Friday, December 29, 2017

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (২৯)

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (২৯)

এতিয়াৰ দৰে প্ৰয়োজন হলেই মোবাইলৰ বুটাম টিপি নিমিষতে তথ্য এটা সংগ্ৰহ কৰিব পৰাৰ সুবিধা তেতিয়া নাছিল স্কুল-কলেজৰ পাঠ্যপুথিৰ বাহিৰে জ্ঞান অন্বেষণৰ সহজ উপায় আছিল বাতৰি কাগজ, আলোচনী আৰু ৰেডিঅটোৰ দ্বাৰা ৷ সেইয়াও সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ কথা নাছিল৷ অনেকৰ ঘৰতে নিয়মীয়াকৈ বাতৰি কাগজ পঢ়াটো আৰ্থিক দিশৰ পৰাই সম্ভৱপৰ কথা নাছিল৷ আমাৰ চেন্টাৰটোত থকা “ভট্টাচাৰ্য এজেঞ্চী”, “সূজনী পুস্তকালয়” আৰু “বুক হাউচ” নামৰ কিতাপৰ দোকান কেইখনতে বহুলোকে বাতৰি কাকত আৰু আলোচনী একোখন নিকিনাকৈয়ে থিয়ৈ থিয়ৈ পঢ়ি মনৰ তৃষ্ণা নিবাৰণ কৰিছিল৷ শিক্ষকসকলৰ সান্নিধ্য আছিল আন এটা অত্যন্ত ফলপ্ৰসূ উপায় ৷ ছাত্ৰ-ছাত্ৰীৰ মনৰ মাজত নানান বিষয়ৰ প্ৰতি জিজ্ঞাসা জগাই তোলাত ছাৰসকলৰ অৱদানেই আছিল সবাতোকৈ বেছি৷

তেতিয়াৰ দিনত কোনোবা দিনা নিৰ্ধাৰিত শিক্ষকসকল স্কুলত অনুপস্থিত থাকিলে আন এজন শিক্ষককে ক্লাছ ল’বলৈ পঠাই দিয়াৰ নিয়ম আছিল ৷ তেনে শিক্ষকে সেই পিৰিয়দত নিৰ্ধাৰিত বিষয়টোৱেই পঢ়াব লাগিব বুলি ধৰাবন্ধা কথা নাছিল৷ এনেকুৱা ক্লাছতে কেইজনমান শিক্ষকৰ পৰা আমি এনেকুৱা কিছুমান কথা শিকিবলৈ পাইছিলো যে সেয়াই আমাৰ সমস্ত জীৱন সমৃদ্ধ কৰি আহিছে৷ এতিয়া উভতি চালে নিয়মীয়া ক্লাছবোৰতকৈ সেই হঠাতে হোৱা ক্লাছবিলাকৰ স্মৃতিহে বেছি উজ্জ্বল হৈ উঠে৷

বুৰঞ্জীৰ ক্লাছ, আহিব লগা আছিল তাৰানিধি উপাধ্যায় ছাৰ (স্বৰ্গীয়); কিন্তু হঠাতে আহি সোমালহি লীলা ছাৰ (স্বৰ্গীয় লীলা কটকী)৷ লীলা ছাৰৰ সাহিত্য প্ৰতিভা আছিল সৰ্বজনবিদীত ৷ আমাৰ অঞ্চলটোৰ কেইবা দশকজোৰা সাহিত্য কৰ্মত ছাৰৰ অৱদান অতুলনীয়৷ এসময়ত ভুপেন হাজৰিকাই সম্পাদনা কৰা “বিন্দু” নামৰ আলোচনীখনতো ছাৰে অনু-গল্প লিখিছিল৷ ছাৰৰ কথাত ৰসে চৌ-চৌ কৰিছিল৷ আটাইতকৈ দুষ্ট ছাত্ৰকেইটাও ছাৰৰ ক্লাছত ব্ৰইলাৰ ছিকেন বহাদি দৰক লাগি বহি থাকিবলৈ বাধ্য হৈছিল৷ কাঁহ পৰি জীন যোৱা নিস্তব্ধতাত ছাৰে বুৰঞ্জী পঢ়াবলৈ আৰম্ভ  কৰিলে – মানৰ অক্ৰমণৰ সময়ৰ কথা৷ বদন বৰফুকনে ১৮১৭ চনত ব্ৰহ্মদেশৰ পৰা মান সেনা লৈ আহিলে৷ পূৰ্ণানন্দ  বুঢ়াগোহাঁইয়ে মান ভেটিবলৈ আপ্ৰান চেষ্টা কৰিছিল যদিও সফল হ’ব নোৱাৰিলে৷ যুদ্ধত মান সেনা জয়ী হোৱাৰ খবৰ পাই বুঢ়াগোহাঁইয়ে চকুৰে আন্ধাৰ দেখিলে৷ তেনে পৰিস্থিতিত জীয়াই থকাতকৈ মৃত্যুৱেই শ্ৰেয় বুলি ভাবি বুঢ়াগোহাঁইয়ে পিন্ধি থকা আঙঠিটোকে চেলেক মাৰি দিলে৷ সেইটো আছিল হীৰাৰ আঙঠি৷ হীৰা বৰ বিহ - নিমিষতে পূৰ্ণানন্দ  বুঢ়াগোহাঁইৰ প্ৰাণবায়ু শৰীৰ পৰা ওলাই গ’ল৷ প্ৰায় দুশ বছৰৰ আগৰ দৃশ্য কিছুমান আমাৰ চকুৰ আগত জিলিকি উঠিল৷ ছাৰে সেইদিনাৰ ক্লাছটো শেষ কৰিছিল এটা পদ্যৰ পংক্তিৰে – কালহীৰা চেলেকি/ বুঢ়াগোঁহাই নৰকি/ ৰাতিতে সৰকি গ’ল ৷ আজি পয়ত্ৰিছ বছৰৰ পাছতো ছাৰৰ সেই কথাষাৰ সুবিধা পালেই মনত বাজি উঠে৷ সুৰৰ কি অদ্ভুত শক্তি! তাৰ পাছৰ সপ্তাহত তাৰানিধি ছাৰ আহি যোগ দিছিলহি – মান সেনাবাহিনীৰ সেনাপতি কোন আছিল জান- আলু আৰু তিল৷
-          আলু আৰু তিল ? আমি অবাক হ’লো, সুধিলো – মানে ছাৰ?
-          তহঁতে মাথো আলু আৰু তিলটো মনত ৰাখিবি ৷ আলু মানে আলুমিঙি আৰু তিল মানে মিঙ্গিমাহা তিলোৱা ৷ এতিয়া তহ’তে আৰু এইদুটা নাম জীৱনত নাপাহৰ৷ 

সঁচা কথা, ছয়ত্ৰিশ বছৰৰ পাছতো নাই পাহৰা ৷ সুৰ বা লয়ৰ আৰু এটা কথা কৈছিল লীলা ছাৰে৷ কালি অৰ্থাৎ ২৮ ডিচেম্বৰ তাৰিখে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা “অভিলেখাগাৰৰ পৰা” নামৰ অনুষ্ঠানটো শুনি আছিলো৷ তাতে প্ৰতিমা পাণ্ডে বৰুৱাই নিজৰ এটা অভিজ্ঞতাৰ কথা কৈ আছে - বনৰীয়া হাতী ধৰি আনি মাউতবোৰে বশ কৰিবলৈ শিক্ষা দি থকা সময়ত হেনো এটা গীত গায়৷ আৰু সেই গীত শুনিলেই বনৰীয়া হাতীৰ চকুৰ পৰা টোপা-টোপে চকুলো বৈ আহে৷ গাটো মোৰ জিকাৰ খাই উঠিল৷ লীলা ছাৰৰ কথাষাৰলৈ চেৰেংকৈ মনত পৰি গ’ল – সদায় দেখি থকা গছপাতটোও ছবিটিত ভাল হৈ পৰে/  সদায় শুনি থকা সৰু কথাবোৰো গীত হলে প্ৰান টানি ধৰে ! জীৱ মাত্ৰেই সুৰীয়া শব্দৰ প্ৰতি আকৰ্ষণ থাকে! সুৰৰ কি অদ্ভুত শক্তি!

আমাৰ স্কুলৰ আৰবী বিষয়ৰ শিক্ষক আছিল মৌলবী ছাৰ৷ ষষ্ঠ শ্ৰেনীত “খেল-ধেমালি” বুলি পিৰিয়দ এটা আছিল৷ এদিন সেইটো ক্লাছতে হঠাতে মৌলবী ছাৰ আহি ওলালহি৷ গোটেই ক্লাছটোকে স্কুলৰ পাছফালে থকা মুকিল ঠাইখনলৈ লৈ গৈ বননিৰ ওপৰত বহিবলৈ দিলে – ভদ্ৰাসন ভংগীত, অৰ্ধবৃত্তাকাৰ আকাৰত বহুৱাই লৈ ছাৰ নিজেও সমূখত ল’লে৷ তাৰ পিচত ছাৰে আৰম্ভ কৰিলে– এদল সৈন্যই ঘোঁৰাত উঠি এখন দেশ অভিমূখে আগবাঢ়ি আহি আছে৷ তহঁতক মই এতিয়া সৈন্যবিলাক দেখুৱাই দিম৷ মই যি কওঁ শুনি যাবি আৰু যি কৰোঁ তাকে কৰিবি৷ ছাৰে প্ৰথমে হাত চাপৰি বজাবলৈ আৰম্ভ কৰিলে, আমি সকলোৱে তাকে কৰিলো৷ ছাৰে কৈ গ’ল – এতিয়া সৈন্যসকল এখন দলঙত উঠিব, ছাৰে লগে লগে নিজৰ মুখখন গোল কৰি হাতৰ তলুৱাৰে মুখত চাপৰি বজোৱাৰ দৰে শব্দ কৰিলে, আমি আটায়ে তাকে কৰিলো৷ তাৰ পাছত দুয়ো হাতেৰে সমূখৰ বননিত চাপৰি পৰিল, সৈন্যজাক এতিয়া এটা মাটিৰ ৰাস্তা পাইছেহি৷ তাৰ পাছত বোকা ৰাস্তা – প্ৰত্যেকৰ ভৰিৰ কলাফুলত চাপৰি পৰিছে, তাৰ পিচত গালত, তাৰ পিচত হাতৰ তলুৱাখন ওলোটাকৈ লৈ ৷ চাপৰিৰ বেগ মাজে মাজে বাঢ়ি যায়, মাজে মাজে কমি আহে৷ লাহে লাহে পকী ৰাস্তা, বোকা ৰাস্তা, কাঠৰ দলং, বননি, বাচৰ কেকুৰি আদি অতিক্ৰম কৰি বিম্বাশৱদে আগবাঢ়ি অহা এদল সৈন্য আমাৰ চকুৰ আগত জিলিকি উঠিল৷ ধ্বনি সৃষ্টিৰ কি অদ্ভুত খেল! তেনে খেল মই আন ক’তো দেখা নাই জীৱনত৷ আজিৰ পৰা কেইমাহমানৰ আগতে হায়দৰাবাদত থকা “ৰামুজী ফিল্ম চিটি”ত ধ্বনি সৃষ্টি কৰা এনে কিছুমান আমোদজনক কৌশল দেখিছিলো৷

এতিয়া আহোঁ সৰ্বেশ্বৰ ছাৰৰ কথালৈ ৷ ছাৰে কেইবাটাও শ্ৰেনীত অংক পঢ়াইছিল ৷ স্বাস্থ্যৱান চেহেৰাৰ ছাৰে বৰ পৰিপাটিকৈ পিন্ধি-উৰি স্কুললৈ আহিছিল৷ পাঠটো বুজাই হোৱাৰ পাছত কেতিয়াবা অংকটো বৰ্ডত পাতি নিৰহ-নিপানীকৈ বুজাই দিছিল৷ তলৰ ক্লাছৰ কথা ৷ ছাৰে অংক এটা বুজাবৰ বাবে বৰ্ডত পাতিবলৈ আৰম্ভ কৰিছে৷ ক্ষন্তেক পাছতে শেষৰ বেঞ্চৰ পৰা চিঞৰ এটা আহিল – ছাৰ, দেখা নাই!
ছাৰে একমনে বৰ্ডখনত অংকটো আগুৱাই নি আছে৷ তেনেতে আকৌ এটা চিঞৰ – ছাৰ দেখা নাই!
অলপ পাছতে আকৌ এবাৰ – ছাৰ দেখা নাই!
অংকটোৰ শাৰী কেইটাৰ তলত ছাৰে আঁচ এডাল টানিবলৈ লৈছিল৷ আধাতে ৰৈ হাতটো বৰ্ডৰ পৰা নাতঁৰোৱাকৈয়ে ডিঙিতো ঘুৰাই ছাৰে এইবাৰ উত্তৰ দিলে – হেৰৌ, অংকটো পাতি লোৱাৰ সময়কণ ধৈৰ্য্য ধৰছোন, মইতো স্বচ্ছ পদাৰ্থ নহয় যে তহঁতে মোৰ মাজেৰে দেখিবি !


 (“জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

No comments:

Post a Comment