Friday, December 29, 2017

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (২৯)

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (২৯)

এতিয়াৰ দৰে প্ৰয়োজন হলেই মোবাইলৰ বুটাম টিপি নিমিষতে তথ্য এটা সংগ্ৰহ কৰিব পৰাৰ সুবিধা তেতিয়া নাছিল স্কুল-কলেজৰ পাঠ্যপুথিৰ বাহিৰে জ্ঞান অন্বেষণৰ সহজ উপায় আছিল বাতৰি কাগজ, আলোচনী আৰু ৰেডিঅটোৰ দ্বাৰা ৷ সেইয়াও সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ কথা নাছিল৷ অনেকৰ ঘৰতে নিয়মীয়াকৈ বাতৰি কাগজ পঢ়াটো আৰ্থিক দিশৰ পৰাই সম্ভৱপৰ কথা নাছিল৷ আমাৰ চেন্টাৰটোত থকা “ভট্টাচাৰ্য এজেঞ্চী”, “সূজনী পুস্তকালয়” আৰু “বুক হাউচ” নামৰ কিতাপৰ দোকান কেইখনতে বহুলোকে বাতৰি কাকত আৰু আলোচনী একোখন নিকিনাকৈয়ে থিয়ৈ থিয়ৈ পঢ়ি মনৰ তৃষ্ণা নিবাৰণ কৰিছিল৷ শিক্ষকসকলৰ সান্নিধ্য আছিল আন এটা অত্যন্ত ফলপ্ৰসূ উপায় ৷ ছাত্ৰ-ছাত্ৰীৰ মনৰ মাজত নানান বিষয়ৰ প্ৰতি জিজ্ঞাসা জগাই তোলাত ছাৰসকলৰ অৱদানেই আছিল সবাতোকৈ বেছি৷

তেতিয়াৰ দিনত কোনোবা দিনা নিৰ্ধাৰিত শিক্ষকসকল স্কুলত অনুপস্থিত থাকিলে আন এজন শিক্ষককে ক্লাছ ল’বলৈ পঠাই দিয়াৰ নিয়ম আছিল ৷ তেনে শিক্ষকে সেই পিৰিয়দত নিৰ্ধাৰিত বিষয়টোৱেই পঢ়াব লাগিব বুলি ধৰাবন্ধা কথা নাছিল৷ এনেকুৱা ক্লাছতে কেইজনমান শিক্ষকৰ পৰা আমি এনেকুৱা কিছুমান কথা শিকিবলৈ পাইছিলো যে সেয়াই আমাৰ সমস্ত জীৱন সমৃদ্ধ কৰি আহিছে৷ এতিয়া উভতি চালে নিয়মীয়া ক্লাছবোৰতকৈ সেই হঠাতে হোৱা ক্লাছবিলাকৰ স্মৃতিহে বেছি উজ্জ্বল হৈ উঠে৷

বুৰঞ্জীৰ ক্লাছ, আহিব লগা আছিল তাৰানিধি উপাধ্যায় ছাৰ (স্বৰ্গীয়); কিন্তু হঠাতে আহি সোমালহি লীলা ছাৰ (স্বৰ্গীয় লীলা কটকী)৷ লীলা ছাৰৰ সাহিত্য প্ৰতিভা আছিল সৰ্বজনবিদীত ৷ আমাৰ অঞ্চলটোৰ কেইবা দশকজোৰা সাহিত্য কৰ্মত ছাৰৰ অৱদান অতুলনীয়৷ এসময়ত ভুপেন হাজৰিকাই সম্পাদনা কৰা “বিন্দু” নামৰ আলোচনীখনতো ছাৰে অনু-গল্প লিখিছিল৷ ছাৰৰ কথাত ৰসে চৌ-চৌ কৰিছিল৷ আটাইতকৈ দুষ্ট ছাত্ৰকেইটাও ছাৰৰ ক্লাছত ব্ৰইলাৰ ছিকেন বহাদি দৰক লাগি বহি থাকিবলৈ বাধ্য হৈছিল৷ কাঁহ পৰি জীন যোৱা নিস্তব্ধতাত ছাৰে বুৰঞ্জী পঢ়াবলৈ আৰম্ভ  কৰিলে – মানৰ অক্ৰমণৰ সময়ৰ কথা৷ বদন বৰফুকনে ১৮১৭ চনত ব্ৰহ্মদেশৰ পৰা মান সেনা লৈ আহিলে৷ পূৰ্ণানন্দ  বুঢ়াগোহাঁইয়ে মান ভেটিবলৈ আপ্ৰান চেষ্টা কৰিছিল যদিও সফল হ’ব নোৱাৰিলে৷ যুদ্ধত মান সেনা জয়ী হোৱাৰ খবৰ পাই বুঢ়াগোহাঁইয়ে চকুৰে আন্ধাৰ দেখিলে৷ তেনে পৰিস্থিতিত জীয়াই থকাতকৈ মৃত্যুৱেই শ্ৰেয় বুলি ভাবি বুঢ়াগোহাঁইয়ে পিন্ধি থকা আঙঠিটোকে চেলেক মাৰি দিলে৷ সেইটো আছিল হীৰাৰ আঙঠি৷ হীৰা বৰ বিহ - নিমিষতে পূৰ্ণানন্দ  বুঢ়াগোহাঁইৰ প্ৰাণবায়ু শৰীৰ পৰা ওলাই গ’ল৷ প্ৰায় দুশ বছৰৰ আগৰ দৃশ্য কিছুমান আমাৰ চকুৰ আগত জিলিকি উঠিল৷ ছাৰে সেইদিনাৰ ক্লাছটো শেষ কৰিছিল এটা পদ্যৰ পংক্তিৰে – কালহীৰা চেলেকি/ বুঢ়াগোঁহাই নৰকি/ ৰাতিতে সৰকি গ’ল ৷ আজি পয়ত্ৰিছ বছৰৰ পাছতো ছাৰৰ সেই কথাষাৰ সুবিধা পালেই মনত বাজি উঠে৷ সুৰৰ কি অদ্ভুত শক্তি! তাৰ পাছৰ সপ্তাহত তাৰানিধি ছাৰ আহি যোগ দিছিলহি – মান সেনাবাহিনীৰ সেনাপতি কোন আছিল জান- আলু আৰু তিল৷
-          আলু আৰু তিল ? আমি অবাক হ’লো, সুধিলো – মানে ছাৰ?
-          তহঁতে মাথো আলু আৰু তিলটো মনত ৰাখিবি ৷ আলু মানে আলুমিঙি আৰু তিল মানে মিঙ্গিমাহা তিলোৱা ৷ এতিয়া তহ’তে আৰু এইদুটা নাম জীৱনত নাপাহৰ৷ 

সঁচা কথা, ছয়ত্ৰিশ বছৰৰ পাছতো নাই পাহৰা ৷ সুৰ বা লয়ৰ আৰু এটা কথা কৈছিল লীলা ছাৰে৷ কালি অৰ্থাৎ ২৮ ডিচেম্বৰ তাৰিখে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা “অভিলেখাগাৰৰ পৰা” নামৰ অনুষ্ঠানটো শুনি আছিলো৷ তাতে প্ৰতিমা পাণ্ডে বৰুৱাই নিজৰ এটা অভিজ্ঞতাৰ কথা কৈ আছে - বনৰীয়া হাতী ধৰি আনি মাউতবোৰে বশ কৰিবলৈ শিক্ষা দি থকা সময়ত হেনো এটা গীত গায়৷ আৰু সেই গীত শুনিলেই বনৰীয়া হাতীৰ চকুৰ পৰা টোপা-টোপে চকুলো বৈ আহে৷ গাটো মোৰ জিকাৰ খাই উঠিল৷ লীলা ছাৰৰ কথাষাৰলৈ চেৰেংকৈ মনত পৰি গ’ল – সদায় দেখি থকা গছপাতটোও ছবিটিত ভাল হৈ পৰে/  সদায় শুনি থকা সৰু কথাবোৰো গীত হলে প্ৰান টানি ধৰে ! জীৱ মাত্ৰেই সুৰীয়া শব্দৰ প্ৰতি আকৰ্ষণ থাকে! সুৰৰ কি অদ্ভুত শক্তি!

আমাৰ স্কুলৰ আৰবী বিষয়ৰ শিক্ষক আছিল মৌলবী ছাৰ৷ ষষ্ঠ শ্ৰেনীত “খেল-ধেমালি” বুলি পিৰিয়দ এটা আছিল৷ এদিন সেইটো ক্লাছতে হঠাতে মৌলবী ছাৰ আহি ওলালহি৷ গোটেই ক্লাছটোকে স্কুলৰ পাছফালে থকা মুকিল ঠাইখনলৈ লৈ গৈ বননিৰ ওপৰত বহিবলৈ দিলে – ভদ্ৰাসন ভংগীত, অৰ্ধবৃত্তাকাৰ আকাৰত বহুৱাই লৈ ছাৰ নিজেও সমূখত ল’লে৷ তাৰ পিচত ছাৰে আৰম্ভ কৰিলে– এদল সৈন্যই ঘোঁৰাত উঠি এখন দেশ অভিমূখে আগবাঢ়ি আহি আছে৷ তহঁতক মই এতিয়া সৈন্যবিলাক দেখুৱাই দিম৷ মই যি কওঁ শুনি যাবি আৰু যি কৰোঁ তাকে কৰিবি৷ ছাৰে প্ৰথমে হাত চাপৰি বজাবলৈ আৰম্ভ কৰিলে, আমি সকলোৱে তাকে কৰিলো৷ ছাৰে কৈ গ’ল – এতিয়া সৈন্যসকল এখন দলঙত উঠিব, ছাৰে লগে লগে নিজৰ মুখখন গোল কৰি হাতৰ তলুৱাৰে মুখত চাপৰি বজোৱাৰ দৰে শব্দ কৰিলে, আমি আটায়ে তাকে কৰিলো৷ তাৰ পাছত দুয়ো হাতেৰে সমূখৰ বননিত চাপৰি পৰিল, সৈন্যজাক এতিয়া এটা মাটিৰ ৰাস্তা পাইছেহি৷ তাৰ পাছত বোকা ৰাস্তা – প্ৰত্যেকৰ ভৰিৰ কলাফুলত চাপৰি পৰিছে, তাৰ পিচত গালত, তাৰ পিচত হাতৰ তলুৱাখন ওলোটাকৈ লৈ ৷ চাপৰিৰ বেগ মাজে মাজে বাঢ়ি যায়, মাজে মাজে কমি আহে৷ লাহে লাহে পকী ৰাস্তা, বোকা ৰাস্তা, কাঠৰ দলং, বননি, বাচৰ কেকুৰি আদি অতিক্ৰম কৰি বিম্বাশৱদে আগবাঢ়ি অহা এদল সৈন্য আমাৰ চকুৰ আগত জিলিকি উঠিল৷ ধ্বনি সৃষ্টিৰ কি অদ্ভুত খেল! তেনে খেল মই আন ক’তো দেখা নাই জীৱনত৷ আজিৰ পৰা কেইমাহমানৰ আগতে হায়দৰাবাদত থকা “ৰামুজী ফিল্ম চিটি”ত ধ্বনি সৃষ্টি কৰা এনে কিছুমান আমোদজনক কৌশল দেখিছিলো৷

এতিয়া আহোঁ সৰ্বেশ্বৰ ছাৰৰ কথালৈ ৷ ছাৰে কেইবাটাও শ্ৰেনীত অংক পঢ়াইছিল ৷ স্বাস্থ্যৱান চেহেৰাৰ ছাৰে বৰ পৰিপাটিকৈ পিন্ধি-উৰি স্কুললৈ আহিছিল৷ পাঠটো বুজাই হোৱাৰ পাছত কেতিয়াবা অংকটো বৰ্ডত পাতি নিৰহ-নিপানীকৈ বুজাই দিছিল৷ তলৰ ক্লাছৰ কথা ৷ ছাৰে অংক এটা বুজাবৰ বাবে বৰ্ডত পাতিবলৈ আৰম্ভ কৰিছে৷ ক্ষন্তেক পাছতে শেষৰ বেঞ্চৰ পৰা চিঞৰ এটা আহিল – ছাৰ, দেখা নাই!
ছাৰে একমনে বৰ্ডখনত অংকটো আগুৱাই নি আছে৷ তেনেতে আকৌ এটা চিঞৰ – ছাৰ দেখা নাই!
অলপ পাছতে আকৌ এবাৰ – ছাৰ দেখা নাই!
অংকটোৰ শাৰী কেইটাৰ তলত ছাৰে আঁচ এডাল টানিবলৈ লৈছিল৷ আধাতে ৰৈ হাতটো বৰ্ডৰ পৰা নাতঁৰোৱাকৈয়ে ডিঙিতো ঘুৰাই ছাৰে এইবাৰ উত্তৰ দিলে – হেৰৌ, অংকটো পাতি লোৱাৰ সময়কণ ধৈৰ্য্য ধৰছোন, মইতো স্বচ্ছ পদাৰ্থ নহয় যে তহঁতে মোৰ মাজেৰে দেখিবি !


 (“জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

ধূসৰ স্মৃতি আৰু দিনলিপিৰ অভিজ্ঞতা - সাদিন ২৯-ডিচেম্বৰ-২০১৭

ধূসৰ স্মৃতি আৰু দিনলিপিৰ অভিজ্ঞতা

কম-বেছি পৰিমানে সকলো মানুহেই কোনো কোনো ক্ষণত স্মৃতিকাতৰ (nostalgic) হৈ পৰে৷ সোঁৱৰণি বা এৰি থৈ অহা দিনবোৰৰ স্মৃতিত কেতিয়াবা আমি আবেগিক হৈও পৰোঁ৷ অতীতৰ সুমধুৰ স্মৃতিৰ পটভূমিত কত যে গীত, কবিতা, সাহিত্যৰ সৃষ্টি হৈছে! “ভয় লাগে মোৰ/ বৰ ভয় লাগে/ ভয়ত কথাকে নোৱাৰো / এই মিনিজনী মেকুৰী হোৱাদি/ ভন্টিজনীও আইতা ব৷” কবি নৱকান্ত বৰুৱাই সময়ৰ প্ৰৱাহমান গতিৰ অপ্ৰতিৰোধ্য বাস্তৱতাক বৰ সুক্ষ্মভাৱে এই কবিতাফাকিত ফুটাই তুলিছে৷ মাক-দেউতাকৰ কাৰণে ছোৱালীজনী সদায় সৰুৱেই হৈ থাকিব লাগে“নালাগে তাই ডাঙৰ , বাইদেউ-মা-আইতা ..”৷ পাছে তাই ডাঙৰ হয়, বাইদেউ হয়, মা হয়, আইতা হয়৷ সময়ৰ এই চিৰপ্ৰৱাহমান গতিধাৰাক বাধা দি ৰাখিব পৰা সামৰ্থ্য মানুহৰ নাই! কিন্তু পাৰ হৈ যোৱা দিনবোৰৰ স্মৃতিক বন্দী কৰিব পাৰিনে? এৰি থৈ অহা দিনবোৰৰ হিচাপ ৰখাতো সম্ভৱ নে? সেইযে নাৰ্ছিং হোমৰ কোঠা এটাৰ পৰি ভাঁহি অহা তাইৰ প্ৰথম কান্দোনৰ শব্দ, মুখত ভাত দিয়াৰ সেই মূহুৰ্তটো, থুপুক থাপাক খোজেৰে তাই থিয়-দঙা দিয়া দিনটো, প্ৰথম দিনা স্কুললৈ ইউনিফৰ্ম পিন্ধাই ঘৰৰ পৰা উলিয়াই নিয়াৰ সময়ত আপোনাৰ মনত হোৱা ভাব, ঘৰ এৰি কলেজলৈ ওলাই যোৱাৰ সময়ৰ স্মৃতি– এইবোৰে আপোনাক স্মৃতিকাতৰ কৰি তোলেনে? আছেনে মানুহৰ এৰি থৈ অহা সৰু বৰ অভিজ্ঞতাৰ স্মৃতিক ধৰি ৰাখিব পৰাৰ ক্ষমতা ? আৰু একমাত্ৰ স্মৃতিৰ বাবেই অভিজ্ঞতা সঞ্চয় জৰুৰী নে?

হয়, এৰি অহা প্ৰতিটো দিনৰ স্মৃতি আৰু অভিজ্ঞতা ধৰি ৰাখিবলৈ আপুনি নিয়মীয়াকৈ দিনলিপি লিখিব পাৰে৷ আপোনাৰ দিনলিপিত সন্নিৱিষ্ট হোৱা কেতবোৰ তথ্যও কেতিয়াবা হ’ব পাৰে ইতিহাসৰ এক অমূল্য দলিল৷ এনে উদাহৰণ অনেক আছে৷

আমাৰ সকলোৰে শ্ৰদ্ধাৰ গল্পকাৰ, উপন্যাসিক, চিত্ৰনিৰ্মাতা, নাট্যকাৰ আৰু কুৰীজন শ্ৰেষ্ঠ অসমীয়াৰ এজন ˚ ভবেন্দ্ৰনাথ শইকীয়াৰ মৃত্যু হৈছিল ২০০৩ চনত৷ প্ৰান্তিক নামৰ পষেকীয়া আলোচনীখনৰ তেখেত আছিল প্ৰতিষ্ঠাতা মূখ্য সম্পাদক৷ আলোচনীখনৰ শেষ পৃষ্ঠাটোত তেখেতে নিজৰ মনৰ কথা লিখিছিল৷ ২০০৩ চনত মৃত্যু হোৱাৰ পাছত এই পৃষ্ঠাটোৰ পৰা তেখেতৰ নাম মচ খাই যাব লাগিছিল, কিন্তু নগল৷ তেখেতে লিখা দিনলিপিৰ পাতৰ পৰা আজি সুদীৰ্ঘ পোন্ধৰ বছৰৰ পাছতো সেই পৃষ্ঠাটো তেখেতৰ লেখাৰেই সমৃদ্ধ হৈ আহিছে৷ তেখেতৰ সৃষ্টিধৰ্মী লেখাৰ দৰেই এই দিনপঞ্জীও পঢ়ূৱৈৰ বাবে একেই আবেদনেৰে সংপৃক্ত! এনে হোৱাটো সম্ভৱ হ কাৰণ তেখেতে নিয়মীয়াকৈ দিনলিপি লিখিছিল৷

সামান্য কথাতে চৌ-চৌ ৰসৰ সৃষ্টি কৰিব পৰামানুহৰ শিল্পীআছিল লক্ষ্যধৰ চৌধূৰী৷ তেখেতে অতি কম বয়সৰ পৰাই ডায়েৰি লিখা আৰম্ভ কৰিছিল৷ সভাই সমিতিয়ে তেখেতে উঠি অহা প্ৰজন্মক নিয়মীয়াকৈ ডায়েৰী লিখিবলৈ উৎসাহ যোগাইছিল৷ নাটকীয় উপস্থাপনেৰে তেখেতে প্ৰায়েই কৈছিল – “আনে আনুমানিক সময়টোহে যেতিয়া মনত পেলায়, মই তাৰিখটো কৈ দিব পাৰো! মই মৰিলে মোক পুৰিবলৈ কাঠ-বাঁহ একোৱেই নালাগে, মোৰ ডায়েৰীবোৰেই যথেষ্ট!জীৱনৰ বিয়লি বেলাত এই দিনলিপিৰ পাতৰ পৰাই জীৱন্ত চৰিত্ৰ উদ্ধাৰ কৰি আনি তেখেতে ৰচনা কৰিছিল এখন অমূল্য গ্ৰন্থৰমানুহ বিচাৰি৷

অসমীয়া সাহিত্যত জিলিকি থকা এটা নাম মামনি ৰয়চম গোস্বামী৷ মামনি বাইদেউৱে সদায় এখন টোকাবহী (দিনলিপিৰ সমপৰ্যায়ৰ) লগত লৈ ফুৰাইছিল৷ তাতে তেখেতে মনত ৰাখিবলগা ঘটনা, অভিজ্ঞতাবোৰ টুকি ৰাখিছিল তাৰ পাছত সেই টোকাৰেই সৃষ্টি কৰিছিল একোটা নিটোল গল্প বা একোখন পূৰ্ণদৈৰ্ঘ উপন্যাসৰ৷

এন ফ্ৰাংকে যদি হাজাৰ প্ৰতিকূল বাধা নেওচি নিজৰ দিনপঞ্জী লিপিবদ্ধ কৰি থৈ নগলহেঁতেন আমি সেই সময়ৰ ইতিহাসৰ এক তামসিক অধ্যায় নজনাকৈয়ে থাকি লোহেঁতেন৷ একান্ত ব্যক্তিগত উৎসাহত লিখিবলৈ লোৱা এন্‌. ফ্ৰাংকৰ দিনলিপি আজি বিশ্ব ইতিহাসৰ এক অমূল্য দলিল৷

“বাৰে বাৰে দোহাৰি থাকিলে অসত্য কথাকো সাধাৰণ ৰাইজে সত্য বুলি গ্ৰহণ কৰে” বুলি মন্তব্য দিয়া হিটলাৰৰ নাজী প্ৰশাসনৰ প্ৰচাৰ সচিব আছিল জোচেফ গোৱেবলছ্ ১৯৩৩ চনৰ পৰা ১৯৪৫ চনলৈ নাজী বাহিনীৰ প্ৰচাৰ কাৰ্য চতুৰভাৱে নিয়ন্ত্ৰণ কৰা গোৱেবলছ্আছিল হিটলাৰৰ এজন অন্ধ অনুগামী৷ ১৯৪৫ চনত হিটলাৰে আত্মহত্যা কৰাৰ পাছতে নিজৰ সন্তান আৰু পত্নীক হত্যা কৰি গোৱেবলছে নিজেও আত্মহত্যা কৰিছিল৷ নৱেম্বৰ, ১৯২৫ চনত প্ৰথম হিটলাৰক দেখা কৰাৰ অভিজ্ঞতা গোৱেবলছে নিজৰ দিনলিপিত বৰ্ণনা কৰিছিল এনেকৈ – “গাড়ী এখন লৈ আমি তেখেতক লগ কৰিবলৈ গৈ যেতিয়া ঘৰ পাইছিলোগৈ তেতিয়া হিটলাৰে আহাৰ গ্ৰহণ কৰি আছিল৷ আমাক দেখিয়েই তেওঁ থিয় আস্‌, এইজনেই সেইজন! পৰম সুহৃদৰ দৰে তেখেতে মোৰ লগত কৰমৰ্দন কৰিছিল৷ তেখেতৰ নীলা বহল চকুযুৰি আকাশৰ তৰাৰ দৰে জিলিকি আছিল৷ মোৰ লগত পৰিচয় হৈ তেখেতে ভাল পাইছিল৷ মোৰ এনে লাগিছিল মোৰ যেন স্বৰ্গ প্ৰাপ্তি হৈছে৷ এজন সম্ৰাট হবৰ বাবে লগা সকলো গুণেই তেখেতৰ গাত আছিল৷হিটলাৰে গ্ৰহণ কৰা ইহুদী বিৰোধী নীতি দেখি আত্মহাৰা হৈ ১৯২৬ চনৰ ফেব্ৰুৱাৰী মাহত গোৱেবলছে ডায়েৰীৰ পাতত লিখিছিলএডল্ফ্হিটলাৰ, আই লাভ ইয়ু ! গোৱেবলছে ডায়েৰী লিখাৰ বাবেই পৃথিৱী অশান্ত কৰি তুলিব পৰা এক নিকৃষ্ট পদলেহনকাৰী মানসিকতাৰ এনে কেতবোৰ সঁচা কাহিনী পাছৰ প্ৰজন্মই জনাটো সম্ভৱ হৈছিল৷

দ্বিতীয় মহাযুদ্ধৰ ভৰপক সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিণ ৰূছভেল্টৰ মৃত্যু , নতুন ৰাষ্ট্ৰপতি হেৰী ট্ৰুমেন৷ ১৯৪৫ চনৰ জুলাই মাহৰ ২৫ তাৰিখে ইংলণ্ডৰ প্ৰধান মন্ত্ৰী উইনষ্টন চাৰ্ছিল, সংযুক্ত ছোভিয়েট ইউনিয়নৰ মূৰব্বী জোচেফ ষ্টেলিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা এখন বৈঠকত ঠিক নতুনকৈ আৱিষ্কাৰ হোৱাএটম্বম্বজাপানৰ ওপৰত প্ৰক্ষেপ কৰিবলৈ মিত্ৰ বাহিনী সাজু হৈছে৷ ৰাষ্ট্ৰপতি ট্ৰুমেনে এই বোমা সামৰিক বাহিনীৰ ঘাটিৰ ওপৰতহে সাৱধানে প্ৰক্ষেপ কৰাটো বিচাৰিছিল, সাধাৰণ নাগৰিক ক্ষতিগ্ৰস্থ হোৱাটো তেওঁ কামনা কৰা নাছিল৷হিৰোচিমাআৰুকিয়টোনামৰ চহৰ দুখন এই ধ্বংস যজ্ঞৰ বাবে নিৰ্বাচিত কৰা হৈছিল কাৰণ এই দুই চহৰতে সামৰিক বাহিনীৰ দুৰ্গম ঘাটিবোৰ আছিল৷ মিত্ৰ পক্ষৰ সামৰিক বাহিনীৰ মূৰব্বী (Secretary of War) জেনেৰেল ষ্টিমছনৰকিয়টোচহৰখনৰ বাবে আছিল এক অহৈতুকী মায়া৷ বিয়াৰ পাছত এইখন চহৰতে তেখেতে মধুচন্দ্ৰিকাও যাপন কৰিছিল তাৰেই ফলশ্ৰুতিত ইতিহাসৰ সেই কুখ্যাত ধ্বংস যজ্ঞৰ বাবে নিৰ্বাচিত হৈছিল আন এখন চহৰনাগাচাকি ! লোমহৰ্ষক এনে কেতবোৰ সত্যৰ উদ্ভাৱন হৈছে ব্যক্তিগত ভাবে লেখা দিনপঞ্জীৰ পাতৰ পৰা৷ ইতিহাসৰ এক অমূল্য সম্পদ হিউ-য়েন-ছাং বা ফাহিয়ানৰ টোকাও একধৰণৰ দিনপঞ্জীয়েই নহয়জানো ?

এটাসময়ত বহুলোকে ডায়েৰি লিখিছিল৷ সেই ডায়েৰিৰ পাতৰ পৰাই সৃষ্টি হৈছিল নানান সাহিত্য, গীত আৰু গ্ৰন্থৰ৷ সেই সকল লোকৰ তালিকাত বিখ্যাত হিউ-য়েন-ছাঙৰ পৰা কুখ্যাত গোৱেবলছলৈকে আছিল৷ কেইবছৰমান আগতে অসমৰ এটা টেলিভিছন ছেনেলত এই বিষয়ে হোৱা এটা আলোচনা দেখা পাইছিলো৷ তাতে দেখিলো অসমৰ এজন ব্যক্তিয়ে কম বয়সৰ পৰাই নিয়মিত ভাবে দিনলিপি লিখি আহিছে৷ আনকি তেওঁ তেওঁৰ নিজৰ বিবাহৰ দিনাও ডায়েৰি লিখা কামটো স্থগিত কৰা নাছিল৷ ডায়েৰিৰ পাতৰ পৰা কেইবাটাও আমোদজনক তথ্য তেখেতে দৰ্শকৰ আগত বেকত কৰিছিল৷

গুৱাহাটীৰ পৰা আঢ়ৈশ কিলোমিটাৰ দূৰৰ এখন গাঁৱত মোৰ ঘৰ দশম শ্ৰেনীত থাকোঁতে মই পঢ়াত জোৰ দিছিলো কটন কলেজত পঢ়াৰ সপোন পূৰণৰ খাতিৰত৷ এইটো মোৰ জীৱনৰ এটা টাৰ্নিং পইন্ট বুলি ঠিক কৰি মই সেই পৰিৱৰ্তনৰ সময়খিনি ধৰি ৰাখিবৰ নিমিত্তে দিনলিপি লিখা কৰিছিলো৷ অভ্যাসটো বহুদিন জীয়াই ৰাখিছিলো যদিও এটা সময়ত এৰি দিলো৷ এতিয়া যেতিয়া অতীতলৈ ঘুৰি চাওঁ, দিনলিপিয়ে সামৰি নোলোৱা বেছিভাগ স্মৃতিয়েই ধূসৰ হৈ পৰিছে৷  অথচ, ডায়েৰি লিখা সেই দিনবোৰৰ স্মৃতি পৰিষ্কাৰভাব মনলৈ আহে৷ ১৯৮৬ চনৰ  ১৭ জানুৱাৰী, শিল্পী দিৱসৰ দিনা সন্ধ্যা সময়ত আবাসত ওলাল - ৰবীন্দ্ৰ ভৱনলৈ ভূপেন হাজৰিকা আহিছে আমি যেনেকে আছো তেনেকৈয়ে লৰ ধৰিলো৷ সেইদিনা ভূপেনদাই কৈছিল, মই খোৱা-বোৱাত যত্ন বলৈ আৰম্ভ কৰিছো, একবিংশ শতিকা চাইহে মই মৰিম ভূপেন হাজৰিকাক প্ৰাণভৰি ভাল পোৱা বিমানদা সেইদিনা বেজাৰতে একো নোখোৱাকৈ বিচনাত পৰিছিল৷ ভাবি ভাল লাগে, তাৰ পাছতো ভূপেনদা আমাৰ মাজত ২৬ বছৰ জীয়াই আছিল৷  সেই সময়ত পাণবজাৰৰ শ্বেখ ব্ৰাদাৰ্ছত এটা পাউৰুটীৰ দাম আছিল এটকা ঘৰৰ পৰা দেউতাই মোলৈ তিনিশ টকা পঠাইছিল৷ মেছ দিউজ বাঢ়ি দুশ টকা হোৱাৰ বাবে আমি আবাসীসকল গৈ ৩০ মাৰ্চ তাৰিখে ছুপাৰ ছাৰৰ অফিচৰূমৰ সমূখত ধৰ্ণা দিছিলোগৈ ! আমোদজনক পৰিষ্কাৰ স্মৃতি! ডায়েৰিয়ে সামৰি নোলোৱা সময়খিনিহে ক্ৰমশঃ ধূসৰ হৈ আহি আছে!

আজিকালি পাত লুটিয়াই লিখাৰ দিন পুৰণি ল৷ দিনপঞ্জী লিপিবদ্ধ কৰিব পৰা নানান এপ্লিকেছন মোবাইলৰ যোগেদি পাব পাৰি৷ ইলেক্ট্ৰনিক মাধ্যমত কৰিবলৈ লোৱা এনে কামৰ সুবিধা অসুবিধা দুয়োটাই আছে৷ সেয়ে মই ঠিৰাং কৰিছো নতুন বছৰ বুলি এইবাৰ শুভাকাঙ্খীসকলক মই এখন ডায়েৰি উপহাৰ দিম আৰু জানুৱাৰী মাহৰ প্ৰথম দিনটোৰ পৰা আকৌ নিয়মীয়াকৈ দিনলিপি লিখিবলৈ ম৷ দিনটোৰ চৌবিশ ঘন্টাৰ আধাঘন্টা সময় মই এই কামটোৰ বাবে খৰচ কৰিমেই৷ মোৰ ইচ্ছা হৈছে মোৰ আগ্ৰহৰ কথা মুকলিলৈ ব্যক্ত কৰোঁ, কিজানি মোৰ অভিজ্ঞতাই আপোনাকো পাৰ হৈ যোৱা দিনবোৰৰ নিয়মীয়াকৈ হিচাপ ৰাখিবলৈ প্ৰলুব্ধ কৰে !

              নৱ-বৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো ৷