Sunday, June 5, 2022

মাটিৰ বিনাশঃ


 

মাটিৰ বিনাশঃ

অসমত, মন আৰু মগজৰ সাৰুৱা পৰিৱেশত থাকি নিয়মীয়াকৈ লিখা কাম কৰিম বুলি মনটো বান্ধি আহিছিলো। যোৱা প্ৰায় এটা বছৰ কেনেকৈ পাৰ হৈ গ’ল গমেই নাপালোঁ বুলি ক’লেও কথাষাৰ সম্পূৰ্ণ অসত্য নহ’ব। কিন্তু উভতি চালে দেখোঁ লিখাৰ ঘৰত মনি-নমনি উপস্থিতি! কেতিয়াবা পুৱাই ভাবো আজি এই কথাটো লিখিবই লাগিব।আজি নহ’লেও কালিলৈ খাটাং। মুঠতে এই সপ্তাহত লিখিমেই! সময় পাৰ হৈ গুছি যায়, বিষয়বস্তু ধূসৰ হৈ আহে। মোৰ সংকল্প সংকল্প হৈয়েই ৰৈ যায়!

আজিও তেনে হ’ব পাৰিলেহেঁতেন! কিন্তু আজিৰ বিষয়টো তেনেকৈ আঁতৰাই ৰাখিব পৰা বিষয় নহয়। মোৰ ল’ৰা দুটা আৰু সিহঁতৰ বয়সৰ হাজাৰ হাজাৰ সন্তানৰ ভৱিষ্যত আৰু তাৰপিছত আহি থকা থকা নতুন প্ৰজন্মৰ জীৱনৰ লগত সম্পৰ্ক থকা এইটো গহীন বিষয়। এই দৃষ্টিকোণৰ পৰা চাবলৈ হ’লে আচলতে মই মোৰ নিজৰ স্বাৰ্থতেই এই কথা লিখিবলৈ লৈছোঁ।

আজি বিশ্ব পৰিৱেশ দিৱস ৫ জুন। সমগ্ৰ বিশ্ব আৰু মানৱজাতি পৰিৱেশ সম্পৰ্কে দিনে দিনে অধিক সচেতন হৈ আহিছে। জলবায়ুৰ পৰিৱৰ্তন, পৃথিৱী নামৰ গোলকটোৰ ওপৰত দিনে দিনে বাঢ়ি অহা উত্তাপ, খোৱাপানীৰ সমস্যা, বন সংৰক্ষণ, বায়ু প্ৰদূষণ, কাৰ্বণ নিৰ্গমণ আদি সমস্যাৰ কথা কম বেছি পৰিমানে আজিকালি সকলোৱেই গম পায়। কিন্তু যিটো সমস্যাৰ ভয়াবহতাৰ কথা মই আজি লিখিবলৈ লৈছো, সেইটোৰ তুলনাত এইবোৰ সমস্যা নগন্য।

এটা কথা লক্ষ্য কৰিছেনে? আজিকালিৰ শাক পাছলি আৰু মাছকে ধৰি কৃষিজাত সামগ্ৰীত আগৰ সেই সোৱাদ নাই? কিয় এনে হৈছে? এটা গৱেষণাই প্ৰমান কৰি দেখুৱাইছে যে আমাৰ ককাদেউতাই এটা কমলা খালে যিমান ‘ভিটামিন-এ’ শৰীৰে গ্ৰহন কৰিছিল এতিয়া সিমান পৰিমানৰ ‘ভিটামিন-এ’-ৰ বাবে ৮টা কমলা খাব লগা হয়! (source- the times of India)।

 কিয় এনে হৈছে?

মানৱ শৰীৰ সন্দৰ্ভত দৰ্শন, বিজ্ঞান আৰু আধ্যাত্মিকতা এই সকলোৱে এই কথা স্বীকাৰ কৰে যে আমাৰ শৰীৰটোলৈ মাটিৰ অৱদান অনস্বীকাৰ্য। “মাটিৰ মানুহ তুমি মাটিত মিলিবা” কবিয়ে কৈছে। শৰীৰটো সৃষ্টি হোৱা পঞ্চভূতৰ এটা উপাদান মাটি! ধৰিত্ৰীৰ বুকুত বিদ্যমান সকলো জীৱৰে ওতঃপ্ৰোত সম্পৰ্ক মাটিৰ লগত। মাটিত মিলি থকা জৈৱ উপাদানসমূহক বিজ্ঞানে ‘হিউমাচ’ বুলি কয়। তাৰপৰাই ‘হিউমেন’ শব্দটোৰ সৃষ্টি হৈছে যদিও মই নাজানো।

মাটিক মাটি বুলি ক’বৰ বাবে তাত অন্ততঃ ৩ ৰ পৰা ৬ শতাংশ জৈৱিক উপাদান থাকিব লাগে। কিন্তু দেখা গৈছে ভাৰতৰ ৬২ শতাংশ মাটিত থকা এই জৈৱিক উপাদানৰ পৰিমানৰ মাত্ৰ ০.৫ শতাংশ। ইউৰোপৰ ৭৫ শতাংশ মাটিত এই জৈৱিক উপাদানৰ পৰিমান ২ শতাংশতকৈও কম। পাৰস্য আৰু উত্তৰ আফ্ৰিকাৰ ৭৩ শতাংশ মাটি খেতিবাতিৰ অনুপযোগী হৈ পৰিছে। সমগ্ৰ পৃথিৱীৰ মাটিৰ ক্ষেত্ৰত ৫২ শতাংশ মাটি খেতিবাটিৰ অনুপযোগী হৈ আহিছে। এইদৰেই যদি দিনবোৰ গৈ থাকে অহা ৩০ বছৰৰ ভিতৰত পৃথিৱীৰ ওপৰত থকা কৃষিৰ বাবে উপযোগী ৯০ শতাংশ মাটিতেই শষ্য উৎপাদনৰ ক্ষমতা লোপ পাব। ২০২০ চনত পৃথিৱীত থকা ৭ বিলিয়ন জনসংখ্যা ২০৫০ চনত ৯.২ বিলিয়ন হ’বগৈ আৰু তেতিয়া পৃথিৱীৰ ওপৰত থকা মাটিয়ে মাত্ৰ ৪০ শতাংশ লোকৰ বাবেহে খাদ্য প্ৰস্তুত কৰা ক্ষমতা বহন কৰিব!

কিয় এনে হৈছে?

এচামুচ মাটিত ক্ষুদ্ৰ ক্ষুদ্ৰ যিমান জীৱানু থাকে সিমান সংখ্যক মানুহেই নাই পৃথিৱীত। এইবোৰ কেনেকৈ আৰু কেতিয়া সৃষ্টি হৈছিল? পৃথিৱীৰ বুকুত সৃষ্টি হোৱা বিভিন্ন জীৱ, বৃক্ষ, আৰু তৰু তৃণৰ জীৱন পুনঃপৌনিক গতিত মাটিত লয় হৈ গৈ এই উপাদানৰ সৃষ্টি কৰিছিল। ইয়াক ইংৰাজীত বায়ডাইভাৰচিটি (Biodiversity)বুলি কয়। কিন্তু মানৱ সৃষ্ট প্ৰদূষণে এই প্ৰাকৃতিক প্ৰক্ৰিয়ালৈ বিপুল পৰিৱৰ্তন আনি দিলে। প্ৰতিবছৰে প্ৰায় ২৭০০০ জীৱ পৃথিৱীৰ পৰা লুপ্ত হ’বলৈ আৰম্ভ কৰিছে। মাটিক আৱৰি ৰখা গছ-গছনি তড়িৎ গতিত নোহোৱা হৈ গৈ আছে আৰু ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে মাটিৰ ওপৰত। এই প্ৰক্ৰিয়াটোৰ নাম দিয়া হৈছে মাটিৰ বিলুপ্তি বা soil extinction।

মাটিয়ে যেতিয়া মাটিৰ গুণ হেৰুৱায় তাত জীৱৰ সৃষ্টি নহয়, নগজে তাত বন-বৃক্ষ, তৰু-তৃণ নতুবা শষ্য সম্ভাৰ। নোসোহে সি গলিত পদাৰ্থ নতুবা পানী। নেগেলে তাত কোনো প্ৰাণীৰ শৰীৰ!

আমি এই ভয়াবহ দিনৰফালে ক্ৰমশঃ আগুৱাই গৈ আছো। অবিশ্বাস্য কিন্তু সত্য। আমাৰ মৰমৰ সন্তান আৰু আগন্তুক প্ৰজন্মৰ বাবে আমি দি থৈ যাম এনে এখন পৃথিৱী য’ত থাকিব ‘নাখাই মৰাৰ বিভীষিকা’, অম্লজানহীন বতাহ আৰু যুগ যুগ ধৰি অগলিত মৃতদেহ পৰি থাকিব পৰা মাটি!

আহক, আমাৰ সীমিত শক্তিৰ আমাৰ নিজৰ ভৱিষ্যতৰ মঙ্গলৰ বাবেই পৰিৱেশ ৰক্ষা কৰিবৰ বাবে কিবা নহয় কিবা এটা কৰোঁ, সৰু হলেও অন্ততঃ কিবা এটা কৰোঁ!