জীৱন
বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৩৮)
পূৰ্ণেশ্বৰ ছাৰৰ পূৰ্ণ নাম পূৰ্ণেশ্বৰ
ভূঞা৷ বগা ৰঙৰ ওখপাখ মানুহজন৷ নাকটো দীঘল - ঠিক ভাটৌঠোটীয়া নাক বুলিও ক’ব নোৱাৰি,
মুখখনৰ লগত শুৱাই পৰাকৈ দীঘল নাক৷ চুলিবোৰ সামান্য কেকোৰা৷ দেহাটো লাহী৷ মাতটো
কিন্তু গৰগৰীয়া - ডিঙিৰ একেবাৰে তলিৰ পৰা নিৰ্গত হোৱা গহীন মাত৷ ছাৰে প্ৰায়েই মাখন
বৰণৰ পেন্ট এটা আৰু আকাশী নীলা বৰণৰ দীঘল হাতৰ চোলা এটা পিন্ধি স্কুললৈ আহিছিল৷ পেন্টৰ
বৰ্ণনাটো অকল মাখন বৰণৰ বুলি কৈ থ’লেই সম্পূৰ্ণ নহ’ব যেন লাগে– ডিজাইনৰ কথাটোও অলপ
কৈ থওঁ৷
সেই সময়ত হিন্দী চিনেমাত শশী কাপুৰ
আৰু অমিতাভ বচ্চনে তলৰ ফালে এহাতমান বহল পেন্ট এবিধ পিন্ধি চিনেমাত অভিনয় কৰিছিল৷ ডিজাইনটোক
বেলবুটাম বুলি কোৱা হৈছিল৷ তাকে দেখি আমাৰ গাঁৱে-ভূঞেও বেলবুটামৰ উজান উঠিছিল৷ আমাৰ
অঞ্চলটোৰ প্ৰসিদ্ধ ডেকা ব্যৱসায়ী জকৰীয়াই আটাইতকৈ বহল বেলবুটামটো পিন্ধিছিল৷ তেওঁৰ
জোতাযোৰ পেন্টটোৰ ভিতৰত লুকাই পৰিছিল আৰু তলৰ পাতলিটোৱে গেৰোৱাৰ ফালে মাটিত চুচৰি
গৈছিল৷ চেন্টাৰৰ মাজত জকৰীয়াক দেখিলে আমি ৰৈ ৰৈ চাইছিলো৷ দেখাক দেখি মোৰো বেলবুটাম
পিন্ধিবৰ বৰ মন গৈছিল আৰু ঘৰত পেনপেনাই থাকোঁতে মায়ে পেন্টটোৰ তলৰ ডোখৰ মেখেলাৰ
দৰে লাগে বুলি কৈ মোক নিৰাশ কৰিবৰ চেষ্টা কৰিছিল৷ জকৰীয়াৰ সমান নহলেও ক্লাছ এইটত মোৰ
ভাগ্যতো বেলবুটাম এটা পিন্ধাৰ সৌভাগ্য হৈছিল৷ ক’লা মাটিয়া বৰণৰ সেই পেন্টটো পিন্ধি
মোৰ নিজকে চিনেমাৰ হিৰো যেন লাগিছিল আৰু পিছফালে বৰফৰ পাহাৰ থকা সেউজীয়া বননিৰ দলিচাত
নাচিবৰ মন গৈছিল৷ মানসিক ভাবে বেলবুটামে মোক প্ৰসিদ্ধ কৰিলেও শাৰিৰীক ভাবে পেন্টটোৱ
মোক এটা ডাঙৰ অসুবিধা দিছিল৷ বহল পাতলিটো সুবিধা পালেই চাইকেলৰ চেইনডালত সোমাই যায়৷
লগে লগে পেদেলডাল ওলোটাই ঘুৰাই দিলে ওলাই আহে হয়, কিন্তু পাতলিটোত ফুটা ওলায় আহে
আৰু চেইনডালৰ পৰা ক’লা ৰঙৰ গ্ৰীজ বা তেল লাগি ধৰে কাপোৰত৷ ঠিক সময়তে পেডেল ঘুৰাব নোৱাৰি
মই দুবাৰ চাইকেলৰ পৰা পৰিছিলোঁ আৰু দুনাই বেলবুটাম পিন্ধাৰ আশা মনৰ পৰা সমূলি বিসৰ্জন
দিছিলোঁ৷
পূৰ্ণশ্বৰ ছাৰৰ পেন্টটোও বেলবুটামৰ
দৰেই আছিল, যদিও পেন্টটো জোতাপাত লুকাই ধৰিব পৰাকৈ বহল নাছিল৷ আমি স্কুলত থকা দিনত
ছাৰ আছিল চফল যুৱক৷ জামুগুৰীৰ বিখ্যাত ভূঞা পৰিয়ালৰ ডেকা ল’ৰা৷ পাছে, ৰূপৰ কাৰণে নহয়,
ছাৰক স্কুলখনৰ ছাত্ৰসকলে মনত ৰাখিছে তেখেতৰ হাস্যৰস আৰু কৌতুক সৃষ্টি কৰিব পৰা অসাধাৰণ
ক্ষমতাৰ বাবে৷ অসমীয়া ভাষা আৰু শব্দৰ ওপৰত তেখেত দখল আছিল প্ৰচুৰ৷ কৌতুক ৰসৰ বাবে
অকল আমাৰ স্কুলতে নহয় সমগ্ৰ জিলাতেই তেখেত জনাজাত আছিল৷ ছাত্ৰৰ আগত সততে তেখেতে তুলুঙা
কথা নকৈছিল আৰু দোষৰ বাবে ছাত্ৰহ’তক সমূচিত শাস্তি বিহিছিল৷ কেতিয়াবা কথাৰ মাজতে ছাৰে
এনে একোটা কথা কয় যে শ্ৰোতাৰ পেটৰ নাৰী ডাল ডাল হয়৷
আগতে কৈছোৱেই, আমাৰ চেন্টাৰটোত
ৰবিবাৰে বহা বজাৰখন আছিল অঞ্চলটোৰ ভিতৰতে এখন বৃহৎ বজাৰ৷ গৰু ছাগলী বা ভিন ভিন ধানৰ
সঁচ বিচাৰি দূৰ দূৰণিৰ মানুহ এই বজাৰখনলৈ আহিছিল৷ সময়টো আছিল ফাগুন মাহ৷ চিনেমা হলটোৰ
কাষতে বহা ধানৰ বজাৰখনত পূৰ্ণশ্বৰ ছাৰে ধান দৰাইছে৷ ঠিক সেই ক্ষণতেই তাত গৈ উপস্থিত
হ’লগৈ বিশ্ববিজয়, ছাৰৰ প্ৰাক্তন ছাত্ৰ৷
-
ছাৰ
ধান কিনিছে দেখোন, কিবা পাতিছে নেকি? বিশ্বই আগ্ৰহেৰে সুধিলে৷
-
হয়,
তেনে বুলিয়েই ধৰিব পাৰা৷ ছাৰে উত্তৰ দিলে৷
-
মাতিবলৈ
কিন্তু নাপাহৰিব দেই ছাৰ৷
-
এহ্
নালাগে দিয়া, নামাতো ৷
-
কিয়
নামাতিব ছাৰ? নামাতিলেও যাম মই! বিশ্বই ৰগৰ কৰি ক’লে৷
-
হয়
নেকি, যাবা বাৰু তেতিয়া হলে, জেওৰা ভাঙিহে খাব লাগিব কিন্তু!
-
মানে
ছাৰ, মই আকৌ কিয় জেওৰা ভাঙি খাম?
-
মই
কঠিয়া ধানহে লৈছোঁ!
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷
কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত ৰাখিছিল আমাৰ দুই
নম্বৰটোৱে, মানে মৃদুলে, মৃদুল বৰুৱাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ
মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment