Sunday, August 27, 2017

মোৰ কলমঃ (১) বহিৰাগতক বহিষ্কাৰ


মোৰ কলমঃ (১) বহিৰাগতক বহিষ্কাৰ

আজি কিছুদিনৰ পৰা অসমৰ একাংশ অসমীয়াৰ মনত প্ৰৱল অসমীয়াত্ব জাগৰণ হোৱাৰ লক্ষণ পৰিস্ফূট হৈ উঠিছে৷ তেওঁলোক অসমীয়া জাতিটোৰ ভৱিষ্যতক লৈ হঠাতে শংকিত হৈ উঠিছে আৰু অসমখনক শীঘ্ৰেই বহিৰাগতৰ পৰা মুক্ত কৰিব লাগে বুলি সাধাৰণ ৰাইজক আহ্বান জনাইছে৷

পিছে অসমীয়াই মাজে মাজে নিজকে আৰ্চীৰ সমূখত থিয় কৰাই চোৱাটো বৰ প্ৰয়োজন৷ কি কাৰণে মই শ্ৰেনীত দ্বিতীয় হ’লো সেই কথা আৱিষ্কাৰ কৰিব নোৱাৰালৈকে মই প্ৰথম হোৱাৰ সম্ভাৱনা অতি ক্ষীণ৷ এই সহজ সত্যটোক উপলব্ধি কৰিলে কিছু পৰিমানে আবেগক নিজৰ বশ কৰি ৰাখিব পাৰি বুলি মোৰ বিশ্বাস ৷ ধান খেৰৰ জুই বা বৃষ্টিহীন ঢেৰেকণিৰ সলনি আত্মশুদ্ধি আৰু বিজ্ঞানসন্মত আঁচনিৰেহে আমাৰ উন্নতি সম্ভৱ ৷  পিছে এই কথা ক’বলৈ মই আকৌ কোন ? আমাৰ সকলোৰে শ্ৰদ্ধাৰ  ড˚ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ এখন ৰচনা এই মুহুৰ্তত মোৰ মনৰ মাজত অহা-যোৱা কৰি আছে৷ আহক এবাৰ পঢ়ি চাওঁ –

বেলি ডুবাৰ সময় (ৰচনা কাল ১৯৮৯)

এসময়ত টকা-পইচা খৰচ কৰি সজোৱা, বৰ্তমানে কামত নালাগি পিছ বাৰাণ্ডাত পৰি থকা কাঠৰ ৰেক এখনত মিনতিয়ে এক খুন্দা মাৰিলে৷ তাই কাপোৰ এসোপা মেলি দিবলৈ গৈছিল ; চকু আছিল তাঁৰডালত, ৰ’দ পৰিছেনে নাই চোৱাত৷ লাগি গ’ল বাঁও আঁঠুটোৰ ৰেকখনৰ চুক এটাৰ লগত খুন্দা ৷ কিলাকুটিৰ ভাঁজত লৈ অহা কাপোৰ তাই মাটিলৈ দলিয়াই দিলে, আয়ু-ঊ বুলি চিঞৰ এটা মাৰি বহি পৰিল আৰু দুয়োখন হাতেৰে আঁঠুটো টেপা মাৰি ধৰিলে৷

“কি হ’ল?” – অৰবিন্দ দৌৰি আহিল৷ “ – হাঁ? কি হ’ল? পৰিলানে কি?”

               মিনতিৰ আঁঠুৰ বিষে মূৰত চিৰিং-চিৰিং কৰিছিলগৈ৷ অৰবিন্দ তাইৰ ওচৰতে বহিল৷ – “নোকোৱা কিয় কি হ’ল?”

               মিনতিয়ে মুখ নুখুলিলে৷ অৰবিন্দই উপায় নাপাই মিনতিয়ে টিপি থকা আঁঠুটোকে তাইৰ হাতৰ ওপৰতে টিপিবলৈ ধৰিলে৷ আৰু মুখেৰে কি হ’ল, হ’ল কি আদি কৈ থাকিবলৈ ধৰিলে৷ অলপ পৰৰ পিছত মিনতেয়ে অৰবিন্দৰ হাত দুখন এচাৰ মাৰি আঁতৰাই দিলে৷ অৰবিন্দই লগে-লগে বুজিলে যিয়েই নহওক, আঁঠুৰ বিষ কমিছে হ’বলা৷ নহ’লে ছেকেণ্ড একছন আৰম্ভ হ’ব কিয়? তাৰপিছত আৰু সি একো ভাবিবলৈ নাপালে; মিনতিয়ে  সাউৎকৈ উঠি ৰেকখনক প্ৰচণ্ড ঠেলা এটা মাৰিলে৷

               “এইসোপা মই ইয়াৰ পৰা আঁতৰাবলৈ কৈ আছোনে নাই?” তাই গৰ্জিলে৷
               “আছা৷”
               “আছো যদি নাঁতৰায় কিয়?” মিনতিয়ে আৰু জোৰে গৰ্জিলে৷
               “মানে আঁতৰাই ক’ত থমগৈ, সেইটোওতো ঠিক কৰি ল’ব লাগিব৷” – অৰবিন্দই মেও-মেওকৈ ক’লে৷
               “থ’বলৈ ঠাই নাই যদি ৰাস্তাৰ খালত পেলাই দিয়কগৈ৷”
               মিনতিয়ে দুপিয়াই দুপিয়াই যিমান জোৰে পাৰে ভিতৰলৈ সোমাই গ’ল৷

               সেয়াই আৰম্ভ৷ তাৰ পাছৰ আঠ ঘন্টাত মিনতিয়ে প্ৰায় আধা ঘন্টাৰ মূৰে-মূৰে মুখ খুলি থাকিল৷ তাইৰ মতে তাই মৰিলেহে অৰবিন্দৰ জ্ঞানৰ দুৱাৰ মুকলি হ’ব৷ জীৱন্ত মিনতিৰ কথাৰ কোনা মুল্য নাই৷ তাইৰ সামান্য কাম এটা কৰি দিবলৈ পালে অৰবিন্দই সৰগখন খহি পৰা যেন পায়৷ কোনোবা দিনা খং উঠিব – তাই শাৰী এখন পকাই-পকাই ৰছী এডাল কৰি, তাৰ এটা মূৰ ছিলিং ফেনত বান্ধি –

               অৰবিন্দৰ মতে সেইবোৰ একো কৰিব নালাগে৷ পুৰণি টিনপাত পাঁচখন আছেই; পানীকলটোৰ ওচৰতে সৰুকৈ চালি এখন দি, তৰজাৰে বেৰ দি, তাতে ঘৰখনৰ অদৰকাৰী বস্তুবোৰ দ’মাই, - নহয়, দ’মাই নহয়, - ছিজিলকৈ সজাই থৈ দিব৷

               তৃতিয় দিনা মিনতিৰ আঁঠুৰ বিষটো গ’ল, চতুৰ্থ দিনা দেওবাৰে, পুৱাই অৰবিন্দ ওলাই গ’ল লেবাৰ, মানে কামলা এটা বিচাৰি৷ আজি চালিখন দিয়াবই লাগিব৷

               চাৰিআলিৰ কালভাৰ্টৰ ওপৰত বহি থকা কামলা এটাৰ লগত অৰবিন্দই সংলাপ বিনিময় কৰিলেগৈ৷ কামলাৰ পিন্ধনত গামোচা, আস্তিন নোকোঁচোৱা ফুলছাৰ্ট৷ অৰবিন্দই সুধিলে, চালি এখন দিব পাৰিবা? দা আছে? হাজিৰা কিমান? – ইত্যাদি৷ কামলাই উত্তৰ দিলে – পাৰিম, দা গৃহস্থই দিব লাগিব; ৰ’দত কাম কৰিলে হাজিৰা পঁচিছ টকা, ছাঁত কাম কৰিলে বিছ টকা৷

               কাম কৰা ঠাইডোখৰত ৰ’দ আৰু ছাঁ মিহলি হ’ব পাৰে কাৰণে চাৰে বাইছ টকাত বন্দবস্ত কৰি অৰবিন্দই ক’লে – উঠা৷ মানে স্কুটাৰৰ পিছত উঠা৷ কামলাই ক’লে – ঘৰটো চিনি পাইছোঁৱেই নহয়৷ আপুনি যাওঁক, মই গৈ আছোঁ৷

               তেতিয়া চাৰে সাত বাজিছিল৷ পঞ্চল্লিছ মিনিট সময় অৰবিন্দই পদূলিলৈ ওলাই ডিঙি মেলি-মেলি চাই থাকিল আৰু বাৰাণ্ডালৈ উভতি আহি মিনতিক বুজাই থাকিল, - নাহিব কিয়হে? মই নিজে বন্দবস্ত কৰি আহিছোঁ; সি ঘৰটো চিনি পাওঁ বুলি কৈছে!

               আঠ পোন্ধৰত কামলা আহিল৷ কাম আৰম্ভ৷ প্ৰথম কাম ওচৰতে তৰজা-কোম্পানিয়ে খালৰ ওচৰত দ’মাই থোৱা বাঁহৰ পৰা দুডাল বাঁহ আনিব লাগে৷ “এই খিনিত ঠেলা পোৱা যায়নে?” – কামলাই সুধিলে৷

               “কিয়? তুমি এবাৰত এডালকৈ দুবাৰত বাঁহ দুডাল কঢ়িয়াব নোৱাৰিবা? সৌৱা ওচৰতহে!”
               কামলাই ক’লে – নোৱাৰিম৷ সেইটো তাৰ কাম নহয়৷

               ঠেলাগাড়ী বিচাৰি, বাঁহ আনি চৌহদত পেলাওঁতে ন বাজি পঁয়ত্ৰিছ মিনিট গ’ল৷ ইতিমধ্যে অৰবিন্দ কলৰ পাৰৰ পকাত ঘঁহাই অলপ ধাৰ তুলি থোৱা দাখন চোৱাৰ আগতে কামলাই অলপ চেধা মাৰি লোৱাটো উচিত বুলি বিবেচনা কৰিলে৷
       
        খুঁটা লাগে চাৰিটা; চাৰে ন ফুটীয়া৷ ডেৰ ফুট পোত, আঠ ফুট ওপৰত৷ ভিতৰৰ পৰা স্কেল আনি জোখ-মাখ অৰবিন্দই নিজে কৰি দিলে৷ এটা খুঁটা কাটি দি কামলাই ডিক্লেয়াৰ কৰিলে – দাখন বেয়া ৷ অৰবিন্দই দুঘাপমান মাৰি চাই ক’লে, - “কাম চলিব দিয়া৷”

               চাৰিটা খুঁটা কটা হোৱাৰ পাছত আচল কাম আৰম্ভ হ’ব বুলি ভাবি মিনতি ওলাই আহিল ওস্তাদি কৰিবলৈ৷ এইখিনিতে নালাগে, এইখিনিত৷ এইফালে অহা-যোৱা বাটটো মুকলি হৈ থাকিব লাগিব৷ চালিখনৰ পানী এইফালে বাগৰি পৰিব লাগিব৷ দুৱাৰখন এইফালে ৰাখিব লাগিব৷

               “কেইটা বাজিছে বাইদেউ?”- কামলাই সৰু মাতেৰে সুধিলে৷
               “জানো! চাৰে দহমান বাজিল হ’বলা৷”
               “চাহ অকণমান হোৱা হলে ভাল আছিল বাইদেউ!”

               মিনতিয়ে পাকঘৰত আঠু কাঢ়ি মিটছেফৰ তলৰ খাপটোৰ ভিতৰ চুকৰ পৰা এলুমিনিয়ামৰ দীঘল গিলাছ এটা উদ্ধাৰ কৰিলে৷

               মিনতিৰ চাহে কামলাৰ মুখৰ পৰা আগৰ চেধাখিনিৰ চোকটো উটুৱাই লৈ গ’ল৷ কৰবী গছৰ ছাঁত বহি কামলাই ধীৰে-সুস্থিৰে নতুন চোকৰ ব্যৱস্থা কৰি ল'লে৷
       
        কামলাই তিনি নম্বৰ গাঁতটো খান্দি থাকোঁতে অৰবিন্দই ঠিক কৰিলে – এইখিনি সময়তে সি বাথৰুমলৈ গৈ তাৰ গেঞ্জি, ৰুমাল, জাঙিয়া আৰু মোজাযোৰ থুকুচি থৈ অহা ভাল৷ মিনতিৰ লগত তাৰ বন্দবস্ত কৰা আছে – তাৰ সৰু সৰু বস্তুবোৰ সি নিজে ধুব৷

               বস্তুকেইটা মেলি দিবলৈ আহি সি দেখে – চাৰি নম্বৰ গাঁতটোৰ ওচৰত চিপৰাংখন পৰি আছে, কামলা নাই৷
               “ক’লৈ গ’লহে?”
               মিনতিয়ে গোজোৰা মাৰি ক’লে – “ভাত খাবলৈ গ’ল৷”
               “এতিয়াই ? বাৰ বাজিছেহে !”

              চালিখনৰ লগত লাগি থাকোঁতেই আজি ভাত খাওঁতে দুই-আঢ়ৈমান বাজিব বুলি অৰবিন্দই ঠিক কৰি থৈছিল৷

               দুই বাজি পাঁচ মিনিট যাওঁতে কামলা আহিল৷ মিনতিৰ মুখখন গোল হৈ আছিল৷ তাই ঠিক কৰিলে – এই কথাই কথা নহয়; তাইও কামলাৰ লগত লাগি থাকিলেহে যদি কিবা এটা হয়৷

               কামলাই য’ত ভাত খালে, তাত খোৱা পানীৰ ভাল ব্যৱস্থা নাছিল হ’বলা৷ এলুমিনিয়ামৰ গিলাছটোত কলৰ পৰা পানী এগিলাছ লৈ সি ঘঁত-ঘঁতকৈ পি ল’লে৷ তাৰ পাছত আৰু আধা গিলাছ, তাৰ পাছত সি চেঁচা পানীৰে মুখ আৰু ডিঙি মোহাৰি ল’লে৷

 তাৰ পাছত প্ৰচণ্ড গতিত কাম আৰম্ভ হ’ল৷ অৰবিন্দই লুঙীখন হাফ কৰি কোঁচাই ল’লে৷ বাঁহৰ আগ এটাৰে খুঁটাৰ গুৰিৰ মাটি খুন্দি খুন্দি সি খুঁটাটো ল’ৰাই চালে – সেইটো মজবুত হৈ থিয় হৈ আছেনে নাই৷

মাৰলি বান্ধিবৰ সময়ত কামলাই ক’লে, - অকণমান ধৰিবচোন বাইদেউ৷ মিনতিয়ে মাৰলিডালৰ এটা আগ দাঙি ধৰি থাকিল৷ – আৰু অলপ তুলি ধৰিব বাইদেউ৷ –মিনতিয়ে সোঁহাতেৰে মাৰলিডালৰ আগটো আৰু ওপৰলৈ তুলি ধৰিলে আৰু বাওঁহাতেৰে বুকুৰ কাপোৰ ঠিক কৰিলে৷
         
      অৰবিন্দহ’তে চাৰে তিনিমান বজাত চাহ একোকাপ খায়৷ সেই চাহৰ ভাগ এলুমিনিয়ামৰ গিলাছতো পৰিল৷

         পাঁচ বাজিবলৈ পোন্ধৰ মিনিট থাকোঁতে যেতিয়া কামলাই কল মাৰি-মাৰি আঁঠুৰ ওপৰলৈকে, কিলাকুটিৰ ওপৰলৈকে ভৰি-হাত ধুলে, তেতিয়া টিনপাত কেইচলা মাৰলিৰ ওপৰত৷ টিনৰ ওপৰত বাঁহৰ বান্ধ? তৰজাৰ বেৰ?

               “সেইবোৰ আজি নহ’ব৷ সেইখিনি আৰু এক হাজিৰাৰ কাম৷”

               তাৰ পাছত সাত-আঠদিনলৈ মিনতিয়ে চিঞৰি থাকিল – নালাগে মোক চালি-তালি৷ সেইবোৰ চব ভাঙি পেলাওক৷

               চৈধ্য দিনৰ মূৰত অৰবিন্দৰ এক সমাজকৰ্মী বন্ধুৱে অৰবিন্দহঁতৰ ঘৰলৈ চিনাকি কামলা এটা পঠিয়াই দিলে৷ কামলাটোৱে আহিয়েই ক’লে – এইখিনিত পানী জমিব, চাৰি ইঞ্চিমান ওখ হলেও ভেটি এটা বান্ধিব লাগিব৷ তাৰ পিছত সি সুধিলে মাটি ক’ৰ পৰা কাটিব? অৰবিন্দই ঠাই এডোখৰ দেখুৱাই তাতে খাল খান্দিবলৈ ক’লে৷ জাবৰ পেলাবলৈও হ’ব৷

               ডেৰমান বজাত অৰবিন্দই খৰিকাৰে দাঁতৰ মাজত সোমাই থকা মাংসৰ টুকুৰা উলিয়াই থু-থু কৰি-কৰি কামলাটোৰ ওচৰলৈ আহিল৷ কামলাটোৱে তেতিয়া কৰবী গছ জোপাৰ ছাঁত বহি চিৰা আৰু গুৰ খাই আছিল৷ অৰবিন্দই তাক সুধিলে – “তুমি ভাত খাইতে যাইবা না?”

               কামলাটোৱে ক’লে, না বাবু, দিনেৰ বেলায় ভাত খায় না ৷ সময় হয় না ৷”

               তাৰ পাছত সি সুধিলে, - চালিখনৰ কামতো শেষেই হ’ল৷ এই বেলা সি কি কৰিব?


No comments:

Post a Comment