জীৱন
বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (২৮)
চহৰতো নহয়েই, নগৰো নহয়৷
আপোন মনে বৈ থকা নিৰীহ এখন নদীৰ পাৰত বৃটিছৰ দিনৰে এখন পুৰণি থানা, তাৰ সিফালেই সেইটো
ডাকঘৰ, অলপ আঁতৰত কেইটামান চৰকাৰী অফিচো আছে৷ ঠাইখনৰ মাজতে ৰাজ্যিক পৰিবহন নিগমৰ এটা
বাছষ্টেণ্ড, তাৰ আশে পাশে কেইবাখনো দোকান - কিতাপ, গেলামাল, মনিহাৰী মাল, ঔষধ আৰু
কাপোৰৰ ৷ চেলুন, দৰ্জী আৰু চাইকেল মেৰামতি কৰাৰ দোকান কেইখনমানো আছে৷ এই ঠাইখনেই
আছিল আমাৰ সৰু ঠাইখনৰ কেন্দ্ৰবিন্দু৷ নগৰো নহয়, চহৰো নহয়, গতিকে ঠাইকণ বুজাবলৈ আমাৰ
অঞ্চলটোত ব্যবহাৰ কৰা শব্দটো আছিল – চেন্টাৰ! নতনু চেন্টাৰ আৰু পুৰণা চেন্টাৰ, লগা-লগিকৈ
আছে, হায়দৰাবাদ-চেকেন্দ্ৰাবাদৰ দৰে৷
ৰবিবাৰে আমাৰ চেন্টাৰত
এখন ডাঙৰ বজাৰ বহে৷ গোটেই মহকুমাটোতে লেখত ল’ব লগা এখন ডাঙৰ বজাৰ৷ গৰু ছাগলীৰ পৰা
ভাজি পাছলিলৈকে সকলো কিনা-বেচা কৰিব পৰা প্ৰয়োজনীয় এখন সাপ্তাহিক হাট৷ মূলতঃ খেতি
আৰু শ্ৰমৰেই জীৱন নিৰ্বাহ কৰা শ শ লোকৰ বাবে এই বজাৰখন হৈছে জীৱনৰ এটা অবিচ্ছেদ্য
অঙ্গ ৷
বুক হাউছ আৰু বক্সীৰ দোকানৰ
মাজেদি থকা লুঙলুঙীয়া গলিটোৱেদি যদি আপুনি বজাৰখনলৈ সোমাব খুজিছে তেনেহলে প্ৰথমেই
দেখিব পিৰাত বহি চুলি কাটি থকা কেইটামান নাপিতক৷ তেওঁলোক আচলতে বিহাৰৰ ভাগলপুৰৰ মানুহ,
কিন্তু সলসলীয়াকৈ অসমীয়া ভাষা ক’ব পাৰে৷ তাৰ পিছফালেই সেইয়া বেত, ৰাইদাং, গোবৰ-পাছি,
খৰাহী আৰু ঢাৰিৰ বজাৰ, লগতে মাটিৰ ওপৰত থৈ দিয়া কেইখনমান ফলাখৰিৰ ভাৰ! তেওঁলোক বড়ো
সম্প্ৰদায়ৰ লোক৷ বজাৰখনৰ পৰা বাৰ-চৈধ্য কিলোমিটাৰ দূৰৰ উ্ত্তৰ ফালৰ পৰা কান্ধত মেটমৰা
বোজা লৈ কাহিলী পুৱাতে যাত্ৰা আৰম্ভ কৰি তেওঁলোক আহি বজাৰ পাইছেহি৷ বছৰৰ কোনোবা
এটা সময়ত এইঠাইতেই নাঙল, জুৱঁলী, পল, চেপা, তোলোঠা, চিৰি শলি, উঘা-চেৰেকীও ওলায়,
কিন্তু বাৰ মাহে নহয়৷
আপুনি যদি ড্ৰাগ হাউছ
নামৰ ঔষধৰ দোকানখন আৰু তৃপ্তি কৰ্ণাৰ নামৰ মনিহাৰী দোকানখনৰ মাজেদি থকা ৰাষ্টাতোৰে
ষ্টেটফে’ডৰ কাষেদি বজাৰখনলৈ সোমাব খুজিছে, তেনেহলে সেইয়া চাওঁক পুৰণি গাওঁৰ মাগুৰদাই
খেল দেখুৱাইছে৷ তেওঁৰ সমূখত মেলি থোৱা চাদৰখনত
চাবোন, খাৰু, কলম, কিতাপ, বিস্কুটকে আদি কৰি বিভিন্ন দ্ৰৱ্যৰে ভৰি আছে৷ প্ৰতিটো
বস্তুৰ লগতে এটা তাছপাত থোৱা আছে৷ মাগুৰদাৰ হাতত থকা কাঁহিখনৰ পৰা সিকি এটা দি আপুনি
যিকোনো এটা নম্বৰ টানক, আপোনাৰ ভাগ্যত আছে যদি সমূখত থকা যিকোনো এটা বস্তু আপোনাৰ
হ’ব পাৰে! মাগুৰদাই চিঞৰি চিঞৰি গ্ৰাহকক লোভ লগাই আছে! খেলখন পাৰ হ’লেই সেইয়া শাক
পাছলিৰ বজাৰ৷ বেছিভাগ বিক্ৰেতায়েই ভিতৰুৱা গাওঁৰ লোক৷ চাধা-চূণ, পূৰাকল, জলকীয়া, কচুঠোৰ,
কলাখাৰ, কলডিল, হালধী, আদা, থেকেৰাৰ পাছতে সেই দুটা শাৰী বাওঁহাতে মনিহাৰী মালৰ৷ তাৰ
পাছতেই আৰম্ভ হৈছে জোতা-চেন্দেলৰ শাৰীটো, তাৰ পাছত কেৰাহী-বাতি, থাল-বাচন, দা, কটাৰী,
কুঠাৰ, কাচি…!
আপুনি যদি নীলিমাভৱন নামৰ
চিনেমা হলটোৰ কাষেদি সোমাব খুজিছে প্ৰথমেই দেখিব বস্তাই বস্তাই ধানৰ বেচা-কিনা চলিছে৷
শালি, মাগুৰী, আহু, কোমল, বৰা, কলা জহা, কুণকুণী জহা, ভোগ জহা – সোণগুটিৰো যে কিমান
কিচিম কিচিম প্ৰকাৰ! তাৰ পাছতেই মাছ মাংসৰ ঠাইখন৷ এইখিনিতে সদায় শুনা এষাৰ কথা হ’ল-
বজাৰত জুই লাগিছে দেই, কি মাছ খাবা, যিহে দাম- ওচৰ চাপিবই নোৱাৰি, সেয়ে মোৱা মাছ
এপোৱাকে লৈ …! তাৰপৰা কিছু আগলৈ দৰ্জী আৰু কাপোৰৰ দোকানৰ শাৰীটো৷ শেষলৈ সেইয়া দ’ম
দ’ম শাক পাছলি – বন্ধাকবি, ওলকবি, ফুলকবি, পতল, বেঙেনা, বিলাহী, তিতা কেৰেলা, ভাত কেৰেলা,
মটৰমাহ৷ তেওঁলোক চৰ অঞ্চলত বাস কৰা মুছলমান সম্প্ৰদায়ৰ লোক৷ বজাৰখনৰ পৰা দহ কিলোমিটাৰ
মান দূৰৰ দক্ষিণে ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা বাটকুৰী বাই পুৱাতেই ঘৰ এৰা মানুহ৷ এইখনিতে
আপুনি মাইকৰ মাত শুনিছে যদি ক্ষন্তেক মন দিয়ক– পেচাবৰ জ্বলা-পোৰা, ছালৰ খজুউতি, মূৰৰ
বিষ, ককালৰ বিষ, কৌষ্ঠ কাঠিন্যৰ পৰা তেওঁ কৈ আছে ‘পেটৰ পায়েৰিয়া আৰু দাঁতৰ দায়েৰিয়া’-ৰ
ঔষধো তেওঁৰ লগত আছে! জানিব খুজিলে গম পাব পোহাৰীজন কিষাণগঞ্জৰ, মাইক্ৰফোনটো তেওঁ
ডিঙিতে ওলোমাই লৈছে, চলমান ৰিক্সা এখনেই তেওঁৰ দোকান৷ ভুল শুদ্ধ বাদ দি আপুনি আগ
বাঢ়ি গৈ থাকক৷ সেইয়া চাওঁক, এইঠাইত গৰু-গাই, ছাগলী, হাঁহ, মুৰ্গী আৰু বাঁহৰ সঁজাত
ভৰাই থোৱা পাৰ চৰাইৰ বেচা কিনা চলিছে৷
প্ৰায় দুপুৰা মাটি জুৰি
বহে বজাৰখন৷ দেওঁবাৰৰ দিনটো এই বজাৰখনেই আমাৰ চেন্টাৰটো পুৱাৰ পৰা গধূলিলৈকে মুখৰ
কৰি ৰাখে৷ প্ৰতিখন ঘৰৰ পৰা কোনোবা নহয় কোনোবা এজন বজাৰলৈ যোৱাটো এটা অলিখিত নিয়মৰ
দৰে৷ কোনোবা কিবা বেছিবলৈ, কোনোবা কিবা কিনিবলৈ! আৰু যাৰ বেছা কিনাৰ দৰকাৰ নাই,
তেওঁৱো এপাক এনেয়ে মাৰিবলৈ আহি কোনোবা বান্ধৱৰ লগত বিয়নি-মেলত বহেহি৷ নাই, নাই,
বজাৰখনত দেখদেখকৈ সুৰা বেছিব পৰাৰ সাহস এতিয়ালৈকে কাৰো হোৱা নাই!
জেঠ মাহ৷ গেলেপা লগা গৰম৷
কেইদিনমানৰ পৰা বেলিটোৱেও খাঁও খাঁও মূৰ্তি ধৰি ওলাইছে৷ গাৰ ঘামত গাত থকা কাপোৰ জেপ-জেপীয়া
হৈ যায়৷ সৰ্বেশ্বৰ ছাৰ আহিছিল দেওঁবৰীয়া বজাৰলৈ, সাপ্তাহিক বজাৰ কৰিবলৈ৷ চাইকেলৰ হেন্দেলডালত
দুয়োফালে ওফন্দিথকা মোনা দুটা বান্ধি লৈ বজাৰৰ পৰা ওলাই আহোঁতেই ছাৰে মন কৰিলে,
নীলিমাহলৰ সমূখতে ৰাস্তাৰ দাঁতিত পকা কঠালৰ বিক্ৰী চলিছে৷ বিভিন্ন আকৃতি আৰু আয়তনৰ
পকা পকা কঠাল৷ ঠাইখন গোন্ধত আমোল-মোলাই আছে৷ চাইকেলখন ৰাখি ছাৰে কঠাল টিপি দৰ-দাম
কৰিবলৈ আৰম্ভ কৰিলে৷ ঠিক সেই সময়তে সেই ঠাইত উপস্থিত হ’লহি বগলীবাৰিৰ মুকুল ৷ সি মাত
লগালে – ছাৰ, ইম্মান গৰম পৰিছে, এনেকুৱা দিনত কঠাল খায় নে?
চাপৰি থকাৰ পৰা ছাৰ পোন
হ’ল৷ মুকুললৈ চাই ক’লে – চাও, শুনছোন, ওচৰলৈ আহ৷
একো বুজিব নোৱাৰি মুকুল
ছাৰৰ ওচৰ চাপি গ’ল৷ - এই টকা বিশটা তই ৰাখি থচোন, কাম এটা কৰিবি, পুহ মাহৰ ঠাণ্ডাত
পকা কঠাল এটা তই মোৰ ঘৰত গৈ দি আহিবিগৈ!
(এই
কাহিনীটো হেৰাই যাবলৈ নিদি ৰক্ষা কৰিলে আমাৰ মৰমৰ চিম্পীয়ে, চিম্পী শইকীয়াই ৷ ধন্যবাদ
চিম্পী ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড
পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment