জীৱন
বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (২৭)
বৰফলাৰ ইংৰাজী বৰ্ণ ই-আখৰটোৰ
দৰে আমাৰ স্কুলঘৰটোৰ আকাৰ৷ ই-ৰ দুয়োটা ঠেং মেলি ধৰিলে স্কুলখনৰ দৈৰ্ঘ আধাকিলোমিটাৰৰো
অধিক হ’ব৷ সেইখন স্কুলৰে একেবাৰে শেষৰ কোঠা এটা –টেন এ’ মানে দশম শ্ৰেনীৰ ক শাখা৷
তিনিফালে খিৰিকি থকা কোঠা ৷ খিৰিকিৰে সিপাৰেই স্কুল চৌহদৰ লগতে থকা হোলাটোৰ সিপাৰত
সেইয়া ৫২ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথ, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান সংযোগী পথ ৷ এই
ৰাষ্টাটোৱেই অৰুণাচলৰ ৰাজধানী ইটানগৰক সংলগ্ন কৰিছে ভাৰতীয় মূল ভূখণ্ডৰ লগত৷ শিক্ষক
নথকা সময় ছোৱাত বা দুৰ্বল শিক্ষকে পঢ়াই থকা অৱস্থাতো ৰাষ্টাৰ গমনাগমন চাই থকাৰ সুবিধা
এই কোঠাটোৰ পৰাই স্কুলখনৰ ভিতৰতে আটাইতকৈ বেছি ৷ এই কোঠাটোত আৰু দুটা অতিৰিক্ত
সুবিধা আছিল৷ “ছাৰ পানী খাই আহোঁ”, “ছাৰ বাহিৰৰ পৰা আহোঁ” - জাতীয় কাৰণত এই কোঠাটোৰ
ছাত্ৰসকলে শ্ৰেনীকোঠাৰ পৰা বাহিৰত থাকিবলৈ আটাইতকৈ বেছি সময় পাইছিল৷ কোঠাটোৰ ওচৰতে
স্কুল চৌহদৰ দাঁতিলৈ এশাৰী পকীৰে নিৰ্মিত প্ৰসাৱগাৰ নথকা নহয়, কিন্তু সেইয়া মূলতঃ
ছাৰসকলেই ব্যৱহাৰ কৰিছিল৷ তাৰোপৰি তাৰপৰা ওলাই আহোঁতেই কোনজন ছাৰৰ লগত বা ভেটা-ভেটি
হওঁ তাৰোতো একো ঠিক নাই! সেয়ে ই-টোৰ সিফালে থকা সুবিধাখিনি উপভোগ কৰাটোৱেই আমাৰ
বাবে বেছি সুবিধাজনক আছিল৷ ইংৰাজীৰ বৰফলাৰ ই-ৰ সমস্ত পৰিসীমা অতিক্ৰম কৰি বাৰান্দাইদি
কেইবাটাও দিশ অভিমূখে অহা-যোৱা কৰি সেই ঠাইকণ দৰ্শন কৰি অহা কামটোতে ক্লাছৰ বেছিখিনি
সময় পাৰ হৈ গৈছিল ৷ তাৰোপৰি সেই ঠাইছোৱা এখন বাঁহনিবাৰিয়ে বছৰৰ আটাইকেইটা মাহেই ঢাকি
ধৰি ৰখাত 'প্ৰাকৃতিক কৰ্ম প্ৰকৃতিৰ বুকুতে আনন্দৰে সতীৰ্থসকলৰ লগত সমিলমিলেৰে সমাপন
কৰাৰ সৰ্বাধিক আনন্দ' সেই ঠাইতহে মজুত আছিল৷ এইখিনিতে উল্লেখযোগ্য যে আমাৰ স্কুলখন
ল’ৰাৰ স্কুল হোৱা বাবে সামাজিক জীৱনত আমি ল’ব লগা কিছু সাৱধানতা সেই সময়ত নোলোৱাকৈও
হৈছিল৷ দশম শ্ৰেনীৰ ক শাখাৰ সেই কোঠাটোৰ আৰু এটা ডাঙৰ সুবিধা আছিল৷ আমাৰ বিপৰীতে ই-টোৰ সিটো মূৰত
থকা কোঠাটো আছিল অধ্যক্ষ ছাৰৰ৷ তেখেতে দশম শ্ৰেনীত ইংৰাজী পঢ়াইছিল৷ তেখেত নিজৰ কোঠাৰ
সমূখত উদ্ভাসিত হোৱাৰ লগে লগেই সিটো মূৰৰ পৰা আমি তেখেত উদয় হোৱাৰ দৃশ্য দেখা পাইছিলো
আৰু প্ৰাৰম্ভিক প্ৰস্তুতিৰে সজাগ হ’বলৈ যথেষ্ট সময় পোৱা গৈছিল ৷ হেড্ ছাৰ
বা প্ৰিন্সিপাল ছাৰৰ সমূখত, বা কথাটো অলপ সলাই এনেকৈও ক’ব পাৰি যে মহেন্দ্ৰ বৰকটকী
ছাৰ বা জিতেন বৰকটকী ছাৰৰ দৰে শিক্ষাগুৰুৰ সমূখত সামান্যতম বেপৰোৱা স্বভাৱৰ প্ৰদৰ্শনো
সেই সময়ত সকলো ছাত্ৰৰ বাবেই কল্পনাতীত আছিল ৷
সেইটো কোঠাতে এদিন সৰ্বেশ্বৰ
ছাৰ আমাক অংক শিকাবলৈ আহিল৷ তেখেত আমাৰ অংক শিক্ষক আছিল ৷ এইয়া তেখেত অধ্যক্ষ হোৱাৰ
বহু সময়ৰ আগৰ কথা ৷ সেইদিনা আছিল জ্যামিতি৷ ছাৰে বৰ্ডত ৰেখা এডাল আঁকি কেনেকৈ মূল ৰেখাডাল
তাৰ একেটা অংশতকৈ ডাঙৰ বুলি প্ৰমান কৰিব পাৰি সেইয়া পঢ়াই আছিল৷ “গ্ৰেটাৰ দেন, লেছ
দেন” ৰ পাঠ ৷ এ-বি নামৰ ৰেখাডালৰ মাজতে এটা বিন্দু চি৷ যিহেতু এ-চি বা চি-বি মূল ৰেখাডালৰ
এটা ভাগ, এতেকে এ-বি ইজ গ্ৰেটাৰ দেন এ-চি, বা এ-বি ইজ গ্ৰেটাৰ দেন চি-বি ৷ ঠিক তেনেতে…
ঠিক তেনেতে ছাৰৰ চকু পৰিল
দ্বিতীয় বেঞ্চত বহি থকা শান্তনুৰ ওপৰত৷ শান্তনু
কেইবাদিনো স্কুললৈ অহা নাছিল ৷ তাৰোপৰি অংকত সি আছিল কিছু কেচা ৷ পঢ়াওতে ছাৰে তাক
আনতকৈ বেছিকৈ লক্ষ্য কৰি থাকে৷ ছাৰে ব্যংগ মিহলি সুৰেৰে প্ৰশ্ন কৰিলে –
-
কিছুদিন দেখা পোৱাৰ সৌভাগ্য হোৱা নাই
যে?
শান্তনু
সাউতকৈ ঠিয় হ’ল ৷ – ছাৰ নাছিলো !
- কিয় বা?
- ছাৰ, তেজপুৰলৈ গৈছিলো ৷
-
উপলক্ষ্য ব্যক্ত কৰিব পাৰি নে?
-
ছাৰ, মাহীৰ ছোৱালীৰ বিয়া আছিল৷
-
বঁহা৷
ক্লাছ আকৌ আৰম্ভ হ’ল৷
ছাৰে মাজে মাজে লক্ষ্য কৰিছে শান্তনুৰ চকু ৫২ নম্বৰ ৰাজপথত৷ কোণ এটাক ৰেখা এডালে দুভাগ
কৰাৰ পাছত মুল কোনটো নতুন কোন দুটাতকৈ ডাঙৰ হ’ব৷ এ-বি-চি কোনটোক দি-বি ৰেখাডালে
দুভাগ কৰিলে ৷ এতেকে, এ-বি-চি ইজ গ্ৰেটাৰ দেন এ-বি-দি বা এবিচি ইজ গ্ৰেটাৰ দেন চিবিদি৷
পিৰিয়দ শেষ হ’বৰ হ’ল৷
ছাৰে বৰ্ডত কোণ এটা আঁকি ছাত্ৰসকলৰ বাবে এটা প্ৰশ্ন তৈয়াৰ কৰিলে৷ শান্তুনুক সুধিলে
কোৱাচোন কোনটো কোণ কোনটোতকৈ ডাঙৰ হ’ব৷ শান্তনু নিমাত৷ নিজৰ জেগাত থিয় দি চিন্তা
কৰাৰ দৰে কৰি সি উচপিচাই আছে৷ কেইটামান মূহুৰ্ত পাৰ হ’ল৷ ঠিক তেনেতে পিৰিয়দ শেষ হোৱাৰ
ঘন্টা বাজিল ৷ শান্তনুৰ মুখখন উজ্জ্বল হৈ উঠিল৷
ছাৰে মোখনি মাৰিলে৷ অংকটোৰ
শুদ্ধ উত্তৰটো হৈছে – পৰীক্ষা বছৰে বছৰে আহে, বিয়া কিন্তু এবাৰেই আহে , হেনছ্ - বিয়া ইজ গ্ৰেটাৰ দেন স্কুল !
(“জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে
এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment