Sunday, August 26, 2018

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬২)


জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬২)

বান্দৰৰ সমস্যা পেহা বাস কৰা অঞ্চলটোৰ এটা ডাঙৰ সমস্যা৷ আগতে বান্দৰবোৰ ৰাষ্টাটোৰ এইপাৰে নাহিছিল, এতিয়া আহিবলৈ লৈছে৷ সততে জয়াল হৈ থকা গহীন হাবিখন এতিয়া মুকলি হ’ল৷ সেয়ে খাদ্য বিচাৰি পশু-পক্ষী আহি গাওঁ উঠিছেহি৷ ঘৰৰ চৌহদৰ খেতি-বাতিটো বাদেই, সুবিধা পালেই সিহঁত পাকঘৰতো সোমায় আৰু ঢাকি থোৱা ভাত পৰ্যন্ত উদঙাই খায়৷ গছৰ ফল-মূল আম, কঠাল, কল একো নথকা হ’ল৷ কলি অমিতাবোৰৰ যি অৱস্থা কৰে, দেখিলেই চকুপানী ওলায় আহে৷ ভেটা দি বা বান্ধি কিবা প্ৰকাৰে জিকা ভোল এটা ৰাখিলেও কোন টলকত মলুৱা আহি লাগেহি তাৰ একো ঠিক নাই! এদিন গধূলি পেহাই বাৰিচুকৰ ভেন্দিদৰাৰ কামতে লাগি আছিল, হাতত চোকা খন্তি এখন৷ মানুহটো থাকোঁতেই মলুৱাকেইটামান আহি কলি ভেন্দিবোৰ টানিবলৈ লাগিল৷ খঙত পেহাই হাতত থকা খন্তিখনকে দলি মাৰি দিলে৷ মজলীয়া চাইজৰ বান্দৰ এটাৰ মূৰতে লাগিল হ’বলা সেইটো সেইফালেই ঢলি পৰিল৷ বাৰিৰ ঢাপত গাঁত এটা খান্দি পেহাই তাক পুতি থ’লে৷

পিছে চকু-চৰহা কেইটামানে কথাটো সহ্য কৰিব নোৱাৰিলে৷ গাৱঁত মিটিং বহিল – আছামী পেহা, অপৰাধ – বানৰ হত্যা!

-          “পেহা, আপুনি ডাঙৰ অপৰাধ কৰিলে নহয়, বান্দৰটো কিয় মাৰিলে?” – ভাওনাত নাৰদৰ ভাও লোৱা আৰু বাস্তৱতে হাতে কামে সেই আদৰ্শ অনুসৰণ কৰা গাওঁখনৰ শ্ৰেষ্ঠ খলুৱা হিচাপে প্ৰসিদ্ধ মোনাৰামে প্ৰশ্ন আৰম্ভ কৰিলে৷
-          “কিয়, তাতে কি হ’ল? মোৰ খেতি পথাৰ নষ্ট কৰোঁতে ফৰ্মুটি লাগি মৰিল বান্দৰটো, তাতে তোৰ আপত্তি কিহৰ?” – পেহাইও অলপ উষ্মতা প্ৰকাশ কৰি ওলোটাই সুধিলে৷
-          “আপুনি নিশ্চয় জানে যে বান্দৰ আমাৰ পূৰ্বপুৰুষ, আৰু পূৰ্বপুৰুষক হত্যা কৰাটো নৰ-হত্যাৰ সমতূল্য৷”
-          “অ’ হয় নেকি? তহঁতৰ বংশৰ উপৰিপুৰুষসকল যে বান্দৰ মই নাজানিছিলোঁ নহয়৷ আমাৰ বংশতটো কোনো বান্দৰ নাই! মোৰ দেউতাৰ নাম ঠানুৰাম বৰা, ককাদেউতাৰ নাম জীৱেশ্বৰ বৰা, আজো-ককাৰ নাম শিৱৰাম বৰা, আমাৰ বংশত এজনো বান্দৰ নাই ঔ!”

গিৰ্জনি মাৰি ৰাইজে হাঁহি উঠিল৷ ভেচভেচিয়া হৈ ৰঙা-চঙা পৰি মোনাৰাম বহি গ’ল আৰু আনকেইজনমানক উচতনি দিয়া আৰম্ভ কৰিলে৷ শেষত সকলো ফুটুকাৰ ফেন হ’ল, পেহাৰ একো শাস্তি নহ’ল৷

এবাৰ পেহাৰ ঘৰত বিহাৰৰ মানুহ এজন আহি ওলালহি৷ খেতি-বাতিত সহায় কৰি দিম বুলি মানুহজন পেহাৰ ঘৰতে খুতি পুতি বহিল৷ লগত মানুহজনে বান্দৰ এটা লৈ আহিছিল, ৰছী এডালত বান্ধি সেইটো সদায় লগতে লৈ ফুৰায়৷ সুবিধা পালেই বান্দৰটোৱে মানুহজনৰ মূৰ-কান্ধ-কোলাত উঠি থাকে আৰু সৰু সৰু ল’ৰা-ছোৱালীক খেলা দেখুৱায়৷ ইয়াৰ আগতে ন বছৰ মানুহজন কলিকতাত আছিল আৰু তেতিয়াই বান্দৰটোৱা হেনো বাংলা ভাষা বুজিবলৈ লৈছিল৷ সেয়ে বান্দৰটোৰ লগত মানুহজনে বাংলা ভাষাত কথা পাতে৷ – “খিদা পেয়েছ?” মাজে মাজে মানুহজনে সোধে মানে ভোক লাগিছে নেকি! বেছি জোৰকৈ বান্দৰটোক খুৱাবলৈ চেষ্টা কৰিলে বান্দৰটোৱে এটা হাত মুঠি মাৰি ধৰি প্ৰটেষ্ট কৰে – “ইনক্লাৱ জিন্দাবাদ” ধৰণৰ৷ গৰাকীয়ে তেতিয়া বুজি পায় যে তাৰ পেটত ভোক নাই৷ গাৱঁৰ বাৰিত থকা বনৰীয়া বান্দৰজাক আহিলে ঘৰচীয়াটোৱা তধা লাগি জাকটোলৈ চাই থাকে৷

এদিন হঠাতে বান্দৰটো নোহোৱা হ’ল৷ বিহাৰীজনে “কোথাই গ’ খোকা, কোথাই. গ’ খোকা” বুলি চিঞৰি চিঞৰি কান্দিলে৷ একো শুং-সূত্ৰ পোৱা নগ’ল৷ কিন্তু আচৰিত কথা তাৰ পিছতে গাৱঁৰ বান্দৰ জাকৰো  কেইবাদিনলৈ দেখা-দেখি নোহোৱা হ’ল৷ পেহাৰ বাৰিৰ দাঁতিত ৰঙালাও এজোপা ফুলিছিল, এতিয়া কলি পেলাইছে৷ ধানখেৰ দি ঢাকি পেহাই কলিবোৰ বান্দৰৰ নজৰৰ পৰা বচাই থোৱাৰ চেষ্টা কৰিছে! এনেকৈয়ে আৰু কেইদিনমান বান্দৰৰ পৰা বচাই ৰাখিব পাৰিলে পেহাই এইবাৰ ঘৰৰ ৰঙালাও গাওঁখনকো খুৱাব পাৰিব৷

এদিন ৰাতিপুৱা পেহা উঠি অবাক হৈ গ’ল৷ এজাক বান্দৰে জেওৰাখনৰ ওপৰেদি এটা হাতৰ মুঠি ডাঙি প্ৰচেছন কৰি আহিছে – ইনক্লাব জিন্দাবাদ ধৰণে৷ এটা দুটা নহয়, এজাক৷ চকুদুটা ভালদৰে মচি লৈ পেহাই আকৌ দৃশ্যটো চালে৷ সৰ্বনাশ, সেইয়া হাতৰ মুঠি নহয়, এটা হাতে জেওৰাৰ ওপৰত নিজৰ ভাৰসাম্য ৰক্ষা কৰি আনটো হাতত সেইয়া একোটাকৈ পেহাৰ বাৰিৰ ৰঙালাওৰ কলি! দৃশ্যটো সাইলাখ ইনক্লাৱ জিন্দাবাদ-ৰ দৰে৷

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনী মোক কৈছিল মোৰ ভাই মৃদুলে – মৃদুল বৰুৱাই৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)

Sunday, August 19, 2018

জীৱন বাটৰ ৰসঃ অলপ নিজৰ কথাৰে (৬১)












জীৱন বাটৰ ৰসঃ অলপ নিজৰ কথাৰে (৬১)

‘জীৱন বাটৰ ৰস’ নামৰ এইলানি ৰস ৰচনাৰ যোৱ ৬০টা খণ্ডৰ মাত্ৰ দুটা খণ্ড মই লিখিব পৰা নাছিলোঁ৷ এই বছৰৰে ২৫ ফেব্ৰুৱাৰীৰ দিনা হঠাতে শ্ৰীদেৱীৰ মৃত্যু হোৱাৰ দুখত আৰু ১০ জুন তাৰিখে অভিজিত-নিলোৎপলক নিৰ্মমভাবে হত্যা কৰাৰ শোকত অসমবাসী ম্ৰিয়মান হৈ থকাৰ সময়ত৷ আজি তৃতীয়দিন৷

১৬ জুলাই তাৰিখে মই যেতিয়া লগত দুটা শকত বেগ লৈ উত্তৰ কেৰালাৰ কন্নুৰ নামৰ ষ্টেচনটোত সন্ধ্যা সময়ত নামিছিলোহি তেতিয়া বাহিৰত মূষলধাৰে বৰষুণ হৈ আছে, ডবাপিটা বৰষুণৰ লগত হু-হু বতাহ, এয়াৰপৰ্টৰ ভাষাত উইণ্ড স্পীড্‌ ত্ৰিশ নটতকৈও বেছি হ’ব যেন লাগিছে৷ ষ্টেচনৰ এটা প্লেটফৰ্মৰ পৰা সংযোগী দলঙখনেৰে আন এটা প্লেটফৰ্মলৈ যোৱাৰ উপায় নাই, কাৰণ বতাহৰ শক্তিয়ে বৰষুণৰ গতি মাটিৰ প্ৰায় সমান্তৰাল কৰি পেলাইছে! আধাতিতা অৱস্থাত ত্ৰিশ কিলোমিটাৰ দূৰৰ মাট্টানূৰ নামৰ ঠাইখন, য’ত কন্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠটো নিৰ্মান হৈ আছে  গৈ পাইছিলোগৈ তেতিয়া সন্ধ্যা লাগি ভাগিছিল৷ এই বছৰৰে ফেব্ৰুৱাৰী মাহৰ পৰা এই হোটেলখন আৰু ঠাইখনৰ লগত মোৰ চিনাকি৷ মই আহিছিলোঁ বিমানকোঠটো সক্ৰিয় কৰিবলৈ লোৱা অৰেট (ORAT- Operational Readiness and Airport Transfer) নামৰ প্ৰক্ৰিয়াটোৰ নেতৃত্ব দিবলৈ, যিটোৰ দায়িত্ব মই সম্প্ৰতি কাম কৰি থকা প্ৰতিষ্ঠানটোৱে পাইছিল৷ মোক সহায় কৰিবলৈ হায়দৰাবাদ আৰু দিল্লী বিমানকোঠৰ পৰা ছজন সহকৰ্মী আহি সময়ত যোগদান কৰিবহি৷

সেইদিনা গোটেই ৰাতি বৰষুণ হৈয়েই থাকিল৷ তাৰ পিছদিনাও, তাৰ পিছদিনাও, তাৰ পিছদিনাও!
-          এনেকৈ ইয়াত বৰষুণ একেৰাহে হৈয়েই থাকে নেকি?
-          নাথাকে, এইবাৰহে জানো কি হ’ল!

কেৰালাৰ পাৰিপাৰ্শ্বিক দৃশ্য অসমৰ লগত বহুখিনি একে৷ তামোল গছ, নাৰিকল গছ, কল গছ, কঠাল গছ, কচু-ঢেকীয়া-বিহলঙনীৰ জোপোহা আৰু লতাৰে ঢাকি ধৰা ঘৰৰ চৌহদৰে ঠাইখন অসম-অসম লাগে৷ মোৰ কোঠাৰ বাহিৰৰ নাৰিকল গছজোপাত কলহৰ কাণে ঢলা বৰষুণৰ ৰোমান্টিক শব্দই প্ৰথম কেইদিনমান মোক মোহাচ্ছন্ন কৰি ৰাখিছিল, শৈশৱতে গাঁৱৰ ঘৰখনত কটোৱা বৰ্ষামূখৰ দিনবোৰলৈ মনত পৰিছিল৷ লাহে লাহে সেই মোহ প্ৰচণ্ড বিৰক্তিত পৰিণত হ’ল৷ ‘বৃষ্টি পৰে টাপূৰ টুপূৰ’ অনুভৱ ‘জানো বতৰটোৰ গাত কি লাগিল’-লৈ সলনি হ’ল৷

কেৰালা ৰাজ্য্খনৰ পূৱে পশ্চিমঘাট পৰ্বতমালা আৰু পশ্চিমে আৰৱ সাগৰ৷ পৰ্বতৰ ওপৰত পৰা বৰষুণৰ পানী সততে কেৰালাৰ বুকুৱেদি বাগৰি আৰৱ সাগৰলৈ যায়৷ পানীৰ সু-ব্যৱহাৰ কৰিবৰ বাবে কেলালাৰ বুকুৱেদি বৈ যোৱা ৪৪খন নদীৰ ওপৰৰ ৪২ খনতে বান্ধ আছে৷ তাৰ পানী আৰু উৎপাদিত শক্তিয়ে কেৰালাৰ লগতে গাতে লাগি থকা তামিলনাডু আৰু কৰ্ণাটকক প্ৰচুৰ সহায় কৰে৷ এইবাৰ বৰষুণৰ প্ৰভাৱত এই বান্ধবোৰে ধৰি ৰখা পানী ভেটা দি ৰাখিব পৰা ক্ষমতাততৈ বেছি হ’বলৈ আৰম্ভ কৰিলে৷ পেৰিয়াৰ নামৰ নদীখনৰ ওপৰত থকা ইৰুক্কি (Idukki) নামৰ বান্ধটোৰ পানী খুলি দিবলৈ প্ৰশাসন বাধ্য হৈ পৰিল৷ লগে লগে কোচিন এয়াৰপৰ্টকে ধৰি কেৰালাৰ এটা অংশ জলমগ্ন হৈ পৰিল৷ কোচিন এয়াৰপৰ্টটো ২৬ আগষ্টলৈকে বন্ধ কৰি দিবলৈ বাধ্য হ’ল৷ লাহে লাহে আন বান্ধবোৰৰ পানীও খুলি দিব লগা হ’ল৷ ১০০ বছৰীয়া ইতিহাসৰ শ্ৰেষ্ঠ তামসিক বানে কেৰালাত প্ৰলয়ৰ সৃষ্টি কৰিলে৷ একেৰাহে হৈ থকা বৰষুণৰ পানীয়ে কোমল কৰি পেলোৱা বাবে পাহাৰৰ দাঁতিত থকা ঘৰদুৱাৰ তললৈ খহি পৰিবলৈ আৰম্ভ কৰিলে৷ এখন স্কুলৰ ছাত্ৰ-ছাত্ৰী-শিক্ষক সমন্বিতে সকলোকে খহাই তললৈ নমাই নিয়াৰ লোমহৰ্ষক দৃশ্যৰ ভিডিঅ’টো এই লেখাটোৰ লগত আপলোড কৰি দিছোঁ৷

যোৱা শনিবাৰে আমাৰ লগতে কাম কৰি থকা টেফী নামৰ সহকৰ্মীজন উধাতু খাই কোঠাটোলৈ সোমাই আহিল৷ কন্নুৰৰ পৰা এশ কিলোমিটাৰ দূৰত থকা সিহঁতৰ ঘৰত পানী সোমাবলৈ আৰম্ভ কৰিছে! ঘৰত মাক আৰু  এটি শিশুক লৈ তাৰ পত্নী! লৰালৰিকৈ তাক ঘৰলৈ আগবঢ়াই দিলোঁ৷ ৰাতি খবৰ আহিল, সি গৈ কালিকটত ৰৈ আছে, তাৰ আগলৈ যোৱাৰ বাট-পথ সকলো বন্ধ! পিছদিনা সি ঘুৰি আহিল৷ ৰিজিট নামৰ আন এজন সহকৰ্মীয়ে থোকাথোকি মাতেৰে কৈ গ’ল – ঘৈণীয়েক সন্তান-সম্ভৱা, দেওঁবাৰে সি যোৱাৰ কথা আছিল৷ হঠাতে এবুকু পানীত ডুবি থকা তাইক চাঙী এখনত বহুৱাই ওচৰৰ ষ্টেচনটোলৈ লৈ যোৱা হৈছে৷ যদি ৰেইল চলে ৰাতিলৈ তাইক হস্পিটেল থকা ঠাই এখনলৈ স্থানান্তৰিত কৰা হ’ব৷ টেনছিহা নামৰ ছোৱালীজনী সপ্তাহৰ অন্তত ঘৰৈল গৈ এতিয়া সপৰিয়েলে চৰকাৰী আশ্ৰয় শিবিৰত আছে৷ কন্নুৰ এয়াৰপৰ্টটো সাজি আছে এল এণ্ড টি (L&T)নামৰ বিখ্যাত কোম্পানীটোৱে৷ তাৰ দায়িত্বত থকা জি নায়াৰ নামৰ মানুহজন মই থকা হোটেলখনতে থাকে৷ খোৱাৰ সময়ত আমি প্ৰায়েই একেখন টেবুলতে বহোঁ৷ এলেপ্পীৰ পম্পা নামৰ নদীখনৰ দাঁতিত তেখেতৰ মূল ঘৰখন৷ তাত তেখেতৰ একাশী বছৰীয়া মাক আৰু অবিবাহিতা ভণীয়েক থাকে৷ পত্নী আৰু সন্তান থাকে চেন্নাইত৷ এদিন সন্ধ্যা ভণীয়েকে ফোন কৰি ক’লে, পানী আহি এইবাৰ ঘৰলৈ উঠা চিৰিটোৰ ওচৰ পালেহি৷ ৰাতিপুৱা তাই আতুৰ হৈ আকৌ ফোন কৰিলে পানী আহি মজিয়া সোমালহি৷ নায়াৰ চাহাবে লগে লগে তেওঁলোকক এঘৰ আত্মীয়ৰ ঘৰলৈ যাবলৈ উপদেশ দিলে, তেওঁলোকৰ ঘৰ এঢলীয়া পাহাৰ এটাৰ দাঁতিত৷ সেই ঘৰটোৰ বাৰান্দাৰ পৰা মাক-জীয়েকে নিজৰ ঘৰটো পানীৰ তললৈ লাহে লাহে বুৰি গৈ থকা দৃশ্য নিজ চকুৰে চাই থাকিল৷ এসময়ত ঘৰটোৰ ওপৰত থকা ক’লা ৰঙৰ পানী টেংকিটোৰ বাদে আন সকলো অদৃশ্য হৈ গ’ল! কিন্তু কি আচৰিত লাহে লাহে তেওঁলোকে আশ্ৰয় লোৱা আত্মীয়ৰ ঘৰখনলৈও পানী সোমাবলৈ আৰম্ভ কৰিছে৷
-          তাৰ পিছত?
তাৰ পিছত আৰু নায়াৰ চাহাবে কোনো খবৰ নাপায়৷ মোবাইল সেৱা বন্ধ হৈ গ’ল৷ যোগাযোগৰ কোনো ৰাস্তা নাই! পিছদিনা আবেলি খবৰ আহিল সেনা-বাহিনীৰ লোকে তেওঁলোকক উদ্ধাৰ কৰি এটা আশ্ৰয় শিবিৰত ৰাখিছে! গৈ দেখা কৰাৰো কোনো উপায় নাই৷ এসময়ত নায়াৰ চাহাবে হুকহুকাই কান্দি উঠিল – ‘জীৱনৰ সমস্ত উপাৰ্জন পানীৰ লগত উটি গ’ল!’

এমাহতকৈও অধিক সময় বৰষুণ হৈ থকাৰ ব্যতিক্ৰমী কোনো  সাৱধানবাণী বা ভৱিষ্যতবাণী নাছিল৷ বান্ধবোৰৰ পানী এনে বিপৰ্যয়ৰ সময়ত কেনেকৈ পৰিচালনা কৰিব লাগে তাৰে কোনো প্ৰশিক্ষণ এতিয়ালৈকে আমাৰ দেশত আৰম্ভই হোৱা নাই৷ ১৯৭৫ চনত চীনদেশত বেংকো দেম দিজেছটাৰ (Banqiao Dam Disaster) বুলি জনাজাত এটা ঘটনা ঘটিছিল৷ নদী এখনৰ বান্ধ এটা ভাগি পৰাত আঢ়ৈ লাখ লোকৰ সলিল সমাধি ঘটিছিল৷ ২০১১ চনত চহান ৰায় নামৰ লোকজনে ডেম-৯৯৯ (Dam 999) নামৰ এখন হিন্দী ছবি নিৰ্মান কৰি এনে দুৰ্যোগৰ এটা ইংগিত দি জনসাধাৰণক সজাগ কৰাৰ এটা চেষ্টা কৰিছিল৷ চিনেমাখনে কেৰালাৰ সপক্ষে মত পোষন কৰিছে বুলি তামিলনাডু চৰকাৰে ছবিখনৰ প্ৰদৰ্শন তামিলনাডুত বন্ধ কৰি দিছিল৷ একোটা বাস্তৱ সমস্যাক ৰাজনীতিয়ে কেনেকৈ ভ্ৰূক্ষেপ নকৰি জনগনলৈ বিপদ মাতি আনে এইয়া যেন তাৰেই এক নমুনা৷ স্বাস্থ্য, শিক্ষা আৰু প্ৰগতিত দেশৰ ভিতৰতে আগবঢ়ি থকা এই ৰাজ্যখনত এতিয়ালৈকে এই দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যাই দুশ অতিক্ৰম কৰিছে৷ গৃহহীন আৰু সা-সম্পত্তি হানি হোৱাৰ পৰিমান জানিবলৈ আৰু কেইটামান দিন লাগিব৷

কালি তিনি বজাত এটা খবৰ আহিল, উদ্ধাৰকাৰীক সাহায্য দিবলৈ অহা বিমান এখনে কন্নুৰ এয়াৰপৰ্টত অবতৰণ কৰিব৷ বিমানকোঠটো সাজু হৈ উঠিবলৈ এতিয়াও আৰু অন্ততঃ এমাহ সময় বাকী, এৰোড্ৰোম লাইচেঞ্চেই পোৱা নাই! এনে অৱস্থাত বিমান অৱতৰণ কৰোৱাটো বিপদজনকেই নহয়, অপৰাধ!
-          ৰাণ ৱে ?
-          ৰাণ ৱে’টো সজা হৈ গৈছে৷
-          এয়াৰ নেভিগেচন ফেচিলিটি?
-          পৰীক্ষা-নিৰীক্ষা চলি আছে, ওপৰৰ পৰা তললৈ কথা পাতিব পৰাৰ সুবিধা আৰু এয়াৰ পৰ্টটোলৈ আহিব পৰা সুবিধা দুয়োটাই সাজু হৈছে কিন্তু আই-এল-এচ (ILS) নামৰ অৱতৰণ কৰিব পৰা সুবিধাটো এতিয়াও সাজু হোৱা নাই!
-          ৰাণ ৱে’-টো সাজু কৰা, আমি আহি আছো৷

নৌ-সেনা বিভাগৰ স্বয়ং পাইলটজনে ফোন কৰি ক’লে৷ যুদ্ধকালীন ক্ষীপ্ৰতাৰে দৌৰা-দৌৰি আৰম্ভ হ’ল৷ আৰু সঁচাকৈয়ে, আবেলি ছয় বজাৰ আগে আগে নৌ-সেনা বিভাগৰ সৰু চেহেৰাৰ বিমান এখন আহি সৰৱ-নতুন এয়াৰপৰ্টটোত প্ৰথম প্ৰথম লেণ্ড কৰিলেহি! খকুৱালৈ পাত কাটোতে নিখকুৱাই মাটিতে খালেহি!
বহু শুভাকাঙ্খীয়ে ফোন কৰি সুধিছে – ভালে আছনে?
হোটেলত ভাজি পাচলি কমি আহিছে৷ কেৰালালৈ আহিব লগা শ শ ট্ৰাক ৰাস্তাত ৰৈ আছে, পথ মেৰামতি হোৱালৈ৷ আহত দুৰ্গত জনৰ লগত মিলি ভাল দিন অহালৈ আমি সকলোৱে বাট চাই আছোঁ৷ আৰু আটাইতকৈ আনন্দৰ কথা, আজি পুৱাৰ পৰা ৰ’দ ওলোৱা আৰম্ভ হৈছে৷ হাস্য ৰস অহা সংখ্যালৈ থ’লো৷

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)

Sunday, August 12, 2018

জীৱন বাটৰ ৰসঃ সুন্দৰ সেনাপতি (৬০)


জীৱন বাটৰ ৰসঃ সুন্দৰ সেনাপতি (৬০)

যোৱা শতিকাৰ শেষৰ তিনিটা দশকত অসমৰ পৰা বহু ছাত্ৰ-ছাত্ৰী দক্ষিণ ভাৰতলৈ টেকনিকেল শিক্ষা গ্ৰহন কৰিবলৈ যোৱা দেখা গৈছিল৷ সেই সময়ত অসমত তেনে সুবিধা এতিয়াৰ তুলনাত বৰ কম আছিল৷ কোনো কোনো ক্ষেত্ৰত নাছিলেই৷ সেই সময়ত দূৰ-সংযোগ ব্যৱস্থা বা তথ্য-প্ৰযুক্তিৰ বিকাশো একেবাৰে কম আছিল৷ টেলিভিছনৰ প্ৰসাৰ আমাৰ দেশত আৰম্ভ হৈছিল ১৯৮২ চনত অনুষ্ঠিত হোৱা ‘এছিয়াদ গেইমছ’-ৰ সময়ৰ পৰাহে! টেলিভিছন আৰম্ভ হোৱাৰ সময়ৰ কেইটামান আমোদজনক কথা মনত আছে৷ সেই সময়ত একোটা অঞ্চলৰ প্ৰতিজন বাসিন্দাই খবৰ ৰাখিছিল কাৰ ঘৰত কেনেকুৱা টি-ভি আছে আৰু বয়স ভেদে তেনেলোকৰ ঘৰত দৰ্শকৰ ৰূপত প্ৰতিবেশীসকলৰ সঘনে আৱিৰ্ভাৱ হৈছিল৷ যেনে পুৱা চিত্ৰহাৰৰ সময়ত শিশুসকল, আবেলিৰ চিনেমাৰ সময়ত জীয়াৰী-বোৱাৰীসকলক, সন্ধিয়া বাতৰিৰ সময়ত বয়সস্থ সকল ইত্যাদি৷ অলিম্পিক বা তেনে কোনো আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ সময়ত অৱশ্যে বয়স লিংগ আৰু সময়ৰ কোনো বাচ-বিচাৰ নাছিল! টেলিভিছন থকা ঘৰবিলাক অঞ্চলটোৰ একোটা সৰু সৰু চিত্ৰ প্ৰদৰ্শনীগৃহৰ দৰে হৈছিল৷ ভিতৰি ভিতৰি অতিষ্ঠ হৈ পৰিলেও সৌজন্যতাৰ খাতিৰত গৃহস্থসকলে পৰিস্থিতিটো সেইসময়ত মানি ল’বলৈ বাধ্য হৈছিল৷

ঠিক তেনেকুৱা সময়তে আৰম্ভ হ’ল “ৰামায়ন” মহাকাব্যৰ ধাৰাবাহিক সম্প্ৰচাৰ৷ দেওঁবাৰে যেতিয়া ৰামায়নৰ প্ৰচাৰ হয় পথাৰৰ পৰা হাল সামৰি হালোৱা, বজাৰৰ পৰা বজাৰ সামৰি বজৰুৱা, দোকান বন্ধ কৰি দোকানী, পাকঘৰত দুৱাৰ দাং লগাই গৃহিনী টেলিভিছনৰ আগত সমবেত হৈছিল৷ ভক্তি ৰসত জুৰুলি-জুপুৰি হৈ কোনোবাই টেলিভিছনৰ আগত ধূপ-ধূনাও জ্বলাইছিল৷ তেতিয়ালৈকে ৰামায়নৰ কাহিনী মানুহৰ মনত খোপনি পুতিছিল নিজ নিজ মাতৃভাষাৰ ভাব ভাষাৰে৷ টেলিভিছনৰ ৰাম-সীতাই যেতিয়া হিন্দী ভাষাত কথা কোৱা আৰম্ভ কৰিলে, অ-হিন্দীভাষীসকলৰ অখজা লাগিল! তামিলনাডুত ইয়াৰ বিৰোধিতা কৰিবলৈ ৰাজপথত সমদল ওলাল৷ কিছুদিনৰ পিচত এই ছন্দপতন লাহে লাহে ধূসৰ হৈ আহিল আৰু ৰামায়ন চিৰিয়েলখন নিয়মীয়াকৈ চলিবলৈ ল’লে৷ ধাৰাবাহিকখন ইমানেই জনপ্ৰিয় হৈছিল যে ৰামায়ন সম্প্ৰচাৰ হোৱা সময়খিনিত বিদ্যুৎ-সেৱা ব্যাহত হোৱাত বিহাৰৰ এঠাইৰ মানুহে এটা খণ্ড চাবলৈ নাপালে৷ ক্ষোভ আৰু খঙত অন্ধ হৈ সেইঠাইৰ মানুহে বিদ্যুত সেৱা কেন্দ্ৰটোৱেই জ্বলাই দিলেগৈ৷ ৰামায়ন সম্প্ৰচাৰ হৈ থকা সময়ত কেইবাখনো ৰাজ্যৰ ৰাষ্টাত এটাও নৰ-মনিচ দেখা পোৱা নগৈছিল৷ ১৯৮৪ চনত, প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দেহৰক্ষীয়ে গুলিয়াই হত্যা কৰিছিল৷ তেখেতক সমাধিস্থ কৰিবলৈ নিয়া দৃশ্য টেলিভিছনৰ পৰ্দাত পোনপটীয়া সম্প্ৰচাৰ হৈছিল৷ আমাৰ জেঠাইদেউৰ ঘৰত সেই দৃশ্য চাবৰ বাবে ইমানেই মানুহ গোট খালে যে টেলিভিছনটো এখন ডাঙৰ টেবুলৰ ওপৰত থৈ বাৰান্দালৈ উলিয়াই দিব লগা হ’ল ৷ সমগ্ৰ চোতাল মানুহেৰে ভৰপূৰ৷ ওপৰৰ পৰা মূখচোৱা আৰ্চী এখন টেলিভিছনৰ সমূখত আঁৰি লৈ ঘৰৰ মানুহখিনিয়ে টেলিভিছনটোৰ পিছফালে থিয় হৈ আইনাখনত সেই দৃশ্য চাব লগা হৈছিল৷

টেলিভিছনে কৰা এটা ডাঙৰ উপকাৰ হৈছে অ-হিন্দীভাষীলোকসকলক হিন্দী ভাষাটোৰ লগত পোনে পোনে পৰিচয় কৰি দিয়াটো৷ এতিয়া আমাৰ ঘোকোট গাৱঁৰ আইতাৰ দৰে গৃহিনীয়েও বা অশিক্ষিত লোকেও হিন্দী ভাষাটো বুজি পায় আৰু দুই-এটা শব্দ ক’বও পাৰে৷ টেলিভিছনত ধাৰাবাহিক চাবলৈ নোপোৱা হ’লে এনে নহ’লহেঁতেন৷

মই যেতিয়া অসমৰ বাহিৰত পঢ়িবলৈ ওলাই গৈছিলোঁ হিন্দী ভাষা সমূলি বুজি পোৱা নাছিল৷ ক্লাছ ফাইভত হিন্দী ছাৰে (মহেন্দ্ৰ কলিতা ছাৰ) “মে হু, হম হেই” শিকাইছিল৷ সেইয়াই আৰম্ভ আৰু সেইয়াই শেষ৷ বহুদিনলৈ হিন্দী ক’ব লগা পৰিৱেশত পৰিলে মই জ্বৰ ঘমাদি ঘামিছিলোঁ৷ দক্ষিণ ভাৰতত হিন্দী ক’ব নালাগে, ইংৰাজী ক’ব লাগে৷ এইটো আছিল এটা প্ৰধান আকৰ্ষণ৷ প্ৰথমে ভাবিছিলোঁ, মই ইংৰাজী ক’ব পাৰোঁ৷ ৰবীন ছাৰে (ৰবীন বৰকটকী ছাৰ) প্ৰথম প্ৰথম ইংৰাজী শিকাইছিল আৰু ম্ই এশৰ ভিতৰত পঞ্চান্নৱৈ পাইছিলোঁ৷ একেলগতে পঢ়া সহপাঠী সৰস্বতীক ছাৰে এদিন হতাশ হৈ কৈছিল – “নহব বুইছ, কিবা পাকচক্ৰত পৰি যদি বিলাতত গৈ থাকিবলৈ সুবিধা পাৱ, তেতিয়াহলে বেলেগ কথা, নহলে তোৰ জীৱনত ইংৰাজী শিকা নহ’ব, বাদ দে৷”  মই ভাবিলোঁ –‘ মোৰ কিন্তু হ’ব, এশৰ ভিতৰত পঞ্চান্নৱৈ মোৰ৷’ কটন কলেজত লক্ষ্য কৰিলোঁ, দেৱেন দত্ত ছাৰে পঢ়াবলৈ আহি যি ইংৰাজী কয়, মই সমূলি বুজি নাপাওঁ! মোৰটো শুদ্ধ নে ছাৰৰটো শুদ্ধ তলকিবলৈ নৌ- পাওঁতেই মই গৈ তামিলনাডুত উপস্থিত হ’লোগৈ৷ দাক্ষিণাত্যৰ বাহিৰৰ মানুহক তাত “হিন্দী ফেলো” বুলি কয় আৰু হিন্দী ক’লে বেয়া পায়৷ মই ইংৰাজী কোৱা আৰম্ভ কৰিলোঁ৷ আগতে ভাবটো অসমীয়াত সজাই-পৰাই, তাত শুদ্ধভাবে ব্যাকৰণ প্ৰয়োগ কৰি, শব্দ ভাণ্ডাৰৰ পৰা বছা বছা শব্দ বাছি লৈ মুখেৰে মোৰ যি ইংৰাজী ওলায়, লক্ষ্য কৰিলোঁ কোনেও নুবুজে!  আন ভাষাৰ মাজত ইংৰাজী শব্দ লগাই কথা কোৱা বুলি ভাবে৷ মই ইংৰাজীত কিবা কোৱাৰ পিছত বন্ধুসকলে ব্যংগ কৰে – ‘এইবাৰ ইংৰাজীত ক৷’ ‘এম্‌,’ ‘ইজ্‌’ ‘আৰ্‌ ‘-যে মুখ ফুটাই ক’ব নালাগে, ইংৰাজী ভাষাৰ যে এটা লয়  (Rythm)আছে, তাত যে ঠায়ে ঠায়ে জোৰ প্ৰয়োগ কৰিব লাগে (Intonation) সেইবোৰ মই একো নাজানিছিলোঁ৷ লিখিব পাৰিছিলোঁ ঠিকেই, কিন্তু ক’লে কোনেও বুজি নাপায়৷ ভাষাটো শুদ্ধকৈ ক’বৰ বাবে লগা উপাদানৰ এটা কথাও আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নাছিল৷ এবাৰ মঞ্চত উঠি কৈছিলো, - teaching is not a personal affair, it is a way of bilateral contact৷ শ্ৰোতাসকলে হাই হাইকৈ চিঞৰি উঠিল – আমাৰ দেশত নহয়, আমাৰ দেশত নহয়! মইও মঞ্চৰ পৰাই দুগুণ জোৰেৰে চিঞঁৰিলো – আমাৰ দেশত কিয়, সৌৰজগতৰ সৰ্বত্ৰতে হয়! পাছত গম পালোঁ মোৰ ‘teaching’ শব্দটো উচ্চাৰণৰ বিভ্ৰান্তিত শ্ৰোতাসকলে ‘kissing’ বুলি শুনিলে৷ তাৰ অৰ্থটো সাংঘাটিত৷ ভাগ্যে মাৰ নাখালোঁ৷ তাৰ পিছৰ পৰাই s, sh আৰু ch উচ্চাৰণৰ ক্ষেত্ৰত মই আজিও সাৱধান৷

এদিন হঠাতে মোৰ কোঠালৈ মোৰ পৰিচিত পৰিয়াল এটাৰ বাপেক-পুতেক এহাল সোমাই আহিল৷ মই চিনিপোৱা অঞ্চল এটাৰ তেওঁলোক বিত্তৱানলোক৷ এই পুতেকেই আজিৰ ৰসৰ উৎস সুন্দৰ সেনাপতি৷ সুন্দৰে ‘ৰেডিঅ’ অফিচাৰছ কোৰ্ছ’ নামৰ পাঠ্যক্ৰম এটাত নাম লগাবলৈ আহিছিল৷ দেউতাকে তাক মোৰ লগত পৰিচয় কৰি দি বিপদে-আপদে চোৱা চিতা কৰিবলৈ মোক দায়িত্ব দিলে৷ প্ৰথম তেওঁলোকক লগ পোৱা সময়তো আছিল দুপৰীয়া৷ ওচৰতে থকা উদিপী হোটেল নামৰ ৰেষ্টোৰাখনত দুপৰীয়াৰ সাঁজ খুৱাবলৈ মোকো লৈ তেওঁলোক ওলাই আহিল৷ মই লক্ষ্য কৰিলোঁ হোটেলৰ খাদ্যতালিকা চাই অৰ্ডাৰ দিয়া, তাৰ পিছত বিল পৰিশোধ কৰা আদি কামত আগ-ভাগ লৈ সুন্দৰে সাৱলীল ইংৰাজীত কথা পাতিছে৷ সুন্দৰ ভাৱ-ভাষাৰ নিৰ্ভুল ইংৰাজী! তাৰ ওপৰত থকা মোৰ পূৰ্ব-অনুমান মুহুৰ্ততে সলনি হ’ল৷ তাৰ দক্ষতাত মই মুগ্ধ হ’লো৷ লাহে লাহে মই লক্ষ্য কৰিলো সুন্দৰে যেতিয়া ইংৰাজী কয়, বহু ওপৰ ষ্টেণ্ডাৰ্ডৰ ইংৰাজী কয় কিন্তু হঠাতে সি মৌন হৈ যায় আৰু ইয়েছ, নৌ, একজেক্টলী, এবচৌলুটলি্‌ আদি শব্দৰেই বাকীখিনি চলাই নিয়ে৷ উৰহী গছৰ ওৰ এদিন উলিয়াম বুলি দৃঢ় সংকল্প হ’লো যদিও মই মোৰ কক্ষপথত আৰু সি তাৰ কক্ষপথত চলি থাকিলোঁ৷

এদিন সি মোৰ আগত ক’লে- ‘দাদা, ভাষাটোৰ কাৰণে বৰ বিপদ হৈছে, বৰ অসুবিধা পাইছোঁ!’ মই উচপ খাই উঠিলোঁ৷ কিন্তু তুমি দেখোন সুন্দৰ ইংৰাজী কোৱা, মই মনে মনে তোমাক ঈৰ্ষাহে কৰোঁ৷ ধেক্‌-ধেক্‌কৈ হাঁহি সি ক’লে – ‘কি জানে, মই অহাৰ আগে আগে, দেহাতী পুস্তক ভাণ্ডাৰৰ পৰা প্ৰকাশ কৰা ‘স্পীদলি ইংলিছ স্পিকিং কোৰ্ছ’ আৰু ‘ৰেপিড ইংলিছ স্পিকিং কোৰ্ছ’ কিতাপ দুখন মুখস্ত কৰি আহিছোঁ৷ গতিকে কিতাপত থকা পৰিৱেশ পালে মোৰ কোনো চিন্তা নাই৷ কিন্তু তাৰ বাহিৰত কথা ক’ব লগা হ’লেই মই বৰ বিপাঙত পৰোঁ, আপুনিতো জানেই মই বেছি ইংৰাজী শব্দও নাজানোঁ! জোলোঙাৰ মেকুৰী ওলোৱাত মই তাক প্ৰথমে ‘ৱৰ্ড-বুক’ এখন কিনি ল’বলৈ উপদেশ দিলোঁ৷

এবাৰ তাৰ জ্বৰ হৈছিল৷ তাক ডাক্তৰৰ ওচৰলৈ ময়েই লৈ গ’লো৷ তাৰ দৃঢ় বিশ্বাস ৰাতি তাক মহে কামুৰিছিল আৰু তাৰ মেলেৰীয়া হৈছে৷ ডাক্তৰৰ কোঠাটোৰ বাহিৰত মই বহি চাই আছোঁ, সুন্দৰে ডাক্তৰৰ লগত কথা পাতিছে৷ সি প্ৰাণপনে চেষ্টা কৰিছে ডাক্তৰক বুজাবলৈ যে ৰাতি তাক মহে কামুৰিছে৷ “ৰাতি”-ৰ ইংৰাজী শব্দটো তাৰ মনত আছে – নাইট্‌! কিন্তু মহক কি বুলি কয় সেই মূহুৰ্তত তাৰ মনত নপৰেহে নপৰে! বাৰে বাৰে বাফেল’ শব্দটো মনলৈ আহি আছে৷ ডাক্তৰেও উৎসাহ দিছে –‘কৈ যোৱা, কৈ যোৱা৷’ এসময়ত সি নিৰুপায় হৈ নিক্ষেপ কৰি দিলে – ‘নাইট্‌ টাইম, ফ্লাইং বাফেল’ ইটিং মি!’

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)


Saturday, August 4, 2018

জীৱন বাটৰ ৰসঃ বোপাই মেধিৰ প্ৰিয়-খাদ্য (৫৯)


জীৱন বাটৰ ৰসঃ বোপাই মেধিৰ প্ৰিয়-খাদ্য (৫৯)

বোপাই মেধিৰ প্ৰিয়-খাদ্য কি সেইয়া মেধিয়ে বহুত দিনলৈ ঠিকেই কৰিব পৰা নাছিল৷ সৰু থাকোঁতে ‘অৱস্থা চাই ব্যৱস্থা হোৱা’-ত বহু সু-স্বাদু ব্যঞ্জনৰ  সোৱাদ তেতিয়া লোৱাই নহ’ল৷ এতেকে শৈশৱ, কৈশোৰ আৰু যৌৱনৰ দিনত মেধিয়ে বেকত কৰিব পৰাকৈ তেওঁৰ প্ৰিয় খাদ্য একো নাছিল৷ নতুবা কথাটো এনেকৈও ক’ব পাৰি যে সেই দিনবোৰত মেধিৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ বস্তুৰ সোৱাদ প্ৰিয় আছিল৷  ঘৰত এসময়ত আইতাকে পটাত বটা মছলাৰে খৰিৰ চৌকাত পাৰ চৰাইৰ জোল ৰান্ধিছিল৷ সেই সোৱাদৰ তুলনা নাছিল৷ সময় আৰু প্ৰগতিৰ গতিত তেনে খাদ্য এতিয়া লুপ্ত হ’ল৷ স্কুলৰ পৰা আহোঁতে কাৰিকৰৰ দোকানত বাদাম থকা এবিধ দালমূট পোৱা গৈছিল, দহ পইছাতে দু-টেমা দিয়ে৷ স্কুলৰ পৰা ভোকে-ভাগৰে উলটি অহাৰ পৰত সেই দালমূটৰ সোৱাদ আছিল তুলনাবিহীন৷ কলেজৰ পঢ়ি থকা দিনবোৰত হোষ্টেলৰ মেছত সপ্তাহটোত দুদিন বৰঠাকুৰ-শৰ্মাহ’তে মাংসৰ তৰকাৰী বুলি এবিধ ব্যঞ্জন প্ৰস্তুত কৰিছিল৷ মছলাৰ জোখত মাংস আৰু মাংসৰ জোখত মছলা দিয়া হৈছিল৷ কিন্তু কি অনুপম সোৱাদ আছিল তাৰ! আবাসী জীৱনত সেইবিধেই আছিল মেধিৰ প্ৰিয় খাদ্য৷ এবাৰ তেজপুৰত আলহী হৈ থাকোঁতে পেহাৱকে গুৱাহাটীৰ পৰা উভতি অহাৰ বাটত দলগাওঁৰ মিঠাইৰ দোকানৰ পৰা এবিধ মিঠাই আনিছিল, বগা ৰঙৰ চেপেটা-চেপেট্‌৷ জীৱনত প্ৰথম বাৰৰ বাবে পোৱা সেই সোৱাদ আছিল অনুপম– মিঠাইৰ নামটো আছিল কালাকান৷ পিছে কালাকানে সেই মৰ্যাদা বেছিদিন বৰ্তাই চলিব নোৱাৰিলে৷

আৰ্কিমিডিছে হঠাতে বিজ্ঞানৰ সূত্ৰ আৱিস্কাৰ কৰাদি এদিন মেধিয়ে মাজ বয়সত আৱিষ্কাৰ কৰিলে – আছে, তেওঁৰো এবিধ প্ৰিয় খাদ্য আছে! বন্ধত ঘৰলৈ গ’লে বজাৰত সেই বস্তুটো মেধিয়ে বিচাৰি ফুৰে৷ অসমৰ বজাৰতো , অসমৰ বাহিৰৰ বজাৰতো৷ ক’ৰবাত খাবলৈ মাতিলে মেধিয়ে তলে তলে আশা কৰি থাকে – এইটো বা আছেনে নাই! ভোজ, পাৰ্টি আদিৰ মুকলি খাদ্য সম্ভাৰৰ মাজত মেধিৰ চকু দুটাই পিতপিতাই বিচাৰে ফুৰে – আছেনে বস্তুটো! পাছে মেধিৰ প্ৰিয় এইবিধ খাদ্য কাচিৎহে থাকে! তথাপিও মেধিৰ ইমান আগ্ৰহ যেতিয়া ইয়েই মেধিৰ প্ৰিয়-খাদ্য৷

এইবিধ আন একো নহয়, মাছৰ পেটু!

জনাই জানে, বনাব জানিলে মাছৰ পেটুৰ সোৱাদেই সুকীয়া৷ আগৰ জীৱনত মেধিয়ে মাছৰ পেটু খাইছিল নহৰু, পিয়াজ আৰু তেজপাত দি ভাতৰ লগত ভাজি৷  গুৱাহাটীত থকাৰ সময়ত ডাঙৰ মাছৰ পেটু আহিলে ভনীয়েকে কেতিয়াবা বেঙেনা দি ৰান্ধে, বাঃ কি তাৰ জুতি, সাত গোৰ মাৰিলেও মেধিৰ এৰিবৰ মন নাযায়৷ কালক্ৰমত মেধিৰ পৰিবাৰেও পেটু ৰন্ধাৰ কেইবাটাও নতুন পদ্ধতি আৱিষ্কাৰ কৰিলে৷ ভাতৰ লগত ভাজি বা বেঙেনাৰ লগতে ৰান্ধিয়েই নহয়, আৰু কেইবা প্ৰকাৰৰ পেটু-ৰন্ধন-প্ৰকৰণ আৱিষ্কাৰ হ’ল৷ কিন্তু অসুবিধা হ’ল এটা কথাতে, এক বা দুই কিলোগ্ৰাম ওজনৰ মাছৰ পেটত থকা পেটুৰ সৰ্বোচ্চ পৰিমাণ হ’ল ত্ৰিশৰ পৰা আশী গ্ৰামৰ ভিতৰত৷ দুৰ্গা পূজাৰ সময়ত পেলাই দিয়া ফুটা বেলুনৰ নিচিনাটোও লগত ধৰিলে কেতিয়াবা এশ গ্ৰামৰো ওচৰ চাপে৷ চাহিদা অনুসৰি এইয়া একেবাৰেই কম পৰিমান৷ অথচ চাহিদাৰ সমানুপাতিক ভাবে গোটা মাছ কিনাটো সামৰ্থ্য আৰু প্ৰয়োজনৰ বাহিৰত৷ তাৰোপৰি ভাল মাছৰ পেটতহে ভাল পেটু পোৱা যায়৷ বেছি সময় মৰি থকা মাছৰ পেটৰ পেটু অখাদ্য!  তাৰোপৰি টেলিফোনৰ কেবোল বা স্প্ৰিঙ দৰে পেটুমুঠিৰ মাজত কোনডালত বোকা-মাটি থাকে আৰু সেইডাল কেনেকৈ টান মাৰি উলিয়াই আনিব লাগে, পিটটো নফটাকৈ কেনেকৈ উলিয়াই আনিব পাৰি সেই কৌশল জানিবলৈ কিছু অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ প্ৰয়োজন হয়৷

অসমৰ বাহিৰত মাছৰ পেটুক তেল বুলি কয়৷ মাছটো কাটোতে পেটুখিনি পেটৰ পৰা উলিয়াই পেলনীয়া বস্তুৰ মাজলৈ নিৰ্বিকাৰ ভাবে দলি মাৰি দিয়া যায়৷ দৃশ্যটো দেখি মাছ কিনিবলৈ গৈ ওচৰতে ৰৈ থকা মেধিৰ জিভাৰ পানী ওলায় আহে৷ দলি মাৰি দিয়া হাতখন থাপ মাৰি ধৰিবৰ মন যায়৷ পাছে, প্ৰকাশ্যে তেনে কৰা নহয়৷ অন্ধ্ৰ প্ৰদেশ মাছৰ বাবে বিখ্যাত৷ হায়দৰাবাদৰ কেইবাঠাইতো জীয়া মাছ কিনিবলৈ পোৱা যায়৷ পকী টেংক এটাৰ ভিতৰত মাছবোৰ ঘুৰি ফুৰে, গ্ৰাহকে আঙুলিয়াই দিলেই বিক্ৰেতাই সেইটো ধৰি ওজন কৰি কাটি চাফা কৰি দিয়ে৷ মেধিয়ে লক্ষ্য কৰিলে সেই মাছবোৰৰ পেটৰ পৰা উলিয়াই অনা পেটুখিনিৰ দাম আচলতে সোন-ৰূপৰ দৰে হ’ব লাগিছিল, কিন্তু নহ’ল, কাটোতাই পেলনীয়া বস্তুৰ মাজলৈ নিৰ্দয় ভাবে সেইখিনি দলি মাৰি দিয়ে৷ এদিন সুযোগ বুজি মাছ কটা পোহাৰীজনক মেধিয়ে ক’লে – “আমাৰ ঘৰত বিদেশী জাতৰ পোহনীয়া কুকুৰ এজনী আছে, তাই মাছৰ তেল খাই বৰ ভাল পায়৷ পেলাই দিয়া অলপমান তেল দিবা নেকি?” দিলে, মানুহজনে পাঁচটামান মাছৰ পেটু প্লাষ্টিকৰ থৈলা এটাত সুমুৱাই দিলে৷ সেই অভ্যাস কিছুদিন চলি থাকিল৷ কেইমাহমানৰ পিছত এদিন মেধিয়ে পোহাৰীজনক ক’লে – “পেলাইহে দিবা, অলপ সৰহ কৈ ভৰাই দিয়াচোন!” পোহাৰীয়ে সুধিলে- “কিয় ইমানসোপা লাগে?” মেধিয়ে তপৰাই উত্তৰ দিলে- “কুকুৰজনী জগিছে হে’, ধুনীয়া ধুনীয়া পোৱালী তিনিটা হৈছে৷” দিলে, সেইদিনা থৈলাটোৰ ওজন প্ৰায় দুই কিলোগ্ৰাম মান হৈছিল৷ মৰমতে মেধিয়ে পোহাৰীজনৰ হাতত কুৰী টকাৰ নোট এখন গুজি দিলে৷ তাৰ পিছৰ পৰা মেধি মাছ কিনিবলৈ অহাৰ আগতেই পোহাৰীয়ে প্লাষ্টিকৰ থৈলা এটাত সৰহকৈ জীয়া মাছৰ পেটু ভৰাই থোৱা কৰিলে৷ মেধি অহা পলম হ’লে পোহাৰীয়ে মিছ কল দিয়ে! কেতিয়াবা মাছৰ ওজনতকৈ পেটু থকা থৈলাটোৰ ওজন বেছি হয়৷ ঘৈণীয়েকৰ মতে, মেধি আচলতে পেটু কিনিবলৈহে বজাৰলৈ যায়, ভাল নেদেখি কাৰণে লগতে মাছ অকণো আনে!

আজি কিছুবছৰৰ আগতে দিল্লীত থকা অসমীয়ালোক সকলে বিহুৰ সময়ত এসাঁজ লগে ভাগে খোৱাৰ আয়োজন কৰিছিল৷ তালৈকে কোনোবা এটা পৰিয়ালে পেটু ভাজি আনিলে৷ শাৰী শাৰীকৈ থোৱা খাদ্য সম্ভাৰৰ আৰম্ভনিতে সেই মাছৰ পেটুৰ ভাত দি ভজা চৰিয়াটো৷ স্প্ৰিংৰ দৰে সেইবিলাক আছেনে, আছে৷ ফুটা বেলুনৰ দৰে সেইটো – আছে! অকণ অকণ লিভাৰ বিলাক – আছে! খোৱাৰ আগতেই আলেঙে আলেঙে চাই অহা মেধিৰ মুখৰ পৰা হাঁহি নুগুচাই হ’ল৷ চালাদ আৰু পাপৰৰ পিচতেই সেই বহু ইপ্সিত চৰিয়াটো৷ প্ৰতিটো চৰিয়াৰ সিপাৰে একোজনকৈ বিলনীয়া, নিবিলালেও শেন চকু ৰাখি আছে নিজৰ দায়িত্বত থকা পাত্ৰটোত৷ ভাত, দাইল, তৰকাৰীৰ চৰিয়াত একোখনকৈ হেঁতা, কিন্তু পেটুৰ চৰিয়াটোত এখন সৰু চামুচহে! মেধিয়ে খৰকৈ পাঁচ চামুচমান পেটু নিজৰ পাতখনলৈ আনি ল’লে! কোনোবা এজনে মাজতে ক’লে – “আগলৈ যাওক, মাংস আগত আছে৷” মেধিয়ে উত্তৰ দিলে – “মোক নালাগে, আপুনি আগ বাঢ়ক৷” মাজতে আকৌ গৈ সুবিধা বুজি দুই চামুচমান পেটু-ভজা আনি ল’লে৷ চৰিয়াৰ সিপাৰে ৰৈ থকা বিলনীয়াজনে কেঁৰা চকুৰে মেধিলৈ এবাৰ চালে! “বেটাই পেটু বেছিকৈ লোৱাটো দেখিছে কিন্তু মাংসৰ চৰিয়াৰ ওচৰলৈকে যে যোৱা নাই, সেইটো কিন্তু দেখা নাই!” – মেধিয়ে ভোৰ-ভোৰালে৷ শেষৰফাললৈ আকৌ এবাৰ মেধি পেটুৰ চৰিয়াটোলৈ আগবাঢ়িল৷ এচামুচ, দুচামুচ, তৃতিয়বাৰৰ চামুচভাগ পাতত পৰাৰ আগতেই কুৎসিত চেহেৰাৰ বিলনীয়া ল’ৰাটোৱে মাত লগালে – “দাদা, এইবিধ বস্তু ভাজি খোৱাদি নাখায় নহয়, আচাৰ লোৱাদিহে লয়!”

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈছিল মাজনীয়ে – সকলোৰে চিনাকি খুহুতীয়া কথাৰ ভড়াল ৰূপালীমে৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)

Anmol speaks in Debate Competition, 4-Aug-18

https://soundcloud.com/user-866998027/bapu-wins-the-first-prize-in-debate-competition

Anmol wins AWES Cluster Level Debate Competition 4-Aug-18





অসময়ত ববীৰ (পত্নী) পৰা অহা ফোনটোৱে মোক সচকিত কৰি তুলিলে, তেতিয়া আবেলি ৪ মান বাজিছে৷ ববীৰ আবেগ-উৎফুল্লিত মাত - বাপু ফাৰ্ষ্ট হ’ল, ফাৰ্ষ্ট!

বাপু মানে আমাৰ ল’ৰা – আনমোল৷ হায়দৰাবাদৰ “আৰ্মি পাব্লিক স্কুল”-ৰ সি একাদশ শ্ৰেণীৰ ছাত্ৰ৷ “আৰ্মি ৱেলফেয়াৰ ইডুকেচন চচাইটি”-য়ে সৰ্বভাৰতীয় পৰ্য্যায়ত পতা তৰ্ক প্ৰতিযোগীতাৰ আজি আছিল দ্বিতীয় স্তৰৰ প্ৰতিযোগিতা৷ হায়দৰাবাদৰ স্থানীয় স্কুলকেইখনৰ তাৰ্কিক সকলক ইতিমধ্যেই পৰাস্ত কৰি সি সাজু হৈ আছিল, আজি দক্ষিণ মণ্ডলৰ স্কুলসমূহৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাটোত  সি জিকি আহিল৷ চেন্নাই আৰু বাংগালোৰৰ স্কুলৰ পৰা অহাসকল এই প্ৰতিযোগিতাৰ পৰা এইবাৰলৈ বাহিৰ ওলাল৷ স্কুলখনে তাক প্ৰস্তুত কৰিবলৈ লোৱা কঠিন পদ্ধতিত কষ্ট পাই সি ভিতৰি ভিতৰি ক্ষুন্ন হৈ আছিল৷  

এতিয়া হেনো দেশৰ আন আন মণ্ডলৰ পৰা জিকি অহা পাঁচজন প্ৰতিযোগীৰ মাজত যুদ্ধ হব৷ আৰু যদি জিকে সি হেনো দেশৰ “শ্ৰেষ্ঠতম তাৰ্কিক”ৰ সন্মান পাব, আৰু নোৱাৰিলেওটো পাঁচটাৰ ভিতৰত নামটো আহিলেই! (স্কুলতে পঢ়া গৌৰৱ নামৰ পাঠটোলৈ মনত পৰিল, মানুহৰ সকলো সময়তে গৌৰৱ আৰু অহংকাৰ কৰিবলৈ কিবা নহয় কিবা এটা সমল থাকেই!)

বৈদ্যুতিক মাধ্যমেৰে ল’ৰা-ছোৱালীক ডাঙৰ কৰা আৰু সুখ-দুখ উপভোগ কৰা দিন আহি পৰিল৷ কেৰালাৰ পৰা মোবাইল ফোনেৰে কথা পাতিলোঁ, ৱাটছআপত ফটো চালোঁ আৰু এইয়া ফে’চবুকত আপোনাৰ লগত ‘চেলিব্ৰেট’ কৰিছোঁ… (তাৰ মাতটো এই লিংকটোত শুনিব পাৰিব - https://soundcloud.com/user-866998027/bapu-wins-the-first-prize-in-debate-competition)

Untimely phone call from Bobby (my wife) alerted me, it was about 4 p.m. in the afternoon. Her voice with ecstasy came in – “Bapu won the first prize, the first!”

Bapu is our elder son – Anmol. He studies in eleventh class in Army Public School, Hyderabad. This is the cluster level national competition organized by Army Welfare Education Society. He was ready after winning the first level amongst the local schools at Hyderabad. Today he headed the race in the region defeating his counterparts from many cities like Chennai, Bengaluru etc. He was not at all happy for the tough discipline the school has adopted to prepare him.

Now, the next level competition will be held amongst the five region in India. If he wins, he would be the best Debater in the country, and if not, already one amongst the best five! (It reminded me a lesson from my school days where it taught that every individual has ample of reasons to be proud at any occasion.)

This is perhaps the time- for parenting and for sharing happiness and sorrows, electronically! I talked to him from Kerala through mobile phone, watched the snaps through whatsapp and now am celebrating the occasion with you by Facebook….. (His voice may be reached at this link https://soundcloud.com/user-866998027/bapu-wins-the-first-prize-in-debate-competition)