জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১১)
চন্দ্ৰপেহাৰ সংস্পৰ্শত বুদ্ধত্ব প্ৰাপ্ত হোৱা সকলো
প্ৰানীকূলৰে মাজৰ অন্যতম আছিল পেহাৰ হালোৱা গৰুহাল ৷ গৰুহালক একো কথা ক’বই
নালাগে ! যেনে পেহাই নতুনকৈ ঘৰলৈ হালোৱা এটা আনিছে, তাক প্ৰথমদিনা খেতি পথাৰখন
চিনাই দিয়াৰ প্ৰয়োজন ৷ এই কামটো গৰুহালে নিজেই কৰে ৷ পেহাই নতুন হালোৱাটোক
বুজাই দিয়ে – গৰুহালৰ পিছে পিছে গৈ থাক, এটা আগত আৰু এটা পাছত যেতিয়া গৈ থাকিব, বুজিবি
পথাৰ পোৱাহি নাই ৷ তিনিমাইলমান যোৱাৰ পিছত যিখন পথাৰত গৰুহাল একেশাৰীতে থিয় হৈ ৰৈ
যাব, সেইয়াই মোৰ মাটি, তাতেই তই হাল যুৰিবি ৷ তই নিজৰ মাথা নখটুৱাই গৰুহালক অনুসৰণ
কৰি মাথোঁ গৈ থাক !
ৰাতিপুৱাই পেহাক টোপনিৰ পৰা উঠাই দিয়া, শিঙেৰে পদূলিৰ নঙলাদাল
খুলি দিয়া - এইবোৰ কাম গৰুহালে নিজেই কৰিছিল ৷ এবাৰ গৰুহাল বেমাৰত পৰিছিল, পশু চিকিৎসক এজন আহি চাই চিতি হেনো
কৈছিল - পেহা, এইহালটো আপোনাৰ গৰু নহয়,
এইদুটা হৈছে চাৰিঠেঙীয়া মানুহ ! ইত্যাদি ৷
যিহওক, বুদ্ধত্ব প্ৰাপ্তিৰ লগতে এসময়ত গৰুহালৰ বৃদ্ধত্ব
প্ৰাপ্তিও হ’ল ৷ বুঢ়া গৰুহাল ঘৰতে ৰাখি থৈ নো কি হ’ব! অনিস্বাসত্বেও পেহাই
গৰুহাল বিক্ৰী কৰি দিয়াৰ কথা ভাবিলে ৷ দেওঁবাৰৰ দিনটোত আমাৰ অঞ্চলত এখন ডাঙৰ বজাৰ
বহে, তাত গৰু-ছাগলীও বেচা-কিনা হয় ৷ দেওঁবাৰ এটাত পেহাই গৰুহাল লৈ বজাৰ পালেগৈ ৷
লাইটৰ খুটা এটাৰ ওচৰত গৰুহাল বান্ধি থৈ পেহা গ্ৰাহকলৈ অপেক্ষা কৰি ৰৈ থাকিল ৷ জনাই
জানে, গৰুৰ বয়স জুখিবলৈ তলৰপাৰি দাঁত চাব লাগে ৷ সেয়ে গ্ৰাহক আহি গৰুহালৰ মুখৰ কোৱাৰিটোত চেপা মাৰি ধৰে, তলৰপাৰি
দাঁত চকুত পৰাকৈ ওলায় আহে৷ তাৰপিছতে গ্ৰাহক ওভতে – গৰু বুঢ়াই হ’ল দেখোন ৷ গোটেই
দিন পেহা খাপ পিতি ৰ’ল, গৰুহাল বিক্ৰী নহ’ল ৷ গধুলি ঘৰলৈ উভতি আহিল ৷
তাৰপিছৰ সপ্তাহৰ দেওঁবাৰটোত ৰাতিপুৱা পেহাই গৰুহাল খুলি দিবলৈহে
পালে- সিহঁতে নিজে নিজেই বজাৰলৈ খোজ ল’লে ৷ বজাৰত গৈ সেই লাইটৰ খুটাটোৰ তলত গৈ
ৰৈ থাকিলগৈ ৷ আৰু কোনোবা গৰুহালৰ ফালে আগবাঢ়ি অহা দেখিলেই গৰুহালে নিজেই হেনো
হিঃ হিঃ হিঃ কৰি তলৰপাৰি দাঁত উলিয়াই দেখুৱাইছিল ৷
No comments:
Post a Comment