জীৱন বাটৰ ৰসঃ বম্বে’ত বোপাই মেধি
(৪৮)
প্ৰথমবাৰ
মহানগৰখনৰ মাটিত ভৰি দিয়াৰ আৰু পিছলৈ সেই মহানগৰখনতে হোৱা এটা অভিজ্ঞতা মোৰ মনত চিৰস্মৰণীয়
হৈ আছে৷
তেতিয়া মহানগৰখনৰ নামটো কাগজে পত্ৰই
মুম্বাই হৈছেহে মাথোন৷ ‘বোম্বাই’ নামৰ চহৰখনলৈ যেন মানুহৰ বিষ্ময় আৰু কৌতুহলৰ অন্ত
নাই৷ হিন্দী ভাষাত নিৰ্মীত কথাছবিৰ কেন্দ্ৰস্থল আৰু তাৰ নায়ক নায়িকাসকলৰ বাসস্থান হোৱা
হেতুকে চহৰখনলৈ আমাৰ দেশৰ সকলো নাগৰিকৰে কম-বেছি পৰিমানে আকৰ্ষণ আছে৷ আমি সপ্তমমান
শ্ৰেনীত পঢ়ি থাকোঁতে আমাৰ সহপাঠী প্ৰফুল্ল নামৰ ল’ৰা এজন এবাৰ বন্ধৰ দিনত কিছুদিন
নোহোৱা হৈছিল, ঘুৰি আহি সি ক্লাছত ক’লেহি সি হেনো ব’ম্বেলৈ মোমায়েকৰ লগত ফুৰিবলৈ
গৈছিল আৰু চিনেমা কেনেকৈ বনায় সি নিজ চকুৰে দেখি আহিছে৷ আটাইকেইটা ক্লাছৰ আটাইবোৰ
ছাত্ৰই লগে লগে তাক বেৰি ধৰিলে- চিত্ৰ নিৰ্মাণৰ আঁৰৰ কাহিনী শুনিবলৈ৷ এদিন ইন্দ্ৰছাৰে
তাক ক্লাছত থিয় কৰাই লৈ সুধিছিল – ‘ক চোন, এক্টৰ কাক কাক দেখি আহিলি বোম্বাইত?’
সি
তপৰাই উত্তৰ দিলে – ‘গব্বৰ সিঙক৷ তেখেতৰ ঘৰৰ সমূখৰ পকাৰ খুটা এটাত হেনো নামটো খোদিত
কৰা আছে৷’
-
‘হেৰৌ
মূৰ্খ, গব্বৰ সিঙ চিনেমাত লোৱা নামহে, আচল নামটো বেলেগ! গেইটৰ খুটাত চিনেমাৰ নামটো
লিখিব কিয়?’
ৰঙা-চঙা পৰি প্ৰফুল্ল সাউতকৈ বহি
গ’ল৷ বহুদিন পিছত এদিন সুবিধা পাই গোপন কথা সোধাদি মই তাক সুধিছিলোঁ – ‘প্ৰফুল্ল,
সঁচাকৈ কচোন, তই বাৰু বম্বে’লৈ যোৱা কথাটো সঁচানে?’ – ‘বাদ দে’ বুলি সি উচাত মাৰি
আঁতৰ হ’ল৷ আজিলৈকে নাজানো প্ৰফুল্ল সঁচাকৈয়ে বম্বেলৈ গৈছিল নে সেই কাহিনীবোৰ তাৰ
কল্পনাপ্ৰসূত আছিল৷
শিৱ সেনাই বহুদিনৰ পৰা দাবী কৰি
আহিছিল, ইংৰাজসকলে অন্যায় কৰি মাৰাঠী ভাষাত মুম্বাই বুলি কোৱা চহৰখনৰ নামটো বোম্বাই
কৰি পেলালে৷ ইংৰাজ গ’ল যেতিয়া এতিয়া নামটো আকৌ সলাই পেলোৱা উচিত৷ সেয়ে, ১৯৯৫ চনৰ
পৰা বোম্বাইৰ নাম আকৌ মুম্বাই হ’ল৷ তথাপিও ‘মুম্বাই’ বুলি ক’লে ‘বোম্বাই’-ৰ মাদকতা
বিচাৰি পোৱা নাযায়৷ সেইয়ে ‘বলিউড’-ক ‘মলিউদ’ বুলি নকয়৷ আমেৰিকাৰ হলিউদ নামৰ ঠাইত চিনেমা
নিৰ্মাণ কৰা হয়৷ সেই একে সুৰতে ভাৰতৰ বোম্বাইত থকা চিনেমা উদ্যোগৰ নাম – বলিউদ, কলিকতাৰ
টালিগঞ্জত থকা চিনেমা উদ্যোগৰ নাম ‘টলিউদ’, আমাৰ গুৱাহাটীৰ জ্যোতি চিত্ৰবনকো কোনোবাই
কেতিয়াবা ‘জলিউদ’ বুলিব খোজে৷ এই কথাটোৱে সৌৰভ কুমাৰ চলিহাৰ ‘গোলাম’ নামৰ গল্পটোলৈ
বহুতকে মনত পেলাই দিয়ে!
১৯৯৭ চনৰ চেপ্তেম্বৰ মাহৰ দ্বিতীয়
সপ্তাহl৷ মই বোম্বাই বিমানকোঠত প্ৰশিক্ষণ এটা লোৱাৰ সুবিধা পালোঁ৷ এই যাত্ৰাটোত
কলিকতা মহানগৰীত মোৰ এটা “বাহুবলী অভিজ্ঞতা” হৈছিল৷ ৪ চেপ্তেম্বৰ তাৰিখে মৃত্যু হোৱা
মাডাৰ টেৰেছাক সেইদিনা সমাধিস্থ কৰিবৰ বাবে তেখেতৰ নশ্বৰ দেহ ‘নেতাজী সুভাষ চন্দ্ৰ
বসু ষ্টেডিয়ামৰ’ পৰা সমাধিস্থলীলৈ চহৰৰ মাজেৰে লৈ যোৱা হৈছিল৷ পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ
প্ৰচেছনটোৱে কলিকতা মহানগৰীত সেইদিনা ভয়াবহ জান-যঁটৰ সৃষ্টি কৰিছিল৷ বিৰ দি বাট নোপোৱা
ভিৰ ফালি মই গৈ থকা বাছখন যেতিয়া অৱশেষত হাওৰা দলংখনৰ ওচৰ চাপিছিল, তেতিয়া মোৰ ৰে’লখন
চলিবলৈ মাথোঁ হাতত আছিল মাত্ৰ বিশ মিনিট সময় বাকী ৷ দলঙৰ ওপৰত স্থবিৰ হৈ ৰৈ আছে শতাধিক
মটৰ গাড়ী৷ সেয়ে বাছৰ পৰা নামি, বাহুবলী চিনেমাখনৰ নায়কে শিলৰ শিৱলিংগ কান্ধত উঠাই
লৈ যোৱাৰ দৰে মইও মোৰ ভি-আই-পি বেগটো কান্ধত লৈ হাওৰা ষ্টেচনলৈ দৌৰ ধৰিছিলো৷
মোক প্ৰথম-প্ৰথম বোম্বাই মহানগৰী
দেখুৱাইছিল যজ্ঞেশ্বৰ বৰদেউতাৰ ছোৱালী পপীয়ে৷ তাই তেতিয়া ৰাজ বাব্বৰ নামৰ অভিনেতাজনৰ
পত্নীয়ে পৰিচালনা কৰা নাট্যগোষ্ঠী এটাৰ লগত জড়িত হৈ নাটকৰ কাম শিকি আছিল৷ তাই প্ৰথমে
মোক কাগজ এখনত মহানগৰখনত চলাচল কৰা ৰে’ল লাইন কেইটা আৰু মেট্ৰ’ সেৱাৰ সুবিধা সমূহ
ভালদৰে বুজাই দিলে৷ হঠাতে কৰ’বাত হেৰাই গ’লে কি কৰিব লাগিব সেইটোও কৈ দিলে৷ তাই ক’লে
– “ইয়াত কোনেও কাকো গ্ৰাহ্য নকৰে, সেইটোৱেই
হৈছে প্ৰথম সুবিধা৷ মাইণ্ড ইয়ৰ অউন্ বিজনেছ্৷ গতিকে নিজে হেবাং বুলি পৰিচয় নিদিলে
আন কোনেও আপোনাৰ স্মাৰ্টনেছ পৰীক্ষা নকৰে৷ গতিকে য’লৈকে যাবৰ আগ্ৰহ, যিয়েই চাবৰ ইচ্ছা
বিন্দাছ ঘুৰি লওক! মই বাৰু এদিন মেৰিণ দ্ৰাইভলৈ, মানে চিনেমাত আপোনালোক যিখন বম্বে’
দেখে, সেইখন দেখুৱাবলৈ লৈ যাম৷” গাৱঁত ডাঙৰ হোৱা ল’ৰা মই, কোনে মোৰ কথা কি ভাবিছে
সেইটো মোৰ বাবে ডাঙৰ কথা৷ গাঁৱৰ ঘৰত সন্ধিয়া খীৰেশ্বৰী জেঠাইয়ে বাইদেউক সোধে – “হয়নে
অ’ সৰু আই, আজি তই স্কুললৈ গৈ থাকোঁতে তিনি আলিত যে বাইকত আহি থকা ল’ৰা দুটাই তোক
কিবা এটা কোৱা যেন দেখিলোঁ, ক’ৰ ল’ৰানো, তোকনো কি কথা ক’লে?” তাৰ পিছত মাক গোপন কথা কোৱাৰ
দৰে কয়- “গায়ন বৰাৰ সৰু বোৱাৰীজনীয়ে কুঁৱাৰ পৰা পানী নিয়া খোজটো আজি দেখোন বেলেগ
দেখিলোঁ, কিবা নতুন খবৰ আছে যেন পাইছো দেই!” ইয়াত সেইবোৰ অসুবিধা নাই৷ মতলব নাথাকিলে
কাৰো শেন চকু কাৰো ওপৰত নপৰে, কোনেও কাকো লৈ মূৰ নঘমায় – মাইণ্ড ইয়ৰ অউন্ বিজনেছ!
এদিন গধূলি ‘চাৰ্ছ গেইট’ নামৰ শেষ
ষ্টেচনটোত নামি মই পপীৰ পিছে পিছে গৈ থাকিলো৷ হাজাৰ হাজাৰ মানুহ৷ কেনেবাকে হেৰাও
বুলি পপীৰ পৰা চকু আঁতৰোৱা নাই, মাজে মাজে তাইৰ আঁচলত, আঁচল মানে তাই পিন্ধি থকা চোলাটোত
হাতেৰে ধৰি লৈছো৷ তাৰ পিছতে দেখিলোঁ এটা প্ৰকাণ্ড ৰাষ্টা, গাড়ীবোৰ এশ ডেৰশ বেগত
ফোঁ-ফোঁৱাই চলি আছে, ৰাষ্টাটোৰ সিফালেই সাগৰ৷ শ শ মানুহ আহি ৰাষ্টাটোৰ মানুহ পাৰ
হ’ব পৰা ঠাইডোখৰত ৰয়, ৰঙা লাইটতো জ্বলিলেই পুলিছ দুটাই পদচাৰীসকলক ৰাষ্টাটো পাৰ
কৰাই দিয়ে৷ পপীয়ে ৰাষ্টাটো পাৰ হওঁতে মোৰ হাতটোত খামোচ মাৰি ধৰি ল’লে – ‘বেগাই
খোজ দিয়ক, পাৰ হ’ব নোৱাৰিলে ৰৈ যাব লাগিব!’ ৰাষ্টাটোৰ সিটো পাৰে গৈ মই অবাক হৈ
ৰৈ গ’লো - চিনেমাত দেখা বোম্বাইখন, সাইলাখ একে৷ এফালে সাগৰ, আনফালে গগনচুম্বী অট্টালিকাবোৰ৷
অঞ্চলটোৰ নাম হেনো- নাৰীমণ পইন্ট, পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল অঞ্চল৷ ধেনুভিৰীয়া ৰাষ্টাটো
হেনো আকাশ মাৰ্গৰ পৰা চালে নেকলেছ যেন লাগে, ওখ ওখ ঘৰবোৰ আৰু পথৰ লাইটবোৰ বাখৰ আৰু
হীৰা খটোৱা কাৰুকাৰ্য্য যেন দেখি! তেনেতে দেখিলো চুট-টাই পৰিহিত এজনে পদপথেদি সমূদ্ৰ
পাৰৰ বতাহ খাই খাই পগলাৰ দৰে অকলে অকলে কাৰোবাৰ লগত কথা পাতি আহি আছে, এটা হাতেৰে
কাণ এখন ঢাকি লৈছে! মই মানুহজনৰ বেশভূষাক প্ৰশংসা কৰি তেখেতৰ মস্তিস্কৰ অৱস্থা দেখি
বেজাৰ প্ৰকাশ কৰিলোঁ৷ পপী যেন হাঁহিত বাগৰি পৰিব৷ মানুহজনে সেইয়া মোবাইল ফোনত কথা
পাতি গৈছে! নজনাকৈয়ে মোৰ মুখখন মেল খাই গ’ল৷
তাৰ দুবছৰৰ পিছত মোৰ বিয়া হ’ল৷
আৰু বিয়াৰ এবছৰৰ পিছত খবৰ আহিল গোৱা বিমানকোঠলৈ মোৰ ট্ৰেন্সফাৰ হৈছে৷
নৱবিবাহিতা পত্নীক লৈ গোৱা অভিমূখে
মই গৈ এদিন মুম্বাই পালোঁগৈ৷ চিনেমাত দেখা
মুম্বাইখন পত্নীক দেখুৱাবলৈ সেইদিনাই মই গৈ চাৰ্ছ গেইটত উপস্থিত হ’লোগৈ৷ মানুহেই মানুহ৷
পত্নী ববীক মাজে মাজে সকিয়াই দি আছো – ‘চাবা, নেহেৰোৱা যেন, সাৱধানে পিছে পিছে আহি
থাকা৷’ ক্ষন্তেক পিছতে সেই বহল ৰাষ্টাটোৰ দাঁতিত থিয় হলোগৈ৷ বিজুলী সঞ্চাৰে গাড়ীবোৰ
পাৰ হৈ যাব ধৰিছে৷ আমাৰ সোঁৱে-বাঁৱে এজুম মানুহ আহি ৰাষ্টাটো পাৰ হ’বলৈ ৰৈছেহি৷ এনেতে
ৰঙা লাইটতো জ্বলি উঠিল৷ হুইছেল বজাই পুলিছজন ৰাষ্টাৰ মাজলৈ আগুৱাই গ’ল৷ গিৰগিৰকৈ মানুহবোৰ
আগবাঢ়িল৷ মই ববীৰ হাত এখন খামোছ মাৰি ধৰি মানুহৰ মাজে মাজে ৰাষ্টাৰ সিদাঁতিলৈ আগবাঢ়িছো৷
কিন্তু মোক আচৰিত কৰি সিপাৰ পোৱাৰ লগে লগে ববীয়ে আচাৰ মাৰি তাইৰ হাতটো মোৰ হাতৰ
পৰা এৰুৱাই নিলে৷ কি হ’ল বুলি উভতি চাই মই হতভম্ব – ই কি, মই যাক হাতত ধৰি ৰাষ্টাতো
পাৰ কৰালোঁ সেইজনী ববী নহয়, আন এজনী অচিনাকি ছোৱালী, চকু ঘোপা কৰি মোলৈ চাই আছে!
আৰু আমাৰ পৰা অলপ দূৰত মোলৈ চাই ঢেকঢেকাই হাঁহি আছে ববীয়ে!
(“জীৱন বাটৰ
ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত
– অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন
গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment