি এই মুহূৰ্তত এই ল’ৰাটো মোৰ পৰা হাত পাতি ল’বলৈ ওচৰত আন কোনো নাই! ওচৰতে ৰৈ থকা কেইবাজনো লোক কেঁচুৱা চাবলৈ ওচৰ চাপি আহিল৷ আমাৰ লগত থকা শাহু আই এই মুহুৰ্তত চিকিৎসালয়খনত আমাৰ ভাগত পৰা কোঠাটোত এই নৱজাতকৰ আগমনৰ বাবেই কিবা কিবি আয়োজন কৰি আছে!

এক নাম নজনা অনুভূতি মোৰ শৰীৰেদি প্ৰবাহিত হৈ গ’ল৷ এইযে কেচুঁৱাটো, তাক মোৰ পৰা হাত পাতি ল’বলৈ আন কোনো আগবাঢ়ি নাহে, বৰং আনৰ হাত বাগৰি বাগিৰ অৱশেষত সি মোৰ হাতলৈকে আকৌ উভতি আহিব৷ এইটো মোৰ নিজৰ কেঁচুৱা! মইয়েই এতিয়া তাৰ শেষ ঠিকনা! মোৰ বাবে যেনেকৈ মোৰ দেউতা, এই কেঁচুৱাটোৰ বাবেও তেনেকৈ মই! তাৰমানে মই আজিৰ পৰা দেউতা হ’লো! ভৰিৰ পৰা মুৰলৈকে গাটো আকৌ এবাৰ জিকাৰ খাই উঠিল! আৰম্ভ হ’ল বিৰতীবিহীন এক নতুন পৰিক্ৰমাৰ!

সেইয়া আছিল আজিৰ পৰা সম্পূৰ্ণ চৈধ বছৰৰ আগৰ কথা৷

সেইটোৱেই এইটো- আমাৰ প্ৰথম সন্তান – বাপু – আনমোল৷

আজি ৰাতিপুৱাই ফেঁচবুকে সোঁৱৰাই দি জাননী দিলে- আজি আনমোলৰ জন্মদিন৷ আপুনি তাক তাৰ টাইম লাইনত কিবা ক’ব খোজে নেকি? ইয়াতে টাইপ কৰক…..

শৈশৱ এৰি কৈশোৰত ভৰি দিয়া নিজৰ পুত্ৰক পিতৃয়ে কি ক’ব লাগে? ক’লেইনো পুত্ৰই শুনিবনে? মই বিভ্ৰান্ত৷
তই যিদিনা কোলালৈ আহিছিলি, সেইদিনাই মই বাঞ্ছা কৰিছিলো – তই যি হ’ব খোজ, তাকে হ’বি, কিন্তু কিবা এটা হোৱাৰ আগতে তই প্ৰথমে এজন ভাল মানুহ হ’বি৷ তেওঁ এজন ভাল মানুহ আৰু মানুহজন ডাক্তৰ, তেওঁ এজন ভাল মানুহ আৰু মানুহজন ইঞ্জিনিয়াৰ, তেওঁ এজন ভাল মানুহ আৰু মানুহজন শিক্ষক, তেওঁ এজন ভাল মানুহ আৰু মানুহজন শিল্পী…. তোৰ যি মন যায় তই তাকে হ’বি কিন্তু তোৰ চিনাকীটো যেন আৰম্ভ হয় এজন ভাল মানুহৰ পৰিচয়ৰে!


মোৰ গুৰু, নমস্যব্যক্তি ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ এষাৰ কথা মই প্ৰায়েই স্মৰণ কৰি থাকোঁ৷ – সস্তীয়া জনপ্ৰিয়তা বা ধনৰ পিছত তুমি দৌৰি নুফুৰিবা৷ বৃতি হিচাপে তুমি যি বিষয় বাছি লৈছা তুমি তোমাৰ সমস্ত শক্তি আৰু সামৰ্থৰে সেই বিষয়তে সৰ্বোত্তম হ’বলৈ চেষ্টা কৰা৷ নিষ্ঠা আৰু সততাৰে তুমি যদি জীৱনত এই চেষ্টা কৰি গৈ থাকা কৃতকাৰ্যতা, সফলতা, স্বীকৃতি, ধন, নাম, যশ সকলো নিজে নিজে এদিন তোমাৰ ওচৰ চাপি আহিব৷















Thursday, July 7, 2016

চতিয়াত গঁড়...

চতিয়াত গঁড়

আমাৰ ঘৰৰ সমূখৰ বহল পথাৰ খনত এবাৰ এটা গঁড় ওলাইছিল৷ দিনটো আছিল বুধবাৰ৷ আগবেলাই গঁড় এটা আহি পথাৰখনৰ দলনিত বোকাৰ ঘুলি এটা সাজি তাতে হেনো শুই আছে৷ প্ৰথমে কথাটো কোনে প্ৰত্যক্ষ কৰিলে জনা নগ’ল৷ বুধবাৰ মানে বজাৰৰ দিন৷ অহা-যোৱা কৰা আলিবাটটোৰ পৰা মাত্ৰ ৪০০ মিটাৰ মান আঁতৰত সেইজীয়া ৰোৱাৰে ঢাকি ধৰি থকা ঠাইখিনিতে গঁড় এটা বোকাৰ মাজত শুই আছে৷ আবেলি সময়৷ বজাৰৰ পৰা উভতি অহা বাটৰুৱা ৰৈ যাবলৈ আৰম্ভ কৰিলে৷ গঁড়ৰ গালৈ পকা চপৰা, শিলগুটী আদি ফৰ্মুটিও আৰম্ভ হ’ল৷ গঁড়টো শোৱাৰ পৰা এবাৰ উঠে, পাক এটা মাৰে, আকৌ শোৱে! এসময়ত গাওঁৰ বয়সস্থ কেইবাজনো আলিবাটলৈ ওলাই আহিল৷ কোনো কোনোৱে ক’লে- আমনি কৰি নাথাকিবি, গঁড়ে মানুহতকৈও বেগাই দৌৰিব পাৰে, সাৱধান! তেনেতে সেই ঠাইত পতিয়াগাওঁৰ চাকিৰাম আহি ওলালহি, হাতত বজাৰ কৰি ওলোমাই অনা বেগ এটা৷ মানুহজনে গঁড় চাবলৈ আলিবাটৰ পৰা নামি পথাৰখনলৈ আগবাঢ়িবলৈ ল’লে৷ গঞাই হৈ হৈ কৰি উঠিল – ককাই, তুমি ভালকৈ খোজেই কাঢ়িব নোৱাৰা, ক’লৈ গৈছা, নাযাবা, নাযাবা৷ মানুহজন আছিল সামান্য খোনা৷ উত্তৰ দিলে- হে’ৰা, জনাই জানে, গঁড়ে মাৰিলে স্বৰ্গবাসী হ’ম, ভয় কিহৰ হে’? তেওঁ আগবাঢ়ি গৈ থাকিল৷ ঠিক তেনেতে হঠাতে শোৱাৰ পৰা উঠি গঁড়টোৱে খেদি আহিল৷ আলিবাটত ৰৈ থকাসকলে বিম্বাশৱদে লৰ ধৰিলে৷ গঁড়টোৱে মুহুৰ্ত্ততে মানুহটোক ওফোৰাই পেলালে, তাৰপিছত ৰে’ল লাইনটোৰ ফালে দৌৰি দৌৰি আঁতৰি গ’ল৷
চাকিৰামৰ থিতাতে মৃত্যু হৈছিল৷ কৰঙনৰ পৰা বুকুলৈকে মানুহজনক গঁড়ৰ খৰ্গটোৱে ফালি পেলাইছিল৷ কাষতে পৰি আছিল হাতত লৈ থকা মোনাটো৷ মোনাটোৰ পৰা ওলাই ছেদেলি ভেদেলি হৈ পৰি আছিল বজাৰৰ পৰা কিনি অনা কেইবাবিধো পাছলি আৰু কেইবাটাও মৰা মিৰিকা মাছ!

তেখেত স্বৰ্গবাসী হ’ল নে নহ’ল গম পোৱা নগ’ল৷

আমি খ-শ্ৰেনীত পঢ়ি থাকোতে এদিন দুপৰীয়া হঠাতে ৰাইজ আলিবাটলৈ ওলাই আহিল – গঁড় ওলাইছে, গঁড় ওলাইছে! ৰে’লৰ আলিৰ দাঁতিয়ে দাঁতিয়ে গঁড় এটা দৌৰি দৌৰি গৈ আছে৷ – সেইটো, সেইটো, সকলোৱে আঙুলিয়াই দেখুৱাইছিল, মই কিন্তু নেদেখিলো ৷ স্কুলৰ পাঠ্যপুথিত “ধাননি পথাৰ” নামৰ পাঠ এটা আছিল৷ তাত গঞাই গঁড় খেদি থকা দৃশ্যৰ ছবি এটা আছিল৷ গঁড়ে জুইলৈ ভয় কৰে বুলি তাত লিখা আছিল৷ সেইসময়ত মোৰ সেই কাহিনীটোলৈ মনত পৰি আছিল৷

১৯৭৮-৭৯ চন৷ বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ হওঁ হওঁ৷ ডেকা ল’ৰাহত ঘৰলৈ ৰাতি পলমকৈ ওভতাৰ অভ্যাস ঠিক আৰম্ভ হোৱাৰ সময় সেইটো৷ ৰাতি দহমান বাজিছে, ঘোপমৰা আন্ধাৰ! মাগুৰমৰা গাওঁৰ শশীদা (শশী বৰা ওৰফে পেৰুকাদা) চেন্টাৰৰ (আমাৰ স্থানীয় সৰু চহৰখন) পৰা চাইকে’ল লৈ ঘৰলৈ উভতি আহিছে৷ আন্ধাৰত বেছি দূৰলৈ মনিব নোৱাৰি – তথাপিও অসুবিধা পোৱা নাই, চিনাকী ৰাষ্টা৷ উদয়পুৰত, ঠিক ৰাষ্টাৰ ওপৰতে, হঠাতে সমূখত ক’লা ৰঙৰ কিবা এটা ৰৈ থকা যেন অনুমান হ’ল৷ শশীদাই পেডেল মৰা বন্ধ কৰিলে৷ পিছমূহুৰ্ত্ততে তেঁও নিশ্চিত হ’ল- হয়, ভুল হোৱা নাই, সেইয়া সমূখত আৱিৰ্ভাৱ হৈছে অসমৰ জাতীয় প্ৰতীক -পোৱালী হাতী এটাৰ সমান আকাৰৰ এটা প্ৰকাণ্ড এশিঙীয়া গঁড়৷ কিংকৰ্তব্যবিমূড় হৈ শশীদাই ব্ৰেক মাৰিবলৈও পাহৰি গ’ল৷ মাথোঁ গঁড়টোক খুন্দা নামাৰিবলৈ গাটো কিছু হলাই দিলে৷ কমল হাজৰিকাৰ ঘৰৰ কাষেদি সোমাই যোৱা গলিটোৰ কোণটোতে দ হোলা এটা আছিল৷ তাতে বিহলঙনী-ঢেঁকীয়া-কঁচু-মেটেকাৰ ওপৰত চাইকেল সহিত শশীদা এখাৱৈ হৈ পৰিলগৈ! সেইমূহূৰ্ত্তত তেওঁৰ হেনো ভালুক দেখা দুই বন্ধুৰ সাধুটো চেৰেং কৈ মনত পৰি গ’ল আৰু তাতে সেইফালেই নিতাল মাৰিলে! গঁড়টোৱেও আগতে নেদেখা দৃশ্য এটা দেখাত আৰু আগতে নোহোৱা অভিজ্ঞতা এটা হোৱাত এখোজ দুখোজকৈ খাৱৈটোলৈ আগবাঢ়ি গ’ল৷ শশীদাক এবাৰ শুঙি চালে৷ বিশ্বাসী বন্ধুৰ সাধুটোত ভালুকটোৱে তলত মৰা ভাওঁ ধৰি শুই থকা বন্ধুটোক যেনেকৈ শুঙিছিল, তেনেকৈ! তাৰপিছত জাতীয় প্ৰতীক গুৰু-গম্ভীৰ খোজেৰে সেই গলিটোৱেদি বাবুল বৰকাকতীৰ ঘৰৰ আগেদি চতিয়া ৰে’ল ষ্টেচনৰ ফালে আঁতৰি গুচি গ’ল৷

ঘটনাটো ৰাতিপুৱাই ৰাষ্ট্ৰ হৈ পৰিল৷ শশীদাই হেনো কৈছে – মই যদি জাপ মাৰি নামি গাৰ ওপৰত চাইকেলখন জাপি নল’লোহেঁতেন, মোৰ ফালে আধ্যাই পৰিলহেঁতেন! তেখেতৰ লগত ঘনিষ্ঠ দুজনমানে অধিক তথ্য লাভ কৰাৰ সুঁৰত ক’লে- গঁড়টোৱে হেনো জিভাখন লগাই শশীদাৰ ভৰিত চেলেক এটা মাৰিও চাইছিল৷ বন্যপ্ৰানী সম্পৰ্কে বিস্তৰ অভিজ্ঞতা জাহিৰ কৰি কেইজন মানে কথাষাৰ কাটিলে – থ হেৰৌ, গঁড়ে চেলেক মাৰিলে গাৰ ছাল এৰাই যাব, মঙহৰ এফাল এৰুৱাই লৈ যাব৷ আন কোনোবা চকু চৰহাই ক’লে- গোলাপী নিচাতে সি চৰাইজনীয়া গাওঁৰ কাৰোবাৰ ঘৰৰ গোনা মহ দেখি আহিল! দেখাটো মিছা, এখাৱৈ হৈ পৰি থকাটো সঁচা!

কিন্তু গঁড় ওলোৱা কথাটো সঁচা আছিল৷ পিছদিনা বয়সস্থ অভিজ্ঞজনে গলিটোত পৰি থকা গঁড়ৰ খোজ চিনি পাইছিল৷
আমি সপ্তম শ্ৰেনীত পঢ়ি থাকোতে পহুছোৱা গাওঁত গঁড় এটা ওলোৱাৰ খবৰ ওলাইছিল৷ পহুছোৱা পাৰ হৈ চাপৰিয়েদি গঁড়টো হেনো নিজে নিজে গৈ লুইত পাৰ হৈ কাজিৰঙা পাইছিলগৈ৷

আমি পঢ়ি থাকোতেই চতিয়াৰ এখন গাওঁৰ সমনীয়া হ’তক “গঁড় বুলি হাতী খোৱা” বুলি জোকাইছিলো৷ গঁড়ৰ মাংস হেনো খাব পাৰি, হাতীৰ নোৱাৰি৷ এবাৰ গঁড় এটা মাৰি গাওঁখনে হেনো ভগাই খালে৷ পিছতহে আৱিষ্কাৰ হ’ল, সেইটো গঁড় নহয় হাতীহে আছিল৷ মনে সজা কাহিনীয়েই হব ছাগৈ, তথাপিও সমনীয়াহ’তৰ খং উঠিছিল৷
তেতিয়াৰ দিনত গঁড় মাৰি তাৰ খৰ্গ কাটি নি ধন ঘটাৰ কথা সম্ভৱ কোনেও চিন্তা কৰা নাছিল৷ এনে কামক গৰ্হিত বুল ভবা হৈছিল৷ আমাৰ জিলাৰ ভূঞা নামৰ ডাক্তৰ এজনৰ গাড়ীত এবাৰ গঁড়ৰ খৰ্গ এটা  পোৱা হৈছিল৷ তাৰপিছত তেখেতক ৰাইজে খৰ্গ ভূঞা নাম দিছিল৷


তাৰপিছত এইয়া প্ৰায় ত্ৰিশ বছৰ বাগৰি গ’ল৷ টেলিভিছনত দেখিলো চতিয়াত আকৌ গঁড় ওলাইছে৷ গঁড়টোক সুৰক্ষিত ভাবে স্থানান্তৰিত কৰাত গঞাইও সহায় কৰা দেখি মনটো বৰ ভাল লাগিছে৷ তাতোকৈও বেছি আনন্দ পালোঁ স্থানচ্যুত হৈ দিক বিদিক নাজানি দিশহাৰা হোৱা প্ৰানীটোক গঁড়-কন্যা থকা আশ্ৰমত জোঁৱাই হিচাপে আকোৱালি লোৱা দেখি! মাথোঁ আমনি কৰি আছে এটা দৃশ্যই – গঁড়টোৰ গাত লাগি আছে চাৰিটা গুলীৰ চিহ্ন! ভৰিত গুলী সোমাই যোৱা সেই দগমগীয়া গুলপীয়া ৰঙৰ ঘাঁটোৰ দৃশ্য৷

Tuesday, July 5, 2016

কল্লোল ধৰ

১৯৯৩ চনত মই যেতিয়া অসামৰিক বিমান পৰিবহন বিভাগত যোগদান কৰিছিলো আমাৰ লগত শিলচৰৰ ল’ৰা এজনেও যোগদান কৰিছিল, নাম কল্লোল ধৰ৷ এলাহাবাদৰ অসামৰিক বিমান পৰিবহন প্ৰশিক্ষন কেন্দ্ৰত আমি একেলগে থকা দিনবোৰত কল্লোলৰ লগত এটা ওৱাকমেন (মোবাইলতকৈ কিছু ডাঙৰ শকত, কেছেট ভৰাই লৈ গান শুনিব পৰা যন্ত্ৰ) আছিল৷ তেতিয়াৰ দিনত সেইটো এটা ডাঙৰ সম্পদ! ৰাতি ভাত খাই উঠাৰ পিছত আমি তাৰ কোঠাত প্ৰায়েই অলপ সময় বহি হিন্দী চিনেমাৰ গীত শুনিছিলো৷ ১৯৯৩ চনৰ ৩১ ডিচেম্বৰৰ নিশা সেই যন্ত্ৰটোৰ পৰা নিৰ্গত হোৱা দালাল নামৰ হিন্দী কথাছবি খনৰ গুটুৰ গুটুৰ গীতটোৰ তালে তালে উদ্দাম নৃত্য কৰি আমি নতুন বছৰটোক আদৰনি জনাইছিলো৷

প্ৰশিক্ষণ শেষ হোৱাৰ পিছত মোৰ মণিপুৰৰ ইম্ফল এয়াৰপৰ্টত নিযুক্তি হ’ল৷ কল্লোলৰো৷ পি.এল.এ. নামৰ দুধৰ্ষ সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাবাহিনীৰ টিঘিল-ঘিলনিত অধ্যুসিত তেতিয়াৰ ইম্ফল চহৰ৷ লাহে লাহে কল্লোলৰ সান্নিধ্য আৰু ব্যক্তিত্বই মোক আকৰ্ষন কৰিবলৈ আৰম্ভ কৰিলে৷  তাৰ আছিল কিছু ব্যতিক্ৰমধৰ্মী ৰুচী৷ সেই সন্ত্ৰাসৰ পৰতো পুৰনি গীতৰ কেছেট বিচাৰি বিচাৰি সি ইম্ফল চহৰ পাত পাত কৰিছিল৷ চিনেমাৰ খবৰ খুচৰি খুচৰি পঢ়িছিল৷ আটাইতকৈ ডাঙৰ কথা, চিনেমা সম্পৰ্কীয় তথ্যৰ সি আছিল এক জীৱন্ত বিশ্বকোষ! কোনখন চিনেমাৰ কোনটো গীত, কোনে গাইছে, সংগীত পৰিচালক কোন, চিনেমাৰ অভিনেতা- পৰিচালক কোন, নেপথ্যৰ কাহিনী কি – প্ৰশ্নটো সোধাৰ লগে লগে উত্তৰটো হেনো নিজে নিজে তাৰ জিভাৰ আগলৈ আহি যায়৷ পিছলৈ মই ভাবিছিলো, মই যদি কেতিয়াবা “কৌন বনেগা কৰৌৰপতি”ত যোৱাৰ সুযোগ পাওঁ, নিশ্চিত ভাবে মই কৰিব লগা ফোনটো কল্লোললৈকে হ’ব৷

সেই তেতিয়াৰ দিনতে সি (যেতিয়া অনলাইন ছপিং নাছিল) ডাকযোগে অৰ্ডাৰ দি বস্তু কিনিবলৈ লৈছিল৷ সি যেতিয়া ভালেমান টকাৰ ডিমাণ্ড দ্ৰাফ্ট বনাই ডাকযোগে বস্তুৰ অৰ্ডাৰ দিয়ে, আমি ভাবোঁ – গ’ল তাৰ টকা সোপা অথলে! সি কয়- ধুৰ বেটা! সচাঁকৈয়ে কেইদিনমানৰ পিছত সি দিয়া অৰ্ডাৰ আহি ইম্ফলৰ তুলিহাল এয়াৰপৰ্ট পায়হি! এবাৰ মোকো কুটুৰি কুটুৰি মনত সাহস গোটাই দি ছিকিম ইন্টাৰনেচনেল টাইম কৰ্পৰেচনৰ হাত ঘড়ী এটাৰ অৰ্ডাৰ দিবলৈ বাধ্য কৰিছিল৷ পইচা কেইটা তোৰ কাৰণেই অথলে গ’ল বুলি তাক ভৎসনা কৰিবলৈ আৰম্ভ কৰাৰ কিছুদিন পিছতে মই মোৰ বাওঁহাতটোত ছিটকো কম্পেনীৰ সুন্দৰ হাতঘড়ী এটাৰ পিন্ধাৰ সুযোগ পাইছিলো! তৃপ্তিত মোৰ মন ভৰি উঠিছিল৷

মাহৰ শেষত প্ৰায়েই তাক ক’ব লগা হৈছিল – দেচোন টকা পঞ্চাশটা, এক তাৰিখে পাই যাবি? দিছিল৷

দুবছৰ পিছত মোৰ গুৱাহাটীলৈ বদলি হ’ল৷  কল্লোলৰো ৷ মই থকা ঘৰৰ ওচৰতে সিও থাকে৷ ডিমাৰ্টমেন্টে যেতিয়া ধাৰ দিবলৈ ওলাল মই এখন ভেস্পা স্কুটাৰ কিনিলো৷ সি ক’লে – মাৰ্কেটত আটাইতকৈ ভাল বাইক কি আহিছে খবৰ ল! সি এখন হিৰো হোন্দা স্প্লেন্দাৰ কিনিলে৷ তাৰ পিছতে আৱিস্কাৰ হ’ল - মটৰ চাইকেলেটো দূৰৰ কথা, সি বাইচাইকেলেই চলাব নাজানে! এইবাৰ আৰম্ভ হ’ল তাক মটৰ চাইকেল শিকোৱাৰ অভিযান৷ পিছত কোনোবা এটা বহি থাকিলে সি পোনে পোনে লৈ যাব পাৰে ঠিকেই কিন্তু অকলে বাইকখনৰ ভাৰসাম্য ধৰি ৰাখিব নোৱাৰে৷ হাততে সুবিধা পোৱাত মপেদ এখনো শিকিবৰ বাবে কিনি লোৱা হৈছিল – প্ৰথমে মপেদত শিকি লৈ পিছলৈ বাইক চলোৱা হ’ব৷ অনুশীলন কিছুদিন চলিয়েই তাপ মাৰিলে৷  

গুৱাহাটীত থকা দিনত কল্লোলৰ মটৰ চাইকেল চলোৱা আৰু নহ’ল, পাৰেমানে চলালো মই৷

ইম্ফলত থকা দিনতে এবাৰ উগ্ৰপন্থীয়ে এয়াৰপৰ্টলৈ গুলী চলাইছিল৷ আমি সন্ত্ৰষ্ট হৈ একেটা ৰুমতে সোমাই থাকি ক্ষণ গণিছিলো৷  এয়াৰপৰ্টৰ বাহিৰত থকা মিদল মাৰ্কাৰ নামৰ যন্ত্ৰটোৰ লগত ডিউটি কৰি উভতি আহোঁতে মোৰ হাতৰ পৰা অফিচৰ জীপ গাড়ীখন অচিনাকী যুৱক কেইজনমানে কাঢ়ি লৈ গৈছিল৷ মোক সুকলমে ওভতাই অনাত কল্লোলেই আগভাগ লৈছিল৷ প্ৰায় পাচঁ বছৰ আমি একেলগে থাকি সুখ-দুখৰ ভাগ বতৰা কৰিছিলো৷ মোৰ ভনী মাজনী মোৰ লগত থকাৰ সময়ছোৱাত সি প্ৰায়েই আমাৰ ঘৰত ভাত খাবলৈ আহিছিল৷

এসময়ত আমাৰ গতি ভিন্নমূখী হৈ পৰিল৷ মই তেজপুৰলৈ আৰু কল্লোল শিলছৰলৈ গুছি গ’ল৷ পল্টন বজাৰত তাৰ বাইকখন শিলছৰলৈ বুলি বুক কৰি দিওঁতে বিষন্ন মনেৰে মই তাক কৈছিলো – তোৰহে আৰু মটৰ চাইকেল চলোৱা নহ’ল৷ সি নিৰ্বিকাৰ হৈ কৈছিল – বাদ দে, গাড়ী চলাম এদিন৷
মোৰ বিয়া ঠিক হোৱাৰ সময়ত তালৈ ফোন কৰি ক’লো – ঠিকতো হ’ল কিন্তু গহনা অৰ্ডাৰ দিবলৈকে পইচা যোগাৰ হোৱা নাই, ল’ন এটা আশা কৰি আছোঁ! সেইদিনাই সি পাচঁহাজাৰ টকাৰ দ্ৰাফট এখন মোলৈ ৰেজিষ্টাৰ কৰি পঠাই দিছিল৷

মই যদি কল্লোলক লগ নাপালোঁহেতেন, এই জীৱনত মই ভানু বন্দোপাধ্যায়ৰ বিমল কৌতুক ৰস পান কৰাৰ পৰা বঞ্চিত হ’লোহেঁতেন৷
মই যদি কল্লোলক লগ নাপালোঁহেতেন, এই জীৱনত মই শ্যামা সংগীতৰ প্ৰাণ টানি ধৰা লয়ৰ লগত পৰিচয় হোৱাৰ সুযোগ নাপালোঁহেতেন৷
মই যদি কল্লোলক লগ নাপালোঁহেতেন, এই জীৱনত কুমাৰ শ্বানুৱে গোৱা “যাবো যে চলে, কিছু না বলে, ডাক দিলেও আসব না, চলে যাব বহু দূৰে” ৰ দৰে মধূৰ সংগীত পৃথিৱীত থকাৰ কথা গমেই নাপালোঁহেতেন৷
আটাইতকৈ ডাঙৰ কথা, মই যদি কল্লোলক লগ নাপালোঁহেতেন, এই জীৱনত বন্ধুত্বৰ এক নিবিড় সম্পৰ্কৰ অনুভৱৰ পৰা মই চিৰকালৰ বাবে বঞ্চিত হ’লোহেঁতেন৷

এতিয়া মোৰ আৰু কল্লোলৰ জীৱনৰ গতিপথ বেলেগ৷ এই জীৱনত আমি যে কেতিয়াবা আকৌ একেলগ হৈ সেই তেতিয়াৰ দৰে ক’ৰবাত কেইটামান দিন কটাম, সেই আশা এতিয়া ক্ৰমান্বয়ে ধূসৰ হৈ আহিছে৷ নোহোৱাৰ সম্ভাৱনাই অধিক যেন লগা হৈ আহিছে৷

তথাপিও, বন্ধুত্বৰ অনিৰ্বচনীয় আনন্দ আৰু গৌৰৱেৰে মই সুবিধা পালেই আমাৰ ৰাঙলী দিনৰ কথা মনত পেলাওঁ৷ তৃপ্তিত মনটো ভৰি উঠে৷ আজিও পেলাইছো, কাৰন আজি তাৰ জন্মদিন৷

হেপী বাৰ্থডে’ কল্লোল!