এইটোও পেহাই শিলঘাটত চাকৰি কৰি থকা সময়ৰে কথা ৷
দুজনমান সহকৰ্মী লগ হৈ পেহা এবাৰ দেশ ভ্ৰমনলৈ ওলাল ৷ দাক্ষিনাট্য আৰু উত্তৰ ভাৰত চোৱাৰ পাছত পেহাহঁত গৈ অৱশেষত গুজৰাটৰ সোমনাথ মন্দিৰ ওলালগৈ ! সেইটো যাত্ৰাৰ বেছি কথা এতিয়া আৰু পেহাৰ মনত নাই - মাত্ৰ এটা কথা বাদ দি ৷ গুজৰাটৰ কোনোবা এটা ৰে'ল ষ্টেচনত সন্ধ্যা সময়ত তেখেতে একাপ চাহ খাইছিল - বাঃ কি সোৱাদ আছিল গুজৰাটী চাহৰ! আজিও যেন জিভাত সেই চাহৰ সোৱাদ লাগি আছে! কথাটো কোৱাৰ পিছত হাতৰ ঠাৰিৰে পেহাই নিজৰ কোৱাৰি মচে - সেই তাহানিতে খোৱা চাহ কাপৰ স্বাদৰ সোৱঁৰণত !
২০১৪ চনৰ মাজভাগত টেলিভিছনৰ আগত বহি বাতৰি চাই থকা পেহা জাপ মাৰি উঠিল৷ - হয়, হয়, চাহৱালাটো ওলাইছে টেলিভিছনত, সেইটোৱেই তাহানিতে দেখা চাহৱালাটো৷ বাহ্ কি চাহ বনাইছিল তেওঁ! জীৱনত এবাৰেই খাইছে পেহাই তেনেকুৱা চাহ!
আমি আটায়ে একেলগে সোঁধো - সঁচানে পেহা?
পেহাই ডাঠি কয় - নোহোৱাৰ প্ৰশ্নই নাই! অলবৎ হয়, তেখেতে ঠিক চিনি পাইছে!
পেহাই টেলিভিছনত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডীক দেখি তেনেকৈ জপিয়াই উঠিছিল ৷
(কৃতজ্ঞতাঃ আজাৰৰ বন্ধু শ্ৰী দিগন্ত দাস)
No comments:
Post a Comment