Monday, August 14, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (৯)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (৯)
সেইদিনাও আছিল ১৫ আগষ্ট ৷
কিছুদিনৰ আগতে চন্দ্ৰপেহা শিলঘাটৰ মৰাপাট কলৰ চাকৰি এৰি ঘৰলৈ গুছি আহিছিল ৷ তেতিয়া ঘৰত এনেয়ে বহি আছিল ৷ তেনেতে গুণীৰ গুণ বুজা চাহবাগানৰ ইংৰাজ চাহাবে গম পালে যে চন্দ্ৰপেহা ঘৰতে আছে ৷ গম পোৱাৰ পিছৰ দেওঁবাৰটোতে ৰাতিপুৱাই চাহাবৰ চেভ্ৰলেটৰ গাড়ী আহি পেহাদেউৰ পদূলিত ৰ’লহি ৷ পেহাক হেণ্ডচেক কৰি সম্ভাষণ জনালেহি ৷
তাৰপিছত ? - আমি সোধোঁ ৷
তাৰপিছত নখন বাগানৰ চাহপাত তৈয়াৰ কৰা কলঘৰটো চাহাবে জোৰ কৰি তুলি দিয়াদি পেহাৰ হাতত তুলি দিলে ৷ থাকোঁতে কলঘৰৰ ইঞ্জিনিয়াৰ, অভাৰচেয়াৰ নথকা নহয়, কিন্তু চন্দ্ৰপেহাই দায়িত্ব লোৱাৰ পিছৰে পৰা তেওঁলোক মাত্ৰ দৰমহা ল’বলৈ অহাৰ দৰেহে আহি থাকিল ৷ স্বয়ং ইঞ্জিনিয়াৰ আহি কেইদিনমানৰ পিছতে পেহাৰ পৰা কলঘৰ চলোৱাৰ প্ৰশিক্ষণ ল’লেহি- গোপনে, চাহাবে গম নোপোৱাকৈ!
পিছে কলঘৰৰ কামৰ দ্বাৰা নহয়, পেহা চাহাবসকলৰ অতি জনপ্ৰিয় হৈ উঠিল আন এটা কাৰণতহে – ফুটবল খেলাত ৷ কি খেল ! পেহাই কেৰি কাটি কাটি বলটো আগলৈ নি থাকে, কাষে কাষে ইংৰাজ চাহাবহতে দৌৰি দৌৰি তত নাপায়৷ বেকত খেলা পেহাই গ’লটো দি যেতিয়া নিজৰ ঠাইলৈ উভতি আহে, তেতিয়া দৰ্শক আৰু চাহাবহ’তৰ কি কিৰিলি !
এইটো সেই সময়ৰে কথা৷
দেশে স্বাধীনতা পাইছেহে, মাথোন ৷ সেইদিনা আছিল ১৫ আগষ্ট ৷ বাগানৰ বাকৰিত ফুটবল খেলৰ আয়োজন চলিছিল৷ বগা চাহাবৰ দলটোৰ বেকত খেলিছে চন্দ্ৰপেহাই ৷ খেলে যেতিয়া উত্তেজনাৰ শীৰ্ষবিন্দুত উপনীত হৈছে পেহাৰ চাধা এপালি খাবলৈ বৰ মন গ’ল ৷ পেন্টৰ জেপতে আছে চুখাৰ টেমাটো! সেইটোতে এফালে সুমুৱাই থোৱা আছে পাত চাধা আৰু আনফালে চূণ ৷ কিন্তু খেল চলি থকা অৱস্থাত কি কৰিব পৰা যায় ! তাৰোপৰি বগা চাহাবৰ চকুৰ আঁৰ কৰি চাধা মলা যায় কেনেকৈ ! ঠিক তেনেতে পেহাৰ ফালে এবাৰ বলটো আগবাঢ়ি আহিল ৷ এইয়ে সুযোগ বুলি পেহাই সৰ্বশক্তিৰে বলটো ওপৰলৈ মাৰি পঠিয়ালে ৷ ওপৰলৈ বল গৈ গৈ এসময়ত নেদেখা হ’লগৈ ! পেহাই পেন্টৰ জেপৰ পৰা টেমাটো উলিয়াই ল’লে৷ খেলুৱৈ, দৰ্শক সকলোৰে চকু আকাশৰ পিনে ৷ চাধা পাত আৰু চূণ মিহলাই পেহাই চুখা মলিবলৈ আৰম্ভ কৰিলে৷ কোনেও পেহালৈ মন কৰা নাই, সকলোৰে চকু আকাশত৷ এসময়ত মলা চাধাৰ টিপাটো ওঁঠৰ তলত সুমুৱাই পেহাই যেতিয়া থু থু কৰিছে তাৰ পিছতহে ফুটবলটো আহি তল পাইছেহি !
(কৃতজ্ঞতাঃ চতিয়াৰ ৰাতুল ভূঞা দাদা)
বিঃদ্ৰঃ চন্দ্ৰপেহাৰ আগৰ কাহিনীকেইটা জানিবলৈ মন কৰি কেইবাজনো নতুন বন্ধুৱে মোলৈ মেছেজ দিছে ৷ অনুগ্ৰহ কৰি http://utpalbaruah.blogspot.comনামৰ লিংকটোলৈ গ’লেই আগৰ আটাইকেইটা খণ্ড পঢ়িবলৈ পাব ৷

No comments:

Post a Comment