জীৱন বাটৰ ৰসঃ আকৌ চন্দ্ৰপেহা (৪৯)
গৰুহাল
মুকলি কৰি দি, খুটি সহিত লেজুদুডাল কেৰিয়াৰত বান্ধি লৈ পেহা চাইকেলখন ঠেলি ঠেলি গৰুদুটাৰ
পিছে পিছে আহি আছিল৷ শিলগুটি দিয়া ৰাষ্টা, মনৰ মাজত ৰাৱনবধ ভাওনাৰ বচন এথেৱা আহি অগা-দেৱা
কৰি আছেহি৷ আঘোনৰ ভিতৰতে পেহাৰ ঘৰত পুথি একাধ্যা পঢ়োৱাৰো সংকল্প এটা আছিল, পিছে
এইবাৰ গঞা ধান কটাত লাগিলেই! মাঘলৈহে কথাটো আকৌ চিন্তা কৰিব লাগিব৷ স্কুলখনৰ সমূখত থকা
খাৱৈটো বৰ দ, পানী মেটেকাৰে ওপৰটো ভৰি থাকে৷ খালটোত ডাঙৰ ডাঙৰ মাগুৰ মাছ আছে৷ তাতে
কেইবাঠাইত মেটেকা অলপ আতঁৰাই লৈ ‘খলি’ একোটা কৰি চেঙেলীয়া দুটামানে বৰশী টোপাই
আছিল৷
-
‘পাইছনে?’ পেহাই সুধিলে৷
-
‘নাই পেহা, খোটাই নাই আজি৷’ একেলগে দুটাই উত্তৰ দিলে৷
-
‘কি টোপ দিছ?’
-
‘বাঁহ টোপ৷’
-
‘ধেইত্, মাগুৰ মাছৰ কাৰণে কেচু টোপ লগা, আৰু ‘খলি’-টো ডাঁৰ
এডালেৰে ভালদৰে ঘুকটি ল৷’
পেহা নৰ’ল, গৰুহালৰ পিছে পিছে
গৈ থাকিল৷ পাছে, কেকুৰীটো পাৰ হওঁতেই পেহাক দেখি বিহুৰাম পদূলিলৈ উধাতু খাই অহাদি
ওলাই আহিল আৰু “আহচোন আহ তামোল এখন খাই যাহি” বুলি পেহাক আগ বঢ়াই নিলেহি৷ গল
হেকাৰি এটা মাৰি পেহাই গৰু হালক পোনে পোনে গৈ গোহালিত ৰৈ থাকিবলৈ নিৰ্দেশ দিলে
আৰু নঙলা খুটাটোত চাইকেলখন আওঁজাই থৈ বিহুৰামৰ চোতাললৈ আগুৱাই গ’ল৷ বিহুৱে
চোতাললৈকে আথেবেথে মুঢ়াটো নমাই আনি পেহাক বহিবলৈ দিলেহি আৰু নিজেও বহিল৷ এহাত
দীঘল ওৰণি লৈ লীলা, মানে বিহুৰ ঘৈণীয়েক লীলাৱতীয়ে গোটা তামোল এটা, পান দুবিৰা,
নেলীয়া কটাৰীখন আৰু চূণৰ ভুৰুকাটো টুল এখনৰ ওপৰত থৈ গ’লহি৷
-
“ধানত লাগিলি নেকি?” পেহাই সুধিলে৷
-
“নাই, পথলিয়াৰ দুবিঘাত পক ধৰিছে, চাওঁচোন অহা সপ্তাহলৈ৷ দাৱনি
হাজিৰাতহে লগাব লাগিব৷” তামোল চুৰুকি চুৰুকি বিহুৱে কৈ গ’ল৷
-
“ভাবিছিলো হালোৱাটো বিক্ৰি কৰি যি পাঁও তাৰেই খেতিটো
উঠাম, কিন্তু সেইটো বিক্ৰিয়েই নগ’ল নহয়, দুটা দেওঁবাৰে বজাৰলৈ নিলো, নেগুৰ পকাই
পকাই কাষ্টমাৰ হায়ৰান হৈ গ’ল, শোৱাৰ পৰা গৰু নুঠিল, ঘাঁহ পাগুলি পাগুলি পৰিল যি
পৰিলেই!”
-
“তামোল মুখত নুসুমুৱাব, চাহ বাকিছো!” লীলাৱতীয়ে আখলঘৰৰ
পৰা ৰিঙিয়ালে৷
পেহাই গোটেই সমস্যাটো
মূহুৰ্ততে বুজি উঠিল৷ বিহুৰামে বুঢ়া গৰুটো
বজাৰত বিক্ৰি কৰিবলৈ টান পাইছে৷ পেহাই সমাধান দিব লাগে৷ ভাওনা আৰু গৰু-গাই
সম্পৰ্কীয় সমস্যাত এই অঞ্চলৰ ৰাইজে পেহাক বিশেষজ্ঞ বুলি মানে৷ পেহাই অনুমতি দিয়াৰ
পিছতহে পশু-ডাক্তৰক গৰু গাই চাবলৈ মতা হয়৷ চোতালখনৰ এমূৰেই গোঁহালিটো, তাতে
গৰুটো বান্ধি থোৱা আছে৷ পেহাই গৈ ডাক্তৰে পেচেন্ট চোৱাদি গৰুটোক এবাৰ নিৰীক্ষণ
কৰিলে৷ কিবা গভীৰ চিন্তাত ডুব গৈ ভূ-ভাৰস্ত পাহৰি স্থিৰ দৃষ্টিৰে গৰুটোৱে একান্ত
মনে ঘাঁহ পাগুলি আছে৷ নেগুৰডাল পেহাই পকাই চালে, কেট্কূটেই নাই!
চাহ একাপ খাই, তাৰ পিছত তামোল এখন মুখত সুমুৱাই, তলৰ
পাৰি দাঁতত নিৰ্দিষ্ট পৰিমাণৰ চূণকণ লগাই অৱশিষ্টকণ মুঢ়াটোত মচি মচি কিবা
চিন্তাত পেহাই চকুদুটা মুদি দিলে৷ গৰু বেচা টকাৰে কি কি কৰিলেহেঁতেন সেইয়া বখানি থকা
বিহুৰামো অলপ সময় মনে মনে ৰ’ল৷ এসময়ত, পেহা তামোলৰ পিক পেলাবলৈ উঠি গ’ল৷ বিহুৱে
আকৌ আহি বহিবহি বুলি ভাবিছিলে, পেহা কিন্তু নুঘুৰিল৷ “লীলা আহিলোঁ দেই” বুলি
ৰিঙি এটা মাৰি পেহাই পদুলিলৈ পোনালে ৷ লগতে উঠি অহা বিহুক পেহাই ক’লে – ‘হেৰি কৰ,
অহা দেওঁবাৰে গৰুটো মই লৈ যাম বজাৰলৈ, তইও লগত ওলাৱ যদি ওলাবি৷ চেষ্টা এটা কৰি
চাওঁ দে৷ মোৰ মনে কৈছে, চলি যাব৷’
কথা মতেই দেওঁবাৰে পুৱাই আহি পেহা বিহুৰামৰ ঘৰ ওলালহি৷ গোঁহালিলৈ
গৈ গৰুটোলৈ চাই এবাৰ নমস্কাৰ কৰাৰ দৰে কৰিলে, তাৰ পিছত পিঠিত ঢকা কেইটামান লগালে,
নেগুৰডাল হাতত লৈ এবাৰ আলফুলে হাত ফুৰাইও দিলে, তাৰ পিছত বিহুলৈ চাই ক’লে – ব’ল!
পেহাই কি যাদু কৰিলে নাজানো, আগতে লে-বাই পৰি থকা
গৰুটো আজি থিয় হৈ আছে৷ নেগুৰত হাত লগালেই লৰচৰ কৰাটোতো বাদেই, জপিয়াবলৈ আৰম্ভ কৰে৷
বজাৰখনৰ মূল ভিৰটো পৰাৰ আগতেই তিনিশ আশী টকাত গৰুটো বিক্ৰি হৈ গ’ল৷ বিহুৰামৰ
মুখত ক’ব নোৱাৰাকৈয়ে হাঁহি এটা ওলাই আহিলে৷ চাপৰিৰ ফালৰ কাষ্টমাৰজনে গৰুটো নিয়াৰ
আগতে পেহাই আকৌ গৰুটো এবাৰ নমস্কাৰ কৰি, নেগুৰডাল আলফুলে মৰম কৰি তাক বিদায় দি
দিলে! ভক্তিত গদগদ হৈ বিহুৰামে পৰম কৃতজ্ঞতাৰে পেহাক সুধিলে – কেনেকৈ এনে হ’ল
ককাইদেউ?
পেহাই মিচিককৈ হাঁহি এটা মাৰি
ক’লে – এইটো চা ৷
পেহাৰ হাতত আলপিন্ এটা৷ গৰুটোৰ
নেগুৰডালৰ গুৰিত পেহাই সেইটো লগাই দিছিল৷
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷
কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনীৰ উদ্ধাৰকৰ্তা মুকুল
ককাইদেউ, কৰুণানন্দ হাতীবৰুৱা৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই
লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment