Friday, March 2, 2018

জীৱন বাটৰ ৰসঃ ৰসহীন নিদাৰূণ ৰবিবাৰ (৩৭)



জীৱন বাটৰ ৰসঃ ৰসহীন নিদাৰূণ ৰবিবাৰ (৩৭)

আজি ৰাতিপুৱা শুই উঠি “জীৱন বাটৰ ৰসঃ” লিখিবলৈ লওঁতেই মোবাইল ফোনটোৱে কঢ়িয়াই আনিলে দুঃসংবাদটো – শ্ৰীদেৱী আৰু নাই! সৰ্বেশ্বৰ ছাৰৰ কাহিনী এটা লিখিবলৈ লৈছিলো মই৷ কিছুসময় শিলপৰা কপৌৰ দৰে স্তব্ধ হৈ বহি থাকিলোঁ, তাৰ পিছত মনটো জাৰি জোকাৰি লৈ নিজৰ কৰ্তবলৈ ঘুৰি আহিবলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ৷ পাছে, বাৰে বাৰে মনটো আকৌ উৰি গ’ল সেই সংবাদটোলৈ – শ্ৰীদেৱী আৰু নাই! দুটা ঘন্টাৰ নিষ্ফল প্ৰচেষ্টাৰ পিছত মই এই সিদ্ধান্তত উপনীত হ’লো যে আজি আৰু মই সৰ্বেশ্বৰ ছাৰৰ কাহিনীত কৌতুকৰ সঞ্চাৰ কৰিব নোৱাৰোঁ৷ যোৱা ৩৭টা ৰবিবাৰৰ ভিতৰত আজিয়েই প্ৰথম, মনটোৱে হাঁহি উঠা কথা লিখিবলৈ মান্তি হোৱা নাই!

আমি হাইস্কুলৰ ওপৰ শ্ৰেণীত পঢ়ি থাকোঁতে ব’ম্বে ফিল্ম ইণ্ডাষ্ট্ৰীত শ্ৰীদেৱীৰ উদয় হৈছিল৷ কটন কলেজৰ থাৰ্ড মেছৰ পৰা ছেকেণ্ড ছ’ চাবলৈ গৈ হিম্মতৱালা, টৌফা আৰু নাগিনা নামৰ শ্ৰীদেৱী অভিনীত ছবি কেইখন চাইছিলো৷ লগত আছিল কোঠাবন্ধু কুঞ্জমোহন, দিগন্ত, নৱ আৰু কেতিয়াবা অম্লান৷ শ্ৰীদেৱীৰ চেহেৰা আৰু অভিনয়ে তেতিয়া সাধাৰণ ভাবেহে মুগ্ধ কৰিছিল ৷ তাৰ কিছুদিনৰ পিছত শিলছৰ ৰিজিঅনেল ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা বাবাদাৰ লগত উলুবাৰীৰ অপসৰাত চাইছিলো - আখ্‌ৰী ৰাষ্টা! শ্ৰীদেৱী আছিল তাত, কিন্তু অমিতাভ বচ্ছনৰ প্ৰচ্ছায়াত তেওঁ উজ্বলি উঠাৰ সুবিধা পোৱা নাছিল৷ তাৰ কিছুদিনৰ পিচতে মই মাদ্ৰাজলৈ পঢ়িবলৈ গ’লো আৰু তাতে তামিল ভাষাৰ “মুন্দাৰাম পিৰাই” নামৰ চিনেমাখন চাবলৈ সুবিধা পালোঁ৷ ছবিখনত শ্ৰীদেৱীয়ে কৰা অপূৰ্ব অভিনয়ে মোৰ মন আৰু মগজু শিহৰিত কৰি তুলিলে৷ বালু মহেন্দ্ৰই পৰিচালনা কৰা, ইলিয়াৰাজাই সংগীত দিয়া, কমল হাছান আৰু শ্ৰীদেৱীয়ে অভিনয় কৰা এইখন চিনেমাৰ হিন্দী ৰূপটোৱেই - ছদমা! যিখন চিনেমা এবাৰ চালে কোনোৱেই সহজে পাহৰিব নোৱাৰে! সেই সময়তে শ্ৰীদেৱীয়ে অভিনয় কৰা আৰু কেইখনমান তামিল চিনেমা মই চাবলৈ পাওঁ৷ আমাৰ কলেজৰ সমূখত থকালিবাৰটিনামৰ চিনেমা হলটোৰ সমূখত শ্ৰীদেৱী থকা চাইনবৰ্ড দেখিলেই হোষ্টেলত সোনকালে খাই বৈ ৰাতি দহ বজাৰ পৰা আৰম্ভ হোৱা চেকেণ্ড শ্ব’ত মই বহি আছিলোগৈ, বেছিভাগেই অকলে-অকলে৷ তাৰপিছত আহিছিল শ্ৰীদেৱীয়ে কৰা অপূৰ্ব অভিনয়ৰ হিন্দী ছবি কেইখন– ছালবাজ, লম্‌হে, ছান্দনী, মিষ্টাৰ ইণ্ডিয়া, খোদা গৱাহ্‌, লাডলা, জুড়াই আদি৷

শ্ৰীদেৱী আছিল প্ৰতিভা আৰু সৌন্দৰ্যৰ আকৰ৷ যশস্বী চিত্ৰ নিৰ্মাতা সত্যজিত ৰায়ে এবাৰ এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে ভাৰতীয় নাৰীৰ ৰুপ-সৌন্দৰ্য সম্পূৰ্ণৰূপত প্ৰতিফলিত হয় জয়া প্ৰদাৰ চেহেৰাতহে৷ এই মন্তব্যক লৈ সেইসময়ত যথেষ্ট বিতৰ্কৰ সুত্ৰপাত হৈছিল৷ ৰূপত জয়া প্ৰদা যদি চন্দ্ৰৰ নিৰ্মল জোৎস্না, শ্ৰীদেৱী আছিল সূৰ্যৰ প্ৰখৰ ৰশ্মি! প্ৰতিভা আৰু দক্ষতাৰ ফালৰ পৰা জয়া প্ৰদা শ্ৰীদেৱীৰ আশে পাশেও থিয় হ’ব নোৱাৰিছিল! শ্ৰীদেৱীৰ ৰূপ-সৌন্দৰ্য্য, প্ৰতিভা আৰু কেইবাটাও গুণে মোক তেওঁৰ গুণগ্ৰাহী কৰি ৰাখিছে কেইবাটাও দশকধৰি৷ প্ৰচণ্ড পেছাদাৰী স্বভাৱৰ, সময়ানুৱৰ্তী, পৰিশ্ৰমী শ্ৰীদেৱীয়ে যেতিয়া ছালবাজ নামৰ ছবিখনৰ গীত এটাত বৰষুনত তিতি তিতি শ্বুটিং কৰিছিল সেইদিনা  তেওঁ ১০৩ ডিগ্ৰী জ্বৰত ভুগি আছিল৷ নিজৰ শাৰিৰীক অসুস্থতাৰ বাবে শ্বুটিঙৰ সময় সলনি কৰাটো তেওঁ নিবিচাৰিছিল৷

                শ্ৰীদেৱীক সোঁ-শৰীৰে লগ পোৱাৰ মন আছিল যদিও সেই সুবিধা মই নাপালোঁ, কিন্তু দুবাৰ দেখা পাইছিলোঁ৷

                মাদ্ৰাজত (চেন্নাই) থকা দিনৰে কথা৷ এদিন আবেলি কেইজনমান বন্ধুৰ লগত মই মাউন্ট ৰোডলৈ বুলি ওলাই গৈছিলো৷ আমি চাৰিজনমান আছিলো৷ বাছৰ পৰা নামি কাষৰ পদপথেৰে আমি গৈ আছো৷ সেইডোখৰতে ট্ৰেফিক লাইট এটা থকাত মূল ৰাষ্টাটোত মটৰৰ ভিৰটো অলপ কমে৷ আমাৰ সোঁহাতে লাহ লাহে চলি অহা কেইবাখনো মটৰগাড়ী৷ তাৰ মাজতে থকা ক’লা বৰণৰ বিদেশী গাড়ী এখন চলাই আহিছে এজনী ধুনীয়া ছোৱালীয়ে, পিছৰ চিটটোত কেইটামান শিশু৷ ছোৱালীজনীৰ মুখখনো চিনো চিনো লাগিছে৷ তেনেতে আমাৰ মাজৰ কোনোবাএটাই চিঞৰি উঠিল – শ্ৰীদেৱী! হয় হয়! ছালবাজ নামৰ ছবিখন চাই অহা বেছিদিন হোৱাই নাছিল৷ গাড়ীখনৰ লগে লগে আমি কুকুৰ দৌৰ লগালো৷ শ্ৰীদেৱী কলাৰ থকা ক’লা ৰঙৰ চোলা এটা পিন্ধি আছিল আৰু একান্ত মনে সমূখলৈ চাই গাড়ী চলাই গৈ আছিল৷ বন্ধু ইফটিখাৰে চিঞৰি উঠিছিল– গাড়ীখনৰ সমূখত পৰি যা, শুই দে ৰাষ্টাত, পিছত যি হয় হ’ব! কেইটামান মূহুৰ্তৰ পিছতে ৰঙা লাইট সেউজীয়া হ’ল, গাড়ীখনৰ সমুখভাগ মুকলি হৈ পৰিল৷ গাড়ীখনে বেগ লোৱাৰ আগতে শ্ৰীদেৱীয়ে আমালৈ চাই এটা মিচিককৈ হাঁহি এটা মাৰিলে, মনালিছাৰ হাঁহিক সাত ঢাপৰ বাহিৰ কৰি দিব পৰা হাঁহি ! তেতিয়াহে উপলব্ধি হ’ল – গাড়ীখনৰ আগত সঁচাসঁচিকৈ পৰি যোৱা হলেই ভাল আছিল হ’বলা! ১৯৮৮ ৰ পৰা ১৯৯২ চনৰ মই মাদ্ৰাজত থকা সময়ছোৱাত শ্ৰীদেৱীয়ে মাদ্ৰাজৰ নুনামবক্কম নামৰ ঠাইখনত বাস কৰিছিল বুলি শুনিছিলো৷ লগ কৰিবলৈ যোৱাৰ সময়, সামৰ্থ্য আৰু সাহস মোৰ এটাও হোৱা নাছিল৷

                ২০০৪ চনৰ কথা৷ মই তেতিয়া গোৱা এটাৰপৰ্টৰ টাৰ্মিনেল মেনেজাৰ৷ মোৰ অফিচৰ কোঠাটো আছিল আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃদেশীয় টাৰ্মিনেলৰ মধ্যভাগত৷ কোঠাটোৰ সমূখেদি অগণন যাত্ৰীৰ অহা যোৱা চলি থাকে৷ এদিন দুপৰীয়া মোৰ সহকৰ্মী এজনৰ লগত কোঠাটোৰ সমূখত থিয় হৈ মই যাত্ৰীসকলৰ আলেখ-লেখ চাই আহিছিলো৷ তেনেতে দেখিলো এটা ফালৰ পৰা হাতত ট্ৰলী বেগ এটা লৈ আহি আছে বনি কাপুৰ৷ আগে আগে দুজনী মহিলা৷ তেওঁলোক  মোৰ কাষেদিয়েই পাৰ হৈ গ’ল৷ আৰু বনি  কাপুৰক চাই থাকোঁতেই শ্ৰীদেৱীৰ মুখখন মোৰ দৃষ্টিত নপৰাকৈ মোৰ আগেদি পাৰ হৈ গ’ল৷ তথাপিও পিছফালৰ পৰা দেখিয়েই মই চিনি পালোঁ– হয়, শ্ৰীদেৱীয়েই হয়! সেইদিনা তেওঁ নীলা আকাশী ৰঙৰ জিনছ্‌ পেন্ট এটা আৰু মচন্দৰী ৰঙৰ হাতদীঘল চোলা এটা পিন্ধি আছিল৷

                ২০০৪ চনৰ পৰা ২০০৭ চনলৈ গোৱাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱৰ ভিতৰ চঁৰাত থাকি কাম কৰাৰ মই সুযোগ পাইছিলো৷ সেই সময়তে ২০০৭ চনত নতুন দিল্লীৰ শাস্ত্ৰীভৱনত অনুষ্ঠিত হোৱা মিটিং এখনত আহি দেখিলো মই বহি থকা চকীখনৰ ওচৰত বহিছে বনি কাপুৰ৷ মোলৈ চাই ক’লে – হেল্লৌ! মইও হেণ্ডচেক কৰি ক’লো – হেল্লৌ! তাৰ পিছত ক’ব নোৱাৰাকৈয়ে মোৰ মুখেদি ওলাৰ – হাও ইজ্‌ শ্ৰী, শ্ৰীৰ ভাল নে? বনি কাপুৰে প্ৰথমতে নুবুজিলে, যেতিয়া বুজিলে তেতিয়া মিচিককৈ হাঁহি এটা মাৰি কৈছিল – ভাল, ভাল, ধন্যবাদ, ধন্যবাদ!

                চকু চাঁট মাৰি ধৰিব পৰা ৰূপ আৰু বিস্ময়কৰ অভিনয় প্ৰতিভাৰে ৫০ বছৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি শ্ৰীদেৱীয়ে বিদায় ল’লে৷ শ্ৰীদেৱীৰ বৃদ্ধা ৰূপ পৃথিৱীয়ে নেদেখিলে আৰু নেদেখে৷ শ্ৰীদেৱী বুঢ়া নহয়! শিৱাকাশী নামৰ ঠাইত ১৯৬৩ চনত জন্মগ্ৰহন কৰা শ্ৰীদেৱীৰ সম্পূৰ্ণ নাম আছিল – শ্ৰী আম্মা য়াংগাৰ আয়াপান৷ শিৱাকাশী নামৰ ঠাইখন খাৰ থকা ফটকা উদ্যোগৰ বাবে বিখ্যাত যিয়ে ক্ষন্তেকৰ বাবে আকাশখন চমকাই তুলিব পাৰে৷ সেই শিৱাকাশীৰে কন্যা শ্ৰীদেৱী অভিনয় জগতৰ এক উজ্জ্বল তাৰকা হৈ অভিনয়ৰ আকাশখন পোহৰাই থাকিব বহুদিনলৈ৷

                শ্ৰীদেৱীলৈ শ্ৰদ্ধাঞ্জলী জনালোঁ৷

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত পেলাই দিলে  কবি সিদ্ধাৰ্থ শংকৰ কলিতাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)


No comments:

Post a Comment