Monday, July 3, 2017

ৰবীন্দ্ৰ ভৱনত ইনলি আৰু মোৰ বন্ধুসকললৈ ক্ষমা প্ৰাৰ্থনাঃ

ৰবীন্দ্ৰ ভৱনত ইনলি আৰু মোৰ বন্ধুসকললৈ ক্ষমা প্ৰাৰ্থনাঃ
আজিৰ পৰা পাচঁ বছৰমানৰ আগৰ কথা ৷ মই তেতিয়া দিল্লীত কাম কৰি আছোঁ ৷ মোৰ ভাতৃপ্ৰতীম বন্ধু ইন্দ্ৰজিতে এদিন মোক ফোন কৰি ক’লে – উৎপলদা, এইবছৰ আমি ইনলি্-ৰ তৰফৰ পৰা শইকীয়া ছাৰৰ শান্ত-শিষ্টৰ দুটা খণ্ড মঞ্চস্থ কৰিম বুলি ভাবিছো ৷ আপুনি সৰু চৰিত্ৰ এটা কৰি দিব লাগিব !
মোৰ প্ৰিয় ব্যক্তি ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ সোঁৱৰণত ইন্দ্ৰজিতে ইনলি্ নামৰ এটা প্ৰতিষ্ঠানৰ জন্ম দিছিল ৷ মই সুধিছিলো – INLI-ৰ অৰ্থটো কি, ইন্দ্ৰিজতৰ ইন্ আৰু কোনোবা লিনা, লিজা, লিছা বা লিপিকাৰ লি নেকি? – নহয় দাদা, Inspiring Life ৷ মনটো শ্ৰদ্ধাৰে ভৰি পৰিছিল ৷
শইকীয়া ছাৰৰ সোঁৱৰণত ইনলিয়ে দিল্লীত থকা অসমীয়া সকলৰ শিশু সকলক শিপাৰ লগত পৰিচয় কৰি দিবৰ বাবে কিছু আঁচনি কৰিছিল ৷ প্ৰথম বছৰত কণ-কণ মইনাহ’তৰ মাজত অসমীয়া ভাষাত সাধু কোৱা প্ৰতিযোগীতাৰ আয়োজন কৰা হৈছিল ৷ ইন্দ্ৰৰ অনুৰোধত মইও লগত আছিলো ৷ তাৰপিছত এবাৰ শইকীয়া ছাৰৰ গল্প এটা “এটা পৃষ্ঠাতে লিখি দিয়াৰ” এটা প্ৰতিযোগীতা পতা হৈছিল ৷ সেইবাৰো মই লগত আছিলো ৷
ঠিক তেনেকুৱা সময়তে এদিন ইন্দ্ৰজিতে ফোন কৰি কলে – সেই তাহানিতে ৰেডিঅ’ত শুনা আৰু মনত বহি থকা ছাৰৰ শান্ত-শিষ্ট, হৃষ্ট-পুষ্ট, মহা-দুষ্ট নামৰ নাটকখনৰ নাট্যৰূপ দিবলৈ ইনলিয়ে এইবাৰ ঠিক কৰিছে৷ কামটোত সহায় কৰিবলৈ ওলাই আহিছে এন্ এছ্ দি্ -ৰ স্নাতক আৰু তাতেই কৰ্মৰত অসমৰ প্ৰতিভাবান যুৱক পৰাগ শৰ্মা ৷ তেখেত পৰিচালক ৷ লগত সহকাৰী পৰিচালক হিচাপে আছে এন্ এছ্ দি্ৰে আন এগৰাকী স্নাতক শৰ্মাৰ পত্নী বাঘ-চকু ৰ’দালি শৰ্মা – জোতাত লাগি থকা গোবৰকণো তেখেতৰ চকুৰ পৰা সাৰি নাযায় !
হস্তীৰ দেখিয়া লাদ, শশা যেন ফাৰে মাৰ্গ…
কলেজীয়া দিনতে মঞ্চ অভিনয়লৈ হাত মেলিছিলো ৷ কৌতুক অভিনয় কৰি পুৰস্কাৰ এটাও পাইছিলো কলেজত – সেইয়াই!
তাৰপিছত প্ৰায় দুটা দশকৰ পিছত, ইন্দ্ৰজিতৰ অনুগ্ৰহত আৰু পৰাগ শৰ্মাৰ অনুশাসনত আকৌ এবাৰ মঞ্চত উঠিলো ! নতুন দিল্লীৰ কামানি অডিটৰিয়ামত! দুই মিনিট বিয়াল্লিছ ছেকেণ্ডৰ এটা চৰিত্ৰ ৷ সফলতাত বেছি অৰিহণা আগবঢ়াব নোৱাৰে কিন্তু নাটকখনৰ বেয়া কৰিবলৈ যথেষ্ট ৷ মঞ্চত উঠি বাপু মনুহ’তৰ দেউতাকক ইনকম টেক্সত পেলাই ফাইন ভৰাই দিম বুলি ভয় খুৱাই দিব লাগে ৷ ইন্দ্ৰজিতেও সঁচা সঁচিকৈ ভয় খোৱাৰ অভিনয় কৰি দিলে ৷ দৰ্শকেও বিশ্বাস কৰি ল’লে হ’বলা !
পিছত নাটকখন চোৱা কাৰোবাক মই উপযাচি সুধিলে কয় – ভাল হৈছে, ভাল হৈছে!
মুখৰ আগত আৰু কোনোবাই বেয়া হৈছে বুলি ক’ব পাৰেনে !
দিল্লীত তাৰপিছত আকৌ এবাৰ শান্ত-শিষ্ট, তিনিটা খণ্ডৰ ৷ দক্ষ পৰিচালকৰ হাতত পৰিলে কি গৈ যে কি হয় ! ‘এক আছিল বুঢ়া-বুঢ়ী, নাছিল সিহঁতৰ ল’ৰা-লুৰী’ (অতুল চন্দ্ৰ হাজৰিকাৰ ওলট-পালট) কবিতাটোওযে এখন সৰ্বাংগসুন্দৰ নাটিকা হ’ব পাৰে সেইয়া নেদেখিলে বিশ্বাস কৰা নাযায় ৷ নৱকান্ত বৰুৱাৰ ‘মই টুনীয়ে টুন টুনালোঁ’ নামৰ ৰেডিঅৰ বাবে লিখা নাটকখন চাই যে এটা প্ৰেক্ষাগৃহৰ মানুহ মুগ্ধ হৈ উঠি যাব পাৰে সেইয়া ইনলিৰ প্ৰগ্ৰেম চালেহে বিশ্বাস কৰা যায় ৷ আৰু ইয়াৰ সাক্ষী হৈছে চেতনা বাইদেউ, মলয়া বাইদেউ, বাহাৰুলদা , প্ৰীতি বাইদেউ ( শইকীয়া ছাৰৰ পত্নী - মাহী) !
তাৰপিছত মই এদিন হায়দৰাবাদলৈ গুছি আহিলো ৷ ইন্দ্ৰ গৈ গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ চাকৰিত যোগ দিলেগৈ ! ইনলিৰ লগত মোৰ সম্পৰ্ক কমি আহিল ৷
তেনেতে এদিনঃ
- উৎপলদা, ভালে আছে?
- আছোঁ ইন্দ্ৰ, তুমি কেনে আছা?
- ভাল দাদা ৷ আমি এইবাৰ “শান্ত-শিষ্ট”-খন গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত কৰিব বিচাৰিছোঁ ৷ একেটাই দল ৷ আপোনাকো লাগিব ৷ নাহোঁ বুলি নক’ব ৷ কনফাৰেঞ্চ কল কৰি ৰিহাৰ্চেল কৰি ল’ম ৷ জুন মাহৰ সাতাইশ তাৰিখ৷
মই হনুমান নহয় ৷ কোনেও মোক মোৰ শক্তি সামৰ্থ্যৰ কথা মনত পেলাই দিয়াৰ প্ৰয়োজন নাই ৷ মই নিজেই জানো মই কিমান পানীৰ মাছ! নিমন্ত্ৰন কৰি আনি মোৰ অভিনয় প্ৰতিভাৰে মই যে কাৰোবাক আনন্দ দিব পাৰিম – সেই ক্ষমতা মোৰ মুঠেই নাই ৷ এখন ডাঙৰ আঁচনিৰ গুৰি ধৰি থকা ইন্দ্ৰক হতাশ নকৰিবলৈকে মই গুৱাহাটীলৈ অহাটো ঠিক কৰি পেলালোঁ৷ আৰু ঠিক কৰিলো – পৰাপক্ষত এই কথাটো যাতে কোনেও গম নাপায় ৷ সান্দহ খোৱা বালি যাতে তল নাযায়৷ গুৱাহাটীত থকা ভন্টীক ক’লো – খবৰদাৰ !
হলে কি হ’ব, তথ্য প্ৰযুক্তিৰ যুগ ৷ মই অভিনয় কৰা দৃশ্যাংশ ফে’চবুকত আপলোড হ’বলৈ বেছি সময় নালাগিল৷ বন্ধু আৰু শুভাকাংক্ষী সকল অভিমানত ওফন্দি উঠিল৷ হয়োতো, অন্ততঃ এবাৰ খবৰটোতো দিব পাৰে, যাওঁ- নাযাওঁ পিছৰ কথা !
অভিনয়ৰ কথা সন্ধ্যাৰাগৰ পৰা কালসন্ধ্যালৈকে শইকীয়া ছাৰৰ গাৰ কাষে কাষে থকা প্ৰীতি মাহীতকৈ আৰু কোনে ভালদৰে ক’ব পাৰিব ! সুধিলো - ঠিকেই আছিল নে মাহী?
- অ’ ভাল হৈছে তোমাৰ অভিনয় ৷ শেষৰ এক্স্প্ৰেছনটো বৰ ভাল হৈছে!
আস্, আস্, চাৰিওফালে যেন নূপুৰ ধ্বনি, মন্দিৰৰ এশটা ঘন্টা যেন একেলগে বাজি উঠিছে, দেৱলোকত সেইয়া দেৱ দুন্দুভি! এজাক শিশুৱে মোক আগুৰি ধৰিছে – অটোগ্ৰাফ লাগে! এগৰাকী কন্যা মোৰ কাষলৈ আগুৱাই আহিছে – দাদা, আপোনাৰ লগত ছেলফি এখন ল’ব পাৰিম নে? গুৱাহাটীৰ পৰা ফোন আহিছে – বৰুৱা, ১৫ দিনমান ছুটী ল’ব পাৰিব নে, আপুনি থকা চিন কেইটা একেলগে কৰি পেলাও বুলি ভাবিছোঁ , অসমৰ ওচৰে পাজৰে লোকেচন ৷ গুবাহাটীৰ ভাইমনদা মানে মুনিন বৰুৱাৰ ফোন! ৰবীন্দ্ৰ ভৱনত অভিনয় কৰা “বিশিষ্ট” অভিনেতা, ধেমালি কথা নেকি!
এইবাৰলৈ ক্ষমা কৰিব বন্ধুসকল ৷ এবাৰলৈ দোষ-ক্ৰুটী মাৰ্জনা কৰক ৷
পিছৰবাৰ মই বহু আগতেই খবৰ দি থম আৰু আহিবলৈও খাটনি ধৰিম ৷ কাৰন মই ভালকৈয়ে জানো, সেইদিন আৰু মোৰ জীৱনত নাহে!

No comments:

Post a Comment