Sunday, October 7, 2018

জীৱন বাটৰ ৰসঃ বোপাই মেধিৰ বিলাই , গুৱাহাটী ১৯৯৫ (৬৮)


জীৱন বাটৰ ৰসঃ বোপাই মেধিৰ বিলাই , গুৱাহাটী ১৯৯৫ (৬৮)

বোপাই মেধিয়ে যি সময়ত ঘৰৰ পৰা ওলাই আহি গুৱাহাটীৰ কলেজত ভৰ্তি হৈছিল, সেই সময়ত গুৱাহাটীত গাড়ী মটৰৰ ভীৰ আজিৰ দৰে নাছিল৷ জালুকবাৰী চাৰিআলিয়েদি পাকটো মাৰি ডানলপ গেইটখনৰ তলেদি (ৰেলৰ চিৰিটোৰ তলেদি পাৰ হৈ যোৱা তোৰণৰ দৰে সেইডোখৰত দুয়োফালে ডানলপ টায়াৰৰ বিজ্ঞাপন থকা বাবে মানুহে সেইখনক ডানলপ গেইট বুলি কৈছিল) বাছখন যেতিয়া গুৱাহাটী মহানগৰীলৈ আগবাঢ়ে, বোপাই মেধিয়ে কনডাক্টৰক সুযোগ বুজি এবাৰ সোঁৱৰাই দিয়ে – ‘পান বজাৰত নমাই দিব দেই!’ মালিগাৱঁৰ চাৰিআলিটোত তেতিয়া কেইখনমানহে দোকান পোহাৰ-আছিল, তাৰ পিছত আকৌ উকা ৰাষ্টাৰ দুকাষ৷ সোঁ-হাতে পাহাৰৰ ওপৰত থকা ডাঙৰ শিল এটাত কোনোবাই চূণেৰে আঁকি থৈছিল তিনিটা ইংৰাজী বৰ্ণ – A.G.P. মানে অসম গণ পৰিষদ৷ আখৰ কেইটা মালিগাৱঁৰ পৰা ভূতনাথলৈকে দেখা পোৱা গৈছিল৷তাৰ সিফালেই দৃশ্যমান হৈছিল দূৰদৰ্শনৰ গগনচুম্বী টাৱাৰটো! বাওঁহাতে নীলাচল পাহাৰৰ গাত নতুনকৈ গঢ় লৈ উঠা মন্দিৰ এটা আৰু পাহাৰৰ বুকুত তালৈ উঠি যোৱা এটা দীঘল খটখটি৷ প্ৰকৃত অৰ্থত গুৱাহাটী মহানগৰী আৰম্ভ হৈছিল মাছখোৱাৰ পৰাহে! অসম ৰাজ্যিক বাছ পৰিবহন নিগমৰ সৰু আস্থানটোৰ লগতে পাব্লিক বাছ ৰখা ঠাই – মিৰ্জা, ছয়গাওঁ, নলবাৰী, পলাশবাৰী, পাঠশালা, বৰপেটা আদি ঠাইলৈ তাৰপৰা ৰং-বিৰঙৰ পাব্লিক বাছ চলিছিল৷

গুৱাহাটী মহানগৰীত ‘এ.এছ.টি.ছি’-ৰ দুটা প্ৰধান সংযোগী পথ আছিল– পাণ্ডু-নুনমাটি আৰু খানাপাৰা-পানবজাৰ লাইন৷ আগফালে নাকটোৰ দৰে ইঞ্জিনটো ওলাই থকা আৰু এবিধ প্ৰাইভেট চিটি বাছ চলিছিল৷ মাছখোৱা-অনুৰাধা-হাতীগড় চাৰিআলি, গনেশগুড়ি হৈ এটা লাইন বশিষ্ঠ পাইছিলগৈ, আনটো কাহিলীপাৰা৷ সাধাৰণ নাগৰিকৰ সুবিধা হিচাপে এইয়াই আছিল তেতিয়াৰ প্ৰধান সংযোগ ব্যৱস্থা৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লতাশিললৈ চলা ইউনিভাৰচিটিৰ বাছ কেইখনমানো নথকা নহয়, কিন্তু এই সুবিধা প্ৰধানকৈ ছাত্ৰ-ছাত্ৰী আৰু বিশ্ববিদ্যালয়ৰ লগত জড়িত লোকৰ বাবেহে আছিল৷ ৰাতি ন বজাৰ পিছত গুৱাহাটী মহানগৰীত চিটি বাছৰ সুবিধা সেমেকি গৈছিল, দহ বজাৰ পিছত সম্পূৰ্ণ বন্ধ হৈ গৈছিল!

এইটো সেই তেনেকুৱা সময়ৰে কথা৷ পঢ়াশুনা শেষ হোৱাৰ পিছত বোপাই মেধিৰ বিমানকোঠত চাকৰি হ’ল৷ তেতিয়ালৈ কেন্টাৰ বুলি কোৱা আন এবিধ বাছেও মহানগৰত ভুমুকি মাৰিছিল যদিও চলাচলৰ ঠাই মহানগৰখনৰ মাজেতে সীমাবদ্ধ আছিল আৰু সময় ৰাতি দহ মানলৈকেহে চলিছিল৷

মেধিৰ সম্পৰ্কীয় মাহী এজনী নাৰিকল বস্তিত থাকিবলৈ আহিছে৷ একেবাৰে বেঙী, মেধিক কোলাত তুলি ডাঙৰ কৰা আজলী স্বভাৱৰ মাহী৷ এদিন সহকৰ্মী-বন্ধু গৌতম গোস্বামীক লগত লৈ দিনৰ তিনিমান বজাত মেধি গৈ কেইবাখনো বাছ, চিটি বাছ আৰু ৰিক্সা সলনি কৰি নাৰিকল বস্তিত উপস্থিত হ’লগৈ৷ মাহীয়ে কি ক’ৰো, ক’ত থওঁ কৰিলে৷ কথা নিছিগেহে নিছিগে৷ পাঁচমান বজাৰ পৰা মেধিয়ে উচপিচ কৰিবলৈ আৰম্ভ কৰিলে৷ যাওঁ বুলি ক’লেই মাহীয়ে ভেকাহি মাৰি উঠে – ‘যাবিচোন ৰ, মই নতুন কিবা এটা বনাম বুলি ভাবি আছোঁ আজি, ৰ খাই যাবি, গুৱাহাটীতেইহে থাক!’ গোস্বামীয়ে এসময়ত চকুলৈ চাই ইংগিত দিবলৈ আৰম্ভ কৰিলে – ‘সোনকালে কৰক, আৰু দেৰি হ’লে বাছ নাপাম!’ মাহীক ক’লেই কয় – ‘ৰচোন ৰ, মই কিবা নতুন বস্তু এটা বনাম আজি, খাই যাবি!’

অৱশেষত আঠ বজাৰ আগে আগে নতুন বস্তুটো খাই দুই বন্ধুৱে মাহীৰ ঘৰৰ পৰা দৌৰ লগালে৷ ৰিক্সা এখনক খাটনি ধৰি এগুণত দুগুণ ভৰি হাতীগাওঁ চাৰিআলি পালেহি৷ তাৰপিছত শেষৰখন চিটিবাছত উঠি কোনোমতে আহি মাছখোৱা বাছ আস্থানত উপস্থিত হ’লহি৷ মিৰ্জা, ছয়গাওঁৰ বাছ শেষ হ’ল – এতিয়া নাই! গোৱালপাৰালৈ চলা নৈশ বাছ ৰাতি এঘাৰ বজাত পল্টন বজাৰৰ পৰা চলে! অগত্যা দুয়ো নলবাৰীলৈ চলা বাছ এখনতে উঠি জালুকবাৰী পাবলৈ বাধ্য হ’ল৷ তাৰ পৰা পদব্ৰজে লংকেশ্বৰ! তাতে মেধিৰৰ খুড়াদেউ এজনৰ ল’ৰা জোনক ধৰি মেলি তাৰ স্কুটাৰখনতে অলপ আগবঢ়াই দিয়াৰ ব্যৱস্থা কৰা হ’ল৷ কিন্তু বিধিৰ কি বিপাক – ধাৰাপুৰ চালিআলিত পুলিচ ‘চি-আৰ-পি’-ৰ চেক-কেম্প এটা বহিছে৷ জোনে আৰু আগবাঢ়িবলৈ সাহস নকৰিলে৷ আকৌ পদযাত্ৰা! অৱশেষত ৰাতি চাৰে এঘাৰ বজাত যেতিয়া দুই বন্ধু বিমানকোঠৰ সৰু আবাসটো পাইছিলহি, তেতিয়া দুয়োটা ভাগৰত লেবেজান!

গোস্বামীয়ে ভাগৰ আৰু ক্ষোভত স্বগত্যোক্তি কৰিছিল – ‘মেধি, আৰু যাতে মাহীৰ ঘৰলৈ যাবলৈ লগ নধৰে!’

এইয়া আজিৰ পৰা মাথোঁ একুৰী তিনি বছৰৰ আগৰ অভিজ্ঞতা! আমোদজনক কথা, কি নতুন বস্তু খুৱাইছিল মেধিৰ মাহীয়েকে সেইদিনা দুই ভাগিনক – দুই মিনিটতে তৈয়াৰ কৰিব পৰা দুবাটি মেগি!

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)