Tuesday, July 5, 2016

কল্লোল ধৰ

১৯৯৩ চনত মই যেতিয়া অসামৰিক বিমান পৰিবহন বিভাগত যোগদান কৰিছিলো আমাৰ লগত শিলচৰৰ ল’ৰা এজনেও যোগদান কৰিছিল, নাম কল্লোল ধৰ৷ এলাহাবাদৰ অসামৰিক বিমান পৰিবহন প্ৰশিক্ষন কেন্দ্ৰত আমি একেলগে থকা দিনবোৰত কল্লোলৰ লগত এটা ওৱাকমেন (মোবাইলতকৈ কিছু ডাঙৰ শকত, কেছেট ভৰাই লৈ গান শুনিব পৰা যন্ত্ৰ) আছিল৷ তেতিয়াৰ দিনত সেইটো এটা ডাঙৰ সম্পদ! ৰাতি ভাত খাই উঠাৰ পিছত আমি তাৰ কোঠাত প্ৰায়েই অলপ সময় বহি হিন্দী চিনেমাৰ গীত শুনিছিলো৷ ১৯৯৩ চনৰ ৩১ ডিচেম্বৰৰ নিশা সেই যন্ত্ৰটোৰ পৰা নিৰ্গত হোৱা দালাল নামৰ হিন্দী কথাছবি খনৰ গুটুৰ গুটুৰ গীতটোৰ তালে তালে উদ্দাম নৃত্য কৰি আমি নতুন বছৰটোক আদৰনি জনাইছিলো৷

প্ৰশিক্ষণ শেষ হোৱাৰ পিছত মোৰ মণিপুৰৰ ইম্ফল এয়াৰপৰ্টত নিযুক্তি হ’ল৷ কল্লোলৰো৷ পি.এল.এ. নামৰ দুধৰ্ষ সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাবাহিনীৰ টিঘিল-ঘিলনিত অধ্যুসিত তেতিয়াৰ ইম্ফল চহৰ৷ লাহে লাহে কল্লোলৰ সান্নিধ্য আৰু ব্যক্তিত্বই মোক আকৰ্ষন কৰিবলৈ আৰম্ভ কৰিলে৷  তাৰ আছিল কিছু ব্যতিক্ৰমধৰ্মী ৰুচী৷ সেই সন্ত্ৰাসৰ পৰতো পুৰনি গীতৰ কেছেট বিচাৰি বিচাৰি সি ইম্ফল চহৰ পাত পাত কৰিছিল৷ চিনেমাৰ খবৰ খুচৰি খুচৰি পঢ়িছিল৷ আটাইতকৈ ডাঙৰ কথা, চিনেমা সম্পৰ্কীয় তথ্যৰ সি আছিল এক জীৱন্ত বিশ্বকোষ! কোনখন চিনেমাৰ কোনটো গীত, কোনে গাইছে, সংগীত পৰিচালক কোন, চিনেমাৰ অভিনেতা- পৰিচালক কোন, নেপথ্যৰ কাহিনী কি – প্ৰশ্নটো সোধাৰ লগে লগে উত্তৰটো হেনো নিজে নিজে তাৰ জিভাৰ আগলৈ আহি যায়৷ পিছলৈ মই ভাবিছিলো, মই যদি কেতিয়াবা “কৌন বনেগা কৰৌৰপতি”ত যোৱাৰ সুযোগ পাওঁ, নিশ্চিত ভাবে মই কৰিব লগা ফোনটো কল্লোললৈকে হ’ব৷

সেই তেতিয়াৰ দিনতে সি (যেতিয়া অনলাইন ছপিং নাছিল) ডাকযোগে অৰ্ডাৰ দি বস্তু কিনিবলৈ লৈছিল৷ সি যেতিয়া ভালেমান টকাৰ ডিমাণ্ড দ্ৰাফ্ট বনাই ডাকযোগে বস্তুৰ অৰ্ডাৰ দিয়ে, আমি ভাবোঁ – গ’ল তাৰ টকা সোপা অথলে! সি কয়- ধুৰ বেটা! সচাঁকৈয়ে কেইদিনমানৰ পিছত সি দিয়া অৰ্ডাৰ আহি ইম্ফলৰ তুলিহাল এয়াৰপৰ্ট পায়হি! এবাৰ মোকো কুটুৰি কুটুৰি মনত সাহস গোটাই দি ছিকিম ইন্টাৰনেচনেল টাইম কৰ্পৰেচনৰ হাত ঘড়ী এটাৰ অৰ্ডাৰ দিবলৈ বাধ্য কৰিছিল৷ পইচা কেইটা তোৰ কাৰণেই অথলে গ’ল বুলি তাক ভৎসনা কৰিবলৈ আৰম্ভ কৰাৰ কিছুদিন পিছতে মই মোৰ বাওঁহাতটোত ছিটকো কম্পেনীৰ সুন্দৰ হাতঘড়ী এটাৰ পিন্ধাৰ সুযোগ পাইছিলো! তৃপ্তিত মোৰ মন ভৰি উঠিছিল৷

মাহৰ শেষত প্ৰায়েই তাক ক’ব লগা হৈছিল – দেচোন টকা পঞ্চাশটা, এক তাৰিখে পাই যাবি? দিছিল৷

দুবছৰ পিছত মোৰ গুৱাহাটীলৈ বদলি হ’ল৷  কল্লোলৰো ৷ মই থকা ঘৰৰ ওচৰতে সিও থাকে৷ ডিমাৰ্টমেন্টে যেতিয়া ধাৰ দিবলৈ ওলাল মই এখন ভেস্পা স্কুটাৰ কিনিলো৷ সি ক’লে – মাৰ্কেটত আটাইতকৈ ভাল বাইক কি আহিছে খবৰ ল! সি এখন হিৰো হোন্দা স্প্লেন্দাৰ কিনিলে৷ তাৰ পিছতে আৱিস্কাৰ হ’ল - মটৰ চাইকেলেটো দূৰৰ কথা, সি বাইচাইকেলেই চলাব নাজানে! এইবাৰ আৰম্ভ হ’ল তাক মটৰ চাইকেল শিকোৱাৰ অভিযান৷ পিছত কোনোবা এটা বহি থাকিলে সি পোনে পোনে লৈ যাব পাৰে ঠিকেই কিন্তু অকলে বাইকখনৰ ভাৰসাম্য ধৰি ৰাখিব নোৱাৰে৷ হাততে সুবিধা পোৱাত মপেদ এখনো শিকিবৰ বাবে কিনি লোৱা হৈছিল – প্ৰথমে মপেদত শিকি লৈ পিছলৈ বাইক চলোৱা হ’ব৷ অনুশীলন কিছুদিন চলিয়েই তাপ মাৰিলে৷  

গুৱাহাটীত থকা দিনত কল্লোলৰ মটৰ চাইকেল চলোৱা আৰু নহ’ল, পাৰেমানে চলালো মই৷

ইম্ফলত থকা দিনতে এবাৰ উগ্ৰপন্থীয়ে এয়াৰপৰ্টলৈ গুলী চলাইছিল৷ আমি সন্ত্ৰষ্ট হৈ একেটা ৰুমতে সোমাই থাকি ক্ষণ গণিছিলো৷  এয়াৰপৰ্টৰ বাহিৰত থকা মিদল মাৰ্কাৰ নামৰ যন্ত্ৰটোৰ লগত ডিউটি কৰি উভতি আহোঁতে মোৰ হাতৰ পৰা অফিচৰ জীপ গাড়ীখন অচিনাকী যুৱক কেইজনমানে কাঢ়ি লৈ গৈছিল৷ মোক সুকলমে ওভতাই অনাত কল্লোলেই আগভাগ লৈছিল৷ প্ৰায় পাচঁ বছৰ আমি একেলগে থাকি সুখ-দুখৰ ভাগ বতৰা কৰিছিলো৷ মোৰ ভনী মাজনী মোৰ লগত থকাৰ সময়ছোৱাত সি প্ৰায়েই আমাৰ ঘৰত ভাত খাবলৈ আহিছিল৷

এসময়ত আমাৰ গতি ভিন্নমূখী হৈ পৰিল৷ মই তেজপুৰলৈ আৰু কল্লোল শিলছৰলৈ গুছি গ’ল৷ পল্টন বজাৰত তাৰ বাইকখন শিলছৰলৈ বুলি বুক কৰি দিওঁতে বিষন্ন মনেৰে মই তাক কৈছিলো – তোৰহে আৰু মটৰ চাইকেল চলোৱা নহ’ল৷ সি নিৰ্বিকাৰ হৈ কৈছিল – বাদ দে, গাড়ী চলাম এদিন৷
মোৰ বিয়া ঠিক হোৱাৰ সময়ত তালৈ ফোন কৰি ক’লো – ঠিকতো হ’ল কিন্তু গহনা অৰ্ডাৰ দিবলৈকে পইচা যোগাৰ হোৱা নাই, ল’ন এটা আশা কৰি আছোঁ! সেইদিনাই সি পাচঁহাজাৰ টকাৰ দ্ৰাফট এখন মোলৈ ৰেজিষ্টাৰ কৰি পঠাই দিছিল৷

মই যদি কল্লোলক লগ নাপালোঁহেতেন, এই জীৱনত মই ভানু বন্দোপাধ্যায়ৰ বিমল কৌতুক ৰস পান কৰাৰ পৰা বঞ্চিত হ’লোহেঁতেন৷
মই যদি কল্লোলক লগ নাপালোঁহেতেন, এই জীৱনত মই শ্যামা সংগীতৰ প্ৰাণ টানি ধৰা লয়ৰ লগত পৰিচয় হোৱাৰ সুযোগ নাপালোঁহেতেন৷
মই যদি কল্লোলক লগ নাপালোঁহেতেন, এই জীৱনত কুমাৰ শ্বানুৱে গোৱা “যাবো যে চলে, কিছু না বলে, ডাক দিলেও আসব না, চলে যাব বহু দূৰে” ৰ দৰে মধূৰ সংগীত পৃথিৱীত থকাৰ কথা গমেই নাপালোঁহেতেন৷
আটাইতকৈ ডাঙৰ কথা, মই যদি কল্লোলক লগ নাপালোঁহেতেন, এই জীৱনত বন্ধুত্বৰ এক নিবিড় সম্পৰ্কৰ অনুভৱৰ পৰা মই চিৰকালৰ বাবে বঞ্চিত হ’লোহেঁতেন৷

এতিয়া মোৰ আৰু কল্লোলৰ জীৱনৰ গতিপথ বেলেগ৷ এই জীৱনত আমি যে কেতিয়াবা আকৌ একেলগ হৈ সেই তেতিয়াৰ দৰে ক’ৰবাত কেইটামান দিন কটাম, সেই আশা এতিয়া ক্ৰমান্বয়ে ধূসৰ হৈ আহিছে৷ নোহোৱাৰ সম্ভাৱনাই অধিক যেন লগা হৈ আহিছে৷

তথাপিও, বন্ধুত্বৰ অনিৰ্বচনীয় আনন্দ আৰু গৌৰৱেৰে মই সুবিধা পালেই আমাৰ ৰাঙলী দিনৰ কথা মনত পেলাওঁ৷ তৃপ্তিত মনটো ভৰি উঠে৷ আজিও পেলাইছো, কাৰন আজি তাৰ জন্মদিন৷

হেপী বাৰ্থডে’ কল্লোল!


No comments:

Post a Comment