Sunday, August 26, 2018

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬২)


জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬২)

বান্দৰৰ সমস্যা পেহা বাস কৰা অঞ্চলটোৰ এটা ডাঙৰ সমস্যা৷ আগতে বান্দৰবোৰ ৰাষ্টাটোৰ এইপাৰে নাহিছিল, এতিয়া আহিবলৈ লৈছে৷ সততে জয়াল হৈ থকা গহীন হাবিখন এতিয়া মুকলি হ’ল৷ সেয়ে খাদ্য বিচাৰি পশু-পক্ষী আহি গাওঁ উঠিছেহি৷ ঘৰৰ চৌহদৰ খেতি-বাতিটো বাদেই, সুবিধা পালেই সিহঁত পাকঘৰতো সোমায় আৰু ঢাকি থোৱা ভাত পৰ্যন্ত উদঙাই খায়৷ গছৰ ফল-মূল আম, কঠাল, কল একো নথকা হ’ল৷ কলি অমিতাবোৰৰ যি অৱস্থা কৰে, দেখিলেই চকুপানী ওলায় আহে৷ ভেটা দি বা বান্ধি কিবা প্ৰকাৰে জিকা ভোল এটা ৰাখিলেও কোন টলকত মলুৱা আহি লাগেহি তাৰ একো ঠিক নাই! এদিন গধূলি পেহাই বাৰিচুকৰ ভেন্দিদৰাৰ কামতে লাগি আছিল, হাতত চোকা খন্তি এখন৷ মানুহটো থাকোঁতেই মলুৱাকেইটামান আহি কলি ভেন্দিবোৰ টানিবলৈ লাগিল৷ খঙত পেহাই হাতত থকা খন্তিখনকে দলি মাৰি দিলে৷ মজলীয়া চাইজৰ বান্দৰ এটাৰ মূৰতে লাগিল হ’বলা সেইটো সেইফালেই ঢলি পৰিল৷ বাৰিৰ ঢাপত গাঁত এটা খান্দি পেহাই তাক পুতি থ’লে৷

পিছে চকু-চৰহা কেইটামানে কথাটো সহ্য কৰিব নোৱাৰিলে৷ গাৱঁত মিটিং বহিল – আছামী পেহা, অপৰাধ – বানৰ হত্যা!

-          “পেহা, আপুনি ডাঙৰ অপৰাধ কৰিলে নহয়, বান্দৰটো কিয় মাৰিলে?” – ভাওনাত নাৰদৰ ভাও লোৱা আৰু বাস্তৱতে হাতে কামে সেই আদৰ্শ অনুসৰণ কৰা গাওঁখনৰ শ্ৰেষ্ঠ খলুৱা হিচাপে প্ৰসিদ্ধ মোনাৰামে প্ৰশ্ন আৰম্ভ কৰিলে৷
-          “কিয়, তাতে কি হ’ল? মোৰ খেতি পথাৰ নষ্ট কৰোঁতে ফৰ্মুটি লাগি মৰিল বান্দৰটো, তাতে তোৰ আপত্তি কিহৰ?” – পেহাইও অলপ উষ্মতা প্ৰকাশ কৰি ওলোটাই সুধিলে৷
-          “আপুনি নিশ্চয় জানে যে বান্দৰ আমাৰ পূৰ্বপুৰুষ, আৰু পূৰ্বপুৰুষক হত্যা কৰাটো নৰ-হত্যাৰ সমতূল্য৷”
-          “অ’ হয় নেকি? তহঁতৰ বংশৰ উপৰিপুৰুষসকল যে বান্দৰ মই নাজানিছিলোঁ নহয়৷ আমাৰ বংশতটো কোনো বান্দৰ নাই! মোৰ দেউতাৰ নাম ঠানুৰাম বৰা, ককাদেউতাৰ নাম জীৱেশ্বৰ বৰা, আজো-ককাৰ নাম শিৱৰাম বৰা, আমাৰ বংশত এজনো বান্দৰ নাই ঔ!”

গিৰ্জনি মাৰি ৰাইজে হাঁহি উঠিল৷ ভেচভেচিয়া হৈ ৰঙা-চঙা পৰি মোনাৰাম বহি গ’ল আৰু আনকেইজনমানক উচতনি দিয়া আৰম্ভ কৰিলে৷ শেষত সকলো ফুটুকাৰ ফেন হ’ল, পেহাৰ একো শাস্তি নহ’ল৷

এবাৰ পেহাৰ ঘৰত বিহাৰৰ মানুহ এজন আহি ওলালহি৷ খেতি-বাতিত সহায় কৰি দিম বুলি মানুহজন পেহাৰ ঘৰতে খুতি পুতি বহিল৷ লগত মানুহজনে বান্দৰ এটা লৈ আহিছিল, ৰছী এডালত বান্ধি সেইটো সদায় লগতে লৈ ফুৰায়৷ সুবিধা পালেই বান্দৰটোৱে মানুহজনৰ মূৰ-কান্ধ-কোলাত উঠি থাকে আৰু সৰু সৰু ল’ৰা-ছোৱালীক খেলা দেখুৱায়৷ ইয়াৰ আগতে ন বছৰ মানুহজন কলিকতাত আছিল আৰু তেতিয়াই বান্দৰটোৱা হেনো বাংলা ভাষা বুজিবলৈ লৈছিল৷ সেয়ে বান্দৰটোৰ লগত মানুহজনে বাংলা ভাষাত কথা পাতে৷ – “খিদা পেয়েছ?” মাজে মাজে মানুহজনে সোধে মানে ভোক লাগিছে নেকি! বেছি জোৰকৈ বান্দৰটোক খুৱাবলৈ চেষ্টা কৰিলে বান্দৰটোৱে এটা হাত মুঠি মাৰি ধৰি প্ৰটেষ্ট কৰে – “ইনক্লাৱ জিন্দাবাদ” ধৰণৰ৷ গৰাকীয়ে তেতিয়া বুজি পায় যে তাৰ পেটত ভোক নাই৷ গাৱঁৰ বাৰিত থকা বনৰীয়া বান্দৰজাক আহিলে ঘৰচীয়াটোৱা তধা লাগি জাকটোলৈ চাই থাকে৷

এদিন হঠাতে বান্দৰটো নোহোৱা হ’ল৷ বিহাৰীজনে “কোথাই গ’ খোকা, কোথাই. গ’ খোকা” বুলি চিঞৰি চিঞৰি কান্দিলে৷ একো শুং-সূত্ৰ পোৱা নগ’ল৷ কিন্তু আচৰিত কথা তাৰ পিছতে গাৱঁৰ বান্দৰ জাকৰো  কেইবাদিনলৈ দেখা-দেখি নোহোৱা হ’ল৷ পেহাৰ বাৰিৰ দাঁতিত ৰঙালাও এজোপা ফুলিছিল, এতিয়া কলি পেলাইছে৷ ধানখেৰ দি ঢাকি পেহাই কলিবোৰ বান্দৰৰ নজৰৰ পৰা বচাই থোৱাৰ চেষ্টা কৰিছে! এনেকৈয়ে আৰু কেইদিনমান বান্দৰৰ পৰা বচাই ৰাখিব পাৰিলে পেহাই এইবাৰ ঘৰৰ ৰঙালাও গাওঁখনকো খুৱাব পাৰিব৷

এদিন ৰাতিপুৱা পেহা উঠি অবাক হৈ গ’ল৷ এজাক বান্দৰে জেওৰাখনৰ ওপৰেদি এটা হাতৰ মুঠি ডাঙি প্ৰচেছন কৰি আহিছে – ইনক্লাব জিন্দাবাদ ধৰণে৷ এটা দুটা নহয়, এজাক৷ চকুদুটা ভালদৰে মচি লৈ পেহাই আকৌ দৃশ্যটো চালে৷ সৰ্বনাশ, সেইয়া হাতৰ মুঠি নহয়, এটা হাতে জেওৰাৰ ওপৰত নিজৰ ভাৰসাম্য ৰক্ষা কৰি আনটো হাতত সেইয়া একোটাকৈ পেহাৰ বাৰিৰ ৰঙালাওৰ কলি! দৃশ্যটো সাইলাখ ইনক্লাৱ জিন্দাবাদ-ৰ দৰে৷

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনী মোক কৈছিল মোৰ ভাই মৃদুলে – মৃদুল বৰুৱাই৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)

No comments:

Post a Comment