Monday, July 3, 2017

বৃন্তচ্যুত ফুল তুমি ত্যাগৰ উৰ্মিলা

বৃন্তচ্যুত ফুল তুমি ত্যাগৰ উৰ্মিলা
চাঁত কৈ আহি তুমি ক’ত নো লুকালা ?

লুকুৱা নাছিল ক’তো উৰ্মিলা৷ খোদ বাল্মীকিৰ মতেই ৰামায়নত উৰ্মিলাৰ অৱদান আছিল অতুলনীয়৷

উৰ্মিলা আছিল ৰজা জনকৰ দ্বিতীয়া  কন্যা ৷ যজ্ঞৰ বাবে মাটি মুকলি কৰিবলৈ লওঁতে স্বয়ং ৰজা জনকে নাঙলৰ শিৰলুত প্ৰথমা কন্যা সীতাক অকস্মাতে পাইছিল৷ তাৰ কেইবাবছৰৰো পিছত জনক আৰু পত্নী সুনয়নাৰ গৰ্ভত উৰ্মিলাৰ জন্ম হৈছিল৷ উৰ্মিলা আছিল ৰজা জনকৰ জৈৱ-সৃষ্ট কন্যা আৰু সীতা তোলনীয়া জীয়াৰী৷  ৰামে হৰ ধনু ভঙাৰ কিছুদিন পিছত বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ দেউতাক দশৰথ যেতিয়া জনকৰ গৃহলৈ আহিছিল তেতিয়াই ৰাম-সীতাৰ লগতে উৰ্মিলাৰ  বিয়াখনো লক্ষ্মণৰ লগত ঠিক হ’ল৷ বিয়াৰ আগতে লক্ষ্মণ উৰ্মিলাৰ পচন্দ আছিল নে নাছিল সেই কথা জনা নাযায় কিন্তু বিয়াৰ পিছত দুয়ো যে সুখী হৈছিল সেই কথা ৰামায়নত উল্লেখ আছে৷

ৰাম-সীতাৰ লগত লক্ষ্মণো বনলৈ যাবলৈ ওলোৱাত উৰ্মিলাও লগতে ওলাল৷ সীতাই নামানিলে যদিও উৰ্মিলাক কিন্তু সন্মত কৰিব পৰা হ’ল৷ লক্ষ্মণহীন অয্যোধাত কি কৰি থাকিব উৰ্মিলা - শাহু আইহঁতৰ আলপৈচান ধৰি?  কথা আছিল সেইটোৱেই, কিন্তু আচলতে তেনে নহ’ল! আমোদজনক কাহিনী!

ঘৰৰ পৰা ওলাই যোৱাৰ পিছত প্ৰথম নিশাই ৰাম-সীতাই যেতিয়া শয়নৰ বাবে আগবাঢ়িল লক্ষ্মণ থাকিল জাগ্ৰত প্ৰহৰী হৈ৷ ককায়েক বৌয়েকৰ সুৰক্ষাৰ বাবেই তেওঁ ওলাই আহিছে ঘৰৰ পৰা৷ পিছে হলে কি হ’ব, হাজাৰ হলেও মানৱ শৰীৰহে, অলপ পিছতে লক্ষ্মণৰো টোপনি আহিবলৈ ধৰিলে৷ কাব্যিক ভাষাত  লক্ষ্মণ নিদ্ৰীদেৱীৰ মুখা-মুখি হ’ল৷ লক্ষ্মণে দেৱীক মিনতি জনালে আনন্তুক চৈধ্য বছৰ নিদ্ৰাদেৱীয়ে যেন লক্ষ্মণক টোপনিৰ পৰা অব্যাহতি দিয়ে, ৰাম-সীতাৰ সুৰক্ষাৰ বাবে দিনে নিশাই তেওঁ অতন্দ্ৰ প্ৰহৰী হৈ থকাটো প্ৰয়োজন৷  নিদ্ৰাদেৱীয়ে ক’লে – এই কথা অসম্ভৱ, প্ৰকৃতি বিৰোধী কথা! শৰীৰৰ অৱসাদ দূৰ কৰিবলৈ সকলো জীৱৰেই অৱশ্যেই জিৰণিৰ প্ৰয়োজন৷ নিদ্ৰাহীন জীৱন অসম্ভৱ! ক্ষন্তেক ৰৈ দেৱীয়ে আকৌ ক’লে – অৱশ্যে এটা উপায় আছে, তোমাৰ ভাগৰ টোপনিখিনি যদি কোনোবাই স্ব-ইচ্ছাই গ্ৰহন কৰিব পাৰে, তেতিয়া হলে তুমি দিনে নিশাই জাগ্ৰত হৈ থাকি তোমাৰ কাম কৰি যাব পাৰিবা৷ এনে সময়ত সকলো পতিৰে যি হয়, লক্ষ্মণৰো তেনে হ’ল - চাঁতকৈ উৰ্মিলালৈ মনত পৰিল৷ নিদ্ৰা দেৱীক অনুৰোধ জনালে তেওঁ যেন উৰ্মিলাক লগ ধৰি ইয়াৰ বাবে সন্মত কৰে৷ উৰ্মিলা সন্মত হ’ল৷

ৰামায়নত আছে, চৈধ্য বছৰ বনবাসৰ সময়ত লক্ষ্মণ এদিনো শোৱা নাছিল৷ আৰু লক্ষ্মণৰ টোপনিৰ ভাগ নিজলৈ আনি উৰ্মিলাই দিনে নিশাই মাথোন শুইছিল৷

ৰাৱনৰ পুত্ৰ মেঘনাদৰ ওপৰত দেৱতাৰ বৰ আছিল যে প্ৰৱল প্ৰতাপী তেওঁক বধ কৰিব পাৰিব সেইজন লোকেহে যি কেইবাবছৰো ধৰি নোশোৱাকৈ আছে! লক্ষ্মণে মেঘনাদক বধ কৰিছিল৷

চৈধ্য বছৰৰ পিছত উৰ্মিলাই যেতিয়া টেপনিৰ পৰা উঠিবলৈ প্ৰথম বাৰৰ বাবে এঙামুৰি দিছিল, বাহিৰত তেতিয়া ৰামৰ অভিষেকৰ আয়োজন চলিছে!
বৃন্তচ্যুত ফুল তুমি ত্যাগৰ উৰ্মিলা৷


গদ্য আৰু পদ্যৰ অপূৰ্ব সমাহাৰেৰে উৰ্মিলাৰ কাহিনী কৈ আমাক এখন বেলেগ জগতলৈ লৈ যোৱা আমাৰ শ্ৰদ্ধাৰ লীলা কটকী ছাৰৰ সোঁৱৰণত৷

No comments:

Post a Comment