Friday, July 31, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ৭





ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ৭

শৈশৱৰ পৰা কৈশোৰলৈ - পঢ়াশালীৰ দিনবোৰ

ছাত্ৰসকলক বয়স অনুযায়ী ওপৰ শ্ৰেণীত ভাগ কৰিবলৈ তিনি চাৰিবছৰমান সময় লাগিছিল৷ মোৰ ককাইদেউ তিনিজন ছাত্ৰৰ সৈতে প্ৰথম ভাগটোত পৰিল৷ দ্বিতীয় ভাগটোত চাৰিজন ছাত্ৰ আছিল৷ মই পাঁচজন ছাত্ৰ থকা তৃতীয় ভাগটোত পৰিলোঁ৷ মোৰ সহপাঠী হ’ল - প্ৰতাপ, ৰঘুবীৰ সিঙৰ ডাঙৰ ল’ৰাটো আৰু অশোক। অশোক আছিল দিল্লী বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰৰ পুত্ৰ৷ আনন্দ নাথ নামৰ ল’ৰা এজন আছিল, সি পিছলৈ দাঁতৰ ডাক্তৰ হৈছিল৷ ছতিন্দৰ নামৰ জনেও মই লণ্ডনত থকা সময়ত তাতে ডাক্তৰী পঢ়িছিল৷ কমলা বোসৰ বন্ধু এজনৰ ল’ৰাটো যি মেডামৰ বৰ প্ৰিয়পাত্ৰ আছিল তাৰ নামটো ‘ম’-আখৰৰ আছিল৷ আমাৰ ক্লাছৰ আটাইতকৈ ভাল ছাত্ৰজন আছিল আনন্দ নাথ৷ আনকেইটা ছাত্ৰ পঢ়া বা খেলা কোনোটোতে মোতকৈ ভাল বুলি ক’ব পৰা বিধৰ নাছিল৷ প্ৰতাপে ৰেইলৱে টাইম টেবুলখন মনত ৰাখিব পাৰিছিল৷ অশোকে প্ৰায়েই অংকত শূণ্য পাইছিল৷ ‘ম’-য়ে পঢ়া বা খেলা কোনোটোৱেই ধ্যান দিব লগা কথা বুলি ভবা নাছিল৷ গায়ে গাৰিয়ে সি আমাতকৈ বেলেগ আছিল আৰু আমি তাক মোটা বুলি মাতিছিলোঁ৷ মনে মনে ভয়ও কৰিছিলো৷ যৌন বিষয়ত তাৰ জ্ঞান আমাতকৈ আগবঢ়া আছিল৷ যদিও তাৰ অস্ত্ৰপাতৰ আকাৰ সৰু আছিল, তথাপি কোনো কোনো ক্ষণত অকণো সংকোচ নকৰাকৈ পেণ্টৰ পৰা উলিয়াই সি আমাৰ আগত তাৰ প্ৰদৰ্শন কৰিছিল। কমলা বোসৰ ভতিজী এগৰাকীয়ে আমাক ইংৰাজী পঢ়াইছিল, বয়স কুৰিৰ দেওনাত৷ তাইৰ ক্লাছত সি তাইলৈ তধা লাগি চাই থাকি এটা হাত পেণ্টৰ জেপত সুমুৱাই তাৰ অস্ত্ৰপাত লিৰিকি বিদাৰি থাকিছিল। সেই সময়ত আমাৰ এজনেও তাৰ উদ্দেশ্য বুজিব পৰা নাছিলোঁ৷ এসময়ত ইংৰাজী বাইদেউৰ মনোযোগ আকৰ্ষণ কৰাত আৰু তেখেতক বিবুধিত পেলোৱাত সি সফল হৈছিল৷ মোটাৰ সংস্কাৰ আৰু জীৱন দৰ্শন আছিল সুকীয়া৷ যৌনসুখ ল’বও পাৰিছিল, দিবও জানিছিল। ডেকা পাৰ্চী শিক্ষক এজনৰ লগৰ মোটাৰ এনে এটা সম্পৰ্ক গঢ়ি উঠিছিল৷ শিক্ষকজনে আৰু কেইটামান ছাত্ৰকো নিজৰ জালত পেলোৱাৰ চেষ্টা কৰি থাকোঁতেই এদিন ধৰা পৰিল৷ তেওঁৰ বিৰুদ্ধে সাক্ষী দিয়া আন ছাত্ৰৰ লগতে আছিল আমাৰ মোটাও৷ মোটাই সকলো কাম কৰিব পাৰিলেও মিছা কথা ক’ব নোৱাৰিছিল৷


মোটাই বহুদিন ধৰি জালত পেলাবলৈ চেষ্টা কৰি আছিল অশোক সেনক৷ তাৰ মতে সি এটা বিখ্যাত পাদুৰা৷ সি স্কুলৰ গোটেই সময়খিনিত তাৰ পিছ এৰা নাছিল৷ ক’ৰবাৰ পৰা আহি তাক খুন্দা এটা মাৰি ক’ব – “অ’ ছৰী, পাদুৰা ভাই, মই দেখাই নাছিলো।” তাৰ চোলাটো টানি টানি পেণ্টৰ পৰা বাহিৰলৈ উলিয়াই আনি কয় – “হ’ব দেচোন, একো নহয, এনেকৈয়ে ভাল দেখিছে তোক!” বেছেৰা নিমাখিত অশোকে তাৰ নিছলা চেহেৰাৰে একো প্ৰতিবাদ কৰিব নোৱাৰিছিল৷ বেছি অতিষ্ঠ হ’লে এসময়ত সি শিক্ষকৰ সহায় বিচাৰি দৌৰ লৈছিল।


মোটাৰ আচল দিন আৰম্ভ হ’ল তাৰ দুবছৰমান পিছত৷ গৰমৰ বন্ধত এবাৰ এসপ্তাহৰ বাবে আমি ছজন ছাত্ৰক ছিমলাৰ ওচৰৰ কাঁচলী নামে ঠাইলে পঠোৱা হ’ল৷ শান্তিকুঞ্জ নামৰ লালা ৰঘুবীৰ সিঙৰ ঘৰটোত আমাক থাকিবলৈ দিয়া হৈছিল৷ বুদ্ধিমানৰ দৰে অশোক আমাৰ লগত নাহিল৷ মোটাক আন এটা ল’ৰাৰ প্ৰয়োজন হ’ল৷ সি মোলৈ চকু দিলে৷ তাৰ শক্তি মোতকৈ বেছি হ’লেও মই তাতকৈ বেছি বেগত দৌৰিব পাৰোঁ৷ সি যেতিয়া মোক গতা মাৰি দিয়ে মইও তাক ঠেলা এটা মাৰি দৌৰ লওঁ৷ মোৰ লগত বেছি নজমাত সি আনলৈ চকু দিবলৈ আৰম্ভ কৰিলে৷ এদিন আটায়ে মিলি তাক ভাল শিক্ষা এটা দিবলৈ ঠিক কৰিলোঁ৷ আমি সিদ্ধান্ত ল’লো, সি যেতিয়া আমাৰ কাৰোবাক ধৰিবলে আহিব আমি আটায়ে মিলি তাক ধুই পেলাম । মোটা থিৰেৰে থাকিব পৰা ল’ৰা নহয়; আমি বেছি সময় ৰ’ব লগা নহলেই৷ কাঁচলিত আমাৰ শেষৰ দিনটোত ৰাতিপুৱাই সি মোক গতা এটা মাৰি বননিত বগৰাই দিলে৷ মই সহায় বিচাৰি চিঞৰ এটা মৰাৰ লগে লগেই চাৰিটা ল’ৰা আগবাঢ়ি আহিল৷ আমি আটাইকেইটাই ঘুচিয়াই তাক মাটিত বগৰাই দিলো৷ তাৰপিচত এটা ভৰি দুটাৰ ওপৰত আৰু এটা পেটত বহি ল’লো৷ ঘুচিয়াই ঘুচিয়াই তাৰ গাল মুখ ৰঙা কৰি দিলোঁ৷ সি আমাক গালি পাৰি থুৱাবলৈ লাগিল৷ পেটত বহি থকাটোৰ মুখলৈ সি থুই মাৰি দিলে৷ তাৰপিছত আমি আটাইকেইটাই যিমান পাৰো তাৰ মুখত থুৱাবলৈ লাগিলো৷ অৱশেষত সি কান্দিবলৈ আৰম্ভ কৰিলে৷ সি যাতে আমাৰ গাত আৰু হাত নিদিয়ে তাকে কৈ সিমানতে আমি তাক এৰি দিলো৷


সি কান্দি কান্দি আমাক প্ৰতিশোধ লোৱাৰ শপত খাই আমাতকৈ আগতে কাঁচলি এৰিলে৷ আবেলি আমি বাচ এখনেৰে দিল্লীৰ ট্ৰেইন ধৰিবৰ বাবে কালকালৈ নামি আহিলো৷ আহি দেখিলোঁ মোটাই টেক্সী এখন লৈ আগতেই আহি প্লেটফৰ্মত পায়চাৰি কৰি আছেহি ৷ সি আমাক নেদেখা ভাও ধৰিলে৷ আমি যেতিয়া তৃতীয় শ্ৰেনীৰ টিকট কিনি ৰে’লত উঠিলো, দেখিলোঁ সি দ্বিতীয় শ্ৰেনীৰ দবাত উঠিছে৷ দিল্লী ষ্টেচনত নামি তাক নেদেখিলোঁ৷ স্কুলত গৈয়ে সি কমলা বোসক অভিযোগ দিলেগৈ৷ আমিও আমাৰ ক’ব লগাখিনি ক’লো৷ মোটা অকলে, আমি চাৰিটা৷ মিছে আটাইকেইটাকে যথেষ্ট বকিলে৷ তাৰপিছৰ পৰা মোটা যথেষ্ট সলনি হ’ল৷ গোটেই স্কুলে কাঁচলিৰ ঘটনাটো গম পালে৷ এইটো কথাও প্ৰচাৰ হ’ল যে মোটাই যদি কাৰোবাৰ স্পৰ্শ কৰে আমাক খবৰটো দিলেই হ’ল৷ তাৰপিছত সি আমাক গালি দিয়াৰ বাদে আন একো কৰিব নোৱাৰা হ’ল৷ মই লণ্ডনৰ পৰা ঘুৰি অহাৰ পিছত আমাৰ মাজত আকৌ বন্ধুত্ব হৈছিল আৰু আমি আমাৰ অভিজ্ঞতাবোৰৰ ভাগবতৰা কৰিছিলো৷ এনে অভিজ্ঞতাৰ মাজত বেশ্যালয়লৈ যোৱাৰ কাহিনী এটাও আছে৷ সময়ত সেই কথা ক’ম৷


বৰ দীঘল আছিল স্কুলৰ দিনবিলাক৷ পোহৰ নৌ ওলাঁওতেই শুই উঠি পুৱাৰ আহাৰ খাই দৌৰা-দৌৰি কৰি ট্ৰাম, টাংগা আৰু পিছলৈ বাইচাইকেল লৈ স্কুল পাইছিলোগৈ৷ ৰাতিপুৱা এটা প্ৰাৰ্থনাৰে স্কুল আৰম্ভ হৈছিল৷ সাধাৰণতে ‘জন গন মন’-কে গাইছিলোঁ, যিটো পিছলৈ স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হৈছিল৷ তাৰপিছত মহাপুৰুষৰ বাণী পাঠ কৰি শুনোৱা হৈছিল৷ ৰৱীন্দ্ৰনাথ ঠাকুৰৰ - ‘‘মন যেতিয়া ভয়মুক্ত হয...’’ কথাখিনি প্ৰায়েই দোহাৰি থকা মনত আছে৷ তাৰপিছত পাঁচ মিনিট নীৰৱ হৈ ধ্যান কৰিব লাগিছিল৷ ৰাতিপুৱা সাধাৰণতে অংক, ইংৰাজী, বুৰঞ্জী আৰু বিজ্ঞানৰ দৰে টান বিষয়বোৰ শিকোৱা হৈছিল৷ তাৰপিছত শাৰিৰীক অনুশীলনৰ বাবে ক্ষন্তেক বিৰতি৷ তাৰপিছত দুপৰীয়াৰ আহাৰ খাবলৈ দিয়া হৈছিল৷ ডালিয়া, বেঙেনা আদি খাদ্যৰ প্ৰতি মোৰ মনত বিতৃষ্ণাৰ সৃষ্টি তেতিয়াই আৰম্ভ হয়৷ যি দিছিল তাকে আমি খাবলৈ বাধ্য হৈছিলোঁ ৷ তাৰপিছত এঘণ্টা আমাক আৰাম কৰিবলৈ দিয়া হৈছিল৷ দুপৰীয়া খোৱাৰ পিছত অলপ বিশ্ৰাম লোৱাৰ মোৰ অভ্যাসটোও তেতিয়াই গঢ় লৈ উঠে৷ আবেলি বেলা ছবি অঁকা, গান শিকা আৰু কাৰিকৰী বিদ্যাৰ ক্লাছ আছিল৷ একেবাৰে শেষত আছিল হকী, ফুটবল আদিৰ দৰে দল বান্ধি খেলা খেল৷ আন্ধাৰ হোৱাৰ আগতে আমি কেতিয়াবাহে উভতি আহিব পাৰিছিলোঁ৷ ঘৰত কৰিবলৈও অনেক হোম ওৱাৰ্ক দিয়াত আমাৰ হাতত আজৰি সময় একেবাৰেই নাছিল৷


তেতিয়াৰ দিনৰ কিছুমান সৰু-সুৰা কথা মনত পৰিছে৷ এটা কথা সেই প্ৰাৰ্থনাৰ পিছৰ পাঁচ মিনিট নীৰৱে থাকিব লগা সময়খিনিত ঘটা ঘটনা৷ আলমোৰাৰ পৰা দুটা ল’ৰা আহি স্কুলত ভৰ্ত্তি হ’লহি৷ আমি তেতিয়াও সিহ’তৰ নাম-ধাম জনাই নাই৷ এদিন নে দুদিন পিছতে ডাঙৰ ল’ৰাটোৱে মনে মনে থাকিব লগা সেই পাঁচ মিনিট সময়তে ইমান প্ৰকাণ্ড এটা পাদ মাৰিলে যে নীৰৱতা ক’ৰবালৈ পলাই ফাট মাৰিলে৷ এনে ঘটনা পৃথিৱীৰ কোন ঠাইৰ কম বয়সীয়া ল’ৰাছোৱালীয়ে সহজে গ্ৰহণ কৰিব পাৰে? খুকখুকাই দুজনমানে হাঁহিবলৈ ধৰিলে৷ আন বহু ছাত্ৰৰ চেপি ধৰি ৰখা হাঁহিয়ে বিচিত্ৰ শব্দৰ সৃষ্টি কৰিলে৷ আনকি কমলা বোসৰ ‘‘ছাইলেঞ্চ’’ বুলি চিঞৰি এটা উঠা শব্দটোৱেও হাঁহিত অধিক খোৰাকহে যোগালে৷ সেইদিনাৰ পৰা ল’ৰাটোৱে নাম পালে – পাদুৰা। গৰমৰ বন্ধৰ পিছত ল’ৰাটো পুনৰ স্কুললৈ উভতি নাহিল৷


পঢ়া বা খেলাত মই সিমান ভাল নাছিলোঁ যদিও দুষ্ট বুদ্ধিত কিন্তু যথেষ্ট বুৎপত্তি দেখুৱাব পাৰিছিলোঁ৷ এচৰীয়া পানী বা এযোৰ জোতাৰে মই এটা দুষ্ট খেল খেলিছিলোঁ৷ পানীখিনি বা জোতাযোৰ দুৱাৰত এনেকৈ লগাই থওঁ যে আধাখোলা দুৱাৰখন সামান্য ঠেলা মাৰি দিলেই হয় চৰিয়াৰ পানীৰে জুৰুলি-জুপুৰি হ’ব, নহয় জোতাযোৰ আহি গাত চেতেপকৈ পৰিবহি৷ সাধাৰণতে গৰমৰ দিনত আমি খোলা ঠাইত শুবলৈ লৈছিলো৷ এবাৰ হাদালিৰ পৰা আমাৰ দূৰ সম্পৰ্কীয় আত্মীয় এজন আহি দিল্লীত আমাৰ ঘৰত আলহী হ’লহি৷ তেখেতৰ বিচনাখন মোৰ বিচনাখনৰ ওচৰতে পতা হৈছিল৷ গোটেই ৰাতিটো তেওঁৰ নাকে ভীষণ গৰ্জন কৰি আছিল আৰু বেলি নোলাওঁতেই তেওঁ বিচনা ত্যাগ কৰিছিল৷ তেওঁৰ অসুবিধা হৈছিল আমাৰ ঘৰত থকা পায়খানাৰ ব্যবস্থাটোত৷ তেনে ব্যৱস্থাত তেওঁ অভ্যস্ত নাছিল আৰু আমাৰ বাগিছাত থকা জোপোহাৰ আৰঁলৈ গৈ পুৱাই কোনো নুঠুতেই মলত্যাগ কৰিছিলগৈ৷ কামফেৰা সুকলমে কৰিবৰ বাবে ৰাতিয়েই শুবৰ সময়ত তেওঁ বিচনাৰ ওচৰত পানী এলোটা সাজু কৰি থৈছিল৷ মই এদিন ৰাতি শোৱাৰ আগতে পানী লোটাত আঠা অলপ মিলাই থৈ দিলো৷ পিচদিনা পুৱা তেওঁক বৰ চিন্তিত দেখা গ’ল৷ পায়খানাৰ লগত হেনো তেওঁৰ সাংঘাটিক শাওঁ পৰিছে৷ পিচদিনাও মই একেই দুষ্টামি কৰিলো৷ তাৰ পিচদিনা তেওঁ ডাক্তৰ এজনক লগ ধৰি শৌচ পৰীক্ষা কৰিবলৈ ওলাল৷ তেতিয়া আৰু মই কথাটো প্ৰকাশ নকৰি নোৱাৰিলো৷ মা-দেউতাই মোক যথেষ্ট বকিলে যদিও ঘটনাটো আনৰ আগত কওঁতে সকলোৰে হাঁহিত পেটৰ নাৰী ডাল ডাল হৈছিল৷ (আগলৈ..)

No comments:

Post a Comment