Monday, July 25, 2016

নিজৰ কথাঃ গোৱাৰ ভাস্কো-ডা-গামা নামৰ নগৰখনৰ সঞ্জিৱনী হস্পিটেল নামৰ চিকিৎসালয়খনত থকা প্ৰসূতি বিভাগৰ অপাৰেচন কক্ষটোৰ বন্ধ দুৱাৰ এখনৰ সমূখত মই এদিন এই সময়তে পৰম ব্যগ্ৰ আৰু অস্থিৰ হৈ ক্ষণ গণি আছিলো.....

নিজৰ কথাঃ

গোৱাৰ ভাস্কো-ডা-গামা নামৰ নগৰখনৰ সঞ্জিৱনী হস্পিটেল নামৰ চিকিৎসালয়খনত থকা প্ৰসূতি বিভাগৰ অপাৰেচন কক্ষটোৰ বন্ধ দুৱাৰ এখনৰ সমূখত মই এদিন এই সময়তে পৰম ব্যগ্ৰ আৰু অস্থিৰ হৈ ক্ষণ গণি আছিলো৷ সন্ধ্যা লাগি তেতিয়া ভাগিছিল৷ চাৰে ন বজাৰ আগে আগে সেই বন্ধ দুৱাৰখনেদিয়েই মোৰ পত্নীক কক্ষটোৰ ভিতৰলৈ সুমুৱাই দিছিলো৷ সেইদিনা আছিল বন্ধু অমন মালহোট্ৰাৰ ল’ৰা আৰ্যৰ এবছৰীয়া জন্মদিন – কেনিলৱৰ্থ নামৰ হোটেলখনত অমনে অভ্যৰ্থনাৰ আয়োজন কৰিছিল৷ সেয়ে, সেই সময়ত মোৰ লগত থাকিব খোজা মোৰ বন্ধুকেইজনক জোৰকৈ মই বিদায় দিলোঁ- আপোনালোক নগ’লে অমনে বেয়া পাব, প্ৰয়োজন হ’লে মই খবৰ দিম, আপোনালোক যাওঁক৷ এসময়ত, ক্ষীণ হাঁহিমুখীয়া ইৰকিট নামৰ নাৰ্ছগৰাকীয়ে দুৱাৰখন ঠেলি ভুমুকি মাৰিলে- বাবা হুৱা, নাইন থাৰ্টি ছিক্স৷ ন বাজি ছয়ত্ৰিশ মিনিটত ল’ৰা এটা জন্ম হৈছে! তাই আকৌ সোমায় গ’ল৷

কথাষাৰ কোৱাৰ পাঁচ মিনিটমান হ’ল নে নহ’ল মোৰ মনত নৰ’ল৷

ইৰকিটে ৰবৰৰ পুতলাৰ দৰে কেঁচুৱা এটা আনি মোৰ হাতত তুলি দিলেহি৷ কেচুঁৱাটোৰ গাৰ অঁত তঁত তেজৰ চেকুৰা লাগিয়েই আছে৷ চকু দুটা মুদখোৱা৷ গোটেই গাটোত তেজে ফুটো ফুটো, চুবলৈকে ভয় লাগে!

মই আগতেওঁ কোলাত কেচুৱা লৈ পাইছো৷ কিন্তু মোৰ হাতত কেচুৱা থকা সময়ছোৱাত ওচৰতে কোনোবা নহয় কোনোবা এজন বা এগৰাকী উৎকন্ঠিত হৈ মই কেঁচুৱাটো দিয়ালৈ বাট চাই থাকে! কিন্তূ কি আচৰিত, আজি এই মুহূৰ্তত এই ল’ৰাটো মোৰ পৰা হাত পাতি ল’বলৈ ওচৰত আন কোনো নাই! ওচৰতে ৰৈ থকা কেইবাজনো লোক কেঁচুৱা চাবলৈ ওচৰ চাপি আহিল৷ আমাৰ লগত থকা শাহু আই এই মুহুৰ্তত চিকিৎসালয়খনত আমাৰ ভাগত পৰা কোঠাটোত এই নৱজাতকৰ আগমনৰ বাবেই কিবা কিবি আয়োজন কৰি আছে!

এক নাম নজনা অনুভূতি মোৰ শৰীৰেদি প্ৰবাহিত হৈ গ’ল৷ এইযে কেচুঁৱাটো, তাক মোৰ পৰা হাত পাতি ল’বলৈ আন কোনো আগবাঢ়ি নাহে, বৰং আনৰ হাত বাগৰি বাগিৰ অৱশেষত সি মোৰ হাতলৈকে আকৌ উভতি আহিব৷ এইটো মোৰ নিজৰ কেঁচুৱা! মইয়েই এতিয়া তাৰ শেষ ঠিকনা! মোৰ বাবে যেনেকৈ মোৰ দেউতা, এই কেঁচুৱাটোৰ বাবেও তেনেকৈ মই! তাৰমানে মই আজিৰ পৰা দেউতা হ’লো! ভৰিৰ পৰা মুৰলৈকে গাটো আকৌ এবাৰ জিকাৰ খাই উঠিল! আৰম্ভ হ’ল বিৰতীবিহীন এক নতুন পৰিক্ৰমাৰ!

সেইয়া আছিল আজিৰ পৰা সম্পূৰ্ণ চৈধ বছৰৰ আগৰ কথা৷

সেইটোৱেই এইটো- আমাৰ প্ৰথম সন্তান – বাপু – আনমোল৷

আজি ৰাতিপুৱাই ফেঁচবুকে সোঁৱৰাই দি জাননী দিলে- আজি আনমোলৰ জন্মদিন৷ আপুনি তাক তাৰ টাইম লাইনত কিবা ক’ব খোজে নেকি? ইয়াতে টাইপ কৰক…..

শৈশৱ এৰি কৈশোৰত ভৰি দিয়া নিজৰ পুত্ৰক পিতৃয়ে কি ক’ব লাগে? ক’লেইনো পুত্ৰই শুনিবনে? মই বিভ্ৰান্ত৷
তই যিদিনা কোলালৈ আহিছিলি, সেইদিনাই মই বাঞ্ছা কৰিছিলো – তই যি হ’ব খোজ, তাকে হ’বি, কিন্তু কিবা এটা হোৱাৰ আগতে তই প্ৰথমে এজন ভাল মানুহ হ’বি৷ তেওঁ এজন ভাল মানুহ আৰু মানুহজন ডাক্তৰ, তেওঁ এজন ভাল মানুহ আৰু মানুহজন ইঞ্জিনিয়াৰ, তেওঁ এজন ভাল মানুহ আৰু মানুহজন শিক্ষক, তেওঁ এজন ভাল মানুহ আৰু মানুহজন শিল্পী…. তোৰ যি মন যায় তই তাকে হ’বি কিন্তু তোৰ চিনাকীটো যেন আৰম্ভ হয় এজন ভাল মানুহৰ পৰিচয়ৰে!


মোৰ গুৰু, নমস্যব্যক্তি ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ এষাৰ কথা মই প্ৰায়েই স্মৰণ কৰি থাকোঁ৷ – সস্তীয়া জনপ্ৰিয়তা বা ধনৰ পিছত তুমি দৌৰি নুফুৰিবা৷ বৃতি হিচাপে তুমি যি বিষয় বাছি লৈছা তুমি তোমাৰ সমস্ত শক্তি আৰু সামৰ্থৰে সেই বিষয়তে সৰ্বোত্তম হ’বলৈ চেষ্টা কৰা৷ নিষ্ঠা আৰু সততাৰে তুমি যদি জীৱনত এই চেষ্টা কৰি গৈ থাকা কৃতকাৰ্যতা, সফলতা, স্বীকৃতি, ধন, নাম, যশ সকলো নিজে নিজে এদিন তোমাৰ ওচৰ চাপি আহিব৷















No comments:

Post a Comment