জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা
(২৫)
দেওঁবাৰ৷ হেলনীয়া চকীখনৰ
সমূখত কাঠৰ টুল এখন থৈ তাতে ভৰি তুলি বহি পেহাই আৰাম কৰিছে৷ জাৰকালিৰ বেলি, দুপৰীয়া
পাৰ হওঁ নহওঁতেই বাঁহৰ আগত লুকাও লুকাও হ’ল ৷ পেহীয়েও ওচৰতে মুঢ়া এটাত বহি লৈ দৈনিক
অসম পঢ়িছে৷ কাকতখনৰ পৰা দুই এটা আমোদজনক খবৰ পেহীয়ে ফুটাই পঢ়ি পেহাকো দেশৰ সম্ভেদ
শুনাই থাকে৷ ঠিক সেই সময়তে আমি গৈ ওলালোগৈ – লাচিত দিৱসৰ বৰঙনি বিচাৰি ৷
পেহা আমাৰ অঞ্চলৰ উমৈহতীয়া
পেহা ৷ তেখেতৰ দেউতাককো গঞাই পেহা বুলি মাতিছিল হেনো ৷ পুৰুষানুক্ৰমে চলি অহা এই
পেহা উপাধিটোৰ কাৰণ আছে৷ হাতত লাগি থকা চূণৰ অৱশিষ্টখিনি চকীখনৰ হেন্দেলডালৰ তলৰ পিনে
মচি মচি পেহাই বাওঁহাতেৰে কোৱাৰিটো মচি লৈ কাহিনী সাজু কৰিলে– নিজৰ জীৱন বুৰঞ্জী
৷ বেকা হাঁহি এটা মাৰি পেহী চাহ কৰিবলৈ পাকঘৰত সোমাল৷
মংগোলিয়াৰ ফালৰ পৰা চুকাফা
অসমলৈ আহোঁতেই হেনো পেহাৰ পূৰ্বপুৰুষসকলকো লগত লৈ আহিছিল৷ বুৰঞ্জীত এই কথা নাই কিন্তু
পৰিয়ালৰ ইতিহাসত এইটো সকলোৱে জনা কথা৷ আহোমৰ দিনত পেহাৰ পূৰ্বপুৰুষসকলে বিষয়বাব
খাই পোৱা নাই হয়, কিন্তু ৰজা ভঙা পতা খেলত পৰিয়ালটোৰ হেনো তুলনা পাবলৈ নাই৷ উদাহৰণ
স্বৰুপে পেহাই মাত্ৰ দুটা ঘটনাৰ বৰ্ণনা কৰে৷
মিৰজুমলাৰ আক্ৰমণত স্বৰ্গদেউ
জয়ধ্বজ সিংহ এবাৰ যুদ্ধত হাৰিছিল৷ ফলত ৰমনী গাভৰুকে আদি কৰি নানান ভাৰ ভেটিৰে মোগল
সম্ৰাট ঔৰংগজেৱৰ লগত ৰজাই সন্ধি কৰিব লগা হৈছিল৷ তাৰ ফলত দি থাকিব লগা কৰ কাটলৰ পৰিমানো
হেনো যথেষ্ট বৃদ্ধি পাইছিল৷ কথাটোত পেহাৰ আজো ককাক বৰ অসন্তুষ্ট হৈছিল আৰু কৰ কাটলৰ
পৰিমান কমাই দিবলৈ স্বৰ্গদেউক বুদ্ধি দিছিল – দেখা যাব কি কৰে মোগলে ৷ এই কথাটোত
আহত হৈ ফৌজদাৰ ফিৰোজখাই চক্ৰধ্বজ সিংহলৈ হেনো টান ভাষাত লিখা চিঠি এখন দি পঠাইছিল৷
দৈৱক্ৰমে কটকীয়ে আহি চিঠিখন দিলেহি হেনো পেহাৰ আজো ককাকৰ হাতত! আজো ককাক আছিল মোমাই
তামূলী বৰফুকনৰ খুলশালী – সৰুজনী ঘৈনীয়েকৰ ফালৰ৷ খঙত একোনাই হৈ তেখেতে ঘোষনা কৰিলে
– যুদ্ধ হ’ব৷ যাৰ ফলশ্ৰুতি শৰাইঘাটৰ ৰণ৷ লাচিতক চাকৰি দিয়া মানুহজনো আছিল হেনো তেখেতেই৷
-
- - তহঁতে বুৰঞ্জীত যে পাৱ, লাচিতে তিৰোতা
এগৰাকীৰ কাণৰ ফুটাইদি কাড় এপাত সৰকাই দিব পাৰিছিল, এশটা কলপুলি একে পাকতে ঘুৰি কাটি
ছোৱা ছোৱা কৰিছিল৷ শুনিছনে নাই?
- - শুনিছো, শুনিছো, এই কথা বুৰঞ্জীত আছে!
আমি কওঁ৷
- - লাচিতৰ সেই পৰীক্ষাটো লওঁতে পৰীক্ষাৰ ই্নভিজিলেটৰ
কোন আছিল বুলি ভাবিছ?
পেহাৰ আজো ককাক৷ এইখিনিতে
পেহাই এটা বেকা অৰ্থপূৰ্ণ হাঁহি মাৰে, যাৰ অৰ্থ বুৰঞ্জীয়ে নজনা বহু কথাও তেখেতে জানে!
লাচিত বৰফুকনে হেনো পেহাৰ আজো ককাকক পেহা
বুলি মাতিছিল৷ পেহা বুলি মতা পৰম্পৰাটো তেতিয়াই আৰম্ভ হৈছিল৷ তেখেতৰ লগত পৰামৰ্শ বা
আলোচনা নকৰাকৈ লাচিতে হেনো এটা খোজও আগ নবঢ়াইছিল৷
আচল কথাটো শুন ৷ পেহাই পানীপটাত তামোলৰ
পিক পেলাই আহিলগৈ৷ পেহীয়ে লাল চাহৰ গিলাচ থকা কাঁহিখন ইমান সময়ে পেহাই ভৰি তুলি থকা
টুলখনতে থৈ গ’লহি৷
শৰাইঘাটৰ ৰণৰ সময়ত মোমাই
কটা গড়ৰ ঠিকা কামতো লৈ হেনো পেহাৰ আজো
ককাক আৰু লাচিতৰ মোমায়েকৰ মাজত ভাল মনোমালিন্য হ’ল৷ লাচিতৰ মোমায়েক জিকিল, পেহাৰ
আজো ককাক হাৰিল ৷ একে ৰাতিতে কৰিব লগা টান কাম৷ আজো ককাকে সুযোগৰ অপেক্ষা কৰি ৰ’ল৷
বেছি সময় ৰ’ব লগা নহলেই, মাজনিশা ৰামসিংহৰ সৈন্যবাহিনীৰ পৰা গোপনে সংগ্ৰহ কৰি অনা
জৰ্দা দি তৈয়াৰ কৰা গুৱামুৰি এভাগ লাচিতলৈ আগবঢ়াই দি তেখেতে সম্ভ্ৰমেৰে ক’লে- বৰফুকন,
কামটো এবাৰ চাই অহা ভাল হব নেকি? লাচিতে হেনো তেতিয়ালৈকে কথাটো ভবাই নাছিল৷ মোগলাই
জৰ্দাৰ প্ৰভাৱত লাচিতৰ মুখমণ্ডল তেতিয়া কমলা টেঙাৰ দৰে ৰঙা হৈ উঠিছে৷ মাজনিশা হাতত
খোলা তৰোৱাল লৈ বৰফুকন, গাৰ কাষে কাষে পেহাৰ আজো ককাক, পৰামৰ্শদাতা৷
তাৰ পাছৰ খিনি বুৰঞ্জীত আছেই! পেহা অলপ
সময় ৰ’ল৷ মোখনি মাৰিলে বুলি ভাবি আমি কি কি কৰি উঠিলো৷
যিখিনি কিতাপত নাই সেইখিনি
হৈছে খোলা তৰোৱাল ডাঙি মোমায়েকক কাটিবলৈ লৈ লাচিতে পেহাৰ আজো ককাকলৈ চালে অৰ্থাৎ
অনুমতি বিচাৰিলে – কাটোনে নাই ! ঠিক সেই মূহুৰ্ততে আজো ককাকৰ ঠিকাৰ কামটোৰ কথা মনত
পৰি গ’ল আৰু লগে লগেই মুৰটো দুপিয়াই দিলে – ঘেচেক্!
পিছৰখিনি তহঁতে কিতাপত পঢ়িছই৷
(“জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা”-ৰ এইটো অন্তিম
খণ্ড৷ চন্দ্ৰপেহাৰ কাহিনী শেষ হলেও “জীৱন বাটৰ ৰস” চলি থাকিব বুলি আশা কৰিছো৷ ইয়াৰ
যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব –
http://utpalbaruah.blogspot.com)
No comments:
Post a Comment