Tuesday, July 4, 2017

দুই মিনিট হীৰুদাক সোঁৱৰো

দুই মিনিট হীৰুদাক সোঁৱৰো দেই, কোনেও যেন আমনি নাপায়….
ছাত্ৰ অৱস্থাত কেইবাটাও সন্ধ্যা হীৰুদাৰ লগত কটোৱাৰ সৌভাগ্য হৈছিল৷ তেখেতৰ ঘৰলৈ মোক প্ৰথম লৈ গৈছিল এসময়ৰ মোৰ ঘনিষ্ঠ সাংবাদিক বন্ধু কিশোৰ ভূঞাই৷ পৰম আন্তৰিকতাৰে তেখেতে অন্তৰ খুলি কথা পাতিছিল৷ বহু ডাঙৰ বিখ্যাত মানুহক কিছু ঘনিষ্ঠ কৈ লগ পোৱাৰ পিছত মোৰ তেখেত সকলৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সন্মান সামান্য হলেও কমিছে৷ মাত্ৰ তিনিজন মানুহ ইয়াৰ ব্যতিক্ৰম হৈছে৷ তাৰে এজন হীৰুদা৷ তেখেতৰ হাস্যৰস আছিল প্ৰখৰ, কিন্তূ বুজি পাব পৰা শক্তি লাগিব৷

কেইটামান কথা এই মুহূৰ্তত মনত পৰিছে৷

ড. ভবেন্দ্ৰনাথ শইকীয়াই প্ৰবক্তাৰ পৰা ৰীডাৰ হোৱাৰ খবৰটো পাই তেখেতে তপৰাই কৈছিল – অ’, ৰাইটাৰ বিকামছ এ’ ৰীদাৰ! লিখিবলৈ নেৰিব দেই৷

এবাৰ উজনিলৈ যাবলৈ আহি বাছ আস্থানত খালী বাছ এখনত বহিলহি৷ এসময়ত পৰিচালক আহি ক’লেহি- আপুনি ক’লৈ যাব, এইখন বাছ গোৱালপাৰালৈহে যাব৷ হীৰুদাই উত্তৰ দিলে – হয় নেকি? ব’লা তেনেহলে গোৱালপাৰাৰ পৰাই এপাক আহোঁগৈ!

নলবাৰীৰ পৰা গুৱাহাটীলৈ আহিবৰ বাবে পথৰ দাঁতিত ৰৈ আছে৷ তেনেতে আহিল ৰাষ্টা সমান কৰা ৰ’লাৰ এখন৷ হীৰুদাই হাত দাঙি দিয়াত ৰ’লাৰ খন ৰ’ল৷ গুৱাহাটীলৈ যাবনে? – যাব কিন্তু এইখনত বহুত সময় লাগিব নহয়? – এহ্ হ’ব হ’ব, আমাৰো একো ল’ৰাল’ৰি নাই! হীৰুদাই ৰ’লাৰত উঠি গুৱাহীটীলৈ উভতি আহিল৷

খুহখুহীয়া কাহটোৰ কাৰণে লগৰ কেইজনে এবাৰ ক’লে – ভট্ট, এক্সৰে এখন কৰাওকচোন, কি হৈছে চাওক৷ হীৰুদাৰ উত্তৰ – মইও কথাটো ভাবি আছো৷ মোৰ দৰে আৰু দুজনমান বিচাৰি আছো - গ্ৰুপ ফটো এখনকে উঠাই পেলাম!

প্ৰেম, প্ৰেমৰ বিফলতা আৰু বিৰহৰ অসমীয়া অনুভূতি চিৰযুগমীয়া কৰি আমাৰ পৰা আতঁৰি যোৱা এই কবিজনৰ এটা সততে নেদেখা 

সৰু কবিতাৰ উল্লেখেৰে তেখেতলৈ মোৰ শ্ৰদ্ধা নিবেদিলোঁ৷
যাৰ
অঙ্গে অঙ্গে দুখ
তাৰ বাবে
জিভাৰ কি প্ৰয়োজন
কোৱাছোন মোক৷

No comments:

Post a Comment