Saturday, March 10, 2018

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৩৯)

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৩৯)

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত বাবেই নেকি আমাৰ অঞ্চলটোৰ পৰা বছৰটোৰ এটা সময়ত হিমালয় পৰ্বতৰ শুভ্ৰ শিখৰবোৰ বৰ মনোমোহাকৈ চকুত পৰে৷ দিনত বেলিৰ পোহৰ পৰি জ্বলমলাই উঠা হিমালয় পৰ্বতৰ এই শোভাই কোনো কোনো সময়ত অনিৰ্বচনীয় ৰূপ লয়৷ দিগন্ত বিস্তৃত সেউজ পথাৰৰ সীমনা পাৰ হৈ য’ত আকাশে মাটি চুই থাকে তাতে এই শৃংগবোৰে শৃংগাৰ কৰি থাকে কপাহৰ জোলাৰ দৰে চঞ্চল শুকুলা মেঘৰ আগত৷ লয়লাস ভঙ্গীত হালি জালি সজাল ৰোৱাই নিচুকনি গীত গায়৷ সংসাৰৰ মায়োমোহ এৰি থৈ বৈৰাগ্য ভাৱত আমন জিমনকৈ দিগন্তলৈ উৰি গৈ থাকি এসময়ত নীলিমাত বিলীন হৈ যায় জাক পাতি উৰি যোৱা বগলীৰ জাক! ক্ৰমান্বয়ে শুকাই অহা দলনিৰ পানী ডোঙাত বিয়াগোম একোটা বৰটোকোলাই এটা ঠেঙতে ভৰ দি যোগাভ্যাসত মগন হৈ থাকে- নিৰৱে বহুপৰ৷ ৰাষ্টাৰ কাষৰ খাল আৰু পুখুৰীত তেতিয়া ভেট, পদূম আৰু মেটেকা ফুল ফুলে ৷ সততে নেদেখা জাক জাক বেঙুনীয়া ৰঙৰ ফুলৰ পোহাৰে মনত পেলাই দিব পাৰে ৰঘুনাথ চৌধুৰীৰ গিৰিমল্লিকা ‘অয়ি অনৱগুণ্ঠিতা ফুল্ল শিখৰিণি’ বা উইলিয়াম ওৱৰ্ডছৱৰ্থৰ ‘ডেফোদিল’লৈ৷ প্ৰকৃতিৰ এই মায়াময় দৃশ্যলৈ আপোনভোলা হৈ ৰ লাগি চাই থাকোঁতে গছ বিৰিখেও নিজলৈ মন দিবলৈ পাহৰি যায় আৰু অনাদৰত ওফোন্দ পাতি এটি দুটিকৈ গছপাতবোৰ খঙত ৰঙা হৈ তললৈ নামি আহে!

প্ৰকৃতিয়ে নিজহাতে গঢ় দিয়া এনেকুৱা এটা ঋতুতে স্কুলৰ পৰা উভতি অহাৰ পিচত পূৰ্ণেশ্বৰ ছাৰ নতুনকৈ খন্দা পুখুৰীটোৰ পাৰত থিয় দি ৰৈ আছিল৷ পুখুৰীটোৰ পাৰেদিয়েই কেইবাখনো গাঁৱলৈ যোৱা ৰাষ্টাটো সোমাই গৈছে, তাত বাটৰুৱাৰ সঘন আহ্‌-যাহ্‌ ৷ কোনোবা বাটৰুৱাই চাৰলৈ চায় ৰিঙিয়াই থৈ যায় – ভূঞা, ভাল নে? ছাৰে ছুটি উত্তৰেৰে মোখনি মাৰে – আছো দিয়ক!

পুখুৰীটো আচলতে খান্দো বুলি খন্দা পুখুৰী নহয়৷ পুৰণি ভড়াল ঘৰটোৰ এফাল আৰু-বেলিতে হালি পৰিছিল,  যোৱা বছৰটো ঢোকা তিনিডাল দিয়েই যেনিবা যেনেতেনে চলাই দিয়া হ’ল৷ সেয়ে খৰালি আৰম্ভ হোৱাৰ লগে লগেই ছাৰে মন বান্ধিলে এইবাৰ ভড়াল ঘৰটো সাজিবই লাগিব৷ বয়োবৃদ্ধ দুজনমান আহি পৰামৰ্শ দিলেহি- ভেটিটো ওখকৈ বান্ধ, কাঠৰ সলনি বিলাতী মাটিৰে বনোৱা পকী পিলাৰ লগা, চাবি যাতে গাধৰিখন বেছি ওখ নহয়! ছাৰে ভেটি বান্ধিবলৈ লগা মাটিৰ বাবে বাৰিতে সৰুকৈ পুখুৰী এটা খন্দাৰ কথা ভাবিলে, জাবৰ-জোথৰ পেলোৱা হোলাটোৰ ওচৰতে৷ নটা নুনিয়াই সাত দিনতে ছাৰৰ নতুন ভড়াল ঘৰটোৰ ভেটি থিয় কৰি দিলে৷ পুখুৰীটোৰ এটা ফালে আৰু কিছু দ কৰি তাৰ মাটিৰে পুখুৰীৰ পাৰটোও বান্ধি দিয়া হ’ল৷ সৰু জাবৰ পেলোৱা খাৱৈটোৱে এটা পষেকতে পুখুৰীৰ ৰুপ লোৱাত ছাৰৰ লগতে ঘৰৰ সকলোৰে মনটো আনন্দেৰে ভৰি পৰিল৷ পুখুৰীটোৰ যিটোফাল ৰাষ্টাৰ পৰা চকুত পৰে, সেইটোফাল কমকৈ খন্দা ফালটো৷ ডিঙি মেলি নাচালে দ-ফালটো ৰাষ্টাৰ পৰা নেদেখি৷ “পুখুৰীটো বাম হ’ল নহয়!” - পুখুৰীত পানী ভৰিবলৈ নৌ পাওঁতেই এই কথাষাৰ শুনি শুনি তিনিমাহতে ছাৰৰ কাণ পকি গ’ল!

কমন ৰুমত ছাৰে যেতিয়া পুখুৰীৰ কথাটো সহকৰ্মীসকলৰ আগত উলিয়ালে, বিষয়টোত আটাইতকৈ বেছি আগ্ৰহ দেখুৱালে সৰু জিতেন ছাৰে৷ জিতেন ছাৰে পানী দেখিয়েই কৈ দিব পাৰে তাত কি কি মাছ থাকে৷ কেইবাটাও পদ্ধতিত জাল মাৰিব জনা ছাৰে বাৰিষা জাল এখেৱা নমৰাকৈ স্কুললৈকে নাহে৷ ছাৰে ক’লে – “চাৰিআলিৰ ফিছাৰিত মীন পালন বিভাগে কম দামতে ভকুৱা মাছৰ পোনা দি আছে, তাৰে চাৰিশ পোনা আনি পুখুৰীটোত এৰি দিয়া, অহা বছৰৰ পৰা মাছ নিকিনাকৈয়ে হৈ যাব৷” জিতেন ছাৰৰ কথা মতেই ছাৰে পোনা তিনিশ আনি নতুন পুখুৰীটোত মেলি দিলেহি! কিছুদিনৰ পৰা ছাৰে লক্ষ্য কৰিছে, ওচৰৰ দুঘৰৰ পৰা হাঁহ এজাক আহি পুখুৰীটোত চৰিবলৈ লৈছেহি৷ সিহঁতৰ পেটত নুঠে যদি আহি থকা খৰালিটোত ছাৰে এইবাৰ নিজৰ পুখুৰীৰে ভকুৱা মাছ খাব৷

পুখুৰীটোৰ পাৰত থিয় হৈ পোনাবোৰ কিমান ডাঙৰ হৈছে, ক’ৰবাত কেনেবাকৈ চকুত পৰে নেকি ছাৰে তাৰে আলেখ-লেখ চাই আছিল৷ তেনেতে সেইঠাইত ওলালহি কনকেশ্বৰ বৰুৱা৷ গঞাই “কানু গোঁসাই” নাম দিয়া কনকেশ্বৰ অঞ্চলটোৰ এটা ব্যতিক্ৰমী চৰিত্ৰ৷ ব্ৰহ্মপুত্ৰৰ চাপৰিত তেওঁ এসময়ত স্কুল এখন খুলিছিল বুলি শুনা যায়৷ মানুহে কয়, সেই সময়তে ‘হাইস্কুলৰ হেড-মাষ্টৰ’ বুলি পিচপৰা গাঁৱ এখনৰ পৰা চকুত পৰা গাভৰু এজনী তেওঁ বিয়া কৰাই আনিলে৷ মাষ্টৰে ঘৰ আৰু পথাৰৰ কাম  সমাপ্ত হোৱাৰ পিচত ছয় মাইল চাইকেল কৰি গৈ স্কুলখন পায় মানে কেতিয়াবা স্কুল ছুটিৰে সময় হয়গৈ হেনো৷ চকুচৰহাসকলে কয় কানু গোঁসায়ে হেনো “তেজৰে কমলা পতি”-ৰ অৰ্থ ভাঙোতে “নন্দ গৈল বাথানে”ৰ অৰ্থ “নন্দ বাথৰুমলৈ গ’ল” বুলি শিকাইছিল৷ তেখেতে নজনা কথা সাধাৰণতে নাই৷ স্থানীয় পুথিভড়ালটোৰ ৰূপালী জয়ন্তী সমাৰোহত তেখেতে এটা বৰগীত গাইছিল আৰু গীতটো স্ব-ৰচিত আছিল বুলি দৰ্শকৰ আগত দাবী কৰিছিল৷ তেখেতক এটা শব্দৰ ঠাইত এটা বাক্য, এটা বাক্যৰ ঠাইত এটা পেৰাগ্ৰাফ, এটা পেৰাগ্ৰাফৰ ঠাইত এখন ৰচনা আৰু এখন ৰচনাৰ ঠাইত এখন সম্পূৰ্ণ কিতাপ লাগিছিল৷ ৰাষ্টাত ভেটা-ভেটি হওঁতে কোনোবাই যদি তেওঁক সোধে – গোঁসাই, ক’ৰপৰা? তেওঁ সাউতকৈ চাইকেলৰ পৰা নামি লয়, তাৰ পিছত আৰম্ভ কৰে- এ নক’বা আৰু, যোৱা দুমাহ মানৰ পৰা ভাবি আছিলো পানপুৰত পৰা সৰু ছোৱালীজনীৰ তালৈ পাক এটা মাৰোঁ, তাইৰ দেওঁৰেকটো আকৌ ঘিলাধাৰী বাগানত এপেনটিছ সোমাল নহয়,  খবৰ এটা কৰোঁ কৰোঁ বুলিও কৰা হোৱা নাই, সিফালে আকৌ গাৱঁৰে ঘনকান্তৰ মাজুটোৰ বিয়া ঠিক কৰিব লাগে,  ঘনই আহি টোপোলা পেলোৱাত যাবলৈ বৰকৈ ধৰিলে, সাতে সোতৰে ... ৷ আগন্তুকে প্ৰমাদ গণে! সেয়ে সততে জনাশুনা লোক কনকেশ্বৰ বৰুৱাৰ আগত নপৰে৷

ছাৰক দেখি কানু গোঁসাইয়ে চাইকেলখন ৰখালে আৰু দীঘলীয়া সুৰত ৰিঙিয়ালে – ভূঞা!
ছাৰে দেখে – সৰ্বনাশ! চাইকেলখন ষ্টেণ্ডত লগাই তেওঁ ছাৰৰ ওচৰলৈকে পোনাইছে৷
-          হেৰি নহয় ভুঞা, পুখুৰীটো বৰ বাম হ’ল হে’! পানী ভৰ্তি পুখুৰীটোলৈ চাই তেওঁ মন্তব্য কৰিলে৷
ছাৰেও পলম নকৰিলে৷ পোনে পোনে মুখলৈ অহা বাক্যটোকে ছাৰে এৰি দিলে - হয় দিয়ক, নক’ব আৰু, চাওকচোন, চৰি থকা হাঁহজাকেই ডুব যোৱা নাই!

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত ৰাখিছিল আমাৰ মৰমৰ ককাইদেউ, ফে’চবুকৰ জনপ্ৰিয় চিনাকি লেখক লাটুদাই, প্ৰতুল কুমাৰ বৰকটকীয়ে৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)


No comments:

Post a Comment