Saturday, March 17, 2018

সুখৰ সংজ্ঞা, প্ৰাপ্তি আৰু আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস- Sadin 16-March-2018




সুখৰ সংজ্ঞা, প্ৰাপ্তি আৰু আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস


সুখৰ সংজ্ঞা আৰু প্ৰাপ্তিৰ উৎস বিচাৰি যুগে যুগে মানুহ হাবাথুৰি খাই আহিছে৷ কোনোবাই যদি “নিজ স্বাৰ্থ বলিদানেৰে” সুখৰ প্ৰাপ্তি বুলি ভাবিছে আন কোনোবাই আকৌ প্ৰচুৰ প্ৰাচুৰ্য্যৰ মাজত ইয়াৰ অস্তিত্বৰ সন্ধান কৰিছে! গ্ৰীক আৰু ৰোমান সভ্যতাৰ দিনৰে পৰা  মানুহৰ মাজত সুখৰ সন্ধান অবিৰত ভাবে চলিয়েই আছে৷ গ্ৰীক দাৰ্শনিক এৰিষ্টোটোলে ভাবিছিল প্ৰজ্ঞাৰ সুপ্ৰয়োগৰ সুবিধাইহে মানুহৰ মনলৈ সুখৰ বন্যা কঢ়িয়াই আনিব পাৰে৷ কোৰাণ আৰু বাইবেলৰ দৰে ধৰ্মগ্ৰন্থই আকৌ সৃষ্টিকৰ্তাৰ ওপৰত থকা অটল বিশ্বাসহে সুখৰ আধাৰ বুলি মত পোষণ কৰি আহিছে৷ জীৱতত্ববিদ চাৰ্লছ ডাৰউইনৰ মতে সকলো জীৱৰেই প্ৰাকৃতিক ভাৱে সুখৰ অনুভূতি উপভোগ কৰিব পৰাৰ ক্ষমতা আছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতৰা ঘোষনাপত্ৰখনতো উল্লেখ থকা তিনিটা মৌলিক অধিকাৰৰ এটা হৈছে – সুখৰ সন্ধান  (pursuit of happiness)৷

ইতিমধ্যেই পৃথিৱীৰ অনেক ঠাইত সুখৰ সংজ্ঞা, আধাৰ আৰু মাত্ৰাৰ ওপৰত অধ্যয়ন আৰম্ভ হৈছিল৷ এই জটিল বিষয়টো অধ্যয়ন কৰিবলৈ আগভাগ ল’লে নেদাৰলেণ্ডৰ ইৰাছমাছ বিশ্ববিদ্যালয়ে (Erasmus University)৷ তেওঁলোকে সুখৰ উৎস অনেক তথ্যৰ এক অভিলেখাগাৰ সৃষ্টি কৰি পৃথিৱীৰ দেশসমূহৰ নাগৰিকৰ সুখৰ পৰিমান নিৰ্ধাৰণ কৰাৰ এক বিজ্ঞানসন্মত উপায় উদ্ভাৱন কৰিলে৷ আনকি দেশ একোখনৰ নাগৰিকসকল কিমান সুখী সেইটোও জোখ-মাখ কৰাৰ উপায় ওলাল৷ ইৰাছমাছ বিশ্ববিদ্যালয়ৰ সমীক্ষাই কেতবোৰ আমোদজনক তথ্য পোহৰলৈ আনিছে৷  সমীক্ষাটোৰ মতে বিবাহিত লোকসকল অবিবাহিত লোকতকৈ অধিক সুখী৷ যি সকললোকে আনলোকৰ সান্নিধ্য ভাল পায় আৰু সমাজপ্ৰিয় তেখেতসকল অসামাজিক লোকতকৈ অধিক সুখী৷ সমীক্ষাটোৰ মতে সন্তানহীন দম্পতিসকলো সন্তানৰ পিতৃমাতৃ হোৱা দম্পতিসকলৰ সমানেই সুখী৷ অধিক সম্পত্তিৰ মালিকসকল দুখীয়া লোকতকৈ সামান্য পৰিমাণেহে অধিক সুখী৷ সমীক্ষাৰ পৰা পোৱা তথ্যসমূহে এটা কথা ফটফটীয়াকৈ প্ৰমান কৰিছে যে অৱস্থাপন্ন দেশত য’ত সঁচা অৰ্থত গনতন্ত্ৰৰ প্ৰয়োগ হৈছে সেই দেশৰ বাসিন্দাসকল আন দেশৰ নাগৰিকতকৈ বেছি সুখী৷

বিশ্ববিদ্যালয়খনৰ এই অধ্যয়ন অকল তত্ব, দৰ্শন বা অনুমানৰ ওপৰতে সীমাবদ্ধ নহয়৷ অৰ্থনীতিবিদ, মনোবৈজ্ঞানিক, চিকিৎসক আৰু সমাজবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰে মানুহৰ মনৰ সুখানুভূতিৰ প্ৰকৃত স্বৰূপটো উদ্ভাৱনক কৰিবলৈ সমৰ্থ হৈছে৷ অৰ্থনৈতিক প্ৰগতিৰ হিচাপ কৰিব পাৰি টকা পইচাৰ দ্বাৰা কিন্তু সুখ-শান্তিৰ? কি পদ্ধতিৰে মানুহৰ মনৰ মাজত সৃষ্টি হোৱা সুখৰ পৰিমান নিৰ্ধাৰণ কৰিব পাৰি? স্বাস্থ্য বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা এম্‌-আৰ্‌-আই (MRI -magnetic resonance imaging) পদ্ধতিৰ দ্বাৰা এই কথা আৱিষ্কাৰ হৈছে যে মানুহৰ যেতিয়া সুখানুভূতি অনুভৱ হয়, মগজুৰ এটা নিৰ্দিষ্ট অংশ সক্ৰিয় হৈ পৰে৷ বেদনাহত অৱস্থাত এই অংশ নিষ্ক্ৰিয় হৈ থাকে৷ এই গৱেষণাই মানুহৰ মানসিক অৱস্থাৰ লগত মগজু সম্পৰ্কৰ আৰু কেতবোৰ নতুন সত্য পোহৰলৈ আনিছে৷ দৰিণ মেকমোহন (Darrin McMahon) নামৰ ইতিহাসবিদ এজনে সুখানুভূতিৰ ওপৰত এখন কিতাপ লিখিছে৷ কিতাপখনৰ নাম - Happiness: A History ৷তেওঁৰ মতে প্ৰাচীন কালত গ্ৰীক সকলে সুখৰ লগত ভাগ্যৰ সম্পৰ্ক থকা বুলি ভাবিছিল৷ ১৮শ শতিকাত ইউৰোপৰ মানুহে বিশ্বাস কৰিবলৈ লৈছিল যে মানুহে নিজৰ শক্তিৰ বলত সুখ উপভোগ কৰাটো সম্ভৱ হ’ব পাৰে৷ কিন্তু আমোদজনক কথা বলপূৰ্বক সুখ প্ৰাপ্তিৰ প্ৰচেষ্টাই প্ৰকৃততে মানুহক দুখীহে কৰিব পাৰে৷ সাংবাদিক এৰিক ৱেনাৰ (Eric Weiner) নামৰ ব্যক্তি এজনে সুখৰ ওপৰত গৱেষণা কৰি লিখা কিতাপখনৰ নাম - The Geography of Bliss ৷ তেখেতে চুইজাৰলেণ্ড, ভূটান, কটৰ, থাইলেণ্ড আদি সুখী দেশকেইখন ভ্ৰমণ কৰি কি কি উপাদানে সেই দেশৰ নাগৰিক সকলক সুখী কৰিছে সেইটো জানিবলৈ বিচাৰিছিল৷ আইচলেণ্ডৰ দৰে বৰফত পোতখাই থকা দেশখন, য’ত বেলিৰ পোহৰেই ভালদৰে নপৰে, যিখন দেশৰ নাগৰিকসকল বেছিভাগ সময় সুৰাতে ডুবি থাকে, সেইখন দেশৰ নাগৰিকসকল কেনেকৈ ইমান সুখী হ’ব পাৰে ৱেনাৰ তাৰেই সন্ধান কৰিবলৈ চেষ্টা কৰিছে৷ তেওঁৰ মতে, দেশখনত সুখৰ আধাৰ হৈছে, পৰস্পৰৰ মাজত থকা শক্তিশালী সামাজিক বন্ধন, অনিৰ্বচনীয় প্ৰাকৃতিক সৌন্দৰ্য্য আৰু লোকসকলৰ উচ্চমানৰ সৃজনী প্ৰতিভা৷ দান গিলবাৰ্ট (Dan Gilbert) হাৰ্ৱাড বিশ্ববিদ্যালয়ৰ মনোবৈজ্ঞানিক৷ Stumbling on Happiness নামৰ কিতাপখনৰ প্ৰণেতা গিলবাৰ্টে এটা আমোদজনক সত্যৰ সম্ভেদ দিছে৷ প্ৰাপ্তিৰ আকাংক্ষাই মানুহক প্ৰকৃত প্ৰাপ্তিতকৈ বেছি আনন্দিত কৰিব পাৰে! ঠিক তেনেকৈ কোনো ঘটনাৰ আশংকাত মানুহ যিমান দুখী হয়, বাস্তৱতে সেই ঘটনাৰ মুখামুখি হোৱাৰ পাচত অনুভৱ কৰা দুখ তাতোকৈ বহুগুণে কম হয়৷ টকা পইচাই মানুহক কিমান সুখী কৰিব পাৰে? এইটো বিষয়ত গৱেষণা কৰা ৰিছাৰ্ড লেয়াৰ্ডে (Richard Layard) পাইছে যে পশ্চিমৰ অনেক দেশৰে উপাৰ্জন এতিয়া পঞ্চাশ বছৰৰ আগৰ উপাৰ্জনতকৈ বহুত বেছি, তথাপিও কিন্তু সেই দেশৰ নাগৰিকসকল এতিয়া তেতিয়াৰ সমান সুখী নহয়! তেওঁৰ মতে সুখৰ আধাৰ অকল ক্ৰয় কৰিব পৰা ক্ষমতাই নিৰ্ধাৰম নকৰে৷

যেতিয়া পৃথিৱীৰ সকলো দেশেই উন্নতিৰ মাপ জুখিবলৈ “জিডিপি”-ৰ (GDP-Gross Domestic Product) তুলনা কৰিছিল, সেই তেতিয়াই, আজিৰ পৰা ৪৬ বছৰৰ আগতেই হিমালয়ৰ পাদদেশৰ এখন সৰু ৰাষ্ট্ৰই নিজৰ উন্নতিৰ খাতিয়ান ল’বলৈ সৃষ্টি কৰিছিল এটা নতুন শব্দৰ – জি-এন্‌-এইছ্‌ (GNH -Gross National Happiness)৷ আন ৰাষ্ট্ৰৰ লগত ৰিজাই চাব পৰাকৈ ভূটানৰ তেতিয়া সামৰ্থ্য  নাছিল, তেওঁলোকৰ জিডিপি আছিল নিচেই সামান্য৷ সেইয়ে, ১৯৭২ চনৰ পৰা পৃথিৱীৰ আন দেশে যেতিয়া পইচাৰ হিচাপেৰে নিজৰ মাহাত্ম্য আৰু অগ্ৰগতিৰ পৰিচয় দিছিল, ভূটানে সন্ধান কৰিছিল নাগৰিকসকলৰ সুখ-প্ৰাপ্তিৰ পৰিমাণ৷

২০১২ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘই নিউইয়ৰ্ক চিটিত এই বিষয়টোৰ ওপৰত চিন্তা কৰিবলৈ এখন সন্মিলনৰ আয়োজন কৰিলে৷ পৃথিৱীৰ অনেক দেশে একগোট হৈ সিন্ধান্ত গ্ৰহণ কৰিলে যে একমাত্ৰ অৰ্থনৈতিক প্ৰগতিয়েই এখন দেশৰ সমৃদ্ধিৰ একমাত্ৰ কাৰণ হ’ব নোৱাৰে৷ এই সন্মিলনৰ বাবেই পৃথিৱীত প্ৰথম বাৰৰ বাবে “ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট” প্ৰস্তুত কৰা হ’ল৷ সুখৰ আধাৰ হিচাপে চিহ্নিত কৰা হ’ল তিনিটা প্ৰধান কাৰক – আৰ্থিক আৰু ৰাজনৈতিক অধিকাৰ, শক্তিশালী সামাজিক বন্ধন আৰু দুৰ্নীতিৰ অনুপস্থিতি৷ সন্মিলনখনত সভাপতিত্ব কৰি দিয়া ভাষণত ইউৰোপৰ পৰিৱেশ সংঘৰ (European Environment Agency) ডাইৰেক্টৰ জেকুইলিন মেকগ্লেডে (Jacqueline McGlade) কৈছিল যে – সাম্প্ৰতিক সময়ত চলি থকা অৰ্থনৈতিক সংকট, পৰিৱেশ প্ৰদূষিতকৰণ আৰু পৃথিৱীবাসীৰ মাজত দিনে দিনে বাঢ়ি অহা অসন্তোষে এইটোকে প্ৰমান কৰিছে যে জিডিপিৰে এখন দেশৰ অগ্ৰগতিৰ মাপ সূচাব পৰা সময়ৰ অন্ত পৰিছে৷ এইটো বিষয়ৰ বিশাৰদ নিক মাৰ্কে (Nic Marks) মত পোষন কৰিছিল যে বৈষয়িক প্ৰাপ্তিয়ে সুখৰ সন্ধান দিবলৈ ব্যৰ্থ হোৱা কথাটো এতিয়া পৰিষ্কাৰ হৈ পৰিছে৷

ৰাষ্ট্ৰ সংঘই ২০১৩ চনৰ পৰা ২০ মাৰ্চ দিনটো আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস (International Day of Happiness) হিচাপে পালন কৰিবলৈ সিদ্ধান্ত ল’লে৷ ইতিমধ্যে যোৱা পাঁচ বছৰ এই দিৱস উদযাপন কৰা হৈ গৈছে৷ ২০১৭ চনত এই দিনটোতে পৃথিৱীৰ ১৫৫ খন ৰাষ্ট্ৰৰ নাগৰিক সকলৰ মাজত কৰা সমীক্ষাৰ ভিত্তিত সুখী দেশবিলাকৰ এখন তালিকা প্ৰকাশ কৰা হৈছে৷ সেই তালিকাখনত থকা বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দহখন সুখী দেশ হৈছে – নৰৱে, ডেনমাৰ্ক, আইচলেণ্ড, চুইজাৰলেণ্ড, ফিনলেণ্ড, নেডাৰলেণ্ড, কেনাডা, নিইজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু চুইডেন৷ আমেৰিকা যুক্তৰাষ্টই এই তালিকাত স্থান পাইছিল ১৪ নম্বৰত৷ বিশ্বৰ ঐস্বৰ্যশালী এই দেশখনৰ বাসিন্দাসকল শ্ৰেষ্ঠতম সুখীলোক নহয়, ইয়াৰ কাৰণ হৈছে সদ্যহতে আমেৰিকাত দেখা দিয়া স্তিমিত সামাজিক বন্ধন (less social support) আৰু দুৰ্নীতি৷ ঠিক তেনেকৈ অৰ্থনৈতিক প্ৰগতিত চীন দেশ আগবাঢ়ি গ’লেও দেখা গৈছে যে যোৱা ২৫ বছৰৰ আগতে চীনৰ লোকসকল যিমান সুখী আছিল এতিয়া কিন্তু এই সুখৰ পৰিমান কমিছেহে৷

এই তালিকাখনত ভাৰতবৰ্ষই স্থান পাইছে ১২২ নম্বৰত৷ আমাতকৈ আগত আছে পাকিস্থান (৮০ নম্বৰত), বাংলাদেশ (১১০ নম্বৰত) আৰু নেপাল (৯৯ নম্বৰত)৷ অৰ্থাৎ দক্ষিণ এছিয়াৰ আমাৰ প্ৰতিৱেশী আটাইকেইখন দেশৰ বাসিন্দাসকল ভাৰতীয়লোকতকৈ বেছি সুখী৷ সমীক্ষাটোৰ মতে আমাৰ দেশৰ এই গতি হোৱাৰ প্ৰধান কাৰণ – দুৰ্নীতি বিৰোধী দুৰ্বল স্থিতি, দৰিদ্ৰতা আৰু শিক্ষাৰ ওপৰত দুৰ্নীতিয়ে পেলোৱা কু-প্ৰভাৱ আৰু আৰক্ষী ব্যৱস্থাৰ বৰ্বৰতা৷ সমীক্ষাটোৱে মন্তব্য দিছে – ভাৰতবৰ্ষত অৰ্থনৈতিক উন্নতি সাধন হৈছে সঁচা কিন্তু তাৰ লগে লগেই চকুত পৰাকৈ বাঢ়ি আহিছে সামাজিক বৈষম্য৷

কেইদিনমানৰ পিচতে ২০ মাৰ্চ তাৰিখে প্ৰকাশ পাব লগা এই বছৰৰ সমীক্ষাই বা কি কয়, তাৰ বাবে বিশ্ববাসীয়ে অপেক্ষা কৰি আছে৷ সাদিনৰ সকলো পঢ়ূৱৈলৈ আন্তঃৰাষ্ট্ৰীয় সুখ দিৱসৰ ওলগ জনালোঁ৷



(এই লেখাখিনি সাদিন, 16 March, ২০১৮ সংখ্যাৰ কাকতৰ 11 নং পৃষ্ঠাত নতুবা মোৰ ব্লগ http://utpalbaruah.blogspot.com-তো আছে৷)


No comments:

Post a Comment