Thursday, July 2, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ৩

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ৩
মৰুভূমিৰ মাজৰ মোৰ গাওঁখনি
হাদালিত উল্লেখযোগ্য একো ঘটনা ঘটাৰ কথা এতিয়া মোৰ মনত পৰা নাই৷ বৰ নিৰলস আছিল গাঁৱৰ দিনবোৰ৷ ৰাতিপুৱা বেলি নোলাওঁতেই আইতা উঠি গাখীৰ খীৰাবলৈ লৈছিল৷ মাটিৰ ডাঙৰ পাত্ৰ এটাত গোবৰ পুৰি ধৰা জুইৰ ওপৰত গাখীৰ গৰম কৰা দৃশ্যটো এতিয়াও মোৰ মনত আছে৷ ওচৰৰ আন তিৰোতাৰ লগত একেলগ হৈ ওচৰৰে মুকলি ঠাইত আইতা প্ৰাতঃকৃত্য সমাপন কৰিবলৈ গৈছিল৷ তাৰপিছত কুঁৱাৰ পৰা কেইবাল্টিমান পানী তুলি লৈ চোতালতে গা ধুইছিল৷ মুনিচুনি পোহৰত আইতাই যেতিয়া গাত হৰহৰকৈ পানী ঢালি গা ধুইছিল পশ্চিম আকাশত নিস্তেজ হৈ পৰা তৰাকেইটা তেতিয়াও আঁতৰি যোৱা নাছিল৷ তাৰপিছত মুখৰ ভিতৰতে শিখ হৰি-নাম ‘জাপি’ গুণগুণাই আইতাই গাখীৰৰ পৰা মাখন উলিউৱা কামত হাত দিছিল৷ তাৰপিছতহে তেখেতে মোক জগাবলৈ লৈছিল৷ সৰু ল’ৰা হিচাপে ঘৰৰ ওপৰৰ চাদঁতে মই পায়খানা কৰাৰ সুবিধা পাইছিলোঁ৷ মই এৰি থৈ অহাখিনি প্ৰখৰ সূৰ্যৰ ৰশ্মিয়ে এদিনতে চিনিব নোৱাৰাকৈ নিশ্চিহ্ন কৰি পেলাইছিল৷ তাৰ পিছৰখিনি কাম আইতাই মোক নিজেই কৰিবলৈ শিকাইছিল৷ গা ধোৱাৰ পিছত চুলিখিনি আঁচুৰি ঠিকঠাক কৰি আইতাই বান্ধি দিছিল৷ শিখ সম্প্ৰদায়ৰ ল’ৰা হিচাপে মই চুলি কাটিব নোৱাৰিছিলোঁ৷ তাৰ পিছত মই ফলিপুথি গোটাই লৈছিলোঁ- কাঠৰ ফলিখনৰ ওপৰত মাটিৰ প্ৰলেপ সনা আছিল, লগতে পাখি কলম আৰু মাটিৰ এটা দোৱাত৷ আগদিনা থাকি যোৱা ৰুটিপিঠা দুটা আইতাই তেওঁৰ দোপাট্টাখনৰ এমুৰত বান্ধি লৈছিল৷ তাৰপিছত আমি একেলগে গাঁৱৰ পঢ়াশালিখনলৈ ওলাই গৈছিলো৷ পঢ়াশালি আৰু ধৰমশালাৰ বাবে এটাই ঘৰ৷ দুৱাৰমুখত ভতুৱা কুকুৰকেইটা সদায় ৰৈ থাকে৷ আইতা আৰু মই ৰুটিৰ টুকুৰা চিঙি চিঙি সিহঁতৰ মুখলৈ দলিয়াই দিওঁ - পিছে পিছে সিহঁতো আহি থাকে৷ ওভোতনি যাত্ৰাৰ বাবেও সিহঁতৰ কাৰণে দুটামান ৰুটি বেলেগে ৰাখিছিলোঁ৷
ধৰমশালা বা পঢ়াশালিখন আমাৰ ঘৰৰপৰা বেছি দূৰত্বত নাছিল৷ তাত মোক “ভাই-হৰি-সিঙ”ক গতাই দিয়া হৈছিল - তেওঁৱেই গ্ৰন্থি আৰু শিক্ষক দুয়োটাৰে কাম কৰিছিল৷ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ আন ছাত্ৰৰ লগত মই মজিয়াতে বহি সুৰ লগাই লগাই নেওঁতা মুখস্থ কৰিছিলোঁ৷ সেই সময়ত আইতা কাষতে থকা ডাঙৰ কোঠা এটালৈ গৈছিল৷ তাত চাপৰ টেবুল এখনৰ ওপৰত তিনিখন গ্ৰন্থ-চাহিব পুথি ৰখা হৈছিল৷ মোৰ মনত আছে তাৰ ওচৰতে কোনোবা ভক্তই এৰি থৈ যোৱা এযোৰ বিতচকু বহুদিন ধৰি পৰি আছিল, কোনোবাই ইচ্ছা কৰিলে সেইযোৰ পিন্ধি ল’ব পাৰিছিল৷ নেওঁতা মুখস্থ মতাৰ পিছত ভাই হৰি সিং মহাশয়ে সমুখৰ বৰ্ডত গুৰুমুখী লিপি লিখি আমাক আখৰ শিকাইছিল৷ বয়সে কোঙা কৰি অনা মহাশয়ৰ এক তীব্ৰ খং আছিল৷ আমাৰ ফলিত যদি কিবা ভুল দেখা পায় তেনেহলে তাৰ শাস্তি হিচাপে আমাক একোটা প্ৰচণ্ড গোৰ সোধাইছিল৷ সৌভাগ্যক্ৰমে এনে ক্লাছ এঘণ্টাতকৈ বেছি হোৱা নাছিল৷ তাৰপিছত আকৌ আইতাৰ লগত ঘূৰি অহাৰ পথত কুকুৰবোৰক ৰুটিৰ টুকুৰা দলিয়াই আহিছিলোঁ৷ আইতাই যেতিয়া ঘৰৰ আন কাম - পিৰালি মচা, বিচনা ঠিকঠাক কৰা বা ৰন্ধা-বঢ়াৰ কামত লাগিছিল তেতিয়া মই সমনীয়াৰ লগত গুলি-দাণ্ডা খেলি সময় কটাইছিলোঁ৷
আবেলি আমি কি কৰিছিলোঁ সেইটো নিৰ্ভৰ কৰিছিল ঋতুৰ ওপৰত৷ শীতকালৰ আবেলিবোৰ আছিল সাংঘাতিক ধৰণে শীতল৷ ঠাণ্ডা দিনত কৰিবলগীয়া কাম থাকে বেছি কিন্তু সময় থাকে কম৷ অৱশ্যে সেই সাংঘাতিক শীতৰ দিনবোৰ বছৰটোত মুঠতে ছল্লিশ দিনমানহে আছিল৷ তাৰপিছত বসন্ত কালৰ দিনকেইটা ক’ব নোৱাৰাকৈয়ে পাৰ হৈ যোৱাৰ পিছতে আৰম্ভ হৈছিল জহকালি৷ দিনে দিনে গৰমৰ প্ৰকোপ বাঢ়ি গৈ এসময়ত ১২৫ ডিগ্ৰী ফাৰেনহাইট পায়গৈ৷ বৰষুণৰ কোনো চিন-মোকামেই নাই৷ ছল্ট্ ৰেঞ্জৰ ফালৰ পৰা অহা বৰষুণৰ পানীৰপৰাহে আমাৰ পুখুৰীলৈ কিছু পানী সোমাব পাৰিছিল৷ ঈষৎ ক’লা বৰণৰ পানীৰ এনে একোটা সুঁতি আহি আমাৰ চুবুৰিৰ কুঁৱাবোৰতো পৰিছিলহি৷ আটাইবোৰ কুঁৱাৰ পানী খোৱাৰ যোগ্য নাছিল৷ কিবা অজ্ঞাত কাৰণত এনে অখাদ্য পানীৰ কুঁৱাবোৰক পুংলিঙ্গ নাম ‘খাৰা খু’ আৰু খাব পৰা পানীৰ কুঁৱাবোৰক স্ত্ৰীলিংগ নাম ‘মিঠি খুঈ’ বোলা হৈছিল৷ আমাৰ বহুতৰে দাঁতবোৰ হালধীয়া বৰণৰ আছিল আৰু ওপৰপাৰি দাঁতত কজলা ৰঙৰ এটা সাঁচ বহিছিল৷ মূলতঃ দুষিত পানী খোৱাৰ বাবেই দাঁতবোৰৰ অৱস্থা তেনে হ’বলৈ পাইছিল৷ যি ঋতুতেই নহওক কিয়, সদায়েই গধূলি আইতাই গুৰু অজুৰ্নৰ সুখবাণী গুণগুণাই যঁতৰত সূতা কাটিছিল৷ সেয়ে আইতালৈ মনত পৰিলেই সেই যঁতৰ ঘূৰি থকাৰ শব্দ আৰু সুখবাণীৰ গুণগুণ শব্দ মোৰ কাণলৈ অজানিতে ভাঁহি আহে৷
দীঘল জহকালিৰ দিনবোৰ কি যে এক বিড়ম্বনা! গৰম বালিত গেৰোৱা পুৰি গৈছিল৷ এঘৰৰ পৰা আন ঘৰলৈ যাওঁতে বেৰৰ ছাঁ লৈ লৈ পিৰালিয়ে পিৰালিয়ে বগাই গৈছিলো৷ তেনেকৈ যাওঁতেও বিষ্ঠাৰ দ’মৰ মাজেদি দেও দি দি যাব লগা হৈছিল৷ কাৰণ সেই ভয়ংকৰ গৰমত ছাঁ পৰা সেই ঠাইবোৰেই আছিল সৰু ল’ৰা-ছোৱালীৰ বাবে আৰামেৰে বহি পায়খানা কৰাৰ বাবে সুবিধাজনক ঠাই৷ দিনৰ বেলা ঘৰৰ ভিতৰতে মাখি খেদি খেদি বা কথা পাতি পাতি ইচাত-বিচাত কৰি আমি সময়খিনি পাৰ কৰিছিলোঁ৷ বেলি পৰিলেহে ঘৰৰ গৰু ম’হকো পানী খুৱাবলৈ বাহিৰৰ পুখুৰীলৈ উলিয়াই নিব পাৰিছিলোঁ৷ বোকাত লেটি লৈ থকা ম’হবিলাকেই তেনে দিনত আছিল আটাইতকৈ সুখী জীৱ৷ সন্ধ্যা সময়ত তেনে ম’হৰ পিঠিত এটাৰ পৰা আনটোলৈ জঁপিয়াই জঁপিয়াই ল’ৰা বিলাকে ধেমালি কৰিছিল৷ সন্ধ্যাৰ পিছতহে গাওঁখনে যেন প্ৰাণ পাই উঠিছিল৷ ঘৰে ঘৰে ৰুটি সেকা গোন্ধত চুবুৰীটো আমোল মোলাই উঠিছিল। আমি ল’ৰাবোৰে একেলগে পায়খানা কৰিবলৈ গৈছিলোঁ৷ তাৰপিছত চাফা কৰিবলৈ আমি এটা অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰিছিলোঁ৷ ওখ বালি দ’ম একাটাত আমি শাৰী পাতি বহি লৈ চুচৰি যোৱাৰ এটা প্ৰতিযোগিতা পাতিছিলো৷ বালিত বহি লৈ হাত-ভৰি দাঙি চুচৰি গৈ যেতিয়া বালিৰ দ’মৰ নামনি পাইছিলোগৈ পানী নোহোৱাকৈয়ে আমি চাফা হৈ পৰিছিলো৷ এই খেলটোক আমি ‘‘ঘিচি’’ বুলি কৈছিলো৷ আন্ধাৰ হোৱাৰ পিছত আমি ‘‘কোটলা ছাপকী’’ নামৰ এটা খেলো খেলিছিলোঁ - সেইটো কলহ ভঙা খেলটোৰ দৰে আছিল৷ পূৰ্ণিমাৰ নিশা মৰুভূমিৰ মাজৰ আমাৰ সেই গাওঁখনৰ মনোমোহা দৃশ্য মোৰ মনত এতিয়াও সজীৱ হৈ আছে৷ ৰূপালী ৰঙৰ বালিৰ সুঁতি বিলাকত লৰা ঢপৰা কৰি আমি বহু ৰাতিলৈকে খেলি আছিলোঁ। ৰাতি ভাত খাবলৈ মাতি মাতিও আমাক আনিব পৰা নাছিল৷ ডকাইতে ধৰি নিয়াৰ ভয় খুউৱা হৈছিল আমাক৷ আমাৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা টোৰা, চুলতান আদি ডকাইতবোৰৰ নামবিলাক আমাৰ মুখস্থ আছিল৷
ডকাইতৰ পিছতে আমাৰ ভয় লাগিছিল বালিৰ ধুমুহালৈ৷ সাধাৰণ বালিৰ ধুমুহা আমাৰ কাৰণে ভাতৰ লগত পানী খোৱাৰ নিচিনা, কিন্তু ‘হানেৰী’, ‘ঝাখাৰ’ আদি ধুমুহা আছিল আমাৰ বাবে দুঃস্বপ্নৰ দৰে। তেনে ধুমুহাত নাক কাণক বালিৰ পৰা বচাবলৈ মূৰটো আঁঠুৰ মাজত সুমুৱাই মাটিত বহি পৰাৰ বাদে আন কোনো উপায় নাছিল৷ একো সময়ত বালিৰ ধুমুহা ইমানেই তীব্ৰ আছিল যে ৰে’লৰ চিৰিকো বালিয়ে ঢাকি পেলাইছিল৷ সেই বালি চাফা নকৰালৈকে ৰে’ল চলোৱাৰ কোনো উপায়েই নাছিল৷ তেনে ধুমুহাৰ পিছত দুদিনমান বতৰ বৰ ফৰকাল আৰু শীতল হৈ পৰিছিল৷ (আগলৈ..)

No comments:

Post a Comment