Monday, July 3, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (১)

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (১)
চন্দ্ৰ পেহাৰ কাহিনী নুশুনা মানুহ আমাৰ অঞ্চলটোত নাই বুলিবই পাৰি। মনেসজা, ইকাণে সুমুৱাই সিকাণে উলিয়াই দিব পৰা অদ্ভুত অবিশ্বাস্য কাহিনী কিছুমান নিজৰ অভিজ্ঞতা বুলি পেহাই যি নাটকীয় ভংগীৰে আমাৰ আগত বৰ্ণাই যায়, আমি শুনি বৰ ভাল পাওঁ। আৰু, তাৰ পিছত - তাৰ পিছত বুলি কাহিনীটো বেছি অদ্ভুত বেছি অবিশ্বাস্য কৰি তোলাত পেহাক সহায় কৰোঁ। কাহিনীবোৰ এনেকুৱাঃ
সৌ গাওঁখনযে দেখিছ (পেহাই যিখন গাঁৱলৈ আঙুলি টোৱায়, সেইখন গাৱঁৰ ওখ, ওখ তাল, খেজুৰ আৰু আঁহত গছবোৰলৈ আমাৰ চকু যায়), তেতিয়া গোটেইখন জংঘল। দিনতে বাঘ ওলায়। মানুহটো বাদেই, গৰু ছাগলীও সেইমুৱা নহয়। এদিন মই অকলে ওলালো তালৈ - গাইজনীৰ কাৰনে ঘাঁহ কাটি আনো বুলি। গৈ গৈ ভিতৰ পালোগৈ। সুন্দৰ, কোমল কোমল চাই এবস্তা ঘাঁহ আনি গৰুজনীৰ মুখৰ আগত বাকি দিলো। আচৰিত কথা, গাইজনীয়ে মুখেই নলগালে। কি কথা? তেতিয়াহে মই ভালকৈ চাই দেখিলো - ঘাঁহৰ লগতে ঢেকীয়াপতীয়া বাঘৰ নেগুৰ এডাল! ঘাঁহনিত শুই আছিল হবলা মই মনেই নকৰিলোঁ।

No comments:

Post a Comment