Friday, August 7, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ৮

 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ৮
শৈশৱৰ পৰা কৈশোৰলৈ - পঢ়াশালীৰ দিনবোৰ

এবাৰ আমি ভাই-ককাইহ’ত মিলি ধেমালি কৰি থাকোতে ঘৰৰ বাগিছাত এডাল প্ৰকাণ্ড ফেঁটী সাপ দেখিলোঁ৷ আটাইকেইটা মিলি সাপডাল মৰিয়াই মৰিয়াই গাটো প্ৰায় পিঠা কৰি পেলালো৷ মৰিয়াওতে তাৰ মুৰটো আমি সাৱধানে বচাই ৰাখিছিলোঁ৷ মৰিল বুলি নিশ্চিত হোৱৰে পিছত তাক বিস্কুটৰ টিন এটাত সুমুৱাই থৈ দিলোঁ৷ পিচদিনা টিনটো স্কুললৈ লৈ গৈ কেমিষ্ট্ৰিৰ ডঃ চৌৱে ছাৰৰ হাতত দিলোগৈ৷ আমাৰ স্কুলৰ গৱেষনাগাৰত ‘মিথিলেট স্পিৰিট’-ৰ ডাঙৰ ডাঙৰ বটলত ভৰাই থোৱা বিভিন্ন ধৰণৰ সাপ আছিল, কিন্তু তাত ফেটী সাপ নাছিল৷ ছাৰে স্পিৰিটৰ পাত্ৰ এটা আনি টিনটো বান্ধি থোৱা ৰছীডাল খোলাৰ লগে লগে হঠাতে সাফৰখন উফৰি পৰিল। লগে লগে ফোচকৈ ফেট তুলি প্ৰকাণ্ড সাপটোৱে ছাৰৰ মুখৰ আগত মূৰ দাঙি উঠিল - অলপতে ছাৰ বাচি গ’ল৷ অনেক বছৰৰ পিছত এই ঘটনাৰ পটভূমিতে মই ‘‘দি মাৰ্ক অৱ বিষ্ণু” নামৰ গল্পটো লিখিছিলোঁ। নিউ ইয়ৰ্কৰ হাপাৰ্ৰ আলোচনীত প্ৰকাশ হোৱা সেইটো আছিল মোৰ প্ৰথম গল্প।

তেতিয়াৰ দিনত দিল্লীত এতিয়াৰ দৰে দৰৱত দিবলৈও সাপ নোপোৱা অৱস্থা হোৱা নাছিল৷ মডাৰ্ণ স্কুলখন নদীৰ ওচৰত হোৱা বাবে আৰু তাৰ আশে পাশে কেইবাটাও মোগল স্মৃতিচিহ্ন থকাত গ্ৰীষ্মকালত আমি প্ৰায়েই সাপ দেখা পাইছিলোঁ। এনেকুৱা বৰ্ষা কাল কমেই গৈছে যেতিয়া আমি পানীয়ে উটাই নিয়া সাপ খেদি খেদি মৰা নাই৷ অকল সাপেই নহয়, - বিছা, নাইপিয়া, মৌ-বাঁহ আৰু কোদো বাঁহো দেখিছিলোঁ বহুত৷ এবাৰ শ্ৰীৰামৰ (যি পিছলৈ দেশৰ এজন নামী উদ্যোগপতি হৈছিলগৈ) তৃতীয় পুত্ৰ শৰতৰামক কিহবাই দংশন কৰিলে৷ সি কান্দি কান্দি দৌৰি আহি ঘৰ পালেহি। তাৰমতে সেইয়া বিষাক্ত সাপৰ দংশন৷ চাৰিওফালে হুলস্থূল লাগি গ’ল। তাৰপিছত কন্দা-কটা আৰম্ভ হ’ল৷ অৱশেষত ডাক্তৰ আহি ওলালহি৷ কান্দি কান্দি শৰতে কয় – “দেৰী হৈ গ’ল, মই আৰু নাবাচিম।” ডাক্তৰে খোটা অংশটো ভালদৰে পৰীক্ষা কৰি তাৰপৰা শুং এডাল উলিয়াই আনিলে৷ সেইডাল আছিল বৰলৰ শুং।

স্কুলত পঢ়ি থকা সেই দিনতেই মোৰ মনত ভূতৰ সাংঘাতিক ভয় সোমায়৷ আমাৰ ঘৰত কামকৰা মানুহে আমাক ভূতৰ সাধু কৈছিল৷ ছিমলাত বন্ধত থাকিবলৈ যাওঁতে সিহঁতে ‘‘মুমিয়াইৱালী’’ নামৰ এদল ভূতৰ কথা কৈছিল৷ সিহঁতে হেনো চিকাৰ বিচাৰি ৰাতি ৰাতি ঘুৰি ফুৰে আৰু মানুহ পালেই ওভোতাকৈ জুইৰ ওপৰত ওলোমাই লৈ তাৰ পৰা ‘ৰাম তেল’ উলিয়ায়৷ তেনে তেলে হেনো শৰীৰ ছিগা অংগ-প্ৰত্যংগ জোৰা লগাই দিব পাৰে৷ সেই দলটো হেনো আচলতে বৃটিছৰ এজেণ্ট, কাৰণ যুদ্ধ-বিগ্ৰহ কৰি ফুৰা ইংৰাজৰ সৈন্যসকলক এই তেলৰ বৰ প্ৰয়োজন৷ মুমিয়াইৱালীক চিনিবৰ একমাত্ৰ উপায় হৈছে সিহঁতৰ ভৰিলৈ চাব লাগে৷ ভৰিৰ পতাখন সিহঁতৰ ওলোটা৷ গেৰোৱাটো আগলৈ আৰু আঙুলিবোৰ পিছফালে থাকে৷ তেতিয়ালৈকে মুমিয়াইৱালীক কোনেও দেখা নাই কিন্তু যেতিয়া সিহঁত ওলোৱা বুলি কথাটো প্ৰচাৰ হয় তেতিয়া আন্ধাৰত সততে কোনো ঘৰৰ বাহিৰলৈ নোলায়৷

মোৰ মনত ভূতৰ ভয়ে থিতাপি লোৱাৰ আৰু কাৰণ আছে৷ একেবাৰে কম বয়সতে মই কেইবাটাও মৃত্যু প্ৰত্যক্ষ কৰিছিলো৷ মই মিয়াছান্নুত থকা সময়ৰ কথা৷ ককাদেউতা সুজন সিঙৰ বয়স তেতিয়া ষাঠিৰ ঘৰত৷ হঠাতে তেখেত অসুখত পৰিল৷ এসময়ত ডাক্তৰ আহিল৷ ককায়ে পাঁচ মিনিটৰ মূৰে মূৰে দৰৱৰ কাৰণে চিঞৰি আছিল৷ তাৰপিছত এবাৰ হঠাতে মুখখন বহলকৈ মেলি তেখেত গাৰুটোৰ ওপৰত নিথৰ হৈ পৰিল৷ আইতাই গগন বিদাৰি আৰ্তনাদ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত কপালত চপৰিয়াই চপৰিয়াই হাতত থকা খাৰুবোৰ ভাঙিবলৈ ধৰিলে৷ দেউতা-মা, খুড়াদেউ আৰু ঘৰৰ আন মানুহবিলাকেও চিঞৰি-চিঞৰি কান্দিবলৈ ধৰিলে৷ মোৰ ভীষণ ভয় লাগিল আৰু স্তম্ভিত হৈ একেঠাইতে থৰ লাগিলো। ঘৰত কাম কৰা মানুহে ক’লে, সিহঁতে হেনো ককাৰ আত্মাটো কোঠাটোৰ পৰা জুইৰ ধোঁৱাৰ দৰে ওলাই গৈ আকাশত অদৃশ্য হৈ যোৱা দেখিছিল৷

তাতোকৈও ভয়ানক মৃত্যু দেখিছিলোঁ মোৰ খুড়ী, মানে খুড়া উজ্জ্বল সিঙৰ পৰিবাৰৰ মৃত্যুৰ সময়ত৷ সেইটোও মিয়াছান্নুৰে ঘটনা৷ খুড়ী সন্তান-সম্ভৱা আছিল আৰু তেখেতৰ যত্ন ল’বলৈ মা খুড়ীৰ ওচৰলৈ যাওঁতে মাৰ লগত মইও গৈছিলো৷ খুড়ীৰ হ’ব লগা সন্তানটোৰ গৰ্ভতে মৃত্যু হৈছিল আৰু তাৰ পৰাই খুড়ীৰ তেজৰ লগত বিষ মিহলি হ’বলৈ আৰম্ভ হৈছিল। সেই সময়ত তেওঁক যেতিয়া বিচনাৰে দাঙি বাহিৰলৈ উলিয়াই অনা হৈছিল তেখেতে ভ্ৰম বকি আছিল আৰু এফালে আঙুলি টোৱাই হঠাতে চিঞৰি উঠিছিল – “চা, চা, সেইজনী ডাইনী আহিছে, ডাইনী৷” মা আৰু আইতাই খুড়ীক প্ৰবোধ দিছিল - নাই, নাই কোনো অহা নাই। কিন্তু তাৰপিছেত তেওঁলোকে ডাইনী খেদা মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰিছিল৷ মহিলাসকলে ফুচফুচাই কথা পাতিছিল - খুড়ীয়ে হেনো আন্ধাৰ হোৱাৰ পিছত বাৰীৰ পৰা নেমু ছিঙি আনি ডাইনী গাত লগাই লৈছিল৷ সেইসময়ত সকলোবে বিশ্বাস কৰিছিল যে ডাইনী বা ভূতে ধৰিলে অকল জৰা-ফুকাৰেহে তাক আৰোগ্য কৰিব পৰা যায়৷ বাকী সকলো প্ৰচেষ্টা মিছা৷ খুড়ীৰ শিতানত ধৰ্মপুঠি আৰু কৃপান এখন ৰখা হ’ল৷ এদিন তেওঁ থকথককৈ কঁপিবলৈ ধৰিলে৷ চকুদুটা লুটিখাই গৈ অকল বগা অংশটোহে ওলায় থাকিল৷ জিভাখন দাঁতৰ মাজত সোমাই কাটি গ’ল আৰু তাৰপৰা ধাৰাষাৰে তেজ ওলাবলৈ ধৰিলে৷ সাংঘাতিক কষ্টৰ মাজত খুড়ীৰ এসময়ত মৃত্যু হ’ল৷ আকৌ কপাল চপৰিয়াই চপৰিয়াই ঘৰৰ মানুহবোৰে কান্দিবলৈ লাগিল৷ খবৰটো প্ৰচাৰ হোৱাৰ লগে লগে ওচৰৰ গাৱঁৰ মানুহো আহি খুড়ীৰ মৃতদেহটোৰ ওচৰত জুম বান্ধি “হায়-হায়” বুলি কান্দিবলৈ লাগিলহি৷ সকলোৰে বিননিয়ে পৰিৱেশটো ভয়াবহ কৰি তুলিছিল৷ খুড়ীৰ ল’ৰা নৰিন্দৰ সেই সময়ত আতঁৰত থকা বাবে মইয়ে মুখাগ্নি কৰিব লগা হৈছিল৷ ইমান কম বয়সতে এনেকুৱা বিভীষিকাময় পৰিৱেশলৈ কিয় সৰু ল’ৰা এটাক আগবঢ়াই দিছিল মই আজিও বুজিব নোৱাৰিলোঁ৷

এবাৰ ছিমলাত সন্ধ্যা সময়ত মই আৰু মোৰ ভনীজনী ঘৰলৈ ঘুৰি আহি আছিলোঁ৷ এনেতে দেখিলো ৰাষ্টাত চলা ৰ’লাৰ এখন দ খাৱৈ এটাত লুটিখাই বাগৰি পৰিছে৷ তাৰপিছত দেখিলোঁ ৰ’লাৰখনৰ চালক আৰু আনজন ল’ৰাৰ মূৰ আৰু হাত ভৰি ছেদেলি ভেদেলি হৈ শৰীৰ পৰা ছিটিকি পৰিছে। কি ভয়ানক দৃশ্য! তাৰপিছত সেই ছিগি যোৱা অংগ-প্ৰত্যংগবোৰ আৰু তেজেৰে লুতুৰি পুতুৰি হৈ পৰা সিহঁতৰ দেহদুটা তাৰপৰা উঠাই লৈ যোৱা মৰ্মান্তিক দৃশ্য আমি নিজ চকুৰে চাবলৈ পাইছিলোঁ৷ সেইদিনা ৰাতি অকলে শুবলৈ আমাৰ এটাৰো সাহস হোৱা নাছিল৷

গোটেই জীৱনত ভূতৰ ভয়ে মোক লগ নেৰিলে৷ চুম্বকে লো আকৰ্ষণ কৰাৰ দৰে মৃত্যুৰ দৃশ্যইও মোক হাত বাউলি দি মাতে৷ ভূতৰ ভয়ৰ পৰা মুক্তি পাবৰ বাবে মই মৰিশালীলৈও গৈ চাইছোঁ৷ কিন্তু যিমানেই যি নকৰোঁ কিয়, সন্ধ্যা হ’লেই যেন প্ৰেতাত্মাই মোৰ পিচ লয়৷ সৰুতে মই চহৰৰ থেপাথেপি আলি-গলিবোৰত বাস কৰা মানুহবোৰ আৰু ফুটপাথত গাতে গা লগাই শুই থকা মানুহ দেখি ঈৰ্ষা কৰিছিলো৷ ভূতে একেলগে থকা মানুহক হেনো আক্ৰমণ কৰিবলৈ সাহস নকৰে৷ এতিয়াও মই যদি ঘৰত সম্পূৰ্ণ অকলে থাকিব লগা হয়, ভালদৰে মোৰ টোপনি নাহে৷ (আগলৈ..)

(ইয়াৰ আগৰ খণ্ডকেইটা চাব বিচাৰিলে, এই লিঙ্কটোত পাব – www.utpalbadolbaruah.com)

No comments:

Post a Comment