পেহাৰ কেতিয়াবা শিলঘাটত থকা দিনবোৰলৈ মনত পৰে
৷
এবাৰ হেনো তেখেত বন্ধু কেইজনমানৰ লগত লুইতৰ পাৰৰ বুঢ়াপাহাৰৰ দাঁতিত পিকনিক খাবলৈ গৈছিল৷ ৰন্ধা বঢ়া কৰিবলৈ পাহাৰৰ নামনিত খুটি তিনিটা পুতি ভাত বহোৱাৰ আয়োজন কৰিলে
৷ পেহাই মন কৰিলে, জুইৰ ওপৰৰ পাত্ৰত পানী যিমানেই গৰম হৈ আহিছে জুইশালখনো হেনো সিমানেই লৰচৰ কৰিবলৈ আৰম্ভ কৰিছে৷ কি কথা! তেতিয়াহে পেহাহ’তে ভালদৰে চাই গম পালে - যিকণ ঠাইত খুটি তিনিটা পুতি জুইশালৰ ব্যৱস্থা কৰা হৈছে সেইকণ ঠাই আচলতে এডাল প্ৰকাণ্ড অজগৰ সাপৰ পিঠিহে! জুইৰ তাপ পাই সাপে গা লৰাবলৈ আৰম্ভ কৰিছে!
No comments:
Post a Comment