Saturday, March 31, 2018

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪২)

 জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪২)


পুৱাই শিলঘৰীয়া মাছ এটা লৈ লাচিত ওলালহি৷

আমাৰ অঞ্চলটোত লাচিতক নিচিনা মানুহ নাই৷ পুখুৰীৰ পানী দেখিয়েই লাচিতে কৈ দিব পাৰে তাত কিমান ডাঙৰ আৰু কি মাছ আছে৷ মৰা মাছ একোটা দেখি কৈ দিব পাৰে মাছটোৰ কিমান সময়ত মৃত্যু ঘটিছে৷ লাচিত যেতিয়া মাছৰ বজাৰত বহে, বজাৰখনৰ ৰঙেই সলনি হৈ যায়, তেওঁৰ মাত-কথাই ঠাইডোখৰলৈ এটা বেলেগ উত্তাপ আনি দিয়ে৷ গ্ৰাহকক ওচৰলৈ মতাৰ কৌশলো তেওঁৰ বেলেগ – আহক জোঁৱাই, বলিয়ৰা আছে, এক্কেবাৰে টাটকা, নহলে ভাঙন ল’ব নেকি, চালিয়া চাপৰিৰ পুখুৰী এটা মাৰিলো আজি, ঐ, জোঁৱাইলৈ আধাকেজি-আধাকেজি দুয়োবিধৰে তোল, ভাল চাই চাই দিবি৷ এই দেওঁবাৰে তেওঁ যাক জোঁৱাই বুলি মাতে পিচৰ দেওঁবাৰে সেই একেজনকে জেঠেৰী, খুলশালী বা শালপতি বুলি চিঞৰিবও পাৰে৷ ডেকাচামৰ কাৰোবাক মইনা, বাবাটো, পোনাকণ আদি৷ লাজতে কম বয়সীয়া গ্ৰাহকে যি পাইছে তাকে সাউতকৈ কিনি লাচিতৰ আগৰপৰা অন্তৰ্ধান হোৱাই শ্ৰেয় বুলি ভাবে৷ বয়সস্থ একোজনে আকৌ কেতিয়াবা ওলোটাই দাবী দিয়ে – ঐ, তই মুখখন বজাই নাথাকিবিচোন, মোৰ চকু আছে নহয়৷ লাচিত সদায় বজাৰলৈ নাহে৷ কেতিয়াবা তেওঁ বুজন আকাৰৰ মাছ একোটা লৈ পুৱাই গঞাৰ ঘৰ ওলাইগৈ৷ চাইকেলখনৰ পৰা নামিয়েই গৃহিনীক আদেশ দিয়ে – বদৌ, ব’ঠিখন উলিয়াই দিয়কচোন৷ তাৰপিছত তেওঁ মাছ কটাত লাগে৷ ঘৰৰ কোনোবাই যদি কয়, এহ্‌ এইটো দেখোন মৰা মাছ, পেটটো ফুটি আছে! লাচিতে তপৰাই উত্তৰ দিয়ে, মই চাইকেলৰ ষ্টেণ্ডডাল লগাঁওতেহে জীৱটো ওলাইছে, চাওকচোন, গাৰ উম্‌ আছেই, এইটো পানীৰ তলৰ জোঙত খোচ খোৱাৰ দাগ্‌!

সেইদিনা লাচিতে মাছটো কাটি থাকোঁতে মই আইতাৰ লগত আমাৰ ছাগলীজনী খীৰোৱা কামত ব্যস্ত আছিলোঁ৷ মাছটো কাটি হোৱাৰ পিছত, হাতধোৱা পানীখিনি ভঁৰালঘৰটোৰ বেৰখনত দুবাৰমান ছতিয়াই লৈ, লাচিত আমাৰ ওচৰ চাপিল৷
-          কিমান দিয়ে আইতা? – বিশেষজ্ঞৰ দৰে লাচিতে সুধিলে৷
-          এপোৱামান ওলায় কেতিয়াবা, নহলে পাঁচ চটাক মান, ল’ছালি কেইটাৰ মুখত দিবলৈকে আঁটে কি নাটে!
-          চাওঁ উঠক, মোক দিয়ক৷

আইতাৰ হাতৰ পৰা মগটো লৈ লাচিত এইবাৰ ছাগলী গাখীৰ খীৰাবলৈ বহিল৷ 

গৰু খীৰোৱা আৰু ছাগলী খীৰোৱাৰ মাজত এটা পাৰ্থক্য আছে৷ গাই খীৰাই থাকোঁতে মাজতে দামূৰীটোক এবাৰ পিবলৈ দিব লাগে, তাৰ পিছত আকৌ খীৰাব লাগে৷ গাইজনীৰ মুখৰ ওচৰতে পোৱালীটো ধৰি থাকিব পাৰিলে গাখীৰ খিৰোৱা কামটো সুচল হয়, মাকে সন্তানক চেলেকি থকাৰ সুযোগতে অধিক গাখীৰ উলিয়াই ল’ব পাৰি৷ ঠিক তেনেকৈ ছাগলী খীৰাই থাকোঁতে গাখীৰ ওলাৱা বন্ধ হ’লে ওহাৰত খুন্দা এটা মাৰিব লাগে, আকৌ গাখীৰ ওলোৱা আৰম্ভ হয়৷ ইয়াৰ বৈজ্ঞানিক ব্যাখ্যা কি মই নাজানো৷ বৰফ মৰিয়াই মৰিয়াই গুড়ি কৰি পানী কৰা নতুবা কমলা টেঙা থেতেলিয়াই ৰস উলিউৱা মই দেখিছো কিন্তু সেই পদ্ধতি জীৱন্ত ছাগলীজনীৰ ওপৰত কেনেকৈ প্ৰয়োগ কৰিব পাৰি মই বুজি নাপাওঁ৷ বুজি নাপালেও কিন্তু কথাটো সত্য, খুন্দা পালেই ছাগলীয়ে আকৌ গাখীৰ দিয়ে৷ লাচিতে বহিয়েই ছাগলীজনীক এনেকুৱা এটা ভুকু লগালে যে ছাগলীজনীৰ পৰা গগন বিদাৰি বেবনি এটা ওলাই আহিল, পিছ ঠেং দুটাও মাটিৰ পৰা এবেগেত মান ওপৰলৈ উঠি গ’ল৷ আমোদজনক কথা, তাৰ পিছতেই ‘চিৰিক-চিৰিক’কৈ মগত গাখীৰ পৰিবলৈ ধৰিলে৷ লাচিতে আমালৈ চাই বেকাকৈ সন্তুষ্টিৰ এটা হাঁহি মাৰিলে৷ তাৰ কিছুসময়ৰ পিছত ছাগলীজনীৰ ওহাৰত আকৌ এটা ভুকু পৰিল৷ ছাগলীজনীৰ মৰণকাতৰ বেবনি শুনি এইবাৰ ক-শ্ৰেণীত নাম লগোৱা মোৰ সৰু ভাইটোও পঢ়া এৰি বাহিৰলৈ ওলায় আহিল৷ মৰমৰ ছাগলীজনীৰ এনে দুৰ্গতি দেখি আইতাই অৱশেষত কৈ উঠিল- হ’ব, হ’ব, তুমি উঠা এতিয়া, ছাগলী গাখীৰ নাখালেও হ’ব৷ নাই বুলিও সেইদিনা ছাগলীজনী চুঁচি চুঁচি লাচিতে আধা লিটাৰমান গাখীৰ উলিয়াইছিল৷

ছাগলী গাখীৰ খালে বগা হয় বুলি আমাৰ মাজত এটা ধাৰণা আছিল৷ আমাৰ দেউতাৰ গাৰ বৰণ উজ্জ্বল আছিল আৰু তাৰ কাৰণ সৰুতে দেউতাই প্ৰচুৰ পৰিমাণে ছাগলী গাখীৰ খাইছিল বুলি আইতাই আমাক প্ৰায়েই কৈছিল৷ তাকে দেখি আমি চাৰিসন্তনেও শৈশৱতে যতমানে ছাগলী দুগ্ধ পান কৰিবৰ প্ৰয়াস কৰিছিলো, পিচে সেই দুগ্ধই আমাৰ শ্যামকানু বৰণলৈ বেছি পৰিৱৰ্তন আনিব পৰা নাছিল৷ বিভন্ন ধৰণৰ গাঁৱলীয়া দৰৱৰ বাবেও কেতিয়াবা ছাগলী গাখীৰৰ প্ৰয়োজন হৈছিল৷ ছাগলী গাখীৰ দি বনোৱা চাহকাপৰ সোৱাদেই সুকীয়া আছিল৷ খীৰতি ছাগলী থকালোকৰ ঘৰলৈ আহি আগন্তুকে প্ৰায়েই ছাগলী গাখীৰৰ চাহ একাপ খোৱাৰ ইচ্ছা বেকত কৰিছিল৷

আজিৰ কাহিনীটো পূৰ্ণেশ্বৰ ছাৰৰ ঘৰত থকা ছাগলী এজনীৰ৷

ছাৰে ছাগলী খীৰাব জানে৷ কেতিয়া আৰু কিমান সময়ত খুন্দাটো মাৰিলে কাম হয় ছাৰৰ সঠিক আন্দাজ আছে৷ ছাগলী গাখীৰৰ চাহ খাবলৈ ছাৰৰ ঘৰলৈও মাজে মাজে দুই-একোজন আগন্তুকৰ আগমণ হৈছিল৷ এটা সময়ত ছাৰৰ বাইদেউৱে পাকঘৰত ছাগলীজনীৰ বেবনি শুনিয়েই হেনো কৈ দিব পৰা হৈছিল কেইজনৰ চাহ বাকিবৰ বাবে ছাগলীয়ে গাখীৰ দিছে৷ এটা সময়ত এনেকুৱা হ’লগৈ ছাগলীজনীয়ে নঙলা বাটত আগন্তুকৰ আবিৰ্ভাৱ হোৱা দেখিলেই আগে-ভাগে বেবাই লয়৷ এজন বা দুজনৰ ক্ষেত্ৰত স্বাভাৱিক বেবনি কিন্তু তাতকৈ বেছি মানুহ ছাৰৰ ঘৰলৈ সোমায় অহা দেখিলেই ছাগলীজনীয়ে আৰ্তনাদৰ বেবনিৰে গছৰ পাত সৰায়৷ আখল ঘৰত কাম কৰি থকা বাইদেউৱে তাতেই গম পাই যায়-  চাৰিটামান আহিছে যেন পাইছোঁ৷ এই অনুমান প্ৰায়েই সত্য হয়৷ তাৰ ক্ষন্তেক পিচতে হাতত মগ এটা লৈ ছাৰ ছাগলীজনীৰ ওচৰত পিৰা পাৰি বহে – গাখীৰ খীৰাবলৈ!

বহাগ বিহুৰ সময়৷ গোঁসাই বিহুৰ দিনা গধূলি৷ দিনত ভাত খোৱা নাই বাবে সন্ধিয়াতে এগৰাহ খাই ছাৰ আৰু বাইদেউ সোনকালে বিচনাত পৰিছিল৷ টোপনি অহাই নাছিল৷ তেনেতে ছাগলীজনীয়ে গগন বিদাৰি আৰ্তনাদ ধ্বনিৰে বেবাবলৈ লাগিল, মৰণ কাতৰ চিঞঁৰ! ক’ত, কি হ’ল ? – বাইদেউ বিচনাতে উঠি বহিল৷ খিৰিকিৰ পৰ্দাখন তুলি বাইদেউৱে বাহিৰলৈ চাই দেখিলে হুচৰী গাবলৈ কুৰীটামান ডেকাল’ৰা সোমাই আহিছে৷

ছাৰে স্বগতোক্তি কৰিলে – ছাগলীজনীয়ে সিহঁতক চাহ খুৱাব লাগিব বুলি ভাবিছে!


(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈ পেটৰ নাৰী ডাল ডাল কৰিছিল আমাৰ মৰমৰ ভনী মাজনীয়ে, ৰূপালীম বৰাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Friday, March 30, 2018

প্ৰথম হোৱাৰ গৌৰৱ Sadin 30-March-2018






প্ৰথম হোৱাৰ গৌৰৱ


দ্বিতীয় মহাযুদ্ধৰ সময়ত ১৯৩৯ ৰ পৰা ১৯৪৫ চনৰ সময়ছোৱাত পৃথিৱীৰ প্ৰায়বোৰ দেশতে যুদ্ধ-বিমান অৱতৰণ কৰিব পৰাকৈ অনেক বিমানকোঠ (Aerodrome) নিৰ্মাণ কৰা হৈছিল৷ যুদ্ধ শেষ হোৱাৰ পিচত তাৰে কিছুমানে পূৰ্ণতা পাই এটা পূৰ্ণাঙ্গ বিমানকোঠৰ (Airport) ৰূপ ল’লে কিন্তু বেছিভাগ তেনেকৈয়ে থাকি গ’ল৷ বিশ্বযুদ্ধই বিমান পৰিবহন ক্ষেত্ৰলৈ সুদুৰপ্ৰসাৰী পৰিৱৰ্তন কঢ়িয়াই আনিলে৷ তেতিয়ালৈকে ব্যৱহৃত হোৱা বিমানৰ ইঞ্জিনবোৰ আছিল ফেনখনৰ দৰে পাংখা থকা, বিমানৰ গাটো নিৰ্মাণ কৰা হৈছিল কাঠ আৰু টান ধাতুৰে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জেট্‌ ইঞ্জিনৰ আৱিস্কাৰ হ’ল, এই ইঞ্জিনৰ ক্ষমতা আগৰ ইঞ্জিনৰ তুলনাত কেইবাগুণো বেছি৷ সেই সময়তে কেইবাটাও ধাতু মিহলাই প্ৰস্তুত কৰা এবিধ মিশ্ৰ-ধাতুৰ (Alloy) আৱিস্কাৰ হ’ল, ইয়াৰ ওজন লঘু কিন্তু যথেষ্ট টান, বিমানৰ গাটো নিৰ্মাণ কৰিবলৈ সুবিধাজনক৷ ইয়াৰ ফলশ্ৰুতিত ডাঙৰ আকাৰৰ বিমান নিৰ্মাণ হ’বলৈ আৰম্ভ কৰিলে যি বিমানে বেছি ওজন বহুদূৰলৈ কঢ়িয়াই লৈ যাব পাৰে৷ কিন্তু এনে ডাঙৰ বিমান অৱতৰণ কৰিবলৈ প্ৰয়োজন হয় দীঘল ৰাণ-ৱেৰ (Runway)৷ সেয়ে যুদ্ধৰ সময়ত নিৰ্মাণ হোৱা কেইটামান ৰাণ-ৱেৰ দৈৰ্ঘ বঢ়াই লৈ কামত লগোৱা হ’ল, বাকীবোৰ এনেয়ে পৰি থাকিল৷ আমাৰ উত্তৰ পূৰ্বাঞ্চলত ১৫ টাতকৈও বেছি এৰোদ্ৰোম আছে, কিন্তু কাৰ্যক্ষম হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰি থকা বিমানকোঠ এটাও নাই! গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানকোঠটো নামত আন্তঃৰাষ্ট্ৰীয় যদিও প্ৰকৃতাৰ্থত বিমানকোঠটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সেৱা আগবঢ়াব পৰা নাই৷ বিদেশলৈ যাত্ৰা কৰিবলগা উত্তৰপূৰ্বাঞ্চলৰ ৯৯ শতাংশ লোক দেশৰ আন বিমানকোঠৰ পৰাহে যাত্ৰা আৰম্ভ কৰিব লাগে৷ আমাৰ গোটেই দেশখনতে এনে “আছে গৰু নাবাই হাল” ধৰণৰ বিমানকোঠেৰে ভৰি আছে৷ সৰ্বমুঠ ৪৪৯ টা বিমানকোঠৰ ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণ বিভাগে ৮০ টা বিমানকোঠহে সম্প্ৰতি সক্ষম কৰি ৰাখিছে, কেইটামান বায়ু বা নৌ-সেনাৰ দখলত আছে, পাঁচটা আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ ব্যক্তিগত খণ্ডৰ সহায়ত নতুনকৈ নিৰ্মাণ কৰা হৈছে৷

আমাৰ দেশৰ দক্ষিণত, কেৰালা ৰাজ্যত অৱস্থিত কোচিন এটা ডাঙৰ বন্দৰ৷ সেইখন চহৰতে ১৯৩৬ চনত দ্বিতীয় বিশ্বযুদ্ধৰ আগে আগে এটা বিমানকোঠ নিৰ্মাণ কৰা হৈছিল, নাম দিয়া হৈছিল ৱেলিংডন এয়াৰফিল্ড৷ ১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈ ভাইচৰয় আছিল লৰ্ড ৱেলিংডন, তেওঁৰ নামতে নামাকৰণ কৰা হৈছিল বিমানকোঠটোৰ৷ “কোচিন পৰ্ট ট্ৰাষ্টে” নিৰ্মাণ কৰা এই বিমানকোঠটো দ্বিতীয় মহাযুদ্ধৰ সময়ত “ব্ৰিটিছ ৰয়েল এয়াৰ ফৰ্চ”-ৰ হাতত আছিল আৰু ১৯৫৩ চনৰ পৰা ভাৰতীয় নৌ-সেনাৰ হাতলৈ গৈছিল৷ ৰাণৱেৰ দৈৰ্ঘ আছিল দুই কিলোমিটাৰতকৈও কম৷ জেট ইঞ্জিনৰ বিমান চলাচলৰ বাবে ৰাণ ৱে’ৰ দৈৰ্ঘ উপযুক্ত নাছিল৷ আশীৰ দশকত মধ্য-পূৱৰ অৰ্থনৈতিক অৱস্থাৰ আমূল পৰিৱৰ্তন ঘটে৷ কেৰালা প্ৰদেশৰ বহুলোকে মধ্য-পূৱত কাম কৰে৷ তেওঁলোকৰ যাতায়তৰ বাবে এই বিমানকোঠটোৰ উত্তৰণ বৰ প্ৰয়োজনীয় আছিল৷ ১৯৯০ চনত কোচিনৰ বাণিজ্য মণ্ডল (Chambers of Commerce) বিমানকোঠটোৰ উন্নতি সাধনৰ প্ৰস্তাৱ লৈ নৌ-সেনাৰ ওচৰ চাপিল৷ “গড়ূৰ” নামৰ নৌ-সেনাৰ শিবিৰটোৱে এই প্ৰস্তাৱ পোনেপোনেই নাকচ কৰিলে৷ তাৰপিচত নতুন বিমানকোঠ এটা নিৰ্মান কৰাৰ প্ৰস্তাৱ লৈ বাণিজ্য মণ্ডল ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণৰ ওচৰ চাপিল, তাৰপিচত কেৰালা ৰাজ্য চৰকাৰৰ৷ নতুনকৈ বিমানকোঠ এটা নিৰ্মাণ কৰিবৰ বাবে সেইসময়ত ৰাজ্য চৰকাৰ বা এয়াৰপৰ্ট অথৰিটি কাৰো হাতত পুঁজি জমা নাছিল৷ কিন্তু বিষয়টো তাতেই সমাপ্ত নহ’ল৷

কেৰালাৰ শ প্ৰতিশদ শিক্ষিত জিলা এৰ্নাকুলাম জিলাৰ সমাহৰ্তাৰ (Collector) দায়িত্বত আছিল ভাৰতীয় প্ৰশাসনিক বিষয়া, এজন অসাধাৰণ প্ৰতিভাৰ গৰাকী ভি.জে. কুৰিয়ান৷ তেওঁৰ মনত এটা নোহোৱা নোপোজা ভাবৰ উদয় হ’ল৷ মাউখে উটিলে গুড়ি পৰুৱাৰো মৰণ নাই! বিদেশত কাম কৰি থকা কেৰালাৰ অনেক লোক আছে, তেওঁলোকৰ সহায়তেই বিমানকোঠ এটা সাজি পেলাব নোৱাৰিনে! ১৯৯০ চনত এই ভাবটো আছিল অতি আধুনিক৷ ১৯৮৭ চনত “ব্ৰিটিছ এয়াৰপৰ্ট অথৰিটি” হঠাতে ব্যক্তিগতকৰণ হৈ গৈছিল, বিশ্বৰ সৰ্বপ্ৰথম, যাৰ ফলত লণ্ডনৰ তিনিটা এয়াৰপৰ্ট (হিথ্‌ৰু, গেটৱিক্‌ আৰু ষ্টেণ্ডষ্টেড্‌) আৰু স্কটলেণ্ডত তেওঁলোকে পৰিচালনা কৰি থকা চাৰিটা বিমানকোঠৰ (এবেৰদিন, এডিনবাৰ্গ, গ্লাছগৌ আৰু প্ৰেষ্ট্‌ৱিক) স্বত্ব ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰিত কৰা হৈছিল৷ কিন্তু এই কাৰ্যই সফলতা আনিবনে নাই কোনেও তেতিয়া অনুমান কৰিব পৰা নাছিল৷ ব্যক্তিগত খণ্ডৰ অধীনত বিমানকোঠ এটা সফলভাৱে পৰিচালনা কৰা সম্ভৱ নে? এই কথা তেতিয়ালৈক পৰিস্কাৰ হোৱাই নাছিল৷ সেই সময়তে কুৰিয়ানৰ নেতৃত্বত ১৯৯৪ চনত “কোচিন ইন্টাৰনেচনেল এয়াৰপৰ্ট লিমিটেড” নামৰ সংস্থাটোৰ জন্ম হ’ল৷ ৩০ খন দেশত কাম কৰা ১০,০০০ (দহ হেজাৰ) কেৰালাৰ প্ৰৱাসী মালায়ালী লোক সহায় কৰিবলৈ ওলায় আহিল৷ ১০০ কোটি টকা ব্যয় কৰি তেওঁলোকে এটা ব্যক্তিগত খণ্ডৰ এয়াৰপৰ্ট সাজিবলৈ মন বান্ধিলে৷ কোচি নগৰৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ নেডুম্বাছাৰী নামৰ ঠাইত ৪২০০ একৰ মাটি বিচাৰি উলিউৱা হ’ল৷ তাৰে ২৩০০ একৰ মাটিত বাস কৰা ৮৭২ টা পৰিয়ালক নিলগৰ ঠাইলৈ পুনৰসংস্থাপিত কৰিব লগা হ’ল৷ প্ৰায় চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ (৩৯০০ মিটাৰ) ৰানৱেৰ নক্সা তৈয়াৰ হ’ল৷ ৰাজ্য চৰকাৰে এই নতুন কোম্পানীটোত ২৬ শতাংশ ভাগ নিজৰ লগত ৰাখিলে৷ নিৰ্মান কাৰ্য আৰম্ভ হ’ল৷ আৰু সকলোকে আচৰিক কৰি, ১৯৯৯ চনৰ ২৫ মে’ তাৰিখে ভাৰতৰ মাটিত প্ৰথমটো ব্যক্তিগত খণ্ডৰ বিমানকোঠ উদ্ধোধন কৰিলে তেতিয়াৰ ৰাষ্ট্ৰপতি কে.আৰ. নাৰায়ণনে৷ ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণে পিছৰ বছৰতে বিমানকোঠটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰি দিলে! আমোদজনক কথা, কোনো চৰকাৰী পৰিকল্পনা নথকাকৈয়ে কেৱল ব্যক্তিগত উৎসাহত ভাৰতৰ প্ৰথমটো প্ৰাইভেট এয়াৰপৰ্ট কেৰালাৰ মাটিত মূৰ ডাঙি উঠিল৷ চৰকাৰী পৰিকল্পনাৰে নিৰ্মাণ কৰা এনেধৰণৰ দ্বিতীয়টো বিমানকোঠ সম্ভৱ হৈছিল তাৰ ৯ বছৰৰ পিছত, ২০১০ চনত৷

ইতিমধ্যে ভি. জে. কুৰিয়ানৰ নেতৃত্বত কোচিন এয়াৰপৰ্টে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ কুৰিয়ান তৃতিয়বাৰৰ বাবে কোচিন এয়াৰপৰ্টৰ মেনেজিং ডাইৰেক্টৰৰ দায়িত্ব গ্ৰহন কৰিছে৷ কোচিন এয়াৰপৰ্টৰ অ-বৈমানিক অৰ্থ উপাৰ্জন (Non-Aeronautical Revenue) দেশৰ ভিতৰতে এটা লেখত ল’বলগীয়া দৃষ্টান্ত৷  ২০১৩ চনত তেখেতৰ নেতৃত্বতে কোচিন এয়াৰপৰ্টে সৌৰ-শক্তি উৎপাদনৰ এটা প্ৰকল্প হাতত লৈছিল৷ ২০১৫ চনৰ আগষ্ট মাহত এই প্ৰকল্পটো কেৰালাৰ মূখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিছিল৷ ইও এক অভিলেখ সৃষ্টি কৰিছে৷ কোচিন এয়াৰপৰ্টেই পৃথিৱীৰ প্ৰথম বিমানকোঠ যি নিজৰ সমস্ত প্ৰয়োজনীয় বিদ্যুৎ শক্তি সৌৰ শক্তিৰ পৰা নিজেই তৈয়াৰ কৰি ল’ব পাৰে৷ ১৪.৪ মেগাৱাট উৎপাদন ক্ষমতা থকা সৌৰ-শক্তি প্ৰকল্পটোৱে এতিয়া বিমানকোঠৰ প্ৰয়োজন পূৰা কৰাৰ পাছত কেৰালাৰ ৰাজ্যিক বিদ্যুৎ পৰিষদলৈও বিদ্যুৎতৰ যোগান ধৰিব পৰা হৈছে৷

কেৰালা আমাৰ দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষিত ৰাজ্য৷ মাটিকালিৰ হিচাপত ৰাজ্যখন অসমৰ আয়তনৰ আধাতকৈও কম– ৪৯.৫ শতাংশ মাত্ৰ৷ মধ্য-পূৱকে ধৰি পৃথিৱীৰ অনেক দেশত কেইবাটাও বৃত্তিত এই সৰু ৰাজ্যখনৰ বাসিন্দা সকলৰ সমকক্ষ পাবলৈ নাই৷ এই সৰু ভূ-খণ্ডতে তিনিটা আন্তঃৰাষ্ট্ৰীয় বিমানকোঠে স-গৌৰৱে সেৱা আগবঢ়াই আহিছে৷ কেৰালাৰ উত্তৰ প্ৰান্তত অৱস্থিত কন্নুৰ নামৰ ঠাইখনৰ প্ৰৱাসী বাসিন্দাসকল একেলগ হৈ ৰাজ্যখনৰ চতুৰ্থটো আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ নিৰ্মাণ কৰিবলৈ লৈছে, কামটোত আগভাগ লৈছে ৰাজ্য চৰকাৰে৷ এই বছৰৰে. ২০১৮ চনৰ শেষৰ ফাললৈ কন্নুৰ ইন্টাৰনেচনেল এয়াৰপৰ্টৰ পৰা নিয়মীয়া বিমান সেৱা আৰম্ভ হ’ব৷

উন্নতিৰ বাটত শিক্ষা, সাহস আৰু পৰিশ্ৰমৰ কোনো বিকল্প নাই৷ কেৰালাৰ দৰে সৰু ৰাজ্যখনে এই সত্যকেই বাৰে বাৰে প্ৰমাণ কৰি দেখুৱাইছে৷

Friday, March 23, 2018

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪১)

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪১)


মাজে মাজে মই ইমান বিৰক্ত হও যে “ভুৱাত ঘুৰিছে এই ভূ-মণ্ডল” বুলি চিঞৰি চিঞৰি ক’বৰ মন যায়৷ এনে লাগে মিছা কথা, ভুৱা আশ্বাস  আৰু তোষামোদতে যেন আমাৰ দৈনন্দিন পৰিক্ৰমা পাৰ হ’ব ধৰিছে৷ মিছা কথাৰ সীমা যেন হেৰাই গৈছে অসীমত৷

ৰাস্তাৰ কাষতে এখন প্ৰকাণ্ড হৰ্ডিং লাগিছে৷ তাতে এহাল দম্পতিয়ে আত্মসন্তুষ্টিৰ ভুৱন ভুলোৱা হাঁহিৰে দুয়োফালৰ কোৱাৰি ফালি কুকুৰ-দাঁতলৈকে প্ৰদৰ্শন কৰি আছে৷ দেখিলেই এনে লাগে পৃথিৱীৰ সমস্ত সুখ আৰু আনন্দ একেলগে তেওঁলোকৰ ওপৰত মূষলধাৰে বৰ্ষণ হ’ব ধৰিছে৷ কাষতে হিন্দী চিনেমাৰ মেগাষ্টাৰ এজনে হাতৰ তলুৱাত তুলি ধৰিছে এটা সু-সজ্জিত অট্টালিকাৰ প্ৰতিকৃতি- তিনি মহলীয়া দালান, ঘৰৰ কি বাহাৰ, পৰীৰ দেশৰ দৰে কাৰুকাৰ্য খচিত ৰূপ৷ বিজ্ঞাপনটো এটা বেঙ্কৰ৷ তেওঁলোকে কৈছে আপোনাৰ সপোনক সাকাৰ কৰিবলৈ ওলাই আহক, আপোনাৰ দুৱাৰত টকটকাই থকা জীৱনৰ সুখ আৰু সমৃদ্ধিক নেওচা নিদিব৷ আমাৰ বেংকে ঘৰ সাজিবলৈ দিয়া ঋণৰ বাবে আজিয়েই আবেদন কৰক!

হেৰৌ ধাৰ লৈ বাৰু কোনোবা সুখী হয়নে? আমি সৰুতে পাঠ্যপুথিত বলদেৱ মহন্তৰ কবিতা পঢ়িছিলো, - সুখ নাই, সুখ নাই ক’তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ৷ কি সোনসেৰীয়া কথা৷ ৰাইজৰ প্ৰতিষ্ঠান বেংক এটাই এনেকুৱা গোকাট মিছা কথা এষাৰ কৈ বাৰু মানুহক প্ৰলোভিত কৰিব লাগে নে? ল’লোৱেই বাৰু ঋণ লৈ ঘৰ এটা, তাৰ পিছত যে অৱসৰৰ দিনলৈকে মাহে মাহে তোমালোকক কিস্তিবোৰ দি থাকিব লাগিব সেই টেনচনটোৰ কথাটো ক’ত গ’ল? আগতে মানুহৰ প্ৰয়োজন আছিল তিনিটা বস্তুৰ, হিন্দী চিনেমাত কোৱাৰ দৰে – ভাত কাপোৰ আৰু ঘৰ, ৰুটী কপৰা ঔৰ মকান৷ এতিয়া তাতে আৰু এটা যোগ হৈছে – ভাত, কাপোৰ, ঘৰ আৰু কিস্তি; ৰুটী, কপৰা, মকান ঔৰ ‘ই-এম-আই’! সাতে সোতৰে অৱশেষত পৰিশোধ কৰিব লগা ধনৰ পৰিমান হয়গৈ দুগুণ, আজীৱন বহন কৰি যাব লাগিব ঋণ পৰিশোধ কৰাৰ যন্ত্ৰণা! থাকিব তেতিয়া ওঁঠত এই ভুৱন ভুলোৱা হাঁহি? আমাৰ অঞ্চলটোৰ অতি জনপ্ৰিয় ব্যক্তি ছয়-দাই ঋণৰ বোজা বহন কৰিব নোৱাৰিয়েই অৱশেষত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল৷ কি বিড়ম্বনা!

হস্পিটেল এখনৰ বিজ্ঞাপন৷ বগা এপ্ৰন পিন্ধা, ডিঙিত ষ্টেথিচকোপ ওলোমাই লোৱা ডেকা ডাক্তৰ এজনে, চকা থকা চকীত বহি থকা বেমাৰী বৃদ্ধা এগৰাকীক আকোৱালি লৈ গলধন বেকা কৰি মিচিকি হাঁহি এটাৰে আদৰ কৰিছে৷ দেখিলেই ডাক্তৰক বুঢ়ীৰ জোঁৱায়েক যেন লাগে!  দৃশ্যটো চকুত পৰা মাত্ৰকে তেতিক্ষণে বেমাৰত পৰিবলৈ মন যায়৷ এইটো সেইখন হস্পিটেলৰ বিজ্ঞাপন যিখনত এবাৰ পদাৰ্পণ কৰিলে পাভ চোছা নোখোৱাকৈ ওলাই অহাৰ কোনো উদাহৰণেই নাই! কি প্ৰবঞ্চনা!

এনেকৈয়ে চলি আছে আমাৰ পৃথিৱী৷ এনেবোৰ ভুৱা-চলাহি কথাৰেই চলি আছে জগতৰ হাজাৰ হাজাৰ ব্যৱসায়৷ সততা আৰু বিজ্ঞাপন এটা মুদ্ৰাৰেই ইপিঠি সিপিঠি নহয়৷ ডাঙৰ ডাঙৰ কোম্পানীয়ে বছৰ এটাত মূল খৰচৰ ত্ৰিশ শতাংশলৈকে ব্যয় কৰে অকল বিজ্ঞাপন দিবলৈকে! এই বিজ্ঞাপনবোৰে মানুহৰ মনত প্ৰচুৰ প্ৰভাৱ পেলায়৷ বিস্ময়কৰ কিন্তু সঁচা কথা৷ বিজ্ঞাপন দেখিয়েই মানুহে চিনেমা চাবলৈ শাৰী পাতে৷ বিজ্ঞাপন দেখিয়েই গাভৰুহঁতে গালত ৰঙ ঘঁহে – ৰঙা হ’বলৈ! ডেকা-গাভৰু, পুৰুষ-মহিলা সকলোৰে বিজ্ঞাপনৰ প্ৰতি দুৰ্বলতা আছে৷ সমীক্ষাত এই কথা ওলায় পৰে! আমোদজনক কথা

পৌৰাণিক কালত মুকলিকৈ ইমান ভয়ংকৰ ভাবে বিজ্ঞাপনৰ প্ৰচাৰ হোৱা নাছিল৷ শৈশৱৰ দিনলৈ মনত পৰিলে হস্পিটেলৰ দেৱালত অঁকা পৰিয়াল পৰিকল্পনা বিভাগৰ বিজ্ঞাপন এটাৰ কথা মনত পৰে৷ মাক-দেউতাকৰ লগতে পুত্ৰ-কন্যা এহালৰ ছবি এখন – ল’ৰাই হওক বা ছোৱালীয়েই হওক দুটিয়েই যথেষ্ট! এই বিষয়টোক লৈ স্বাস্থ্য বিভাগৰ অনুৰোধত আমাৰ মৰমৰ ভূপেনদাই গীত এটাও গাইছিল – শিয়ালৰ জাক জাক, সিংহৰ এটাই ভাল, হেন জানি ভাবি গুণী, হে’ নৱ দম্পতী সীমিত কৰা পৰিয়াল৷ কেতিয়াবা অ’ত ত’ত বানৰ বয় বিড়ি বা চিগাৰেটৰো দুই এখন বিজ্ঞাপন দেখিছিলো৷ সিমানেই৷ আমি ডাঙৰ হবলৈ সুবিধা পোৱা সৰু সৰু চহৰত বিজ্ঞাপনৰ ডাঙৰ ডাঙৰ হৰ্ডিং নাছিল!

পূৰ্ণেশ্বৰ ছাৰৰ এই কাহিনীটো সেই সময়ৰে, পৌৰাণিক কালৰ৷

স্কুলৰ পৰা উভতি অহাৰ পিছৰ সময়খিনি ছাৰে এনেয়ে খৰচ নকৰে৷ সন্ধিয়া ঘৰে ঘৰে বহি চাহৰ জুতি লৈ ফুৰাৰ অভ্যাস ছাৰৰ নাই৷ সন্ধ্যা সময়খিনি ছাৰ সাধাৰণতে পাচলি বাৰিখনৰ কামতে লাগি থাকে৷ বতৰৰ দুই এবিধ পাচলি ঘৰতে কৰি খোৱাৰ নিচিনা আনন্দ পোৱা জনেহে বুজে৷ যোবা বছৰ ছাৰৰ বাৰিত লগা উৰহী গাওঁখনৰ আটাইকেইঘৰে, আনকি স্কুলৰ সহকৰ্মী সকলেও ভাগ পাইছিল৷ উৰহীৰ ভৰত হেন্দালিখন দোঁ খাই পৰিছিল৷ এবাৰ তেনেকৈয়ে ৰঙালাও লাগিছিল৷ সেইবাৰ গাওঁৰ মানুহটো বাদেই গঞাৰ ঘৰৰ গোঁহালিৰ দানাৰ চৰিয়াটোতো ছাৰৰ বাৰিৰ ৰঙালাওৰ টুকুৰা দেখা গৈছিল৷ তেনেকৈয়ে কেতিয়াবা গহৰা গজা ভাতকেৰেলাৰে গোজ মাৰি দিয়া বাঁহৰ জেং ভৰি উঠে৷ ছাৰে নিজেও খায়, আনকো খুৱায়৷ পিছে ঘৰেত হোৱা পাচলি কেতিয়াও বজাৰত বেচাৰ কথা ছাৰে চিন্তা কৰি পোৱা নাই৷ খাওকচোন ঘৰখনেই খাওক, গাওঁখনেই খাওক !

এইবেলিও ছাৰে খেতি কৰিছিল৷ ভেন্দি ভালেই হৈছে৷ তিয়ঁহ বিলাকেও কলি পেলাইছে৷ ছাৰে আবেলি এনেয়ে তিয়ঁহ এটা লৈ কামোৰ এটা মাৰি চায়, - ঠিক আছে, তিতা হোৱা নাই! গোবৰৰ গুড়ি আৰু পুৱা গধূলি পানীৰ যোগান ছাৰে নিজেই ধৰি আহিছে৷ এসময়ত তিয়ঁহৰ ফুলবিলাকে ফল ধৰিলে, তাঁত অকণ অকণ কাঁইট ওলাল, হেন্দালিখন দেখিলেই মনটো ভাল লগা হৈ উঠিল৷ তিয়ঁহৰ গুটিখিনি ছাৰৰ খুলশালীয়েকে ঘৰতে দি গৈছিল, সঁচটো বৰ ভাল৷ কিন্তু জিকা বিলাকৰ কি হ’ল? হওঁতে জিকা লতাডালৰ চিৰি-চেহেৰা ভালেই হৈছে, গোটেই হেন্দালিখন ঢাকি ধৰিছে৷ কিন্তু এজোপা লতাত মাত্ৰ এটা বা দুটা জিকাহে লাগিছে৷ প্ৰথমতে ছাৰে পচন সাৰৰ অভাৱতে তেনে হোৱা বুলি ভাবিছিল৷ গোবৰৰ লগতে ছাগলীৰ লাদ অলপো গছৰ গুৰিত সিঁচি দি ছাৰে দুদিনমান জিকা লতাবোৰৰ প্ৰতি বেছি নজৰ দি থাকিল৷ এদিন সন্ধ্যা খন্তি এখন লৈ গুৰিত খনিয়াইও দিলে! কেইদিনমান পিছত লক্ষ্য কৰিলে- কোনো পৰিৱৰ্তন হোৱা নাই, হয় এটা, নহয় দুটা! আনকি ফুলেই ফুলা নাই, কোনোবাজোপাত এটা, নহয় দুটা! দেওবৰীয়া হাটৰ পৰা অনা গুটি আছিল৷

কথাটো ছাৰে কেইবাদিনো একেৰাহে ভাবি থাকিল - উৰহী গছৰ ওৰ নোলায়হে নোলায়৷ কি কাৰণত এটা বা দুটা ফলহে ধৰিছে৷ সাৱধানে ছাৰে আকৌ পৰীক্ষা কৰিলে - কোনো এজোপা গছতে তিনিটা জিকা লগা নাই! তাৰ কেইবাদিনো পিচত হঠাত এদিন ছাৰৰ কথা এটা মনত পৰিল আৰু আৰ্কিমিডিছৰ দৰে উদং গাৰেই ইউৰেকা-ইউৰেকা বুলি বাটলৈ লৰ মাৰিবৰ মন গ’ল! বিজ্ঞাপনৰ প্ৰভাৱ! ছাৰৰ মনত পৰিল –বজাৰৰ পৰা জিকা গুটি অনাৰ দিনা ছাৰ হস্পিটেলৰ ফালে থকা ৰাস্তাটোৱেদি এপাক ঘুৰি আহিছিল৷ সেইফালেই থকা হস্পিটেলৰ ওখ দেৱালখনত ডাঙৰ ডাঙৰ আখৰেৰে চকুত পৰাকৈ লিখা আছিল- ল’ৰাই হওক বা ছোৱালীয়েই হওক দুটিয়েই যথেষ্ট!

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈ পেটৰ নাৰী ডাল ডাল কৰিছিল আমাৰ মৰমৰ ভনী মাজনীয়ে, ৰূপালীম বৰাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)


Thursday, March 22, 2018

মেন্ট’ৰিং Sadin 23-March-2018




মেন্ট’ৰিং


আমি সৰুৰে পৰা শুনি অহা এটা বাক্য হৈছে - প্ৰতিজন সফল ব্যক্তিৰ সফলতাৰ আঁৰত একোগৰাকী নাৰীৰ অৱদান থাকে৷ এই কথাষাৰৰ সত্যতাৰ ওপৰত আনকি বিশ্ববিদ্যালয় পৰ্যায়ত গৱেষণাও হৈছে৷ পুৰুষ আৰু নাৰীৰ মাজত নতুবা পৰস্পৰৰ প্ৰতি থকা চিৰন্তণ আকৰ্ষণ আৰু সেই আকৰ্ষণে জন্ম দিব পৰা প্ৰচুৰ প্ৰেৰণা আৰু শক্তিৰ ইংগিত বহন কৰে এই বাক্যশাৰীয়ে৷ সফৰ ব্যক্তিৰ আঁৰত থকা পুৰুষ বা নাৰীৰ সলনি সম্প্ৰতি প্ৰচুৰ চৰ্চিত হোৱা আন এটা সম্পৰ্ক হৈছে মেনটৰিং (Mentoring)৷ নতুনকৈ জন্ম হোৱা সেই সুৰৰ আপ্তবাক্যশাৰী হৈছে-  প্ৰতিজন সফল ব্যক্তিৰ আঁৰতে থাকে অন্ততঃ এজন দক্ষ মেন্টৰ৷ এই সম্পৰ্ক লিংগ বৈষম্যৰ পৰা সম্পূৰ্ণ মুক্ত৷

হিন্দী ভাষাত “মেন্টৰ” শব্দটোৰ অৰ্থ দিয়া হৈছে ‘গুৰু’, বাংলা ভাষাত ‘পৰামৰ্শদাতা’ আৰু অসমীয়া ভাষাত ‘গুৰু বা মেন্টৰ’৷ মোৰ ব্যক্তিগত বিচাৰত মেন্টৰ শব্দৰ আটাইকেইটা দিশ গুৰু বা পৰামৰ্শদাতা শব্দটোৱে প্ৰকাশ কৰিব নোৱাৰে, সেয়ে মেন্টৰ বুলি কোৱাই অধিক যুক্তিসংগত৷ শিক্ষক, গুৰু, পৰামৰ্শদাতা, উপদেশক, গাইদ (Guide), কোছ (Coach), প্ৰশিক্ষক (Trainer) আদি বিভিন্ন শব্দৰে মেন্টৰ শব্দটোৰ অৰ্থ প্ৰকাশ কৰাৰ চেষ্টা কৰা হয় যদিও সি আংশিকভাৱেহে এই শব্দটোৰ অৰ্থ প্ৰকাশ কৰিব পাৰে৷ উপযুক্ত অসমীয়া শব্দ এটা সাজু নোহোৱালৈকে সদ্যহতে মেন্টৰ মেন্টৰ হৈয়েই থাকক৷ অৰ্থৰ ফালৰ পৰা এই কথা নিশ্চয়কৈ ক’ব পাৰি যে মেন্টৰ শব্দটোৰ শুদ্ধ অৰ্থটোৱে এইকেইটা শব্দই বুজোৱা আটাইকেইটা কাৰ্যকে কম-বেছি পৰিমানে প্ৰতিনিধিত্ব কৰে৷

মেন্টৰ গুৰু বা শিক্ষক হয়নে? সংস্কৃতত এটা সাধুকথা আছিল৷ এজন প্ৰখ্যাত গুৰুৱে এজাক শিষ্যৰ মাজত এজন অসাধাৰণ প্ৰতিভাৱান ডেকাৰ সন্ধান পাইছিল আৰু তেওঁক সকলো জ্ঞানৰেই সমৃদ্ধ কৰিবলৈ বিশেষ যত্ন লোৱা আৰম্ভ কৰিছিল৷ মেধাবী শিষ্যজন সোনকালেই গুৰুৰ বিশেষ যত্নত পৰুপূৰ্ণ হৈ উঠিল৷ গুৰুৱে এসময়ত তেওঁৰ একমাত্ৰ কন্যাকো শিষ্যজনৰ লগত বিয়া পাতি দিলে আৰু তেওঁক সকলো দিশৰ পৰাই পূৰ্ণ কৰিবৰ পাবে ন ন শাস্ত্ৰজ্ঞান দি গ’ল৷ এসময়ত দেখা গ’ল গুৰুতকৈ শিষ্যৰ প্ৰজ্ঞাৰ পোহৰ অধিক উদ্ভাসিত হৈ উঠিছে! গুৰুতকৈ শিষ্যজন সমৃদ্ধিৰ দিশত অধিক আগবাঢ়ি গ’ল৷ এই কথাই গুৰুৰ মনত ঈৰ্ষাৰ জন্ম দিলে৷ সেই সময়ত মানুহে বিশ্বাস কৰিছিল যে মাটিদাইলে মগজু ভোটা কৰে৷ এদিন সুবিধাবুজি সেই গুৰুৱে শিষ্যক উপদেশ দিলে, তেওঁ যেন সঘনে ভাতৰ লগত মাটিদাইল খায়! কিছুদিনৰ পিচত দেখা গ’ল গুৰুজন আকৌ স্বমহিমাৰে উদ্ভাসিত হৈ উঠিছে৷ গল্পটোৰ নীতিকথাটো আছিল ঈৰ্ষাৰ পৰা সহজে মুক্তি পোৱাটো সহজ কথা নহয়৷ প্ৰজ্ঞাৰ প্ৰতিযোগীতাত হৰাৰ পিচত সুখী হব পৰা সম্পৰ্ক পৃথিৱীত মাথোঁ দুটাহে আছে - পিতৃ আৰু প্ৰকৃত শিক্ষাগুৰু! পিতৃয়ে সন্তানৰ ওচৰত আৰু শিক্ষকে ছাত্ৰৰ ওচৰত পৰাজিত হৈ গৌৰৱাম্বিত হয়৷

মেন্টৰ হৈছে এজন প্ৰকৃত গুৰু, ঈৰ্ষাহীন শিক্ষক, পৰিশ্ৰমী প্ৰশিক্ষক, নিঃস্বাৰ্থ গাইদ্‌, একাব্ৰতী কোছ (Coach) আৰু আটাইৰে ওপৰত এজন বিশ্বস্ত নিৰ্ভৰযোগ্য বন্ধু যি পৰস্পৰৰ সান্নিধ্যৰ বাবে সদায় উৎসাহী৷ ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত “হাৰ্ৱাড বিজনেছ ৰিভিউ”ত প্ৰকাশ হোৱা এখন ৰচনাই কৈছে যে দক্ষ  মেন্টৰ আৰু মেন্টি (গুৰু –শিষ্যৰ সমাৰ্থক) সম্পৰ্কৰ বাবে প্ৰথমেই প্ৰয়োজনীয় হয় দুয়োৰে মাজত থকা গভীৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ, পৰস্পৰৰ ব্যক্তিত্বৰ প্ৰতি থকা সন্মান আৰু আকৰ্ষণ ইয়াৰ মূল আধাৰ৷ ১০০ ৰো অধিক লোকৰ মাজত কৰা সমীক্ষাই দেখুৱাইছে যে পেশাগত সাফল্যৰ বাবেই মেন্টৰৰ বেছি প্ৰয়োজন যদিও দক্ষতাৰ সলনি চাৰিত্ৰিক সমন্বয়হে মেন্টৰ-মেন্টিৰ সফল সম্পৰ্কৰ মূল আধাৰ৷ এনেধৰণৰ সম্পৰ্কত ইতিবাচক দৃষ্টিভঙ্গীয়ে সততে অগ্ৰাধিকাৰ পায়, যাৰ ফলত ব্যক্তিয়ে মেন্টৰৰ আগত মুকলিকৈ সমস্যা একোটা আলোচনা কৰিবলৈ সাহস পায়৷ মেন্টিয়ে মেন্টৰৰ পৰা পেশাগত সাফল্য আৰু জীৱন বাটত সঠিক দিশৰ সন্ধান পায়, কিন্তু মেন্টৰে মেন্টিৰ পৰা কি পায়? সমীক্ষাটোৰ মতে মেন্টিৰ সুপ্ত প্ৰতিভা আৰু ব্যক্তিত্বৰ আলোকে মেন্টৰৰ মনলৈও অফুৰন্ত প্ৰেৰণাৰ সঞ্চাৰ কৰে, তাতে নিহিত থাকে শিষ্যৰ লগত গুৰু নতুবা সন্তানৰ লগত পিতৃ হাৰি পোৱা স্বৰ্গীয় আনন্দৰ ইচ্ছা৷ আনকি কোনো কোনো মেন্টৰে কাম কৰি থকা প্ৰতিষ্ঠানটোতকৈও মেন্টিজনক বেছি প্ৰাধান্য দিয়া দেখা যায়৷

সফল ব্যক্তিসকলে কৃতজ্ঞতাৰে মেন্টৰৰ নাম আৰু অৱদানৰ কথা স্বীকাৰ কৰাৰ অনেক উদাহৰণ আছে৷ আমেৰিকাৰ “অপৰা উইনফ্ৰে শ্ব”( Oprah Winfrey Show) নামৰ টেলিভিছনৰ অতি জনপ্ৰিয় অনুষ্ঠানটোৰ কথা অনেকেই জানে৷ সেই অনুষ্ঠানটোত প্ৰদৰ্শিত হোৱাৰ পাছতেই অষ্ট্ৰেলিয়ান চিত্ৰ নিৰ্মাতা ৰণ্ডা ব্ৰাইন (Rhonda Byrne) ৰাতিটোৰ ভিতৰতে পৃথিৱী বিখ্যাত হৈ পৰিছিল৷ উইনফ্ৰেই তেওঁৰ সফলতাৰ আঁৰত প্ৰসিদ্ধ লেখক আৰু কবি মায়া এংগেলৌৰ (Maya Angelou) মেনটৰিঙৰ কথা কৃতজ্ঞতাৰে সোঁৱৰণ কৰে৷ তেওঁ কৈছিল, জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় সময়খিনিত মোৰ হাতত ধৰি অহৰহ ভৱিষ্যতৰ সঠিক পথৰ সন্ধান দিয়া মোৰ মেন্টৰ ব্যক্তিজন আছিল মায়া এংকেলৌ৷ দুয়ো নাৰীৰ মাজত আছিল মেন্টৰ-মেন্টিৰ প্ৰগাঢ় সম্বন্ধ৷ তেওঁৰ মতে, জীৱনত মেন্টৰৰ প্ৰয়োজন সৰ্বাধিক৷ মেন্টৰ নোহোৱাকৈ সাফল্যৰ শিখৰ চুব পৰাটো বৰ সহজ কথা নহয়৷

এপল নামৰ কম্পিউটাৰ কম্পেনীৰ মূখ্য বিষয়া ষ্টিভেন পল জৱ (Steven Paul Jobs) ৰ কথা সকলোৱা জানে৷ সফল উদ্যোগপতি হিচাপে কম্পিউটাৰ উদ্যোগত ষ্টিভ্‌ এজন নমস্য ব্যক্তি৷ বহুতে নাজানে ফে’চবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গৰ (Mark Zuckerberg) মেন্টৰ আছিল ষ্টিভ্‌ জৱ৷ ২০১১ চনত ষ্টিভৰ অকাল মৃত্যুত মৰ্মাহত হৈ জুকাৰবাগে লিখিছিল – ষ্টিভ্‌, মোৰ মেন্টৰ আৰু বন্ধু হোৱাৰ বাবে তোমালৈ ধন্যবাদ৷ তুমি যি সৃষ্টি কৰি গ’লা সেইয়াই পৃথিৱীৰ ৰূপ সলনি কৰি দিলে৷ তোমাৰ কথা মোৰ সদায় মনত পৰিব৷ 

বিংশ শতিকাৰ এক মহীয়সী নাৰী মাডাৰ টেৰেছা৷ নিঃস্ব আৰ্তজনৰ বাবে তেওঁ কৰা কামৰ বাবে বিশ্ববাসীয়ে তেখেতক মাতৃ হিচাপে গ্ৰহন কৰিছে৷ মাডাৰ টেৰেছাই নিজেই কৃতজ্ঞতাৰে স্বীকাৰ কৰি গৈছে যে ৰোম মহানগৰীত বাছৰ বাবে অপেক্ষা কৰি থাকোঁতে আকস্মিকভাৱে তেওঁ যদি ফাডাৰ মাইকেল ভান দেৰ পীটক (Father Michael van der Peet)   লগ নাপালেহেঁতেন আৰু মেন্টৰ হিচাপে তেখেতৰ লগত মাডাৰৰ জীৱন-যোৰা বন্ধুত্বৰ সম্পৰ্ক নাথাকিলহেঁতেন, এই জীৱনত তেখেতে এনে কাম কৰিব নোৱাৰিলেহেঁতেন! বছৰৰ পিচত বছৰ ধৰি ফাডাৰ মাইকেলে মাডাৰ টেৰেছাক অনুপ্ৰাণিত কৰি আহিছিল৷ মেন্টৰ হিচাপে মাডাৰ টেৰেছাই ফাডাৰ মাইকেলৰ অৱদানক কৃতজ্ঞতাৰে সোৱঁৰণ কৰে৷

আমেৰিকাৰ ভূতপূৰ্ব “চেক্ৰেটেৰী অৱ্‌ ষ্টেট্‌” কলিন পাৱেলৰ (Colin Powell) মেন্টৰ আছিল তেখেতৰ দেউতাক লুথাৰ পাৱেল (Luther Powell)৷ মেন্টৰে সঞ্চাৰ কৰিব পৰা শক্তিৰ কথা ক’বলৈ গৈ কলিনে কৈছিল – সকলোৱে সু-মেন্টৰ হবলৈ চেষ্টা কৰিব লাগে৷ দেশৰ স্বাৰ্থত, অনাগত প্ৰজন্মৰ শ্ৰীবৃদ্ধিৰ বাবে অগ্ৰজসকলে মেন্টৰৰ ভূমিকা পালন কৰিলেহে সমাজখন এখোজ আগুৱাই যাব পাৰিব৷

পেশাগত সাফল্যৰ  শিখৰ স্পৰ্শ কৰা ভাৰতীয় নাৰী ইন্দ্ৰা নুঈৰ (Indra Nooyi) কথা বহুতে জানে৷ সমস্ত পৃথিৱীতে বিস্তাৰিত হৈ থকা পেপছি কোম্পানীৰ তেখেত মূখ্য বিষয়া৷ তেখেতে সম্ভ্ৰমেৰে কয়, মোৰ যদি মেন্টৰ নাথাকিলহেঁতেন, জীৱনত মই এই স্থানত উপনীত হ’ব নোৱাৰিলোহেঁতেন৷ মই আচলতে কেইবাজনো মহান মেন্টৰৰ সৃষ্টি!

এনে উদাহৰণৰ শেষ নাই৷ সকলোৰে বাবে সফলতাৰ সজ্ঞা একে নহয়৷ স্ব-আৰোপিত সজ্ঞাৰে হলেও জীৱনত সফল হ’বৰ বাবে এজন যোগ্য মেন্টৰৰ অতি প্ৰয়োজন৷ সকলোৰে জীৱনত অন্ততঃ এজন মেন্টৰ থকা উচিত৷ সফলতাৰ অৰ্ধাংশ প্ৰাপ্তিয়েও কেতিয়াবা মানুহক অহংকাৰী কৰি পথভ্ৰস্ত কৰিব পাৰে৷ সু-মেন্টৰৰ উপস্থিতিয়ে এনে স্খলনৰ পৰা ৰক্ষা কৰিব পাৰে৷ সু-মেন্টৰৰ বাবে সু-মেন্টি পোৱা আৰু সু-মেন্টিৰ বাবে সু-মেন্টৰ পোৱাটো বৰ সুলভ কথা নহয়৷ কিন্তু  কেনেবাকৈ যদি এই সংযোগ সম্ভৱ হয়, তাৰ পৰা সৃষ্টি হব পৰা শক্তি আৰু প্ৰেৰণা সীমাহীন৷


(এই লেখাখিনি সাদিন, ২৩ মাৰ্চ, ২০১৮ সংখ্যাৰ কাকতৰ  ৮ নং পৃষ্ঠাত নতুবা মোৰ ব্লগ http://utpalbaruah.blogspot.com-তো আছে৷)


Saturday, March 17, 2018

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪০)

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪০)

আমাৰ শৈশৱৰ দিনত আমাৰ চেন্টাৰটো বা গাৱঁত থকা দোকানবোৰৰ ৰূপটো আজিৰ দৰে নাছিল৷ দোকান বুলি কোৱা সৰু কুঠৰীটোৰ মজিয়াখন আছিল মাটিৰ পৰা এফুট-ডেৰফুটমান ওপৰত সজা বাঁহ বা তক্তাৰ মজিয়া এখন৷ বেৰখন সাধাৰণতে আছিল কেঁচামাটি বা তক্তাৰ৷ ওপৰত ডাঠকৈ চোৱা খেৰৰ চাল৷ সমূখত বিস্কুত বা তেলৰ টিন কাটি সাজি লোৱা এখন আহল বহল ঢাকনি৷ বেৰ এখনত খিৰিকিৰ দৰে ওলোৱা সোমোৱা কৰিবলৈ সৰু  দুৱাৰ এখনো থাকে৷ তাত ৰাতি শিকলি এডাল লগাই তলা এটা মাৰি থোৱা হয়৷ ৰাতিপুৱা ঢাকনিখন ডাঙি ধৰিবলৈ বাঁহৰ ঢোকা এডাল লগাই দিয়া মানেই- “দোকানখন খুলিলে”৷ সমূখত চকুত পৰাকৈ বৈয়ামত ভৰাই থোৱা হয়  লজেন, খাস্তা, কুকিচ, বাদাম, দালমূট, তেতেলীৰ আচাৰ আদি লোভনীয় সামগ্ৰী ! বেৰখনত খাপ খাই থকা তক্তা কেইখনত সজাই থোৱা থাকে মছলাৰ পেকেট, গোন্ধতেল, কলগেট, ফৰহেন্স্‌, ব’ৰলিন, লেকমি স্ন’ আৰু লাক্স চাবোন! আটাইতকৈ জনপ্ৰিয় আৰু অপৰিহাৰ্য  জনতা কোম্পানীৰ ধেলা চাবোন থাকে চুকত থোৱা পাতল কাঠৰ বাকচ এটাত৷ (চাবোনৰ খালী বাকচবোৰ গঞাই কম দামতে কিনি নি পাৰ চৰাই পুহিবৰ বাবে বাঁহ সাজিছিল৷) বাকচটোৰ ওচৰতে কামি এডোখৰত ধেনুভিৰীয়া তাঁৰ এডাল লগোৱা থাকে, তাৰে ধেলা চাবোনটো ফালিব পাৰি৷ এফাল মানে আধা, এচিটা মানে এক চতুৰ্থাংশ ! লেমৰ চিমণি, চাকনি, চাৰ্ফ, চুকলি ৰছী, পুতলা, জুনুকা আদি দোকানৰ সমূখত চালিখনত, মানে ঢাকনিখনত আঁৰি থোৱা হয়, দূৰৰ পৰা দেখি থকাকৈ৷ সৰিয়হৰ তেল, কেৰাচিন তেল, আলু, পিয়াজ, চেনী, দাইল আদি দোকানখনৰ মজিয়াত, বস্তাত থাকে৷ ভিতৰুৱা গাওঁত থকা এনে দোকানৰ সমূখত বহিব পৰা বেঞ্চ এখন থকাটোও একপ্ৰকাৰ ধৰাবন্ধা কথাৰ দৰেই আছিল৷ তাতেই সন্ধ্যা উৰুলিপুঙা ডেকাহ’তে আড্ডা মাৰে! দোকানখনৰ সমূখত বকুল গছ এজোপা আৰু তাৰ তলত আলকতৰাৰ ড্ৰাম এটাৰ ওপৰত কেৰম বৰ্ড এখন দি দিলে দোকানৰ দৃশ্যটো ষোল্ল অনাই সম্পূৰ্ণ হৈ পৰে৷ এনেধৰণৰ দোকানবিলাকক গুমটি বুলি কোৱা হৈছিল৷ সামগ্ৰীবোৰ আছিল গেলামান আৰু মনোহাৰী মালৰ সংমিশ্ৰণ৷ সেইযে ঢোকা এডালৰ কথা ক’লো, এদিন মই হেলান দি থাকোঁতে কিবা স্বৰূপে সেইডাল উফৰি পৰিছিল আৰু ওপৰৰ ঢাকনিখন হিৰিস কৈ তললৈ খহি পৰিছিল৷ ঘটনাটোত দোকানখনৰ এটা বৈয়াম আৰু কেইবাটাও টেবুল লেমৰ চিমণি ভাঙিছিল৷

কালৰ ক্ৰমবৰ্ধমাণ গতিত এনেধৰণৰ দোকানবোৰৰ ভেটিটো এসময়ত পকা হ’ল৷ ওপৰত টিন উঠিল৷ আৰু সমূখৰ আহল বহল ঢাকনিখন সৰু সৰু তক্তাৰে একাবেকাকৈ ভাঁজ দি চপাই থ’ব পৰা আৰু টান মাৰি দিলেই সমূখভাগ ঢাকি ধৰিব পৰা কিটিপ ওলাল৷ দোকানৰ ভিতৰৰ তক্তাখনত থ’বলৈ নিউট্ৰেলা নামৰ ছয়াবিনৰ পেকেট, হৰলিক্সৰ বা ভিভাৰ বটল আদি নতুন বস্তুৰ আগমন ঘটিল৷ ওলমি থকা বস্তুৰ লগত চেম্পুৰ পেকেট, নিৰমাৰ পেকেট, আলুৰ চিপছ্‌, ভুজিয়া পেকেট আদি যোগ হ’ল৷ লাহে লাহে লেমৰ চিমণিৰ বিক্ৰি একেবাৰেই নোহোৱা হ’লগৈ, তাৰ ঠাইত ৬০ ৱাট্‌, ১০০ ৱাট্‌ৰ ইলেক্ট্ৰিক লাইট আহিল৷

এনেকৈয়ে এটা সময়ত তক্তা লগোৱা ঢাকনখনৰো আয়ুস কমি আহিল, গ্ৰীল দিয়া ছাটাৰ ওলাল৷ ওপৰৰ পৰা টান মাৰি দিলে ঘৰঘৰকৈ লোহাৰ পাতকেইচলা তললৈ নামি আহে, বেছ মজবুত, সুৰক্ষা বেছি৷ এনে ছাটাৰ লগোৱা দোকানৰ দোকানীয়ে ঘৰত নিশ্চিন্তে শুব পাৰে, চোৰে দুৱাৰ ভাঙি বস্তু লৈ যোৱাৰ আশংকা নাই৷ আগলৈ আৰু পৰিৱৰ্তন হোৱাৰ আশা আছে৷ বিশ্বায়নে ঘৰতে প্ৰয়োজনীয় বস্তুটো পোৱাৰ সুবিধা আনি দিছে, ভৱিষ্যতলৈ এনেধৰণৰ দোকান থাকিবগৈ নে নাই অলপ সন্দেহ আছে৷

পূৰ্ণেশ্বৰ ছাৰৰ এই কাহিনীটো সেই সময়ৰে যেতিয়া দোকানৰ সমূখভাগত জাপ খুৱাই থব পৰা তক্তাৰ ঢাকনি লাগিছিল৷ ঘৰৰ পৰা ওলায়েই সদায় পাৰ হৈ যোৱা গুমটিকেইটাৰ ওচৰতে পকী ভেটিৰ ঘৰ এটা উঠিছে৷ ওপৰত বেলজিয়াম টিন, ৰ’দ পৰি জ্বলমলাই থাকে, বহু দূৰৰ পৰা দেখি৷ বিলাতী মাটিৰ মজবুত দেৱাল৷ চেন্টাৰটোৰ ৰূপেই সলনি হৈ গৈছে৷ যোৱা তিনিমাহ মানৰ পৰা ছাৰে দেখি আহিছে – মেৰটোত তম্বু এটা উঠিছে, ৰাস্তাৰ দাঁতিতে ইটা, শিলগুটি, বালি পৰিছে, জোখ-মাখৰ খুটি আৰু চুকলি ৰছী ওলমিছে, ওপৰত ৰঙা কাপোৰৰ টুকুৰা এটা ওলমি থকা খুটা এটাৰ জকাটো থিয় হৈছে, মিক্সাৰ তৈয়াৰ হৈছে ৷ ছাৰে চাই থাকোতেই চকুৰ আগতে ছটা দোকানঘৰে মূৰ দাঙি উঠিল৷ এখন দোকানৰ নাম “ফাইন্‌ ফিট্‌ জোতাৰ দোকান”, কাষৰখন “বল্কল বস্ত্ৰ উদ্যোগ”, মাজৰ দুখনৰ নাম দিয়া হোৱা নাই৷ শেষৰ দুটা কোঠাত চূণ তেলৰ কাম এতিয়াও চলি আছে৷ স্কুললৈ আহোঁতে-যাওঁতে ঘৰটোলৈ এবাৰ চোৱাতো ছাৰৰ অভ্যাসৰ দৰে হৈছে৷

আজি শুক্ৰবাৰ, ছাৰে ছেভেনত জ্যামিতি পঢ়াব ৷ চাইকেলৰ পেডেলত ভৰি দিয়াৰ লগে লগে ছাৰৰ মনটো স্কুললৈ ঢাপলি মেলিলে৷ যোৱা শুক্ৰবাৰে বৃত্ত হৈ গৈছে আজি সমবাহু আৰু সমদ্বিবাহু ত্ৰিভূজৰ ধৰ্ম আছে৷ নতুন ঘৰটোৰ সমূখভাগ পোৱাৰ লগে লগেই ছাৰৰ চকু দোকানকেইখনলৈ গ’ল৷ আটাইকেইখন দোকানেই বন্ধ, শেষৰ দোকান দুখনৰ কাম এতিয়াও চলি আছে৷ আধা মেল খাই থকা দোকানখনৰ সমূখত লিখা আছে - ইয়াত কেল মৰা হয়৷

পেডেল মৰা বন্ধ কৰি, পিছৰ চকাৰ ব্ৰেকডাল অলপ চেপা মাৰি ধৰি ছাৰে এবাৰ ভালকৈ ডিঙি ঘুৰাই চালে- কি লিখিছে? “ইয়াত কেল মৰা হয়৷” জীৱনত শিকা সমস্ত ক্ৰিয়া বাচক অসমীয়া শব্দ ছাৰে মনত পেলাবলৈ চেষ্টা কৰিলে – কেল মৰা, কেল মাৰ…! নাই মনত নপৰে! এইটো আকৌ কি শব্দ ওলাল, কোনে কাক কেল মাৰে, কেনেকৈ মাৰে, কেতিয়া মাৰে! আজিকালি ল’ৰা-ছোৱালী বিলাকে গুৰু-গোঁসাই নমনা হ’ল৷ কেল মৰা প্ৰক্ৰিয়াটোও এনেকুৱাই কিবা নেকি! মাক দেউতাকে গম নোপোৱাকৈ কিমান ল’ৰা-ছোৱালীয়ে কেল মাৰিব তাৰ খাটিয়ান কোনোবাই ৰাখিবনে? ভগৱতী হোটেলত চিবজী নামৰ ভাগলপুৰৰ কাৰিকৰ এজন আছিল৷ দোকানকনৰ বিক্ৰিবাৰ্তা আগৰ পৰাই বেয়া৷ এদিন গম পোৱা গ’ল তাৰে ভিতৰৰ কোঠা এটাত তীৰখেলৰ হিচাপ নিকাচ চলে৷ সন্ধ্যা ডেকাল’ৰা কেইটামান মিলি চিবজীক লাপৰ-থাপৰ দুটামান সোধালে হ’বলা পিছদিনাই সি বিচনাপত্ৰ বান্ধি ভাগিল৷ এইবিলাক অশুভ কৰ্মকাণ্ড ঘটিবলৈ লৈছে এই ঠাইত৷ এতিয়া আকৌ আহিল এই নজনা নুশুনা কেল মৰা কামটো!

গোটেই দিনটো ছাৰৰ মনটো অশান্ত হৈ থাকিল৷ অঞ্চলটোৰ সন্মানীয় শিক্ষক আলি ছাৰে অৱসৰ ল’লে৷ আজি বিদায় সভাৰ দিন আছিল৷ তাৰে কামত লাগি থাকোতেই আনদিনাতকৈ ঘৰলৈ ওভতোতে ছাৰৰ আজি পলম হ’ল৷ নতুন ঘৰটো যিমানেই ওচৰ চাপি আহিল ছাৰৰ মনত অশ্বস্তিৰ পৰিমা্ণো সিমানেই বাঢ়ি আহিল৷ ফাইন ফিট দোকানখন খোলা৷ সিফালে কোঠা এটাত কোনোবা ডাক্তৰ বহিব হ’বলা, যোগ চিন এডাল লাগিছে৷ তাৰ পিছত- ? ছাৰ অবাক হৈ গ’ল৷ দোকানখন এতিয়া বন্ধ৷ ৰাতিপুৱা দেখোঁতে কেইখনমান তক্তা ভিতৰ সোমাই আছিল৷ ‘চাই’, হাতীৰ সুৰডালৰ দৰে ষ্টাইল কৰি অঁকা এ-কাৰডাল, ‘মতি’ আৰু ‘কৰা’ আখৰ কেইটা লুকাই আছিল৷ দোকানখনত লিখা সম্পূৰ্ণ বাক্যটো আছিল – ইয়াত চাইকেল মেৰামতি কৰা হয়!

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈ পেটৰ নাৰী ডাল ডাল কৰিছিল আমাৰ মৰমৰ ভনী মাজনীয়ে, ৰূপালীম বৰাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

সুখৰ সংজ্ঞা, প্ৰাপ্তি আৰু আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস- Sadin 16-March-2018




সুখৰ সংজ্ঞা, প্ৰাপ্তি আৰু আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস


সুখৰ সংজ্ঞা আৰু প্ৰাপ্তিৰ উৎস বিচাৰি যুগে যুগে মানুহ হাবাথুৰি খাই আহিছে৷ কোনোবাই যদি “নিজ স্বাৰ্থ বলিদানেৰে” সুখৰ প্ৰাপ্তি বুলি ভাবিছে আন কোনোবাই আকৌ প্ৰচুৰ প্ৰাচুৰ্য্যৰ মাজত ইয়াৰ অস্তিত্বৰ সন্ধান কৰিছে! গ্ৰীক আৰু ৰোমান সভ্যতাৰ দিনৰে পৰা  মানুহৰ মাজত সুখৰ সন্ধান অবিৰত ভাবে চলিয়েই আছে৷ গ্ৰীক দাৰ্শনিক এৰিষ্টোটোলে ভাবিছিল প্ৰজ্ঞাৰ সুপ্ৰয়োগৰ সুবিধাইহে মানুহৰ মনলৈ সুখৰ বন্যা কঢ়িয়াই আনিব পাৰে৷ কোৰাণ আৰু বাইবেলৰ দৰে ধৰ্মগ্ৰন্থই আকৌ সৃষ্টিকৰ্তাৰ ওপৰত থকা অটল বিশ্বাসহে সুখৰ আধাৰ বুলি মত পোষণ কৰি আহিছে৷ জীৱতত্ববিদ চাৰ্লছ ডাৰউইনৰ মতে সকলো জীৱৰেই প্ৰাকৃতিক ভাৱে সুখৰ অনুভূতি উপভোগ কৰিব পৰাৰ ক্ষমতা আছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতৰা ঘোষনাপত্ৰখনতো উল্লেখ থকা তিনিটা মৌলিক অধিকাৰৰ এটা হৈছে – সুখৰ সন্ধান  (pursuit of happiness)৷

ইতিমধ্যেই পৃথিৱীৰ অনেক ঠাইত সুখৰ সংজ্ঞা, আধাৰ আৰু মাত্ৰাৰ ওপৰত অধ্যয়ন আৰম্ভ হৈছিল৷ এই জটিল বিষয়টো অধ্যয়ন কৰিবলৈ আগভাগ ল’লে নেদাৰলেণ্ডৰ ইৰাছমাছ বিশ্ববিদ্যালয়ে (Erasmus University)৷ তেওঁলোকে সুখৰ উৎস অনেক তথ্যৰ এক অভিলেখাগাৰ সৃষ্টি কৰি পৃথিৱীৰ দেশসমূহৰ নাগৰিকৰ সুখৰ পৰিমান নিৰ্ধাৰণ কৰাৰ এক বিজ্ঞানসন্মত উপায় উদ্ভাৱন কৰিলে৷ আনকি দেশ একোখনৰ নাগৰিকসকল কিমান সুখী সেইটোও জোখ-মাখ কৰাৰ উপায় ওলাল৷ ইৰাছমাছ বিশ্ববিদ্যালয়ৰ সমীক্ষাই কেতবোৰ আমোদজনক তথ্য পোহৰলৈ আনিছে৷  সমীক্ষাটোৰ মতে বিবাহিত লোকসকল অবিবাহিত লোকতকৈ অধিক সুখী৷ যি সকললোকে আনলোকৰ সান্নিধ্য ভাল পায় আৰু সমাজপ্ৰিয় তেখেতসকল অসামাজিক লোকতকৈ অধিক সুখী৷ সমীক্ষাটোৰ মতে সন্তানহীন দম্পতিসকলো সন্তানৰ পিতৃমাতৃ হোৱা দম্পতিসকলৰ সমানেই সুখী৷ অধিক সম্পত্তিৰ মালিকসকল দুখীয়া লোকতকৈ সামান্য পৰিমাণেহে অধিক সুখী৷ সমীক্ষাৰ পৰা পোৱা তথ্যসমূহে এটা কথা ফটফটীয়াকৈ প্ৰমান কৰিছে যে অৱস্থাপন্ন দেশত য’ত সঁচা অৰ্থত গনতন্ত্ৰৰ প্ৰয়োগ হৈছে সেই দেশৰ বাসিন্দাসকল আন দেশৰ নাগৰিকতকৈ বেছি সুখী৷

বিশ্ববিদ্যালয়খনৰ এই অধ্যয়ন অকল তত্ব, দৰ্শন বা অনুমানৰ ওপৰতে সীমাবদ্ধ নহয়৷ অৰ্থনীতিবিদ, মনোবৈজ্ঞানিক, চিকিৎসক আৰু সমাজবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰে মানুহৰ মনৰ সুখানুভূতিৰ প্ৰকৃত স্বৰূপটো উদ্ভাৱনক কৰিবলৈ সমৰ্থ হৈছে৷ অৰ্থনৈতিক প্ৰগতিৰ হিচাপ কৰিব পাৰি টকা পইচাৰ দ্বাৰা কিন্তু সুখ-শান্তিৰ? কি পদ্ধতিৰে মানুহৰ মনৰ মাজত সৃষ্টি হোৱা সুখৰ পৰিমান নিৰ্ধাৰণ কৰিব পাৰি? স্বাস্থ্য বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা এম্‌-আৰ্‌-আই (MRI -magnetic resonance imaging) পদ্ধতিৰ দ্বাৰা এই কথা আৱিষ্কাৰ হৈছে যে মানুহৰ যেতিয়া সুখানুভূতি অনুভৱ হয়, মগজুৰ এটা নিৰ্দিষ্ট অংশ সক্ৰিয় হৈ পৰে৷ বেদনাহত অৱস্থাত এই অংশ নিষ্ক্ৰিয় হৈ থাকে৷ এই গৱেষণাই মানুহৰ মানসিক অৱস্থাৰ লগত মগজু সম্পৰ্কৰ আৰু কেতবোৰ নতুন সত্য পোহৰলৈ আনিছে৷ দৰিণ মেকমোহন (Darrin McMahon) নামৰ ইতিহাসবিদ এজনে সুখানুভূতিৰ ওপৰত এখন কিতাপ লিখিছে৷ কিতাপখনৰ নাম - Happiness: A History ৷তেওঁৰ মতে প্ৰাচীন কালত গ্ৰীক সকলে সুখৰ লগত ভাগ্যৰ সম্পৰ্ক থকা বুলি ভাবিছিল৷ ১৮শ শতিকাত ইউৰোপৰ মানুহে বিশ্বাস কৰিবলৈ লৈছিল যে মানুহে নিজৰ শক্তিৰ বলত সুখ উপভোগ কৰাটো সম্ভৱ হ’ব পাৰে৷ কিন্তু আমোদজনক কথা বলপূৰ্বক সুখ প্ৰাপ্তিৰ প্ৰচেষ্টাই প্ৰকৃততে মানুহক দুখীহে কৰিব পাৰে৷ সাংবাদিক এৰিক ৱেনাৰ (Eric Weiner) নামৰ ব্যক্তি এজনে সুখৰ ওপৰত গৱেষণা কৰি লিখা কিতাপখনৰ নাম - The Geography of Bliss ৷ তেখেতে চুইজাৰলেণ্ড, ভূটান, কটৰ, থাইলেণ্ড আদি সুখী দেশকেইখন ভ্ৰমণ কৰি কি কি উপাদানে সেই দেশৰ নাগৰিক সকলক সুখী কৰিছে সেইটো জানিবলৈ বিচাৰিছিল৷ আইচলেণ্ডৰ দৰে বৰফত পোতখাই থকা দেশখন, য’ত বেলিৰ পোহৰেই ভালদৰে নপৰে, যিখন দেশৰ নাগৰিকসকল বেছিভাগ সময় সুৰাতে ডুবি থাকে, সেইখন দেশৰ নাগৰিকসকল কেনেকৈ ইমান সুখী হ’ব পাৰে ৱেনাৰ তাৰেই সন্ধান কৰিবলৈ চেষ্টা কৰিছে৷ তেওঁৰ মতে, দেশখনত সুখৰ আধাৰ হৈছে, পৰস্পৰৰ মাজত থকা শক্তিশালী সামাজিক বন্ধন, অনিৰ্বচনীয় প্ৰাকৃতিক সৌন্দৰ্য্য আৰু লোকসকলৰ উচ্চমানৰ সৃজনী প্ৰতিভা৷ দান গিলবাৰ্ট (Dan Gilbert) হাৰ্ৱাড বিশ্ববিদ্যালয়ৰ মনোবৈজ্ঞানিক৷ Stumbling on Happiness নামৰ কিতাপখনৰ প্ৰণেতা গিলবাৰ্টে এটা আমোদজনক সত্যৰ সম্ভেদ দিছে৷ প্ৰাপ্তিৰ আকাংক্ষাই মানুহক প্ৰকৃত প্ৰাপ্তিতকৈ বেছি আনন্দিত কৰিব পাৰে! ঠিক তেনেকৈ কোনো ঘটনাৰ আশংকাত মানুহ যিমান দুখী হয়, বাস্তৱতে সেই ঘটনাৰ মুখামুখি হোৱাৰ পাচত অনুভৱ কৰা দুখ তাতোকৈ বহুগুণে কম হয়৷ টকা পইচাই মানুহক কিমান সুখী কৰিব পাৰে? এইটো বিষয়ত গৱেষণা কৰা ৰিছাৰ্ড লেয়াৰ্ডে (Richard Layard) পাইছে যে পশ্চিমৰ অনেক দেশৰে উপাৰ্জন এতিয়া পঞ্চাশ বছৰৰ আগৰ উপাৰ্জনতকৈ বহুত বেছি, তথাপিও কিন্তু সেই দেশৰ নাগৰিকসকল এতিয়া তেতিয়াৰ সমান সুখী নহয়! তেওঁৰ মতে সুখৰ আধাৰ অকল ক্ৰয় কৰিব পৰা ক্ষমতাই নিৰ্ধাৰম নকৰে৷

যেতিয়া পৃথিৱীৰ সকলো দেশেই উন্নতিৰ মাপ জুখিবলৈ “জিডিপি”-ৰ (GDP-Gross Domestic Product) তুলনা কৰিছিল, সেই তেতিয়াই, আজিৰ পৰা ৪৬ বছৰৰ আগতেই হিমালয়ৰ পাদদেশৰ এখন সৰু ৰাষ্ট্ৰই নিজৰ উন্নতিৰ খাতিয়ান ল’বলৈ সৃষ্টি কৰিছিল এটা নতুন শব্দৰ – জি-এন্‌-এইছ্‌ (GNH -Gross National Happiness)৷ আন ৰাষ্ট্ৰৰ লগত ৰিজাই চাব পৰাকৈ ভূটানৰ তেতিয়া সামৰ্থ্য  নাছিল, তেওঁলোকৰ জিডিপি আছিল নিচেই সামান্য৷ সেইয়ে, ১৯৭২ চনৰ পৰা পৃথিৱীৰ আন দেশে যেতিয়া পইচাৰ হিচাপেৰে নিজৰ মাহাত্ম্য আৰু অগ্ৰগতিৰ পৰিচয় দিছিল, ভূটানে সন্ধান কৰিছিল নাগৰিকসকলৰ সুখ-প্ৰাপ্তিৰ পৰিমাণ৷

২০১২ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘই নিউইয়ৰ্ক চিটিত এই বিষয়টোৰ ওপৰত চিন্তা কৰিবলৈ এখন সন্মিলনৰ আয়োজন কৰিলে৷ পৃথিৱীৰ অনেক দেশে একগোট হৈ সিন্ধান্ত গ্ৰহণ কৰিলে যে একমাত্ৰ অৰ্থনৈতিক প্ৰগতিয়েই এখন দেশৰ সমৃদ্ধিৰ একমাত্ৰ কাৰণ হ’ব নোৱাৰে৷ এই সন্মিলনৰ বাবেই পৃথিৱীত প্ৰথম বাৰৰ বাবে “ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট” প্ৰস্তুত কৰা হ’ল৷ সুখৰ আধাৰ হিচাপে চিহ্নিত কৰা হ’ল তিনিটা প্ৰধান কাৰক – আৰ্থিক আৰু ৰাজনৈতিক অধিকাৰ, শক্তিশালী সামাজিক বন্ধন আৰু দুৰ্নীতিৰ অনুপস্থিতি৷ সন্মিলনখনত সভাপতিত্ব কৰি দিয়া ভাষণত ইউৰোপৰ পৰিৱেশ সংঘৰ (European Environment Agency) ডাইৰেক্টৰ জেকুইলিন মেকগ্লেডে (Jacqueline McGlade) কৈছিল যে – সাম্প্ৰতিক সময়ত চলি থকা অৰ্থনৈতিক সংকট, পৰিৱেশ প্ৰদূষিতকৰণ আৰু পৃথিৱীবাসীৰ মাজত দিনে দিনে বাঢ়ি অহা অসন্তোষে এইটোকে প্ৰমান কৰিছে যে জিডিপিৰে এখন দেশৰ অগ্ৰগতিৰ মাপ সূচাব পৰা সময়ৰ অন্ত পৰিছে৷ এইটো বিষয়ৰ বিশাৰদ নিক মাৰ্কে (Nic Marks) মত পোষন কৰিছিল যে বৈষয়িক প্ৰাপ্তিয়ে সুখৰ সন্ধান দিবলৈ ব্যৰ্থ হোৱা কথাটো এতিয়া পৰিষ্কাৰ হৈ পৰিছে৷

ৰাষ্ট্ৰ সংঘই ২০১৩ চনৰ পৰা ২০ মাৰ্চ দিনটো আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস (International Day of Happiness) হিচাপে পালন কৰিবলৈ সিদ্ধান্ত ল’লে৷ ইতিমধ্যে যোৱা পাঁচ বছৰ এই দিৱস উদযাপন কৰা হৈ গৈছে৷ ২০১৭ চনত এই দিনটোতে পৃথিৱীৰ ১৫৫ খন ৰাষ্ট্ৰৰ নাগৰিক সকলৰ মাজত কৰা সমীক্ষাৰ ভিত্তিত সুখী দেশবিলাকৰ এখন তালিকা প্ৰকাশ কৰা হৈছে৷ সেই তালিকাখনত থকা বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দহখন সুখী দেশ হৈছে – নৰৱে, ডেনমাৰ্ক, আইচলেণ্ড, চুইজাৰলেণ্ড, ফিনলেণ্ড, নেডাৰলেণ্ড, কেনাডা, নিইজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু চুইডেন৷ আমেৰিকা যুক্তৰাষ্টই এই তালিকাত স্থান পাইছিল ১৪ নম্বৰত৷ বিশ্বৰ ঐস্বৰ্যশালী এই দেশখনৰ বাসিন্দাসকল শ্ৰেষ্ঠতম সুখীলোক নহয়, ইয়াৰ কাৰণ হৈছে সদ্যহতে আমেৰিকাত দেখা দিয়া স্তিমিত সামাজিক বন্ধন (less social support) আৰু দুৰ্নীতি৷ ঠিক তেনেকৈ অৰ্থনৈতিক প্ৰগতিত চীন দেশ আগবাঢ়ি গ’লেও দেখা গৈছে যে যোৱা ২৫ বছৰৰ আগতে চীনৰ লোকসকল যিমান সুখী আছিল এতিয়া কিন্তু এই সুখৰ পৰিমান কমিছেহে৷

এই তালিকাখনত ভাৰতবৰ্ষই স্থান পাইছে ১২২ নম্বৰত৷ আমাতকৈ আগত আছে পাকিস্থান (৮০ নম্বৰত), বাংলাদেশ (১১০ নম্বৰত) আৰু নেপাল (৯৯ নম্বৰত)৷ অৰ্থাৎ দক্ষিণ এছিয়াৰ আমাৰ প্ৰতিৱেশী আটাইকেইখন দেশৰ বাসিন্দাসকল ভাৰতীয়লোকতকৈ বেছি সুখী৷ সমীক্ষাটোৰ মতে আমাৰ দেশৰ এই গতি হোৱাৰ প্ৰধান কাৰণ – দুৰ্নীতি বিৰোধী দুৰ্বল স্থিতি, দৰিদ্ৰতা আৰু শিক্ষাৰ ওপৰত দুৰ্নীতিয়ে পেলোৱা কু-প্ৰভাৱ আৰু আৰক্ষী ব্যৱস্থাৰ বৰ্বৰতা৷ সমীক্ষাটোৱে মন্তব্য দিছে – ভাৰতবৰ্ষত অৰ্থনৈতিক উন্নতি সাধন হৈছে সঁচা কিন্তু তাৰ লগে লগেই চকুত পৰাকৈ বাঢ়ি আহিছে সামাজিক বৈষম্য৷

কেইদিনমানৰ পিচতে ২০ মাৰ্চ তাৰিখে প্ৰকাশ পাব লগা এই বছৰৰ সমীক্ষাই বা কি কয়, তাৰ বাবে বিশ্ববাসীয়ে অপেক্ষা কৰি আছে৷ সাদিনৰ সকলো পঢ়ূৱৈলৈ আন্তঃৰাষ্ট্ৰীয় সুখ দিৱসৰ ওলগ জনালোঁ৷



(এই লেখাখিনি সাদিন, 16 March, ২০১৮ সংখ্যাৰ কাকতৰ 11 নং পৃষ্ঠাত নতুবা মোৰ ব্লগ http://utpalbaruah.blogspot.com-তো আছে৷)


Saturday, March 10, 2018

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৩৯)

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৩৯)

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত বাবেই নেকি আমাৰ অঞ্চলটোৰ পৰা বছৰটোৰ এটা সময়ত হিমালয় পৰ্বতৰ শুভ্ৰ শিখৰবোৰ বৰ মনোমোহাকৈ চকুত পৰে৷ দিনত বেলিৰ পোহৰ পৰি জ্বলমলাই উঠা হিমালয় পৰ্বতৰ এই শোভাই কোনো কোনো সময়ত অনিৰ্বচনীয় ৰূপ লয়৷ দিগন্ত বিস্তৃত সেউজ পথাৰৰ সীমনা পাৰ হৈ য’ত আকাশে মাটি চুই থাকে তাতে এই শৃংগবোৰে শৃংগাৰ কৰি থাকে কপাহৰ জোলাৰ দৰে চঞ্চল শুকুলা মেঘৰ আগত৷ লয়লাস ভঙ্গীত হালি জালি সজাল ৰোৱাই নিচুকনি গীত গায়৷ সংসাৰৰ মায়োমোহ এৰি থৈ বৈৰাগ্য ভাৱত আমন জিমনকৈ দিগন্তলৈ উৰি গৈ থাকি এসময়ত নীলিমাত বিলীন হৈ যায় জাক পাতি উৰি যোৱা বগলীৰ জাক! ক্ৰমান্বয়ে শুকাই অহা দলনিৰ পানী ডোঙাত বিয়াগোম একোটা বৰটোকোলাই এটা ঠেঙতে ভৰ দি যোগাভ্যাসত মগন হৈ থাকে- নিৰৱে বহুপৰ৷ ৰাষ্টাৰ কাষৰ খাল আৰু পুখুৰীত তেতিয়া ভেট, পদূম আৰু মেটেকা ফুল ফুলে ৷ সততে নেদেখা জাক জাক বেঙুনীয়া ৰঙৰ ফুলৰ পোহাৰে মনত পেলাই দিব পাৰে ৰঘুনাথ চৌধুৰীৰ গিৰিমল্লিকা ‘অয়ি অনৱগুণ্ঠিতা ফুল্ল শিখৰিণি’ বা উইলিয়াম ওৱৰ্ডছৱৰ্থৰ ‘ডেফোদিল’লৈ৷ প্ৰকৃতিৰ এই মায়াময় দৃশ্যলৈ আপোনভোলা হৈ ৰ লাগি চাই থাকোঁতে গছ বিৰিখেও নিজলৈ মন দিবলৈ পাহৰি যায় আৰু অনাদৰত ওফোন্দ পাতি এটি দুটিকৈ গছপাতবোৰ খঙত ৰঙা হৈ তললৈ নামি আহে!

প্ৰকৃতিয়ে নিজহাতে গঢ় দিয়া এনেকুৱা এটা ঋতুতে স্কুলৰ পৰা উভতি অহাৰ পিচত পূৰ্ণেশ্বৰ ছাৰ নতুনকৈ খন্দা পুখুৰীটোৰ পাৰত থিয় দি ৰৈ আছিল৷ পুখুৰীটোৰ পাৰেদিয়েই কেইবাখনো গাঁৱলৈ যোৱা ৰাষ্টাটো সোমাই গৈছে, তাত বাটৰুৱাৰ সঘন আহ্‌-যাহ্‌ ৷ কোনোবা বাটৰুৱাই চাৰলৈ চায় ৰিঙিয়াই থৈ যায় – ভূঞা, ভাল নে? ছাৰে ছুটি উত্তৰেৰে মোখনি মাৰে – আছো দিয়ক!

পুখুৰীটো আচলতে খান্দো বুলি খন্দা পুখুৰী নহয়৷ পুৰণি ভড়াল ঘৰটোৰ এফাল আৰু-বেলিতে হালি পৰিছিল,  যোৱা বছৰটো ঢোকা তিনিডাল দিয়েই যেনিবা যেনেতেনে চলাই দিয়া হ’ল৷ সেয়ে খৰালি আৰম্ভ হোৱাৰ লগে লগেই ছাৰে মন বান্ধিলে এইবাৰ ভড়াল ঘৰটো সাজিবই লাগিব৷ বয়োবৃদ্ধ দুজনমান আহি পৰামৰ্শ দিলেহি- ভেটিটো ওখকৈ বান্ধ, কাঠৰ সলনি বিলাতী মাটিৰে বনোৱা পকী পিলাৰ লগা, চাবি যাতে গাধৰিখন বেছি ওখ নহয়! ছাৰে ভেটি বান্ধিবলৈ লগা মাটিৰ বাবে বাৰিতে সৰুকৈ পুখুৰী এটা খন্দাৰ কথা ভাবিলে, জাবৰ-জোথৰ পেলোৱা হোলাটোৰ ওচৰতে৷ নটা নুনিয়াই সাত দিনতে ছাৰৰ নতুন ভড়াল ঘৰটোৰ ভেটি থিয় কৰি দিলে৷ পুখুৰীটোৰ এটা ফালে আৰু কিছু দ কৰি তাৰ মাটিৰে পুখুৰীৰ পাৰটোও বান্ধি দিয়া হ’ল৷ সৰু জাবৰ পেলোৱা খাৱৈটোৱে এটা পষেকতে পুখুৰীৰ ৰুপ লোৱাত ছাৰৰ লগতে ঘৰৰ সকলোৰে মনটো আনন্দেৰে ভৰি পৰিল৷ পুখুৰীটোৰ যিটোফাল ৰাষ্টাৰ পৰা চকুত পৰে, সেইটোফাল কমকৈ খন্দা ফালটো৷ ডিঙি মেলি নাচালে দ-ফালটো ৰাষ্টাৰ পৰা নেদেখি৷ “পুখুৰীটো বাম হ’ল নহয়!” - পুখুৰীত পানী ভৰিবলৈ নৌ পাওঁতেই এই কথাষাৰ শুনি শুনি তিনিমাহতে ছাৰৰ কাণ পকি গ’ল!

কমন ৰুমত ছাৰে যেতিয়া পুখুৰীৰ কথাটো সহকৰ্মীসকলৰ আগত উলিয়ালে, বিষয়টোত আটাইতকৈ বেছি আগ্ৰহ দেখুৱালে সৰু জিতেন ছাৰে৷ জিতেন ছাৰে পানী দেখিয়েই কৈ দিব পাৰে তাত কি কি মাছ থাকে৷ কেইবাটাও পদ্ধতিত জাল মাৰিব জনা ছাৰে বাৰিষা জাল এখেৱা নমৰাকৈ স্কুললৈকে নাহে৷ ছাৰে ক’লে – “চাৰিআলিৰ ফিছাৰিত মীন পালন বিভাগে কম দামতে ভকুৱা মাছৰ পোনা দি আছে, তাৰে চাৰিশ পোনা আনি পুখুৰীটোত এৰি দিয়া, অহা বছৰৰ পৰা মাছ নিকিনাকৈয়ে হৈ যাব৷” জিতেন ছাৰৰ কথা মতেই ছাৰে পোনা তিনিশ আনি নতুন পুখুৰীটোত মেলি দিলেহি! কিছুদিনৰ পৰা ছাৰে লক্ষ্য কৰিছে, ওচৰৰ দুঘৰৰ পৰা হাঁহ এজাক আহি পুখুৰীটোত চৰিবলৈ লৈছেহি৷ সিহঁতৰ পেটত নুঠে যদি আহি থকা খৰালিটোত ছাৰে এইবাৰ নিজৰ পুখুৰীৰে ভকুৱা মাছ খাব৷

পুখুৰীটোৰ পাৰত থিয় হৈ পোনাবোৰ কিমান ডাঙৰ হৈছে, ক’ৰবাত কেনেবাকৈ চকুত পৰে নেকি ছাৰে তাৰে আলেখ-লেখ চাই আছিল৷ তেনেতে সেইঠাইত ওলালহি কনকেশ্বৰ বৰুৱা৷ গঞাই “কানু গোঁসাই” নাম দিয়া কনকেশ্বৰ অঞ্চলটোৰ এটা ব্যতিক্ৰমী চৰিত্ৰ৷ ব্ৰহ্মপুত্ৰৰ চাপৰিত তেওঁ এসময়ত স্কুল এখন খুলিছিল বুলি শুনা যায়৷ মানুহে কয়, সেই সময়তে ‘হাইস্কুলৰ হেড-মাষ্টৰ’ বুলি পিচপৰা গাঁৱ এখনৰ পৰা চকুত পৰা গাভৰু এজনী তেওঁ বিয়া কৰাই আনিলে৷ মাষ্টৰে ঘৰ আৰু পথাৰৰ কাম  সমাপ্ত হোৱাৰ পিচত ছয় মাইল চাইকেল কৰি গৈ স্কুলখন পায় মানে কেতিয়াবা স্কুল ছুটিৰে সময় হয়গৈ হেনো৷ চকুচৰহাসকলে কয় কানু গোঁসায়ে হেনো “তেজৰে কমলা পতি”-ৰ অৰ্থ ভাঙোতে “নন্দ গৈল বাথানে”ৰ অৰ্থ “নন্দ বাথৰুমলৈ গ’ল” বুলি শিকাইছিল৷ তেখেতে নজনা কথা সাধাৰণতে নাই৷ স্থানীয় পুথিভড়ালটোৰ ৰূপালী জয়ন্তী সমাৰোহত তেখেতে এটা বৰগীত গাইছিল আৰু গীতটো স্ব-ৰচিত আছিল বুলি দৰ্শকৰ আগত দাবী কৰিছিল৷ তেখেতক এটা শব্দৰ ঠাইত এটা বাক্য, এটা বাক্যৰ ঠাইত এটা পেৰাগ্ৰাফ, এটা পেৰাগ্ৰাফৰ ঠাইত এখন ৰচনা আৰু এখন ৰচনাৰ ঠাইত এখন সম্পূৰ্ণ কিতাপ লাগিছিল৷ ৰাষ্টাত ভেটা-ভেটি হওঁতে কোনোবাই যদি তেওঁক সোধে – গোঁসাই, ক’ৰপৰা? তেওঁ সাউতকৈ চাইকেলৰ পৰা নামি লয়, তাৰ পিছত আৰম্ভ কৰে- এ নক’বা আৰু, যোৱা দুমাহ মানৰ পৰা ভাবি আছিলো পানপুৰত পৰা সৰু ছোৱালীজনীৰ তালৈ পাক এটা মাৰোঁ, তাইৰ দেওঁৰেকটো আকৌ ঘিলাধাৰী বাগানত এপেনটিছ সোমাল নহয়,  খবৰ এটা কৰোঁ কৰোঁ বুলিও কৰা হোৱা নাই, সিফালে আকৌ গাৱঁৰে ঘনকান্তৰ মাজুটোৰ বিয়া ঠিক কৰিব লাগে,  ঘনই আহি টোপোলা পেলোৱাত যাবলৈ বৰকৈ ধৰিলে, সাতে সোতৰে ... ৷ আগন্তুকে প্ৰমাদ গণে! সেয়ে সততে জনাশুনা লোক কনকেশ্বৰ বৰুৱাৰ আগত নপৰে৷

ছাৰক দেখি কানু গোঁসাইয়ে চাইকেলখন ৰখালে আৰু দীঘলীয়া সুৰত ৰিঙিয়ালে – ভূঞা!
ছাৰে দেখে – সৰ্বনাশ! চাইকেলখন ষ্টেণ্ডত লগাই তেওঁ ছাৰৰ ওচৰলৈকে পোনাইছে৷
-          হেৰি নহয় ভুঞা, পুখুৰীটো বৰ বাম হ’ল হে’! পানী ভৰ্তি পুখুৰীটোলৈ চাই তেওঁ মন্তব্য কৰিলে৷
ছাৰেও পলম নকৰিলে৷ পোনে পোনে মুখলৈ অহা বাক্যটোকে ছাৰে এৰি দিলে - হয় দিয়ক, নক’ব আৰু, চাওকচোন, চৰি থকা হাঁহজাকেই ডুব যোৱা নাই!

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত ৰাখিছিল আমাৰ মৰমৰ ককাইদেউ, ফে’চবুকৰ জনপ্ৰিয় চিনাকি লেখক লাটুদাই, প্ৰতুল কুমাৰ বৰকটকীয়ে৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)


Friday, March 9, 2018

মোবাইল ফোন আৰু মগজুৰ টিউমাৰ - Sadin 9-March-2018



মোবাইল ফোন আৰু মগজুৰ টিউমাৰ

একাশী কেঁচা কলৰ মাজত গধূলি সময়ত মোবাইল ফোন এটা ৰাখি চলাই থৈ দিলে ৰাতিপুৱালৈ কলআশী হেনো পকি হালধীয়া বৰণ ধৰে৷ কেতিয়াবা মোবাইল ফোনত বেছি সময় কথা পাতি থাকিলে কাণখন গৰম হৈ উঠে৷ চাৰ্জ কম থকা অৱস্থাত মোবাইল ফোনত কথা পাতি থকাটো বিপদজনক, সেই সময়ত ফোনটোৱে আটাইতকৈ বেছি বিদ্যুত তৰংগ বিকিৰণ কৰে! ৰাতি শোঁতে মূৰৰ শিতানত মোবাইল ফোন ৰখাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ পুৰুষে বাওঁফালৰ চোলাৰ জেপত মোবাইল ফোন ৰাখিব নালাগে, ছালখনৰ তলতে হৃৎপিণ্ডটো আছে, মোবাইলৰ তৰংগই হৃৎপিণ্ডক পোনে পোনে আঘাট কৰে, অৱশেষত সিয়েই হাৰ্টৰ ৰোগৰ সৃষ্টি কৰেগৈ৷ দীৰ্ঘদিন মোবাইল ফোন ব্যৱহাৰ কৰাৰ পিছত মগজুৰ টিউমাৰ হোৱাৰ সম্ভাৱনা থাকে বুলি গৱেষণাত ধৰা পৰিছে!

এইয়া মোবাইল ফোন সম্পৰ্কে আমাৰ সকলোৰে মাজত প্ৰচলিত কেইটামান ধাৰণা৷ যোৱা দহবছৰত এনে বহু সত্য আৰু গুজৱৰ সৃষ্টি হৈছে৷ ২০১১ চনত “ইন্টাৰনেচনেল এজেঞ্চি ফৰ ৰিচাৰ্ছ অন কেনছাৰ” নামৰ প্ৰতিষ্ঠান এটাইও সন্দেহ কৰিছিল যে দীৰ্ঘদিন মোবাইল ফোন ব্যৱহাৰ কৰাৰ অন্তত মগজুত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷  ইয়াৰ পিচতেই বিভিন্ন প্ৰতিষ্ঠানত এই সম্পৰ্কে বিস্তৃত অধ্যয়ন আৰু গৱেষণা আৰম্ভ হৈছিল৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ “নেচনেল ইনষ্টিটিউট্‌ অৱ এনভাইৰনমেন্ট হেল্থ্‌ চায়েঞ্চ” নামৰ প্ৰতিষ্ঠানটোক নেতৃত্ব দিয়া জন বুকাৰে (John Bucher) ২৫ নিযুট ডলাৰ ব্যয় কৰি এই সম্পৰ্কে যোৱা দুবছৰ ধৰি হাতত লোৱা এটা গৱেষণাৰ গুৰি ধৰি আহিছে৷ মানুহৰ সলনি নিগনিৰ ওপৰত এই অধ্যয়ন কৰা হৈছিল৷ দুয়োটা লিংগৰে নিগনিৰ ওপৰত দৈনিক ন ঘন্টাকৈ উচ্চমানৰ বিদ্যুত তৰংগৰ বিকিৰণ প্ৰয়োগ কৰি ৰখা হৈছিল৷ নিগনিবোৰৰ ওপৰত যিমান শক্তিৰ বিকিৰণ প্ৰয়োগ কৰা হৈছে সিমান শক্তিৰ বিকিৰণ মোবাইলৰ পৰা নিৰ্গত হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ দুবছৰৰ পিছত দেখা গৈছে যে কিছুমান মতা নিগনিৰ হৃৎপিণ্ডত সামান্য ভাবে দেখা দিয়া এবিধ ফোঁহাৰ বাদে আন কোনো বিসংগতি পৰিলক্ষিত হোৱা নাই৷ মাইকী নিগনিৰ ক্ষেত্ৰত কিন্তু তেনে একো হোৱা নাই৷ তাৰোপৰি আচৰিত কথা, বিদ্যুত তৰংগৰ বিকিৰণৰ মাজত থকা নিগনিবোৰ আন সাধাৰণ পৰিৱেশত থকা নিগনিতকৈ বেছি দিনহে জীয়াই আছে৷ বুকাৰৰ মতে, বিদ্যুত তৰংগৰ বিকিৰণৰ বাবে হয়তো নিগনিবোৰক কিছুমান সচৰাচৰ হৈ থকা ৰোগে আক্ৰমণ কৰিব পৰা নাছিল!

যোৱা মাহত (২০১৮ চনৰ ফেব্ৰুৱাৰী) মোবাইল বিকিৰণৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত চলি থকা দুটা গৱেষণাৰ ফল ৰাজহুৱাকৈ প্ৰকাশ কৰা হৈছে৷ দুয়োটা গৱেষণায়েই বলিষ্ঠ ভাবে ঘোষণা কৰিছে যে মগজুৰ টিউমাৰ বা কৰ্কট ৰোগৰ লগত মোবাইৰ ব্যৱহাৰৰ প্ৰত্যক্ষ কোনো সম্পৰ্ক নাই! চৰকাৰী বিষয়া আৰু বৈজ্ঞানিকসকলে যুতীয়াভাবে ঘোষনা কৰিছে যে মোবাইল ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ ফালৰ পৰা অকণো ক্ষতিকাৰক নহয়৷ এই গৱেষণাৰ ফলাফল অধ্যয়ন কৰাসকলৰ ভিতৰত “আমেৰিকান কেনছাৰ চোছাইটি”-ৰ মূখ্য বিষয়া অটিছ ব্ৰাউলিও (Otis Brawley)   আছে৷ তেওঁৰ মতে তেওঁ নিৰ্ভয়ে কাণৰ কাষত মোবাইলটো চেপা মাৰি ধৰি কথা পাতে আৰু পাতিব৷

লছ্‌ এঞ্জেলছ্‌ৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা লিকা খেইপেটছে (Leeka Kheifets) এই গৱেষণাৰ ফলাফলক বৰ উচ্চ প্ৰশংসা কৰা নাই৷ তেওঁ বিশ্ব স্বাস্থ্য সন্থাৰ (World Health Organization)  বিকিৰণ বিভাগৰ মূৰব্বী বিষয়া আছিল৷ নাকে মতা মাত আৰু সুৰেৰে তেওঁ কৈছে – এই সম্পৰ্কে বহুত চিন্তা চৰ্চা আৰু গৱেষণা এতিয়াও হৈয়েই আছে৷ এটা কথা ঠিকেই যে মোবাইল ফোনৰ ব্যৱহাৰে আকাশখন খহি পৰা ধৰণৰ কোনো বিপদ মাতি আনিব নোৱাৰে৷

এলবেনিৰ নিউ ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিভাগৰ মূৰব্বী অধ্যাপক ডেভিদ কাৰপেন্টাৰে (David Carpenter) কথাটো মানি ল’ব খোজা নাই৷ তেখেতৰ মতে, এইদুটা গৱেষণা মানৱ শৰীৰৰ ওপৰত হোৱা গৱেষণা নহয়৷ ,সেয়ে এক সঠিক সিদ্ধান্তত উপনীত হ’ব পৰাকৈ এইয়া যথেষ্ট নহয়৷ মোবাইল তৰংগৰ বিকিৰণে সৃষ্টি কৰিব পৰা জটিল সমস্যা বা মগজুৰ টিউমাৰৰ সম্ভাৱনা পোনে পোনে নাকচ কৰিব পৰাকৈ এইয়া নিৰ্ভৰযোগ্য অধ্যয়ন নাছিল৷

আমেৰিকা যুক্তৰাষ্ট্ৰত মোবাইল ফোনৰ বিকিৰণ নিয়ন্ত্ৰণ কৰিব পৰা চৰকাৰী বিভাগটোৰ নাম এফ্‌-ডি-এ (ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন)৷ তেওঁলোকে এই গৱেষণাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি মত পোষণ কৰিছে যে সম্প্ৰতি অনুমতি দিয়া বিকিৰণৰ পৰিমান সদ্যহতে সালসলনি কৰাৰ কোনো প্ৰয়োজন নাই৷ আমেৰিকাৰ দৰে প্ৰভাৱশালী দেশ এখনে লোৱা এই সিদ্ধান্তই সমগ্ৰ পৃথিৱীত প্ৰভাৱ বিস্তাৰ কৰিব৷ মাৰ্চমাহৰ শেষৰ ফাললৈ এই গৱেষণাৰ ফলাফল কেইবাখনো দেশৰ পৰ্যৱেক্ষকে পৰীক্ষা কৰি চোৱাৰ কথা৷ ইউৰোপত হোৱা কেইটামান গৱেষণাই কেইবছৰমানৰ আগতে মোবাইল বিকিৰণে আনিব পৰা স্বাস্থ্য সম্পৰ্কীয় অপকাৰিতাৰ কথা সদম্ভে ঘোষণা কৰিছিল৷ ইয়াৰ সত্যাসত্য নিৰূপণৰ বাবে আৰম্ভ কৰা কেইবাটাও গৱেষণাৰ অন্ত পৰিব এই বছৰৰ শেষৰ ফাললৈ৷ যোৱ দুবছৰৰ গৱেষণা আছিল মোবাইল সেৱাৰ ২-জি আৰু ৩-জিৰ পৰা হোৱা বিকিৰণ সম্বন্ধে৷ পৃথিৱীয়ে ইতিমধ্যেই ৪-জি সেৱাত অভ্যস্ত হৈ উঠিছে আৰু ইয়াৰ ওপৰত গৱেষণাও আৰম্ভ হৈছে৷ এনে কেইবাটাও গৱেষণাৰ ফলাফল এইবছৰৰে শেষৰ ফাললৈহে পোহৰলৈ আহিব৷

মোবাইলটো কাণত চেপা মাৰি ধৰি কথা পাতিম নে নাই, ৰাতি গাৰুৰ তলত মোবাইলটো থ’ম নে নাই সেই সিধান্ত নিৰ্ভৰযোগ্য ভাৱে ল’বৰ বাবে অন্ততঃ আৰু এটা বছৰ বিশ্ববাসীয়ে অপেক্ষা কৰিব লাগিব৷


(এই লেখাখিনি সাদিন, ৯ March, ২০১৮ সংখ্যাৰ কাকতৰ ৮ নং পৃষ্ঠাত নতুবা মোৰ ব্লগ http://utpalbaruah.blogspot.com-তো আছে৷)


Sunday, March 4, 2018

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৩৮)

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৩৮)

পূৰ্ণেশ্বৰ ছাৰৰ পূৰ্ণ নাম পূৰ্ণেশ্বৰ ভূঞা৷ বগা ৰঙৰ ওখপাখ মানুহজন৷ নাকটো দীঘল - ঠিক ভাটৌঠোটীয়া নাক বুলিও ক’ব নোৱাৰি, মুখখনৰ লগত শুৱাই পৰাকৈ দীঘল নাক৷ চুলিবোৰ সামান্য কেকোৰা৷ দেহাটো লাহী৷ মাতটো কিন্তু গৰগৰীয়া - ডিঙিৰ একেবাৰে তলিৰ পৰা নিৰ্গত হোৱা গহীন মাত৷ ছাৰে প্ৰায়েই মাখন বৰণৰ পেন্ট এটা আৰু আকাশী নীলা বৰণৰ দীঘল হাতৰ চোলা এটা পিন্ধি স্কুললৈ আহিছিল৷ পেন্টৰ বৰ্ণনাটো অকল মাখন বৰণৰ বুলি কৈ থ’লেই সম্পূৰ্ণ নহ’ব যেন লাগে– ডিজাইনৰ কথাটোও অলপ কৈ থওঁ৷  

সেই সময়ত হিন্দী চিনেমাত শশী কাপুৰ আৰু অমিতাভ বচ্চনে তলৰ ফালে এহাতমান বহল পেন্ট এবিধ পিন্ধি চিনেমাত অভিনয় কৰিছিল৷ ডিজাইনটোক বেলবুটাম বুলি কোৱা হৈছিল৷ তাকে দেখি আমাৰ গাঁৱে-ভূঞেও বেলবুটামৰ উজান উঠিছিল৷ আমাৰ অঞ্চলটোৰ প্ৰসিদ্ধ ডেকা ব্যৱসায়ী জকৰীয়াই আটাইতকৈ বহল বেলবুটামটো পিন্ধিছিল৷ তেওঁৰ জোতাযোৰ পেন্টটোৰ ভিতৰত লুকাই পৰিছিল আৰু তলৰ পাতলিটোৱে গেৰোৱাৰ ফালে মাটিত চুচৰি গৈছিল৷ চেন্টাৰৰ মাজত জকৰীয়াক দেখিলে আমি ৰৈ ৰৈ চাইছিলো৷ দেখাক দেখি মোৰো বেলবুটাম পিন্ধিবৰ বৰ মন গৈছিল আৰু ঘৰত পেনপেনাই থাকোঁতে মায়ে পেন্টটোৰ তলৰ ডোখৰ মেখেলাৰ দৰে লাগে বুলি কৈ মোক নিৰাশ কৰিবৰ চেষ্টা কৰিছিল৷ জকৰীয়াৰ সমান নহলেও ক্লাছ এইটত মোৰ ভাগ্যতো বেলবুটাম এটা পিন্ধাৰ সৌভাগ্য হৈছিল৷ ক’লা মাটিয়া বৰণৰ সেই পেন্টটো পিন্ধি মোৰ নিজকে চিনেমাৰ হিৰো যেন লাগিছিল আৰু পিছফালে বৰফৰ পাহাৰ থকা সেউজীয়া বননিৰ দলিচাত নাচিবৰ মন গৈছিল৷ মানসিক ভাবে বেলবুটামে মোক প্ৰসিদ্ধ কৰিলেও শাৰিৰীক ভাবে পেন্টটোৱ মোক এটা ডাঙৰ অসুবিধা দিছিল৷ বহল পাতলিটো সুবিধা পালেই চাইকেলৰ চেইনডালত সোমাই যায়৷ লগে লগে পেদেলডাল ওলোটাই ঘুৰাই দিলে ওলাই আহে হয়, কিন্তু পাতলিটোত ফুটা ওলায় আহে আৰু চেইনডালৰ পৰা ক’লা ৰঙৰ গ্ৰীজ বা তেল লাগি ধৰে কাপোৰত৷ ঠিক সময়তে পেডেল ঘুৰাব নোৱাৰি মই দুবাৰ চাইকেলৰ পৰা পৰিছিলোঁ আৰু দুনাই বেলবুটাম পিন্ধাৰ আশা মনৰ পৰা সমূলি বিসৰ্জন দিছিলোঁ৷

পূৰ্ণশ্বৰ ছাৰৰ পেন্টটোও বেলবুটামৰ দৰেই আছিল, যদিও পেন্টটো জোতাপাত লুকাই ধৰিব পৰাকৈ বহল নাছিল৷ আমি স্কুলত থকা দিনত ছাৰ আছিল চফল যুৱক৷ জামুগুৰীৰ বিখ্যাত ভূঞা পৰিয়ালৰ ডেকা ল’ৰা৷ পাছে, ৰূপৰ কাৰণে নহয়, ছাৰক স্কুলখনৰ ছাত্ৰসকলে মনত ৰাখিছে তেখেতৰ হাস্যৰস আৰু কৌতুক সৃষ্টি কৰিব পৰা অসাধাৰণ ক্ষমতাৰ বাবে৷ অসমীয়া ভাষা আৰু শব্দৰ ওপৰত তেখেত দখল আছিল প্ৰচুৰ৷ কৌতুক ৰসৰ বাবে অকল আমাৰ স্কুলতে নহয় সমগ্ৰ জিলাতেই তেখেত জনাজাত আছিল৷ ছাত্ৰৰ আগত সততে তেখেতে তুলুঙা কথা নকৈছিল আৰু দোষৰ বাবে ছাত্ৰহ’তক সমূচিত শাস্তি বিহিছিল৷ কেতিয়াবা কথাৰ মাজতে ছাৰে এনে একোটা কথা কয় যে শ্ৰোতাৰ পেটৰ নাৰী ডাল ডাল হয়৷

আগতে কৈছোৱেই, আমাৰ চেন্টাৰটোত ৰবিবাৰে বহা বজাৰখন আছিল অঞ্চলটোৰ ভিতৰতে এখন বৃহৎ বজাৰ৷ গৰু ছাগলী বা ভিন ভিন ধানৰ সঁচ বিচাৰি দূৰ দূৰণিৰ মানুহ এই বজাৰখনলৈ আহিছিল৷ সময়টো আছিল ফাগুন মাহ৷ চিনেমা হলটোৰ কাষতে বহা ধানৰ বজাৰখনত পূৰ্ণশ্বৰ ছাৰে ধান দৰাইছে৷ ঠিক সেই ক্ষণতেই তাত গৈ উপস্থিত হ’লগৈ বিশ্ববিজয়, ছাৰৰ প্ৰাক্তন ছাত্ৰ৷

-          ছাৰ ধান কিনিছে দেখোন, কিবা পাতিছে নেকি? বিশ্বই আগ্ৰহেৰে সুধিলে৷
-          হয়, তেনে বুলিয়েই ধৰিব পাৰা৷ ছাৰে উত্তৰ দিলে৷
-          মাতিবলৈ কিন্তু নাপাহৰিব দেই ছাৰ৷
-          এহ্‌ নালাগে দিয়া, নামাতো ৷
-          কিয় নামাতিব ছাৰ? নামাতিলেও যাম মই! বিশ্বই ৰগৰ কৰি ক’লে৷
-          হয় নেকি, যাবা বাৰু তেতিয়া হলে, জেওৰা ভাঙিহে খাব লাগিব কিন্তু!
-          মানে ছাৰ, মই আকৌ কিয় জেওৰা ভাঙি খাম?
-          মই কঠিয়া ধানহে লৈছোঁ!


(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত ৰাখিছিল আমাৰ দুই নম্বৰটোৱে, মানে মৃদুলে, মৃদুল বৰুৱাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)