Monday, July 3, 2017

আত্মজীৱনীৰ কিয়দাংশ....


মৰুভূমিৰ সেই গাওঁখনত আবেলি আমি কি কৰিছিলো সেইটো নিৰ্ভৰ কৰিছিল ঋতুৰ ওপৰত৷ শীতকালৰ আবেলিবোৰ আছিল সাংঘাটিক ধৰনে শীতল৷ ঠাণ্ডা দিনত কৰিবলগীয়া কাম থাকে বেছি কিন্তু সময় থাকে কম৷ অৱশ্যে সেই সাংঘাটিক শীতৰ দিনবোৰ বছৰটোত মুঠতে ছল্লিশ দিনমানহে আছিল৷ তাৰপিছত বসন্ত কালৰ দিনকেইটা ক'ব নোৱাৰাকৈয়ে পাৰ হৈ যোৱাৰ পিছতে আৰম্ভ হৈছিল জহকালি৷ দিনে দিনে গৰমৰ প্ৰকোপ বাঢ়ি গৈ এসময়ত ১২৫ ডিগ্ৰী ফাৰেনহাইট পায়গৈ৷ বৰষুনৰ কোনো চিন-মোকামেই নাই৷ ছল্ট ৰেঞ্জৰ ফালৰ পৰা অহা বৰষুনৰ পানীৰ পৰাহে আমাৰ পুখুৰীলৈ কিছু পানী সোমাব পাৰিছিল৷ ঈষৎ কজলা বৰণৰ পানীৰ এনে একোটা সুঁতি আহি আমাৰ চুবুৰিৰ কুঁৱাবোৰতো পৰিছিলহি৷ আটাইবোৰ কুঁৱাৰ পানী খোৱাৰ যোগ্য নাছিল৷ কিবা অজ্ঞাত কাৰনত এনে অখাদ্য পানীৰ কুঁৱাবোৰক পুংলিঙ্গ নাম্ 'খাৰা খু' আৰু খাব পৰা পানীৰ কুঁৱাবোৰক স্ত্ৰীলিংগ নাম 'মিঠি খুঈ' বোলা হৈছিল৷ আমাৰ বহুতৰে দাঁতবোৰ হালধীয়া বৰণৰ আছিল আৰু ওপৰ পাৰি দাঁতত কজলা ৰঙৰ এটা সাঁচ বহিছিল৷ মুলতঃ দুষিত পানী খোৱাৰ বাবেই দাঁতবোৰৰ অৱস্থা এনে হ'বলৈ পাইছিল৷ যি ঋতুতেই নহওক কিয়, সদায়েই গধূলি আইতাই ঈশ্বৰৰ গীত গুনগুণাই যঁতৰত সুতা কাটিছিল৷ সেয়ে আইতালৈ মনত পৰিলেই সেই যঁতৰ ঘুৰি থকাৰ শব্দ আৰু সুখবাণীৰ গুণগুণ শব্দ মোৰ কাণলৈ অজানিতে ভাঁহি আহে৷
দীঘল জহকালিৰ দিনবোৰ কি যে এক বিড়ম্বনা! গৰম বালিত গেৰোৱা পুৰি গৈছিল৷ এঘৰৰ পৰা আন ঘৰলৈ যাওতে বেৰৰ ছাঁ লৈ লৈ পিৰালিয়ে পিৰালিয়ে বগাই গৈছিলো৷ তেনেকৈ যাওঁতেও বিষ্ঠাৰ দ'মৰ মাজেদি দেও দি দি যাব লগা হৈছিল৷ কাৰন সেই ভয়ংকৰ গৰমত ছাঁ পৰা সেই ঠাইবোৰেই আছিল সৰু ল'ৰা-ছোৱালীৰ বাবে আৰামেৰে বহি পায়খানা কৰাৰ বাবে সুবিধাজনক ঠাই৷ দিনৰ বেলা ঘৰৰ ভিতৰতে মাখি খেদি খেদি বা কথা পাতি পাতি ইছাত-বিছাত কৰি আমি সময়খিনি পাৰ কৰিছিলো৷ বেলি পৰিলেহে ঘৰৰ গৰু ম'হকো পানী খুৱাবলৈ বাহিৰৰ পুখুৰীলৈ উলিয়াই নিব পাৰিছিলো৷ বোকাত লেটি লৈ থকা মহবিলাকেই তেনে দিনত আছিল আটাইতকৈ সুখী জীৱ৷ সন্ধ্যা সময়ত তেনে ম'হৰ পিঠিত এটাৰ পৰা আনটোলৈ জপিয়াই জপিয়াই দেও দি দি ল'ৰাবিলাকে ধেমালি কৰিছিল৷ সন্ধ্যাৰ পিছতহে গাওঁখনে যেন প্ৰান পাই উঠিছিল৷ ঘৰে ঘৰে ৰুটি সেকা গোন্ধত আমোল মোলাই উঠিছিল চুবুৰীটো৷ আমি ল'ৰাবোৰে একেলগে পায়খানা কৰিবলৈ গৈছিলো৷ তাৰপিছত চাফা কৰিবলৈ আমি এটা অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰিছিলো৷ ওখ বালি দ'ম একোটাত আমি শাৰী পাতি বহি লৈ চুচৰি যোৱাৰ এটা প্ৰতিযোগিতা পাতিছিলো৷ বালিত বহি লৈ হাত-ভৰি দাঙি চুচৰি গৈ যেতিয়া বালিৰ দ'মৰ নামনি পাইছিলোগৈ পানী নোহোৱাকৈয়ে আমি চাফা হৈ পৰিছিলো৷ এই খেলটোক আমি 'ঘিচী' বুলি কৈছিলো৷ ..........
এইয়া এজন বিখ্যাত ভাৰতীয় লেখকৰ আত্মজীৱনীৰ কিয়দাংশ.... ৪২০ পৃষ্ঠাৰ এই কিতাপখন মই অসমীয়ালৈ অনুবাদ কৰি আছোঁ.. লাহে লাহে কিন্তু বৰ আন্তৰিকতাৰে....৷

No comments:

Post a Comment