Friday, July 24, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ৬



ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ৬
শৈশৱৰ পৰা কৈশোৰলৈ - পঢ়াশালীৰ দিনবোৰ

আমি ইউনিফৰ্ম পিন্ধি স্কুললৈ যাব লাগিছিল। আমাৰ দেশত সেই সময়ত এনে পোছাক মানুহে দেখাই নাছিল৷ আমাৰ ইউনিফৰ্ম আছিল হাফ্ পেণ্টৰ লগত নীলা জেকেট। জেকেটটোত স্কুলৰ প্ৰতীক চিহ্নটো অংকণ কৰা আছিল। পানীৰ ওপৰত হাউলি পৰা পাতেৰে এজাপা আহঁত গছ, তাৰ তলতে পানীত ফুলি থকা এটা পদূম ফুল৷ চিহ্নটোৰ তলত এশাৰী সংস্কৃত বাণী, যাৰ অৰ্থ – দুৰ্বল মানসিকতাৰে সত্যৰ সন্ধান অসম্ভৱ৷ হাদালিৰ পৰা অহাৰ পিছত নগৰীয়া জীৱন আৰু স্কুলখনৰ লগত মিলিবলৈ মোক বহুত সময় লাগিছিল৷ ই যেন আইতাৰ লগত থকা মোৰ নিকট বান্ধোন আৰু নিৰ্ভৰশীলতা লাহে লাহে শিথিল কৰি আনিছিল৷ যদিও মই আইতা থকা কোঠাটোতে থাকিবলৈ লৈছিলো তথাপিও হাদালিৰ দৰে আইতা মোৰ পিছে পিছে লাগি থাকিব লগা হোৱা নাছিল। ৰাতিপুৱা শুই উঠিয়েই গা-পা ধুই সোনকালে স্কুললৈ ওলাই যোৱাতো নিয়ম আছিল। ঘৰৰ কাম কৰা মানুহে তৈয়াৰ কৰি দিয়া আহাৰ খাই দৌৰা-দৌৰিকৈ স্কুললৈ ওলাইছিলোঁ। তাৰপিছত ঘৰৰ কাম কৰা আন এজন মানুহে আমাৰ দুয়োটাকে ছবজী মাণ্ডিৰ পৰা জামা মছজিদলৈকে ট্ৰামত লৈ গৈছিল৷ সেইখিনিৰ পৰা দৰিয়াগঞ্জলৈ ঘোঁৰাই টনা টাংগা এখন লৈছিলোঁ৷ স্কুলৰপৰা ঘূৰি আহি ঘৰ পাওঁতে প্ৰায়েই সন্ধ্যা হৈছিল৷ ৰাতি খাবলৈ লওঁতে আইতাও মোৰ ওচৰতে বহি লৈ স্কুলতনো কি শিকিছোঁ তাকে সুধি আছিল৷ আইতাই মই হোম-ওৱাৰ্ক কৰোঁতে আগৰ দৰে সহায় কৰিব নোৱাৰা হৈ আহিছিল। সন্ধ্যা প্ৰাৰ্থনা কৰিবলৈও আগৰ দৰে বাধ্য কৰিব পৰাৰ দিন লাহে লাহে উকলিবলৈ আৰম্ভ কৰিছিল।

মাত্ৰ ত্ৰিশজন শিক্ষাৰ্থীৰে মডাৰ্ণ স্কুল আৰম্ভ কৰা হৈছিল৷ ২৭টা ল’ৰা আৰু ৩জনী ছোৱালী৷ ছোৱালী কেইজনীৰ ভিতৰত ডাঙৰজনী আছিল শিখ অভিযন্তা এজনৰ ছোৱালী৷ তাইৰ ককায়েক আৰু সম্পৰ্কীয় ভায়েক দুটাও সেইখন স্কুলতে পঢ়িছিল৷ এই ছোৱালীজনীয়েই আছিল কাৱাল মালিক যি দুটা দশকৰ পিছত লণ্ডনত মোৰ প্ৰেয়সী হিচাপে আৰু পিছলৈ পত্নী হিচাপে আকৌ মোৰ জীৱনত ভুমূকি মাৰিব৷ দ্বিতীয় ছোৱালীজনী আছিল ৰীতা - ৰঘুবীৰ সিঙৰ জীয়াৰী৷ তাই দুজন ককায়েকৰ লগত স্কুললৈ আহিছিল৷ ডাঙৰজন ককায়েক প্ৰতাপ সিং মোৰ সহপাঠী আছিল৷ তৃতীয় ছোৱালীজনীৰ নামৰ বাদে মোৰ একো কথা মনত নাই - নামটো আছিল কৌশল্যা৷ মই স্কুলখনত পঢ়া দহ বছৰ সময়ত মাজে মাজে আৰু দুই এজনী ছোৱালীয়ে ককায়েক ভায়েকহ’তৰ লগত আহি নাম লগাইছিলহি, কিন্তু কিছুদিনৰ পিছতে স্কুললৈ অহা বাদ দিছিল। সেইসময়ত মডাৰ্ণ স্কুল আচলতে নামতহে সহ-শিক্ষাৰ স্কুল আছিল৷

সকলোৱে বিশ্বাস কৰে যে পঢ়াশালীৰ দিনবোৰেই জীৱনৰ আটাইতকৈ সুখৰ আৰু মুকলিমুৰীয়া সময়৷ মডাৰ্ণ স্কুলত পঢ়া মোৰ বাবে এই কথাটো সমূলি সত্য নাছিল৷ এহাতে কমলা বোসৰ কাঢ়া শাসন বা বিভীষিকা আৰু আনহাতে স্কুলৰ আনবোৰ ল’ৰাই মোক সহজতে মুৰ্খ সজাবলৈ কৰা নিৰন্তৰ প্ৰয়াস৷ স্কুলৰ আৰম্ভণিৰ সময়খিনি মোৰ বাবে বৰ কঠিন আছিল৷ বেছিভাগ ল’ৰা ছোৱালীয়েই আহিছিল চহৰৰ আঢ্যৱন্ত ঘৰৰপৰা আৰু তেওঁলোকৰ মুখত ইংৰাজী আখৈ ফুটাদি ফুটিছিল৷ মই আহিছিলোঁ হাদালিৰ ভিতৰুৱা গাওঁ এখনৰ পৰা আৰু মই কোৱা ভাষাও আছিল গাঁৱত কোৱা কথিত গাৱঁলীয় ভাষা। স্কুলৰ ল’ৰাবোৰে আমাৰ গাঁৱৰ হাদালি নামটোত বৰ আমোদ পাইছিল আৰু বাৰে বাৰে মোক সুধি সুধি ব্যতিব্যস্ত কৰিছিল – “কি আছিল, কি আছিল তোমাৰ গাওঁখনৰ নামটো, আকৌ এবাৰ কোৱাচোন৷” মোৰ নামটোও আছিল আইতাই দিয়া - খুশাল সিং৷ নামটো মই বৰ বেয়া পাইছিলোঁ৷ সেইটো সলাই মই খুশৱন্ত কৰিলোঁ, ককাইদেউৰ নামটোৰ লগত একে সুৰত। তেখেতৰ নাম - ভগৱন্ত৷ স্কুলৰ ল’ৰাবিলাকে কেনেবাকৈ আইতাই দিয়া মোৰ নামটো গম পালে৷ মা-দেউতাই মোক ঘৰত ‘শালী’ বুলি মাতিছিল; সেইটোও সিহঁতৰ কানত পৰিল৷ আৰু কোনে পায়? মোক জোকাবলৈ সিহঁতে পদ্য ৰচনা কৰিলে - শালী শুলী বাগ দে মুলী! অৰ্থাৎ শালী নামৰ ল’ৰাটো আচলতে কোনোবা বাৰীৰ মুলাহে৷ মোৰ নামটো সলনি কৰি সিহঁতে কি যে নকৰিছিল - খুশী, খুশ্ৰু, আৰু আটাইতকৈ ব্যংগাত্মক - খুশ্ৰা, অৰ্থাৎ নপুংসক৷ সিহঁতে কেনেবাকৈ গম পালে যে মোক ঘৰত আইতাই গা ধুৱাই দিয়ে আৰু তাৰপিছত চুলিত সুগন্ধী তেলৰ সলনি মাখন সানি দিয়ে৷ দিনত ৰ’দ পৰিলে মোৰ চুলিৰ পৰা ঘিঁউৰ দৰে এটা গোন্ধ ওলায় আৰু মাখি পাৰে৷ সিহঁতে মোৰ ওচৰলৈ আহি নাকটো মোৰ চুলিৰ ওচৰলৈ আনি শুঙি নাকটো বন্ধ কৰি ছিঃ ছিঃ বুলি আতঁৰি যায়৷ – “বাপৰে, কি গোন্ধ, ইয়াৰ মুৰটো চাগৈ’ ওকণিৰে ভৰি আছে!” তেনেতে এদিন বোস বাইদেউৱে মোৰ চুলিৰ পৰা ডিঙিলৈ বগাই অহা ওকণি এটা আৱিষ্কাৰ কৰিলে৷ বাইদেৱে নোট এটা লিখি মোক ঘৰলৈ পঠাই দিলে৷ তাতে নিৰ্দেশ দিলে যে মোক যেন দৈ সানি চুলি নুধুৱায় আৰু গাত মাখন নাসানে৷ চুলিৰ পৰা ওকণি সম্পুৰ্ণ আতঁৰিলেহে মোক স্কুললৈ উভতি আহিবলৈ নিৰ্দেশ দিলে।

মোৰ ককাইদেউ দিল্লীলৈ বহু আগতেই আহিছিল বাবে সি এইবোৰ গঞ্জনাৰ সন্মুখীন হ’ব লগা হোৱা নাছিল৷ এনে পৰিস্থিতিত হাঁহিয়াতৰ পাত্ৰ হ’ব লগা হোৱা বাবে মাজে মাজে মোৰ মা আৰু আইতাৰ ওপৰত ভীষণ খং উঠিছিল৷ তদুপৰি পঢ়া বা খেলা এটাতো মই ভাল ফল দেখুৱাব পৰা নাছিলোঁ৷ কিছু পৰিমাণে ভাল ফল দেখুৱাব পৰা বিষয় দুটা আছিল - ইংৰাজী আৰু ভূগোল৷ বিজ্ঞান, এলজেব্ৰা, জ্যামিতি মই একো বুজিব পৰা নাছিলোঁ৷ অংক বিষয়টো আছিল মোৰ বাবে আটাইতকৈ দুবোৰ্ধ্য৷ কেইবাবাৰো মই টাৰ্ম পৰীক্ষাত শূন্য পাইছিলোঁ৷ যিমান পাৰোঁ সিমান সঘনে মই বেমাৰ হোৱাৰ ভাও ধৰিছিলোঁ৷ কিবা নহয় কিবা অসুখৰ অজুহাতত মই প্ৰায়ে লালকুৱাত থকা আমাৰ চিনাকি ডাক্তৰ এজনৰ ওচৰ পাইছিলোঁগৈ আৰু ৰাতিপুৱাৰ ক্লাছত উপস্থিত থকা নাছিলোঁ৷ মোৰ ফাঁকি যেতিয়া ধৰা পৰিছিল তাৰ বাবে মই যথেষ্ট প্ৰায়শ্চিত্ত কৰিব লগা হৈছিল৷

মডাৰ্ণ স্কুলে গৌৰৱ কৰিছিল যে দেশৰ ভিতৰত প্ৰথম প্ৰথম এইখন স্কুলেই কৰ্পৰেল শাস্তি উঠাই দিছিল। কিন্তু মিছ বোসে এচাৰিডালৰ মায়া এৰিব পৰা নাছিল৷ শাস্তি পাব লগা ছাত্ৰহঁতক আচঁ টনা বেতডালেৰে হাতৰ তলুৱাত কোব সোধাইছিল৷ কেতিয়াবা স্কেলডালৰ ধাৰ থকা ফালেৰেও হাতৰ তলুৱাত কোবাবলৈ লৈছিল৷ আন শিক্ষক সকলেও তেখেতৰ আদৰ্শই অনুসৰণ কৰিছিল৷ কিছুমান শিক্ষকে চৰিয়াবলৈ আৰু কিছুমানে কাণ মুচৰিবলৈ ভাল পাইছিল৷ ড্ৰীল শিক্ষকজনৰ দৰে দুজনমানে বিলাতী ধৰণেৰে আমাক বেঁকা কৰি লৈ টিকাত বেত দিয়াটো পচন্দ কৰিছিল৷ মোৰ ভাগত এনে শাস্তি প্ৰায়েই পৰিছিল৷ এইবিলাকে মোৰ মনত সাঁচ বহুৱাব পৰা নাছিল - মাত্ৰ এটা কথা বাদে৷ মোক এবাৰ মই নকৰা দোষ এটাৰ বাবে শাস্তি দিয়া হৈছিল৷ কোনোবাই প্ৰসাৱগাৰত বেয়া কথা এষাৰ লিখি থৈ আহিল৷ সেইদিনা আবেলি সেইফালে যোৱা আটাইকেইটা ছাত্ৰকে মাতি আনি বোৰ্ডত এটা বাক্য লিখিবলৈ দিয়া হ’ল৷ আমি জানিছিলোঁ যে কামটো আমাৰ ক্লাছৰে অমৰজিতে কৰিছে৷ কিন্তু সিয়ান অমৰজিতে বাক্যটো কেপিটেল আখৰেৰে লিখিলে আৰু মই সাধাৰণ ভাবেই বাক্যটো লিখি দিলোঁ৷ শিক্ষককেইজনে মোৰ আখৰকেইটাৰ লগত প্ৰসাৱগাৰৰ আখৰ কেইটাৰ মিল থকা যেন পালে। আৰু একো অনুসন্ধান নকৰি কামটোৰ বাবে পোনে পোনে মোকেই দোষী সাব্যস্ত কৰা হ’ল। স্কুলৰ আটাইবোৰ ছাত্ৰৰে আগত থিয় কৰাই লৈ মোক সেইদিনা বেত দিয়া হৈছিল। তাৰ কিছুদিনৰ পিছতে অমৰজিতে স্কুল এৰি গুচি গ’ল৷ ছেইণ্ট্ ষ্টিফেন্স্ কলেজত মই তাক আকৌ লগ পাইছিলো৷ সেইবাৰ টাৰ্ম পৰীক্ষা এটাত নকল কৰি সি ধৰা পৰিছিল আৰু কলেজৰ পৰা তাক অপসাৰণ কৰা হৈছিল৷ তাৰ পিছতো কিন্তু সি কেমব্ৰীজ বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ গৈছিল আৰু ভাল চাকৰি এটা যোগাৰ কৰিছিল৷ তাৰ ভনীয়েকক মোৰ পত্নীৰ ডাঙৰজন ককায়েকে বিয়া কৰাইছিল৷ (আগলৈ..)

No comments:

Post a Comment