Sunday, December 10, 2017

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (২৬)

জীৱন বাটৰ ৰস সম্পৰ্কে.....

এসময়ত আমাৰ অঞ্চলটোক নদুৱাৰ বুলি কোৱা হৈছিল৷ ১৯২৯ চনত এই অঞ্চলৰ গন্যমান্য বাসিন্দাসকলে এখ্ন স্কুল খোলাৰ সিদ্ধান্ত ল’লে ৷ আমাৰ ঠাইখন নদুৱাৰৰ মাজ অংশত অৱস্থিত হোৱা বাবে স্কুলখন আমাৰ চহৰখনতে পতাৰ সিদ্ধান্ত হ’ল৷ প্ৰতিভাৱান, যোগ্য, দূৰদৰ্শী লোকৰ  হাতত স্কুলখন সোনকালেই ঠন ধৰি উঠিছিল আৰু অসমীয়া সাহিত্য, বিজ্ঞান, শিক্ষা, নাট্যকলা আৰু সংগীত জগতলৈ প্ৰভূত বৰঙনি আগবঢ়াব পৰা লোকৰ সৃষ্টি কৰিছিল৷ প্ৰধান শিক্ষকৰ দায়িত্ব যিসকলে পাইছিল তেখেতসকলে  আশাসুধীয়াকৈ অনুষ্ঠানটোৰ মঙ্গলৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল ৷

আশীৰ দশকৰ আৰম্ভনিলৈকে কেইবাটাও দশক ধৰি প্ৰধান শিক্ষকৰ দায়িত্বৰ আছিল মাননীয় মহেন্দ্ৰনাথ বৰকটকী ছাৰ৷ তেখেতে কলেজত পঢ়িবলৈ যোৱা চোকা ছাত্ৰ-ছাত্ৰীৰ ওপৰত নজৰ ৰাখিছিল আৰু কলেজৰ শেষ পৰীক্ষা লিখাৰ পাছতে তেনে ছাত্ৰ-ছাত্ৰীক স্কুলখনত কাম কৰিবলৈ মাতি আনিছিল৷ পাছত বিশ্ববিদ্যালয়ৰ শিক্ষা বা আন চাকৰিলৈ যোৱাত অৱশ্যেই কোনো বাধা নাছিল, কিন্তু “কৰচোন  ইয়াতে অলপদিন” বুলি অহা কোনো কোনো লোকে সেই চাকৰিতেই কৰ্ম জীৱনৰ সামৰণি মাৰি এদিন অৱসৰ গ্ৰহন কৰিছিল৷

অনেক গুণী শিক্ষকে আমাৰ শিক্ষা জীৱন সমৃদ্ধ কৰিছিল৷ উদাহৰণস্বৰূপে, মনৰ তলিত সাহিত্যৰ বীজ সিচিছিল লীলা ছাৰে৷ নিয়মানুবৰ্তীতাৰ কঠোৰ অনুশীলন শিকাইছিল মন্মথ ছাৰে৷ ক্ৰীড়াৰ জগতখনৰ লগত চিনাকী কৰিছিল নিশি ছাৰ, বিনয় ছাৰে ৷ স্কাউট আৰু এন-ছি-ছিৰ ডিচিপ্লিন্‌ শিকিছিলো গোলাপ ছাৰ আৰু নিশি ছাৰ দুয়োৰে পৰা ৷ তালুকদাৰ ছাৰ আৰু নিৰূপছাৰ আছিল গণিতৰ অপ্ৰমাদী গুৰু ৷ প্ৰশাসনীয় দক্ষতাৰ আদিপাঠ দিছিল বিনয় ছাৰে ৷ বাণিজ্যৰ অ-আ-ক-খ’-ত আজিজুৰ ছাৰ ৷ নাট্য কলাৰ ক্ষেত্ৰত যেন এজন আছিল আন এজনতকৈ চৰা ৷ কথা কোৱাৰ অপূৰ্ব কৌশল আৰু প্ৰখৰ হাস্যৰসৰ তুলনাবিহীন প্ৰয়োগত সৰ্বেশ্বৰ ছাৰৰ যেন কোনো সমকক্ষই নাছিল!

আৰু অকল শিক্ষাগুৰু সকলেইহে নে? কতলোকৰ সান্নিধ্য আৰু নমস্য ব্যক্তিত্বই দিনে দিনে আমাৰ জীৱন সমৃদ্ধ কৰি আহিছে! চন্দ্ৰপেহাৰ পঁচিশটা খণ্ড সমাপ্ত হোৱাৰ পাছত এতিয়া মই সেই অভিজ্ঞতা সোঁৱৰণ কৰিব খুজিছো যাৰ স্মৃতিয়ে মোৰ মনটো ক্ষণিকৰ বাবে হলেও পোহৰাই তুলিছিল৷ যাৰ সান্নিধ্যই জীৱনটোক সামান্য হলেও অধিক ভাল পাবলৈ প্ৰলুব্ধ কৰিছিল৷ এতিয়া মই সেই সকলৰ স্মৃতি ৰোমন্থন কৰিম৷ ইয়াত চিনাকি – অচিনাকী, আপোন-পৰ, দূৰৰ-ওচৰৰ অনেক লোক আছে, হয়তো আপুনিও আছে…

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (২৬)

কটন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক শিক্ষা গ্ৰহন কৰি অহাৰ পাছতে বৰকটকী ছাৰে এদিন সৰ্বশ্বৰ ছাৰক “কৰচোন  ইয়াতে অলপদিন” বুলি স্কুলৰ চাকৰিলৈ মাতি আনিলে৷ ছাৰে ইচ্ছা কৰা হলে এজন প্ৰশাসনীয় বিষয়া, অধ্যাপক নতুবা এজন উকীল হৈ কৰ্মজীৱন আৰম্ভ কৰিব পাৰিলেহেঁতেন৷ কিন্তু ছাৰে তেনে নকৰিলে৷ স্কুলখনৰ উৰ্বৰ ভূমিৰ মোহত শিক্ষকতা, নাট্যচৰ্চা আদিৰে আমাৰ অঞ্চলটোক নেতৃত্ব দি সেই চাকৰিতেই এদিন ছাৰে অৱসৰ গ্ৰহন কৰিলে৷

প্ৰখৰ হাস্যৰস আৰু ক্ষীপ্ৰ-তীৰ্যক ব্যংগত ছাৰৰ সমকক্ষ কোনো নাছিল৷ সততে গহীন হৈ থাকি ছাৰে কেতিয়াবা এনেকুৱা কিছুমান বাক্য প্ৰয়োগ কৰিছিল যে শ্ৰোতাৰ পেটৰ নাৰী ডাল ডাল হৈছিল৷ সেই গুণ ছাৰলৈ স্বতঃস্ফূৰ্ত ভাবে আহিছিল৷ মোৰ দৰে অনেক ছাত্ৰয়েই ছাৰক পৰম শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ছাৰে উপহাৰ দিয়া কেতবোৰ অতুলনীয় মূহুৰ্তৰ বাবে৷

বিশ্ব নন্দনে নাটক কৰে ৷ দেখাত ওখ পাখ হিৰো  যেন লগা চেহেৰা৷ ক’লা চশমাযোৰ পিন্ধি ল’লে হিন্দী চিনেমাৰ জিতেন্দ্ৰ যেন লাগে৷ ছাৰৰ পুৰণা ছাত্ৰ ৷ নাটকত অভিনয় কৰে বাবে ছাৰে তেওঁক অলপ বেছি মৰম কৰিছিল আৰু বন্ধুত্বপূৰ্ণ ব্যবহাৰ কৰিছিল বুলি তেওঁৰ ধাৰনা ৷ এদিন আবেলি সময়ত আমাৰ সৰু চহৰখনৰ পান দোকান এখনৰ সমূখত আহি ছাৰে চাইকেল ৰখালেহি৷ বিশ্ব নন্দন উৎসাহেৰে আগবাঢ়ি আহিল৷ ছাৰৰ হৈ তেওঁৱেই দুখন তামোলৰ অৰ্ডাৰ দিলে – এখন ছাৰৰ কাৰনে, আনখন তেওঁৰ নিজৰ কাৰনে ৷ তামোলখন মুখত সুমুৱাই লৈ ছাৰে কথা আৰম্ভ কৰিলে৷ ওচৰতে থকা আৰু কেইজনমান ৰসৰ সন্ধানত ওচৰ চাপি আহিল৷

অলপ সময়ৰ পাছত ছাৰ ঘামিবলৈ আৰম্ভ কৰিলে৷ ছাৰৰ তপামূৰত বিন্দু বিন্দু ঘামৰ কণিকা বিৰিঙিল৷ মাজতে এবাৰ জেপৰ পৰা ৰুমাল এখন উলিয়াই ছাৰে মুখখনো মচি ল’লে ৷ ঘাম ওলায়েই আছে!

তেনে অৱস্থাতে বিশ্ব নন্দনে ফিল্মী ষ্টাইলেৰে ছাৰক সুধিলে – কি কথা ছাৰ, একেই তামোল খালো, মোৰ একোৱেই নহ’ল, অথচ আপুনি ঘামি-জামি জুৰুলী-জুপুৰী হৈ গৈছে!

স্বভাৱ সুলভ ভংগীৰে ছাৰে তপৰাই সুধিলে – তাৰ মানে কি বুজিলি?    

মানে ছাৰ? - একো নুবুজি বিশ্ব নন্দনৰ লগতে আৰু দুজনমানে একেলগে ছাৰক প্ৰশ্ন কৰিলে৷ 

ছাৰে নিজৰ তপা মূৰটোত তৰ্জনী আঙুলিটোৰে টোকৰ কেইটামান মাৰি তপৰাই উত্তৰ দিলে – তাৰমানে মোৰ আছে, তোৰ নাই!


(“জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

No comments:

Post a Comment