Saturday, May 26, 2018

জীৱন বাটৰ ৰসঃ আকৌ সৰ্বেশ্বৰ ছাৰ (৫০)

জীৱন বাটৰ ৰসঃ আকৌ সৰ্বেশ্বৰ ছাৰ (৫০)


চাৰিদিন ধৰি বতৰটোৱে নেকনেকাই আছে ৷

সৰ্বেশ্বৰ ছাৰে চাইকেলখন ফাৰ্মাছী ঘৰটোৰ বেৰখনৰ পিৰালিত বৰষুণৰ পানী নপৰাকৈ সাৱধানে বেৰত আওজাই থ’লে৷ পিৰালি বুলি কোৱা বাবে কোনেও যেন ঘৰটো খেৰদিয়া চালৰ বা টিনৰ বুলি ভুল নকৰে৷ সঁচা অৰ্থত এই ঘৰটোৱেই আছিল আমাৰ অঞ্চলটোত পোন প্ৰথমে গঢ় লৈ উঠা ‘আৰ-চি-চি’ কংক্ৰিটৰ ঘৰ৷ ঘৰটোৰ ওপৰত খেৰ বা টিনৰ প্ৰয়োজনেই নাই৷ আৰু আচৰিত কথা, ভিতৰত থকা মানুহে ঘৰৰ ওপৰত পৰা বৰষুণৰ টোপাল বা গতিৰ কোনো সাৰি-শব্দই শুনা নাপায়৷ বিলাতীমাটিৰ পকী ছাল৷ চাইকেলখন থৈয়েই বাৰান্দাত উঠি লগত অনা ছাতিটো দুবাৰমান আধা জপা আধা মেলা কৰি ছাৰে প্ৰথমে পানীৰ টোপালবোৰ আঁতৰাই ল’লে৷ তাৰ পিছত ভৰি দুটাৰ পতাখন হেলনীয়া কৰি চেন্দেলত লাগি থকা পানীৰ পৰিমান কমাই ল’লে – দুয়োটা ভৰিৰে, ইটোৰ পিছত সিটো৷ তাৰ পিছত, ছাতিটো চকিখনৰ পাছফালে মজিয়াখনত মেলি দি ছাৰ চকিখনত আৰামেৰে বহি লৈ পুৰণি বাতৰি কাকত কেইখন ওচৰ চপাই ল’লে৷

যোৱা গোটেই সপ্তাহটো টিকাফটা ৰঁদ, বাহিৰলৈ মানুহ ওলাবৰ উপায় নাই৷ তাৰ পিছতে বতৰে পাতিলে যে পাতিলেই৷ এই এৰে, এই ধৰে৷ একেৰাহে আজি চাৰিদিন৷ ৰাস্তাটোত ডাঙৰ ডাঙৰ গাঁত কিছুমান হৈছিল৷ বৰষুণৰ পানীয়ে ঢাকি ধৰাত গাড়ীচালকে ক’ত গাঁত, ক’ত ৰাস্তা অনুমান কৰিব নোৱাৰা হ’ল৷ ফলত বেছি বেগত উফৰি অহাহি আহি বিকট শব্দ একোটা কৰি গাড়ীবোৰৰ চকাটো গাঁতত পৰে, লেতেৰা পানীবোৰ চাৰিওফালে চিটিকি পৰি গোটেইখন লেতেৰা কৰি পেলাইছে৷ ৰাস্তাৰ মাজত গাঁত, নে গাঁতৰ মাজত ৰাস্তা ধৰিব নোৱাৰা হৈছে৷ ফাৰ্মাছীখনৰ সমূখত থকা মছজিদটোৰ দেৱালখন ৰাস্তাটোৰ লগতে৷ কোনোবা একালত চূণ দি থোৱা দেৱালখনত “তৰিলে দেশ, মৰিলে স্বৰ্গ – ছাত্ৰ সন্থা” বুলি লিখা আছিল৷ এতিয়া ৰাস্তাৰ গাঁতৰ পৰা উফৰি পৰা বোকাপানীয়ে দেৱালখন ঢাকি ধৰিলে, আখৰকেইটা চিনাৰ কোনো উপায় নাই৷ গুৱাহাটীৰ পৰা ইটানগৰলৈ চলা নীলা ৰঙৰ বাছখন আহি তেনে এটা গাঁততে পৰিলহি, ব্ৰেকডাল জোৰেৰে মৰাৰ কৰ্কশ শব্দ এটা হ’ল৷ ছাৰে মূৰ ডাঙি চালে৷ পানী এডোঙা আকৌ বেৰখনত চিটিকি পৰিল৷

ৰাস্তাটোত নৰ-মনিচ বুলিবলৈ সঁচ নাই৷ সকলো ঘৰে ঘৰে৷ ‘তৃপ্তি কৰ্ণাৰ’ আৰু ভাইটিৰ দোকানখন বন্ধ৷ কাপোৰৰ দোকানখনৰ দুৱাৰখন কানিদুৱৰীকৈ মেলা আছে৷ গ্ৰাহক যে নাই সেইটো ধুৰুপ, কিন্তু দোকানী  ল’ৰাকেইটা আছে নে নাই সেইটো ধৰাৰো কোনো উপায় নাই৷ ‘মিতালী’ নামৰ চাহ দোকানখন কিন্তু খোলা আছে৷ পিছফালে ঘৰটোৰ পৰা ধোঁৱা উৰিছে৷ ছাৰৰ ফাৰ্মাছীৰ লগতে থকা বৰা ডাক্তৰো আজি অহা নাই৷ আহিবনো কেনেকৈ ছাতি ধৰিতো আৰু স্কুটাৰ চলাব নোৱাৰি!  তেনেকুৱাতে দেখা গ’ল বৰষুণত জুৰুলি জুপুৰী হৈ ৰাস্তাটোৰ গাঁত বিলাকৰ মাজে মাজে একাবেকা গতিৰে লাহে লাহে হিৰ’ মেজেষ্টিক্‌ মপেড্‌ চলাই পাৰ হৈ গ’ল বাৰভূঞা গাৱঁৰ মহেন্দ্ৰ গোস্বামী! বতৰ আৰু সময়ৰ লগত আপোচ নকৰাকৈ কাম কৰা মানুহজনৰ বদ অভ্যাস৷ পানীলগা-ৰ দৰৱ বিচাৰি ঘৰত কাম কৰা ল’ৰাটোক ফাৰ্মাছীলৈ পঠাইহে লাগে!

-          ‘গোপাল?’, ছাৰে চিঞৰিলে৷ ছাৰক দেখিয়েই চকিখন এৰি পিছফালৰ গুডাম ঘৰটোত আৰামেৰে বহি লৈ গোপালে পঢ়ি থকা কিতাপখনত মজি আছিল৷ ভাস্কৰ চিৰিজৰ ‘বিমান যুদ্ধত ভাস্কৰ’! পঢ়ি থকা পাতটো মোটোকাই থৈ গোপাল ওলাই আহিল৷
-          ‘হেৰি কৰ, ছাতিটো লৈ গৈ বুক হাউছত আজিৰ কাগজখন আহিল নে নাই চাই আহগৈ যা৷ বক্সীৰ দোকানৰ পৰা পান এটা আৰু তামোলদুখন লৈ আহিবি, তই খাৱ যদি পকৰী কেইটামানো লৈ আহিবি যা, শুন- কাকত কেইখন আনোঁতে তিয়াই নানিবি৷’, গোটা টকা এটা উলিয়াই ছাৰে গোপালৰ হাতত দিলে আৰু বাকিথকা পইচাখিনি ওভোটাই আনিবলৈ ক’লে৷

ঠিক তাৰ পিছতে চাপৰিৰ ফালৰ মানুহ এজন বৰষুণত তিতি বুৰি আহি ফাৰ্মাছি ওলালহি৷ এক্সপ্ৰেছ গেঞ্জীৰ প্লাষ্টিকৰ ঠুহাঁত নিতিতাকৈ ভৰাই অনা প্ৰেছক্ৰিপখন উলিয়াই চাৰৰ হাতত দিলে৷ ঠিক সেই সময়তে ডাঙৰ ট্ৰাক এখন আহি ৰাস্তাটোৰ ডাঙৰ গাঁতটোত পৰিছিলহি৷ জোৰেৰে ব্ৰেক মৰাৰ শব্দত ক্ৰেটা বিক্ৰেটা দুয়োজনে মূৰ তুলি চালে৷ পানীৰ লগতে উফৰি গৈ প্লাষ্টিকৰ বেগ এটা দেৱালখনত লাগি ধৰিছিল, লাহে লাহে তললৈ খহি পৰিবলৈ ধৰিছে৷ ছাৰে দৰৱটো উলিয়াই আনি টেবুলত থোৱাৰ সময়টোতে মহেন্দ্ৰ দত্তৰ লোহাৰ দাণ্ডিৰ ছাটি এটা লৈ বাৰান্দাত থিয় হ’লহি আন এজন গ্ৰাহক – ডেকা ল’ৰা৷ বোধহয় প্ৰতাপগড় বাগানৰ কৰ্মচাৰী৷ মেলা ছাতিটো মূৰত লৈয়েই তেওঁ ওচৰ চাপিছিল, পিছে টপ্‌ টপ্‌কৈ ছাতিৰ পানী যেতিয়া সমূখৰ মেজখনত পৰিবলৈ ল’লে ততাতৈয়াকৈ তেওঁ ভুলটো বুজি পালে আৰু ছাতিটো নমাই থ’লে৷
-          ‘ডিঙিৰ ?’ ছাৰে প্ৰথমজন গ্ৰাহকক সুধিলে৷
-          ‘নহয়, তিনিদিন ধৰি তমোময় জ্বৰ৷’, ভাইটি ডাক্তৰে লিখি দিছে৷
-          ‘এন্টিবায়টিক দেই, আটাইকেইটা খাব লাগিব৷’, ছাৰে আগন্তুকক সোঁৱৰাই দিলে৷

গ্ৰাহকজনে দৰৱটোৰ নামটো পঢ়িবলৈ চেষ্টা কৰিছিল, ডেকাজনে সহায় কৰি দিলে আৰু তাৰ পিছতে গেঞ্জীৰ তলত সুমুৱাই অনা প্ৰেছক্ৰিপখন টানি বাহিৰলৈ উলিয়াই আনি ছাৰৰ হাতত দিলে৷
-          ছাৰ চাওঁকচোন, ভূজেল ডাক্তৰে দিছে৷ কালিৰ পৰা সাংঘাটিক ডিঙিৰ বিষ৷  

ছাৰে দৰৱটো উলিয়াই আনি টেবুলত থোৱাৰ লগে লগে গ্ৰাহকজন অস্থিৰ হৈ উঠিল - একেই দৰৱ. একেই নাম! বিশ্বাস আৰু সংশয় ভৰা মাতেৰে তেওঁ সুধিলে – ‘ছাৰ কথা এটা কওঁকচোন, সেইজন মানুহৰ জ্বৰ, এইটো দৰৱ দিলে৷ মোৰ হৈছে ডিঙিৰ বিষ, একেই দৰৱ৷ ৰোগীক আভুৱা ভাৰিবলৈহে ডাক্তৰে এইবোৰ কৰিছে নেকি মোৰ সন্দেহ হৈছে৷ ‘
তামোলৰ পিকখিনি পেলাই ছাৰে মুখখন মুকলি কৰি ল’লে৷ এন্টিবায়টিকৰ কাম কৰাৰ ধৰণ ল’ৰাটোক বুজাবলৈ বুলি মুখখন মেলাৰ লগে লগে তেওঁৰ মেলা ছাতিৰ পৰা টোপ টোপকৈ মেজত পৰা পানীৰ টোপালকেইটালৈ ছাৰৰ মনত পৰি গ’ল৷ লগে লগে ছাৰে পদ্ধতি সলনি কৰিলে আৰু মাষ্টৰী মেজাজেৰে কৈ গ’ল –
-          ‘এইটো কি?’ ছাতিটো দেখুৱাই ছাৰে সুধিলে৷
-          ‘ছাতি ছাৰ ৷’
-          ‘উৎকট ৰ’দত বাহিৰলৈ ওলাবলৈ এইটো এইটো ব্যৱহাৰ কৰ নে নাই?’
-          ‘কৰোঁ ছাৰ৷’
-          ‘তেনেহলে আজি এইটো কিয় আনিছ? আজিটো ৰ’দ নাই, বৰষুণ হে?’ ছাৰে সুধিলে৷
গ্ৰাহক নিমাত৷
-          ‘ৰ’দ আৰু বৰষুণ দুয়োটাৰে বাবে যেনেকৈ ছাতিটো ব্যৱহাৰ হয়, ঠিক তেনেকৈ একেটা দৰৱেই কেতিয়াবা কেইবাটাও বেমাৰত কাম দিব পাৰে!’
               

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনী মোক হয় ৰূপালীমে, নহয় মানসীয়ে কৈছিল৷ দুয়োলৈ সমানে মৰম কৃতজ্ঞতা জনালোঁ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Sunday, May 20, 2018

জীৱন বাটৰ ৰসঃ আকৌ চন্দ্ৰপেহা (৪৯)

জীৱন বাটৰ ৰসঃ আকৌ চন্দ্ৰপেহা (৪৯)


গৰুহাল মুকলি কৰি দি, খুটি সহিত লেজুদুডাল কেৰিয়াৰত বান্ধি লৈ পেহা চাইকেলখন ঠেলি ঠেলি গৰুদুটাৰ পিছে পিছে আহি আছিল৷ শিলগুটি দিয়া ৰাষ্টা, মনৰ মাজত ৰাৱনবধ ভাওনাৰ বচন এথেৱা আহি অগা-দেৱা কৰি আছেহি৷ আঘোনৰ ভিতৰতে পেহাৰ ঘৰত পুথি একাধ্যা পঢ়োৱাৰো সংকল্প এটা আছিল, পিছে এইবাৰ গঞা ধান কটাত লাগিলেই! মাঘলৈহে কথাটো আকৌ চিন্তা কৰিব লাগিব৷ স্কুলখনৰ সমূখত থকা খাৱৈটো বৰ দ, পানী মেটেকাৰে ওপৰটো ভৰি থাকে৷ খালটোত ডাঙৰ ডাঙৰ মাগুৰ মাছ আছে৷ তাতে কেইবাঠাইত মেটেকা অলপ আতঁৰাই লৈ ‘খলি’ একোটা কৰি চেঙেলীয়া দুটামানে বৰশী টোপাই আছিল৷

-          ‘পাইছনে?’ পেহাই সুধিলে৷
-          ‘নাই পেহা, খোটাই নাই আজি৷’ একেলগে দুটাই উত্তৰ দিলে৷
-          ‘কি টোপ দিছ?’
-          ‘বাঁহ টোপ৷’
-          ‘ধেইত্‌, মাগুৰ মাছৰ কাৰণে কেচু টোপ লগা, আৰু ‘খলি’-টো ডাঁৰ এডালেৰে ভালদৰে ঘুকটি ল৷’

পেহা নৰ’ল, গৰুহালৰ পিছে পিছে গৈ থাকিল৷ পাছে, কেকুৰীটো পাৰ হওঁতেই পেহাক দেখি বিহুৰাম পদূলিলৈ উধাতু খাই অহাদি ওলাই আহিল আৰু “আহচোন আহ তামোল এখন খাই যাহি” বুলি পেহাক আগ বঢ়াই নিলেহি৷ গল হেকাৰি এটা মাৰি পেহাই গৰু হালক পোনে পোনে গৈ গোহালিত ৰৈ থাকিবলৈ নিৰ্দেশ দিলে আৰু নঙলা খুটাটোত চাইকেলখন আওঁজাই থৈ বিহুৰামৰ চোতাললৈ আগুৱাই গ’ল৷ বিহুৱে চোতাললৈকে আথেবেথে মুঢ়াটো নমাই আনি পেহাক বহিবলৈ দিলেহি আৰু নিজেও বহিল৷ এহাত দীঘল ওৰণি লৈ লীলা, মানে বিহুৰ ঘৈণীয়েক লীলাৱতীয়ে গোটা তামোল এটা, পান দুবিৰা, নেলীয়া কটাৰীখন আৰু চূণৰ ভুৰুকাটো টুল এখনৰ ওপৰত থৈ গ’লহি৷
-          “ধানত লাগিলি নেকি?” পেহাই সুধিলে৷
-          “নাই, পথলিয়াৰ দুবিঘাত পক ধৰিছে, চাওঁচোন অহা সপ্তাহলৈ৷ দাৱনি হাজিৰাতহে লগাব লাগিব৷” তামোল চুৰুকি চুৰুকি বিহুৱে কৈ গ’ল৷
-          “ভাবিছিলো হালোৱাটো বিক্ৰি কৰি যি পাঁও তাৰেই খেতিটো উঠাম, কিন্তু সেইটো বিক্ৰিয়েই নগ’ল নহয়, দুটা দেওঁবাৰে বজাৰলৈ নিলো, নেগুৰ পকাই পকাই কাষ্টমাৰ হায়ৰান হৈ গ’ল, শোৱাৰ পৰা গৰু নুঠিল, ঘাঁহ পাগুলি পাগুলি পৰিল যি পৰিলেই!”
-          “তামোল মুখত নুসুমুৱাব, চাহ বাকিছো!” লীলাৱতীয়ে আখলঘৰৰ পৰা ৰিঙিয়ালে৷

পেহাই গোটেই সমস্যাটো মূহুৰ্ততে বুজি উঠিল৷   বিহুৰামে বুঢ়া গৰুটো বজাৰত বিক্ৰি কৰিবলৈ টান পাইছে৷ পেহাই সমাধান দিব লাগে৷ ভাওনা আৰু গৰু-গাই সম্পৰ্কীয় সমস্যাত এই অঞ্চলৰ ৰাইজে পেহাক বিশেষজ্ঞ বুলি মানে৷ পেহাই অনুমতি দিয়াৰ পিছতহে পশু-ডাক্তৰক গৰু গাই চাবলৈ মতা হয়৷ চোতালখনৰ এমূৰেই গোঁহালিটো, তাতে গৰুটো বান্ধি থোৱা আছে৷ পেহাই গৈ ডাক্তৰে পেচেন্ট চোৱাদি গৰুটোক এবাৰ নিৰীক্ষণ কৰিলে৷ কিবা গভীৰ চিন্তাত ডুব গৈ ভূ-ভাৰস্ত পাহৰি স্থিৰ দৃষ্টিৰে গৰুটোৱে একান্ত মনে ঘাঁহ পাগুলি আছে৷ নেগুৰডাল পেহাই পকাই চালে, কেট্‌কূটেই নাই!

                চাহ একাপ খাই, তাৰ পিছত তামোল এখন মুখত সুমুৱাই, তলৰ পাৰি দাঁতত নিৰ্দিষ্ট পৰিমাণৰ চূণকণ লগাই অৱশিষ্টকণ মুঢ়াটোত মচি মচি কিবা চিন্তাত পেহাই চকুদুটা মুদি দিলে৷ গৰু বেচা টকাৰে কি কি কৰিলেহেঁতেন সেইয়া বখানি থকা বিহুৰামো অলপ সময় মনে মনে ৰ’ল৷ এসময়ত, পেহা তামোলৰ পিক পেলাবলৈ উঠি গ’ল৷ বিহুৱে আকৌ আহি বহিবহি বুলি ভাবিছিলে, পেহা কিন্তু নুঘুৰিল৷ “লীলা আহিলোঁ দেই” বুলি ৰিঙি এটা মাৰি পেহাই পদুলিলৈ পোনালে ৷ লগতে উঠি অহা বিহুক পেহাই ক’লে – ‘হেৰি কৰ, অহা দেওঁবাৰে গৰুটো মই লৈ যাম বজাৰলৈ, তইও লগত ওলাৱ যদি ওলাবি৷ চেষ্টা এটা কৰি চাওঁ দে৷ মোৰ মনে কৈছে, চলি যাব৷’

                কথা মতেই দেওঁবাৰে পুৱাই আহি পেহা বিহুৰামৰ ঘৰ ওলালহি৷ গোঁহালিলৈ গৈ গৰুটোলৈ চাই এবাৰ নমস্কাৰ কৰাৰ দৰে কৰিলে, তাৰ পিছত পিঠিত ঢকা কেইটামান লগালে, নেগুৰডাল হাতত লৈ এবাৰ আলফুলে হাত ফুৰাইও দিলে, তাৰ পিছত বিহুলৈ চাই ক’লে – ব’ল!
               
                পেহাই কি যাদু কৰিলে নাজানো, আগতে লে-বাই পৰি থকা গৰুটো আজি থিয় হৈ আছে৷ নেগুৰত হাত লগালেই লৰচৰ কৰাটোতো বাদেই, জপিয়াবলৈ আৰম্ভ কৰে৷ বজাৰখনৰ মূল ভিৰটো পৰাৰ আগতেই তিনিশ আশী টকাত গৰুটো বিক্ৰি হৈ গ’ল৷ বিহুৰামৰ মুখত ক’ব নোৱাৰাকৈয়ে হাঁহি এটা ওলাই আহিলে৷ চাপৰিৰ ফালৰ কাষ্টমাৰজনে গৰুটো নিয়াৰ আগতে পেহাই আকৌ গৰুটো এবাৰ নমস্কাৰ কৰি, নেগুৰডাল আলফুলে মৰম কৰি তাক বিদায় দি দিলে! ভক্তিত গদগদ হৈ বিহুৰামে পৰম কৃতজ্ঞতাৰে পেহাক সুধিলে – কেনেকৈ এনে হ’ল ককাইদেউ?
পেহাই মিচিককৈ হাঁহি এটা মাৰি ক’লে – এইটো চা ৷
পেহাৰ হাতত আলপিন্‌ এটা৷ গৰুটোৰ নেগুৰডালৰ গুৰিত পেহাই সেইটো লগাই দিছিল৷
               

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনীৰ উদ্ধাৰকৰ্তা মুকুল ককাইদেউ, কৰুণানন্দ হাতীবৰুৱা৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Sunday, May 13, 2018

জীৱন বাটৰ ৰসঃ বম্বে’ত বোপাই মেধি (৪৮)

জীৱন বাটৰ ৰসঃ বম্বে’ত বোপাই মেধি (৪৮)

প্ৰথমবাৰ মহানগৰখনৰ মাটিত ভৰি দিয়াৰ আৰু পিছলৈ সেই মহানগৰখনতে হোৱা এটা অভিজ্ঞতা মোৰ মনত চিৰস্মৰণীয় হৈ আছে৷

তেতিয়া মহানগৰখনৰ নামটো কাগজে পত্ৰই মুম্বাই হৈছেহে মাথোন৷ ‘বোম্বাই’ নামৰ চহৰখনলৈ যেন মানুহৰ বিষ্ময় আৰু কৌতুহলৰ অন্ত নাই৷ হিন্দী ভাষাত নিৰ্মীত কথাছবিৰ কেন্দ্ৰস্থল আৰু তাৰ নায়ক নায়িকাসকলৰ বাসস্থান হোৱা হেতুকে চহৰখনলৈ আমাৰ দেশৰ সকলো নাগৰিকৰে কম-বেছি পৰিমানে আকৰ্ষণ আছে৷ আমি সপ্তমমান শ্ৰেনীত পঢ়ি থাকোঁতে আমাৰ সহপাঠী প্ৰফুল্ল নামৰ ল’ৰা এজন এবাৰ বন্ধৰ দিনত কিছুদিন নোহোৱা হৈছিল, ঘুৰি আহি সি ক্লাছত ক’লেহি সি হেনো ব’ম্বেলৈ মোমায়েকৰ লগত ফুৰিবলৈ গৈছিল আৰু চিনেমা কেনেকৈ বনায় সি নিজ চকুৰে দেখি আহিছে৷ আটাইকেইটা ক্লাছৰ আটাইবোৰ ছাত্ৰই লগে লগে তাক বেৰি ধৰিলে- চিত্ৰ নিৰ্মাণৰ আঁৰৰ কাহিনী শুনিবলৈ৷ এদিন ইন্দ্ৰছাৰে তাক ক্লাছত থিয় কৰাই লৈ সুধিছিল – ‘ক চোন, এক্টৰ কাক কাক দেখি আহিলি বোম্বাইত?’
সি তপৰাই উত্তৰ দিলে – ‘গব্বৰ সিঙক৷ তেখেতৰ ঘৰৰ সমূখৰ পকাৰ খুটা এটাত হেনো নামটো খোদিত কৰা আছে৷’
-          ‘হেৰৌ মূৰ্খ, গব্বৰ সিঙ চিনেমাত লোৱা নামহে, আচল নামটো বেলেগ! গেইটৰ খুটাত চিনেমাৰ নামটো লিখিব কিয়?’
ৰঙা-চঙা পৰি প্ৰফুল্ল সাউতকৈ বহি গ’ল৷ বহুদিন পিছত এদিন সুবিধা পাই গোপন কথা সোধাদি মই তাক সুধিছিলোঁ – ‘প্ৰফুল্ল, সঁচাকৈ কচোন, তই বাৰু বম্বে’লৈ যোৱা কথাটো সঁচানে?’ – ‘বাদ দে’ বুলি সি উচাত মাৰি আঁতৰ হ’ল৷ আজিলৈকে নাজানো প্ৰফুল্ল সঁচাকৈয়ে বম্বেলৈ গৈছিল নে সেই কাহিনীবোৰ তাৰ কল্পনাপ্ৰসূত আছিল৷

শিৱ সেনাই বহুদিনৰ পৰা দাবী কৰি আহিছিল, ইংৰাজসকলে অন্যায় কৰি মাৰাঠী ভাষাত মুম্বাই বুলি কোৱা চহৰখনৰ নামটো বোম্বাই কৰি পেলালে৷ ইংৰাজ গ’ল যেতিয়া এতিয়া নামটো আকৌ সলাই পেলোৱা উচিত৷ সেয়ে, ১৯৯৫ চনৰ পৰা বোম্বাইৰ নাম আকৌ মুম্বাই হ’ল৷ তথাপিও ‘মুম্বাই’ বুলি ক’লে ‘বোম্বাই’-ৰ মাদকতা বিচাৰি পোৱা নাযায়৷ সেইয়ে ‘বলিউড’-ক ‘মলিউদ’ বুলি নকয়৷ আমেৰিকাৰ হলিউদ নামৰ ঠাইত চিনেমা নিৰ্মাণ কৰা হয়৷ সেই একে সুৰতে ভাৰতৰ বোম্বাইত থকা চিনেমা উদ্যোগৰ নাম – বলিউদ, কলিকতাৰ টালিগঞ্জত থকা চিনেমা উদ্যোগৰ নাম ‘টলিউদ’, আমাৰ গুৱাহাটীৰ জ্যোতি চিত্ৰবনকো কোনোবাই কেতিয়াবা ‘জলিউদ’ বুলিব খোজে৷ এই কথাটোৱে সৌৰভ কুমাৰ চলিহাৰ ‘গোলাম’ নামৰ গল্পটোলৈ বহুতকে মনত পেলাই দিয়ে!

১৯৯৭ চনৰ চেপ্তেম্বৰ মাহৰ দ্বিতীয় সপ্তাহl৷ মই বোম্বাই বিমানকোঠত প্ৰশিক্ষণ এটা লোৱাৰ সুবিধা পালোঁ৷ এই যাত্ৰাটোত কলিকতা মহানগৰীত মোৰ এটা “বাহুবলী অভিজ্ঞতা” হৈছিল৷ ৪ চেপ্তেম্বৰ তাৰিখে মৃত্যু হোৱা মাডাৰ টেৰেছাক সেইদিনা সমাধিস্থ কৰিবৰ বাবে তেখেতৰ নশ্বৰ দেহ ‘নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়ামৰ’ পৰা সমাধিস্থলীলৈ চহৰৰ মাজেৰে লৈ যোৱা হৈছিল৷ পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰচেছনটোৱে কলিকতা মহানগৰীত সেইদিনা ভয়াবহ জান-যঁটৰ সৃষ্টি কৰিছিল৷ বিৰ দি বাট নোপোৱা ভিৰ ফালি মই গৈ থকা বাছখন যেতিয়া অৱশেষত হাওৰা দলংখনৰ ওচৰ চাপিছিল, তেতিয়া মোৰ ৰে’লখন চলিবলৈ মাথোঁ হাতত আছিল মাত্ৰ বিশ মিনিট সময় বাকী ৷ দলঙৰ ওপৰত স্থবিৰ হৈ ৰৈ আছে শতাধিক মটৰ গাড়ী৷ সেয়ে বাছৰ পৰা নামি, বাহুবলী চিনেমাখনৰ নায়কে শিলৰ শিৱলিংগ কান্ধত উঠাই লৈ যোৱাৰ দৰে মইও মোৰ ভি-আই-পি বেগটো কান্ধত লৈ হাওৰা ষ্টেচনলৈ দৌৰ ধৰিছিলো৷

মোক প্ৰথম-প্ৰথম বোম্বাই মহানগৰী দেখুৱাইছিল যজ্ঞেশ্বৰ বৰদেউতাৰ ছোৱালী পপীয়ে৷ তাই তেতিয়া ৰাজ বাব্বৰ নামৰ অভিনেতাজনৰ পত্নীয়ে পৰিচালনা কৰা নাট্যগোষ্ঠী এটাৰ লগত জড়িত হৈ নাটকৰ কাম শিকি আছিল৷ তাই প্ৰথমে মোক কাগজ এখনত মহানগৰখনত চলাচল কৰা ৰে’ল লাইন কেইটা আৰু মেট্ৰ’ সেৱাৰ সুবিধা সমূহ ভালদৰে বুজাই দিলে৷ হঠাতে কৰ’বাত হেৰাই গ’লে কি কৰিব লাগিব সেইটোও কৈ দিলে৷ তাই ক’লে – “ইয়াত কোনেও কাকো গ্ৰাহ্য নকৰে, সেইটোৱেই হৈছে প্ৰথম সুবিধা৷ মাইণ্ড ইয়ৰ অউন্‌ বিজনেছ্‌৷ গতিকে নিজে হেবাং বুলি পৰিচয় নিদিলে আন কোনেও আপোনাৰ স্মাৰ্টনেছ পৰীক্ষা নকৰে৷ গতিকে য’লৈকে যাবৰ আগ্ৰহ, যিয়েই চাবৰ ইচ্ছা বিন্দাছ ঘুৰি লওক! মই বাৰু এদিন মেৰিণ দ্ৰাইভলৈ, মানে চিনেমাত আপোনালোক যিখন বম্বে’ দেখে, সেইখন দেখুৱাবলৈ লৈ যাম৷” গাৱঁত ডাঙৰ হোৱা ল’ৰা মই, কোনে মোৰ কথা কি ভাবিছে সেইটো মোৰ বাবে ডাঙৰ কথা৷ গাঁৱৰ ঘৰত সন্ধিয়া খীৰেশ্বৰী জেঠাইয়ে বাইদেউক সোধে – “হয়নে অ’ সৰু আই, আজি তই স্কুললৈ গৈ থাকোঁতে তিনি আলিত যে বাইকত আহি থকা ল’ৰা দুটাই তোক কিবা এটা কোৱা যেন দেখিলোঁ, ক’ৰ ল’ৰানো,  তোকনো কি কথা ক’লে?” তাৰ পিছত মাক গোপন কথা কোৱাৰ দৰে কয়- “গায়ন বৰাৰ সৰু বোৱাৰীজনীয়ে কুঁৱাৰ পৰা পানী নিয়া খোজটো আজি দেখোন বেলেগ দেখিলোঁ, কিবা নতুন খবৰ আছে যেন পাইছো দেই!” ইয়াত সেইবোৰ অসুবিধা নাই৷ মতলব নাথাকিলে কাৰো শেন চকু কাৰো ওপৰত নপৰে, কোনেও কাকো লৈ মূৰ নঘমায় – মাইণ্ড ইয়ৰ অউন্‌ বিজনেছ!

এদিন গধূলি ‘চাৰ্ছ গেইট’ নামৰ শেষ ষ্টেচনটোত নামি মই পপীৰ পিছে পিছে গৈ থাকিলো৷ হাজাৰ হাজাৰ মানুহ৷ কেনেবাকে হেৰাও বুলি পপীৰ পৰা চকু আঁতৰোৱা নাই, মাজে মাজে তাইৰ আঁচলত, আঁচল মানে তাই পিন্ধি থকা চোলাটোত হাতেৰে ধৰি লৈছো৷ তাৰ পিছতে দেখিলোঁ এটা প্ৰকাণ্ড ৰাষ্টা, গাড়ীবোৰ এশ ডেৰশ বেগত ফোঁ-ফোঁৱাই চলি আছে, ৰাষ্টাটোৰ সিফালেই সাগৰ৷ শ শ মানুহ আহি ৰাষ্টাটোৰ মানুহ পাৰ হ’ব পৰা ঠাইডোখৰত ৰয়, ৰঙা লাইটতো জ্বলিলেই পুলিছ দুটাই পদচাৰীসকলক ৰাষ্টাটো পাৰ কৰাই দিয়ে৷ পপীয়ে ৰাষ্টাটো পাৰ হওঁতে মোৰ হাতটোত খামোচ মাৰি ধৰি ল’লে – ‘বেগাই খোজ দিয়ক, পাৰ হ’ব নোৱাৰিলে ৰৈ যাব লাগিব!’ ৰাষ্টাটোৰ সিটো পাৰে গৈ মই অবাক হৈ ৰৈ গ’লো - চিনেমাত দেখা বোম্বাইখন, সাইলাখ একে৷ এফালে সাগৰ, আনফালে গগনচুম্বী অট্টালিকাবোৰ৷ অঞ্চলটোৰ নাম হেনো- নাৰীমণ পইন্ট, পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল অঞ্চল৷ ধেনুভিৰীয়া ৰাষ্টাটো হেনো আকাশ মাৰ্গৰ পৰা চালে নেকলেছ যেন লাগে, ওখ ওখ ঘৰবোৰ আৰু পথৰ লাইটবোৰ বাখৰ আৰু হীৰা খটোৱা কাৰুকাৰ্য্য যেন দেখি! তেনেতে দেখিলো চুট-টাই পৰিহিত এজনে পদপথেদি সমূদ্ৰ পাৰৰ বতাহ খাই খাই পগলাৰ দৰে অকলে অকলে কাৰোবাৰ লগত কথা পাতি আহি আছে, এটা হাতেৰে কাণ এখন ঢাকি লৈছে! মই মানুহজনৰ বেশভূষাক প্ৰশংসা কৰি তেখেতৰ মস্তিস্কৰ অৱস্থা দেখি বেজাৰ প্ৰকাশ কৰিলোঁ৷ পপী যেন হাঁহিত বাগৰি পৰিব৷ মানুহজনে সেইয়া মোবাইল ফোনত কথা পাতি গৈছে!  নজনাকৈয়ে মোৰ মুখখন মেল খাই গ’ল৷

তাৰ দুবছৰৰ পিছত মোৰ বিয়া হ’ল৷ আৰু বিয়াৰ এবছৰৰ পিছত খবৰ আহিল গোৱা বিমানকোঠলৈ মোৰ ট্ৰেন্সফাৰ হৈছে৷

নৱবিবাহিতা পত্নীক লৈ গোৱা অভিমূখে মই গৈ এদিন মুম্বাই  পালোঁগৈ৷ চিনেমাত দেখা মুম্বাইখন পত্নীক দেখুৱাবলৈ সেইদিনাই মই গৈ চাৰ্ছ গেইটত উপস্থিত হ’লোগৈ৷ মানুহেই মানুহ৷ পত্নী ববীক মাজে মাজে সকিয়াই দি আছো – ‘চাবা, নেহেৰোৱা যেন, সাৱধানে পিছে পিছে আহি থাকা৷’ ক্ষন্তেক পিছতে সেই বহল ৰাষ্টাটোৰ দাঁতিত থিয় হলোগৈ৷ বিজুলী সঞ্চাৰে গাড়ীবোৰ পাৰ হৈ যাব ধৰিছে৷ আমাৰ সোঁৱে-বাঁৱে এজুম মানুহ আহি ৰাষ্টাটো পাৰ হ’বলৈ ৰৈছেহি৷ এনেতে ৰঙা লাইটতো জ্বলি উঠিল৷ হুইছেল বজাই পুলিছজন ৰাষ্টাৰ মাজলৈ আগুৱাই গ’ল৷ গিৰগিৰকৈ মানুহবোৰ আগবাঢ়িল৷ মই ববীৰ হাত এখন খামোছ মাৰি ধৰি মানুহৰ মাজে মাজে ৰাষ্টাৰ সিদাঁতিলৈ আগবাঢ়িছো৷ কিন্তু মোক আচৰিত কৰি সিপাৰ পোৱাৰ লগে লগে ববীয়ে আচাৰ মাৰি তাইৰ হাতটো মোৰ হাতৰ পৰা এৰুৱাই নিলে৷ কি হ’ল বুলি উভতি চাই মই হতভম্ব – ই কি, মই যাক হাতত ধৰি ৰাষ্টাতো পাৰ কৰালোঁ সেইজনী ববী নহয়, আন এজনী অচিনাকি ছোৱালী, চকু ঘোপা কৰি মোলৈ চাই আছে! আৰু আমাৰ পৰা অলপ দূৰত মোলৈ চাই ঢেকঢেকাই হাঁহি আছে বীয়ে!


 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Saturday, May 5, 2018

জীৱন বাটৰ ৰসঃ বগাই বৰ্তা (৪৭)

জীৱন বাটৰ ৰসঃ বগাই বৰ্তা (৪)

‘খুড়ীদেউ’ শব্দটোক ছুটিকৈ যেনেকৈ ‘খুদৌ’ বুলি মতা হয়, তেনেকৈ ‘বৰদেউতা’ বা ‘বৰপিতাই’-ক আমাৰ অঞ্চলটোত ‘বৰ্তা’ বুলি সম্বোধন কৰা হয়৷ এইটো শব্দ অভিধান বিচাৰিলে পোৱা নাযায়৷ কিন্তু অভিধানত নাই বুলিয়েই শব্দটোক জীৱনৰ বাটত লেই-লেই-চেই-চেই কৰিব নোৱাৰি৷ ‘বৰ্তা’-ৰ ঠাইত বৰপিতাই বা বৰদেউতা বুলিলে সেই আন্তৰিকতা অনুভৱ কৰা নাযায়৷ পিতৃতকৈ বয়সত কনিষ্ঠজন খুড়া আৰু জ্যেষ্ঠজন বৰ্তা  - এইটোৱেই আছিল আমাৰ শৈশৱৰ সৰলীকৃত সুত্ৰ৷ নতুবা কথাটো এনেকুৱাকৈও ক’ব পাৰি যে, যাৰ আগত মায়ে ওৰণি তুলি লৈছিল সেইজন আছিল আমাৰ বৰ্তা আৰু যাৰ আগত নলৈছিল তেওঁ আছিল খুড়া৷ খুড়াক আমাৰ ঠাইডোখৰত ‘দদাইদেউ’ নোবোলে, খুড়া বা খুড়াদেউ বুলি মাতে৷ মামা, মোহা, পেহা আদিৰ ক্ষুদ্ৰ অস্তিত্বই এই খুড়া বা বৰ্তাসকলৰ বৃহৎ অংকৰ ওচৰত আশে পাশেও থিয় দিব পৰাৰ শক্তি নাছিল৷

আমাৰ শৈশৱৰ দিনত মনত যুগমীয়া সাঁচ ৰাখি যাব পৰা এজন বৰ্তা আছিল - বগাই বৰ্তা৷ তেখেতৰ সম্পূৰ্ণ নাম আছিল ভৰত বৈৰাগী৷ তেখেতৰ প্ৰখৰ স্মৃতি শক্তি আমাৰ বাবে আছিল পৰম বিষ্ময়! কিতাপৰ পোক এই বগাই বৰ্তাৰ সান্নিধ্যই কৈশোৰৰ দিনতে কিতাপৰ প্ৰতি আমাক অত্যন্ত আগ্ৰহী কৰি তুলিছিল৷ অসমীয়া আৰু বঙালী ভাষাৰ কিতাপ হাতত পৰিলেই তেখেতে গো-গ্ৰাসে গিলিছিল৷ নতুন কিতাপ আনিলে ঘৰখনে প্ৰথমে পঢ়ি ল’বৰ বাবে কিতাপখন প্ৰথমে কেইদিনমান তেখেতৰ চকুৰ পৰা আঁৰ কৰি থোৱাৰ প্ৰয়োজন হৈছিল৷ কেতিয়াবাই পঢ়ি থোৱা কিতাপৰ নাম, লেখকৰ নাম, সম্পাদকৰ নাম, প্ৰকাশৰ চন, আনকি ভিতৰৰ পৃষ্ঠাৰ শাৰী পৰ্যন্ত তেখেতৰ মনত ৰৈ গৈছিল আৰু নিৰ্ভুল ভাৱে কৈ দিব পাৰিছিল৷
-          ‘মৃত্যুঞ্জয়’ পঢ়িছ? বৰ্তাই কেতিয়াবা আমাৰ পৰীক্ষা লয়৷ 
-          ‘পঢ়িছোঁ৷’
-          ‘কচোন, প্ৰথমৰ শাৰীটো কি আছিল?’
-          ‘মনত নাই! সেইটো মনত ৰাখিবলগীয়া কথাও নহয়৷ বাৰু আপুনিয়েই কওকচোন৷’ - আমি ওলোটাই ধৰোঁ৷
-          ‘কেঁচা বৰলক জোকাই ল’লে গা সাৰিবলৈ টান -কথাষাৰ কৈছিল ভিভিৰামে৷’ অকণো পলম  নকৰাকৈ বৰ্তাই উত্তৰ দিয়ে৷ দেউতাৰ আলমাৰিটোৰ কিতাপবোৰ তল ওপৰ কৰি ‘মৃত্যঞ্জয়’ উপন্যাসখন উলিয়াই আনোঁ৷ হয়, শ প্ৰতিশদ শুদ্ধ৷
-          ‘নৱকান্ত বৰুৱাৰ “ককাদেউতাৰ হাড়”-ৰ প্ৰথমৰ শাৰীটো কচোন৷’
আমি নিমাত৷
-‘অৱশেষত আইতাক কথাটো ক’বলৈ ময়েই ওলালোঁ৷’ আমি খৰখেদাকৈ মিলাই চাওঁ – হয়, একেবাৰে সত্য৷
- ‘তইতো ‘অসীমত যাৰ হেৰাল সীমা’-খন কেইবাবাৰো পঢ়িছ, কচোন প্ৰথমৰ শাৰীটো কি আছিল৷’
তাৰ পিছত তেখেতে নিজেই উত্তৰ দিয়ে – “এখন কঁপি থকা ৰামধেনু৷”

কেশৱ মহন্তৰ “সোনজীৰা মাহী”-ৰ দৰে একোটা দীঘল কবিতা কেতিয়াবা মুখস্ত মাতি শুনায়, কোনো এটা শব্দ দুবাৰ বা ভূলকৈ উচ্চাৰণ নকৰাকৈ৷ ৰেডিঅ’ত বাতৰি পঢ়োঁতেযে কেতিয়াবা “ক্ষমা কৰিব” বুলি কৈ শাৰীটো পুনৰ পঢ়ে, বগাই বৰ্তাই মিচিককৈ হাঁহি এটা মাৰে৷ তাৰ পিছত কিতাপৰ পাঠ এটা উলিয়াই অকণো ভুল ক্ৰুটি নোহোৱাকৈ, দাৰি ক্’মাৰ শুদ্ধ প্ৰয়োগ কৰি আমাৰ আগত পঢ়ি শুনায়৷ বিহপুৰীয়াৰ শ্ৰীযুত গোলোক হাজৰিকা স্মৃতি শক্তিৰ এক বিৰল উদাহৰণ৷ তেখেতে তাঁতৰ বিভিন্ন সঁজুলি আৰু অসমীয়া ভাষাত নিৰ্মান হোৱা কথাছবিৰ নাম সলসলীয়াকৈ গাই যাব পাৰে৷ এটা ছন্দোৱদ্ধ লয়ত তেখেতে গাই যায় – উঘা, চেৰেকী, টোলোঠা, ৰাঁচ, দোৰপতি, চিৰি, শ’লি, মাকোঁ, নাচনী জৰী, গেৰেলী মাৰি… ৷ ঠিক তেনেকৈ “জয়মতী”ৰ পৰা “মিছন চাইনা”লৈকে!

এনেকুৱা এক বিৰল প্ৰতিভাৰ অধিকাৰী বগাই বৰ্তাৰ হাস্যৰসো আছিৰ অতি প্ৰখৰ৷

এসময়ত আমাৰ ঠাইখনত এটা চিৰাখুন্দা মিল আছিল৷ থানাখনৰ কাষেদি লক্ষ্মীনাথ বেজবৰুৱা পথ লৈ অতুল বৰাৰ কাঠৰ মিলটো পাৰ হৈ যোৱাৰ পিছতে নৰ্মাল স্কুলখন পোৱাৰ আগে আগে ৰাষ্টাৰ সোঁ-হাতে এটা সম্ভ্ৰান্ত বঙালী পৰিয়ালৰ চৌহদত আছিল এই মিলটো৷ চিৰা খুন্দাবলৈ এদিন গৈ ধান দি আহিব লাগে৷ ওপৰৰ বাটামৰ পৰা ওলোমাই ৰখা পাল্লা এখনত জোখ কৰি মিলৰ কৰ্মচাৰীয়ে বস্তাটোৰ ওপৰত চক মাটি এডোখৰেৰে নম্বৰ এটা লিখে৷ দুদিনমান পিছত গৈ সেই নম্বৰটো ক’লেই দি থৈ অহা ধানৰ ‘ৰেডিমেইদ্‌’ চিৰা লৈ আহিব পাৰি, খুন্দোৱাৰ খৰচটো দিলেই হ’ল৷ মিলটোৰ ভিতৰত চিৰা-চিৰা গোন্ধ এটাই মনটো ভৰাই তোলে৷

সেইদিনা বৰ্তা গৈছিল সেই মিলটোৰ পৰা চিৰা আনিবলৈ৷ মিলৰ গৰাকীৰ মূল ঘৰটো বন্ধ, পিলিঙা এটা আহি ক’লেহি – অলপ বহক, দাদা আহি আছে৷ দাদা মানে মিলৰ চালক৷ চকী এখনত বহি বৰ্তাই আলেখ-লেখ চাই থাকিল৷ মিলঘৰটোৰ ভেটি মূলঘৰটোৰ পৰা অলপ আঁতৰত৷ গ্ৰুপ বেৰ দিয়া কেঞ্চি বাটামৰ ঘৰ৷ বাৰান্দাখনত কাষ্টমাৰ বহাৰ সুবিধা কৰি থোৱা আছে৷ বেৰত এখনেই ফ়টো ওলমি আছে৷ মাখন ৰঙৰ কাপোৰ এখনত সেইজীয়া আৰু ৰঙা সূতাৰে নিখূঁটকৈ তোলা বাক্য এটা বন্ধাই থোৱা ফটোখন– “গোলাপ শুকিয়ে যায়, ব়েখে যায় প্ৰীতি, মানুষ মব়িয়ে যায় থেকে যায় স্মৃতি”! বৰ্তাই ক্ষন্তেক চিন্তা কৰিলে কথাষাৰ ৰবীন্দ্ৰনাথে কোৱা হয়নে নহয়! তলত কাৰো নাম নাই৷ হলেও, নহলেও, কথাষাৰ কিন্তু ষোল্লঅনাই সঁচা৷

মিলৰ গৰাকীলৈ ৰৈ থাকোঁতেই সন্ধ্যা লাগি ভাগিল৷ চাইকেলখনৰ কেৰিয়াৰত চিৰাৰ টোপোলাটো বান্ধি বৰ্তাই যেতিয়া পেডেলত ভৰি দিছে তেতিয়া বাহিৰত ঘোপ মৰা আন্ধাৰ৷ চেন্টাৰটো পাৰ হোৱাৰ পিছত আৰু ৰাষ্টাটো দেখাৰ উপায় নাই, অনুমানহে কৰিব পাৰি৷ সম্ভৱ সেইদিনা আছিল অমাৱশ্যা৷ তেতিয়াৰ দিনত গধূলিৰ পিছত বাটত মানুহ বা গাড়ী-মটৰৰ বৰকৈ চলাচল নাছিল৷ তেনে সময়ত  চাইকেলৰ আৰোহীয়ে বাটত বাটৰুৱা থকাৰ অনুমান কৰিলে টিলিঙাটো বজাই বাটৰুৱাক সজাগ কৰি দিয়ে৷ ঠিক সেইদৰে বাটৰুৱাইও গল হেকাৰি মাৰি নিজৰ উপস্থিতিৰ ঘোষণা কৰে৷ নিৰাপদে দুয়ো পাৰ হৈ গুচি যায়৷ কোনোবাই আকৌ চাইকেল চলাই আহিলে মুক্তকন্ঠে গীত গাই আহে৷ গীতটোৱে আচলতে নিৰৱিচ্ছিন্ন হৰ্ণৰ কাম কৰে আৰু ভয় আঁতৰায়, লগতে বিপৰীত ফালৰ পৰা অহা বাটৰুৱাও সাৱধান হয়৷

ৰে’লৰ আলিৰ ঢিপদুটা পাৰ হোৱাৰ পিছতে শিলগুটি দিয়া বাটতো আৰম্ভ হ’ল৷ চিনাকি বাটৰ চিনাকি লিকত লাহে লাহে চাইকেল চলাই বৰ্তা আগবাঢ়ি গৈ থাকিল৷ এনেকুৱা দিনত বৰ্তাৰ হাতত সাধাৰণতে দুইবেটাৰীৰ টৰ্ছ এটা থাকেই৷ আজি ইমান দেৰি হোৱাৰ কথা নাছিল৷ ঘনাই চাইকেলৰ টিলিঙাটো বজাই বৰ্তা আহি আছে৷ পেটুৱা দলং পাওঁ পাওঁ হৈছে৷ তেনেতে বিপৰীত ফালৰ পৰা নিঃশব্দে অহা চাইকেল এখনে প্ৰচণ্ড জোৰেৰে বৰ্তাৰ চাইকেলখনত খুন্দা মাৰি দিলেহি৷ কাৰিকৰৰ দোকানৰ সমূখতে বালিৰ দ’ম এটা আছিল, তাতে বৰ্তা লুটি খাই পৰিল৷ সিফালে থকা কচু-মেটেকাৰ হোলাটোত এখাৱৈ হৈ পৰিল আগন্তুক৷
-          কোন হে’, আৱাজ এটাতো দিব লাগে? আন্ধাৰতে খেপিয়াই খেপিয়াই বৰ্তাই সুধিলে৷
-          ‘কি কোন মাৰিবলৈ আহিছে, ৰাতি ওলালে হাতত টৰ্ছ এটা লৈ ওলাব লাগে বুলি নাজানে নেকি?’- আগন্তুকে খঙেৰে উত্তৰ দিলে৷
-          হয় নেকি, তোমাৰ টৰ্ছটোৱেই এইফালে অলপ মাৰি দিয়াছোন!


 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)