Friday, July 31, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ৭





ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ৭

শৈশৱৰ পৰা কৈশোৰলৈ - পঢ়াশালীৰ দিনবোৰ

ছাত্ৰসকলক বয়স অনুযায়ী ওপৰ শ্ৰেণীত ভাগ কৰিবলৈ তিনি চাৰিবছৰমান সময় লাগিছিল৷ মোৰ ককাইদেউ তিনিজন ছাত্ৰৰ সৈতে প্ৰথম ভাগটোত পৰিল৷ দ্বিতীয় ভাগটোত চাৰিজন ছাত্ৰ আছিল৷ মই পাঁচজন ছাত্ৰ থকা তৃতীয় ভাগটোত পৰিলোঁ৷ মোৰ সহপাঠী হ’ল - প্ৰতাপ, ৰঘুবীৰ সিঙৰ ডাঙৰ ল’ৰাটো আৰু অশোক। অশোক আছিল দিল্লী বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰৰ পুত্ৰ৷ আনন্দ নাথ নামৰ ল’ৰা এজন আছিল, সি পিছলৈ দাঁতৰ ডাক্তৰ হৈছিল৷ ছতিন্দৰ নামৰ জনেও মই লণ্ডনত থকা সময়ত তাতে ডাক্তৰী পঢ়িছিল৷ কমলা বোসৰ বন্ধু এজনৰ ল’ৰাটো যি মেডামৰ বৰ প্ৰিয়পাত্ৰ আছিল তাৰ নামটো ‘ম’-আখৰৰ আছিল৷ আমাৰ ক্লাছৰ আটাইতকৈ ভাল ছাত্ৰজন আছিল আনন্দ নাথ৷ আনকেইটা ছাত্ৰ পঢ়া বা খেলা কোনোটোতে মোতকৈ ভাল বুলি ক’ব পৰা বিধৰ নাছিল৷ প্ৰতাপে ৰেইলৱে টাইম টেবুলখন মনত ৰাখিব পাৰিছিল৷ অশোকে প্ৰায়েই অংকত শূণ্য পাইছিল৷ ‘ম’-য়ে পঢ়া বা খেলা কোনোটোৱেই ধ্যান দিব লগা কথা বুলি ভবা নাছিল৷ গায়ে গাৰিয়ে সি আমাতকৈ বেলেগ আছিল আৰু আমি তাক মোটা বুলি মাতিছিলোঁ৷ মনে মনে ভয়ও কৰিছিলো৷ যৌন বিষয়ত তাৰ জ্ঞান আমাতকৈ আগবঢ়া আছিল৷ যদিও তাৰ অস্ত্ৰপাতৰ আকাৰ সৰু আছিল, তথাপি কোনো কোনো ক্ষণত অকণো সংকোচ নকৰাকৈ পেণ্টৰ পৰা উলিয়াই সি আমাৰ আগত তাৰ প্ৰদৰ্শন কৰিছিল। কমলা বোসৰ ভতিজী এগৰাকীয়ে আমাক ইংৰাজী পঢ়াইছিল, বয়স কুৰিৰ দেওনাত৷ তাইৰ ক্লাছত সি তাইলৈ তধা লাগি চাই থাকি এটা হাত পেণ্টৰ জেপত সুমুৱাই তাৰ অস্ত্ৰপাত লিৰিকি বিদাৰি থাকিছিল। সেই সময়ত আমাৰ এজনেও তাৰ উদ্দেশ্য বুজিব পৰা নাছিলোঁ৷ এসময়ত ইংৰাজী বাইদেউৰ মনোযোগ আকৰ্ষণ কৰাত আৰু তেখেতক বিবুধিত পেলোৱাত সি সফল হৈছিল৷ মোটাৰ সংস্কাৰ আৰু জীৱন দৰ্শন আছিল সুকীয়া৷ যৌনসুখ ল’বও পাৰিছিল, দিবও জানিছিল। ডেকা পাৰ্চী শিক্ষক এজনৰ লগৰ মোটাৰ এনে এটা সম্পৰ্ক গঢ়ি উঠিছিল৷ শিক্ষকজনে আৰু কেইটামান ছাত্ৰকো নিজৰ জালত পেলোৱাৰ চেষ্টা কৰি থাকোঁতেই এদিন ধৰা পৰিল৷ তেওঁৰ বিৰুদ্ধে সাক্ষী দিয়া আন ছাত্ৰৰ লগতে আছিল আমাৰ মোটাও৷ মোটাই সকলো কাম কৰিব পাৰিলেও মিছা কথা ক’ব নোৱাৰিছিল৷


মোটাই বহুদিন ধৰি জালত পেলাবলৈ চেষ্টা কৰি আছিল অশোক সেনক৷ তাৰ মতে সি এটা বিখ্যাত পাদুৰা৷ সি স্কুলৰ গোটেই সময়খিনিত তাৰ পিছ এৰা নাছিল৷ ক’ৰবাৰ পৰা আহি তাক খুন্দা এটা মাৰি ক’ব – “অ’ ছৰী, পাদুৰা ভাই, মই দেখাই নাছিলো।” তাৰ চোলাটো টানি টানি পেণ্টৰ পৰা বাহিৰলৈ উলিয়াই আনি কয় – “হ’ব দেচোন, একো নহয, এনেকৈয়ে ভাল দেখিছে তোক!” বেছেৰা নিমাখিত অশোকে তাৰ নিছলা চেহেৰাৰে একো প্ৰতিবাদ কৰিব নোৱাৰিছিল৷ বেছি অতিষ্ঠ হ’লে এসময়ত সি শিক্ষকৰ সহায় বিচাৰি দৌৰ লৈছিল।


মোটাৰ আচল দিন আৰম্ভ হ’ল তাৰ দুবছৰমান পিছত৷ গৰমৰ বন্ধত এবাৰ এসপ্তাহৰ বাবে আমি ছজন ছাত্ৰক ছিমলাৰ ওচৰৰ কাঁচলী নামে ঠাইলে পঠোৱা হ’ল৷ শান্তিকুঞ্জ নামৰ লালা ৰঘুবীৰ সিঙৰ ঘৰটোত আমাক থাকিবলৈ দিয়া হৈছিল৷ বুদ্ধিমানৰ দৰে অশোক আমাৰ লগত নাহিল৷ মোটাক আন এটা ল’ৰাৰ প্ৰয়োজন হ’ল৷ সি মোলৈ চকু দিলে৷ তাৰ শক্তি মোতকৈ বেছি হ’লেও মই তাতকৈ বেছি বেগত দৌৰিব পাৰোঁ৷ সি যেতিয়া মোক গতা মাৰি দিয়ে মইও তাক ঠেলা এটা মাৰি দৌৰ লওঁ৷ মোৰ লগত বেছি নজমাত সি আনলৈ চকু দিবলৈ আৰম্ভ কৰিলে৷ এদিন আটায়ে মিলি তাক ভাল শিক্ষা এটা দিবলৈ ঠিক কৰিলোঁ৷ আমি সিদ্ধান্ত ল’লো, সি যেতিয়া আমাৰ কাৰোবাক ধৰিবলে আহিব আমি আটায়ে মিলি তাক ধুই পেলাম । মোটা থিৰেৰে থাকিব পৰা ল’ৰা নহয়; আমি বেছি সময় ৰ’ব লগা নহলেই৷ কাঁচলিত আমাৰ শেষৰ দিনটোত ৰাতিপুৱাই সি মোক গতা এটা মাৰি বননিত বগৰাই দিলে৷ মই সহায় বিচাৰি চিঞৰ এটা মৰাৰ লগে লগেই চাৰিটা ল’ৰা আগবাঢ়ি আহিল৷ আমি আটাইকেইটাই ঘুচিয়াই তাক মাটিত বগৰাই দিলো৷ তাৰপিচত এটা ভৰি দুটাৰ ওপৰত আৰু এটা পেটত বহি ল’লো৷ ঘুচিয়াই ঘুচিয়াই তাৰ গাল মুখ ৰঙা কৰি দিলোঁ৷ সি আমাক গালি পাৰি থুৱাবলৈ লাগিল৷ পেটত বহি থকাটোৰ মুখলৈ সি থুই মাৰি দিলে৷ তাৰপিছত আমি আটাইকেইটাই যিমান পাৰো তাৰ মুখত থুৱাবলৈ লাগিলো৷ অৱশেষত সি কান্দিবলৈ আৰম্ভ কৰিলে৷ সি যাতে আমাৰ গাত আৰু হাত নিদিয়ে তাকে কৈ সিমানতে আমি তাক এৰি দিলো৷


সি কান্দি কান্দি আমাক প্ৰতিশোধ লোৱাৰ শপত খাই আমাতকৈ আগতে কাঁচলি এৰিলে৷ আবেলি আমি বাচ এখনেৰে দিল্লীৰ ট্ৰেইন ধৰিবৰ বাবে কালকালৈ নামি আহিলো৷ আহি দেখিলোঁ মোটাই টেক্সী এখন লৈ আগতেই আহি প্লেটফৰ্মত পায়চাৰি কৰি আছেহি ৷ সি আমাক নেদেখা ভাও ধৰিলে৷ আমি যেতিয়া তৃতীয় শ্ৰেনীৰ টিকট কিনি ৰে’লত উঠিলো, দেখিলোঁ সি দ্বিতীয় শ্ৰেনীৰ দবাত উঠিছে৷ দিল্লী ষ্টেচনত নামি তাক নেদেখিলোঁ৷ স্কুলত গৈয়ে সি কমলা বোসক অভিযোগ দিলেগৈ৷ আমিও আমাৰ ক’ব লগাখিনি ক’লো৷ মোটা অকলে, আমি চাৰিটা৷ মিছে আটাইকেইটাকে যথেষ্ট বকিলে৷ তাৰপিছৰ পৰা মোটা যথেষ্ট সলনি হ’ল৷ গোটেই স্কুলে কাঁচলিৰ ঘটনাটো গম পালে৷ এইটো কথাও প্ৰচাৰ হ’ল যে মোটাই যদি কাৰোবাৰ স্পৰ্শ কৰে আমাক খবৰটো দিলেই হ’ল৷ তাৰপিছত সি আমাক গালি দিয়াৰ বাদে আন একো কৰিব নোৱাৰা হ’ল৷ মই লণ্ডনৰ পৰা ঘুৰি অহাৰ পিছত আমাৰ মাজত আকৌ বন্ধুত্ব হৈছিল আৰু আমি আমাৰ অভিজ্ঞতাবোৰৰ ভাগবতৰা কৰিছিলো৷ এনে অভিজ্ঞতাৰ মাজত বেশ্যালয়লৈ যোৱাৰ কাহিনী এটাও আছে৷ সময়ত সেই কথা ক’ম৷


বৰ দীঘল আছিল স্কুলৰ দিনবিলাক৷ পোহৰ নৌ ওলাঁওতেই শুই উঠি পুৱাৰ আহাৰ খাই দৌৰা-দৌৰি কৰি ট্ৰাম, টাংগা আৰু পিছলৈ বাইচাইকেল লৈ স্কুল পাইছিলোগৈ৷ ৰাতিপুৱা এটা প্ৰাৰ্থনাৰে স্কুল আৰম্ভ হৈছিল৷ সাধাৰণতে ‘জন গন মন’-কে গাইছিলোঁ, যিটো পিছলৈ স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হৈছিল৷ তাৰপিছত মহাপুৰুষৰ বাণী পাঠ কৰি শুনোৱা হৈছিল৷ ৰৱীন্দ্ৰনাথ ঠাকুৰৰ - ‘‘মন যেতিয়া ভয়মুক্ত হয...’’ কথাখিনি প্ৰায়েই দোহাৰি থকা মনত আছে৷ তাৰপিছত পাঁচ মিনিট নীৰৱ হৈ ধ্যান কৰিব লাগিছিল৷ ৰাতিপুৱা সাধাৰণতে অংক, ইংৰাজী, বুৰঞ্জী আৰু বিজ্ঞানৰ দৰে টান বিষয়বোৰ শিকোৱা হৈছিল৷ তাৰপিছত শাৰিৰীক অনুশীলনৰ বাবে ক্ষন্তেক বিৰতি৷ তাৰপিছত দুপৰীয়াৰ আহাৰ খাবলৈ দিয়া হৈছিল৷ ডালিয়া, বেঙেনা আদি খাদ্যৰ প্ৰতি মোৰ মনত বিতৃষ্ণাৰ সৃষ্টি তেতিয়াই আৰম্ভ হয়৷ যি দিছিল তাকে আমি খাবলৈ বাধ্য হৈছিলোঁ ৷ তাৰপিছত এঘণ্টা আমাক আৰাম কৰিবলৈ দিয়া হৈছিল৷ দুপৰীয়া খোৱাৰ পিছত অলপ বিশ্ৰাম লোৱাৰ মোৰ অভ্যাসটোও তেতিয়াই গঢ় লৈ উঠে৷ আবেলি বেলা ছবি অঁকা, গান শিকা আৰু কাৰিকৰী বিদ্যাৰ ক্লাছ আছিল৷ একেবাৰে শেষত আছিল হকী, ফুটবল আদিৰ দৰে দল বান্ধি খেলা খেল৷ আন্ধাৰ হোৱাৰ আগতে আমি কেতিয়াবাহে উভতি আহিব পাৰিছিলোঁ৷ ঘৰত কৰিবলৈও অনেক হোম ওৱাৰ্ক দিয়াত আমাৰ হাতত আজৰি সময় একেবাৰেই নাছিল৷


তেতিয়াৰ দিনৰ কিছুমান সৰু-সুৰা কথা মনত পৰিছে৷ এটা কথা সেই প্ৰাৰ্থনাৰ পিছৰ পাঁচ মিনিট নীৰৱে থাকিব লগা সময়খিনিত ঘটা ঘটনা৷ আলমোৰাৰ পৰা দুটা ল’ৰা আহি স্কুলত ভৰ্ত্তি হ’লহি৷ আমি তেতিয়াও সিহ’তৰ নাম-ধাম জনাই নাই৷ এদিন নে দুদিন পিছতে ডাঙৰ ল’ৰাটোৱে মনে মনে থাকিব লগা সেই পাঁচ মিনিট সময়তে ইমান প্ৰকাণ্ড এটা পাদ মাৰিলে যে নীৰৱতা ক’ৰবালৈ পলাই ফাট মাৰিলে৷ এনে ঘটনা পৃথিৱীৰ কোন ঠাইৰ কম বয়সীয়া ল’ৰাছোৱালীয়ে সহজে গ্ৰহণ কৰিব পাৰে? খুকখুকাই দুজনমানে হাঁহিবলৈ ধৰিলে৷ আন বহু ছাত্ৰৰ চেপি ধৰি ৰখা হাঁহিয়ে বিচিত্ৰ শব্দৰ সৃষ্টি কৰিলে৷ আনকি কমলা বোসৰ ‘‘ছাইলেঞ্চ’’ বুলি চিঞৰি এটা উঠা শব্দটোৱেও হাঁহিত অধিক খোৰাকহে যোগালে৷ সেইদিনাৰ পৰা ল’ৰাটোৱে নাম পালে – পাদুৰা। গৰমৰ বন্ধৰ পিছত ল’ৰাটো পুনৰ স্কুললৈ উভতি নাহিল৷


পঢ়া বা খেলাত মই সিমান ভাল নাছিলোঁ যদিও দুষ্ট বুদ্ধিত কিন্তু যথেষ্ট বুৎপত্তি দেখুৱাব পাৰিছিলোঁ৷ এচৰীয়া পানী বা এযোৰ জোতাৰে মই এটা দুষ্ট খেল খেলিছিলোঁ৷ পানীখিনি বা জোতাযোৰ দুৱাৰত এনেকৈ লগাই থওঁ যে আধাখোলা দুৱাৰখন সামান্য ঠেলা মাৰি দিলেই হয় চৰিয়াৰ পানীৰে জুৰুলি-জুপুৰি হ’ব, নহয় জোতাযোৰ আহি গাত চেতেপকৈ পৰিবহি৷ সাধাৰণতে গৰমৰ দিনত আমি খোলা ঠাইত শুবলৈ লৈছিলো৷ এবাৰ হাদালিৰ পৰা আমাৰ দূৰ সম্পৰ্কীয় আত্মীয় এজন আহি দিল্লীত আমাৰ ঘৰত আলহী হ’লহি৷ তেখেতৰ বিচনাখন মোৰ বিচনাখনৰ ওচৰতে পতা হৈছিল৷ গোটেই ৰাতিটো তেওঁৰ নাকে ভীষণ গৰ্জন কৰি আছিল আৰু বেলি নোলাওঁতেই তেওঁ বিচনা ত্যাগ কৰিছিল৷ তেওঁৰ অসুবিধা হৈছিল আমাৰ ঘৰত থকা পায়খানাৰ ব্যবস্থাটোত৷ তেনে ব্যৱস্থাত তেওঁ অভ্যস্ত নাছিল আৰু আমাৰ বাগিছাত থকা জোপোহাৰ আৰঁলৈ গৈ পুৱাই কোনো নুঠুতেই মলত্যাগ কৰিছিলগৈ৷ কামফেৰা সুকলমে কৰিবৰ বাবে ৰাতিয়েই শুবৰ সময়ত তেওঁ বিচনাৰ ওচৰত পানী এলোটা সাজু কৰি থৈছিল৷ মই এদিন ৰাতি শোৱাৰ আগতে পানী লোটাত আঠা অলপ মিলাই থৈ দিলো৷ পিচদিনা পুৱা তেওঁক বৰ চিন্তিত দেখা গ’ল৷ পায়খানাৰ লগত হেনো তেওঁৰ সাংঘাটিক শাওঁ পৰিছে৷ পিচদিনাও মই একেই দুষ্টামি কৰিলো৷ তাৰ পিচদিনা তেওঁ ডাক্তৰ এজনক লগ ধৰি শৌচ পৰীক্ষা কৰিবলৈ ওলাল৷ তেতিয়া আৰু মই কথাটো প্ৰকাশ নকৰি নোৱাৰিলো৷ মা-দেউতাই মোক যথেষ্ট বকিলে যদিও ঘটনাটো আনৰ আগত কওঁতে সকলোৰে হাঁহিত পেটৰ নাৰী ডাল ডাল হৈছিল৷ (আগলৈ..)

Friday, July 24, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ৬



ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ৬
শৈশৱৰ পৰা কৈশোৰলৈ - পঢ়াশালীৰ দিনবোৰ

আমি ইউনিফৰ্ম পিন্ধি স্কুললৈ যাব লাগিছিল। আমাৰ দেশত সেই সময়ত এনে পোছাক মানুহে দেখাই নাছিল৷ আমাৰ ইউনিফৰ্ম আছিল হাফ্ পেণ্টৰ লগত নীলা জেকেট। জেকেটটোত স্কুলৰ প্ৰতীক চিহ্নটো অংকণ কৰা আছিল। পানীৰ ওপৰত হাউলি পৰা পাতেৰে এজাপা আহঁত গছ, তাৰ তলতে পানীত ফুলি থকা এটা পদূম ফুল৷ চিহ্নটোৰ তলত এশাৰী সংস্কৃত বাণী, যাৰ অৰ্থ – দুৰ্বল মানসিকতাৰে সত্যৰ সন্ধান অসম্ভৱ৷ হাদালিৰ পৰা অহাৰ পিছত নগৰীয়া জীৱন আৰু স্কুলখনৰ লগত মিলিবলৈ মোক বহুত সময় লাগিছিল৷ ই যেন আইতাৰ লগত থকা মোৰ নিকট বান্ধোন আৰু নিৰ্ভৰশীলতা লাহে লাহে শিথিল কৰি আনিছিল৷ যদিও মই আইতা থকা কোঠাটোতে থাকিবলৈ লৈছিলো তথাপিও হাদালিৰ দৰে আইতা মোৰ পিছে পিছে লাগি থাকিব লগা হোৱা নাছিল। ৰাতিপুৱা শুই উঠিয়েই গা-পা ধুই সোনকালে স্কুললৈ ওলাই যোৱাতো নিয়ম আছিল। ঘৰৰ কাম কৰা মানুহে তৈয়াৰ কৰি দিয়া আহাৰ খাই দৌৰা-দৌৰিকৈ স্কুললৈ ওলাইছিলোঁ। তাৰপিছত ঘৰৰ কাম কৰা আন এজন মানুহে আমাৰ দুয়োটাকে ছবজী মাণ্ডিৰ পৰা জামা মছজিদলৈকে ট্ৰামত লৈ গৈছিল৷ সেইখিনিৰ পৰা দৰিয়াগঞ্জলৈ ঘোঁৰাই টনা টাংগা এখন লৈছিলোঁ৷ স্কুলৰপৰা ঘূৰি আহি ঘৰ পাওঁতে প্ৰায়েই সন্ধ্যা হৈছিল৷ ৰাতি খাবলৈ লওঁতে আইতাও মোৰ ওচৰতে বহি লৈ স্কুলতনো কি শিকিছোঁ তাকে সুধি আছিল৷ আইতাই মই হোম-ওৱাৰ্ক কৰোঁতে আগৰ দৰে সহায় কৰিব নোৱাৰা হৈ আহিছিল। সন্ধ্যা প্ৰাৰ্থনা কৰিবলৈও আগৰ দৰে বাধ্য কৰিব পৰাৰ দিন লাহে লাহে উকলিবলৈ আৰম্ভ কৰিছিল।

মাত্ৰ ত্ৰিশজন শিক্ষাৰ্থীৰে মডাৰ্ণ স্কুল আৰম্ভ কৰা হৈছিল৷ ২৭টা ল’ৰা আৰু ৩জনী ছোৱালী৷ ছোৱালী কেইজনীৰ ভিতৰত ডাঙৰজনী আছিল শিখ অভিযন্তা এজনৰ ছোৱালী৷ তাইৰ ককায়েক আৰু সম্পৰ্কীয় ভায়েক দুটাও সেইখন স্কুলতে পঢ়িছিল৷ এই ছোৱালীজনীয়েই আছিল কাৱাল মালিক যি দুটা দশকৰ পিছত লণ্ডনত মোৰ প্ৰেয়সী হিচাপে আৰু পিছলৈ পত্নী হিচাপে আকৌ মোৰ জীৱনত ভুমূকি মাৰিব৷ দ্বিতীয় ছোৱালীজনী আছিল ৰীতা - ৰঘুবীৰ সিঙৰ জীয়াৰী৷ তাই দুজন ককায়েকৰ লগত স্কুললৈ আহিছিল৷ ডাঙৰজন ককায়েক প্ৰতাপ সিং মোৰ সহপাঠী আছিল৷ তৃতীয় ছোৱালীজনীৰ নামৰ বাদে মোৰ একো কথা মনত নাই - নামটো আছিল কৌশল্যা৷ মই স্কুলখনত পঢ়া দহ বছৰ সময়ত মাজে মাজে আৰু দুই এজনী ছোৱালীয়ে ককায়েক ভায়েকহ’তৰ লগত আহি নাম লগাইছিলহি, কিন্তু কিছুদিনৰ পিছতে স্কুললৈ অহা বাদ দিছিল। সেইসময়ত মডাৰ্ণ স্কুল আচলতে নামতহে সহ-শিক্ষাৰ স্কুল আছিল৷

সকলোৱে বিশ্বাস কৰে যে পঢ়াশালীৰ দিনবোৰেই জীৱনৰ আটাইতকৈ সুখৰ আৰু মুকলিমুৰীয়া সময়৷ মডাৰ্ণ স্কুলত পঢ়া মোৰ বাবে এই কথাটো সমূলি সত্য নাছিল৷ এহাতে কমলা বোসৰ কাঢ়া শাসন বা বিভীষিকা আৰু আনহাতে স্কুলৰ আনবোৰ ল’ৰাই মোক সহজতে মুৰ্খ সজাবলৈ কৰা নিৰন্তৰ প্ৰয়াস৷ স্কুলৰ আৰম্ভণিৰ সময়খিনি মোৰ বাবে বৰ কঠিন আছিল৷ বেছিভাগ ল’ৰা ছোৱালীয়েই আহিছিল চহৰৰ আঢ্যৱন্ত ঘৰৰপৰা আৰু তেওঁলোকৰ মুখত ইংৰাজী আখৈ ফুটাদি ফুটিছিল৷ মই আহিছিলোঁ হাদালিৰ ভিতৰুৱা গাওঁ এখনৰ পৰা আৰু মই কোৱা ভাষাও আছিল গাঁৱত কোৱা কথিত গাৱঁলীয় ভাষা। স্কুলৰ ল’ৰাবোৰে আমাৰ গাঁৱৰ হাদালি নামটোত বৰ আমোদ পাইছিল আৰু বাৰে বাৰে মোক সুধি সুধি ব্যতিব্যস্ত কৰিছিল – “কি আছিল, কি আছিল তোমাৰ গাওঁখনৰ নামটো, আকৌ এবাৰ কোৱাচোন৷” মোৰ নামটোও আছিল আইতাই দিয়া - খুশাল সিং৷ নামটো মই বৰ বেয়া পাইছিলোঁ৷ সেইটো সলাই মই খুশৱন্ত কৰিলোঁ, ককাইদেউৰ নামটোৰ লগত একে সুৰত। তেখেতৰ নাম - ভগৱন্ত৷ স্কুলৰ ল’ৰাবিলাকে কেনেবাকৈ আইতাই দিয়া মোৰ নামটো গম পালে৷ মা-দেউতাই মোক ঘৰত ‘শালী’ বুলি মাতিছিল; সেইটোও সিহঁতৰ কানত পৰিল৷ আৰু কোনে পায়? মোক জোকাবলৈ সিহঁতে পদ্য ৰচনা কৰিলে - শালী শুলী বাগ দে মুলী! অৰ্থাৎ শালী নামৰ ল’ৰাটো আচলতে কোনোবা বাৰীৰ মুলাহে৷ মোৰ নামটো সলনি কৰি সিহঁতে কি যে নকৰিছিল - খুশী, খুশ্ৰু, আৰু আটাইতকৈ ব্যংগাত্মক - খুশ্ৰা, অৰ্থাৎ নপুংসক৷ সিহঁতে কেনেবাকৈ গম পালে যে মোক ঘৰত আইতাই গা ধুৱাই দিয়ে আৰু তাৰপিছত চুলিত সুগন্ধী তেলৰ সলনি মাখন সানি দিয়ে৷ দিনত ৰ’দ পৰিলে মোৰ চুলিৰ পৰা ঘিঁউৰ দৰে এটা গোন্ধ ওলায় আৰু মাখি পাৰে৷ সিহঁতে মোৰ ওচৰলৈ আহি নাকটো মোৰ চুলিৰ ওচৰলৈ আনি শুঙি নাকটো বন্ধ কৰি ছিঃ ছিঃ বুলি আতঁৰি যায়৷ – “বাপৰে, কি গোন্ধ, ইয়াৰ মুৰটো চাগৈ’ ওকণিৰে ভৰি আছে!” তেনেতে এদিন বোস বাইদেউৱে মোৰ চুলিৰ পৰা ডিঙিলৈ বগাই অহা ওকণি এটা আৱিষ্কাৰ কৰিলে৷ বাইদেৱে নোট এটা লিখি মোক ঘৰলৈ পঠাই দিলে৷ তাতে নিৰ্দেশ দিলে যে মোক যেন দৈ সানি চুলি নুধুৱায় আৰু গাত মাখন নাসানে৷ চুলিৰ পৰা ওকণি সম্পুৰ্ণ আতঁৰিলেহে মোক স্কুললৈ উভতি আহিবলৈ নিৰ্দেশ দিলে।

মোৰ ককাইদেউ দিল্লীলৈ বহু আগতেই আহিছিল বাবে সি এইবোৰ গঞ্জনাৰ সন্মুখীন হ’ব লগা হোৱা নাছিল৷ এনে পৰিস্থিতিত হাঁহিয়াতৰ পাত্ৰ হ’ব লগা হোৱা বাবে মাজে মাজে মোৰ মা আৰু আইতাৰ ওপৰত ভীষণ খং উঠিছিল৷ তদুপৰি পঢ়া বা খেলা এটাতো মই ভাল ফল দেখুৱাব পৰা নাছিলোঁ৷ কিছু পৰিমাণে ভাল ফল দেখুৱাব পৰা বিষয় দুটা আছিল - ইংৰাজী আৰু ভূগোল৷ বিজ্ঞান, এলজেব্ৰা, জ্যামিতি মই একো বুজিব পৰা নাছিলোঁ৷ অংক বিষয়টো আছিল মোৰ বাবে আটাইতকৈ দুবোৰ্ধ্য৷ কেইবাবাৰো মই টাৰ্ম পৰীক্ষাত শূন্য পাইছিলোঁ৷ যিমান পাৰোঁ সিমান সঘনে মই বেমাৰ হোৱাৰ ভাও ধৰিছিলোঁ৷ কিবা নহয় কিবা অসুখৰ অজুহাতত মই প্ৰায়ে লালকুৱাত থকা আমাৰ চিনাকি ডাক্তৰ এজনৰ ওচৰ পাইছিলোঁগৈ আৰু ৰাতিপুৱাৰ ক্লাছত উপস্থিত থকা নাছিলোঁ৷ মোৰ ফাঁকি যেতিয়া ধৰা পৰিছিল তাৰ বাবে মই যথেষ্ট প্ৰায়শ্চিত্ত কৰিব লগা হৈছিল৷

মডাৰ্ণ স্কুলে গৌৰৱ কৰিছিল যে দেশৰ ভিতৰত প্ৰথম প্ৰথম এইখন স্কুলেই কৰ্পৰেল শাস্তি উঠাই দিছিল। কিন্তু মিছ বোসে এচাৰিডালৰ মায়া এৰিব পৰা নাছিল৷ শাস্তি পাব লগা ছাত্ৰহঁতক আচঁ টনা বেতডালেৰে হাতৰ তলুৱাত কোব সোধাইছিল৷ কেতিয়াবা স্কেলডালৰ ধাৰ থকা ফালেৰেও হাতৰ তলুৱাত কোবাবলৈ লৈছিল৷ আন শিক্ষক সকলেও তেখেতৰ আদৰ্শই অনুসৰণ কৰিছিল৷ কিছুমান শিক্ষকে চৰিয়াবলৈ আৰু কিছুমানে কাণ মুচৰিবলৈ ভাল পাইছিল৷ ড্ৰীল শিক্ষকজনৰ দৰে দুজনমানে বিলাতী ধৰণেৰে আমাক বেঁকা কৰি লৈ টিকাত বেত দিয়াটো পচন্দ কৰিছিল৷ মোৰ ভাগত এনে শাস্তি প্ৰায়েই পৰিছিল৷ এইবিলাকে মোৰ মনত সাঁচ বহুৱাব পৰা নাছিল - মাত্ৰ এটা কথা বাদে৷ মোক এবাৰ মই নকৰা দোষ এটাৰ বাবে শাস্তি দিয়া হৈছিল৷ কোনোবাই প্ৰসাৱগাৰত বেয়া কথা এষাৰ লিখি থৈ আহিল৷ সেইদিনা আবেলি সেইফালে যোৱা আটাইকেইটা ছাত্ৰকে মাতি আনি বোৰ্ডত এটা বাক্য লিখিবলৈ দিয়া হ’ল৷ আমি জানিছিলোঁ যে কামটো আমাৰ ক্লাছৰে অমৰজিতে কৰিছে৷ কিন্তু সিয়ান অমৰজিতে বাক্যটো কেপিটেল আখৰেৰে লিখিলে আৰু মই সাধাৰণ ভাবেই বাক্যটো লিখি দিলোঁ৷ শিক্ষককেইজনে মোৰ আখৰকেইটাৰ লগত প্ৰসাৱগাৰৰ আখৰ কেইটাৰ মিল থকা যেন পালে। আৰু একো অনুসন্ধান নকৰি কামটোৰ বাবে পোনে পোনে মোকেই দোষী সাব্যস্ত কৰা হ’ল। স্কুলৰ আটাইবোৰ ছাত্ৰৰে আগত থিয় কৰাই লৈ মোক সেইদিনা বেত দিয়া হৈছিল। তাৰ কিছুদিনৰ পিছতে অমৰজিতে স্কুল এৰি গুচি গ’ল৷ ছেইণ্ট্ ষ্টিফেন্স্ কলেজত মই তাক আকৌ লগ পাইছিলো৷ সেইবাৰ টাৰ্ম পৰীক্ষা এটাত নকল কৰি সি ধৰা পৰিছিল আৰু কলেজৰ পৰা তাক অপসাৰণ কৰা হৈছিল৷ তাৰ পিছতো কিন্তু সি কেমব্ৰীজ বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ গৈছিল আৰু ভাল চাকৰি এটা যোগাৰ কৰিছিল৷ তাৰ ভনীয়েকক মোৰ পত্নীৰ ডাঙৰজন ককায়েকে বিয়া কৰাইছিল৷ (আগলৈ..)

Friday, July 17, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ৫


ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ৫
শৈশৱৰ পৰা কৈশোৰলৈ - পঢ়াশালিৰ দিনবোৰ


দহৰ পৰা পোন্ধৰ বছৰৰ সময়খিনি মানুহৰ মন আৰু শৰীৰৰ বিকাশৰ বাবে বোধহয় আটাইতকৈ প্ৰয়োজনীয় সময়৷ পৰিয়ালৰ লোকসকল, যাৰ সান্নিধ্যই শৈশৱৰ দিনবোৰ সম্পূৰ্ণ কৰি থাকে, এই সময়খিনিতে সেয়া ক্ৰমান্বয়ে ঘৰৰ বাহিৰৰ মানুহে অধিকাৰ কৰিবলৈ আৰম্ভ কৰে। ব্যক্তিত্বৰ বিকাশত প্ৰভুত প্ৰভাৱ বিস্তাৰ কৰাৰ সময়ো এইখিনিয়েই৷ যৌন সচেতনতা প্ৰবলৰপৰা প্ৰবলতৰ হ’বলৈ আৰম্ভ কৰে৷ নাম নজনা শিহৰণে মনলৈ পুলক আনে৷ কৈশোৰৰ এয়া দ্বিধাগ্ৰস্থ আৰু দিকভ্ৰান্ত হোৱাৰ সময়৷ কি শুদ্ধ, কি ভুল সেয়া খেলিমেলি হৈ যোৱাৰ সময়৷ স্কুলৰ সহপাঠী, শিক্ষক, ঘৰত কাম কৰা ল’ৰা-ছোৱালী, সম্পৰ্কীয় ভাই-ভনী বা পৰিয়ালৰ পৌঢ়লোকে এনে সময়তে সঠিক বা বেঠিক পৰামৰ্শৰে আপোনাৰ চিন্তাক আৰু বেছি খেলিমেলি লগাই দিব পাৰে৷ সমকামী প্ৰৱণতাও সাৰ পাই উঠাৰ সময় এইখিনিয়েই৷ নিজকে আচৰিত কৰি দেহৰ গুপ্তপ্ৰদেশত দেখা দিয়ে দিয়ে পাতল কেশৰে৷ এনে অৱস্থাতে এদিন হঠাতে অনুভৱ হয় নাম নজনা এক শিহৰণ - এক সাংঘাতিক পৰিতৃপ্তি, লগতে নাম নজনা অশান্তি। আপুনি যদি পুৰুষ, প্ৰথম বীৰ্যস্খলনৰ অভিজ্ঞতাই আপোনাক ভৰিৰ পৰা মূৰলৈকে কঁপাই তুলিব পাৰে৷ শিশুৰপৰা আপুনি এতিয়া এজন সক্ষম ব্যক্তিলৈ ৰূপান্তৰিত হৈছে৷ এগৰাকী নাৰীক অন্তঃসত্ত্বা কৰিব পৰা ক্ষমতা আপুনি লাভ কৰিছে৷

এই অধ্যায়ত মই মোৰ জীৱনৰ সেই সময়খিনিৰ কথা লিখিবলৈ লৈছোঁ৷

আইতাৰ লগত মই কেতিয়া আৰু কোন চনত আহি দিল্লীত থকা মোৰ মা-দেউতা আৰু ভাই-ভনীহ’তৰ লগ লাগিলোঁহি মোৰ সঠিককৈ মনত নাই৷ তেতিয়ালৈ মোৰ মাৰ আৰু এটা পুত্ৰ সন্তান আৰু এজনী ছোৱালী জন্ম হৈছিল৷ প্ৰথম বিশ্বযুদ্ধৰ পিছতে আমাৰ পৰিয়ালে তেতিয়ালৈকে কৰি থকা ব্যৱসায় এৰি নতুন কাম কৰিবলৈ আৰম্ভ কৰিছিল৷ বিশ্বযুদ্ধৰ সময়ত সৈনিক নিযুক্তি আৰু অনুদান সংগ্ৰহ কৰা কামৰ বিনিময়ত আমি যথেষ্ট পৰিমাণে মাটি পাইছিলোঁ৷ মিয়া ছান্নু আৰু খানেৱাল (এতিয়া পাকিস্তানৰ মুলতান জিলাৰ অন্তৰ্গত) নামৰ ঠাইৰ মাজতো আমি বেছ ডাঙৰ এখন পথাৰ পাইছিলোঁ৷ এই দুয়ো ঠাইৰ মাজত থকা ‘‘কট সুজন সিং’’ নামৰ ৰেইল ষ্টেচনটোৱে এতিয়াও আমাৰ অতীতৰ গৌৰৱ আৰু স্মৃতি জীয়াই ৰাখিছে৷ ললীপুৰ জিলাৰ জানাৰ্ৱালাৰ (এতিয়া পাকিস্তানৰ ফইছলাবাদ) ওচৰতো আমাৰ পৰিয়ালে আৰু অলপ মাটি পাইছিল৷ এই দুয়োঠাইতে মোৰ ককাদেউতাই তেখেতৰ দুয়োটা ল’ৰাকে লগত লৈ সূতা কটা-বোৱা আৰু তেল পেৰা মেছিন বহুৱাইছিল ৷ মোৰ খুড়াদেউ উজ্জ্বল সিং আছিল আমাৰ পৰিয়ালৰ প্ৰথম কলেজ দেখা আৰু স্নাতকোত্তৰ ডিগ্ৰী পোৱা লোক; তেখেতক ককাই পাঞ্জাৱৰ মাটি আৰু মিল পৰিচালনা কৰাৰ দায়িত্ব দিছিল৷ এসময়ত মোৰ দেউতাই ঘৰ সজা ঠিকাৰ কাম কৰিবলৈ ল’লে। জীৱন নিৰ্বাহৰ বাবে এইখিনিয়েই যথেষ্ট আছিল, তথাপিও তেওঁলোকে কাপোৰৰ ব্যৱসায় কৰিবলৈ মন মেলিলে৷ দিল্লীৰ চবজী মাণ্ডিৰ ওচৰত তেওঁলোকে এটা “কটন মিল” কিনিছিল৷ মিলটোৰ আচল নামটো আছিল “যমুনা মিল”, কিন্তু দেউতাহ’তে লোাৱাৰ পিছতে মিলটোৰ বিশুদ্ধ শিখ নাম এটা ৰাখিছিল – “খালচা কটন স্পিনিং এণ্ড উইভিং মিল”৷ আমি মিলটোৰ প্ৰধানদ্বাৰৰ ওচৰতে থকা ঘৰ এটাত থাকিবলৈ লৈছিলোঁ৷ আগৰজন মালিকৰ হাতত মিলটোৰ অৱস্থা বৰ বেয়ালৈ গৈছিল কিন্তু মোৰ দেউতা আৰু ককাৰ হাতত মিলটো প্ৰায় নচলা অৱস্থা এটা পালেগৈ৷ আগতে তেওঁলোকৰ এনে ডাঙৰ মিল চলোৱাৰ কোনো অভিজ্ঞতা বা প্ৰশিক্ষণ নাছিল আৰু মেছিনৰ পাৰ্টছ বিলাকৰ বাবে খৰচ কৰিবলৈও হাততো প্ৰচুৰ পৰিমাণৰ ধন নাছিল৷ মিলটো বেছিভাগ সময় বন্ধ হৈয়েই আছিল৷ দেউতাই ঠিকা কৰি পোৱা টকা-পইচাও মেছিনৰ পাৰ্টছ কিনা কামতে খৰচ হ’বলৈ আৰম্ভ কৰিছিল। মিলটোৱে আমাৰ পৰিয়ালৰ অৱস্থা দেউলীয়া কৰিবলৈ আৰম্ভ কৰিলে। ১৯১৯ চনত জুই লাগি মিলটো প্ৰায় ছাই হৈ গ’ল। এনে লাগে, বীমাৰ পইচাখিনি পোৱাৰ আশাতহে যেন মিলটোত জুই লগাই দিয়াৰ ব্যৱস্থা কৰা হৈছিল!

কাপোৰৰ ব্যৱসায়ৰ অন্ত হোৱাৰ লগে লগে আমাৰো এই পুৰণি নগৰখনৰ লগত সম্পৰ্কটো শেষ হৈ যোৱাৰ নিচিনা হ’ল৷ নতুন দিল্লী নিমাৰ্ণৰ সময়ত দেউতাই সজাবলৈ লোৱা ঘৰ এটাৰ কাষলৈ আমি উঠি আহিলোঁ৷ সি যি কি নহওক, মিলৰ এই ঘৰটোৰপৰাই মই প্ৰথম স্কুললৈ যাবলৈ আৰম্ভ কৰিছিলোঁ৷

দেউতাই সেই স্কুলখন আমাৰ বাবে কিয় নিবাৰ্চন কৰিছিল মই নাজানো৷ দিল্লীৰ পুৰণি আঢ্যৱন্ত কিছুলোকক আমি চিনি পাইছিলোঁ৷ তাৰ ভিতৰৰে আছিল এটা জৈন পৰিয়াল৷ সেই পৰিয়ালৰে লোক ৰায় বাহাদুৰ লালা ছুলটান সিং আৰু তেওঁৰ ল’ৰা ৰঘুবীৰ সিং৷ তেওঁলোকৰ দিল্লীত যথেষ্ট মাটি সম্পত্তি আছিল৷ ৰঘুবীৰ সিঙৰ ব্যৱসায়ৰ প্ৰতি মন একেবাৰেই নাছিল৷ ছেইণ্ট্ ষ্টিফেন্স্ কলেজৰ পৰা কলা বিভাগত ডিগ্ৰী এটা লোৱাৰ পিছত তেওঁ খ্ৰীষ্টান অধ্যক্ষ এছ. কে. ৰুদ্ৰৰ শিষ্য হৈ পৰিল৷ কলেজত থাকোঁতেই তেওঁক যিজন শিক্ষকে প্ৰাইভেট টিউছন কৰিছিল তেওঁৰ লগত উগ্ৰপন্থীৰ সম্পৰ্ক থকাৰ কথা পিছত পোহৰলৈ আহিছিল। পিছলৈ ১৯১২ চনত ভাইছৰয় লৰ্ড হাডিংক হত্যা কৰাৰ এটা ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত মানুহজনক ফাঁচী দিয়া হৈছিল৷ যুৱক ৰঘুবীৰ সিং জাতীয়তাবাদৰ প্ৰতি আসক্ত হ’ল আৰু ভাৰতত এটা নতুন প্ৰজন্ম সৃষ্টি কৰাৰ কথা ভাবিবলৈ ল’লে যি একে সময়তে পশ্চিমীয়া ধৰণ-কৰণত অভ্যস্ত আৰু লগতে দেশপ্ৰেমীও৷ তেওঁ দেউতাকক বুজাই বঢ়াই তেওঁলোকৰ দৰিয়াগঞ্জত থকা পুৰণি প্ৰকাণ্ড ঘৰ এটাত এখন স্কুল আৰম্ভ কৰিলে। একে সময়তে বেংগলী খ্ৰীষ্টান মহিলা কমলা বোসক স্কুলখনৰ অধ্যক্ষ পদৰ ল’বৰ বাবে কলিকতাৰ পৰা দিল্লীলৈ আমন্ত্ৰণ কৰি আনিলে। তাৰ কিছুদিনৰ পিছতেই কমলা বোসৰ লগত তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিল৷ দুটা পুত্ৰ সন্তান আৰু এজনী ছোৱালী জন্ম দিয়া তেওঁৰ পত্নীজনী আছিল চুটি চাপৰ আৰু অল্পশিক্ষিতা৷ কমলা বোসো দেখিবলৈ বৰ সুন্দৰী নাছিল৷ চেহেৰাত নিজৰ ঘৈণীয়েকৰ দৰে হ’লেও কমলা আছিল উচ্চ শিক্ষিতা৷ ৰঘুবীৰক লগাৰ দৰে বৌদ্ধিক সংগ আৰু অৰ্থপূৰ্ণ বন্ধুত্বৰ বাবে কমলা বোস উপযুক্ত আছিল৷ আৰু দুয়ো মিলি জন্ম দিছিল এখন স্কুলৰ, যিখন স্কুল পিছলৈ দেশৰ ভিতৰতে সবোত্তৰ্ম স্কুল হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছিল৷ ইংৰাজ সকলে ভাৰতীয় আঢ্যৱন্ত পৰিয়ালৰ ল’ৰা-ছোৱালীৰ বাবে প্ৰতিষ্ঠা কৰা স্কুলতকৈ এইখন স্কুল আছিল বেছি ভাৰতীয় আৰু বেছি মুকলি মনৰ।

মহাত্মা গান্ধী, ৰৱীন্দ্ৰনাথ ঠাকুৰ, ডঃ আনছাৰী, মৌলানা আজাদ, সৰোজিনী নাইডু আৰু পণ্ডিত নেহেৰুৰ দৰে লোকসকলেও স্কুলখনত পদাৰ্পন কৰিছিল৷ কমাণ্ডাৰ-ইন-ছিফ্ লৰ্ড ছেটৱাৰে, ৰেভাৰেণ্ড ছি. এফ. এন্দ্ৰুৰ দৰে অনেক নাম থকা ইংৰাজ পণ্ডিতেও আমাৰ স্কুলখন দৰ্শন কৰিছিল৷ কেইগৰাকীমান ইংৰাজ মহিলাও স্কুলখনৰ শিক্ষয়িত্ৰী আছিল৷ তাৰোপৰি এইখন স্কুল আছিল দিল্লীৰ প্ৰথম সহ-শিক্ষাৰ স্কুল৷ শিক্ষা প্ৰদানৰ মাধ্যম ইংৰাজী হ’লেও স্কুলখনত ভাৰতীয় ভাষা সংস্কৃত, হিন্দী আৰু উৰ্দু শিকোৱা হৈছিল৷ সাধাৰণ পাঠ্যক্ৰমৰ উপৰিও সংগীত, চিত্ৰকলা, মিস্ত্ৰীকলা, ঘোঁৰা দৌৰ আদিও শিকোৱা হৈছিল৷ ইংৰাজ প্ৰশিক্ষক এজনৰ তত্ত্বাবধানত স্কাউট আৰু সৈনিকৰ প্ৰশিক্ষনো দিয়া হৈছিল৷ দল বান্ধি খেলা খেল হকী আৰু ফুটবল খেলাৰো প্ৰশিক্ষণ দিছিল৷ নিজৰ সন্তানক সাংঘাতিক কিবা এটা নাম দিয়াৰ পৰিৱৰ্ত্তে ৰঘুবীৰ সিং আৰু কমলা বোসে তেওঁলোকৰ সন্তান এই স্কুলখনৰ এটা তেনেই সাধাৰণ কিন্তু সদায় সময়ৰ আগত থকা এটা নাম দিছিল – মডাৰ্ণ, (মডাৰ্ণ স্কুল)৷ এজনী মাইকী মানুহে ল’ৰাক পঢ়াব সেই কথাটো মোৰ ককাদেউতাই একেবাৰে ভাল পোৱা নাছিল, তাৰপিছতো দেউতাই কিন্তু তেখেতৰ দুয়োটা ডাঙৰ ল’ৰাকে এই স্কুলখনত নাম লগাই দিলে৷ মোৰ মনত আছে, ককদেউতা স্কুলখনলৈ মাত্ৰ এবাৰ আহিছিল - বাৰ্ষিক অধিবেশনৰ সময়ত৷ যেতিয়া তেখেতে তেখেতৰ দুয়োটা নাতিকে মঞ্চতে চেতাৰ আৰু এছৰাজ বজোৱা দেখিলে, দুখ আৰু হতাশাত আহত হৈ তেখেতে দেউতাক কৈছিল – “তোৰ পোৱালিয়ে এতিয়া থলুৱা নৃত্য কৰিহে পেট প্ৰৱৰ্তাব লাগিব? ” (আগলৈ..)

Friday, July 10, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ - ৪


ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ৪
মৰুভূমিৰ মাজৰ মোৰ গাওঁখনি

ৰাতিৰ সাজ খোৱাৰ পিছত শুবলৈ আমি চাঁদৰ ওপৰলৈ গৈছিলোঁ৷ আইতাই সন্ধ্যাৰ প্ৰাৰ্থনা ‘‘ৰেহৰাছ” শেষ কৰি দিনটোৰ শেষ প্ৰাৰ্থনা ‘‘কীৰ্ত্তন ছহিলা’’ আৰম্ভ কৰিছিল৷ মোৰ পিঠিত তেল সানি সানি আইতাই মোক শুৱাবলৈ চেষ্টা কৰিছিল। কোমল মালিচে মোৰ টোপনি আনিব নোৱাৰিলে আইতাই শিখ গুৰুসকলৰ জীৱনৰ কাহিনী ক’বলৈ আৰম্ভ কৰিছিল৷ তেতিয়াও যদি মোৰ টোপনি নাহে, ৰাতিৰ আকাশলৈ আঙুলিয়াই মোক কৈছিল – “সেইয়া তৰা দেখিছ, ৰাতি বহুত হ’ল, এতিয়া চুপচাপ টোপনি যা৷”

জহকালিৰ সুন্দৰ সময় হৈছে দোকমোকালি পুৱাবোৰ৷ আমাৰ চোতালত থকা গোলাপ, তগৰ আদি ফুলৰ সুবাস কঢ়িয়াই লৈ অনা ৰাতিপুৱাৰ শীতল বতাহজাকে গা-মন জুৰ কৰি পেলাইছিল৷ আধা-আধি টোপনিতে অলস চিন্তাৰে খেলা কৰি থকাৰ বাবে সেইটো আছিল বৰ উপযুক্ত সময়। পিছে এই সময়ছোৱা বৰ চুটি আছিল৷ অলপ সময়ৰ পিছতে বেলি উঠি আহিছিল আৰু তাৰ লগে লগেই আৰম্ভ হৈছিল কাউৰীৰ কা-কা বা বিভিন্ন মহ-মাখিৰ তাণ্ডৱ৷ উৰ্দু কবিয়ে পুৱতিৰ এই আধাঘণ্টা সময়ক ‘‘বড়ী নাছিম’’ বুলি উল্লেখ কৰিছে৷

সেই বিৰক্তিকৰ দিনবোৰৰ বাহিৰে হাদালিত ঘটা কোনো উল্লেখযোগ্য ঘটনাৰ কথা এতিয়া মোৰ মনত নাই৷ বছৰত এটা বা দুটাকৈ হত্যাকাণ্ড সংঘটিত হৈছিল৷ যিহেতু ঘটনাবোৰ মুছলমান গাওঁখনত সংঘটিত হৈছিল, আমি তাৰ বাবে বেছি উৎকণ্ঠিত হোৱাৰ কোনো কাৰণ নাছিল৷ গাঁৱৰ ৰেইল ষ্টেচনটোৰ ওচৰত থকা মুকলি পথাৰত বছৰত এবাৰকৈ এটা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ প্ৰতিযোগীসকল ঘোঁৰাৰ পিঠিত উঠি লাইন হৈ থিয় দিছিল৷ আৰম্ভণিৰ সংকেত পালেই ‘‘আল্লাহ বেলি হ’’’ অথাৰ্ৎ “ভগৱান মোৰ শ্ৰেষ্ঠ বন্ধু” বুলি আটাহ পাৰি হাতত খোলা যাঠি লৈ প্ৰতিযোগিতাৰ দৌৰ আৰম্ভ হৈছিল৷ কেতিয়াবা চলন্ত ৰেইল গাড়ীৰ লগত এই দৌৰৰ প্ৰতিযোগিতা চলিছিল আৰু ঘোঁৰাবোৰৰ শ্বাস-প্ৰশ্বাস থমকি নোৰোৱালৈকে এই দৌৰ চলিয়েই আছিল৷ এটা কথা মনত পৰিছে - এবাৰ হাদালিলৈ এজনে এখন বাইচাইকেল কিনি আনিলে৷ তেওঁ বাজী মাৰিলে যে তেওঁ হেনো ঘোঁৰাতকৈও আগত যাব পাৰিব৷ ঘোঁৰাৰ লগত বাজী মৰাৰ আগতে আমি ল’ৰাবোৰে তেওঁক আমাৰ লগত এবাৰ বাজী মাৰিবলৈ আহ্বান জনালোঁ৷ তেতিয়া হাদালিত পকী ৰাষ্টা নাছিল আৰু বালিৰ ওপৰত চাইকেলৰ চকা সুকলমে নচলে৷ বেচেৰাই বৰ বেয়াকৈ লাজ পালে৷ তাৰপিছত সকলোৱে তেওঁক ‘চাইকেল বাহাদুৰ’ বুলি জোকোৱা আৰম্ভ কৰিছিল।

দিল্লীলৈ অহাৰ পিছত মই হাদালিৰ গাওঁখনলৈ মুঠতে তিনিবাৰ গৈছোঁ৷ প্ৰথমবাৰ গ্ৰন্থ-চাহিবৰ কীৰ্তন অনুষ্ঠান এটাত অংশ গ্ৰহণ কৰিবলৈ গৈছিলোঁ৷ এখন ডাঙৰ সভাত বহুত মানুহৰ আগত মই আৰু মোৰ ককাইদেউ এজনক ধৰ্মগ্ৰন্থৰ ‘‘জাপি’’ পাঠ কৰি প্ৰতিদিনে অন্তত এটা জাপি পঢ়িমেই বুলি আমাক শপত খাবলৈ দিছিল৷ আমাৰ এজনেও এই প্ৰতিজ্ঞা ৰাখিব পৰা নাছিলোঁ৷ দ্বিতীয়বাৰ লাহোৰত ওকালতি কৰি থকাৰ সময়ত মই আকৌ হাদালিলৈ গৈছিলোঁ৷ মোৰ লগত এজন বন্ধুও গৈছিল৷ তেওঁৰ এজন ভায়েক ছল্ট্ ৰেঞ্জৰ মেনেজাৰ আছিল৷ গাঁৱৰ ৰেইল ষ্টেচনটোৰ ওচৰত গাড়ীৰ পৰা ওলোৱাৰ লগে লগে মোৰ চকুপানী ওলাই আহিল৷ আঁঠুকাঢ়ি মাটিত এটা চুমা খোৱাৰ পৰা মই কথমপিহে নিজকে বিৰত ৰাখিলো৷ তাৰপৰা ধৰমশালাটোলৈ আৰু মই ওপজা ঘৰটোলৈ খোজকাঢ়ি গৈ চালোঁগৈ৷ ভাইচৰয়ৰ সুৰক্ষা গাৰ্ড হিচাপে কাম কৰা লোক এজনে মোক চিনি পালে আৰু খবৰটো লগে লগে ৰাষ্ট্ৰ হৈ পৰিল৷ মই যেতিয়া উভতি আহিবলৈ ওলাইছিলোঁ মোক বিদায় দিবৰ বাবে একে ঠাইতে বহু মানুহ একগোট হৈছিল।

হাদালিলৈ মোৰ শেষ যাত্ৰাটো আছিল ১৯৮৭ চনৰ শীতকালত৷ ১৯৪৭ চনত হোৱা দেশৰ বিভাজনে গাওঁখনলৈ চিনিব নোৱাৰাকৈ পৰিৱৰ্ত্তন আনি দিলে৷ গাওঁখনত এতিয়া শিখ বা হিন্দুলোক এজনো নাই৷ হাৰিয়ানাৰ পৰা ভাগি যোৱা মুছলমানলোকে আমাৰ ঘৰটো অধিকাৰ কৰি লৈছিল৷ ৰোহতকৰ পৰা অহা মুছলমান শৰণাৰ্থীৰ পৰিয়াল এটাই আমাৰ চৌহদটোক তিনিভাগ কৰি ভাগ কৰি লৈছিল৷ চল্লিশ বছৰৰৰ আশে পাশে থকা নতুন প্ৰজন্মৰ হাদালিবাসীয়ে গাওঁখনত কোনো শিখ লোকক দেখাই নাছিল৷ কেনেকুৱা অভ্যৰ্থনাৰ সন্মুখীন হ’ম মই কোনো অনুমান কৰিব পৰা নাছিলোঁ৷ গাওঁখনৰ লগত মোৰ একমাত্ৰ সংযোগ আছিল ১৯৭১ চনত বাংলাদেশৰ ঢাকাত লগ পোৱা কেইজনমান যুদ্ধবন্দী৷ মই তেওঁলোকৰ মুক্তিৰ বাবে চেষ্টা কৰিছিলোঁ আৰু তেওঁলোক ভালে থকাৰ খবৰ লিখি তেওঁলোকৰ পৰিয়াললৈ চিঠি দিছিলোঁ৷

লাহোৰৰপৰা গাড়ী চলাই গৈ বিয়লি সময়ত মই হাদালিত উপস্থিত হৈছিলোঁগৈ৷ ৰাষ্টাৰ কাষত বয়োজেষ্ঠ্য সকলে ফুলৰ মালা লৈ শাৰী পাতি থিয় দি আছিল৷ মালাত গাঠি দিয়া সোণবৰনীয়া বা ৰূপালী বৰণৰ পাতত উৰ্দু ভাষাত খোদিত কৰি দিছিল – “খুশ আমদিদ” অথাৰ্ৎ “সাদৰ-সম্ভাষণ”৷ কৰমৰ্দন কৰা এজন লোককো মই চিনিব পৰা নাছিলো৷ স্কুলৰ বাকৰিত পতা সভা এখনৰ মঞ্চলৈ মোক আদৰি লৈ যোৱা হৈছিল৷ মঞ্চত পাকিস্তানৰ পতাকা এখনো আৰি থোৱা আছিল৷ শাৰী শাৰী কৈ পতা চকী আৰু মাটিৰ ওপৰত অন্তত দুহেজাৰ হাদালিবাসী সমবেত হৈছিল৷ উৰ্দু ভাষাত অশুদ্ধ উচ্চাৰণেৰে দিয়া ভাষণত মোক ‘হাদালিৰ পুত্ৰ’ বুলি উল্লেখ কৰিছিল৷ স্নেহ আৰু কৃতজ্ঞতাৰে মোৰ অন্তৰ ভৰি পৰিছিল৷ কথা কোৱাৰ আগতে মোৰ সন্দেহ হৈছিল, পাৰিমনে মই এই আবেগত নিজকে চম্ভালি ৰাখিব! মই হাদালিৰ থলুৱা ভাষাতে কথা ক’বলৈ আৰম্ভ কৰিলোঁ৷ মই কৈছিলোঁ - তেওঁলোকে যেনেকৈ জীৱনৰ বিয়লি বেলাত মক্কা আৰু মদিনালৈ আশীৰ্বাদ বিচাৰি যাবলৈ বিচাৰে, ঠিক তেনেকৈ মই জীৱনৰ সন্ধ্যাবেলাত হাদালিলৈ আহিছোঁ, পৱিত্ৰ হজ যাত্ৰাৰ দৰে৷ মহম্মদে যেনেকৈ বিজয়ী হৈ মক্কালৈ উভতি আহি তেওঁৰ প্ৰথমা পত্নীৰ সমাধি প্ৰদক্ষিণ কৰি প্ৰাৰ্থনা কৰিছিল, ময়ো ঠিক তেনেকৈ বিচাৰিছোঁ, হাদালিৰ এই বালিৰ বুকুৰ সুঁতিবোৰত আকৌ এবাৰ লৰি ঢাপৰি ফুৰিবলৈ। আৰু বিচাৰিছোঁ জীৱনৰ শেষ শয়ন যেন এই ঠাইতেই হয়, য’ত মোৰ জন্ম হৈছিল৷ তাৰ পিছত আৰু মোৰ মুখৰ মাত নোলাল, শোকে মোক খুন্দা মাৰি ধৰিলে৷ সকলোৱে মোৰ অন্তৰৰ ভাষা ঠিক বুজিব পাৰিছিল৷ সভাৰ শেষত মোক অতীতৰ গাঁৱৰ ঘৰখন থকা ঠাইলৈ আগবঢ়াই নিয়া হ’ল৷ সমস্ত গাওঁবাসীয়ে মোক অনুসৰণ কৰিলে৷ ফটকা ফুটোৱা হ’ল৷ মহিলাসকলে ঘৰৰ চাঁদৰপৰা গোলাপৰ পাপৰি ছটিয়াই মোক অভিবাদন জনালে৷ মুছলমান আৰু শিখসকলক জাতশত্ৰু বুলি কোৱাজন কোন আছিল বাৰু? হাদালিত হিন্দু, মুছলমান আৰু শিখসকলৰ মাজত শত্ৰুতা কাহানিও নাছিল। এসময়ত শিখ আৰু হিন্দুসকলে ব্যৱহাৰ কৰা ধৰমশালাটো আজিও তেনেকৈয়ে আছে; কোনো মুছলমানে এতিয়াও ইয়াক স্পৰ্শ কৰা নাই। কাৰণ ই এসময়ৰ হিন্দু-শিখ ভাইসকলৰ, যি কালৰ কুটিল গতিত এই ঠাই এৰি গুচি যাব লগা হ’ল, তেওঁলোকৰ উপাসনাৰ পৱিত্ৰ স্থান আছিল!

আমি থকা ঘৰটোৰ চৌহদটো ৰোহতকৰ পৰিয়ালকেইটাই বেলুন আৰু ৰঙীন কাগেজেৰে সজাই থৈছিল৷ মোৰ দেউতাকো চিনি পোৱা কেইজনমান বয়োজ্যেষ্ঠ গাওঁবাসীয়ে মোৰ সন্মানাৰ্থে এসাঁজ একেলগে খোৱাৰ আয়োজন কৰিছিল৷ মই চিনি পাব পৰা কোনো চিন হাদালিত আৰু এতিয়া বিচাৰি পাবলৈ নাই৷ বালিৰ সেই সুঁতিবোৰ, য’ত আমি খেলিছিলোঁ সেইবোৰ এতিয়া নিশ্চিহ্ন হৈ গ’ল। পানী যোগান ধৰা এটা কৃত্ৰিম নলাই ঠাইখন সেইজীয়া কৰি তুলিছে৷ গাঁৱত থকা শুকান খালকেইটাতো ঘাঁহ বন গজি এতিয়া পুখুৰীৰ দৰে হ’ল৷ প্ৰথম বিশ্বযুদ্ধৰ স্মৃতি বিজড়িত মাৰ্বলৰ ফলকখন এতিয়া আৰু নাই৷ এন্ধাৰ নামি অহাৰ আগে আগে মই ওভোতনি যাত্ৰা আৰম্ভ কৰিলোঁ। এই ঠাইলৈ, এই জীৱনত মোৰ আৰু কেতিয়াও অহা নহয়। গাওঁ এৰিবলৈ ওলাওঁতে এই কথাটো মই মৰ্মে মৰ্মে উপলব্ধি কৰিছিলোঁ। (আগলৈ..)

Thursday, July 2, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ৩

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ৩
মৰুভূমিৰ মাজৰ মোৰ গাওঁখনি
হাদালিত উল্লেখযোগ্য একো ঘটনা ঘটাৰ কথা এতিয়া মোৰ মনত পৰা নাই৷ বৰ নিৰলস আছিল গাঁৱৰ দিনবোৰ৷ ৰাতিপুৱা বেলি নোলাওঁতেই আইতা উঠি গাখীৰ খীৰাবলৈ লৈছিল৷ মাটিৰ ডাঙৰ পাত্ৰ এটাত গোবৰ পুৰি ধৰা জুইৰ ওপৰত গাখীৰ গৰম কৰা দৃশ্যটো এতিয়াও মোৰ মনত আছে৷ ওচৰৰ আন তিৰোতাৰ লগত একেলগ হৈ ওচৰৰে মুকলি ঠাইত আইতা প্ৰাতঃকৃত্য সমাপন কৰিবলৈ গৈছিল৷ তাৰপিছত কুঁৱাৰ পৰা কেইবাল্টিমান পানী তুলি লৈ চোতালতে গা ধুইছিল৷ মুনিচুনি পোহৰত আইতাই যেতিয়া গাত হৰহৰকৈ পানী ঢালি গা ধুইছিল পশ্চিম আকাশত নিস্তেজ হৈ পৰা তৰাকেইটা তেতিয়াও আঁতৰি যোৱা নাছিল৷ তাৰপিছত মুখৰ ভিতৰতে শিখ হৰি-নাম ‘জাপি’ গুণগুণাই আইতাই গাখীৰৰ পৰা মাখন উলিউৱা কামত হাত দিছিল৷ তাৰপিছতহে তেখেতে মোক জগাবলৈ লৈছিল৷ সৰু ল’ৰা হিচাপে ঘৰৰ ওপৰৰ চাদঁতে মই পায়খানা কৰাৰ সুবিধা পাইছিলোঁ৷ মই এৰি থৈ অহাখিনি প্ৰখৰ সূৰ্যৰ ৰশ্মিয়ে এদিনতে চিনিব নোৱাৰাকৈ নিশ্চিহ্ন কৰি পেলাইছিল৷ তাৰ পিছৰখিনি কাম আইতাই মোক নিজেই কৰিবলৈ শিকাইছিল৷ গা ধোৱাৰ পিছত চুলিখিনি আঁচুৰি ঠিকঠাক কৰি আইতাই বান্ধি দিছিল৷ শিখ সম্প্ৰদায়ৰ ল’ৰা হিচাপে মই চুলি কাটিব নোৱাৰিছিলোঁ৷ তাৰ পিছত মই ফলিপুথি গোটাই লৈছিলোঁ- কাঠৰ ফলিখনৰ ওপৰত মাটিৰ প্ৰলেপ সনা আছিল, লগতে পাখি কলম আৰু মাটিৰ এটা দোৱাত৷ আগদিনা থাকি যোৱা ৰুটিপিঠা দুটা আইতাই তেওঁৰ দোপাট্টাখনৰ এমুৰত বান্ধি লৈছিল৷ তাৰপিছত আমি একেলগে গাঁৱৰ পঢ়াশালিখনলৈ ওলাই গৈছিলো৷ পঢ়াশালি আৰু ধৰমশালাৰ বাবে এটাই ঘৰ৷ দুৱাৰমুখত ভতুৱা কুকুৰকেইটা সদায় ৰৈ থাকে৷ আইতা আৰু মই ৰুটিৰ টুকুৰা চিঙি চিঙি সিহঁতৰ মুখলৈ দলিয়াই দিওঁ - পিছে পিছে সিহঁতো আহি থাকে৷ ওভোতনি যাত্ৰাৰ বাবেও সিহঁতৰ কাৰণে দুটামান ৰুটি বেলেগে ৰাখিছিলোঁ৷
ধৰমশালা বা পঢ়াশালিখন আমাৰ ঘৰৰপৰা বেছি দূৰত্বত নাছিল৷ তাত মোক “ভাই-হৰি-সিঙ”ক গতাই দিয়া হৈছিল - তেওঁৱেই গ্ৰন্থি আৰু শিক্ষক দুয়োটাৰে কাম কৰিছিল৷ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ আন ছাত্ৰৰ লগত মই মজিয়াতে বহি সুৰ লগাই লগাই নেওঁতা মুখস্থ কৰিছিলোঁ৷ সেই সময়ত আইতা কাষতে থকা ডাঙৰ কোঠা এটালৈ গৈছিল৷ তাত চাপৰ টেবুল এখনৰ ওপৰত তিনিখন গ্ৰন্থ-চাহিব পুথি ৰখা হৈছিল৷ মোৰ মনত আছে তাৰ ওচৰতে কোনোবা ভক্তই এৰি থৈ যোৱা এযোৰ বিতচকু বহুদিন ধৰি পৰি আছিল, কোনোবাই ইচ্ছা কৰিলে সেইযোৰ পিন্ধি ল’ব পাৰিছিল৷ নেওঁতা মুখস্থ মতাৰ পিছত ভাই হৰি সিং মহাশয়ে সমুখৰ বৰ্ডত গুৰুমুখী লিপি লিখি আমাক আখৰ শিকাইছিল৷ বয়সে কোঙা কৰি অনা মহাশয়ৰ এক তীব্ৰ খং আছিল৷ আমাৰ ফলিত যদি কিবা ভুল দেখা পায় তেনেহলে তাৰ শাস্তি হিচাপে আমাক একোটা প্ৰচণ্ড গোৰ সোধাইছিল৷ সৌভাগ্যক্ৰমে এনে ক্লাছ এঘণ্টাতকৈ বেছি হোৱা নাছিল৷ তাৰপিছত আকৌ আইতাৰ লগত ঘূৰি অহাৰ পথত কুকুৰবোৰক ৰুটিৰ টুকুৰা দলিয়াই আহিছিলোঁ৷ আইতাই যেতিয়া ঘৰৰ আন কাম - পিৰালি মচা, বিচনা ঠিকঠাক কৰা বা ৰন্ধা-বঢ়াৰ কামত লাগিছিল তেতিয়া মই সমনীয়াৰ লগত গুলি-দাণ্ডা খেলি সময় কটাইছিলোঁ৷
আবেলি আমি কি কৰিছিলোঁ সেইটো নিৰ্ভৰ কৰিছিল ঋতুৰ ওপৰত৷ শীতকালৰ আবেলিবোৰ আছিল সাংঘাতিক ধৰণে শীতল৷ ঠাণ্ডা দিনত কৰিবলগীয়া কাম থাকে বেছি কিন্তু সময় থাকে কম৷ অৱশ্যে সেই সাংঘাতিক শীতৰ দিনবোৰ বছৰটোত মুঠতে ছল্লিশ দিনমানহে আছিল৷ তাৰপিছত বসন্ত কালৰ দিনকেইটা ক’ব নোৱাৰাকৈয়ে পাৰ হৈ যোৱাৰ পিছতে আৰম্ভ হৈছিল জহকালি৷ দিনে দিনে গৰমৰ প্ৰকোপ বাঢ়ি গৈ এসময়ত ১২৫ ডিগ্ৰী ফাৰেনহাইট পায়গৈ৷ বৰষুণৰ কোনো চিন-মোকামেই নাই৷ ছল্ট্ ৰেঞ্জৰ ফালৰ পৰা অহা বৰষুণৰ পানীৰপৰাহে আমাৰ পুখুৰীলৈ কিছু পানী সোমাব পাৰিছিল৷ ঈষৎ ক’লা বৰণৰ পানীৰ এনে একোটা সুঁতি আহি আমাৰ চুবুৰিৰ কুঁৱাবোৰতো পৰিছিলহি৷ আটাইবোৰ কুঁৱাৰ পানী খোৱাৰ যোগ্য নাছিল৷ কিবা অজ্ঞাত কাৰণত এনে অখাদ্য পানীৰ কুঁৱাবোৰক পুংলিঙ্গ নাম ‘খাৰা খু’ আৰু খাব পৰা পানীৰ কুঁৱাবোৰক স্ত্ৰীলিংগ নাম ‘মিঠি খুঈ’ বোলা হৈছিল৷ আমাৰ বহুতৰে দাঁতবোৰ হালধীয়া বৰণৰ আছিল আৰু ওপৰপাৰি দাঁতত কজলা ৰঙৰ এটা সাঁচ বহিছিল৷ মূলতঃ দুষিত পানী খোৱাৰ বাবেই দাঁতবোৰৰ অৱস্থা তেনে হ’বলৈ পাইছিল৷ যি ঋতুতেই নহওক কিয়, সদায়েই গধূলি আইতাই গুৰু অজুৰ্নৰ সুখবাণী গুণগুণাই যঁতৰত সূতা কাটিছিল৷ সেয়ে আইতালৈ মনত পৰিলেই সেই যঁতৰ ঘূৰি থকাৰ শব্দ আৰু সুখবাণীৰ গুণগুণ শব্দ মোৰ কাণলৈ অজানিতে ভাঁহি আহে৷
দীঘল জহকালিৰ দিনবোৰ কি যে এক বিড়ম্বনা! গৰম বালিত গেৰোৱা পুৰি গৈছিল৷ এঘৰৰ পৰা আন ঘৰলৈ যাওঁতে বেৰৰ ছাঁ লৈ লৈ পিৰালিয়ে পিৰালিয়ে বগাই গৈছিলো৷ তেনেকৈ যাওঁতেও বিষ্ঠাৰ দ’মৰ মাজেদি দেও দি দি যাব লগা হৈছিল৷ কাৰণ সেই ভয়ংকৰ গৰমত ছাঁ পৰা সেই ঠাইবোৰেই আছিল সৰু ল’ৰা-ছোৱালীৰ বাবে আৰামেৰে বহি পায়খানা কৰাৰ বাবে সুবিধাজনক ঠাই৷ দিনৰ বেলা ঘৰৰ ভিতৰতে মাখি খেদি খেদি বা কথা পাতি পাতি ইচাত-বিচাত কৰি আমি সময়খিনি পাৰ কৰিছিলোঁ৷ বেলি পৰিলেহে ঘৰৰ গৰু ম’হকো পানী খুৱাবলৈ বাহিৰৰ পুখুৰীলৈ উলিয়াই নিব পাৰিছিলোঁ৷ বোকাত লেটি লৈ থকা ম’হবিলাকেই তেনে দিনত আছিল আটাইতকৈ সুখী জীৱ৷ সন্ধ্যা সময়ত তেনে ম’হৰ পিঠিত এটাৰ পৰা আনটোলৈ জঁপিয়াই জঁপিয়াই ল’ৰা বিলাকে ধেমালি কৰিছিল৷ সন্ধ্যাৰ পিছতহে গাওঁখনে যেন প্ৰাণ পাই উঠিছিল৷ ঘৰে ঘৰে ৰুটি সেকা গোন্ধত চুবুৰীটো আমোল মোলাই উঠিছিল। আমি ল’ৰাবোৰে একেলগে পায়খানা কৰিবলৈ গৈছিলোঁ৷ তাৰপিছত চাফা কৰিবলৈ আমি এটা অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰিছিলোঁ৷ ওখ বালি দ’ম একাটাত আমি শাৰী পাতি বহি লৈ চুচৰি যোৱাৰ এটা প্ৰতিযোগিতা পাতিছিলো৷ বালিত বহি লৈ হাত-ভৰি দাঙি চুচৰি গৈ যেতিয়া বালিৰ দ’মৰ নামনি পাইছিলোগৈ পানী নোহোৱাকৈয়ে আমি চাফা হৈ পৰিছিলো৷ এই খেলটোক আমি ‘‘ঘিচি’’ বুলি কৈছিলো৷ আন্ধাৰ হোৱাৰ পিছত আমি ‘‘কোটলা ছাপকী’’ নামৰ এটা খেলো খেলিছিলোঁ - সেইটো কলহ ভঙা খেলটোৰ দৰে আছিল৷ পূৰ্ণিমাৰ নিশা মৰুভূমিৰ মাজৰ আমাৰ সেই গাওঁখনৰ মনোমোহা দৃশ্য মোৰ মনত এতিয়াও সজীৱ হৈ আছে৷ ৰূপালী ৰঙৰ বালিৰ সুঁতি বিলাকত লৰা ঢপৰা কৰি আমি বহু ৰাতিলৈকে খেলি আছিলোঁ। ৰাতি ভাত খাবলৈ মাতি মাতিও আমাক আনিব পৰা নাছিল৷ ডকাইতে ধৰি নিয়াৰ ভয় খুউৱা হৈছিল আমাক৷ আমাৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা টোৰা, চুলতান আদি ডকাইতবোৰৰ নামবিলাক আমাৰ মুখস্থ আছিল৷
ডকাইতৰ পিছতে আমাৰ ভয় লাগিছিল বালিৰ ধুমুহালৈ৷ সাধাৰণ বালিৰ ধুমুহা আমাৰ কাৰণে ভাতৰ লগত পানী খোৱাৰ নিচিনা, কিন্তু ‘হানেৰী’, ‘ঝাখাৰ’ আদি ধুমুহা আছিল আমাৰ বাবে দুঃস্বপ্নৰ দৰে। তেনে ধুমুহাত নাক কাণক বালিৰ পৰা বচাবলৈ মূৰটো আঁঠুৰ মাজত সুমুৱাই মাটিত বহি পৰাৰ বাদে আন কোনো উপায় নাছিল৷ একো সময়ত বালিৰ ধুমুহা ইমানেই তীব্ৰ আছিল যে ৰে’লৰ চিৰিকো বালিয়ে ঢাকি পেলাইছিল৷ সেই বালি চাফা নকৰালৈকে ৰে’ল চলোৱাৰ কোনো উপায়েই নাছিল৷ তেনে ধুমুহাৰ পিছত দুদিনমান বতৰ বৰ ফৰকাল আৰু শীতল হৈ পৰিছিল৷ (আগলৈ..)