Monday, July 3, 2017

বিষ্ণুৰাভাৰ বিভাগ আৰু এটা অধ্যায়……

বিষ্ণুৰাভাৰ বিভাগ আৰু এটা অধ্যায়……
১৯৯৯ চনৰ আবেলি ৷ মই তেতিয়া তেজপুৰ বিমানকোঠত চাকৰি কৰি আছো ৷ এদিন মৌচুমী কন্দলী গুৱাহাটীৰ পৰা আহি ক’লেহি তেওঁ বিষ্ণুৰাভাৰ ঘৰখন চাই আহিব খোজে – মই লৈ যাব লাগে ৷ মৌচুমী তেতিয়া গল্পকাৰ হিচাপে অসমত পৰিচিত আৰু তেওঁ কলাৰ ওপৰতো লেখাপঢ়া কৰিবলৈ আৰম্ভ কৰিছে! স্কুটাৰ এখনৰ পিছফালে মৌচুমীক উঠাই আমি ৰাভাদেউৰ ঘৰ বিচাৰি ওলালোঁ ৷
ঠিক ঘৰটো পাৰ হৈ আহিলোঁ, নে আৰু অলপ আছে –ধৰণৰ দুৰত্বত মই অনুভৱ কৰিলো এইফালে মই নহা অন্তত দহ বছৰমানেই হ’বৰ হ’লহি! স্কুটাৰখন ৰখাই ওচৰতে বল খেলি থকা চৈধ্য-পোন্ধৰ বছৰমান বয়সৰ ল’ৰা এটাক মই ওচৰলৈ মাতি আনি সুধিলো – ভাইটি, বিষ্ণুৰাভাৰ ঘৰটো কোনটো? মৌচুমী স্কুটাৰৰ পৰা নমাই নাই!
ল’ৰাটোৱে কিছু সময় চিন্তা কৰিলে৷ তাৰপিছত মোৰ চকুলৈ চাই নিঃসংকোচে সুধিলে – তেখেতে কোন ডিপাৰ্টমেন্টত কৰে বাৰু !!!!!
সেইয়া প্ৰায় কুৰি বছৰৰ আগৰ কথা ৷ যিমানে দিন গৈছে পদে পদে যেন অনুভৱ কৰিছো আমি তেখেতক যিমান নাজানিব লাগিছিল তাতকৈ বহুত বেছি নাজানো! তেখেতে যদি গান কেইটা লিখি থৈ নগ’লহেঁতেন হয়তো আমি তেখেতৰ বিষয়ে একেবাৰেই নাজানিলোহেঁতেন! স্বাধীন ভাৰতত যিমানেই দিন আগবাঢ়িছে এই সৈনিক শিল্পীজনৰ কথাবোৰ যেন সিমানেই প্ৰাসংগিক হৈ আহিছে৷
নিৰপেক্ষ দৃষ্টিভংগীৰে তেখেতৰ বিষয়ে লেখা অধ্যায় এটা আমি পঢ়াশালীৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰিব নোৱাৰোনে????

No comments:

Post a Comment