Saturday, December 2, 2017

এন্নিভাৰচেৰি থটঃ


এন্নিভাৰচেৰি থটঃ

ওঠৰ বছৰ  বৰ তাকৰ সময় নহয় – সুখ হলেও, দুখ হলেও!

জীৱনটো বৰ আমোদজনক৷ শ্বাহৰুখ খানক কেইবাবাৰো লগ পাইছো, আটাইকেইবাৰেই লগত গৌৰী আছিল৷ দেখোঁ, দুয়োটা অনবৰতে কথাত বিভোৰ! আচৰিত হৈছিলো, আমাৰ দুটাৰ দেখোন কথা পাতিব লগা কোনো বিষয়েই নাথাকে৷ কি কথা পাতি থাকে ইহঁতে - গিৰিয়েক ঘৈনীয়েকৰো এনেদৰে অনবৰতে কথা পাতি থাকিব লগা কিবা কাৰণ থাকেনে! কিতাপ এখনত পাইছিলো, বিয়া পাতিবলৈ সিদ্ধান্ত কৰা ছোৱালীজনীৰ লগত অন্তত কথা পাতিবলৈ ভাল লগা হবই লাগিব৷ নহলে হেনো বিবাহিত জীৱন নজমে! এইটো উপাদান শ্বাহৰূখ-গৌৰীৰ ক্ষেত্ৰত বেছি হ’ল কাৰণে অনবৰতে কথা পাতি থাকে নেকি? আজিলৈকে নুবুজিলো৷

বিয়াৰ দুবছৰমান পাছতে মই পতি পত্নীৰ সম্পৰ্কৰ বিষয়ে লিখা কেইবাখনো কিতাপ পঢ়িছিলো৷ বৰ আমোদজনক তথ্যৰে ভৰি থকা কিতাপ ৷ উচ্ছাহৰ আতিশয্যত এটা প্ৰৱন্ধও লিখিছিলো – পতি-পত্নীৰ পোৱাৰ আনন্দ আৰু নোপোৱাৰ বেদনা৷ হিট হৈছিল৷ প্ৰান্তিকত কভাব পেইজ কৰিছিল ! ৫৮ বছৰীয়া মহিলা এগৰাকীয়ে ফোন কৰি মোক সুধিছিল – আমি বৰ সুখী জানে, ছোৱালীজনীৰ বিয়া ঠিক হৈছে, লৰাটোৱে বাঙ্গালোৰত পঢ়ি আছে, কিন্তু কি জানে, দুখ এটাই, তেখেতে মোৰ কথা একেবাৰেই নুশুনে, এখন কানেৰে সুমুৱাই আনখনেদি উলিয়াই দিয়ে৷ মই কৈছিলো – মাদাম, আপুনি জানি সুখী হব যে পৃথিৱীত বাস কৰা ৯৯ শতাংশ পত্নীৰ এইটো এটা কমন কমপ্লেইন ! হয়নে ? ভদ্ৰমহিলা উৎফুল্লিত হৈ উঠিছিল ৷ সেই সময়তে এষাৰ কথা পাইছিলো, পত্নীৰ লগত সংঘটিত হোৱা জীৱন-যোৰা মহাৰণ খনৰ শেষত যদি আপুনি জিকিব বিচাৰিছে, দৈনিক সংঘটিত হোৱা প্ৰতিখন যুদ্ধত হাৰিবলৈ শিকক৷ কিতাপত পোৱা হলেও ব্যৱহাৰিক দিশৰ পৰা এইটো এটা সোনসেৰীয়া উপদেশ আছিল ৷

তিতা কেৰেলা মই নাখাও, দেখিলেই খঙ উঠে, কিন্তু তেওঁ অত্যন্ত ভাল পায়, সেয়ে মই বজাৰত কিনো৷ দেওঁবাৰে তেওঁ মাছ-মঙহ নাখায়, সেইেটো বাৰত আকৌ দুপৰীয়া সাঁজত নিৰামিষ খাবলৈ মই বৰ টান পাওঁ, সেয়ে তেওঁ আমিষ ৰান্ধে ৷ ইয়াৰ দ্বাৰাই আওপকীয়াকৈ প্ৰমান কৰিব পাৰি  যে উই কেয়াৰ ইচ্ছ আদাৰ!

জিলিকি থাকিলেই সোণ নহয়৷ জনচক্ষুত পতি-পত্নীৰ নিকট দৃশ্যই গভীৰ প্ৰেম নুবুজায়৷ অপ্ৰিয় হলেও সত্য হৈছে – love does not last, lust lasts!

কেতিয়াবা যদি পূৰ্ণতাৰ প্ৰাপ্তিত মনটো কৃতজ্ঞতাৰে ভৰি উঠে কেতিয়াবা আকৌ খঙত পাৰ চৰাই মোচৰাদি মুচৰি মাৰিবৰ মন যায় – দুয়োটায়ে দুয়োটাক! সেইয়াই স্বাভাৱিক৷ জীৱন এনেকুৱাই ! দুখ আৰু সুখৰ সমাহাৰেই জীৱন৷ দুটা লৰাৰ মাক-বাপেক হৈ আমাৰ সংসাৰো সময়ৰ নদীত কেতিয়াবা স্নিগ্ধ সোনালী সন্ধিয়াত সুস্থিৰ গতিৰে বা কেতিয়াবা ধুমুহাৰ ধামখুমীয়াত ডুবু ডুবু হৈও নুডুবাকৈ চলি গৈ আছে, গৈ আছে, গৈয়েই আছে ! লাহে লাহে জীৱন বুলি কোৱা, আমাৰ ভাগত পৰা সময়খিনিৰ দিনটোৱে ভাটি দিবলৈ আৰম্ভ কৰিছে, কৰিবই !


আজি আমাৰ বিয়াৰ তাৰিখ! ব্যক্তিগতভাৱে মই এই দিনটো বৈশিষ্টপূৰ্ণ বুলি নাভাবো৷ মাজনীয়ে ফটোখন ফেচবুকত দিয়াৰ পাছত বহু শুভাকাঙ্খীয়ে আজি আমাক শুভেচ্ছা জনাইছে ৷ আটাইলৈ আমাৰ হিয়াভৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ৷ 

No comments:

Post a Comment