Sunday, August 27, 2017

মোৰ কলমঃ (১) বহিৰাগতক বহিষ্কাৰ


মোৰ কলমঃ (১) বহিৰাগতক বহিষ্কাৰ

আজি কিছুদিনৰ পৰা অসমৰ একাংশ অসমীয়াৰ মনত প্ৰৱল অসমীয়াত্ব জাগৰণ হোৱাৰ লক্ষণ পৰিস্ফূট হৈ উঠিছে৷ তেওঁলোক অসমীয়া জাতিটোৰ ভৱিষ্যতক লৈ হঠাতে শংকিত হৈ উঠিছে আৰু অসমখনক শীঘ্ৰেই বহিৰাগতৰ পৰা মুক্ত কৰিব লাগে বুলি সাধাৰণ ৰাইজক আহ্বান জনাইছে৷

পিছে অসমীয়াই মাজে মাজে নিজকে আৰ্চীৰ সমূখত থিয় কৰাই চোৱাটো বৰ প্ৰয়োজন৷ কি কাৰণে মই শ্ৰেনীত দ্বিতীয় হ’লো সেই কথা আৱিষ্কাৰ কৰিব নোৱাৰালৈকে মই প্ৰথম হোৱাৰ সম্ভাৱনা অতি ক্ষীণ৷ এই সহজ সত্যটোক উপলব্ধি কৰিলে কিছু পৰিমানে আবেগক নিজৰ বশ কৰি ৰাখিব পাৰি বুলি মোৰ বিশ্বাস ৷ ধান খেৰৰ জুই বা বৃষ্টিহীন ঢেৰেকণিৰ সলনি আত্মশুদ্ধি আৰু বিজ্ঞানসন্মত আঁচনিৰেহে আমাৰ উন্নতি সম্ভৱ ৷  পিছে এই কথা ক’বলৈ মই আকৌ কোন ? আমাৰ সকলোৰে শ্ৰদ্ধাৰ  ড˚ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ এখন ৰচনা এই মুহুৰ্তত মোৰ মনৰ মাজত অহা-যোৱা কৰি আছে৷ আহক এবাৰ পঢ়ি চাওঁ –

বেলি ডুবাৰ সময় (ৰচনা কাল ১৯৮৯)

এসময়ত টকা-পইচা খৰচ কৰি সজোৱা, বৰ্তমানে কামত নালাগি পিছ বাৰাণ্ডাত পৰি থকা কাঠৰ ৰেক এখনত মিনতিয়ে এক খুন্দা মাৰিলে৷ তাই কাপোৰ এসোপা মেলি দিবলৈ গৈছিল ; চকু আছিল তাঁৰডালত, ৰ’দ পৰিছেনে নাই চোৱাত৷ লাগি গ’ল বাঁও আঁঠুটোৰ ৰেকখনৰ চুক এটাৰ লগত খুন্দা ৷ কিলাকুটিৰ ভাঁজত লৈ অহা কাপোৰ তাই মাটিলৈ দলিয়াই দিলে, আয়ু-ঊ বুলি চিঞৰ এটা মাৰি বহি পৰিল আৰু দুয়োখন হাতেৰে আঁঠুটো টেপা মাৰি ধৰিলে৷

“কি হ’ল?” – অৰবিন্দ দৌৰি আহিল৷ “ – হাঁ? কি হ’ল? পৰিলানে কি?”

               মিনতিৰ আঁঠুৰ বিষে মূৰত চিৰিং-চিৰিং কৰিছিলগৈ৷ অৰবিন্দ তাইৰ ওচৰতে বহিল৷ – “নোকোৱা কিয় কি হ’ল?”

               মিনতিয়ে মুখ নুখুলিলে৷ অৰবিন্দই উপায় নাপাই মিনতিয়ে টিপি থকা আঁঠুটোকে তাইৰ হাতৰ ওপৰতে টিপিবলৈ ধৰিলে৷ আৰু মুখেৰে কি হ’ল, হ’ল কি আদি কৈ থাকিবলৈ ধৰিলে৷ অলপ পৰৰ পিছত মিনতেয়ে অৰবিন্দৰ হাত দুখন এচাৰ মাৰি আঁতৰাই দিলে৷ অৰবিন্দই লগে-লগে বুজিলে যিয়েই নহওক, আঁঠুৰ বিষ কমিছে হ’বলা৷ নহ’লে ছেকেণ্ড একছন আৰম্ভ হ’ব কিয়? তাৰপিছত আৰু সি একো ভাবিবলৈ নাপালে; মিনতিয়ে  সাউৎকৈ উঠি ৰেকখনক প্ৰচণ্ড ঠেলা এটা মাৰিলে৷

               “এইসোপা মই ইয়াৰ পৰা আঁতৰাবলৈ কৈ আছোনে নাই?” তাই গৰ্জিলে৷
               “আছা৷”
               “আছো যদি নাঁতৰায় কিয়?” মিনতিয়ে আৰু জোৰে গৰ্জিলে৷
               “মানে আঁতৰাই ক’ত থমগৈ, সেইটোওতো ঠিক কৰি ল’ব লাগিব৷” – অৰবিন্দই মেও-মেওকৈ ক’লে৷
               “থ’বলৈ ঠাই নাই যদি ৰাস্তাৰ খালত পেলাই দিয়কগৈ৷”
               মিনতিয়ে দুপিয়াই দুপিয়াই যিমান জোৰে পাৰে ভিতৰলৈ সোমাই গ’ল৷

               সেয়াই আৰম্ভ৷ তাৰ পাছৰ আঠ ঘন্টাত মিনতিয়ে প্ৰায় আধা ঘন্টাৰ মূৰে-মূৰে মুখ খুলি থাকিল৷ তাইৰ মতে তাই মৰিলেহে অৰবিন্দৰ জ্ঞানৰ দুৱাৰ মুকলি হ’ব৷ জীৱন্ত মিনতিৰ কথাৰ কোনা মুল্য নাই৷ তাইৰ সামান্য কাম এটা কৰি দিবলৈ পালে অৰবিন্দই সৰগখন খহি পৰা যেন পায়৷ কোনোবা দিনা খং উঠিব – তাই শাৰী এখন পকাই-পকাই ৰছী এডাল কৰি, তাৰ এটা মূৰ ছিলিং ফেনত বান্ধি –

               অৰবিন্দৰ মতে সেইবোৰ একো কৰিব নালাগে৷ পুৰণি টিনপাত পাঁচখন আছেই; পানীকলটোৰ ওচৰতে সৰুকৈ চালি এখন দি, তৰজাৰে বেৰ দি, তাতে ঘৰখনৰ অদৰকাৰী বস্তুবোৰ দ’মাই, - নহয়, দ’মাই নহয়, - ছিজিলকৈ সজাই থৈ দিব৷

               তৃতিয় দিনা মিনতিৰ আঁঠুৰ বিষটো গ’ল, চতুৰ্থ দিনা দেওবাৰে, পুৱাই অৰবিন্দ ওলাই গ’ল লেবাৰ, মানে কামলা এটা বিচাৰি৷ আজি চালিখন দিয়াবই লাগিব৷

               চাৰিআলিৰ কালভাৰ্টৰ ওপৰত বহি থকা কামলা এটাৰ লগত অৰবিন্দই সংলাপ বিনিময় কৰিলেগৈ৷ কামলাৰ পিন্ধনত গামোচা, আস্তিন নোকোঁচোৱা ফুলছাৰ্ট৷ অৰবিন্দই সুধিলে, চালি এখন দিব পাৰিবা? দা আছে? হাজিৰা কিমান? – ইত্যাদি৷ কামলাই উত্তৰ দিলে – পাৰিম, দা গৃহস্থই দিব লাগিব; ৰ’দত কাম কৰিলে হাজিৰা পঁচিছ টকা, ছাঁত কাম কৰিলে বিছ টকা৷

               কাম কৰা ঠাইডোখৰত ৰ’দ আৰু ছাঁ মিহলি হ’ব পাৰে কাৰণে চাৰে বাইছ টকাত বন্দবস্ত কৰি অৰবিন্দই ক’লে – উঠা৷ মানে স্কুটাৰৰ পিছত উঠা৷ কামলাই ক’লে – ঘৰটো চিনি পাইছোঁৱেই নহয়৷ আপুনি যাওঁক, মই গৈ আছোঁ৷

               তেতিয়া চাৰে সাত বাজিছিল৷ পঞ্চল্লিছ মিনিট সময় অৰবিন্দই পদূলিলৈ ওলাই ডিঙি মেলি-মেলি চাই থাকিল আৰু বাৰাণ্ডালৈ উভতি আহি মিনতিক বুজাই থাকিল, - নাহিব কিয়হে? মই নিজে বন্দবস্ত কৰি আহিছোঁ; সি ঘৰটো চিনি পাওঁ বুলি কৈছে!

               আঠ পোন্ধৰত কামলা আহিল৷ কাম আৰম্ভ৷ প্ৰথম কাম ওচৰতে তৰজা-কোম্পানিয়ে খালৰ ওচৰত দ’মাই থোৱা বাঁহৰ পৰা দুডাল বাঁহ আনিব লাগে৷ “এই খিনিত ঠেলা পোৱা যায়নে?” – কামলাই সুধিলে৷

               “কিয়? তুমি এবাৰত এডালকৈ দুবাৰত বাঁহ দুডাল কঢ়িয়াব নোৱাৰিবা? সৌৱা ওচৰতহে!”
               কামলাই ক’লে – নোৱাৰিম৷ সেইটো তাৰ কাম নহয়৷

               ঠেলাগাড়ী বিচাৰি, বাঁহ আনি চৌহদত পেলাওঁতে ন বাজি পঁয়ত্ৰিছ মিনিট গ’ল৷ ইতিমধ্যে অৰবিন্দ কলৰ পাৰৰ পকাত ঘঁহাই অলপ ধাৰ তুলি থোৱা দাখন চোৱাৰ আগতে কামলাই অলপ চেধা মাৰি লোৱাটো উচিত বুলি বিবেচনা কৰিলে৷
       
        খুঁটা লাগে চাৰিটা; চাৰে ন ফুটীয়া৷ ডেৰ ফুট পোত, আঠ ফুট ওপৰত৷ ভিতৰৰ পৰা স্কেল আনি জোখ-মাখ অৰবিন্দই নিজে কৰি দিলে৷ এটা খুঁটা কাটি দি কামলাই ডিক্লেয়াৰ কৰিলে – দাখন বেয়া ৷ অৰবিন্দই দুঘাপমান মাৰি চাই ক’লে, - “কাম চলিব দিয়া৷”

               চাৰিটা খুঁটা কটা হোৱাৰ পাছত আচল কাম আৰম্ভ হ’ব বুলি ভাবি মিনতি ওলাই আহিল ওস্তাদি কৰিবলৈ৷ এইখিনিতে নালাগে, এইখিনিত৷ এইফালে অহা-যোৱা বাটটো মুকলি হৈ থাকিব লাগিব৷ চালিখনৰ পানী এইফালে বাগৰি পৰিব লাগিব৷ দুৱাৰখন এইফালে ৰাখিব লাগিব৷

               “কেইটা বাজিছে বাইদেউ?”- কামলাই সৰু মাতেৰে সুধিলে৷
               “জানো! চাৰে দহমান বাজিল হ’বলা৷”
               “চাহ অকণমান হোৱা হলে ভাল আছিল বাইদেউ!”

               মিনতিয়ে পাকঘৰত আঠু কাঢ়ি মিটছেফৰ তলৰ খাপটোৰ ভিতৰ চুকৰ পৰা এলুমিনিয়ামৰ দীঘল গিলাছ এটা উদ্ধাৰ কৰিলে৷

               মিনতিৰ চাহে কামলাৰ মুখৰ পৰা আগৰ চেধাখিনিৰ চোকটো উটুৱাই লৈ গ’ল৷ কৰবী গছৰ ছাঁত বহি কামলাই ধীৰে-সুস্থিৰে নতুন চোকৰ ব্যৱস্থা কৰি ল'লে৷
       
        কামলাই তিনি নম্বৰ গাঁতটো খান্দি থাকোঁতে অৰবিন্দই ঠিক কৰিলে – এইখিনি সময়তে সি বাথৰুমলৈ গৈ তাৰ গেঞ্জি, ৰুমাল, জাঙিয়া আৰু মোজাযোৰ থুকুচি থৈ অহা ভাল৷ মিনতিৰ লগত তাৰ বন্দবস্ত কৰা আছে – তাৰ সৰু সৰু বস্তুবোৰ সি নিজে ধুব৷

               বস্তুকেইটা মেলি দিবলৈ আহি সি দেখে – চাৰি নম্বৰ গাঁতটোৰ ওচৰত চিপৰাংখন পৰি আছে, কামলা নাই৷
               “ক’লৈ গ’লহে?”
               মিনতিয়ে গোজোৰা মাৰি ক’লে – “ভাত খাবলৈ গ’ল৷”
               “এতিয়াই ? বাৰ বাজিছেহে !”

              চালিখনৰ লগত লাগি থাকোঁতেই আজি ভাত খাওঁতে দুই-আঢ়ৈমান বাজিব বুলি অৰবিন্দই ঠিক কৰি থৈছিল৷

               দুই বাজি পাঁচ মিনিট যাওঁতে কামলা আহিল৷ মিনতিৰ মুখখন গোল হৈ আছিল৷ তাই ঠিক কৰিলে – এই কথাই কথা নহয়; তাইও কামলাৰ লগত লাগি থাকিলেহে যদি কিবা এটা হয়৷

               কামলাই য’ত ভাত খালে, তাত খোৱা পানীৰ ভাল ব্যৱস্থা নাছিল হ’বলা৷ এলুমিনিয়ামৰ গিলাছটোত কলৰ পৰা পানী এগিলাছ লৈ সি ঘঁত-ঘঁতকৈ পি ল’লে৷ তাৰ পাছত আৰু আধা গিলাছ, তাৰ পাছত সি চেঁচা পানীৰে মুখ আৰু ডিঙি মোহাৰি ল’লে৷

 তাৰ পাছত প্ৰচণ্ড গতিত কাম আৰম্ভ হ’ল৷ অৰবিন্দই লুঙীখন হাফ কৰি কোঁচাই ল’লে৷ বাঁহৰ আগ এটাৰে খুঁটাৰ গুৰিৰ মাটি খুন্দি খুন্দি সি খুঁটাটো ল’ৰাই চালে – সেইটো মজবুত হৈ থিয় হৈ আছেনে নাই৷

মাৰলি বান্ধিবৰ সময়ত কামলাই ক’লে, - অকণমান ধৰিবচোন বাইদেউ৷ মিনতিয়ে মাৰলিডালৰ এটা আগ দাঙি ধৰি থাকিল৷ – আৰু অলপ তুলি ধৰিব বাইদেউ৷ –মিনতিয়ে সোঁহাতেৰে মাৰলিডালৰ আগটো আৰু ওপৰলৈ তুলি ধৰিলে আৰু বাওঁহাতেৰে বুকুৰ কাপোৰ ঠিক কৰিলে৷
         
      অৰবিন্দহ’তে চাৰে তিনিমান বজাত চাহ একোকাপ খায়৷ সেই চাহৰ ভাগ এলুমিনিয়ামৰ গিলাছতো পৰিল৷

         পাঁচ বাজিবলৈ পোন্ধৰ মিনিট থাকোঁতে যেতিয়া কামলাই কল মাৰি-মাৰি আঁঠুৰ ওপৰলৈকে, কিলাকুটিৰ ওপৰলৈকে ভৰি-হাত ধুলে, তেতিয়া টিনপাত কেইচলা মাৰলিৰ ওপৰত৷ টিনৰ ওপৰত বাঁহৰ বান্ধ? তৰজাৰ বেৰ?

               “সেইবোৰ আজি নহ’ব৷ সেইখিনি আৰু এক হাজিৰাৰ কাম৷”

               তাৰ পাছত সাত-আঠদিনলৈ মিনতিয়ে চিঞৰি থাকিল – নালাগে মোক চালি-তালি৷ সেইবোৰ চব ভাঙি পেলাওক৷

               চৈধ্য দিনৰ মূৰত অৰবিন্দৰ এক সমাজকৰ্মী বন্ধুৱে অৰবিন্দহঁতৰ ঘৰলৈ চিনাকি কামলা এটা পঠিয়াই দিলে৷ কামলাটোৱে আহিয়েই ক’লে – এইখিনিত পানী জমিব, চাৰি ইঞ্চিমান ওখ হলেও ভেটি এটা বান্ধিব লাগিব৷ তাৰ পিছত সি সুধিলে মাটি ক’ৰ পৰা কাটিব? অৰবিন্দই ঠাই এডোখৰ দেখুৱাই তাতে খাল খান্দিবলৈ ক’লে৷ জাবৰ পেলাবলৈও হ’ব৷

               ডেৰমান বজাত অৰবিন্দই খৰিকাৰে দাঁতৰ মাজত সোমাই থকা মাংসৰ টুকুৰা উলিয়াই থু-থু কৰি-কৰি কামলাটোৰ ওচৰলৈ আহিল৷ কামলাটোৱে তেতিয়া কৰবী গছ জোপাৰ ছাঁত বহি চিৰা আৰু গুৰ খাই আছিল৷ অৰবিন্দই তাক সুধিলে – “তুমি ভাত খাইতে যাইবা না?”

               কামলাটোৱে ক’লে, না বাবু, দিনেৰ বেলায় ভাত খায় না ৷ সময় হয় না ৷”

               তাৰ পাছত সি সুধিলে, - চালিখনৰ কামতো শেষেই হ’ল৷ এই বেলা সি কি কৰিব?


Saturday, August 26, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১১)


জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১১)

     চন্দ্ৰপেহাৰ সংস্পৰ্শত বুদ্ধত্ব প্ৰাপ্ত হোৱা সকলো প্ৰানীকূলৰে মাজৰ অন্যতম আছিল পেহাৰ হালোৱা গৰুহাল ৷ গৰুহালক একো কথা ক’বই নালাগে ! যেনে পেহাই নতুনকৈ ঘৰলৈ হালোৱা এটা আনিছে, তাক প্ৰথমদিনা খেতি পথাৰখন চিনাই দিয়াৰ প্ৰয়োজন ৷ এই কামটো গৰুহালে নিজেই কৰে ৷ পেহাই নতুন হালোৱাটোক বুজাই দিয়ে – গৰুহালৰ পিছে পিছে গৈ থাক, এটা আগত আৰু এটা পাছত যেতিয়া গৈ থাকিব, বুজিবি পথাৰ পোৱাহি নাই ৷ তিনিমাইলমান যোৱাৰ পিছত যিখন পথাৰত গৰুহাল একেশাৰীতে থিয় হৈ ৰৈ যাব, সেইয়াই মোৰ মাটি, তাতেই তই হাল যুৰিবি ৷ তই নিজৰ মাথা নখটুৱাই গৰুহালক অনুসৰণ কৰি মাথোঁ গৈ থাক !

     ৰাতিপুৱাই পেহাক টোপনিৰ পৰা উঠাই দিয়া, শিঙেৰে পদূলিৰ নঙলাদাল খুলি দিয়া - এইবোৰ কাম গৰুহালে নিজেই কৰিছিল ৷ এবাৰ গৰুহাল বেমাৰত পৰিছিল, পশু চিকিৎসক এজন আহি চাই চিতি হেনো কৈছিল -  পেহা, এইহালটো আপোনাৰ গৰু নহয়, এইদুটা হৈছে চাৰিঠেঙীয়া মানুহ ! ইত্যাদি ৷

     যিহওক, বুদ্ধত্ব প্ৰাপ্তিৰ লগতে এসময়ত গৰুহালৰ বৃদ্ধত্ব প্ৰাপ্তিও হ’ল ৷ বুঢ়া গৰুহাল ঘৰতে ৰাখি থৈ নো কি হ’ব! অনিস্বাসত্বেও পেহাই গৰুহাল বিক্ৰী কৰি দিয়াৰ কথা ভাবিলে ৷ দেওঁবাৰৰ দিনটোত আমাৰ অঞ্চলত এখন ডাঙৰ বজাৰ বহে, তাত গৰু-ছাগলীও বেচা-কিনা হয় ৷ দেওঁবাৰ এটাত পেহাই গৰুহাল লৈ বজাৰ পালেগৈ ৷ লাইটৰ খুটা এটাৰ ওচৰত গৰুহাল বান্ধি থৈ পেহা গ্ৰাহকলৈ অপেক্ষা কৰি ৰৈ থাকিল ৷ জনাই জানে, গৰুৰ বয়স জুখিবলৈ তলৰপাৰি দাঁত চাব লাগে ৷ সেয়ে গ্ৰাহক আহি গৰুহালৰ মুখৰ কোৱাৰিটোত চেপা মাৰি ধৰে, তলৰপাৰি দাঁত চকুত পৰাকৈ ওলায় আহে৷ তাৰপিছতে গ্ৰাহক ওভতে – গৰু বুঢ়াই হ’ল দেখোন ৷ গোটেই দিন পেহা খাপ পিতি ৰ’ল, গৰুহাল বিক্ৰী নহ’ল ৷ গধুলি ঘৰলৈ উভতি আহিল ৷


     তাৰপিছৰ সপ্তাহৰ দেওঁবাৰটোত ৰাতিপুৱা পেহাই গৰুহাল খুলি দিবলৈহে পালে- সিহঁতে নিজে নিজেই বজাৰলৈ খোজ ল’লে ৷ বজাৰত গৈ সেই লাইটৰ খুটাটোৰ তলত গৈ ৰৈ থাকিলগৈ ৷ আৰু কোনোবা গৰুহালৰ ফালে আগবাঢ়ি অহা দেখিলেই গৰুহালে নিজেই হেনো হিঃ হিঃ হিঃ কৰি তলৰপাৰি দাঁত উলিয়াই দেখুৱাইছিল ৷

Saturday, August 19, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১০)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১০)
ঠাণ্ডা দিন ৷ চন্দ্ৰ পেহাই চাইকেলখন লৈ ৰাতিপুৱাই ওলাল ধানৰ সঁচ বিচাৰি - উত্তৰলৈ ৷ উত্তৰ মানে এসময়ত গৈ গৈ তেখেত একেবাৰে সীমান্ত পালেগৈ - চীনলৈ আৰু কেইফুটমানহে বাকী! (চীন আৰু অসমৰ মাজত যে অৰুণাচল নামৰ এখন নিৰীহ ৰাজ্য আছে, সেই কথাটোক পেহাই বৰ গুৰুত্ব নিদিয়ে ৷)

উভতি আহিবৰ সময়ত পেহাই আৱিষ্কাৰ কৰিলে - চাইকেলখনৰ পাম কমি আহিছে ৷ অলপ সময়ৰ পিছত তেখেত ৰৈ যাবলৈ বাধ্য হ'ল৷ টায়াৰ-টিউৱ চেপেটা হৈ চকাৰ ৰিঙটো ৰাস্তাত প্ৰায় লাগি গৈছে৷
- সৰ্বনাশ হ'ল, এই পাণ্ডৱ-বৰ্জিত ঠাইত চাইকেল ভাল কৰা দোকানটো দূৰৰ কথা, মানুহৰ ঘৰত চাইকেলেই নাই ! কি কৰা যায় এতিয়া, অন্ততঃ দুকুৰী মাইল উভতি যাব লাগিব !
দুজনমানক সোধাৰ পিছত পেহাই গম পালে - এঘৰ মানুহৰ তাত পাম এটা আছে ! ইফালে বেলি ভাটি দিবলৈ আৰম্ভ কৰিছে৷ পেহা গৈ মানুহঘৰত উপস্থিত হ'লগৈ ৷ চকাটোত পাম দিবলৈ আৰম্ভ কৰিলে, কিন্তু হ'লে কি হ'ব, পাম নৰয় ৷ ভলটিউৱ গ'ল ৷ ভলটিউৱ (valve-tube) হৈছে ৰবৰৰ পাইপৰ এটি সৰু টুকুৰা, যিয়ে চকাটোৰ ভিতৰৰ পৰা বায়ু ওলাই যাব নোৱাৰাকৈ ধৰি ৰাখে ৷
- বুইছ, সকলো বিপদৰে এটা সমাধান থাকে ৷ পেহাই দাৰ্শনিকৰ দৰে আমাক কৈ যায়৷
- তাৰপিছত? আমি আটায়ে সোধোঁ ৷
তাৰপিছত তেখেতে ক্ষন্তেক চিন্তা কৰিলে আৰু মানুহঘৰৰ পাচলিবাৰীখনলৈ সোমাই গ'ল৷ পিন্ধিথকা পেন্টতো আঠুলৈকে কোচাই অলপ ৰৈছেহে মাথোন, চীনাজোক (leeches) এগাল লি-লিয়াই আহিল নহয় পেহাৰফালে আগবাঢ়ি ! তাৰে এটা থাপ মাৰি ধৰি আনি পেহাই ভলটিউৱৰ ঠাইত চাইকেলখনত লগাই ল'লেহি ৷
সাধাৰণতে ভলটিউৱ এটাৰ আয়ুস তিনিমাহমান হয়, কিন্তু পেহাৰ চাইকেলখনত সেইটো চীনাজোক ভলটিউৱ হৈ ছবছৰ থাকিল!
কৃতজ্ঞতাঃ সোঁৱৰণিৰ কুৱঁলী ফালি এইটো কাহিনী টানি আনিলে মোৰ ভনী মাজনীয়ে (মীনাক্ষী বৰুৱা)৷

Monday, August 14, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (৯)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (৯)
সেইদিনাও আছিল ১৫ আগষ্ট ৷
কিছুদিনৰ আগতে চন্দ্ৰপেহা শিলঘাটৰ মৰাপাট কলৰ চাকৰি এৰি ঘৰলৈ গুছি আহিছিল ৷ তেতিয়া ঘৰত এনেয়ে বহি আছিল ৷ তেনেতে গুণীৰ গুণ বুজা চাহবাগানৰ ইংৰাজ চাহাবে গম পালে যে চন্দ্ৰপেহা ঘৰতে আছে ৷ গম পোৱাৰ পিছৰ দেওঁবাৰটোতে ৰাতিপুৱাই চাহাবৰ চেভ্ৰলেটৰ গাড়ী আহি পেহাদেউৰ পদূলিত ৰ’লহি ৷ পেহাক হেণ্ডচেক কৰি সম্ভাষণ জনালেহি ৷
তাৰপিছত ? - আমি সোধোঁ ৷
তাৰপিছত নখন বাগানৰ চাহপাত তৈয়াৰ কৰা কলঘৰটো চাহাবে জোৰ কৰি তুলি দিয়াদি পেহাৰ হাতত তুলি দিলে ৷ থাকোঁতে কলঘৰৰ ইঞ্জিনিয়াৰ, অভাৰচেয়াৰ নথকা নহয়, কিন্তু চন্দ্ৰপেহাই দায়িত্ব লোৱাৰ পিছৰে পৰা তেওঁলোক মাত্ৰ দৰমহা ল’বলৈ অহাৰ দৰেহে আহি থাকিল ৷ স্বয়ং ইঞ্জিনিয়াৰ আহি কেইদিনমানৰ পিছতে পেহাৰ পৰা কলঘৰ চলোৱাৰ প্ৰশিক্ষণ ল’লেহি- গোপনে, চাহাবে গম নোপোৱাকৈ!
পিছে কলঘৰৰ কামৰ দ্বাৰা নহয়, পেহা চাহাবসকলৰ অতি জনপ্ৰিয় হৈ উঠিল আন এটা কাৰণতহে – ফুটবল খেলাত ৷ কি খেল ! পেহাই কেৰি কাটি কাটি বলটো আগলৈ নি থাকে, কাষে কাষে ইংৰাজ চাহাবহতে দৌৰি দৌৰি তত নাপায়৷ বেকত খেলা পেহাই গ’লটো দি যেতিয়া নিজৰ ঠাইলৈ উভতি আহে, তেতিয়া দৰ্শক আৰু চাহাবহ’তৰ কি কিৰিলি !
এইটো সেই সময়ৰে কথা৷
দেশে স্বাধীনতা পাইছেহে, মাথোন ৷ সেইদিনা আছিল ১৫ আগষ্ট ৷ বাগানৰ বাকৰিত ফুটবল খেলৰ আয়োজন চলিছিল৷ বগা চাহাবৰ দলটোৰ বেকত খেলিছে চন্দ্ৰপেহাই ৷ খেলে যেতিয়া উত্তেজনাৰ শীৰ্ষবিন্দুত উপনীত হৈছে পেহাৰ চাধা এপালি খাবলৈ বৰ মন গ’ল ৷ পেন্টৰ জেপতে আছে চুখাৰ টেমাটো! সেইটোতে এফালে সুমুৱাই থোৱা আছে পাত চাধা আৰু আনফালে চূণ ৷ কিন্তু খেল চলি থকা অৱস্থাত কি কৰিব পৰা যায় ! তাৰোপৰি বগা চাহাবৰ চকুৰ আঁৰ কৰি চাধা মলা যায় কেনেকৈ ! ঠিক তেনেতে পেহাৰ ফালে এবাৰ বলটো আগবাঢ়ি আহিল ৷ এইয়ে সুযোগ বুলি পেহাই সৰ্বশক্তিৰে বলটো ওপৰলৈ মাৰি পঠিয়ালে ৷ ওপৰলৈ বল গৈ গৈ এসময়ত নেদেখা হ’লগৈ ! পেহাই পেন্টৰ জেপৰ পৰা টেমাটো উলিয়াই ল’লে৷ খেলুৱৈ, দৰ্শক সকলোৰে চকু আকাশৰ পিনে ৷ চাধা পাত আৰু চূণ মিহলাই পেহাই চুখা মলিবলৈ আৰম্ভ কৰিলে৷ কোনেও পেহালৈ মন কৰা নাই, সকলোৰে চকু আকাশত৷ এসময়ত মলা চাধাৰ টিপাটো ওঁঠৰ তলত সুমুৱাই পেহাই যেতিয়া থু থু কৰিছে তাৰ পিছতহে ফুটবলটো আহি তল পাইছেহি !
(কৃতজ্ঞতাঃ চতিয়াৰ ৰাতুল ভূঞা দাদা)
বিঃদ্ৰঃ চন্দ্ৰপেহাৰ আগৰ কাহিনীকেইটা জানিবলৈ মন কৰি কেইবাজনো নতুন বন্ধুৱে মোলৈ মেছেজ দিছে ৷ অনুগ্ৰহ কৰি http://utpalbaruah.blogspot.comনামৰ লিংকটোলৈ গ’লেই আগৰ আটাইকেইটা খণ্ড পঢ়িবলৈ পাব ৷

Saturday, August 12, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (৮)

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (৮)
অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰঙা ৰঙৰ গড়ৰ ছাপ থকা চৰকাৰী বাছবিধত এসময়ত 'আপাৰ' আৰু 'লৌৱাৰ' নামৰ দুটা ভাগ আছিল৷ আপাৰ-ত ভাৰা সামান্য বেছি ৷ চহকী সকলে সততে আপাৰ-ত টিকট লয়, নদাই-ভদাইয়ে লৌৱাৰত ৷ দ্ৰাইভাৰৰ ওচৰত টিলিঙা এটা ওলমি থাকে৷ আপাৰ - লৌৱাৰ সংযোগ কৰি ৰখা ৰছী এডালেৰে টিলিঙাটোৰ এটা মূৰ বান্ধি থোৱা থাকে৷ কনডাক্টৰে ৰছীডাল টান মাৰি টিলিঙাটো বজাই দিলেই বাছখন ৰয় ৷ তেতিয়াই যাত্ৰীসকলে উঠা-নমা কৰে৷
বাছ চলোৱা প্ৰতিষ্ঠানটো "নিগম" হোৱাৰ আগতে "সংস্থা" আছিল - অসম ৰাজ্যিক মটৰ পৰিবহন সংস্থা বা ইংৰাজীত - Assam State Motor Transport Union৷ গাড়ীখনৰ গাত যাত্ৰী উঠা দুৱাৰখনৰ ওচৰতে ডাঙৰ ডাঙৰকৈ লিখা আছিল - A.S.M.T.U.
এইটো সেই সময়ৰে কথা ৷ আমি বাছ ধৰিবলৈ বাছ আস্থানত ৰৈ আছিলোঁ ৷ ক'ৰবাৰ পৰা তাতে ওলালহি চন্দ্ৰ পেহা ৷ চাইকেলখনতে ভেজা লৈ পেহাই কাহিনী আৰম্ভ কৰিলে ৷ সময়কণ উজলি উঠিল ৷
এসময়ত বাছখন আহি ৰ'লহি ৷ ৰৈ থকা যাত্ৰীসকলৰ মাজত খৰ-খেদা লাগিল৷ মই টিকট আগতেই কিনি থৈছিলোঁ ৷ কনডাক্টৰে অফিচত হিচাপ নিকাচ কৰি তথ্য-পাতি লৈ আহিবলৈ কেইটামান মিনিটৰ প্ৰয়োজন হয়৷ সেইখিনি সময়তে মই পেহাক সুধিলো- পেহা, এই A.S.M.T.U.-টো কি?
এক ছেকেণ্ডো নোৰাৱাকৈ পেহাই উত্তৰ দিলে - আমাৰ চহুৰৰ মটৰত তুমি উঠা!
কি? - আচৰিত হৈ মই সুধিলোঁ ৷
অসমীয়া শ-টো ইংৰাজীত ছ-হয়যে, সেয়ে শহুৰটো চহুৰ হৈছে!

ড˚ ভবেন্দ্ৰনাথ শইকীয়া ছাৰলৈ শ্ৰদ্ধাঞ্জলিঃ



ড˚ ভবেন্দ্ৰনাথ শইকীয়া ছাৰলৈ শ্ৰদ্ধাঞ্জলিঃ

              ১৪ বছৰৰ আগতে বছৰৰ আজিৰ এই তাৰিখটোতে আমাৰ শ্ৰদ্ধাৰ ড˚ ভবেন্দ্ৰনাথ শইকীয়া ছাৰে অকালতে ইহ সংসাৰৰ পৰা মেলানি মাগিছিল ৷ সেইদিনাৰ পৰাই অসমৰ সামাজিক জীৱনক প্ৰচণ্ড সংবেদনশীলতাৰে পৰ্যৱেক্ষণ কৰি দিশ দিব পৰা অভিভাৱকজন যেন নোহোৱা হৈ গ’ল৷ আজিৰ তাৰিখটোত ছাৰক কৃতজ্ঞতাৰে  সোঁৱৰণ কৰিছোঁ ৷

                  হাস্যৰস সৃষ্টি কৰাত শইকীয়া ছাৰৰ তুলনা পাবলৈ নাই৷ কথা আৰু লেখাত তেখেতে যেতিয়া এই ৰস ব্যৱহাৰ কৰিছিল – পঢ়ূৱৈ বা শ্ৰোতাৰ পেটৰ নাৰী ডাল ডাল হৈছিল৷ প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱা ছাৰে লেখা এটা নিৱন্ধটো এই কথাটোৰ উল্লেখ আছে ৷ সিদ্ধহস্ত আছিল যদিও য’তে-ত’তে তেখেতে তাক ব্যৱহাৰ কৰা নাছিল ৷ কিন্তু যেতিয়া ব্যৱহাৰ কৰিছিল তাৰ তুলনা পাবলৈ নাছিল৷ উদাহৰণস্বৰূপে, তেখেতৰ প্ৰথম উপন্যাস ‘অন্তৰীপ’-ত  হাস্যৰসৰ প্ৰয়োগ প্ৰায় হোৱাই নাই বুলিব পাৰি ৷ একৰাকী সাধাৰণ কিন্তু স্বাভিমানী বিদ্ৰোহী নাৰীৰ মনস্ততঃক লৈ লিখা সেইখন এখন গহীন ভাবৰ উপন্যাস৷ হাস্যৰসৰ এটা সামান্য আচোঁৰ আছে মাত্ৰ এটা ঠাইত - মহীকান্তৰ মাক যেতিয়া ককায়েকৰ ঘৰত গৈ ঢুকাল, ভদ্ৰকান্তই তেতিয়া তাৰ বন্ধু মদন চোৰৰ আগত ক’লে – কৰবাত বিছটামান টকা ধাৰলৈ পোৱা হলেও! (পৃষ্ঠা ৯১), স্বভাৱত চোৰ মদনে ইতিমধ্যে চোৰ প্ৰকৃতি ত্যাগ কৰিছে৷ তথাপিও স্বভাৱসুলভ মনোভংগীৰ এখন প্ৰকৃত ছবি অংকণ কৰি শইকীয়া ছাৰে লিখিছে – কেইদিনমানৰ আগতে এনেকুৱা এটা সমস্যা হোৱা হ’লে মদনৰ চকুৰ আগেদি টকা-পইচা থকা মানুহৰ ঘৰ কেইটামান পাৰ হৈ গ’লহেঁতেন, সি ঘৰবোৰৰ দুৱাৰ খিৰিকি, পিৰালি আদিৰ কথা চিন্তা কৰিলেহেঁতেন ৷ বচ, ইমানেই৷ ইয়াতেই যি সামান্য হাস্যৰসৰ আঁচোৰ পৰিছে!

                    আনহাতে তেখেতে লিখা কিছুমান গল্পত হাস্যৰসৰ প্ৰলেপ দেখি স্তম্ভিত হৈ যাব লাগে৷ তেনেকুৱা এটা গল্প হৈছে গঞ্জিকা ৷ (উপকণ্ঠ নামৰ গল্প সংকলনটিৰ ১২৮ পৃষ্ঠাত আছে ৷) তাৰোপৰি তেখেতে ছদ্মনামত লেখা ৰম্যৰচনাৰ সংকলন “কল্পলোকৰ কাহিনী”-ৰ পাতে পাতে হাস্যৰস বিদ্যমান ৷ কিন্তু এই হাস্যৰস অকল হাঁহিৰ খোৰাক যোগাবৰ বাবেই ব্যৱহাৰ কৰা হোৱা নাই৷ আমাৰ একোটা স্বভাৱ, একোটা চাৰিত্ৰিক দুৰ্বলতা, চকুৰ আগতে থকা একোটা সমস্যা তেখেতে ইমান সুক্ষ্মভাৱে অংকণ কৰি হাস্যৰসৰ মাধ্যমেৰে পাঠকৰ চকুত আগলৈ উলিয়াই আনিছিল যে পাঠকে উপলব্ধি কৰিবলৈ বাধ্য হৈছিল – তেওঁ যেন এখন আৰ্চীৰ সমূখতহে থিয় হ’ল, য’ত প্ৰতিবিম্বিত হৈছে নিজৰেই এটা নেদেখা ৰূপ! পাঠকৰ উপলব্ধি হয়- হয়, একদম ঠিক লিখিছে! সৰ্বমুঠ ৩৯খন ৰচনা থকা সেই কিতাপখনৰ প্ৰতিটো লেখায়েই হাস্যৰসেৰে সংপৃক্ত৷ আৰু আটাইকেইটা লেখায়েই সাম্প্ৰতিক সময়ৰ বাবে প্ৰাসংগিক৷ সময় পালেই মই কিতাপখন মেলি লওঁ ৷ আটাইকেইটা কাহিনীৰ ভিতৰতে মোৰ প্ৰিয় ৰচনাখন হৈছে – পৰম প্ৰিয় বন্ধুবৰ ৷ বাৰে বাৰে পঢ়ো৷ তাৰ পিছত নিজকে কওঁ-  হয়, ঠিক লিখিছিল ছাৰে!

                     যোৱা বছৰো (২০১৬ চন) এইখন ৰচনাৰ সোঁৱৰণেৰেই ছাৰক শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ ৷ এইবাৰো তাকেই কৰিলোঁ ৷ কাৰণ, এই কথাখিনিৰ তুলনা নাই!

পৰম প্ৰিয় বন্ধুবৰ

অলপ সময় চিৎ হৈ পৰি থাকি, ‘শয়নে পদ্মনাভিবুলি বাঁও-কাতি হৈ শুলো৷ তাৰ কিছুসময়ৰ পাছতে মোৰ সমূখত এক মূৰ্তিৰ আবিৰ্ভাৱ ল৷ শুভ্ৰ, সৌম্য, জ্যোতিৰ্ময়৷ ডাঢ়ি-গোফ দেখি ঋষি যেনো লাগিল, ইফালে সাজ-পাৰ-অলংকাৰ দেখি দেৱতা যেনো লাগিল৷ ছেণ্ডেলযোৰ আকৌ জুলিয়াছ চিজাৰ টাইপৰ৷

প্ৰণামভেকুলী গেঞ্জিৰ বাহিৰত হাত দুখনৰ যিমান ওলাই আছিল গোটেইখিনি ছিলিঙৰ ফালে ডাঙি লো৷দীৰ্ঘজীৱী হোৱা’- জাতীয় কিবা এটা কৈ দিয়ে বুলি ভয়তেগুৰুদেৱ-পিতামহশ্ৰী’- জাতীয় একো সম্বোধন নকৰিলো৷ কাৰণ মোৰ দীৰ্ঘজীৱী হোৱাৰ অকণো ইচ্ছা নাই৷

তোৰ ওপৰত মই সন্তুষ্ট হৈছো” – মাতটোত টেম্পাৰ আছে, কিন্তু চেহেৰা হিচাপে সিমান গৰগৰীয়া নহয়৷
কিয় ছাৰ?”- শ্ৰেনীৰ পৰা ট্ৰেইনিং, ওলাই ফচকৈছাৰশব্দটো৷
‘‘কিয় সেইবোৰ জনাৰ তোৰ কোনো দৰকাৰ নাই৷ তোৰ বাপেৰেও অলপ-অচৰপ ভাল কাম কৰিছিল, মাৰেও বেয়া কাম বেছি কৰা নাছিল৷ মোটামোটি তই এটা বৰ পাবৰ যোগ্য৷ তোৰ কি কৰাৰ ইচ্ছা আছে?”
‘‘মোৰ ছাৰএই পৃথিৱীখনৰ অন্যায়-অনাচাৰ-দুৰ্নীতি এইবোৰ দূৰ কৰাৰ বৰ ইচ্ছা আছে ছাৰ৷’’

ঋষি-দেৱতাই চাদৰৰ আগেৰে নাকটো চেপি ধৰি দুবাৰ সিঁত-সিঁত কৰিলে, তাৰ পাছত পানী লগা মাতেৰে লে, “ঠিক আছে৷ মই বৰ দিলো, তই ইচ্ছা কৰিলেই অদৃশ্য হৈ যাব পাৰিবি৷ লগতে তোৰ খুচীমতে আৰু এটা বস্তু, গৰু--পিষ্টল-ফাউন্টেন পেযি ইচ্ছা অদৃশ্য কৰি পাৰিবি৷ মুহূৰ্ততে লৈকে ইচ্ছা যাব পাৰিবি৷ পৃথিৱীৰ যি ভাষা খোজ পাৰিবি৷ এই বৰটোকে কামত লগাই যি পাৰ কৰ৷ কিন্তু চাবি, এবাৰ ফাল্টু কাম কৰিলেই এটা চাঞ্চ যাব৷ মুঠতে দুটা চাঞ্চ পাবি৷ তই প্ৰতিটো কাম কৰাৰ পাছতে মই সেই আমগছজোপাৰ ফালৰ পৰা কমেন্ট দি থাকিম৷ তেয়া মই যাওঁ৷ টোপনি যাৱ যদি অলপ শুই ল৷

জুলিয়াচ চিজাৰ মাৰ্কা চেণ্ডেলেৰে ছটপ-ছটপ শব্দ কৰি ঋষি-দেৱতা কোঠাটোৰ চুকৰ ফালে ল৷ সেই ফালে দুৱাৰো নাই চুৱাৰো নাই, তথাপি চুকটো পোৱাৰ পাছতে জীৱফেৰা অদৃশ্য ল৷ কেৱল ব্লাউজৰ চিপি বুটাম মৰাৰ সমান পিটিককৈ এটা শব্দ ল৷

মোৰ টোপনি যায়? কি কৰা যায় ভাবিবলৈ লো৷ শেষ নিশা ঠিক কৰিলো এক ডাঙৰ সুবিধা পাইছোঁ, এই সুবিধা সৰ্বতোপ্ৰকাৰে প্ৰয়োগ কৰি মই পৃথিৱীখন চাফা কৰাৰ চেষ্টা কৰিম৷ কি কৰিম ঠিক কৰি পেলালো৷

পাছদিনাইলেক্ট্ৰনিকছ ইণ্ডিয়ানামৰ দোকানখনলৈ লো৷ হাতত হৰ্ণটো লৈ বক্তৃতা দিব পৰা মাইক্ৰফোন ছেট এটা বিচাৰিলো৷ দোকানীয়ে বস্তুটো উলিয়াই দিলে৷ এমপ্লিফায়াৰ বাকছটো পিঠিত পেটিৰে ভিক্টৰিয়া স্কুলৰ সৰু ৰাৰ কিতাপৰ বেগৰ নিচিনাকৈ বান্ধি লাগে, আৰু হৰ্ণটো পানীৰ বটলৰ নিচিনাকৈ হাতত লাগে৷ কমফৰটেবল৷ দোকানীয়ে ট্ৰায়েল দিওঁতেই ভালকৈ পিন্ধিয়েই লো৷ পইচা দিলো৷ ওলাই আহিলো৷ ফুটপাথ পায়েই …. হাৱা৷ ময়ো, মাইক্ৰফোন ছেটটোও৷

চাৰিআলিৰ দোকানখনৰ ফাৰ্ষ্ট ফ্লৰৰ বেলকনিত উঠি লৈ ৰাস্তাৰ মানুহক সম্বোধি উদাত্ত কন্ঠে বলৈ ধৰিলো, - “ৰাইজ, কষ্ট কৰক, হাড় ভঙা পৰিশ্ৰম কৰক, সৎ পথত থাকি দহৰ, দেশৰ বাবে যি পাৰে কৰক, দুৰ্নীতিক সাত-শত্ৰু বুলি বিসৰ্জন দিয়ক৷…..”

তলত জনসমূদ্ৰ৷ পিন ড্ৰপ ছাইলেন্স৷ ট্ৰেফিক পুলিছৰ ছাংখনত খোদ ইন্সপেক্টৰ জেনেৰেল অৱ পুলিছ৷ সকলো হতভম্ব কোনে দিয়ে এই বাণী!

তাৰ পৰাই চিধাই চৌকিডিঙি৷ – “ৰাইজ, দেশখন ৰসাতলে যায় এতিয়া৷ আপোনালোকে কুম্ভকৰ্ণ নিদ্ৰা পৰিহাৰ কৰক৷ আমাৰ মহান নেতাসকলৰ আদৰ্শেৰে মহীয়ান হৈ সত্যৰ পথত থাকি …..

তাৰ পৰা একে কোবেই ৰাম জনমভূমি-বাবৰি মছজিদৰ প্ৰাংগন৷ – “ৰাইজ, ধৰ্মৰ কুৎসিৎ প্ৰাচীৰ ভাঙি পেলাওক৷ কি হিন্দু, কি মুছলমান সকলোৱে ভেদাভেদ পাহৰি কেৱল মানুহ বুলি ভাবি পৰস্পৰক আঁকোৱালি লওক৷….”

তাৰ পাছত পাৰ্লিয়ামেন্ট ভৱন৷ দুয়ো সদনৰ যুটীয়া অধিৱেশন চলি আছে, লো সোমায়৷ দৰ্শকৰ গেলেৰিত থিয় হৈ আৰম্ভ কৰিলো, “মিষ্টাৰ স্পিকাৰছাৰ, এণ্ড এষ্টিমড মেম্বাৰছ, জনগণৰ প্ৰতিনিধি হিচাপে আজি আপোনালোকে তুচ্ছ ৰাজনৈতিক ভেদাভেদ পাহৰি, দলীয় স্বাৰ্থ জলাঞ্জলি দি, ব্যক্তি স্বাৰ্থ পৰিহাৰ কৰি, জনগণৰ কল্যানৰ হকে

এঘন্টাৰ পাছতে অমৃতসৰৰ স্বৰ্ণমন্দিৰ – “পৰম প্ৰিয় বন্ধুসকল, আমাক ৰাজনীতিয়ে নুখুৱায়, ধৰ্মই নুখুৱায়, সুকীয়া ৰাষ্ট্ৰ এখনে নুখুৱায়, খুৱায় মনুষ্যত্বই৷ হিংসাই আমাক ৰক্তাক্ত কৰে, প্ৰেমে আমাক সুন্দৰ কৰে৷ বন্ধুসকল

সকলো ঠাইতে ৰাইজ হতবাক৷ যেন দৈৱবাণীহে শুনিছে৷ ৰাতি যেতিয়া ঘৰ সোমাই, দৃশ্য হৈ, পিঠিৰ পৰা বেগ খোলোঁ, তেতিয়া প্ৰায় লেবেজান৷ তথাপি এক বিৰাট তৃপ্তি৷ দেশখনৰ মংগলৰ কাৰণে এদিনতে বহুত কৰিলো৷ বিছনাখনৰ ফালে গৈছোঁ, এনেতে আম গছজোপাৰ ফালৰ পৰা শব্দ আহিল, - ফাল্টু! ফাল্টু কামত বৰটো বৰবাদ কৰিলি৷ এটা চাঞ্চ ল৷ থাকিল এটা৷

তাৰ পাছত চাৰিওফালে মহাশূন্যৰ নিস্তব্ধতা! ইমানবোৰ বাণী জাৰিলোঁ- চব ফাল্টু?

মাত্ৰ এটা চাঞ্চ বাকী৷ কিছুদিন অদৃশ্য হৈ দিহিঙে-দিপাঙে ঘুৰি ফুৰিলো৷ অফাল্টু কাম কৰিব লাগিব৷ অফাল্টু৷

ঘুৰি ফুৰোঁতে কিছুমান দৃশ্য নিৰীক্ষণ কৰিলো অসংখ্য ঠাইত৷ যিবোৰ ঘটনা হঠাতে কেনেবাকৈ এবাৰ ঘটে, সেইবোৰ বাদ দিলো, কিন্তু যিবোৰ ঘটনা নিয়মিতভাৱে ঘটি আছে, তাৰ এখন তালিকা কৰিলো৷ এইবাৰ মন স্থিৰ কৰিলো৷ তিনি ফুট দীঘল, হাতৰ বুঢ়া আঙুলিটোৰ সমান মোটা, পকা বেত এডাল যোগাৰ কৰিলো৷ দুয়ো হাতেৰে দুয়ো মূৰে ধৰি ভিৰাই চালো৷ ফ্লেক্সিবল৷ তেল সানি বেতডাল চিকচিকিয়া কৰি লো৷ তাৰ পাছত এদিন মই আৰু বেতডাল অদৃশ্য লো৷

ছুট-টাই পিন্ধা মানুহটোৱে এটাচি কেছটো খুলি শকত লেফাফা এটা অফিছাৰজনক দিছে, অফিছাৰজনে লেফাফাটো লৈ সাউৎকৈ ড্ৰয়াৰত ভৰাইছে, এনেতে সাৰৌপ- সাৰৌপ-সাৰৌপ৷ দুয়োটাকে৷ কোঠাটোৰ পৰা ওলাই দুয়োটা কৰিডৰেদি দৌৰিছে৷ লগে লগে ময়ো, সাৰৌপ- সাৰৌপ- সাৰৌপ৷ সিহঁত দৌৰিছে-দৌৰিছে৷ একদম বৰবজাৰ পোৱাই দিলো৷ দুয়োটা বেহুঁচ৷

গোটেই চহৰত আলোড়ন৷ গধূলি ৰয়টাৰলৈ ফোন কৰিলো, - এই-এই কাৰণত এই কাম কৰা হৈছে৷ মোৰ নাম অফাল্টু৷

ৰাতি আমগছৰ পৰা আৱাজ – ‘চাব্বাছ’!

বাটৰ কাষৰ ৰেলিং৷ তিনিখন স্কুটাৰ৷ প্ৰাণী পাচঁটা৷ বন্দনা ভট্টাচাৰ্য বাটেদি আহি আছে৷ সেইখিনি পাওঁতেই এটাই, ‘ভন্টি, অনুগ্ৰহ কৰি তোমাৰ সৌন্দৰ্যৰাশি মোক – ‘
ছাটাপ-ছাটাপ-ছাটাপ৷ সি স্কুটাৰৰ পৰা বাগৰি পৰিল৷ ছাটাপ-ছাটাপ-ছাটাপ৷ সি ফুটপাথেদি দৌৰিছে৷ ছাটাপ-ছাটাপ৷ হামখুৰি খাই পৰিছে৷ ছাটাপ-ছাটাপ৷ সি তাৰ ঘৰৰ ফালে দৌৰিছে৷ তেজেৰে তাৰ চোলা ৰাঙলী হৈ গৈছে৷ ছাটাপ-ছাটাপ৷ আতুৰ হৈ সি ঘৰৰ দুৱাৰত ঢকিয়াইছেমা-মা !
মাকে বিস্তাৰিত নেত্ৰে দেখিলেদুখন অদৃশ্য হাতে তাৰ চোলাটো খুলি দিছে৷ তাৰ গাত যেন আৰ বেত লগোৱাৰ ঠাই নাই৷

গধূলি ৰয়টাৰলৈ ফোন৷ এই-এই কাৰণত৷ মই অফাল্টু৷

এইমাত্ৰ সিদ্ধান্ত , হৰিহৰে এই দল এৰি সেই দলত যোগ দিব৷ বন্দবস্ত সাত লাখ টকা৷ পৰহিলৈ মিনিষ্ট্ৰিৰ পতন৷ হৰিহৰে হাঁহি এটা মাৰি ৰুমালেৰে মুখ মচিছে, এনেতে ছাটাপ-ছাটাপ-ছাটাপ-ছাটাপ৷ কি কি বুলি ওচৰ চাপি অহা এটাইকেইটাৰে কাণে-মূৰে ছাটাপ-ছাটাপ-ছাটাপ৷ উজ্জ্বল দিবালোকত উন্মাদৰ নিচিনাকৈ হৰিহৰ দৌৰিছে আৰু ডেৰ ছেকেণ্ডত এটাকৈ পকা বেতৰ কোবছাটাপ৷
নহয়-নহয়, আপুনি এহেজাৰ এটকা দিবই লাগিব৷ নহলে আপুনি ইয়াত চান্তিৰে বেব্চা কৰিব নোৱাৰিব৷
ছাটাপ-ছাটাপ-ছাটাপ৷

এইমাত্ৰ বন্দবস্ত হৈছে৷ বিশ্বজিত বাবুৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো ব৷ নগদ ত্ৰিশ হাজাৰৰ লেনদেন৷ ছাটাপ-ছাটাপ-ছাটাপ৷

টেলিফোন লাইন ঠিক কৰিম বুলি এইকেইটাই সদায় এঘন্টা মানকৈ কাম কৰি বাকিখিনি সময় চুখা মলে, আড্ডা মাৰে৷ ছাটাপ-ছাটাপ-ছাটাপ৷

ইতিমধ্যে ৰয়টাৰলৈ ফোন গৈ আছে৷ ৰাতি ৰাতি আম গছৰ পৰা আৱাজ আহেচাব্বাচ!
সমগ্ৰ পৃথিৱীত তোলপাৰ লাগিছে৷ ভয়ৰ কোবত চবেই তললৈ চাই সুৰসুৰকৈ খোজ কাঢ়িবলৈ লৈছে৷ অফিছ-কাচাৰী বহাৰ আধা ঘন্টাৰ আগতে সকলোৱে নিজ চকীত বহিবলৈ হুৰমূৰ লগাইছে৷ ডাক্তৰ বেমাৰীৰ ওচৰৰ পৰা নুঠা হৈছে৷ ৰেল-বাছৰ চলাচল চাই মানুহে ঘড়ী মিলাইছে৷


মোৰ তালিকাখন বৰ দীঘল৷ সৌটোৱে ক্লাছত পঢ়োৱাৰ নামত মুগাবৰণীয়া আওপুৰণি সোপা লৈ কি কৰি থাকে, তাৰ পৰা আৰম্ভ কৰি বফৰছ, দক্ষিণ আফ্ৰিকা, ইজৰাইললৈকে চকু ৰাখিছোঁ৷ মাত্ৰ এটা চাঞ্চ৷ এই চাঞ্চতে