Saturday, August 12, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (৮)

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (৮)
অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰঙা ৰঙৰ গড়ৰ ছাপ থকা চৰকাৰী বাছবিধত এসময়ত 'আপাৰ' আৰু 'লৌৱাৰ' নামৰ দুটা ভাগ আছিল৷ আপাৰ-ত ভাৰা সামান্য বেছি ৷ চহকী সকলে সততে আপাৰ-ত টিকট লয়, নদাই-ভদাইয়ে লৌৱাৰত ৷ দ্ৰাইভাৰৰ ওচৰত টিলিঙা এটা ওলমি থাকে৷ আপাৰ - লৌৱাৰ সংযোগ কৰি ৰখা ৰছী এডালেৰে টিলিঙাটোৰ এটা মূৰ বান্ধি থোৱা থাকে৷ কনডাক্টৰে ৰছীডাল টান মাৰি টিলিঙাটো বজাই দিলেই বাছখন ৰয় ৷ তেতিয়াই যাত্ৰীসকলে উঠা-নমা কৰে৷
বাছ চলোৱা প্ৰতিষ্ঠানটো "নিগম" হোৱাৰ আগতে "সংস্থা" আছিল - অসম ৰাজ্যিক মটৰ পৰিবহন সংস্থা বা ইংৰাজীত - Assam State Motor Transport Union৷ গাড়ীখনৰ গাত যাত্ৰী উঠা দুৱাৰখনৰ ওচৰতে ডাঙৰ ডাঙৰকৈ লিখা আছিল - A.S.M.T.U.
এইটো সেই সময়ৰে কথা ৷ আমি বাছ ধৰিবলৈ বাছ আস্থানত ৰৈ আছিলোঁ ৷ ক'ৰবাৰ পৰা তাতে ওলালহি চন্দ্ৰ পেহা ৷ চাইকেলখনতে ভেজা লৈ পেহাই কাহিনী আৰম্ভ কৰিলে ৷ সময়কণ উজলি উঠিল ৷
এসময়ত বাছখন আহি ৰ'লহি ৷ ৰৈ থকা যাত্ৰীসকলৰ মাজত খৰ-খেদা লাগিল৷ মই টিকট আগতেই কিনি থৈছিলোঁ ৷ কনডাক্টৰে অফিচত হিচাপ নিকাচ কৰি তথ্য-পাতি লৈ আহিবলৈ কেইটামান মিনিটৰ প্ৰয়োজন হয়৷ সেইখিনি সময়তে মই পেহাক সুধিলো- পেহা, এই A.S.M.T.U.-টো কি?
এক ছেকেণ্ডো নোৰাৱাকৈ পেহাই উত্তৰ দিলে - আমাৰ চহুৰৰ মটৰত তুমি উঠা!
কি? - আচৰিত হৈ মই সুধিলোঁ ৷
অসমীয়া শ-টো ইংৰাজীত ছ-হয়যে, সেয়ে শহুৰটো চহুৰ হৈছে!

No comments:

Post a Comment