Friday, July 10, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ - ৪


ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ৪
মৰুভূমিৰ মাজৰ মোৰ গাওঁখনি

ৰাতিৰ সাজ খোৱাৰ পিছত শুবলৈ আমি চাঁদৰ ওপৰলৈ গৈছিলোঁ৷ আইতাই সন্ধ্যাৰ প্ৰাৰ্থনা ‘‘ৰেহৰাছ” শেষ কৰি দিনটোৰ শেষ প্ৰাৰ্থনা ‘‘কীৰ্ত্তন ছহিলা’’ আৰম্ভ কৰিছিল৷ মোৰ পিঠিত তেল সানি সানি আইতাই মোক শুৱাবলৈ চেষ্টা কৰিছিল। কোমল মালিচে মোৰ টোপনি আনিব নোৱাৰিলে আইতাই শিখ গুৰুসকলৰ জীৱনৰ কাহিনী ক’বলৈ আৰম্ভ কৰিছিল৷ তেতিয়াও যদি মোৰ টোপনি নাহে, ৰাতিৰ আকাশলৈ আঙুলিয়াই মোক কৈছিল – “সেইয়া তৰা দেখিছ, ৰাতি বহুত হ’ল, এতিয়া চুপচাপ টোপনি যা৷”

জহকালিৰ সুন্দৰ সময় হৈছে দোকমোকালি পুৱাবোৰ৷ আমাৰ চোতালত থকা গোলাপ, তগৰ আদি ফুলৰ সুবাস কঢ়িয়াই লৈ অনা ৰাতিপুৱাৰ শীতল বতাহজাকে গা-মন জুৰ কৰি পেলাইছিল৷ আধা-আধি টোপনিতে অলস চিন্তাৰে খেলা কৰি থকাৰ বাবে সেইটো আছিল বৰ উপযুক্ত সময়। পিছে এই সময়ছোৱা বৰ চুটি আছিল৷ অলপ সময়ৰ পিছতে বেলি উঠি আহিছিল আৰু তাৰ লগে লগেই আৰম্ভ হৈছিল কাউৰীৰ কা-কা বা বিভিন্ন মহ-মাখিৰ তাণ্ডৱ৷ উৰ্দু কবিয়ে পুৱতিৰ এই আধাঘণ্টা সময়ক ‘‘বড়ী নাছিম’’ বুলি উল্লেখ কৰিছে৷

সেই বিৰক্তিকৰ দিনবোৰৰ বাহিৰে হাদালিত ঘটা কোনো উল্লেখযোগ্য ঘটনাৰ কথা এতিয়া মোৰ মনত নাই৷ বছৰত এটা বা দুটাকৈ হত্যাকাণ্ড সংঘটিত হৈছিল৷ যিহেতু ঘটনাবোৰ মুছলমান গাওঁখনত সংঘটিত হৈছিল, আমি তাৰ বাবে বেছি উৎকণ্ঠিত হোৱাৰ কোনো কাৰণ নাছিল৷ গাঁৱৰ ৰেইল ষ্টেচনটোৰ ওচৰত থকা মুকলি পথাৰত বছৰত এবাৰকৈ এটা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ প্ৰতিযোগীসকল ঘোঁৰাৰ পিঠিত উঠি লাইন হৈ থিয় দিছিল৷ আৰম্ভণিৰ সংকেত পালেই ‘‘আল্লাহ বেলি হ’’’ অথাৰ্ৎ “ভগৱান মোৰ শ্ৰেষ্ঠ বন্ধু” বুলি আটাহ পাৰি হাতত খোলা যাঠি লৈ প্ৰতিযোগিতাৰ দৌৰ আৰম্ভ হৈছিল৷ কেতিয়াবা চলন্ত ৰেইল গাড়ীৰ লগত এই দৌৰৰ প্ৰতিযোগিতা চলিছিল আৰু ঘোঁৰাবোৰৰ শ্বাস-প্ৰশ্বাস থমকি নোৰোৱালৈকে এই দৌৰ চলিয়েই আছিল৷ এটা কথা মনত পৰিছে - এবাৰ হাদালিলৈ এজনে এখন বাইচাইকেল কিনি আনিলে৷ তেওঁ বাজী মাৰিলে যে তেওঁ হেনো ঘোঁৰাতকৈও আগত যাব পাৰিব৷ ঘোঁৰাৰ লগত বাজী মৰাৰ আগতে আমি ল’ৰাবোৰে তেওঁক আমাৰ লগত এবাৰ বাজী মাৰিবলৈ আহ্বান জনালোঁ৷ তেতিয়া হাদালিত পকী ৰাষ্টা নাছিল আৰু বালিৰ ওপৰত চাইকেলৰ চকা সুকলমে নচলে৷ বেচেৰাই বৰ বেয়াকৈ লাজ পালে৷ তাৰপিছত সকলোৱে তেওঁক ‘চাইকেল বাহাদুৰ’ বুলি জোকোৱা আৰম্ভ কৰিছিল।

দিল্লীলৈ অহাৰ পিছত মই হাদালিৰ গাওঁখনলৈ মুঠতে তিনিবাৰ গৈছোঁ৷ প্ৰথমবাৰ গ্ৰন্থ-চাহিবৰ কীৰ্তন অনুষ্ঠান এটাত অংশ গ্ৰহণ কৰিবলৈ গৈছিলোঁ৷ এখন ডাঙৰ সভাত বহুত মানুহৰ আগত মই আৰু মোৰ ককাইদেউ এজনক ধৰ্মগ্ৰন্থৰ ‘‘জাপি’’ পাঠ কৰি প্ৰতিদিনে অন্তত এটা জাপি পঢ়িমেই বুলি আমাক শপত খাবলৈ দিছিল৷ আমাৰ এজনেও এই প্ৰতিজ্ঞা ৰাখিব পৰা নাছিলোঁ৷ দ্বিতীয়বাৰ লাহোৰত ওকালতি কৰি থকাৰ সময়ত মই আকৌ হাদালিলৈ গৈছিলোঁ৷ মোৰ লগত এজন বন্ধুও গৈছিল৷ তেওঁৰ এজন ভায়েক ছল্ট্ ৰেঞ্জৰ মেনেজাৰ আছিল৷ গাঁৱৰ ৰেইল ষ্টেচনটোৰ ওচৰত গাড়ীৰ পৰা ওলোৱাৰ লগে লগে মোৰ চকুপানী ওলাই আহিল৷ আঁঠুকাঢ়ি মাটিত এটা চুমা খোৱাৰ পৰা মই কথমপিহে নিজকে বিৰত ৰাখিলো৷ তাৰপৰা ধৰমশালাটোলৈ আৰু মই ওপজা ঘৰটোলৈ খোজকাঢ়ি গৈ চালোঁগৈ৷ ভাইচৰয়ৰ সুৰক্ষা গাৰ্ড হিচাপে কাম কৰা লোক এজনে মোক চিনি পালে আৰু খবৰটো লগে লগে ৰাষ্ট্ৰ হৈ পৰিল৷ মই যেতিয়া উভতি আহিবলৈ ওলাইছিলোঁ মোক বিদায় দিবৰ বাবে একে ঠাইতে বহু মানুহ একগোট হৈছিল।

হাদালিলৈ মোৰ শেষ যাত্ৰাটো আছিল ১৯৮৭ চনৰ শীতকালত৷ ১৯৪৭ চনত হোৱা দেশৰ বিভাজনে গাওঁখনলৈ চিনিব নোৱাৰাকৈ পৰিৱৰ্ত্তন আনি দিলে৷ গাওঁখনত এতিয়া শিখ বা হিন্দুলোক এজনো নাই৷ হাৰিয়ানাৰ পৰা ভাগি যোৱা মুছলমানলোকে আমাৰ ঘৰটো অধিকাৰ কৰি লৈছিল৷ ৰোহতকৰ পৰা অহা মুছলমান শৰণাৰ্থীৰ পৰিয়াল এটাই আমাৰ চৌহদটোক তিনিভাগ কৰি ভাগ কৰি লৈছিল৷ চল্লিশ বছৰৰৰ আশে পাশে থকা নতুন প্ৰজন্মৰ হাদালিবাসীয়ে গাওঁখনত কোনো শিখ লোকক দেখাই নাছিল৷ কেনেকুৱা অভ্যৰ্থনাৰ সন্মুখীন হ’ম মই কোনো অনুমান কৰিব পৰা নাছিলোঁ৷ গাওঁখনৰ লগত মোৰ একমাত্ৰ সংযোগ আছিল ১৯৭১ চনত বাংলাদেশৰ ঢাকাত লগ পোৱা কেইজনমান যুদ্ধবন্দী৷ মই তেওঁলোকৰ মুক্তিৰ বাবে চেষ্টা কৰিছিলোঁ আৰু তেওঁলোক ভালে থকাৰ খবৰ লিখি তেওঁলোকৰ পৰিয়াললৈ চিঠি দিছিলোঁ৷

লাহোৰৰপৰা গাড়ী চলাই গৈ বিয়লি সময়ত মই হাদালিত উপস্থিত হৈছিলোঁগৈ৷ ৰাষ্টাৰ কাষত বয়োজেষ্ঠ্য সকলে ফুলৰ মালা লৈ শাৰী পাতি থিয় দি আছিল৷ মালাত গাঠি দিয়া সোণবৰনীয়া বা ৰূপালী বৰণৰ পাতত উৰ্দু ভাষাত খোদিত কৰি দিছিল – “খুশ আমদিদ” অথাৰ্ৎ “সাদৰ-সম্ভাষণ”৷ কৰমৰ্দন কৰা এজন লোককো মই চিনিব পৰা নাছিলো৷ স্কুলৰ বাকৰিত পতা সভা এখনৰ মঞ্চলৈ মোক আদৰি লৈ যোৱা হৈছিল৷ মঞ্চত পাকিস্তানৰ পতাকা এখনো আৰি থোৱা আছিল৷ শাৰী শাৰী কৈ পতা চকী আৰু মাটিৰ ওপৰত অন্তত দুহেজাৰ হাদালিবাসী সমবেত হৈছিল৷ উৰ্দু ভাষাত অশুদ্ধ উচ্চাৰণেৰে দিয়া ভাষণত মোক ‘হাদালিৰ পুত্ৰ’ বুলি উল্লেখ কৰিছিল৷ স্নেহ আৰু কৃতজ্ঞতাৰে মোৰ অন্তৰ ভৰি পৰিছিল৷ কথা কোৱাৰ আগতে মোৰ সন্দেহ হৈছিল, পাৰিমনে মই এই আবেগত নিজকে চম্ভালি ৰাখিব! মই হাদালিৰ থলুৱা ভাষাতে কথা ক’বলৈ আৰম্ভ কৰিলোঁ৷ মই কৈছিলোঁ - তেওঁলোকে যেনেকৈ জীৱনৰ বিয়লি বেলাত মক্কা আৰু মদিনালৈ আশীৰ্বাদ বিচাৰি যাবলৈ বিচাৰে, ঠিক তেনেকৈ মই জীৱনৰ সন্ধ্যাবেলাত হাদালিলৈ আহিছোঁ, পৱিত্ৰ হজ যাত্ৰাৰ দৰে৷ মহম্মদে যেনেকৈ বিজয়ী হৈ মক্কালৈ উভতি আহি তেওঁৰ প্ৰথমা পত্নীৰ সমাধি প্ৰদক্ষিণ কৰি প্ৰাৰ্থনা কৰিছিল, ময়ো ঠিক তেনেকৈ বিচাৰিছোঁ, হাদালিৰ এই বালিৰ বুকুৰ সুঁতিবোৰত আকৌ এবাৰ লৰি ঢাপৰি ফুৰিবলৈ। আৰু বিচাৰিছোঁ জীৱনৰ শেষ শয়ন যেন এই ঠাইতেই হয়, য’ত মোৰ জন্ম হৈছিল৷ তাৰ পিছত আৰু মোৰ মুখৰ মাত নোলাল, শোকে মোক খুন্দা মাৰি ধৰিলে৷ সকলোৱে মোৰ অন্তৰৰ ভাষা ঠিক বুজিব পাৰিছিল৷ সভাৰ শেষত মোক অতীতৰ গাঁৱৰ ঘৰখন থকা ঠাইলৈ আগবঢ়াই নিয়া হ’ল৷ সমস্ত গাওঁবাসীয়ে মোক অনুসৰণ কৰিলে৷ ফটকা ফুটোৱা হ’ল৷ মহিলাসকলে ঘৰৰ চাঁদৰপৰা গোলাপৰ পাপৰি ছটিয়াই মোক অভিবাদন জনালে৷ মুছলমান আৰু শিখসকলক জাতশত্ৰু বুলি কোৱাজন কোন আছিল বাৰু? হাদালিত হিন্দু, মুছলমান আৰু শিখসকলৰ মাজত শত্ৰুতা কাহানিও নাছিল। এসময়ত শিখ আৰু হিন্দুসকলে ব্যৱহাৰ কৰা ধৰমশালাটো আজিও তেনেকৈয়ে আছে; কোনো মুছলমানে এতিয়াও ইয়াক স্পৰ্শ কৰা নাই। কাৰণ ই এসময়ৰ হিন্দু-শিখ ভাইসকলৰ, যি কালৰ কুটিল গতিত এই ঠাই এৰি গুচি যাব লগা হ’ল, তেওঁলোকৰ উপাসনাৰ পৱিত্ৰ স্থান আছিল!

আমি থকা ঘৰটোৰ চৌহদটো ৰোহতকৰ পৰিয়ালকেইটাই বেলুন আৰু ৰঙীন কাগেজেৰে সজাই থৈছিল৷ মোৰ দেউতাকো চিনি পোৱা কেইজনমান বয়োজ্যেষ্ঠ গাওঁবাসীয়ে মোৰ সন্মানাৰ্থে এসাঁজ একেলগে খোৱাৰ আয়োজন কৰিছিল৷ মই চিনি পাব পৰা কোনো চিন হাদালিত আৰু এতিয়া বিচাৰি পাবলৈ নাই৷ বালিৰ সেই সুঁতিবোৰ, য’ত আমি খেলিছিলোঁ সেইবোৰ এতিয়া নিশ্চিহ্ন হৈ গ’ল। পানী যোগান ধৰা এটা কৃত্ৰিম নলাই ঠাইখন সেইজীয়া কৰি তুলিছে৷ গাঁৱত থকা শুকান খালকেইটাতো ঘাঁহ বন গজি এতিয়া পুখুৰীৰ দৰে হ’ল৷ প্ৰথম বিশ্বযুদ্ধৰ স্মৃতি বিজড়িত মাৰ্বলৰ ফলকখন এতিয়া আৰু নাই৷ এন্ধাৰ নামি অহাৰ আগে আগে মই ওভোতনি যাত্ৰা আৰম্ভ কৰিলোঁ। এই ঠাইলৈ, এই জীৱনত মোৰ আৰু কেতিয়াও অহা নহয়। গাওঁ এৰিবলৈ ওলাওঁতে এই কথাটো মই মৰ্মে মৰ্মে উপলব্ধি কৰিছিলোঁ। (আগলৈ..)

No comments:

Post a Comment