Saturday, August 19, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১০)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১০)
ঠাণ্ডা দিন ৷ চন্দ্ৰ পেহাই চাইকেলখন লৈ ৰাতিপুৱাই ওলাল ধানৰ সঁচ বিচাৰি - উত্তৰলৈ ৷ উত্তৰ মানে এসময়ত গৈ গৈ তেখেত একেবাৰে সীমান্ত পালেগৈ - চীনলৈ আৰু কেইফুটমানহে বাকী! (চীন আৰু অসমৰ মাজত যে অৰুণাচল নামৰ এখন নিৰীহ ৰাজ্য আছে, সেই কথাটোক পেহাই বৰ গুৰুত্ব নিদিয়ে ৷)

উভতি আহিবৰ সময়ত পেহাই আৱিষ্কাৰ কৰিলে - চাইকেলখনৰ পাম কমি আহিছে ৷ অলপ সময়ৰ পিছত তেখেত ৰৈ যাবলৈ বাধ্য হ'ল৷ টায়াৰ-টিউৱ চেপেটা হৈ চকাৰ ৰিঙটো ৰাস্তাত প্ৰায় লাগি গৈছে৷
- সৰ্বনাশ হ'ল, এই পাণ্ডৱ-বৰ্জিত ঠাইত চাইকেল ভাল কৰা দোকানটো দূৰৰ কথা, মানুহৰ ঘৰত চাইকেলেই নাই ! কি কৰা যায় এতিয়া, অন্ততঃ দুকুৰী মাইল উভতি যাব লাগিব !
দুজনমানক সোধাৰ পিছত পেহাই গম পালে - এঘৰ মানুহৰ তাত পাম এটা আছে ! ইফালে বেলি ভাটি দিবলৈ আৰম্ভ কৰিছে৷ পেহা গৈ মানুহঘৰত উপস্থিত হ'লগৈ ৷ চকাটোত পাম দিবলৈ আৰম্ভ কৰিলে, কিন্তু হ'লে কি হ'ব, পাম নৰয় ৷ ভলটিউৱ গ'ল ৷ ভলটিউৱ (valve-tube) হৈছে ৰবৰৰ পাইপৰ এটি সৰু টুকুৰা, যিয়ে চকাটোৰ ভিতৰৰ পৰা বায়ু ওলাই যাব নোৱাৰাকৈ ধৰি ৰাখে ৷
- বুইছ, সকলো বিপদৰে এটা সমাধান থাকে ৷ পেহাই দাৰ্শনিকৰ দৰে আমাক কৈ যায়৷
- তাৰপিছত? আমি আটায়ে সোধোঁ ৷
তাৰপিছত তেখেতে ক্ষন্তেক চিন্তা কৰিলে আৰু মানুহঘৰৰ পাচলিবাৰীখনলৈ সোমাই গ'ল৷ পিন্ধিথকা পেন্টতো আঠুলৈকে কোচাই অলপ ৰৈছেহে মাথোন, চীনাজোক (leeches) এগাল লি-লিয়াই আহিল নহয় পেহাৰফালে আগবাঢ়ি ! তাৰে এটা থাপ মাৰি ধৰি আনি পেহাই ভলটিউৱৰ ঠাইত চাইকেলখনত লগাই ল'লেহি ৷
সাধাৰণতে ভলটিউৱ এটাৰ আয়ুস তিনিমাহমান হয়, কিন্তু পেহাৰ চাইকেলখনত সেইটো চীনাজোক ভলটিউৱ হৈ ছবছৰ থাকিল!
কৃতজ্ঞতাঃ সোঁৱৰণিৰ কুৱঁলী ফালি এইটো কাহিনী টানি আনিলে মোৰ ভনী মাজনীয়ে (মীনাক্ষী বৰুৱা)৷

No comments:

Post a Comment