Saturday, July 8, 2017

সংবাদ সেৱা আৰু সততা

সংবাদ সেৱা আৰু সততা

আজিৰ পৰা কেইবাবছৰৰো আগতে এখন অসমীয়া জনপ্ৰিয় আলোচনীৰ বেটুপাতত এখন ফটো প্ৰকাশ হৈছিল৷ ফটোখন আছিল বানপানীত পীড়িত অসহায় দুৰ্গতজনৰ ফটো – এখন মাৰনাওঁত এগৰাকী নাৰী আৰু এটি শিশু পানীৰ মাজত আধাডুব যোৱা জুপুৰী এটাৰ পৰা ওলাই অহাৰ দৃশ্য৷ পাঠকে ফটোখন চাই আৱিষ্কাৰ কৰিলে যে পৰিপাটীকৈ কাপোৰ পিন্ধা মানুহগৰাকীৰ কপালত সেন্দুৰৰ এটা নিখূঁট ফোট, মুখত প্ৰসাধন, সম্ভৱ ওঁঠত লিপষ্টিকো! হুলস্থুল লাগি গ’ল – ফটোৱেও মিছা কথা কয় নেকি! সেই ফটোগ্ৰাফাৰজন, জনপ্ৰিয় আলোচনীখন আৰু সংবাদ মাধ্যমৰ বাবে সেইটো আছিল সেইসময়ত এটা ডাঙৰ শিক্ষা!

প্ৰাইভেট টেলিভিছন ছেনেল অসমৰ সংবাদ জগতলৈ অহাৰ আগতে যেতিয়া অসমত একেলগে কেইবাখনো বাতৰি কাকতে প্ৰায় একে সময়তে আত্মপ্ৰকাশ কৰিছিল, এইটো সেই সময়ৰ কথা৷ মোৰ ভতিজা এজন আৰু তেওঁৰ কেইবাজনো বন্ধু একেলগে সংবাদদাতা হিচাপে বাতৰি কাগজত নিয়োজিত হ’ল৷ তেনে এজন সাংবাদিকৰ লগত মই এদিন মন খুলি কথা পাতিছিলো৷ মই সুধিলোঁ – পইচা পাতি দিয়েনে সময়মতে? ল’ৰাজনে নিসংকোচে ক’লে- নাই দাদা, কাগজৰ পৰা নাম মাত্ৰ কিবা এটা পাওঁ, কিন্তু আন প্ৰকাৰে কিবা কিবি সুবিধা পাই আছোঁ, ভালকৈয়ে চলি আছে! কেনে ধৰনৰ সুবিধা? – মই সুধিলোঁ৷ আমাৰ এই ঠাইবিলাকত বহুতো সুৰা সুৰা অন্যায় দুৰ্নীতি হৈয়েই থাকে, তেনে কথা ধৰা পৰিলেই হাতলৈ পইচা পাতি কেইটামান আহি যায়৷ ইপক্ষ বা সিপক্ষৰ পৰা কিবা নহয় কিবা এটা পাওঁৱেই - কেতিয়াবা বাতৰি প্ৰকাশ কৰিবলৈ আৰু কেতিয়াবা নকৰিবলৈ! আচৰিত হৈ মই সুধিলোঁ – কাগজখনে গম পালে তোমাক এৰি দিবনে? ল’ৰাজনে তেতিয়া তেওঁৰ কিছুদিনৰ আগতে হোৱা এটা অভিজ্ঞতাৰ কথা ক’লে৷ কাগজ কৰ্তৃপক্ষই স্থানীয় সংবাদদাতা সকলক গুৱাহাটীৰ অফিচলৈ মাতি নিলে, কেইবাজনো সাংবাদিকে হেনো “পইচা লাগে পইচা লাগে” বুলি কৰ্তৃপক্ষক হেঁচা দি আছিল৷ সাংবাদিক সকলক সম্পাদক আৰু কৰ্তৃপক্ষৰ বিষয়ববীয়াই প্ৰথমেই কাগজখনৰ প্ৰচাৰ কিমান কমিছে আৰু চলাই ৰাখিবলৈ কি কি অসুবিধা হৈছে সেই কথা বৰ্ননা কৰি শেষত ক’লে – তোমালোকে ফিল্ডত ক’ৰপৰা কেনেকৈ পইচা উলিয়াইছা সেইয়া আমি চাবলৈ নাযাওঁ, কিন্তু বাৰে বাৰে পইচাৰ কথা কৈ আমাক বিৰক্ত কৰি নাথাকিবা! তোমালোকৰ দৰে বহুত ল’ৰা ছোৱালীয়ে চাকৰি বিচাৰি ঘুৰি ফুৰিছে আৰু মনত ৰাখিবা তেওঁলোকৰ বহুতৰে যোগ্যতা তোমালোকতকৈ বেছিও হ’ব পাৰে!

-   সঁচানে ? বিস্ফোৰিত নেত্ৰে মই সুধিছিলোঁ৷
-   সঁচা৷ তেওঁ উত্তৰ দিছিল৷

পিছত দেখিছিলো, পইচা নিদিও বুলি কোৱা কাৰনেই স্কুল এখনৰ অধ্যক্ষজনৰ বিত্তীয় খেলিমেলিৰ খবৰ এটা বাতৰি কাকতত প্ৰকাশ হৈছিল আৰু শেষত তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিল৷ সাংবাদিকক পইচা নিদিও বুলি কোৱা কাৰনেই! অবিশ্বাস্য, কিন্তু সত্য৷

২০১৫ চনৰ নৱেম্বৰ মাহ৷ আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহন বিভাগৰ প্ৰশিক্ষণ সম্পৰ্কীয় তিনিদিন যোৰা আন্তঃৰাষ্ট্ৰীয় সভা এখন দিল্লীত অনুষ্ঠিত হৈছিল৷ ৬০ খন দেশৰ প্ৰতিনিধিয়ে সভাখনত যোগদান কৰিছিল৷ দেশৰ বিমান পৰিবহ্‌ন বিভাগৰ কেবিনেট মন্ত্ৰীয়ে সভাখনৰ শুভাৰম্ভ কৰাৰ কথা৷ প্ৰায়বোৰ ৰাষ্ট্ৰীয় ছেনেলকে অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰি খবৰটো প্ৰচাৰ কৰিবলৈ সুবিধা দিয়া হৈছিল৷ দিল্লী এয়াৰপৰ্টৰ প্ৰশিক্ষণ বিভাগৰ কৰ্মচাৰী হিচাপে মই গোটেই প্ৰক্ৰিয়াটোৰ গুৰি ধৰিছলোঁ৷ অসমৰ জনপ্ৰিয় ছেনেল এটাৰ সংবাদদাতাজন মোৰ পৰিচিত, এয়াৰপৰ্টৰ বিভিন্ন তথ্য বিচাৰি মোক তেওঁ ফোন কৰিয়েই থাকে৷ সেয়ে তেওঁকো মই এই সভালৈ নিমন্ত্ৰন জনালোঁ৷
- ইমান ডাঙৰ খবৰ এটা মোক আপুনি আজিলৈকে দিয়া নাই কিয়, মই খবৰটোৰ “এক্সক্লুছিভ ৰিপৰ্ট” এটা কৰিম৷ আপুনি অসমৰ আন ছেনেলক খবৰটো নিদিব৷ মোক আপোনাৰ “বাইট” কেইটামানো লাগিব, আপোনাৰ ঘৰলৈকে গৈ মই ছুট কৰি লৈ আনিম, আপুনি প্ৰস্তুত হৈ থাকক৷
সাংবাদিকজন গুৱাহাটী বিশ্ববিদ্যালয়ত মোৰ ভাইটিৰ সহপাঠী আছিল৷ সেয়ে তেওঁৰ উৎসাহ মই ভাল পালোঁ৷ আৰু দুদিন পিছত এদিন সঁচাকৈয়ে আবেলি বেলা এজন সহকাৰী কেমেৰামেন লৈ আহি তেওঁ মোৰ ঘৰ পালেহি৷ অফিচৰ কাম একাষৰীয়া কৰি থৈ মই দ্বাৰকাৰ ঘৰলৈ ঢপলিয়াই আহিলো৷ কেমেৰা-লাইট-প্ৰশ্ন আৰম্ভ হ’ল৷ আধাঘন্টামানৰ পিছত দুইমিনিটমান দেখুৱাব পৰাকৈ ৰেকৰ্ড হৈ গ’ল৷ চাহ মিঠাই পায়স খুৱাই কৃতজ্ঞতাত গদগদ হৈ মই তেওঁলোকক যেতিয়া বিদায় দিলোঁ, লক্ষ্য কৰিলো, তেওঁলোক আহিবৰ সময়ত যি উদ্যম দেখিছিলো সেইয়া যেন হঠাতে নোহোৱা হৈছে৷

সভালৈ সাংবাদিকজন নাহিল৷ প্ৰথম দিন পাৰ হৈ গ’ল৷ চিভিল মিনিষ্টাৰ আহি সভা উদ্ধোধন কৰিলেহি৷ কামৰ মাজে মাজে মই তেওঁলৈ ফোন কৰি থাকিলোঁ, কিন্তু তেওঁ ফোন ৰিচিভ নকৰে৷ এবাৰ লেণ্ড লাইনৰ পৰা কৰা ফোন এটাত পালোঁ, সুধিলো – কি কৰিলে এয়া, নাহিল যে?

-   এহ্‌ নকব আৰু, ফচি গ’লো এঠাইত! আপুনি ফটো দুখনমান এতিয়াই ই-মেইল কৰি পঠিয়াই দিয়ক আমি নিউজটোত লগাই দিম, চিন্তা নকৰিব আপুনি৷

ইতিমধ্যে দিল্লী আৰু অসমত থকা মোৰ পৰিয়াল টিভিৰ সমূখৰ পৰা নুঠাই হ’ল৷ মই নোলাঁওহে নোলাঁও! তিনদিন পিছত সভাখন শেষ হ’ল৷ ৰাষ্ট্ৰীয় ছেনেলত খবৰটো ঠিকেই ওলাল৷ সাংবাদিকজনক ফোন কৰিবলৈ মই বাদ দিলোঁ৷ তেওঁৱেই দুদিন পিছত ফোন কৰি ক’লে – ওলাইছিল নহয়! আপুনি গমেই নাপালে বোধহয়, ৰ’ব মই চিডিখন পঠাই দিম!

আজিলৈকে চিডিখন পোৱা নাই৷ ইমান ডাঙৰ কাম এটা কৰাৰ সুযোগ পালোঁ, গোটেই দেশতে খবৰটো ওলাল, অথচ মোৰ নিজৰ ৰাজ্যত কথাটো গমেই নাপালে! তেনেকুৱা সুযোগ এটা মই এই জীৱনত আকৌ হয়তো নাপাম! এদিন গোটেই ঘটনাটো মোৰ এজন সাংবাদিক বন্ধুক ক’লো৷ তেখেতে পোনেই সুধিলে – কিমান খুজিছিল সি?

- -   মানে?
-   -    কিমানত বন্দোৱস্ত হৈছিল?
-   খবৰ প্ৰচাৰ কৰিবলৈয়ো যে পইচা দিব লাগে মইতো নাজানিছিলো!

তাৰপিছত গম পালোঁ, দিল্লীৰ এঘৰত পতা শঙ্কৰদেৱৰ তিথিৰ নামগোৱাৰ দৃশ্য টেলিভিছনত দেখুৱাবলৈ এই সাংবাদিকজনেই হেনো লৈছিল নগদ পাচঁ হাজাৰ টকা৷ 

এইয়াই হৈছে অসমৰ এচাম সাংবাদিক আৰু সংবাদ সেৱাৰ শেহতীয়া স্বৰুপ৷

কটন কলেজৰ শেহতীয়া বিতৰ্কৰ লগত জড়িত এজন সাংবাদিকৰ কথোপকথনৰ এটা অডি’ও টেপ ওৱাটছ্‌আপ আৰু ফে’চবুকত ঘুৰি ফুৰা দেখিছোঁ৷ পইচা লৈ সাংবাদিকে ব্লেক মেইল কৰাৰ এটা জীৱন্ত প্ৰমান৷ আপুনি জানেনে সাংবাদিকজনৰ নাম? জানেনে তেওঁ কোনটো ছেনেলত বা বাতৰি কাকতত কাম কৰে? সংবাদ সেৱাৰ জগতখনৰ কলংক এনে ঘটনাৰ যিমান চৰ্চা হ’ব লাগিছিল আপুনি তেনে হোৱা দেখিছেনে? বৰপেটাৰ কীৰ্তনঘৰত মহিলাৰ প্ৰৱেশৰ খবৰে কিছুদিনৰ আগতে যেনে আলোড়নৰ সৃষ্টি কৰিছিল তাৰ তুলনাত এইটো ঘটনা ইমানেই নগণ্য নে? নে বিষ্ঠাত কোব মাৰিলে নিজৰ গাটো চিটিকি পৰাৰ ভয়? নে, কাকনো বুলিবা ককা আটাইৰে দাড়ি চুলি পকা !

সাধাৰণ নাগৰিক বিভ্ৰান্ত! ইলেট্ৰনিক সংবাদ মাধ্যমক লৈ সাধাৰন নাগৰিক ইমানেই বিভ্ৰান্ত যে এটা ছেনেলে প্ৰকাশ কৰা এটা খবৰ কিমান সত্য সেইটো জনাৰ বাবেও আন এটা ছেনেল চোৱাটো অপৰিহাৰ্য হৈ পৰিছে৷ এই যে সাধাৰন খবৰ একোটাও দৰ্শকে সত্য খবৰ বুলি গ্ৰহন নকৰা বা বিশ্বাস নকৰা হ’ল ইয়েই অসমীয়া ছেনেল কেইটাৰ প্ৰধান ব্যৰ্থতা৷ সংবাদ সেৱাৰ প্ৰধান কৰ্তব্য “নিৰপেক্ষ সংবাদ পৰিৱেশন”, এই কৰ্তব্যৰ পৰা যিমানেই এই সেৱা আতঁৰি গৈ থাকিব সিমানেই হ্ৰাস পাই আহিব ইয়াৰ গ্ৰহনযোগ্যতা৷ পৰিতাপৰ কথা, এক ধৰনৰ খবৰ মতে মালিক গোষ্ঠীৰ অনুমোদন নহলে সংবাদ মাধ্যমত টিকি থকাটোৱেই হেনো টান!

তথাপিও, এই দুঃসময়তো যিসকল মুষ্টিমেয় সাংবাদিকে সততাৰ লগত আপোচ নকৰাকৈ সংবাদ সেৱা কৰি আছে তেখেতসকললৈ আমাৰ কৃতজ্ঞতা জনাইছো৷ যেতিয়ালৈকে মালিক পক্ষ, মেনেজমেন্ট্‌ আৰু সম্পাদক সকলে তেওঁলোকৰ কৰ্মচাৰী সকলক অৰ্থনৈতিকভাবে সন্তুলিত এক নিৰাপত্তা প্ৰদান নকৰে, যেতিয়ালৈকে এনে ঘটনাৰ লগত জড়িত লোকসকল সামাজিক ভাবে ঘৃ্‌ণাৰ পাত্ৰ নহয়, তেতিয়ালৈকে সংবাদ মাধ্যমৰ এনে ঘটনা সাধাৰণ নাগৰিকে হজম কৰিবলৈ শিকিবই লাগিব৷

No comments:

Post a Comment