Friday, August 21, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১০

 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১০
শৈশৱৰ পৰা কৈশোৰলৈ - পঢ়াশালিৰ দিনবোৰ

আশাকৰা মতেই মই দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰিলো৷ স্কুলখনৰ বেছিকৈ চিন্তা আছিল অশোক সেনকলৈ৷ সি স্কুলৰ পৰীক্ষাবোৰত অংক বিষয়টোত একেধাৰে শূন্য পাই আহিছিল৷ অংক আছিল কম্পালছৰী বিষয় - হয় পাছ কৰিব পৰা নম্বৰ পাব লাগিব, নহলে গোটেই পৰীক্ষাটোৱেই ফেইল কৰিব৷ কিন্তু দেখা গ’ল সিও দ্বিতীয় বিভাগত পাছ কৰিবলৈ সমৰ্থ হৈছিল৷ হাজাৰ হওক তাৰ দেউতাক আছিল দিল্লী বিশ্ববিদ্যালয়ৰ সেই সময়ৰ ৰেজিষ্ট্ৰাৰাৰ৷ মডাৰ্ণ স্কুলে মোক পাঠ্যক্ৰমৰ বাহিৰেও বাস্তৱৰ পৃথিৱীখনৰ অনেক আৱশ্যকীয় পাঠৰ প্ৰতিও সজাগ কৰি তুলিছিল৷
১৯২০ - ১৯৩০ চনলৈ, মই মডাৰ্ণ স্কুলত থকা সময়খিনিত আমাৰ পৰিয়ালটোৰ ওপৰতো যথেষ্ট পৰিৱৰ্ত্তন আহি পৰিল। কাপোৰ ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ আশাক জলাঞ্জলি দি দেউতাই ঘৰ সজা কামৰ প্ৰতি বেছি মনোযোগ দিবলৈ আৰম্ভ কৰিলে। মিলৰ দুৱাৰমুখত থকা ঘৰটোৰ পৰা আমি ৰাইছিনাৰ নতুন ঘৰ এটালৈ উঠি আহিলো৷ পুৰণি মিল পথ, য’ত তেতিয়া চাৰিটা মিল আছিল, যিটোৰ এতিয়া নতুন নাম “ৰফী মাৰ্গ”, আমি সেই ঠাইৰ ছালি দিয়া ঘৰ এটালৈ উঠি আহিলোঁ। ঘৰটোৰ সমূখত যি আছিল সি এতিয়া স্বাধীন ভাৰতৰ “সংসদ ভৱন”৷ আমি থকা ঠাইডোখৰৰ ওচৰতে “নৰ্থ ব্লক” আৰু “ছাউথ ব্লক” নামৰ ঘৰ দুটাৰ নিমাৰ্ণৰ কথাও চলি আছিল৷ দেউতাই ছাউথ ব্লক নিমাৰ্ণৰ ঠিকা কামটো পালে। দেউতাৰ বন্ধু বিশাখা সিঙে নৰ্থ ব্লকৰ কামটো পাইছিল৷ বাৰ মাইল দূৰত থকা বদৰপুৰৰ পৰা পাথৰ কঢ়িয়াবৰ নিমিত্তে আমাৰ ঘৰৰ আগেদিয়েই এটা “নেৰ' গজ ৰেইল” পথ বহুউৱা হৈছিল৷ ৰেইল পথটো য’ত শেষ হৈছিল সেই ঠাইতেই পিছলৈ ‘‘কনাট প্লেছ’’ নামৰ ঠাইখনে গঢ় লৈ উঠিছিল৷ পাথৰৰ ডাঙৰ ডাঙৰ দ’ম আৰু কাটিবলৈ ব্যৱহাৰ কৰা ডাঙৰ ডাঙৰ মেছিনবোৰেৰে আমাৰ ঘৰৰ সমূখৰ ঠাইখন ভৰি আছিল৷ শিল কটা সেই মেছিনবোৰৰ মাততে আমি ৰাতিপুৱা সাৰ পাইছিলো আৰু ঘৰ সজা বিভিন্ন সঁজুলিৰ ঠুং-ঠাং শব্দৰ মাজতে দিনটো পাৰ হৈ গৈছিল। বন্ধৰ দিনত আমি বস্তু কঢ়িয়াই অনা এই “ইম্পিৰিয়েল দেল্‌হী ৰেইলৱে”-খন অহালৈ আগ্ৰহেৰে বাট চাই আছিলো৷ তাতে উঠি আমি কনাট প্লেছলৈ আৰু তাৰপৰা আকৌ ঘৰলৈ ৰেইলৰ ফ্ৰী যাত্ৰা কৰিছিলো৷
দেউতাই ঠিকা কৰি থকা সেই সুদিনত অন্তত ৬০০০ জন শ্ৰমিক, কেইবা ডজনো ছুপাৰভাইজাৰ আৰু কেৰাণীক নিযুক্তি দিছিল৷ শ্ৰমিক সকল আছিল প্ৰধানকৈ ৰাজস্থানৰ পৰা অহা বাগাড়ী মানুহ৷ মতা শ্ৰমিকে দৈনিক আঠ অনা অৰ্থাৎ পঞ্চাশ পইচা আৰু মহিলা শ্ৰমিকে ইটা-বালি বা আন সামগ্ৰী কঢ়িউৱাৰ বাবে ছয় অনাকৈ পাইছিল৷ ডাঙৰ ডাঙৰ শিলৰ টুকুৰা শ্ৰমিক সকলে এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই বা বগৰাই নিব লগা হৈছিল৷ তেওঁলোকে একেলগে মিলি সুৰ লগাই গাৰ জোৰ লগাইছিল – “হেইছা, হেইছা, ৰাম ভৰোছে - হেইছা, জোৰ লগা দে – হেইছা”। গাৰ ঘাম ওলাই যোৱা টান কাম আছিল এইবোৰ৷ তেওঁলোকে কিন্তু কেতিয়াও অভিযোগ কৰা দেখা নাছিলো৷ তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ দাবী কৰিবৰ বাবে তেতিয়া কোনো শ্ৰমিক সংগঠনৰো গঠন হোৱা নাছিল৷ কামৰ বিনিময়ত যি পাইছিল সেয়াৰে সিহঁতৰ পেটকেইটা কোনোমতেহে ভৰাব পাৰিছিল৷ লাভ লোকচানৰ বিচাৰ কৰি সন্ধ্যাসময়ত দেউতা আৰু কেৰাণী কেইজনে যেতিয়া তৰ্ক-বিতৰ্ক বা চিঞৰ বাখৰ কৰিছিল, বাগাড়ি লেবাৰে তেতিয়া আপোন মনে গান গাই গাই নাচি বাগি কামৰ পৰা সিহঁতৰ পজাবোৰলৈ উভতি গৈছিল৷
তেতিয়াৰ দিনত ৰাষ্টাৰ কাষত ষ্ট্ৰীট্ লাইট নাছিল৷ গৰমৰ দিনত আমি বাহিৰত শোৱা বাবে আকাশৰ চন্দ্ৰকলা আৰু তাৰকামণ্ডলৰ গতিবিধি চাই সময়টো ঘড়ীতকৈও সঠিককৈ ক’ব পৰা হৈছিলো। পূৰ্ণিমাৰ নিশা একেলগে পিকনিক, বাগিছাত ফুৰাচকা বা নতুনকৈ গঢ়লৈ উঠা চাৰিআলি-পাঁচআলিৰ ‘ৰাউণ্ড-এবাউট’বোৰত তহল দি জোনাক উপভোগ কৰিছিলো৷ ৰাতি প্ৰায়ে শিয়াল, ফেউৰা, বাদুলি বা হুদুৰ মাত শুনা গৈছিল৷ ৰাতি মাজে মাজে পহৰাদাৰ চকীদাৰহ’ৰত চিঞৰ একোটা ভাঁহি আহিছিল – “হুচিয়াৰ৷”
চৰকাৰী ঘৰবোৰ নিমাৰ্ণ হোৱাৰ পিছত ঠিকাদাৰহ’তৰ নিজৰ বাবেও বহুত সামগ্ৰী ৰৈ গৈছিল৷ সেইঠাইতে মাটি কিনি লৈ তেওঁলোকে নিজৰ বাবেও ঘৰ সাজিবলৈ আৰম্ভ কৰি দিছিল৷ তেওঁলোক সকলোৱেই শিখ সম্প্ৰদায়ৰ আছিল৷ পাঞ্জাৱৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তেওঁলোকৰ মাজত আগতে কোনো চিনা-পৰিচয় নাছিল কিন্তু দিল্লীলৈ অহাৰ পিছত এটা পৰিয়ালৰে সদস্যৰ দৰে হৈ পৰিছিল৷ হাতত প্ৰচুৰ কাম আৰু সুবিধাৰ অভাৱ নোহোৱাত অযথা ঈৰ্ষা, হিংসা-হিংসি বা ইটোৱে সিটোক লেং মৰাৰ কোনো প্ৰয়োজনেই নহৈছিল। যন্তৰ-মন্তৰৰ ৰাষ্টাতো ধনী শিখ ঠিকাদাৰৰ কলনীলৈ ৰূপান্তৰিত হৈছিল৷ দেউতাই এটা দুমহলীয়া ঘৰ সজাইছিল৷ ঘৰটোৰ পিছফালে কেৰানী কৰ্মচাৰী থাকিব পৰা কোৱাৰ্টাৰ, গাই-গৰু বা মহ ৰাখিবলৈ এটা গোহালি আৰু ঘোঁৰা ৰখা এটা আস্তাবলো আছিল৷ ঘৰটোৰ প্ৰস্থান দুৱাৰৰ ওচৰতে আলহী থাকিব পৰা দুটা কোঠাৰ লগতে দেউতাৰ অফিচ কোঠাটোও আছিল৷ ঘৰটোৰ সমূখত আছিল এখন ডাঙৰ চোতাল, এখন ফুলৰ বাগিছা, মাৰ্বলেৰে সজা এটা পানীৰ ফোৱাৰা আৰু একাষে এখন টেনিছ কৰ্ট। ফুল আৰু ফুলনিৰ প্ৰতি দেউতাৰ বৰ হেঁপাহ আছিল৷ কলিকতা আৰু বোম্বাইৰ পৰাও নতুন ফুলৰ সঁচ আনি আমাৰ বাগিছাত লগাইছিল৷ গোলাপ ফুলৰ প্ৰতি দেউতাৰ এটা বিশেষ টান আছিল আৰু ‘ইন’ গেইট খনৰ পৰা ‘আউট’ গেইটখনলৈকে বাগিছাখন বছৰটোৰ সকলো সময়তে বিভিন্ন ফুলেৰে জাতিষ্কাৰ হৈ আছিল৷ আন ঠিকাদাৰ সকলেও ডাঙৰ ডাঙৰ ঘৰ সাজিছিল৷ ধৰম সিং চেঠী নামৰ এজনে শিল আৰু মাৰ্বলেৰে আটাইতকৈ ডাঙৰ ঘৰটো সাজিছিল৷ তেওঁ ঢোলপুৰ শিলৰ কোৱাৰীৰ পৰা শিলৰ সৰবৰাহ কৰা একমাত্ৰ ঠিকাদাৰ আছিল৷ এইটো ঘৰত এতিয়া কেইবাটাও ৰাজনৈতিক দলৰ কাযাৰ্লয় হৈছে৷ কিন্তু ডিজাইনৰ ফালৰ পৰা বাগিছা কেইখনৰ সৈতে আমাৰ ঘৰটো সবাতোকৈ সুন্দৰ আছিল৷ দেউতাই গৌৰৱেৰে নাম থৈছিল –“বৈকুণ্ঠ”৷ তাৰ বহুবছৰৰ পিছত জনপথ আৰু আলবাকুৱাৰ্ক পথৰ (এতিয়াৰ ত্ৰিশ জানুৱাৰী মাৰ্গ) কেকুৰীটোত দেউতাই আৰু এটা ডাঙৰ ঘৰ সজাইছিল। বৈকুণ্ঠ নামটো এই নতুন ঘৰটোলৈ সলনি কৰি নিয়া হৈছিল৷ মই পঢ়াশালিৰ দিনবোৰ কটোৱা আচল ‘‘বৈকুণ্ঠ’’ ঘৰটো এসময়ত ট্ৰেভাংকুৰৰ মহাৰজাক বিক্ৰি কৰি দিয়া হৈছিল আৰু পিছলৈ সেইটো কেৰালা চৰকাৰৰ অতিথি নিবাস হৈছিলগৈ৷
পৰিয়ালৰ ভাগ্যচক্ৰ পৰিৱৰ্ত্তনৰ লগে লগে এই সময়খিনিত মোৰ নিজৰো দেহ মনৰ যথেষ্ট পৰিৱৰ্ত্তন হয়৷ আইতাৰ বুকুত সোমাই থকা দেহলাওটোৰ পৰা মই এটা যৌনাকাংক্ষী কিশোৰলৈ ৰূপান্তৰিত হৈছিলোঁ৷ এই বিকাশত আটাইতকৈ বেছি অৰিহনা যোগাইছিল আমাৰ ঘৰৰ পাকঘৰত কাম কৰা মোৰে সমবয়সীয়া ল’ৰাকেইটাই। মোৰ দৰে সিহ’তৰো সেই সময়ত একেই শাৰিৰীক বিকাশৰ সময়৷ নিজৰ গুপ্তাংগৰ পৰা কেনেকৈ সুখানুভৱ লাভ কৰিব পাৰি আমি একেলগে তাৰে অনুশীলন কৰিছিলো৷ এবাৰ আমাৰ ঘৰলৈ পৰিয়ালৰ ছোৱালী এজনী ঠাণ্ডাদিনৰ বন্ধত ফুৰিবলৈ আহিল৷ একে পৰিয়ালৰে ভাই-ভনীৰ দৰে হোৱাৰ বাবে মোক একেখন বিচনাতে শুবলৈ দিয়া হৈছিল। ৰাতি মই টোপনিৰ ভাও জুৰি তাইৰ পায়জামাটো তললৈ খহাই দি তাইৰ কৰঙন স্পৰ্শ কৰিলোঁ৷ তাইও টোপনিৰ ভাও ধৰি মোৰ কৰ্মকাণ্ড উপভোগ কৰি থাকিল৷ মুনিহ তিৰোতাই একেলগে বিচনাত শুই কি কৰে সেই সম্পৰ্কে আমাৰ এটাৰো কোনো জ্ঞান নাছিল, কেৱল আমি দুয়োটাই দুটোটাৰে গাত লাগি থাকি হেঁচা-হেঁচি কৰিয়েই পৰম তৃপ্তি পাইছিলোঁ৷ নগ্ন নাৰীৰ শৰীৰ চাবলৈ সেইসময়ত মোৰ বৰ মন গৈছিল কিন্তু তাৰ বাবে কোনো সুবিধা পোৱা নাছিলো৷ বাগাড়ী শ্ৰমিকৰ তিৰোতাবোৰ আমাৰ ঘৰৰ পিচফালে থকা চোতালৰ দমকলটোত গা ধুবলৈ প্ৰায়েই আহে ৷ মই ওচৰতে থকা নিম গছজোপাত উঠি সিহঁতে গা ধোৱা চাই থাকোঁ৷ সিহঁতে সম্পূৰ্ণকৈ কাপোৰ কেতিয়াও নোখোলে, ফলত মোৰ মনোবাঞ্চা পূৰ্ণ নহয়৷ আমাৰ ঘৰলৈ ফুৰিবলৈ অহা মানুহক যাবৰ সময়ত ৰে’লত উঠাই থ’বলৈ আমি মাজে মাজে দিল্লী ৰেইল ষ্টেচনলৈ গৈছিলোঁ৷ আহোঁতে কেতিয়াবা ছৌৰী বজাৰেদি আজমিৰী গেইট হৈ আহিলে বেশ্যালয়ৰ তিৰোতাবোৰ দেখা পোৱা যায়৷ এবাৰ সিহঁতৰ এজনীয়ে মোকো হাত বাউল দি মাতিছিল৷ মই কেইবাৰাতিও দৃশটো মনত পেলাই লৈ অলস চিন্তাৰ বিলাস কৰিছিলোঁ৷ বাৰ বছৰ নোহোৱালৈকে ৰতিক্ৰিয়া কেনেকৈ হয় মই একো নাজানিছিলো৷ এবাৰ জোনাক নিশাৰ কথা৷ আমি বাহিৰত গাতে গা লগাই বিচনা পাৰি শুই আছিলো৷ তেনেতে মই গম পালোঁ, দেউতা ৰাতি পাৰ্টিৰ পৰা ঘুৰি আহি কাপোৰ সলাই লৈ মাৰ বিচনাৰ ওচৰ পালেগৈ৷ মায়ে কিছু বাধা দিয়াও শুনিলো – “চাওঁ এৰা, ইহঁত ল’ৰা-ছোৱালীয়ে গম পাব।” কিন্তু বিলাতী সুৰাৰ ৰাগিত দেউতাৰ তেতিয়া মাৰ কথালৈ কাণ দিয়াৰ অৱসৰ নাই৷ মই লুকাই চুৰকৈ চাই থাকি দেখিলোঁ দেউতা মাৰ ওপৰত উঠি মাৰ পায়জামাটো খহাই ল’লে। তাৰপিছত নিজেও তেনে কৰি শৰীৰ সঞ্চালন কৰিবলৈ লাগিল৷ ক্ষন্তেক সময়ৰ পিছতে দেউতা মাৰ ওপৰতে শুই পৰিল৷ তাৰপিছত নিজৰ পায়জামাৰ ৰছী বান্ধি বান্ধি নিজৰ বিচনালৈ গুছি গ’ল৷ দেউতাইনো সেইয়া কি কৰিলে মই একো বুজি নাপালো কিন্তু কথাটো মোৰ একেবাৰে ভাল নালাগিল৷ কেইবাদিনো মোৰ মনটো বৰ অশান্তিত থাকিল৷ কেইবাদিনো দেউতাৰ চকুলৈকে মই চাব পৰা নাছিলো৷
এবাৰ গৰমৰ বন্ধত মিয়াছান্নুত থাকোঁতে আমাতকৈ অলপ ডাঙৰ ল’ৰা এটাই আমাক যৌন ক্ৰিয়াৰ কথা কৈছিল৷ তেতিয়ালৈকে যি বুজিছিলোঁ সেয়া হৈছে দেখনীয়াৰ ল’ৰাৰ লগত কৰা যৌন-ক্ৰিয়া৷ কিন্তু ছোৱালীৰ লগত আচলতে কৰে কি? সি আমাক বুজাই দিছিল – পাৰ্থক্যটো হৈছে ল’ৰাৰ লগত কৰিলে একো কথা নাই কিন্তু ছোৱালীৰ লগত কৰিলে ছোৱালীজনী অন্তঃসত্বা হৈ যাব৷ বছ সিমানেই! চৈধ্য বছৰ বয়সলৈকে মই নাৰীৰ গুপ্তাংগ দেখা নাছিলোঁ৷ এবাৰ আমি মডাৰ্ণ স্কুলৰ ছাত্ৰহ’ত বাৰানসীলৈ গৈছিলোঁ৷ তাতে বননিৰ ওপৰত এটা ভোজৰ আয়োজন কৰা হৈছিল৷ মই বহা শাৰীটোৰ সমূখতে বহিছিল শিক্ষকৰ শাৰীটো৷ তাতে শিক্ষয়িত্ৰী এগৰাকী বহিবলৈ লওঁতেই তেওঁৰ শাৰীখন দাঙ খাই গৈ দুই উৰুৰ মাজৰ সেই অসূৰ্যস্পৰ্শিত ববছা বনৰ অঞ্চলটো মোৰ চকুৰ আগত উন্মুক্ত হৈ পৰিল৷ মই স্তম্ভিত হৈ সেইপিনেই থৰ লাগিলোঁ।

মেট্ৰিক পৰীক্ষা পাছ কৰি মডাৰ্ণ স্কুল এৰি অহাৰ পিছতহে ছোৱালীৰ প্ৰতি মোৰ আকৰ্ষণ আৰু সচেতনতা বৃদ্ধি পাইছিল৷ এবাৰ মোৰ টাইফয়েদ হৈছিল৷ অসুখটোৱে মোক কথা ক’ব পৰা আৰু লৰচৰ কৰিব নোৱাৰাকৈ দুৰ্বল কৰি পেলাইছিল৷ মোৰ যত্ন ল’বৰ বাবে এগৰাকী নাৰ্চ নিয়োগ কৰা হৈছিল৷ যতদূৰ মনত পৰে তাই ক’লা বৰণৰ লাহী চেহেৰাৰ আছিল৷ স্তনদুটাও আছিল সৰু সৰু৷ কিন্তু তাইৰ চকুদুটা বৰ উজ্জ্বল আছিল৷ মোৰ শৰীৰৰ তাপ জোখাৰ লগতে তাই তিতা কাপোৰেৰে মোৰ শৰীৰটো মচিও দিছিল৷ এদিন এনেকৈ মচিবলৈ লওতেই তাই মোৰ দুভৰিৰ মাজত হাত ফুৰাই ক’বলৈ ধৰিলে – “এই, তোমাৰ এইঠাইত এতিয়া লাহে লাহে বন গজিবলৈ আৰম্ভ হৈছে৷ তুমি যেতিয়া আৰু ডাঙৰ হ’বা, তেতিয়া এই সৰুবাপুটোও ডাঙৰ আৰু শক্তিশালী হ’ব৷” তাইৰ কথাৰ উত্তৰ দিবলৈ মোৰ গাত তেতিয়া শক্তিয়েই নাছিল৷ মোৰ হাতটো নিজৰ হাতত লৈ তাই বুকুত হেঁচি ধৰিছিল৷ তাইক আলফুলে মৰম কৰিব পৰাৰ শক্তি মোৰ তেতিয়া নাছিল, কিন্তু যেতিয়া হ’ল, তাৰ লগে লগে তাইৰ কামো শেষ হ’ল৷ এই নাৰ্চজনীয়েই, যাৰ নাম মই আজিলৈকে নাজানিলোঁ, মোক প্ৰথমবাৰৰ বাবে নাৰীৰ শৰীৰৰ প্ৰতি সজাগ আৰু প্ৰলোভিত কৰি তুলিছিল৷ তেতিয়ালৈকে মই নাজানিছিলোঁ যে পুৰুষৰ দৰে নাৰীয়েও যৌন সম্ভোগৰ পৰা তৃপ্তি বিচাৰে৷ মই আগতে ভাবিছিলোঁ কেৱল পুৰুষক সন্তুষ্ট কৰিবলৈহে নাৰীয়ে ৰতিক্ৰিয়াত সহযোগ কৰে৷
সম্ভৱ মোৰ পঢ়াশালিৰ দিনবোৰৰো সেই সময়তেই সমাপ্তি ঘটিল৷ (আগলৈ..)

(ইয়াৰ আগৰ খণ্ড কেইটা এই লিংকটোত পাব www.utpalbadolbaruah.com)

Friday, August 14, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ৯

 


ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ৯
শৈশৱৰ পৰা কৈশোৰলৈ - পঢ়াশালিৰ দিনবোৰ

আপাত দৃষ্টিত মোৰ পঢ়াশালিৰ দিনবোৰৰ একো লেখত ল’বলগীয়া ঘটনা নাই যদিও লাভৰ ঘৰ একেবাৰে শূন্যও নহয়৷ সেইদিনতে মই ইংৰাজী ভাষাটো ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। তাৰোপৰি ইংৰাজী আৰু উৰ্দু ভাষাৰ কবিতাৰ প্ৰতি আকৰ্ষণো তেতিয়াই সৃষ্টি হয়৷ সুন্দৰৰ প্ৰতি মোৰ দৃষ্টি আকৰ্ষিত হোৱাৰো সময় আছিল সেইটোৱেই৷ মই নিজৰ চেষ্টাতে ইংৰাজী ভাষাটোত যথেষ্ট উন্নতি কৰিব পাৰিছিলোঁ। যিহেতু মোক ঘৰত ইংৰাজী শিকাবলৈ কোনো নাছিল, সেয়ে হোৱাই নোহোৱাই ইংৰাজী ভাষাৰ শিশু আলোচনী আৰু কাৰ্টুনবোৰকে উৰাই ঘুৰাই পঢ়িছিলোঁ৷ প্ৰথম বিশ্বযুদ্ধৰ খবৰ, বাইবেলৰ কাহিনী, জ্ঞান-বিজ্ঞানৰ কথা আদিও পঢ়িছিলোঁ৷ এডগাৰ ৰাইচ বাৰৌৰ টাৰ্জান চিৰিজ আৰু আফ্ৰিকাৰ ওপৰত লিখা ৰাইডাৰ হাগাৰ্ডৰ উপন্যাস পঢ়িছিলোঁ৷ পঢ়ি যাওঁতে শব্দৰ অৰ্থ আৰু উচ্চাৰণ প্ৰায়েই ভুল হৈছিল; তথাপি পঢ়িছিলোঁ৷


ইংৰাজী শিকাবলৈ আমাৰ স্কুললৈ ইংৰাজ শিক্ষয়িত্ৰী মিছ বাদেন অহাৰ পিছৰপৰাই মোৰ ইংৰাজীৰ প্ৰতি আকৰ্ষণ আৰু বাঢ়িল৷ নিৰস ইংৰাজী গদ্যৰ সলনি তেখেতে আমাক অস্কাৰ ওৱাইল্ড আৰু শ্বেইক্‌সপীয়েৰৰ আমোদজনক লেখাৰ লগত পৰিচয় কৰাই দিলে৷ এদিন তেখেতে ‘‘আন্দাৰ দি গ্ৰীনঊড ট্ৰী’’ আবৃত্তি কৰি শুনালে৷ কবিতাটোৱে মোৰ অন্তৰৰ একেবাৰে গভীৰত স্পৰ্শ কৰিলে৷ সেইটোৰ লগতে তেখেতে আবৃত্তি কৰি শুনোৱা ওৱৰ্ডছৱৰ্থ, টেনিছন আদিৰ কেইবাটাও কবিতা মোৰ অন্তৰত বহি গ’ল৷ শনিবাৰে তেখেতে আমাক এটা শব্দৰ খেল খেলিবলৈ শিকাইছিল৷ আমাক একোখন সৰু অভিধান দি কোনে সোনকালে শব্দ এটাৰ অৰ্থ বাছি উলিয়াব পাৰে সেইটোৱেই আছিল খেল৷ প্ৰথম হোৱাজনে পুৰস্কাৰ পাইছিল৷ তাৰপিছৰ পৰাই নজনা শব্দ এটা পালে ততালিকে অভিধান চাই তাৰ প্ৰকৃত অৰ্থ জানি লোৱা মোৰ অভ্যাস এটা গঢ় লৈ উঠিছিল৷


মৌলৱী সাইফুদ্দিন নায়াৰ ছাৰে মোৰ মনত ঊৰ্দু কবিতাৰ প্ৰতি আগ্ৰহৰ জন্ম দিছিল৷ তেখেতৰ ময়েই একমাত্ৰ ছাত্ৰ আছিলো৷ মেট্ৰিক পৰীক্ষালৈ মোক সাজু কৰিবৰ বাবে তেখেতৰ হাতত চাৰি বছৰ সময় আছিল৷ মাজে মাজে মই তেখেতৰ ঘৰলৈ গৈও শিকিছিলোঁ৷ উৰ্দু গদ্য নিৰস কিন্তু ঊৰ্দু কবিতাত ভৰপূৰ হৈ থাকে সংগীতৰ মাৰ্ধূয্য আৰু গভীৰ অৰ্থ৷ মৌলৱী চাহিব নিজেও কবি আছিল আৰু শিশুৰ বাবে কবিতা ৰচনা কৰিছিল৷ কিতাপৰ পাঠ পঢ়াই লোৱাৰ পিছত তেখেতে গালিব, জ্যাক, জাফৰ আৰু আকবৰ ইলাহাবাদীৰ কবিতা মাতি শুনাইছিল৷ তেতিয়াই শুনা অনেক কবিতা মোৰ আজিও মনত আছে৷


মাহত এবাৰকৈ স্কুলৰ পৰা আমাক দিল্লীৰ পুৰণি স্মৃতিচিহ্নসমূহ দেখুৱাবলৈ নিছিল৷ সেই ঠাইবোৰ- সমাধিক্ষেত্ৰ, মছজিদ আৰু পুৰণি ৰাজমহলবোৰত পিনপিনাই ঘুৰি ফুৰি তাৰ বুৰঞ্জী জানিবলৈ সুবিধা পাইছিলোঁ৷ বছৰত দুবাৰকৈ আমাক দেশৰ বিভিন্ন ঠাইত ফুৰাবলৈও নিছিল৷ তাৰ কিছু স্মৃতি এতিয়াও মোৰ মনত আছে৷ প্ৰথম সাগৰ দেখা মুহুৰ্তটো। বম্বেলৈ স্কাউটৰ জাম্বুৰী এটাত গৈছিলো৷ সাগৰৰ পাৰত থিয় হৈ মই পাৰাপাৰহীন পানীৰ বিশালতা দেখি অবাক হৈ গৈছিলো৷ পাৰৰ ঢৌ এটা স্পৰ্শ কৰি মই এচলু পানী মুখত লৈ চাইছিলোঁ আৰু পিছমূহুৰ্ততে থু থু কৈ উঠিছিলোঁ৷ তেনেকৈ ৰাজস্থানলৈ যোৱা স্মৃতিও মনত আছে৷ পাহাৰ এটাৰ ওপৰত অৱস্থিত চিতোৰৰ দুৰ্গটোৰ কথা এটা মনত পৰিছে৷ দুৰ্গটোৰ ভিতৰৰ ঠাইসমূহ চাই আহি আমি বাছৰ কাৰণে তলত অপেক্ষা কৰিছোহি৷ বেলি ডুবিবৰ সময় হৈছে৷ এনেতে দেখিলো শ শ ময়ূৰ চৰাই দুৰ্গটোৰ দেৱালত শাৰী পাতি আহি পৰিলহি৷ তাৰ পিছত কোনোবাই যেন ছিগনেলহে দিলে৷ আটাইবোৰ চৰাই একেলগে কিচিৰ মিচিৰ শব্দ কৰি সিহঁতৰ সোণ সনা নীলা আৰু সেউজীয়া পাখিবোৰ মেলি একেলগে উৰি গুচি গ’ল৷ সেই মনোমোহা দৃশ্য কোনেও কেতিয়াও পাহৰিব নোৱাৰে৷ সেই একেটা ভ্ৰমণতে আমি আজমীৰ আৰু উদয়পুৰলৈও গৈছিলোঁ৷ হ্ৰদ, ৰাজ অট্টালিকা আৰু দুৰ্গবোৰ দেখাৰ সৌভাগ্য হৈছিল৷ এটা সন্ধ্যা কোনোবাই কেওৰা নামৰ কেকটাছৰ সৰু ঠাল এটা ছিঙি আনি কোঠাটোৰ লাইটটোৰ ওচৰত থৈ দিছিল৷ অলপ পিছতে গোটেই কোঠাতো কেওৰা সুগন্ধিৰে ভৰি পৰিল৷ প্ৰথমজাক বৰষুণ পৰিলে মাটিৰ পৰা যেনে গোন্ধ ওলায় তেনে সুগন্ধি৷ এই গোন্ধৰ সুগন্ধিটো মোৰ গোটেই জীৱনতে প্ৰিয় সুগন্ধি হৈ ৰ’ল৷ তাৰোপৰি কোনো পুৰণি স্মৃতিচিহ্ন চাবলৈ গৈ বা সেই বিষয়ে লিখি মই কেতিয়াও বিৰক্ত নহ‌ও৷


এনেকৈয়ে আগ্ৰা আৰু ফটেহপুৰচিক্ৰিলৈ যোৱাৰ কথা মনত পৰিছে৷ ৰঙা পাথৰৰ প্ৰকাণ্ড মহল আৰু মছজিদটৈা পিতিকি পিতিকি চোৱাৰ পিছত আমি আগ্ৰাৰ দুৰ্গটো চাবলৈ গৈছিলোঁ৷ বগা মাৰ্বল আৰু ৰঙা পাথৰৰ সংমিশ্ৰণেৰে সজা এইটো আনএটা দুৰ্গ৷ মোৰ আমনি লাগিবলৈ আৰম্ভ হৈছিল৷ তাৰপিছত আমি তাজমহললৈ সোমোৱা গেইটখনৰ আগত শাৰী পাতিলোঁ৷ গাইডে এটা ভাষণ আৰম্ভ কৰিলে - ভাইটিহ’ত মন দি শুনা, এতিয়া তোমালোকে পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰৰ এটা চাবলৈ পাবা৷ সম্ৰাট ছাহজাহানে তেওঁৰ মৰমৰ প্ৰিয়তমা মমতাজৰ সমাধিৰ ওপৰত এইটো নিৰ্মাণ কৰিছিল৷ বিৰক্তিৰ সেই সময়টোত কোনোবা সম্ৰাটৰ প্ৰেমকাহিনী বা পৃথিৱী বিখ্যাত আশ্চৰ্য চোৱাৰ মন মোৰ সমূলি নাছিল৷ তাৰ পিছত আমাক শাৰী পাতি আগবাঢ়িবলৈ নিৰ্দেশ দিলে৷ দুৱাৰখন পাৰ হোৱাৰ লগে লগেই চকুৰ আগত তাজমহল উদ্ভাসিত হৈ উঠিল৷ মই হতভম্ব হৈ গ’লো, মুখখন আপোনা আপুনি মেল খাই গ’ল৷ মোৰ আৰু আগবাঢ়িবৰ মন নগ’ল৷ মই তাতেই বহি পৰিলো আৰু তাজমহলৰ সমস্ত সোন্দৰ্য হেঁপাহ পলুৱাই তাৰপৰাই মই পান কৰিলো৷


মই মডাৰ্ণ স্কুলত মুঠতে দহ বছৰ আছিলো৷ যদিও পাঁচ বছৰ বয়সতে এইখন স্কুলত এজনী ছোৱালীক মই মোৰ হৃদয় দান কৰিছিলো আৰু তাইক পিছলৈ পত্নী হিচাপে পাইছিলো, স্কুলত পঢ়া সেই সময়ত কিন্তু তাইৰ লগত মোৰ কোনো ধৰণৰ বন্ধুত্ব হোৱা নাছিল৷ মৌলৱী সাইফুদ্দিন নায়াৰ ছাৰৰ দৰে কেইজনমান শিক্ষকৰ লগত মোৰ সম্পৰ্কটো বহুদিনলৈ চলি আছিল৷ ৰুমা বিশ্বাস নামৰ তেতিয়াৰ গাভৰু শিক্ষয়িত্ৰী গৰাকীক মই লাহোৰত কলেজত থাকোঁতে আৰু পিছত ইংলণ্ডত থাকোঁতে লগ পাইছিলোঁ৷ সতীন্দৰক লণ্ডনত থাকোতেই যথেষ্ট ঘনিষ্ঠ ভাবে লগ পালোঁ। এবাৰ পেৰিছলৈও আমি একেলগে গৈছিলোঁ৷ কানাডালৈ গুছি যোৱাৰ পিছত তাৰ লগত আৰু মোৰ কোনো যোগাযোগ নাই৷ মোটাই হৈছে তেতিয়াৰ দিনৰ মোৰ একমাত্ৰ সহপাঠী যাৰ লগত মোৰ ছেগাছোৰোকাকৈ দেখা দেখি হৈয়েই থাকে৷


যথেষ্ট অভিজ্ঞ শিক্ষক থকা সত্বেও মডাৰ্ণ স্কুলৰ ছাত্ৰই মেট্ৰিক পৰীক্ষাত বৰ ভাল ফল দেখুৱাব পৰা নাছিল৷ ফেইল কোনোৱে কৰা নাছিল, কিন্তু একেবাৰে ওপৰলৈও কোনো উধাব পৰা নাছিল৷ এই কথাটোৱে স্কুলখনৰ কৰ্মকৰ্তা সকলক বিমৰ্ষ কৰিছিল৷ ভাৰতীয় পৰীক্ষাৰ ব্যৱস্থাটোত ফলাফল নিৰ্ভৰ কৰে প্ৰশ্নকেইটাৰ সঠিক উত্তৰ লিখাটোতেই৷ মডাৰ্ণস্কুলৰ বাবেও তাৰ ব্যতিক্ৰম নাছিল৷ সেয়ে পৰীক্ষাত ভাল ফল দেখুৱাব নোৱাৰিলেও পিছৰ জীৱনত এইখন স্কুলৰ ছাত্ৰহ’তে কিন্তু যথেষ্ট উন্নতি কৰিব পাৰিছিল৷ ছেইণ্ট ষ্টিফেন্স্ স্কুলৰ প্ৰাক্তন অধ্যক্ষ এছ. কে. ৰুদ্ৰৰ স্মৃতিত আমাৰ স্কুলত এটা বঁটা আৰম্ভ কৰিছিল৷ চৰিত্ৰ আৰু পাৰদৰ্শিতা -এই দুয়োটাতে ভাল ফল দেখুৱাব পৰা ছাত্ৰই এই পুৰস্কাৰটো পাইছিল৷ প্ৰথম বছৰ এই পুৰস্কাৰটো মোৰ ককাইদেই ভগৱন্ত সিঙে পাইছিল৷ আমি ১৯৩০ চনত মেট্ৰিক পৰীক্ষা দিছিলোঁ৷ আমাৰ ক্লাছৰ পাঁচটা ছাত্ৰৰ ভিতৰত মধ্যমীয়া ধৰণৰ আছিল প্ৰতাপ সিং৷ চকুৰ দুৰ্বল দৃষ্টিশক্তিৰ বাবে সি খেলাধূলাতো বৰকৈ অংশ গ্ৰহণ কৰিব পৰা নাছিল৷ আমি নজনাকৈ তাৰ যদি কিবা সাংঘাটিক চৰিত্ৰৰ বিকাশ হৈছিল আমি নাজানো, তথাপিও কিন্তু শিক্ষকসকলে তাকেই ৰূদ্ৰ পুৰস্কাৰটোৰ বাবে নিবাৰ্চন কৰিছিল৷ আচল কথাটো হ’ল, তাৰ দেউতাকেই আছিল স্কুলখনৰ প্ৰতিষ্ঠাতা। (আগলৈ..)

Friday, August 7, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ৮

 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ৮
শৈশৱৰ পৰা কৈশোৰলৈ - পঢ়াশালীৰ দিনবোৰ

এবাৰ আমি ভাই-ককাইহ’ত মিলি ধেমালি কৰি থাকোতে ঘৰৰ বাগিছাত এডাল প্ৰকাণ্ড ফেঁটী সাপ দেখিলোঁ৷ আটাইকেইটা মিলি সাপডাল মৰিয়াই মৰিয়াই গাটো প্ৰায় পিঠা কৰি পেলালো৷ মৰিয়াওতে তাৰ মুৰটো আমি সাৱধানে বচাই ৰাখিছিলোঁ৷ মৰিল বুলি নিশ্চিত হোৱৰে পিছত তাক বিস্কুটৰ টিন এটাত সুমুৱাই থৈ দিলোঁ৷ পিচদিনা টিনটো স্কুললৈ লৈ গৈ কেমিষ্ট্ৰিৰ ডঃ চৌৱে ছাৰৰ হাতত দিলোগৈ৷ আমাৰ স্কুলৰ গৱেষনাগাৰত ‘মিথিলেট স্পিৰিট’-ৰ ডাঙৰ ডাঙৰ বটলত ভৰাই থোৱা বিভিন্ন ধৰণৰ সাপ আছিল, কিন্তু তাত ফেটী সাপ নাছিল৷ ছাৰে স্পিৰিটৰ পাত্ৰ এটা আনি টিনটো বান্ধি থোৱা ৰছীডাল খোলাৰ লগে লগে হঠাতে সাফৰখন উফৰি পৰিল। লগে লগে ফোচকৈ ফেট তুলি প্ৰকাণ্ড সাপটোৱে ছাৰৰ মুখৰ আগত মূৰ দাঙি উঠিল - অলপতে ছাৰ বাচি গ’ল৷ অনেক বছৰৰ পিছত এই ঘটনাৰ পটভূমিতে মই ‘‘দি মাৰ্ক অৱ বিষ্ণু” নামৰ গল্পটো লিখিছিলোঁ। নিউ ইয়ৰ্কৰ হাপাৰ্ৰ আলোচনীত প্ৰকাশ হোৱা সেইটো আছিল মোৰ প্ৰথম গল্প।

তেতিয়াৰ দিনত দিল্লীত এতিয়াৰ দৰে দৰৱত দিবলৈও সাপ নোপোৱা অৱস্থা হোৱা নাছিল৷ মডাৰ্ণ স্কুলখন নদীৰ ওচৰত হোৱা বাবে আৰু তাৰ আশে পাশে কেইবাটাও মোগল স্মৃতিচিহ্ন থকাত গ্ৰীষ্মকালত আমি প্ৰায়েই সাপ দেখা পাইছিলোঁ। এনেকুৱা বৰ্ষা কাল কমেই গৈছে যেতিয়া আমি পানীয়ে উটাই নিয়া সাপ খেদি খেদি মৰা নাই৷ অকল সাপেই নহয়, - বিছা, নাইপিয়া, মৌ-বাঁহ আৰু কোদো বাঁহো দেখিছিলোঁ বহুত৷ এবাৰ শ্ৰীৰামৰ (যি পিছলৈ দেশৰ এজন নামী উদ্যোগপতি হৈছিলগৈ) তৃতীয় পুত্ৰ শৰতৰামক কিহবাই দংশন কৰিলে৷ সি কান্দি কান্দি দৌৰি আহি ঘৰ পালেহি। তাৰমতে সেইয়া বিষাক্ত সাপৰ দংশন৷ চাৰিওফালে হুলস্থূল লাগি গ’ল। তাৰপিছত কন্দা-কটা আৰম্ভ হ’ল৷ অৱশেষত ডাক্তৰ আহি ওলালহি৷ কান্দি কান্দি শৰতে কয় – “দেৰী হৈ গ’ল, মই আৰু নাবাচিম।” ডাক্তৰে খোটা অংশটো ভালদৰে পৰীক্ষা কৰি তাৰপৰা শুং এডাল উলিয়াই আনিলে৷ সেইডাল আছিল বৰলৰ শুং।

স্কুলত পঢ়ি থকা সেই দিনতেই মোৰ মনত ভূতৰ সাংঘাতিক ভয় সোমায়৷ আমাৰ ঘৰত কামকৰা মানুহে আমাক ভূতৰ সাধু কৈছিল৷ ছিমলাত বন্ধত থাকিবলৈ যাওঁতে সিহঁতে ‘‘মুমিয়াইৱালী’’ নামৰ এদল ভূতৰ কথা কৈছিল৷ সিহঁতে হেনো চিকাৰ বিচাৰি ৰাতি ৰাতি ঘুৰি ফুৰে আৰু মানুহ পালেই ওভোতাকৈ জুইৰ ওপৰত ওলোমাই লৈ তাৰ পৰা ‘ৰাম তেল’ উলিয়ায়৷ তেনে তেলে হেনো শৰীৰ ছিগা অংগ-প্ৰত্যংগ জোৰা লগাই দিব পাৰে৷ সেই দলটো হেনো আচলতে বৃটিছৰ এজেণ্ট, কাৰণ যুদ্ধ-বিগ্ৰহ কৰি ফুৰা ইংৰাজৰ সৈন্যসকলক এই তেলৰ বৰ প্ৰয়োজন৷ মুমিয়াইৱালীক চিনিবৰ একমাত্ৰ উপায় হৈছে সিহঁতৰ ভৰিলৈ চাব লাগে৷ ভৰিৰ পতাখন সিহঁতৰ ওলোটা৷ গেৰোৱাটো আগলৈ আৰু আঙুলিবোৰ পিছফালে থাকে৷ তেতিয়ালৈকে মুমিয়াইৱালীক কোনেও দেখা নাই কিন্তু যেতিয়া সিহঁত ওলোৱা বুলি কথাটো প্ৰচাৰ হয় তেতিয়া আন্ধাৰত সততে কোনো ঘৰৰ বাহিৰলৈ নোলায়৷

মোৰ মনত ভূতৰ ভয়ে থিতাপি লোৱাৰ আৰু কাৰণ আছে৷ একেবাৰে কম বয়সতে মই কেইবাটাও মৃত্যু প্ৰত্যক্ষ কৰিছিলো৷ মই মিয়াছান্নুত থকা সময়ৰ কথা৷ ককাদেউতা সুজন সিঙৰ বয়স তেতিয়া ষাঠিৰ ঘৰত৷ হঠাতে তেখেত অসুখত পৰিল৷ এসময়ত ডাক্তৰ আহিল৷ ককায়ে পাঁচ মিনিটৰ মূৰে মূৰে দৰৱৰ কাৰণে চিঞৰি আছিল৷ তাৰপিছত এবাৰ হঠাতে মুখখন বহলকৈ মেলি তেখেত গাৰুটোৰ ওপৰত নিথৰ হৈ পৰিল৷ আইতাই গগন বিদাৰি আৰ্তনাদ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত কপালত চপৰিয়াই চপৰিয়াই হাতত থকা খাৰুবোৰ ভাঙিবলৈ ধৰিলে৷ দেউতা-মা, খুড়াদেউ আৰু ঘৰৰ আন মানুহবিলাকেও চিঞৰি-চিঞৰি কান্দিবলৈ ধৰিলে৷ মোৰ ভীষণ ভয় লাগিল আৰু স্তম্ভিত হৈ একেঠাইতে থৰ লাগিলো। ঘৰত কাম কৰা মানুহে ক’লে, সিহঁতে হেনো ককাৰ আত্মাটো কোঠাটোৰ পৰা জুইৰ ধোঁৱাৰ দৰে ওলাই গৈ আকাশত অদৃশ্য হৈ যোৱা দেখিছিল৷

তাতোকৈও ভয়ানক মৃত্যু দেখিছিলোঁ মোৰ খুড়ী, মানে খুড়া উজ্জ্বল সিঙৰ পৰিবাৰৰ মৃত্যুৰ সময়ত৷ সেইটোও মিয়াছান্নুৰে ঘটনা৷ খুড়ী সন্তান-সম্ভৱা আছিল আৰু তেখেতৰ যত্ন ল’বলৈ মা খুড়ীৰ ওচৰলৈ যাওঁতে মাৰ লগত মইও গৈছিলো৷ খুড়ীৰ হ’ব লগা সন্তানটোৰ গৰ্ভতে মৃত্যু হৈছিল আৰু তাৰ পৰাই খুড়ীৰ তেজৰ লগত বিষ মিহলি হ’বলৈ আৰম্ভ হৈছিল। সেই সময়ত তেওঁক যেতিয়া বিচনাৰে দাঙি বাহিৰলৈ উলিয়াই অনা হৈছিল তেখেতে ভ্ৰম বকি আছিল আৰু এফালে আঙুলি টোৱাই হঠাতে চিঞৰি উঠিছিল – “চা, চা, সেইজনী ডাইনী আহিছে, ডাইনী৷” মা আৰু আইতাই খুড়ীক প্ৰবোধ দিছিল - নাই, নাই কোনো অহা নাই। কিন্তু তাৰপিছেত তেওঁলোকে ডাইনী খেদা মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰিছিল৷ মহিলাসকলে ফুচফুচাই কথা পাতিছিল - খুড়ীয়ে হেনো আন্ধাৰ হোৱাৰ পিছত বাৰীৰ পৰা নেমু ছিঙি আনি ডাইনী গাত লগাই লৈছিল৷ সেইসময়ত সকলোবে বিশ্বাস কৰিছিল যে ডাইনী বা ভূতে ধৰিলে অকল জৰা-ফুকাৰেহে তাক আৰোগ্য কৰিব পৰা যায়৷ বাকী সকলো প্ৰচেষ্টা মিছা৷ খুড়ীৰ শিতানত ধৰ্মপুঠি আৰু কৃপান এখন ৰখা হ’ল৷ এদিন তেওঁ থকথককৈ কঁপিবলৈ ধৰিলে৷ চকুদুটা লুটিখাই গৈ অকল বগা অংশটোহে ওলায় থাকিল৷ জিভাখন দাঁতৰ মাজত সোমাই কাটি গ’ল আৰু তাৰপৰা ধাৰাষাৰে তেজ ওলাবলৈ ধৰিলে৷ সাংঘাতিক কষ্টৰ মাজত খুড়ীৰ এসময়ত মৃত্যু হ’ল৷ আকৌ কপাল চপৰিয়াই চপৰিয়াই ঘৰৰ মানুহবোৰে কান্দিবলৈ লাগিল৷ খবৰটো প্ৰচাৰ হোৱাৰ লগে লগে ওচৰৰ গাৱঁৰ মানুহো আহি খুড়ীৰ মৃতদেহটোৰ ওচৰত জুম বান্ধি “হায়-হায়” বুলি কান্দিবলৈ লাগিলহি৷ সকলোৰে বিননিয়ে পৰিৱেশটো ভয়াবহ কৰি তুলিছিল৷ খুড়ীৰ ল’ৰা নৰিন্দৰ সেই সময়ত আতঁৰত থকা বাবে মইয়ে মুখাগ্নি কৰিব লগা হৈছিল৷ ইমান কম বয়সতে এনেকুৱা বিভীষিকাময় পৰিৱেশলৈ কিয় সৰু ল’ৰা এটাক আগবঢ়াই দিছিল মই আজিও বুজিব নোৱাৰিলোঁ৷

এবাৰ ছিমলাত সন্ধ্যা সময়ত মই আৰু মোৰ ভনীজনী ঘৰলৈ ঘুৰি আহি আছিলোঁ৷ এনেতে দেখিলো ৰাষ্টাত চলা ৰ’লাৰ এখন দ খাৱৈ এটাত লুটিখাই বাগৰি পৰিছে৷ তাৰপিছত দেখিলোঁ ৰ’লাৰখনৰ চালক আৰু আনজন ল’ৰাৰ মূৰ আৰু হাত ভৰি ছেদেলি ভেদেলি হৈ শৰীৰ পৰা ছিটিকি পৰিছে। কি ভয়ানক দৃশ্য! তাৰপিছত সেই ছিগি যোৱা অংগ-প্ৰত্যংগবোৰ আৰু তেজেৰে লুতুৰি পুতুৰি হৈ পৰা সিহঁতৰ দেহদুটা তাৰপৰা উঠাই লৈ যোৱা মৰ্মান্তিক দৃশ্য আমি নিজ চকুৰে চাবলৈ পাইছিলোঁ৷ সেইদিনা ৰাতি অকলে শুবলৈ আমাৰ এটাৰো সাহস হোৱা নাছিল৷

গোটেই জীৱনত ভূতৰ ভয়ে মোক লগ নেৰিলে৷ চুম্বকে লো আকৰ্ষণ কৰাৰ দৰে মৃত্যুৰ দৃশ্যইও মোক হাত বাউলি দি মাতে৷ ভূতৰ ভয়ৰ পৰা মুক্তি পাবৰ বাবে মই মৰিশালীলৈও গৈ চাইছোঁ৷ কিন্তু যিমানেই যি নকৰোঁ কিয়, সন্ধ্যা হ’লেই যেন প্ৰেতাত্মাই মোৰ পিচ লয়৷ সৰুতে মই চহৰৰ থেপাথেপি আলি-গলিবোৰত বাস কৰা মানুহবোৰ আৰু ফুটপাথত গাতে গা লগাই শুই থকা মানুহ দেখি ঈৰ্ষা কৰিছিলো৷ ভূতে একেলগে থকা মানুহক হেনো আক্ৰমণ কৰিবলৈ সাহস নকৰে৷ এতিয়াও মই যদি ঘৰত সম্পূৰ্ণ অকলে থাকিব লগা হয়, ভালদৰে মোৰ টোপনি নাহে৷ (আগলৈ..)

(ইয়াৰ আগৰ খণ্ডকেইটা চাব বিচাৰিলে, এই লিঙ্কটোত পাব – www.utpalbadolbaruah.com)