পেহাৰ সংস্পৰ্শত অকল মানুহৰে নহয় জীৱ-জন্তুৰো বুদ্ধত্ব প্ৰাপ্তি হোৱাৰ দেধাৰ
উদাহৰণ আছে৷ এইবোৰৰ ভিতৰত পেহাৰ হালোৱা গৰুহাল আৰু পাৰ চৰাইযোৰ অন্যতম৷ আজি পাৰ
চৰাইৰ কাহিনীটো কওঁ৷
পেহাৰ ঘৰত ঢেঁকী থোৰা এটাৰ দৰকাৰ হৈছে৷ ভালেদিন বিচাৰি থকাৰ পিছত মাগুৰমৰাত ঢেঁকী থোৰাৰ বাবে উপযুক্ত তিনি হাতমান দীঘল ভলুকা বাঁহৰ গুৰি এডাল পোৱা হ’ল ৷ সেইডালকে আনি ভালদৰে ৰ’দত শুকাৱক
বুলি পিৰালিতে পেলাই থৈছিল ৷ হঠাতে এদিন বাঁহডাল অন্তৰ্ধান ! নাই যি নায়েই ! চাৰিওফালে
বিচাৰি চলাথ কৰিও ঢেঁকীথোৰাৰ কোনো সন্ধান পোৱা নগ’ল ৷
এই কথাটোকে লৈ পেহা-পেহীৰ মাজত কথা
কটা-কটি চলি থাকিল - ভালেমান দিন৷
তাৰ বহুদিন পিছত - এদিন দেওঁবাৰে ৰাতিপুৱা পেহাই পাৰ সজা এটাত পাৰ পোৱালি উলিয়াবলৈ
হাতটো সুমুৱাই কিবা টান টান গোটা বস্তু এটা পোৱা যেন পালে৷ উলিয়াই আনি দেখে - ঢেঁকীথোৰাটো !
পাৰ চৰাইয়ে কূটা কঢ়িয়াওতে ভুলতে ঢেঁকীথোৰাটোও নি সজাত সুমুৱাই থৈছিলগৈ!
No comments:
Post a Comment