জীৱন
বাটৰ ৰসঃ বোপাই মেধিৰ প্ৰিয়-খাদ্য (৫৯)
বোপাই
মেধিৰ প্ৰিয়-খাদ্য কি সেইয়া মেধিয়ে বহুত দিনলৈ ঠিকেই কৰিব পৰা নাছিল৷ সৰু থাকোঁতে
‘অৱস্থা চাই ব্যৱস্থা হোৱা’-ত বহু সু-স্বাদু ব্যঞ্জনৰ সোৱাদ তেতিয়া লোৱাই নহ’ল৷ এতেকে শৈশৱ, কৈশোৰ আৰু
যৌৱনৰ দিনত মেধিয়ে বেকত কৰিব পৰাকৈ তেওঁৰ প্ৰিয় খাদ্য একো নাছিল৷ নতুবা কথাটো এনেকৈও
ক’ব পাৰি যে সেই দিনবোৰত মেধিৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ বস্তুৰ সোৱাদ প্ৰিয়
আছিল৷ ঘৰত এসময়ত আইতাকে পটাত বটা মছলাৰে খৰিৰ
চৌকাত পাৰ চৰাইৰ জোল ৰান্ধিছিল৷ সেই সোৱাদৰ তুলনা নাছিল৷ সময় আৰু প্ৰগতিৰ গতিত তেনে
খাদ্য এতিয়া লুপ্ত হ’ল৷ স্কুলৰ পৰা আহোঁতে কাৰিকৰৰ দোকানত বাদাম থকা এবিধ দালমূট
পোৱা গৈছিল, দহ পইছাতে দু-টেমা দিয়ে৷ স্কুলৰ পৰা ভোকে-ভাগৰে উলটি অহাৰ পৰত সেই দালমূটৰ
সোৱাদ আছিল তুলনাবিহীন৷ কলেজৰ পঢ়ি থকা দিনবোৰত হোষ্টেলৰ মেছত সপ্তাহটোত দুদিন
বৰঠাকুৰ-শৰ্মাহ’তে মাংসৰ তৰকাৰী বুলি এবিধ ব্যঞ্জন প্ৰস্তুত কৰিছিল৷ মছলাৰ জোখত মাংস
আৰু মাংসৰ জোখত মছলা দিয়া হৈছিল৷ কিন্তু কি অনুপম সোৱাদ আছিল তাৰ! আবাসী জীৱনত সেইবিধেই
আছিল মেধিৰ প্ৰিয় খাদ্য৷ এবাৰ তেজপুৰত আলহী হৈ থাকোঁতে পেহাৱকে গুৱাহাটীৰ পৰা উভতি
অহাৰ বাটত দলগাওঁৰ মিঠাইৰ দোকানৰ পৰা এবিধ মিঠাই আনিছিল, বগা ৰঙৰ চেপেটা-চেপেট্৷
জীৱনত প্ৰথম বাৰৰ বাবে পোৱা সেই সোৱাদ আছিল অনুপম– মিঠাইৰ নামটো আছিল কালাকান৷ পিছে
কালাকানে সেই মৰ্যাদা বেছিদিন বৰ্তাই চলিব নোৱাৰিলে৷
আৰ্কিমিডিছে
হঠাতে বিজ্ঞানৰ সূত্ৰ আৱিস্কাৰ কৰাদি এদিন মেধিয়ে মাজ বয়সত আৱিষ্কাৰ কৰিলে – আছে, তেওঁৰো
এবিধ প্ৰিয় খাদ্য আছে! বন্ধত ঘৰলৈ গ’লে বজাৰত সেই বস্তুটো মেধিয়ে বিচাৰি ফুৰে৷ অসমৰ
বজাৰতো , অসমৰ বাহিৰৰ বজাৰতো৷ ক’ৰবাত খাবলৈ মাতিলে মেধিয়ে তলে তলে আশা কৰি থাকে –
এইটো বা আছেনে নাই! ভোজ, পাৰ্টি আদিৰ মুকলি খাদ্য সম্ভাৰৰ মাজত মেধিৰ চকু দুটাই পিতপিতাই
বিচাৰে ফুৰে – আছেনে বস্তুটো! পাছে মেধিৰ প্ৰিয় এইবিধ খাদ্য কাচিৎহে থাকে! তথাপিও
মেধিৰ ইমান আগ্ৰহ যেতিয়া ইয়েই মেধিৰ প্ৰিয়-খাদ্য৷
এইবিধ
আন একো নহয়, মাছৰ পেটু!
জনাই
জানে, বনাব জানিলে মাছৰ পেটুৰ সোৱাদেই সুকীয়া৷ আগৰ জীৱনত মেধিয়ে মাছৰ পেটু খাইছিল
নহৰু, পিয়াজ আৰু তেজপাত দি ভাতৰ লগত ভাজি৷ গুৱাহাটীত থকাৰ সময়ত ডাঙৰ মাছৰ পেটু আহিলে ভনীয়েকে
কেতিয়াবা বেঙেনা দি ৰান্ধে, বাঃ কি তাৰ জুতি, সাত গোৰ মাৰিলেও মেধিৰ এৰিবৰ মন নাযায়৷
কালক্ৰমত মেধিৰ পৰিবাৰেও পেটু ৰন্ধাৰ কেইবাটাও নতুন পদ্ধতি আৱিষ্কাৰ কৰিলে৷ ভাতৰ লগত
ভাজি বা বেঙেনাৰ লগতে ৰান্ধিয়েই নহয়, আৰু কেইবা প্ৰকাৰৰ পেটু-ৰন্ধন-প্ৰকৰণ আৱিষ্কাৰ
হ’ল৷ কিন্তু অসুবিধা হ’ল এটা কথাতে, এক বা দুই কিলোগ্ৰাম ওজনৰ মাছৰ পেটত থকা পেটুৰ
সৰ্বোচ্চ পৰিমাণ হ’ল ত্ৰিশৰ পৰা আশী গ্ৰামৰ ভিতৰত৷ দুৰ্গা পূজাৰ সময়ত পেলাই দিয়া ফুটা
বেলুনৰ নিচিনাটোও লগত ধৰিলে কেতিয়াবা এশ গ্ৰামৰো ওচৰ চাপে৷ চাহিদা অনুসৰি এইয়া একেবাৰেই
কম পৰিমান৷ অথচ চাহিদাৰ সমানুপাতিক ভাবে গোটা মাছ কিনাটো সামৰ্থ্য আৰু প্ৰয়োজনৰ
বাহিৰত৷ তাৰোপৰি ভাল মাছৰ পেটতহে ভাল পেটু পোৱা যায়৷ বেছি সময় মৰি থকা মাছৰ পেটৰ
পেটু অখাদ্য! তাৰোপৰি টেলিফোনৰ কেবোল বা
স্প্ৰিঙ দৰে পেটুমুঠিৰ মাজত কোনডালত বোকা-মাটি থাকে আৰু সেইডাল কেনেকৈ টান মাৰি উলিয়াই
আনিব লাগে, পিটটো নফটাকৈ কেনেকৈ উলিয়াই আনিব পাৰি সেই কৌশল জানিবলৈ কিছু অভিজ্ঞতা
আৰু প্ৰশিক্ষণৰ প্ৰয়োজন হয়৷
অসমৰ
বাহিৰত মাছৰ পেটুক তেল বুলি কয়৷ মাছটো কাটোতে পেটুখিনি পেটৰ পৰা উলিয়াই পেলনীয়া বস্তুৰ
মাজলৈ নিৰ্বিকাৰ ভাবে দলি মাৰি দিয়া যায়৷ দৃশ্যটো দেখি মাছ কিনিবলৈ গৈ ওচৰতে ৰৈ থকা
মেধিৰ জিভাৰ পানী ওলায় আহে৷ দলি মাৰি দিয়া হাতখন থাপ মাৰি ধৰিবৰ মন যায়৷ পাছে, প্ৰকাশ্যে
তেনে কৰা নহয়৷ অন্ধ্ৰ প্ৰদেশ মাছৰ বাবে বিখ্যাত৷ হায়দৰাবাদৰ কেইবাঠাইতো জীয়া মাছ কিনিবলৈ
পোৱা যায়৷ পকী টেংক এটাৰ ভিতৰত মাছবোৰ ঘুৰি ফুৰে, গ্ৰাহকে আঙুলিয়াই দিলেই বিক্ৰেতাই
সেইটো ধৰি ওজন কৰি কাটি চাফা কৰি দিয়ে৷ মেধিয়ে লক্ষ্য কৰিলে সেই মাছবোৰৰ পেটৰ পৰা
উলিয়াই অনা পেটুখিনিৰ দাম আচলতে সোন-ৰূপৰ দৰে হ’ব লাগিছিল, কিন্তু নহ’ল, কাটোতাই
পেলনীয়া বস্তুৰ মাজলৈ নিৰ্দয় ভাবে সেইখিনি দলি মাৰি দিয়ে৷ এদিন সুযোগ বুজি মাছ কটা
পোহাৰীজনক মেধিয়ে ক’লে – “আমাৰ ঘৰত বিদেশী জাতৰ পোহনীয়া কুকুৰ এজনী আছে, তাই মাছৰ
তেল খাই বৰ ভাল পায়৷ পেলাই দিয়া অলপমান তেল দিবা নেকি?” দিলে, মানুহজনে পাঁচটামান মাছৰ
পেটু প্লাষ্টিকৰ থৈলা এটাত সুমুৱাই দিলে৷ সেই অভ্যাস কিছুদিন চলি থাকিল৷ কেইমাহমানৰ
পিছত এদিন মেধিয়ে পোহাৰীজনক ক’লে – “পেলাইহে দিবা, অলপ সৰহ কৈ ভৰাই দিয়াচোন!” পোহাৰীয়ে
সুধিলে- “কিয় ইমানসোপা লাগে?” মেধিয়ে তপৰাই উত্তৰ দিলে- “কুকুৰজনী জগিছে হে’, ধুনীয়া
ধুনীয়া পোৱালী তিনিটা হৈছে৷” দিলে, সেইদিনা থৈলাটোৰ ওজন প্ৰায় দুই কিলোগ্ৰাম মান
হৈছিল৷ মৰমতে মেধিয়ে পোহাৰীজনৰ হাতত কুৰী টকাৰ নোট এখন গুজি দিলে৷ তাৰ পিছৰ পৰা মেধি
মাছ কিনিবলৈ অহাৰ আগতেই পোহাৰীয়ে প্লাষ্টিকৰ থৈলা এটাত সৰহকৈ জীয়া মাছৰ পেটু ভৰাই
থোৱা কৰিলে৷ মেধি অহা পলম হ’লে পোহাৰীয়ে মিছ কল দিয়ে! কেতিয়াবা মাছৰ ওজনতকৈ পেটু
থকা থৈলাটোৰ ওজন বেছি হয়৷ ঘৈণীয়েকৰ মতে, মেধি আচলতে পেটু কিনিবলৈহে বজাৰলৈ যায়, ভাল
নেদেখি কাৰণে লগতে মাছ অকণো আনে!
আজি
কিছুবছৰৰ আগতে দিল্লীত থকা অসমীয়ালোক সকলে বিহুৰ সময়ত এসাঁজ লগে ভাগে খোৱাৰ আয়োজন
কৰিছিল৷ তালৈকে কোনোবা এটা পৰিয়ালে পেটু ভাজি আনিলে৷ শাৰী শাৰীকৈ থোৱা খাদ্য সম্ভাৰৰ
আৰম্ভনিতে সেই মাছৰ পেটুৰ ভাত দি ভজা চৰিয়াটো৷ স্প্ৰিংৰ দৰে সেইবিলাক আছেনে, আছে৷
ফুটা বেলুনৰ দৰে সেইটো – আছে! অকণ অকণ লিভাৰ বিলাক – আছে! খোৱাৰ আগতেই আলেঙে আলেঙে
চাই অহা মেধিৰ মুখৰ পৰা হাঁহি নুগুচাই হ’ল৷ চালাদ আৰু পাপৰৰ পিচতেই সেই বহু ইপ্সিত
চৰিয়াটো৷ প্ৰতিটো চৰিয়াৰ সিপাৰে একোজনকৈ বিলনীয়া, নিবিলালেও শেন চকু ৰাখি আছে নিজৰ
দায়িত্বত থকা পাত্ৰটোত৷ ভাত, দাইল, তৰকাৰীৰ চৰিয়াত একোখনকৈ হেঁতা, কিন্তু পেটুৰ চৰিয়াটোত
এখন সৰু চামুচহে! মেধিয়ে খৰকৈ পাঁচ চামুচমান পেটু নিজৰ পাতখনলৈ আনি ল’লে! কোনোবা
এজনে মাজতে ক’লে – “আগলৈ যাওক, মাংস আগত আছে৷” মেধিয়ে উত্তৰ দিলে – “মোক নালাগে, আপুনি
আগ বাঢ়ক৷” মাজতে আকৌ গৈ সুবিধা বুজি দুই চামুচমান পেটু-ভজা আনি ল’লে৷ চৰিয়াৰ সিপাৰে
ৰৈ থকা বিলনীয়াজনে কেঁৰা চকুৰে মেধিলৈ এবাৰ চালে! “বেটাই পেটু বেছিকৈ লোৱাটো দেখিছে
কিন্তু মাংসৰ চৰিয়াৰ ওচৰলৈকে যে যোৱা নাই, সেইটো কিন্তু দেখা নাই!” – মেধিয়ে ভোৰ-ভোৰালে৷
শেষৰফাললৈ আকৌ এবাৰ মেধি পেটুৰ চৰিয়াটোলৈ আগবাঢ়িল৷ এচামুচ, দুচামুচ, তৃতিয়বাৰৰ চামুচভাগ
পাতত পৰাৰ আগতেই কুৎসিত চেহেৰাৰ বিলনীয়া ল’ৰাটোৱে মাত লগালে – “দাদা, এইবিধ বস্তু
ভাজি খোৱাদি নাখায় নহয়, আচাৰ লোৱাদিহে লয়!”
(“জীৱন বাটৰ
ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত
– অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈছিল মাজনীয়ে – সকলোৰে চিনাকি
খুহুতীয়া কথাৰ ভড়াল ৰূপালীমে৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব-
http://utpalbaruah.blogspot.com)
No comments:
Post a Comment