Saturday, July 29, 2017

অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা ক'ৰ্ডিনেট্ (Coordinate) কি?

         অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা ক'ৰ্ডিনেট্ (Coordinate) কি? গ্ৰাফ্কাকতৰ কৰ্ডিনেট্আৰু জি-পি-এছ্-ৰ কৰ্ডিনেট একে বস্তু নেকি? ২৬ ডিগ্ৰী, ৮ মিনিট, ২৯.৭৪ ছেকণ্ড উত্তৰ আৰু ৯১ ডিগ্ৰী, ৪৭ মিনিট, ৩০.৯২ ছেকেণ্ড পূৱৰ অৱস্থান মানে কি?

           X-axis আৰু Y-axis থকা গ্ৰাফ্কাকত আমি সকলোৱে চিনি পাওঁ৷  (৫,৪) কৰ্ডিনেট্ মানে X-ৰ দিশলৈ পাঁচঘৰ আহি Y-ৰ দিশলৈ অৰ্থাৎ ওপৰলৈ চাৰিঘৰ আগুৱাই গৈ পোৱা বিন্দুটোৰ স্থান ! (৫,-৪), (-৭,-৩) ধৰণৰ কৰ্ডিনেট্ক আমি কম-বেছি পৰিমানে সকলোৱেই বুজি পাওঁ৷ কিন্তু জি-পি-এছৰ কৰ্ডিনেট কেনেকুৱা ? GPS য়ে যোগান ধৰা তথ্যকো Coordinate বুলি কোৱা হয় ৷ GPS মানে Global Positioning System ৷ আমি অসমীয়া ভাষাত GPS-ক “গোলকীয় স্থানাংক পদ্ধতি” বুলি সম্ভৱ কব পাৰিম ৷ GPS পদ্ধতিৰ দ্বাৰা পৃথিৱী নামৰ গ্ৰহটোৰ ওপৰত থকা যিকোনো এখন ঠাইৰ সঠিক তথ্য লাভ কৰিব পাৰি ৷ 

           গোলাকাৰ বস্তুৰ ওপৰত স্থান কেনেকৈ নিৰ্ধাৰণ কৰা হয় সেই সম্পৰ্কে অলপ জানি ল'লে কৰ্ডিনেট্ বুজিবলৈ সহজ হ'ব৷ 

            আপোনাৰ সমূখত থকা ৰবাব টেঙা বা ফুটবল এটাৰ ওপৰত এটা চিন আছে  চিনটো কোন খিনিত আছে বুলি সুধিলে আপুনি কি উত্তৰ দিব? দেখাত সহজ যেন লাগিলেও কামটো বৰ সাধাৰণ নহয়৷ ধৰাহওঁক, আপোনাক এই মূহুৰ্তত সোধা হৈছে আপুনি এতিয়া ক'ত আছে? উত্তৰটো এনে ধৰণৰ হব পাৰে মই এচিয়া মহাদেশৰ ভাৰতবৰ্ষ নামৰ দেশখনৰ উত্তৰ পূৰ্বাঞ্চলত থকা অসম নামৰ ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ উজান বজাৰ নামৰ এলেকাটোৰ শংকৰদেৱ পথত থকা ন নম্বৰ ঘৰটোত মূল গেইটখনৰ মধ্যাংশৰ পৰা ঘৰৰ ফালে ৩০ মিটাৰ দূৰত ঘৰটোৰ সমূখৰ প্ৰধান দুৱাৰখনৰ পৰা ২.৭ মিটাৰ দূৰত বহি আছোঁ ৷ পৃথিৱীৰ ওপৰত আপুনি থকা এই ঠাই ডোখৰৰ অৱস্থানৰ তথ্যটো অলপ সহজ ভাবে দিব নোৱাৰিনে?

             আপুনি জানেই পৃথিৱী নামৰ গ্ৰহটোৰ ওপৰত থকা মাটিতকৈ পানীৰ পৰিমান বহু বেছি৷ পাৰাপাৰহীন বিশাল মহাসমূদ্ৰৰ ওপৰৰ কোনো স্থানৰ সম্ভেদ দিব লগা হলে কি ফলপ্ৰসূ কি উপায় আছে?

             এই দুয়োটা প্ৰশ্নৰে উত্তৰ দিছে জি-পি-এছে৷


             আমি বাসকৰা পৃথিৱীখনক তল আৰু ওপৰ দুয়োভাখত ভাগ কৰিবলৈ যিদাল বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে সেইডালৰ নাম বিষুৱ ৰেখা বা Equator ৷ আপুনি যদি বিষুৱ ৰেখাত আছে তাৰমানে আপুনি পৃথিৱীৰওপৰ ভাগত অৰ্থাৎ উত্তৰ গোলাৰ্ধতো নাই নতুবা তলৰ ভাগত অৰ্থাৎ দক্ষিণ গোলাৰ্ধতো নাই, মাজতে আছে৷ গ্ৰাফ্পেপাৰৰ X-axis  ওপৰত থকাৰ দৰে !  কিন্তু বিষুৱ ৰেখাৰ ওপৰত মানে ক'ত?  ৪০,০৩০ কিলোমিটাৰ দৈঘ্যৰ বিষুৱ ৰেখাৰ যিকোনা এঠাইত আপুনি থাকিব পাৰে৷ বিষুৱ ৰেখাডালৰ কোনটো বিন্দুত আপুনি আছে সেইটো নিৰ্ধাৰণ কৰিবৰ বাবে বৃত্তটোৰ কৰবাত নহয় কৰবাত আপোনাক চিন এটা লাগিবই লাগিব X-axis ৰ লগত Y-axis থকাৰ দৰে৷ সেয়ে পৃথিৱীখনক সোঁ আৰু বাঁও দুটা ভাগত ভাগ কৰাটোও অতি আৱশ্যক৷ সেই ভাগটো কৰা হৈছে লণ্ডনৰ গ্ৰীনউইছ নামৰ ঠাইৰ ওপৰেদি কল্পনা কৰা উত্তৰ আৰু দক্ষিণ মেৰু সংযোগী এডাল কাল্পনিক ৰেখাৰ দ্বাৰা৷ এই ৰেখাডালৰ সোঁ-ভাগত পৰা পৃথিৱীৰ  ভাগটোৰ সিপাৰলৈকে পূৱ আৰু বাওঁহাতে থকা আনভাগক পশ্চিম বুলি কোৱা হয়৷ এই ৰেখাডালৰ নাম শূণ্য ডিগ্ৰী দ্ৰাঘিমা ৰেখা বা Prime Meridian ৷ এই ৰেখাডালে বিষুৱ ৰেখাডালক য'ত কাটিছে সেই বিন্দুটো উত্তৰো নহয়, দক্ষিণো নহয়, পূৱো নহয় পশ্চিমো নহয়৷ এক্স্আৰু ওৱাই এক্সিসে কটাকটি কৰা বিন্দুটোৰ দৰে (০,০)৷ 





         এতিয়া ধৰক বিষুৱ ৰেখাৰ পৰা আপুনি ওপৰলৈ অলপ আগুৱাই গ'ল- মানে উত্তৰলৈ গ'ল?  কিমান উত্তৰলৈ গ'ল? এই প্ৰশ্নৰ উত্তৰৰ বাবে আপুনি থকা স্থানৰ পৰা পৃথিৱীৰ কেন্দ্ৰলৈ এডাল ৰেখা কল্পনা কৰক৷ এই ৰেখাডালে বিষুৱ ৰেখা আৰু কেন্দ্ৰ সংযোগী ৰেখাডালৰ লগত যিমান ডিগ্ৰী কোণ কৰিছে আপুনি সিমান ডিগ্ৰী উত্তৰত আছে৷ বিষুৱ ৰেখাৰ পৰা আপুনি ভালেখিনি তললৈ নামি গ'ল, মান দক্ষিণলৈ গ'ল৷ এতিয়া সেই স্থানৰ পৰা কেন্দ্ৰলৈ কল্পনা কৰা ৰেখাদালে বিষুৱৰেখা সংযোগী ৰেখাডালৰ লগত যিমান ডিগ্ৰী কোণ কৰিব আপুনি সিমান ডিগ্ৰী দক্ষিণত আছে৷ উদাহৰণ স্বৰূপে মই ২০ ডিগ্ৰী উত্তৰত আছো,  তাৰ অৰ্থ কিন্তু এটা বিন্দুত থকা নহয়৷ ২০ ডিগ্ৰী উত্তৰত থকা সমস্ত বিন্দু লগ লগালে পৃথিৱীৰ ওপৰত থকা এটা বৃত্ত হ'ব৷ সেয়ে অৱস্থানৰ কথা ক'বলৈ হলে উত্তৰ বা দক্ষিণৰ লগতে পূৱ নে পশ্চিম সেই তথ্যও অত্যন্ত জৰুৰী৷ উত্তৰ দক্ষিণ হিচাপ কৰাৰ দৰেই আপোনাৰ স্হানৰ লগত পৃথিৱীৰ কেন্দ্ৰ সংযোগী ৰেখাডালে শূণ্য ডিগ্ৰী দ্ৰাঘিমাৰ লগত যিমান কোণৰ সৃষ্টি কৰিছে আপুনি সিমান পূৱ বা পশ্চিমত আছে৷ উদাহৰণ স্বৰূপে ২০ ডিগ্ৰী পূৱ মানে সুমেৰুৰ পৰা কুমেৰু সংযোগী এডাল দীঘল ৰেখা, এখন নিৰ্দ্দিষ্ট ঠাই নহয়৷




        এইদৰেই, শূণ্যৰ পৰা নবৈ ডিগ্ৰীলৈকে উত্তৰে আৰু একেদৰে শূণ্যৰ পৰা নবৈ ডিগ্ৰীলৈকে দক্ষিণে হব পৰা এই কাল্পনিক বৃত্তবোৰক অক্ষাংশ বা লেটিটিউড্বুলি কোৱা হয়৷ ঠিক তেতেকৈ শূণ্য ডিগ্ৰী দ্ৰাঘিমাৰ পৰা সিফাললৈ অৰ্থাৎ ১৮০ ডিগ্ৰীলৈকে দুয়ো মেৰু সংযোগী কল্পনা কৰা উলম্ব ৰেখাসমুহক দ্ৰাঘিমাংশ বা লংগিটিউড্বুলি কোৱা হয়৷ এই অক্ষাংশ আৰু দ্ৰাঘিমাংশই কটাকটি কৰা বিন্দুটোৱেই হৈছে আমি সততে কোৱা জি-পি-এছ্ৰ ক'অৰ্ডিনেট! এই সংখ্যাটোৰ লগত সদায় উত্তৰ বা দক্ষিণ আৰু পুৱ বা পশ্চিম সংযুক্ত হৈ থাকে৷

          পৃথিৱী যিহেতু এটা প্ৰকাণ্ড গোলক সেয়ে একমাত্ৰ ডিগ্ৰীৰেই সকলোবোৰ অৱস্থান সুক্ষ্মভাৱে বুজাব নোৱাৰি৷ সেয়ে এটা ডিগ্ৰীক ৬০ ভাগত ভাগ কৰি একোটা ভাগক মিনিট বুলি কোৱা হয়৷ পৃথিৱীৰ কেন্দ্ৰত এক মিনিট দুৰত্বও পৃথিৱীৰ উপৰি ভাগত ১.৮৫২ কিলোমিটাৰৰ সমান৷ সেয়ে এটা মিনিটকো আকৌ ৬০টা ভাগত ভাগ কৰি চেকেণ্ড কৰা হৈছে৷ পৃথিৱীৰ কেন্দ্ৰত এক চেকেণ্ডৰ ব্যৱধান মানে উপৰিভাগত ৩১ মিটাৰৰ সমান৷ এই চেকেণ্ডকো প্ৰযোজন সাপেক্ষে এহাজাৰ বা এশ ভাগত ভাগ কৰি অতি সুক্ষ্মভাৱে পৃথিৱীৰ ওপৰত থকা স্থানৰ তথ্য যোগান ধৰিব পাৰি৷ ইয়েই জি-পি-এছ্-ৰ কৰ্ডিনেট্!

    উদাহৰণ স্বৰূপে ২৬ ডিগ্ৰী, ৮ মিনিট, ২৯.৭৪ ছেকণ্ড উত্তৰ আৰু ৯১ ডিগ্ৰী, ৪৭ মিনিট, ৩০.৯২ ছেকেণ্ড পূৱৰ অৱস্থান যদি পৃথিৱীৰ ওপৰত সন্ধান কৰে - আপুনি গৈ উপস্থিত হ'বগৈ - দিশপুৰৰ জনতা ভৱনৰ চৌহদত!




বিমান পৰিবহনৰ নেদেখাফালটোৰ কেইটামান জানিবলগীয়া কথা



     বিমানযাত্ৰীৰ বৃদ্ধিৰ হাৰ আমাৰ দেশত এতিয়া বিশ্বৰ ভিতৰতেই সৰ্বাধিক - কুৰী শতাংশতকৈও অধিক৷ পৃথিৱীৰ শ্ৰেষ্ঠ দহখন অসামৰিক বিমান পৰিবহন বজাৰৰ ভিতৰত ভাৰত এতিয়া নৱম স্থানত আছে৷ ২০২০ চনৰ প্ৰথম ভাগতে আমাৰ স্থান পঞ্চম পাবগৈ আৰু সেই বছৰৰে শেষৰফাললৈ আমাৰ দেশখন অসামৰিক বিমান পৰিবহনৰ তৃতিয় সৰ্ববৃহৎ দেশ হিচাপে বিশ্বত পৰিগণিত হ'ব আমেৰিকা আৰু চীন দেশৰ পিছতে৷ ইতিমধ্যেই বিমান সেৱা সৰ্বসাধাৰণ লোকৰ বাবে সহজ হৈ আহিছে৷ আগন্তুক দিনবোৰত এই সেৱা আৰু সুলভ হ'ব৷ সেয়ে বিমান পৰিবহনৰ নেদেখাফালটোলৈও আমাৰ এতিয়া লাহে লাহে আকৰ্ষন বাঢ়ি অহাৰ সময় হৈছে৷

     সাধাৰণ মানুহৰ মনত সততে উদয় হোৱা এটা প্ৰশ্ন হৈছে বিমান এখনৰ লগত হঠাতে যোগাযোগ বিচ্ছিন্ন হয় কেনেকৈ? দুৰ্ঘটনাৰ সময়ত যে কোৱা হয় বিমানখনৰ লগত যোগাযোগ হেৰাই গৈছিল, তাৰমানে কি? আজিকালি মানুহৰ হাতে হাতে থকা মোবাইলতে 'জি-পি-এছ'-ৰ সুবিধা আছে, কোন ক'লৈ গৈছে সেইয়া আনে চাই থাকিব পৰাৰ সুবিধা হৈছে, তাৰপিছতো বিমান এখন হেৰাই কেনেকৈ? দুৰ্ঘটনা হলে লগে লগে ৰাডাৰত ধৰা নপৰে কিয়? কি ব্যৱস্থাৰে বিমান এখন এঠাইৰ পৰা গৈ আন এঠাইত ওলাইগৈ - নানান প্ৰশ্ন!

      ইয়াৰ পোনে পোনে উত্তৰ দিয়াৰ আগতে বিমান পৰিবহনৰ কেইটামান প্ৰাথমিক কথা বুজি ল'লে প্ৰশ্নটোৰ উত্তৰ নিজে নিজেই ওলাই আহিব৷ 

      মাটিৰ পৰা প্ৰায় দহ-বাৰ কিলোমিটাৰ ওপৰেদি (সমূদ্ৰপৃষ্ঠৰ পৰা চল্লিশ হাজাৰ ফুট ওপৰ মানে বাৰ কিলোমিটাৰতকৈও অধিক) উৰাজাহাজ এখন গন্তব্যস্থানলৈ কেনেকৈ আগবাঢ়ে? এই কথাটো বুজিবৰ বাবে এটা সহজ উদাহৰণ ল'ব পাৰো৷ অমাৱশ্যাৰ নিশা ঘোৰ অন্ধকাৰৰ মাজত চিনাকি বলখেলা পথাৰ এখনৰ মাজলৈ আপোনাক যদি লৈ আহি 'গল-পোষ্ট'-টো বিচাৰি উলিয়াবলৈ কয়, পাৰিবনে আপুনি? যিটো মুহুৰ্তত উত্তৰ-দক্ষিণ-পূৱ-পশ্চিমৰ কথা আপুনি একোৱেই নাজানে, পথাৰখনৰ কোন দাঁতিত বা কিমান মাজত আপোনাৰ অৱস্থিতি সেই কথাৰো একো ভূ নাপায়, তেনে অৱস্থাত এখোজ আগবঢ়াটোও আপোনাৰ বাবে সম্ভৱপৰ নহয়! ধৰি লওক, ঠিক তেনে অৱস্থাতে কোনোবাই 'গল-পোষ্ট'-টোৰ ওপৰৰ কাঠডালত মমবাতি এডাল জ্বলাই দিলে এতিয়া? এতিয়া আপুনি য'তেই নাথাকক কিয় পোনে পোনে 'গল-পোষ্ট'-টোৰ ফালে আগবাঢ়ি যাব পাৰিব৷ আৰু এডাল মমবাতি যদি আন ক'ৰবাত লগাই দিয়া হয়, আপুনি তেতিয়া তালৈও আগবাঢ়ি যাওঁ বুলিলে একো অসুবিধা নোহোৱাকৈ যাব পাৰিব৷ 
সুবিশাল আকাশৰ মাজত বিমান এখনত বহি আপুনি যেতিয়া দিক্বিদিক্ৰ কোনো সম্ভেদ নাপায়, সেই অৱস্থাটোক আপুনি নিশাৰ সেই বলখেলা পথাৰখনৰ লগত তুলনা কৰিব পাৰে৷ নিশাৰ ভাগত চাৰিওফালে মাথো ক'লা-ক'লা-ক'লা আৰু দিনৰ ভাগত মাথো নীলা-নীলা-নীলা৷ সেই ৰাতিৰ মমবাতিডালৰ দৰে সেই অৱস্থাতো আপোনাক সহায় কৰিবলৈ মাটিৰ ওপৰত জ্বলি থাকে এনে বহু মমবাতি৷ ইয়াকে কোৱা হয় নেভিগেচন্এইদ (Navigation Aid - NAVAIDS)৷ বিমানৰ 'ককপিটত' থকা 'এ-দি-এফ্' (Automatic Direction Finder) নামৰ যন্ত্ৰটোৱে এই মমবাতিবোৰ চিনি পায়৷ এডাল মমবাতিৰ পৰা আন এডাললৈ, তাৰপিছত আৰু আন এডাললৈ, সেইখিনি অতিক্ৰম কৰাৰ পিছত আৰু আন এডাললৈ এনেকৈয়ে আকাশমাৰ্গত বিমান এখন একা-বেকা সৰল পথেৰে সমুদ্ৰপৃষ্ঠৰ পৰা নিৰ্দ্দিষ্ট ওপৰত গন্তব্য স্থানলৈ গতি কৰে৷ মমবাতি বুলি বুজাবলৈ চেষ্টা কৰা এই যন্ত্ৰবিধৰ নাম এন-দি-বি (Non Directional Beacon - NDB) আৰু ভি-অ'-আৰ্(Very-high-frequency Omni Directional Range - VOR)৷ এয়াৰপৰ্টৰ ভাষাত এই যন্ত্ৰসমূহক ঘৰমুখী পৰিচালন যন্ত্ৰ অৰ্থাৎ Homing Navigational Aid বুলি কয়৷

ধৰিলওঁক, এডাল মমবাতিৰ পৰা আন এডাললৈ আপুনি গৈ আছিল৷ ঠিক সেই সময়তে আন এখন বিমানো ওভোটা দিশত একেই উচ্চতাত আপোনাৰ ফালে আহি আছে! আপুনি নিশ্চয় ধৰিব পাৰিছে, ইয়াৰ ফলাফল নিৰ্ঘাট মুখামুখি সংঘৰ্ষ! সেয়ে আপোনাক 'যাওক' বুলি ক'বলৈ আৰু আন বিমানক সেই সময়ত অহাৰ অনুমতি নিদিবলৈ আপোনাক তলৰ মানুহৰ সহায়ৰ প্ৰয়োজন৷ এই সহায়ৰ নামেই Air Traffic Controlling৷ এই দায়িত্ব পালন কৰা সকলক Air Traffic Controller- ATCO বুলি কয়৷ বিমানখন পাইলটে পৰিচালনা কৰে যদিও যাত্ৰাৰ সকলো সময়তে তেওঁলোকে 'এ-টি-চি'-ৰ লগত সংযোগ ৰক্ষা কৰি পৰিচালনাৰ সকলো নিৰ্দেশ মানি চলিব লাগে৷ মাটিৰ লগত বিমান এখনৰৰ সংযোগ সকলো সময়তে ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৰ নাম VHF Ground to Air Communication৷ আমি ৰেডিঅ'ৰ কম্পনাংক মিলাই যেনেকৈ গুৱাহাটী বা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ মাত শুনো, ঠিক তেনেকৈ পাইলটৰ লগত থকা ৰেডিঅ' এটাৰে (VHF Set) তলত থকা এয়াৰপৰ্ট কন্ট্ৰল টাৱাৰ এটাৰ লগতো এখন বিমানে সংযোগ স্থাপন কৰিব পাৰে! দুয়োটাৰে মাজত থকা ডাঙৰ পাৰ্থক্যটো হৈছে ৰেডিঅ'ত অকল শুনিবহে পাৰি, কিন্তু বিমান যোগাযোগৰ ক্ষেত্ৰত শুনাৰ লগতে ক'বও পাৰি, অৰ্থাৎ কথা পাতিব পাৰি৷ শিৱসাগৰৰ ওপৰত উৰি থকা বিমান এখনে যোৰহাট কন্ট্ৰল টাৱাৰৰ নম্বৰ মিলাই যোৰহাট এটাৰপৰ্টৰ লগত নতুবা ডিব্ৰুগড় কন্ট্ৰল টাৱাৰৰ নম্বৰ মিলাই ডিব্ৰুগড় এটাৰপৰ্টৰ লগত কথা পাতিব পাৰে৷ কিন্তু পাইলটজনৰ খেয়াল-খুচী মতে ইচ্ছা কৰিলেই এই কাম কৰিব পাৰেনে? - নোৱাৰে! আৰম্ভনিৰে পৰা যাত্ৰাৰ শেষলৈকে যি পদ্ধতিৰে বিমানখন পৰিচালনা কৰা উচিত স্বাভাৱিক অৱস্থাত পাইলটে সেই নিয়মৰ তিলমাত্ৰও ইফাল-সিফাল কৰিব নোৱাৰে৷ গোটেই বিশ্বতে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থাই (International Civil Aviation Organization - ICAO) সকলো দেশৰ বাবেই একে ধৰণৰ কটকটীয়া নিয়ম বান্ধি থৈছে আৰু এই নিয়মবোৰেই বিমান যাত্ৰাক সদায় সুৰক্ষিত কৰি ৰাখিছে৷

       ধৰিলোৱা হ'ল গুৱাহাটী এয়াৰপৰ্টৰ পৰা পৰিচালনা কৰি থকা বিমান এখন অৰুণাচলৰ ওপৰত খহি পৰিল (কাহানিও এনে নহওক)৷ বিমানখন যদি পাহাৰৰ টিং এটাত পৰিছে আৰু পাইলট তথা 'ভি-এইছ-এফ্' যন্ত্ৰটো যদি বিমানখনত অক্ষত অৱস্থাত আছে তেতিয়াহলে তেনে অৱস্থাতো পাইলটে কন্ট্ৰল টাৱাৰৰ লগত কথা পাতিব পাৰিব৷ অকল 'ভি-এইছ-এফ'-য়েই নহয়, বিকল্প হিচাপে পাইলটৰ লগত যোগাযোগ কৰিব পৰাৰ আৰু কেইবাটাও যন্ত্ৰ থাকে কিন্তু দুৰ্ঘটনাৰ সময়ত সেইবোৰ সুৰক্ষিত হৈ ৰৈছেনে নাই - সেইটোৱেই আটাইতকৈ ডাঙৰ কথা৷ যদি বিমানখন দুটা পাহাৰৰ মাজত থকা গভীৰ খাদত পৰিছে তেনেহলে যন্ত্ৰসমূহ ভাল হৈ থাকিলেও সেই ঠাইৰ পৰা বিদুৎ তৰংগ বাহিৰলৈ ওলাই আহিব নোৱাৰে৷ তেতিয়াই যোগাযোগ বিচ্ছন্ন হয়৷ নতুবা, যদি যোগাযোগৰ আহিলা হিচাপে থকা আটাইকেইটা যন্ত্ৰ বিকল হৈ যায়, তেতিয়া পাইলট জীয়াই থাকিলেও যোগাযোগ সম্ভৱ নহয়৷ বিমানত 'ই-এল-টি' (Emergency Location Transmitter - ELT) নামৰ এটা যন্ত্ৰ থাকে, বিমানখন কোনঠাইত ভূপাতিত হৈছে সেই কথা জনাই থাকিবৰ বাবে এই যন্ত্ৰটোৱে অহৰহ বিমানখনৰ পৰা তৰংগ বিকিৰণ কৰি থাকে বিকল হৈ নপৰালৈকে৷ কিন্তু এই সকলো যদি দুৰ্ঘটনাত ছাৰখাৰ হৈ যায় আৰু বিমানখন পাহাৰৰ মাজত দ গিৰিখাদ বা সাগৰৰ গৰ্ভত থকা কোনা ওখোৰা-মোখোৰা অংশত লুকায় পৰে, তেতিয়া তাক বিচাৰি পোৱা বৰ সহজ নহয়৷ বিমানত থকা উজ্জ্বল কমলা ৰঙৰ 'ব্লেক বক্স' বুলি কোৱা যন্ত্ৰটোবে ১১১০ ডিগ্ৰী তাপমাত্ৰা পৰ্যন্ত সহ্য কৰিব পৰা শক্তি আছে৷ ব্লেক বক্সে বিমানখনৰ সকলো ধৰনৰ তথ্য ধৰি ৰাখিব পাৰে ঠিকেই, কিন্তু ই নিজে তৰংগ বিকিৰণ কৰি ক'ত আছে সেই কথাটোৰ সম্ভেদ দিব নোৱাৰে৷

      Global Positioning System বা জি.পি.এছ. বিমান সেৱাত ব্যৱহাৰ নকৰে কিয়? কৰে৷ কিন্তু অকল ইয়াৰ দ্বাৰাই বিমান এখন পৰিচালনা কৰি লৈ যাব পৰা নিৰ্ভৰযোগ্যতা 'জি-পি-এছ'-ৰ এতিয়াও হোৱা নাই! ভাবি চাওকচোন ৰানওৱে বুলি বিমান এখন তললৈ আহি উপগ্ৰহৰ ভুলৰ বাবে ৰানৱেৰ পৰা ৩০ মিটাৰ আতঁৰৰ মাটি চুলেহি! ভাৰত চৰকাৰৰ Airports Authority of India আৰু Indian Spaমe Research Organization-য়ে যুতীয়াভাবে GAGAN - GPS Aided GEO Augmented Navigation নাম দি এটা গৱেষণা চলাই এবিধ অতি উন্নতমানৰ বিমান পৰিবহন ব্যৱস্থা উদ্ভাৱন কৰিছে৷ কিন্তু ইয়াক ব্যৱহাৰ কৰিবৰ বাবে প্ৰয়োজন হোৱা গ্ৰাহক যন্ত্ৰটোৰ নিৰ্মান পদ্ধতি যথেষ্ট ব্যয়বহুল হোৱা বাবে বিমানত এই ব্যৱস্থা এতিয়াও সুলভ হোৱা নাই৷অতি সোনকালে হোৱাৰ সম্ভাৱনা আছে৷ তেতিয়া আৰু মমবাতি চাই চাই আগবঢ়াৰ সলনি বিমান ওপৰলৈ উঠিয়েই নাকৰ পোনে পোনে গৈ গন্তব্য স্হান পাবগৈ পাৰিব৷ এমিৰেটচ (Emirates) এয়াৰ লাইনচকে ধৰি কেইবাটাও এয়াৰলাইনচে আজিকালি বিমানৰ ভিতৰতে মোবাইল সেৱা আৰু ভি়ডিঅ' কনফাৰেঞ্চৰ সুবিধা দিব পৰা হৈছে! কিন্তু বিমান দুৰ্ঘটনাৰ সময়ত এই আহিলাসমূহ সচল হৈ থকাৰ সম্ভাৱনা অতি কম৷ আপোনাৰ মোবাইলটোৰ লোকেচন সুবিধাটো চলাই দিলে আপুনি য'লৈকে নাযাওক কিয় উপগ্ৰহৰ দ্বাৰা সেই ঠাইৰ কথা আনে গম পাব পাৰে৷ কিন্তু আপোনাৰ মোবাইলটো যদি অচল বা বন্ধ হৈ যায়, তেতিয়া ? 

         ৰাডাৰ (RADAR)ব্যবহাৰ নকৰে কিয়? কৰে৷ ৰাডাৰ সেৱা সাধাৰণতে বিমান এখনৰ অৱতৰণ আৰু প্ৰস্থানৰ সময়তহে বিমানকোঠত ব্যবহাৰ কৰা হয়৷ সেয়ে বিমানকোঠৰ সমীপত হোৱা দুৰ্ঘটনাটো সুক্ষ্মভাবে ৰাডাৰত ধৰা পৰে৷ বিমানযাত্ৰাৰ সমস্ত যাত্ৰাপথত ৰাডাৰৰ নিৰ্মান আৰু ব্যৱহাৰ সম্ভৱ নহয়৷ তাৰোপৰি ৰা়ডাৰত নিৰ্ভুলভাবে ধৰা পৰিবলৈ বিমানত থকা 'ট্ৰেন্সপণ্ডাৰ' (Transponder) নামৰ যন্ত্ৰটো ঠিক হৈ থকাটো অতি জৰুৰী৷ আপুনি যদি www.flightradar24.com নামৰ ৱেবপে'জটোলৈ যায়, তাত পৃথিৱীৰ ওপৰত উৰি থকা সকলো উৰাজাহাজ দেখা পাব৷ ধৰক দহ বজাত আপোনাৰ ভাগিন ছিংগাপুৰৰ পৰা আহি তিনি বজাত গুৱাহাটী পোৱাৰ কথা৷ আপুনি এই ৱেব ছাইটটোলৈ গৈ বিমানখনৰ নম্বৰটো টাইপ কৰি দিয়ক, আপুনি 'লাইভ' দেখা পাব আপোনাৰ ভাগিন কোনখিনি পাইছেহি আৰু সেই মূহুৰ্তত কোনখন দেশৰ ওপৰত আছে৷ এইটো সম্ভৱ হৈছে বিমানখনত থকা 'ট্ৰেন্সপণ্ডাৰ' নামৰ যন্ত্ৰটোৰ বাবে৷ কিন্তু এই যন্ত্ৰটো বন্ধ হৈ গ'লে বা দুৰ্ঘটনাৰ বাবে এই যন্ত্ৰটো বিকল হৈ পৰিলে, তেতিয়া আৰু বিমানখনৰ অৱস্থান বিচাৰি উলিউৱাৰ কোনো সুগম উপায় নাথাকে৷ 

        দুডাল মমবাতিৰ মাজত গৈ থকা অৱস্থাত বিমান এখনৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ যোৱাৰ অৰ্থ বিমানখনত থকা 'ভি-এইছ-এফ্'ৰ আটাইকেইটা যন্ত্ৰ (মেইন, ষ্টেণ্ড-বাই, ইমাৰ্জেঞ্চী), এইছ্এফ যন্ত্ৰ, ছে'ল-কল যন্ত্ৰ আদি আটাইবোৰ আহিলা বিকল বা ধ্বংস হৈ যোৱা৷ উপগ্ৰহ বা তলত থকা ৰাডাৰে ধৰিব নোৱাৰাৰ অৰ্থ বিমানখনত থকা 'ট্ৰেন্সপণ্ডাৰ' বা জি.পি.এছ, ৰিছিভাৰ সমূহ বিকল হৈ পৰিছে বা ধ্বংস হৈ গৈছে৷ এনে পৰিস্থিতিত তলত থকা মানুহৰ একমাত্ৰ কৰ্তব্য হৈছে অতি সোনকালে Search and Rescue পদ্ধতিৰ দ্বাৰা বিমানখনৰ অৱস্থিতি যিমান সোনকালে পৰা যায় নিশ্চিত কৰা৷ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থাই এই কাৰ্যৰ বাবেও কটকটীয়া ফলপ্ৰসু নিয়ম বান্ধি থৈছে৷

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (৬)

          পেহাৰ সংস্পৰ্শত অকল মানুহৰে নহয় জীৱ-জন্তুৰো বুদ্ধত্ব প্ৰাপ্তি হোৱাৰ দেধাৰ উদাহৰণ আছে৷ এইবোৰৰ ভিতৰত পেহাৰ হালোৱা গৰুহাল আৰু পাৰ চৰাইযোৰ অন্যতম৷ আজি পাৰ চৰাইৰ কাহিনীটো কওঁ৷
              পেহাৰ ঘৰত ঢেঁকী থোৰা এটাৰ দৰকাৰ হৈছে৷ ভালেদিন বিচাৰি থকাৰ পিছত মাগুৰমৰাত ঢেঁকী থোৰাৰ বাবে উপযুক্ত তিনি হাতমান দীঘল ভলুকা বাঁহৰ গুৰি এডাল পোৱা হ’ল ৷ সেইডালকে আনি ভালদৰে ৰ’দত শুকাৱক বুলি পিৰালিতে পেলাই থৈছিল ৷ হঠাতে এদিন বাঁহডাল অন্তৰ্ধান ! নাই যি নায়েই ! চাৰিওফালে বিচাৰি চলাথ কৰিও ঢেঁকীথোৰাৰ কোনো সন্ধান পোৱা নগ’ল ৷

                এই কথাটোকে লৈ পেহা-পেহীৰ মাজত কথা কটা-কটি চলি থাকিল - ভালেমান  দিন৷


             তাৰ বহুদিন পিছত - এদিন দেওঁবাৰে ৰাতিপুৱা পেহাই পাৰ সজা এটাত পাৰ পোৱালি উলিয়াবলৈ হাতটো সুমুৱাই কিবা টান টান গোটা বস্তু এটা পোৱা যেন পালে৷ উলিয়াই আনি দেখে - ঢেঁকীথোৰাটো ! পাৰ চৰাইয়ে কূটা কঢ়িয়াওতে ভুলতে ঢেঁকীথোৰাটোও নি সজাত সুমুৱাই থৈছিলগৈ!

Saturday, July 22, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (৫)

                 পেহাৰ জীৱনক বাৰুকৈয়ে প্ৰভাৱিত কৰা প্ৰানীবিধ হৈছে সাপ ৷ নাম শুনিলেই চক খাই উঠা পেহাৰ লগত এই জীৱবিধৰ কেইবাটাও আমোদজনক সাক্ষাৎকাৰ আছে৷ এইটোও শিলঘাটত থকা সময়ৰে  সাপৰ কাহিনী ৷

              পাহাৰ এটাৰ নামনিত স্কুলঘৰৰ দৰে দীঘলীয়া ঘৰ এটাই হ’ল পেহাহ’তৰ কোৱাৰ্টাৰ ৷ পিছফালে এখন দীঘল বাৰান্দা ৷ ঘৰটোৰ দাঁতিয়েদি পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিছে এটা নিজৰা ৷ পেহাৰ কোঠাটোৰ গাতে গা লাগি থকা কোঠাটোত বৰা থাকে ৷ নামতীৰ বিজয়ানন্দ বৰা ৷ অলপতে বিয়া পাতি ঘৈনীয়েককো কোৱাৰ্টাৰত থাকিবলৈ লৈ আনিছে ৷ বাৰে বাৰে ন-ছোৱালীৰ মুখামুখী হৈ থাকিবলৈ ভাল নাপায় কাৰনে পেহা হেনো সেইদিনা নিজৰ কোঠাতে সোমাই আছিল ৷ ভৰ বাৰিষাৰ সময় ৷ দেওঁবাৰ ৷ বাহিৰত কিনকিনিয়া বৰষুণ ৷ এনেতে পেহাৰ বাহিৰলৈ চকু গ’ল৷ নিজৰাৰ দাঁতিত কোনোবাই কলপটুৱা কিছুমান পেলাই থৈছে - বগা শাৰী শাৰী বখলিয়াই থোৱা কলপটুৱা! কোনে থ’লে, কেতিয়া থ’লে? খালী গাত তিয়নীখন মেৰিয়াই পেহা ওলাই আহিল৷ - উৱা, কলপটুৱা নহয়চোন - বৰালী মাছ! নিজৰাৰ পানীত বৰালী মাছৰ উজান উঠিছে! পেহাৰ বৰশী বাই চখ কৰিবৰ মন গ’ল ৷ নিজৰাৰ পাৰতে ঘৰটোৰ কিছু ওপৰত বাঁহগছ এজোপা আছে৷ নেলীয়া কটাৰীখন লৈ পেহা বৰশী দাং কাটিবলৈ পাহাৰলৈ উজাই গ’ল ৷ ঠিক বাঁহত ঘাপ এটা দিয়ে আৰু, তেনেতে - ইম্মান ডাঙৰ! চকু দুটা ডাঙৰ ডাঙৰ কৰি দুয়োটা হাত বহলাই মেলি পেহাই সাপৰ আকাৰ দেখুৱায় ৷ লিক লিকাই আছে জিভাই, প্ৰকাণ্ড অজগৰ সাপ এটা ! যেই ফোচ্‌ কৰি শব্দ কৰিলে- পলকতে চোচা মাৰি আহি পেহা এক্কেকোবে পিচফালৰ বাৰান্দাত! আৰু পেহাক দেখিয়েই বৰাৰ নতুন ঘৈনীয়েকে লাজকুৰীয়া হাঁহি এটা মাৰি ভিতৰলৈ সাউতকৈ সোমায় গ’ল৷ তেতিয়াহে পেহাই মন কৰিলে গাত থকা একমাত্ৰ বস্ত্ৰ তিয়নীখন অজগৰৰ মুখতে থাকিল!

Saturday, July 15, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (৪)



পেহাৰ কেতিয়াবা শিলঘাটত থকা দিনবোৰলৈ মনত পৰে ৷


এবাৰ হেনো তেখেত বন্ধু কেইজনমানৰ লগত লুইতৰ পাৰৰ বুঢ়াপাহাৰৰ দাঁতিত পিকনিক খাবলৈ গৈছিল৷ ৰন্ধা বঢ়া কৰিবলৈ পাহাৰৰ নামনিত খুটি তিনিটা পুতি ভাত বহোৱাৰ আয়োজন কৰিলে ৷ পেহাই মন কৰিলে, জুইৰ ওপৰৰ পাত্ৰত পানী যিমানেই গৰম হৈ আহিছে জুইশালখনো হেনো সিমানেই লৰচৰ কৰিবলৈ আৰম্ভ কৰিছে৷ কি কথা! তেতিয়াহে পেহাহ’তে ভালদৰে চাই গম পালে - যিকণ ঠাইত খুটি তিনিটা পুতি জুইশালৰ ব্যৱস্থা কৰা হৈছে সেইকণ ঠাই আচলতে এডাল প্ৰকাণ্ড অজগৰ সাপৰ পিঠিহে! জুইৰ তাপ পাই সাপে গা লৰাবলৈ আৰম্ভ কৰিছে!

Thursday, July 13, 2017

বিমান এখনৰ যোগাযোগ বিচ্ছিন্ন হোৱা মানে কি?





মৰমৰ ভাতৃসম বন্ধু সুভাষৰ মৰমৰ নিৰ্দেশত উৰি যোৱা উৰাজাহাজৰ কথা ক’বলৈ লৈছোঁ৷ তিতাবৰৰ শ্ৰী অনিৰ্বাণ বৰাই সকলোৰে মনত উদ্ভৱ হোৱা এটা প্ৰশ্ন সুধিছে – বিমান দুৰ্ঘটনা হোৱাৰ পাছত যোগাযোগ বিচ্ছিন্ন হয় কিয়?

পোনেই উত্তৰ দিয়াৰ আগতে বিমান পৰিবহনৰ কেইটামান প্ৰাথমিক কথা বুজি ল’লে প্ৰশ্নটোৰ উত্তৰ নিজে নিজেই ওলাই আহিব৷

মাটিৰ পৰা প্ৰায় দহ-বাৰ কিলোমিটাৰ (সমূদ্ৰপৃষ্ঠৰ পৰা চল্লিশ হাজাৰ ফুট ওপৰ মানে বাৰ কিলোমিটাৰতকৈও বেছি) ওপৰেদি উৰাজাহাজ এখন গন্তব্যস্থানলৈ কেনেকৈ আগবাঢ়ে? বৰ আমোদজনক প্ৰশ্ন! অমাৱশ্যাৰ নিশা ঘোৰ অন্ধকাৰৰ মাজত আপোনাৰ চিনাকি বলখেলা পথাৰ এখনৰ মাজলৈ আপোনাক যদি লৈ আহি ‘গল-পোষ্ট’-টো বিচাৰি উলিয়াবলৈ কয়, পাৰিবনে আপুনি? যিটো মুহুৰ্তত উত্তৰ-দক্ষিণ-পূৱ-পশ্চিমৰ কথা আপুনি একোৱেই নাজানে, পথাৰখনৰ কোন দাঁতিত বা কিমান মাজত আপোনাৰ অৱস্থিতি সেই কথাৰো একো ভূ নাপায়, তেনে অৱস্থাত এখোজ আগবঢ়াটোও আপোনাৰ বাবে সম্ভৱপৰ নহয়! ধৰি লওক, ঠিক তেনে অৱস্থাতে কোনোবাই ‘গল-পোষ্ট’-টোৰ ওপৰৰ কাঠডালত মমবাতি এডাল জ্বলাই দিলে – এতিয়া পাৰিবনে? এতিয়া আপুনি য’তেই নাথাকক কিয় পোনে পোনে ‘গল-পোষ্ট’-টোৰ ফালে আগবাঢ়ি যাব পাৰিব৷ আৰু এডাল মমবাতি যদি আন ক’ৰবাত লগাই দিয়া হয়, আপুনি তেতিয়া তালৈও আগবাঢ়ি যোৱাত কোনো অসুবিধা নহয়৷

সুবিশাল আকাশৰ মাজত বিমান এখনত বহি আপুনি যেতিয়া দিক্‌-বিদিক্‌ৰ কোনো সম্ভেদ নাপায়, সেই অৱস্থাত আপোনাক সহায় কৰিবলৈ মাটিৰ ওপৰত জ্বলি থাকে এনে বহু মমবাতি৷ ইয়াক কোৱা হয় নেভিগেচন এইদ (Navigation Aid - NAVAIDS)৷ বিমানৰ ‘ককপিটত’ থকা ‘এ-দি-এফ্‌’ (Automatic Direction Finder) নামৰ যন্ত্ৰটোৱে এই মমবাতিবোৰ চিনি পায়৷ এডাল মমবাতিৰ পৰা আন এডাললৈ, তাৰপিছত আৰু আন এডাললৈ, সেইখিনি অতিক্ৰম কৰাৰ পিছত আৰু আন এডাললৈ – এনেকৈয়ে আকাশমাৰ্গত বিমান এখন একা-বেকা পথেৰে সমুদ্ৰপৃষ্ঠৰ পৰা নিৰ্দ্দিষ্ট ওপৰত গন্তব্য স্থানলৈ গতি কৰে৷ মমবাতি বুলি মই বুজাবলৈ চেষ্টা কৰা এই যন্ত্ৰবিধৰ নাম – এন-দি-বি (Non Directional Beacon - NDB) বা ভি-অ’-আৰ্‌ (Very-high-frequency Omni Directional Range - VOR)৷

ধৰিলওঁক, এডাল মমবাতিৰ পৰা আন এডাললৈ আপুনি গৈ আছিল৷ ঠিক সেই সময়তে আন এখন বিমানো ওভোটা দিশত একেই উচ্চতাত আপোনাৰ ফালে আহি আছে! ইয়াৰ ফলাফল নিৰ্ঘাট মুখামুখি সংঘৰ্ষ! সেয়ে আপোনাক যাওক বুলি ক’বলৈ আৰু আন বিমানক সেই সময়ত অহাৰ অনুমতি নিদিবলৈ আপোনাক তলৰ মানুহৰ সহায়ৰ প্ৰয়োজন৷ এই সহায়ৰ নামেই Air Traffic Controlling৷ এই দায়িত্ব পালন কৰা সকলক Air Traffic Controller- ATCO বুলি কয়৷ বিমানখন পাইলটে পৰিচালনা কৰে যদিও যাত্ৰাৰ সকলো সময়তে তেওঁলোকে এ-টি-চিৰ লগত সংযোগ ৰক্ষা কৰি পৰিচালনাৰ সকলো নিৰ্দেশ মানি চলিব লাগে৷ মাটিৰ লগত বিমান এখনৰৰ সংযোগ সকলো সময়তে ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৰ নাম VHF Ground to Air Communication৷ আমি ৰেডিঅ’ৰ কম্পনাংক মিলাই যেনেকৈ গুৱাহাটী বা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ মাত শুনো, ঠিক তেনেকৈ পাইলটৰ লগত থকা ৰেডিঅ’ এটাৰে (VHF Set) তলত থকা এয়াৰপৰ্ট কন্ট্ৰল টাৱাৰ এটাৰ লগতো এখন বিমানে সংযোগ স্থাপন কৰিব পাৰে! দুয়োটাৰে মাজত থকা ডাঙৰ পাৰ্থক্যটো হৈছে – ৰেডিঅ’ত অকল শুনিবহে পাৰি, কিন্তু বিমান যোগাযোগৰ ক্ষেত্ৰত শুনাৰ লগতে ক’বও পাৰি, অৰ্থাৎ কথা পাতিব পাৰি৷ শিৱসাগৰৰ ওপৰত উৰি থকা বিমান এখনে যোৰহাট কন্ট্ৰল টাৱাৰৰ নম্বৰ মিলাই যোৰহাট এটাৰপৰ্টৰ লগত নতুবা ডিব্ৰুগড় কন্ট্ৰল টাৱাৰৰ নম্বৰ মিলাই ডিব্ৰুগড় এটাৰপৰ্টৰ লগত কথা পাতিব পাৰে৷ কিন্তু পাইলটজনে ইচ্ছা কৰিলেই এই কাম কৰিব পাৰেনে? - নোৱাৰে!সুবিধাটোহে থাকে৷ গোটেই বিশ্বতে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থাই (International Civil Aviation Organization - ICAO) সকলো দেশৰ বাবেই একে ধৰণৰ কটকটীয়া নিয়ম বান্ধি থৈছে আৰু সেইবাবেই বিমান যাত্ৰা সদায়েই সুৰক্ষিত৷

ধৰিলোৱা হ’ল গুৱাহাটী এয়াৰপৰ্টৰ পৰা পৰিচালনা কৰি থকা বিমান এখন অৰুণাচলৰ ওপৰত খহি পৰিল (ঈশ্বৰে কাহানিও নকৰক)৷ বিমানখন যদি পাহাৰৰ টিং এটাত পৰিছে আৰু পাইলট তথা ভি-এইছ-এফ্‌ যন্ত্ৰটো যদি বিমানখনত অক্ষত অৱস্থাত আছে তেতিয়াহলে তেনে অৱস্থাতো পাইলটে কন্ট্ৰল টাৱাৰৰ লগত কথা পাতিব পাৰিব৷ বিকল্প হিচাপে পাইলটৰ লগত আৰু কেইবাটাও যন্ত্ৰ থাকে কিন্তু সেইবোৰ দুৰ্ঘটনাৰ পাছত অক্ষত অৱস্থাত আছেনে নাই- সেইটোৱেই আটাইতকৈ ডাঙৰ কথা৷ যদি বিমানখন দুটা পাহাৰৰ মাজত থকা গভীৰ খাদত পৰিছে তেনেহলে যন্ত্ৰসমূহ ভাল হৈ থাকিলেও বিমানৰ পৰা বিদুৎ তৰংগ বাহিৰলৈ ওলাই আহিব নোৱাৰে৷ তেতিয়াই যোগাযোগ বিচ্ছন্ন হয়৷ নতুবা, যদি যোগাযোগৰ আহিলা হিচাপে থকা আটাইকেইটা যন্ত্ৰ বিকল হৈ যায়, তেতিয়া পাইলট জীয়াই থাকিলেও যোগাযোগ সম্ভৱ নহয়৷ বিমানত ই-এল-টি (Emergency Location Transmitter - ELT) নামৰ এটা যন্ত্ৰ থাকে, বিমানখন কোনঠাইত ভূপাতিত হৈছে সেই কথা জনাই থাকিবৰ বাবে এই যন্ত্ৰটোৱে অহৰহ বিমানখনৰ পৰা তৰংগ বিকিৰণ কৰি থাকে – বিকল হৈ নপৰালৈকে৷ কিন্তু এই সকলো যদি দুৰ্ঘটনাত ছাৰখাৰ হৈ যায় আৰু বিমানখন পাহাৰৰ মাজত দ গিৰিখাদ বা সাগৰৰ গৰ্ভত থকা কোনা ওখোৰা-মোখোৰা অংশত লুকায় পৰে, তেতিয়া তাক বিচাৰি পোৱা বৰ সহজ নহয়৷ বিমানত থকা উজ্জ্বল কমলা ৰঙৰ ‘ব্লেক বক্স’ বুলি কোৱা যন্ত্ৰটোবে ১১১০ ডিগ্ৰী তাপমাত্ৰা পৰ্যন্ত সহ্য কৰিব পৰা শক্তি আছে৷ ই বিমানখনৰ সকলো ধৰনৰ তথ্য ধৰি ৰাখিব পাৰে ঠিকেই, কিন্তু ই নিজে তৰংগ বিকিৰণ কৰি ক’ত আছে সেই কথাটোৰ সম্ভেদ দিব নোৱাৰে৷

Global Positioning System বা জি.পি.এছ. ব্যৱহাৰ নকৰে কিয়? কৰে৷ কিন্তু অকল ইয়াৰ দ্বাৰাই বিমান এখন পৰিচালনা কৰি লৈ যাব পৰা নিৰ্ভৰযোগ্যতা জি-পি-এছৰ এতিয়াও হোৱা নাই! ভাৰত চৰকাৰৰ Airports Authority of India আৰু Indian Spare Research Organization-য়ে সংযুক্তভাবে GAGAN - GPS Aided GEO Augmented Navigation নাম দি এটা গৱেষণা চলাই এবিধ অতি উন্নতমানৰ বিমান পৰিবহন ব্যৱস্থা উদ্ভাৱন কৰিছে৷ কিন্তু ইয়াক ব্যৱহাৰ কৰিবৰ বাবে প্ৰয়োজন হোৱা গ্ৰাহক যন্ত্ৰটোৰ নিৰ্মান পদ্ধতি যথেষ্ট ব্যয়বহুল হোৱা বাবে বিমানত এই ব্যৱস্থা এতিয়াও সুলভ হোৱা নাই৷ এমিৰেটচ (Emirates) এয়াৰ লাইনচকে ধৰি কেইবাটাৰ এয়াৰলাইনচে আজিকালি বিমানৰ ভিতৰতে মোবাইল সেৱা আৰু ভি়ডিঅ’ কনফাৰেঞ্চৰ সুবিধা দিব পৰা হৈছে! কিন্তু বিমান দুৰ্ঘটনাৰ সময়ত এই আহিলাসমূহ সচল হৈ থকাৰ সম্ভাৱনা অতি কম৷ আপোনাৰ মোবাইলটোৰ লোকেচন সুবিধাটো চলাই দিলে আপুনি য’লৈকে নাযাওক কিয় উপগ্ৰহৰ দ্বাৰা সেই ঠাইৰ কথা আনে গম পাব পাৰে৷ কিন্তু আপোনাৰ মোবাইলটো যদি অচল বা বন্ধ হৈ যায়, তেতিয়া ?

ৰাডাৰ (RADAR)ব্যবহাৰ নকৰে কিয়? কৰে৷ ৰাডাৰ সেৱা সাধাৰণতে বিমান এখনৰ অৱতৰণ আৰু প্ৰস্থানৰ সময়তহে বিমানকোঠত ব্যবহাৰ কৰা হয়৷ সেয়ে বিমানকোঠৰ সমীপত হোৱা দুৰ্ঘটনাটো সুক্ষ্মভাবে ৰাডাৰত ধৰা পৰে৷ বিমানযাত্ৰাৰ সমস্ত যাত্ৰাপথত ৰাডাৰৰ ব্যবহাৰ সম্ভৱ নহয়৷ তাৰোপৰি ৰা়ডাৰত নিৰ্ভুলভাবে ধৰা পৰিবলৈ বিমানত থকা ‘ট্ৰেন্সপণ্ডাৰ’ (Transponder) নামৰ যন্ত্ৰটো ঠিক হৈ থকাটো অতি জৰুৰী৷ আপুনি যদি www.flightradar24.com নামৰ ৱেবপে’জটোলৈ যায়, তাত পৃথিৱীৰ ওপৰত উৰা থকা সকলো উৰাজাহাজ দেখা পাব৷ ধৰক দহ বজাত আপোনাৰ ভাগিন হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ আহি তিনি বজাত গুৱাহাটী পোৱাৰ কথা৷ আপুনি এই ৱেব ছাইটটোলৈ গৈ বিমানখনৰ নম্বৰটো টাইপ কৰি দিয়ক, আপুনি ‘লাইভ’ দেখা পাব আপোনাৰ ভাগিন কোনখিনি পাইছেহি৷ এইটো সম্ভৱ হৈছে বিমানখনত থকা ‘ট্ৰেন্সপণ্ডাৰ’ নামৰ যন্ত্ৰটোৰ বাবে৷ কিন্তু পাইলটে কিবা কাৰণত তাক বন্ধ কৰি দিলে বা দুৰ্ঘটনাৰ বাবে এই যন্ত্ৰটো বিকল হৈ গ’ল, তেতিয়া আৰু বিমানখনৰ অৱস্থান বিচাৰি উলিউৱাৰ কোনো সুগম উপায় নাথাকে৷

দুডাল মমবাতিৰ মাজত গৈ থকা অৱস্থাত বিমান এখনৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ যোৱাৰ অৰ্থ – বিমানখনত থকা ভি-এইছ-এফ্‌ৰ আটাইকেইটা যন্ত্ৰ, এইছ্‌-এফ ৰিছিভাৰ, ছে’ল-কল যন্ত্ৰ আদি আটাইবোৰ আহিলা বিকল বা ধ্বংস হৈ যোৱা৷ উপগ্ৰহ বা তলত থকা ৰাডাৰে ধৰিব নোৱাৰাৰ অৰ্থ বিমানখনত থকা ‘ট্ৰেন্সপণ্ডাৰ’ বা জি.পি.এছ, ৰিছিভাৰ সমূহ বিকল হৈ পৰিছে বা ধ্বংস হৈ গৈছে৷ এনে পৰিস্থিতিত তলত থকা মানুহৰ একমাত্ৰ কৰ্তব্য হৈছে অতি সোনকালে Search and Rescue পদ্ধতিৰ দ্বাৰা বিমানখনৰ অৱস্থিতি যিমান সোনকালে পৰা যায় নিশ্চিত কৰা৷

আশাকৰোঁ বিমান পৰিবহনৰ যোগযোগ সম্বন্ধে এটা সম্যক ধাৰণা দিব পাৰিলোঁ৷ মোৰ গুৰু নমস্য ব্যক্তি ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে বিমান পৰিবহনৰ এই কথাবোৰ প্ৰান্তিকৰ যোগেদি ৰাইজক জনাবলৈ কৈছিল৷ সুভাষ আৰু অনিৰ্বাণ বৰাৰ মাৰফৎ এই কথাখিনি লিখি থাকোতে ছাৰৰ মাতষাৰ মোৰ কাণত আজি আকৌ বাজি উঠিছে৷
আটাইলৈ ধন্যবাদ জনালোঁ৷

Tuesday, July 11, 2017

অনুবাদৰ পৰা কিয়দাংশঃ (৩)

অনুবাদৰ পৰা কিয়দাংশঃ (৩)

স্কুলত পঢ়ি থকা সেই দিনতেই মোৰ মনত সাংঘাটিক ভূতৰ ভয় সোমায় ৷ আমাৰ ঘৰত কামকৰা মানুহবোৰে আমাক ভূতৰ সাধু কৈ শুনাইছিল ৷  বন্ধৰ সময়ত ছিমলাত থাকিবলৈ যাওঁতে সিহঁতেমুমিৱাইৱালী” নামৰ এদল ভূতৰ কথা কৈছিল৷ সিহঁতে হেনো চিকাৰ বিচাৰি ৰাতি ৰাতি ঘুৰি ফুৰে আৰু মানুহ পালেই ধৰি লৈ গৈ ওভোতাকৈ জুইৰ ওপৰত ওলোমাই লৈ তাৰ পৰাৰাম তেল” উলিয়ায় ৷ তেনে তেলে হেনো মানুহৰ শৰীৰৰ ছিগি যোৱা অংগ-প্ৰত্যংগ আকৌ জোৰা লগাই দিব পাৰে ৷ সেই দলটো হেনো আচলতে বৃটিছৰ এজেন্ট, কাৰণ ইংৰাজৰ সৈন্যসকলক এই তেলৰ বৰ প্ৰয়োজন হয় ৷ মুমিৱাইৱালীক চিনিবৰ একমাত্ৰ উপায় হৈছে সিহঁতৰ ভৰিলৈ চাব লাগে ৷ ভৰিৰ পতাখন সিহঁতৰ ওলোটা ৷ গেৰোৱাটো আগলৈ আৰু আঙুলিবোৰ পিছফালে থাকে ৷ তেতিয়ালৈকে মুমিৱাইৱালীক কোনেও দেখা নাই কিন্তু যেতিয়া সিহঁত ওলোৱা বুলি কথাটো প্ৰচাৰ হয় তেতিয়া আন্ধাৰত হোৱাৰ পিছত সততে কোনো বাহিৰলৈ নোলায় ৷

মোৰ মনত ভূতৰ ভয়ে থিতাপি লোৱাৰ আৰু কাৰণ আছে ৷ একেবাৰে কম বয়সতে মই কেইবাটাও মৃত্যু প্ৰত্যক্ষ কৰিছিলো৷ মই গাৱঁত থকাৰ সময়ৰ কথা ৷ ককাদেউতাৰ বয়স তেতিয়া ষাঠিৰ ঘৰত৷ হঠাতে তেখেত অসুখত পৰিল ৷ এসময়ত ডাক্তৰ আহিল৷ ককায়ে পাঁচ মিনিটৰ মূৰে মূৰে দৰৱৰ কাৰণে চিঞৰি আছিল ৷  তাৰপিছত এবাৰ হঠাতে মুখখন বহলকৈ মেলি তেখেত গাৰুটোৰ ওপৰত নিথৰ হৈ পৰিল৷ আইতাই গগন বিদাৰি চিঞৰ এটা মাৰি ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ লাগিল৷ তাৰপিছত কপালত চপৰিয়াই চপৰিয়াই হাতত থকা খাৰুবোৰ ভাঙিবলৈ ধৰিলে৷ দেউতা-মা, খুড়াদেউ আৰু ঘৰৰ আন মানুহ বিলাকেও চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে৷  মোৰ ভীষন ভয় লাগিল আৰু স্তম্ভিত হৈ অলপ দূৰত ৰৈ থাকিলো৷ ঘৰত কাম কৰা মানুহে ক’লে সিহঁতে হেনো ককাৰ আত্মাটো কোঠাটোৰ পৰা জুইৰ ধোঁৱাৰ দৰে ওলাই গৈ আকাশত অদৃশ্য হৈ যোৱা দেখিছিল ৷

তাতোকৈও ভয়ানক মৃত্যু দেখিছিলো মোৰ খুড়ীৰ মৃত্যুৰ সময়ত৷  সেইটোও গাৱঁৰে ঘটনা৷ খুড়ী সন্তান-সম্ভৱা আছিল আৰু তেখেতৰ যত্ন ল’বলৈ মা যাওঁতে মাৰ লগত মইও গৈছিলো৷  খুড়ীৰ হ’ব লগা সন্তানটোৰ গৰ্ভতে মৃত্যু হৈছিল আৰু তাৰ পৰাই খুড়ীৰ তেজৰ লগত বিষ মিহলি হ’বলৈ আৰম্ভ কৰিছিল৷ তেনে সময়তে খুড়ীক যেতিয়া বিচনাৰে সৈতে ডাঙি বাহিৰলৈ উলিয়াই অনা হৈছিল, তেখেতে ভ্ৰম বকি আছিল আৰু এফালে আঙুলি টোৱাঁই হঠাতে চিঞৰি উঠিছিল - চা, চা, সেইজনী ডাইনী আহিছে, ডাইনী ৷  মা আৰু আইতাই  খুড়ীক প্ৰবোধ দিছিল - নাই, নাই কোনো অহা নাই! কিন্তু তাৰপিছতে তেওঁলোকে একাগ্ৰচিতে ডাইনা খেদা মন্ত্ৰ মাতিছিল ৷  মাইকী মানুহবিলাকে ফুচফুচাই কথা পাতিছিল - খুড়ীয়ে হেনো আন্ধাৰ হোৱাৰ পিছত বাৰীৰ পৰা নেমু ছিঙি আনিবলৈ যাওঁতে ডাইনী গাত লগাই লৈছিল৷  সেইসময়ত সকলোৱে বিশ্বাস কৰিছিল যে ডাইনী বা ভূতে ধৰিলে অকল জৰা-ফুকাৰেহে তাক আৰোগ্য কৰিব পৰা যায়৷  বাকী সকলো প্ৰচেষ্টা মিছা৷ খুড়ীৰ শিতানত ধৰ্মপুঠি এখন ৰখা হৈছিল৷ এদিন তেওঁ থকথককৈ কপিবলৈ ধৰিলে৷ চকুদুটা লুটিখাই গৈ অকল বগা অংশটোহে ওলায় থাকিল৷ জিভাখন দাঁতৰ মাজত সোমায় কাট খাই গ’ল আৰু তাৰপৰা ধাৰাষাৰে তেজ ওলাবলৈ ধৰিলে৷ সাংঘাটিক কষ্টৰ মাজত খুড়ীৰ এসময়ত মৃত্যু হ’ল৷ আকৌ কপাল চপৰিয়াই চপৰিয়াই ঘৰৰ মানুহবোৰে কান্দিবলৈ লাগিল৷ খবৰটো প্ৰচাৰ হোৱাৰ লগে লগে ওচৰৰ গাওঁৰ মানুহো আহি খুড়ীৰ মৃতদেহটোৰ ওচৰত জুম বান্ধি হায় হায় বুলি কান্দিবলৈ লাগিলহি৷ সকলোৰে বিননিয়ে পৰিৱেশটো ভয়াবহ কৰি তুলিছিল৷ খুড়ীৰ ল’ৰাটো সেই সময়ত আতঁৰত থকা বাবে মইয়ে তেখেতৰ মুখাগ্নি কৰিব লগা হৈছিল৷


ইমান কম বয়সতে এনেকুৱা বিভীষিকাময় পৰিৱেশলৈ কিয় সৰু ল’ৰা এটাক লৈ গৈছিল মই আজিও বুজিব নোৱাৰিলো ৷……