Monday, July 3, 2017

অনুবাদৰ পৰা কিয়দাংশঃ 2

অনুবাদৰ পৰা কিয়দাংশঃ 2

...............
স্কুলৰ দিনৰ কিছুমান সৰু সৰু কথা মনত পৰিছে ৷ স্কুল আৰম্ভ হোৱাৰ আগতে সদায় প্ৰাৰ্থনা হৈছিল আৰু তাৰ পিছত পাঁচ মিনিট সময় মৌন হৈ থাকিব লাগিছিল ৷ এই পাঁচ মিনিট নিৰৱে থাকিব লগা সময়খিনিৰেই এইটো ঘটনা ৷ আলমোৰাৰ পৰা দুটা ল'ৰা আহি স্কুলত ভৰ্তি হ'লহি ৷ আমি তেতিয়া সিহঁতৰ নাম-ধাম একো জনাই নাই ৷ স্কুলত দেখা দিয়াৰ এদিন নে দুদিন পিছতে মনে মনে থাকিব লগা এই পাঁচ মিনিট সময়ৰ ভিতৰতে ডাঙৰ ল'ৰাটোৱে ইমান প্ৰকাণ্ড এটা পাদ মাৰিলে যে নিৰৱতা ক'ৰবালৈ পলাই ফাট মাৰিলে ৷ এনে ঘটনা পৃথিৱীৰ কোন ঠাইৰ কম বয়সীয়া ল'ৰা ছোৱালীয়ে সহজে গ্ৰহন কৰিব পাৰে? খুক-খুকাই দুজনমানে হাঁহিবলৈ ধৰিলে ৷ চেপি ধৰি ৰখা হাঁহিয়ে চাৰিওফালে বিচিত্ৰ শব্দৰ সৃষ্টি কৰিলে ৷ আনকি প্ৰধান শিক্ষয়িত্ৰী কমলা বোসৰ ''চাইলেঞ্চ'' বুলি চিঞৰি উঠা শব্দটোৱেও হাঁহিত অধিক খোৰাকহে যোগালে ৷ সেইদিনাৰ পৰা ল'ৰাটোৱে নাম পালে - পাদুৰা! গৰমৰ বন্ধৰ পিছত ল'ৰাটোক আৰু স্কুলত দেখা পোৱা নগ'ল ৷

পঢ়া বা খেলাত মই ভাল নাছিলো যদিও দুষ্ট বুদ্ধিত কিছু বুৎপত্তি দেখুৱাব পাৰিছিলো৷ এচৰীয়া পানী বা এযোৰ জোতাৰে মই এটা দুষ্ট খেল খেলিছিলো ৷ পানীখিনি বা জোতাযোৰ এনেকৈ লগাই থওঁ যে আধাখোলা দুৱাৰখন ঠেলা মাৰি দিলেই হয় চৰিয়াৰ পানীৰে জুৰুলি-জুপুৰি হ’ব, নহয় জোতাযোৰ আহি গাত চেতেপ্কৈ‌ পৰিবহি৷ সাধাৰনতে গৰমৰ দিনত আমি খোলা ঠাইত শুইছিলো৷ এবাৰ গাৱঁৰ পৰা আমাৰ দূৰসম্পৰ্কীয় আত্মীয় এজন আহি দিল্লীত আমাৰ ঘৰত আলহী হ’লহি৷ তেখেতৰ বিচনাখন মোৰ বিচনাখনৰ ওচৰতে পতা হৈছিল ৷ গোটেই ৰাতিটো তেওঁৰ নাকে ভীষন গৰ্জন কৰি আছিল আৰু বেলি নোলাওঁতেই তেওঁ বিচনা ত্যাগ কৰিছিল ৷ তেওঁৰ অসুবিধা হৈছিল আমাৰ ঘৰত থকা পকী পায়খানাৰ ব্যবস্থাটোত ৷ তেনে ব্যৱস্থাত তেওঁ অভ্যস্ত নাছিল আৰু আমাৰ বাগিছাত থকা জোপোহাৰ আৰঁলৈ গৈ পুৱাই কোনো নুঠুতেই মলত্যাগ কৰিছিলগৈ ৷ কামফেৰা সুকলমে কৰিবৰ বাবে ৰাতিয়েই শুবৰ সময়ত তেওঁ বিচনাৰ ওচৰত পানী এলোটা সাজু কৰি থৈছিল৷ মই এদিন ৰাতি শোৱাৰ আগতে পানী লোটাত আঠা অলপ মিলাই থৈ দিলো ৷ পিচদিনা পুৱা তেওঁক বৰ চিন্তিত দেখা গ’ল৷ পায়খানাৰ লগত হেনো তেওঁৰ সাংঘাটিক শাওঁ পৰিছে৷ পিচদিনাও মই একেই দুষ্টামি কৰিলো ৷ তাৰ পিচদিনা তেওঁ ডাক্তৰ এজনক লগ ধৰি শৌচ পৰীক্ষা কৰিবলৈ ওলাল ৷ তেতিয়া আৰু মই কথাটো প্ৰকাশ নকৰি নোৱাৰিলো৷ মা-দেউতাই মোক বৰ বকিলে যদিও ঘটনাটো আনৰ আগত কওঁতে সকলোৰে হাঁহিত পেটৰ নাৰী ডাল ডাল হৈছিল ৷.....

No comments:

Post a Comment