Saturday, February 24, 2018

এলবাৰ্ট আইনষ্টাইনৰ আক্ষেপ আৰু অনুশোচনা - Sadin, 23-Feb-18







এলবাৰ্ট আইনষ্টাইনৰ আক্ষেপ আৰু অনুশোচনা

১৯৩৯ চনত  আৰম্ভ হোৱ দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত হয় ১৯৪৫ চনত আমেৰিকাই জাপানৰ ওপৰত নিক্ষেপ কৰা পাৰমানৱিক বোমাৰ আক্ৰমণেৰে ৷ বিশ্ববাসীয়ে প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰিছিল পাৰমানৱিক বোমৰ বিধ্বংসী শক্তি৷ আৰম্ভ হৈছিল এটা নতুন সময়ৰ - পাৰমানৱিক অস্ত্ৰৰ যুগৰ, এটম বোমাৰ যুগৰ! 

১৯৪৫ চনৰ ৬ আগষ্ট তাৰিখে আমেৰিকাই জাপানৰ হিৰোশ্বিমা চহৰৰ ওপৰত ইউৰেনিয়াম ধাতুৰে গঢ়া প্ৰথমটো পাৰমানৱিক বোমা নিক্ষেপ কৰিলে৷ ইয়াৰ শক্তি আছিল ১৫০০০ টি-এন্‌-টি বোমাৰ সমতুল্য৷ চহৰখনৰ ৭০ শতাংশ ঘৰ-দুৱাৰ নিমিষতে ভস্মীভূত হৈ গ’ল ৷ তাৰ লগতে আধাপোৰা –অচল হৈ পৰিল দুকুৰীখনৰো অধিক চিকিৎসালয়৷ অৰ্ধদগ্ধ হৈ যন্ত্ৰনাত চিৎকাৰ কৰা লোকসকলক চাবলৈ ওচৰত কোনো নাছিল৷ বিনা চিকিৎসাৰে, বিনা আলপৈচানেৰে, এষাৰো শান্তনা বা মৰমৰ বাণী নুশুনাকৈ হিৰোশ্বিমাত চাৰিমাহ সময়ৰ ভিতৰত সৰ্বমুঠ এক লাখ চল্লিশ হাজাৰ লোকৰ  সমাধি ঘটিল৷ মানৱতাৰ খাতিৰত সহায়ৰ হাত আগবঢ়াবলৈ যোৱা বহুলোকৰো তেজস্ক্ৰিয় ৰশ্মিৰ প্ৰভাৱত মৃত্যু ঘটিল৷ যিসকল জীয়াই থাকিবলৈ সক্ষম হ’ল তেওঁলোকৰ শৰীৰটো দেখা দিলে ভয়াবহ বিসংগতিয়ে৷ প্ৰসৱ হ’ব লগা সন্তান উপজিল বিকলাংগ হৈ৷ কেইবাটাও দশক ধৰি চলি থাকিল কৰ্কট ৰোগ আৰু তেজস্ক্ৰিয় ৰশ্মিৰ বিষাক্ত প্ৰতিক্ৰিয়া৷ দ্বিতীয়টো বোমা নিক্ষেপ কৰা হৈছিল তিনিদিন পিছত জাপানৰেই আন এখন চহৰ নাগাছাকিৰ ওপৰত৷ প্লুটোনিয়াম নামৰ ধাতুৰে নিৰ্মিত এই বোমাই নিধন কৰিছিল ৭৪,০০০ লোকৰ৷ তেজস্ক্ৰিয় ৰষ্মিৰ বৰষুণ হৈছিল বহুদিনলৈ৷

সমগ্ৰ পৃথিৱী স্তব্ধ হৈ পৰিছিল ৷ নিথৰ হৈ পৰিছিল এটম বোমা নিৰ্মান সুত্ৰৰ জন্মদাতা এলবাৰ্ট আইনষ্টাইন!

১৯০৫ চনত, চুইজাৰলেণ্ডৰ এটা পেটেন্ট অফিছত কেৰাণীৰ কাম কৰি থাকোঁতে আইনষ্টাইনে বিদ্যুত চুম্বকীয় সঁজুলি কিছুমানৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিব লগা হৈছিল - পেটেন্টৰ বাবে! এই কামটোত লাগি থাকোঁতেই তীক্ষ্ণ মেধাসম্পন্ন মানুহজনৰ চকুত ধৰা পৰিছিল বিদ্যুত চুম্বক ক্ষেত্ৰৰ বিষয়ে তেতিয়ালৈকে কোনেও নজনা কিছু কথা৷ বিজ্ঞানৰ আলোচনী এখনত তেওঁ চাৰিটা প্ৰৱন্ধ লিখিছিল৷  তাতেই আপেক্ষিকতাবাদ নাম দি এটা নতুন সুত্ৰৰ সম্ভেদ দিছিল যিটোৱে তেতিয়ালৈকে চৰ্চা হৈ থকা বিজ্ঞানৰ কেইবাটাও সত্যক ধূলিসাৎ কৰি পেলালে৷  পদাৰ্থৰ ভৰ আৰু শক্তিৰ সম্পৰ্কৰ সেই বিখ্যাত সমীকৰণ E=mc2 টোও তেতিয়াই পোহৰলৈ আহিছিল য’ত সুপ্ত হৈ আছিল পৰমানুৰ বিভাজনে সৃষ্টি কৰিব পৰা বিশাল শক্তিৰ সম্ভাৱনা৷

১৯১৩ চনত আইনষ্টাইনে বাৰ্লিন বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞান এটা বিভাগত ডিৰেক্টৰ হিচাপে যোগদান কৰে ৷ ইতিমধ্যে নাজী শাসনত ইউৰোপৰ ইহুদীসকল ত্ৰস্তমান হৈ পৰিছিল৷ দলে দলে ইহুদীলোক জাৰ্মানি এৰি পলাবলৈ আৰম্ভ কৰিছিল ৷ আইনষ্টাইনো আছিল এজন পৰিচিত ইহুদী৷ সমাজবাদী শিবিৰৰ প্ৰতি আনুগত্য থাকিলেও তেখেত আছিল এজন মূলতঃ  শান্তিকামী মানৱতাবাদী (Pacifist)৷ ১৯৩১ চনত নাজী চৰকাৰে ইহুদী সকলক চৰকাৰী চাকৰিৰ পৰা উলিয়াই দিলে৷ এখন নাজী আলোচনীয়ে বেটুপাতত আইনষ্টাইনৰ এখন ফটো প্ৰকাশ কৰি শিৰোনামা লিখিছিল – যাক এতিয়ালৈকে হত্যা কৰা হোৱা নাই, Not Yet Hanged ! হত্যা কৰিবলৈ লোৱা ইহুদীসকলৰ তালিকাত আইনষ্টাইনৰ নামটো একেবাৰে ওপৰত আছিল৷ বাৰ্লিন একাডেমীৰ ডিৰেক্টৰ হৈ থকা সময়েত তেওঁ আমেৰিকাৰ “কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ টেকনলজিৰো” অতিথি অধ্যাপক হিচাপে কাম কৰিছিল৷ তালৈকে ১৯৩২ চনৰ ডিচেম্বৰ মাহত আইনষ্টাইন এবাৰ যাব লগা হ’ল আৰু ঠিক সেই সময়তেই জাৰ্মানিৰ চেঞ্চেলৰ হিচাপে নিয়োজিত হ’ল এডল্ফ্‌ হিটলাৰ! আমেৰিকাৰ পৰা উভতি অহাৰ পথত, বেলজিয়ামতে আইনষ্টাইনে গম পালে যে তেওঁলোকৰ ঘৰ-সম্পত্তি ইতিমধ্যেই নাজী বাহিনীয়ে অধিকাৰ কৰি লৈছে৷ জাৰ্মানিৰ মাটিত ভৰি দিয়াৰ অৰ্থ নিৰ্ঘাত মৃত্যু! বেলজিয়ামতে জাৰ্মানিৰ দূতাবাসলৈ গৈ আইনষ্টাইনে জাৰ্মান নাগৰিকত্ব চিৰদিনৰ বাবে ত্যাগ কৰিলে৷ কিছুদিনৰ ভিতৰতে আমেৰিকাৰ নিউ জাৰ্ছিৰ “ইনষ্টিটিউট অৱ এডভাঞ্চ ষ্টাডি”-ত ছমাহৰ বাবে চাকৰি এটাৰ যোগাৰ হ’ল৷ ১৯৩৩ চনৰ অক্টোবৰ মাহৰ ১৭ তাৰিখে অনিশ্চিত ভবিষ্যতক লৈ আইনষ্টাইনে চিৰদিনৰ বাবে মাতৃভূমি ত্যাগ কৰিলে৷

বিভিন্ন দেশৰ মাজত আৰম্ভ হোৱা মতানৈকই ১৯৩৯ চনত বিশ্বযুদ্ধৰ ৰূপ লৈছিল৷ এফালে আমেৰিকাৰ নেতৃত্বত মিত্ৰ শক্তি আনফালে জাৰ্মানি আৰু জাপান! হিটলাৰৰ ইহুদী নিধন যজ্ঞ আৰু আক্ৰমণে ইউৰোপৰ কেইবাখনো দেশ কঁপাই তুলিছিল৷ 

১৯০৫ চনত আইনষ্টাইনে আৱিষ্কাৰ কৰা E=mc2  বুকুতে সোমাই আছিল এটম বোমা নিৰ্মানৰ গোপন সুত্ৰ৷ ইতিমধ্যেই এই সুত্ৰৰ গৱেষণা যথেষ্ট আগবাঢ়িছে৷ কেতবোাৰ তেজস্ক্ৰিয় ধাতুত ছেই্ন ৰিয়েকছনৰ দ্বাৰা প্ৰচুৰ আনৱিক শক্তিৰ সৃষ্টি কৰিব পৰাটো নিশ্চিত হৈ পৰিছে৷ আইনষ্টাইনৰ কেইবাজনো সহকৰ্মী আছিল তেওঁৰ দৰেই দেশৰ পৰা ওলাই অহা ইহুদীলোক৷ হাঙ্গেৰী মূলৰ সহকৰ্মী লিঅ’ ছিলাৰ্ডে (Leo Szilard) খবৰ আনিলে যে জাৰ্মানিৰ কেইজনমান বিজ্ঞানীয়ে ইতিমধ্যেই পাৰমানৱিক বোমাৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছে৷ জাৰ্মানিয়ে অধিকাৰ কৰি লোৱাৰ পিছত চেকোশ্লোভিয়াত থকা ইউৰেনিয়াম নামৰ ধাতুবিধৰ বিক্ৰি কৰাটো বন্ধ কৰি দিয়া ঘটনাইও ইয়াকে প্ৰতিপন্ন কৰে৷ পাৰমানৱিক বোমা নিৰ্মান কৰিবৰ বাবে এই ধাতুৱেই উত্তম৷ জাৰ্মানি যদি এই পৰমানু বোমা নিৰ্মান কৰিবলৈ সক্ষম হয়, তেতিয়া ? আইনষ্টাইন শিয়ঁৰি উঠিল৷ বহি থকা কোঠাটোৰ কোণা এটালৈ দৃষ্টি ৰাখি কেইবাঘন্টাও তেওঁ জলকা লাগি বহি থাকিল৷ কেইদিনমানৰ পিছত ছিলাৰ্ডে টাইপ কৰা চিঠি এখন লৈ আইনষ্টাইনৰ ওচৰত হাজিৰ হ’লহি, চিঠিখন লিখা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুছভেল্ট্‌লৈ, চহী কৰাৰ ঠাইত লিখা হৈছে – এলবাৰ্ট আইনষ্টাইন! চিঠিখনত লিখা হৈছিল পাৰমানৱিক বোমাৰ ধ্বংস কৰিব পৰা শক্তিৰ কথা ৷ এটা পাৰমানবিক বোমাই এটা মূহুৰ্ততে নিঃশ্চিহ্ন কৰিব পাৰিব এটা প্ৰকাণ্ড সামূদ্ৰিক জাহাজঘাট! এই ভয়াবহ শক্তি  তৈয়াৰ কৰাত জাৰ্মানি যদি আগতে সফল হয়, হিটলাৰৰ হাতত যদি সেই শক্তি আহি পৰে, তাৰ পৰিণাম হ’ব অতি ভয়ংকৰ৷ চিঠিখনৰ শেষত ৰাষ্ট্ৰপতিক শীঘ্ৰেই এই পাৰমানৱিক বোমা নিৰ্মানৰ কাম হাতত ল’বলৈ অনুৰোধ কৰা হৈছে৷

আইনষ্টাইনে চিঠিখনত চহী কৰিলে৷ দিনটো আছিল ১৯৩৯ চনৰ আগষ্ট মাহৰ ২ তাৰিখ৷

ৰুছভেল্টে চিঠিখনৰ গুৰুত্ব  ঠিকেই দিছিল ৷ ভানেভাৰ বুশ্ব  (Vannevar Bush) নামৰ এজন বিশ্বস্ত বিজ্ঞানীৰ তত্বাৱধানত পাৰমানৱিক বোমা নিৰ্মান কৰিবৰ বাবে মানহাট্টান প্ৰকল্পটো (Manhattan Project) আৰম্ভ হ’ল৷ প্ৰকল্পটোৰ মূৰব্বী ভানেভাৰ বুশ্বে আইনষ্টাইনক বিশ্বাসত লোৱা নাছিল৷ সমাজবাদী শিবিৰৰ প্ৰতি থকা আনুগত্যৰ বাবে আইনষ্টাইনক তেওঁ প্ৰকল্পটোৰ লগত জড়িত কৰাই নাছিল৷  ১৯৪৪ চনত পাৰমানৱিক বোমা প্ৰস্তুত হ’ল ৷ ঠিক সেই সময়তে ৰাষ্ট্ৰপতি ৰুছভেল্টৰ মৃত্যু হ’ল ৷ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল হেনৰী ট্ৰুমেন ৷ তেওঁৰ নিৰ্দেশতে এই বোমা প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হ’ল ৷ সমগ্ৰ পৃথিৱী কঁপি উঠিল৷

মৌন হৈ পৰিল এলবাৰ্ট আইনষ্টাইন ৷ এবছৰৰ পিছত ১৯৪৬ চনৰ ১৯ আগষ্টৰ দিনা ‘দি নিউ ইয়ৰ্ক টাইমছ’ কাকতত লিখা এটা নিৱন্ধত আইনষ্টাইনে কৈছিল – মোৰ দৃঢ় বিশ্বাস, ৰাষ্ট্ৰপতি ৰুছভেল্ট্‌ জীয়াই থকা হলে জাপানৰ ওপৰত এই অমানৱীয় আক্ৰমণ নহ’লহেঁতেন৷ মই জাপানৰ ওপৰত হোৱা পাৰমানৱিক আক্ৰমনক গৰিহনা দিবলৈ অকণো কুন্ঠা বোধ নকৰোঁ৷ ১৯৫৪ চনৰ নৱেম্বৰ মাহত, মৃত্যুৰ মাত্ৰ পাঁচমাহ আগতে গভীৰ আক্ষেপেৰে আইনষ্টাইনে কৈছিল – মই ৰাষ্ট্ৰপতিলৈ এটম বোমা নিৰ্মান কৰিবৰ বাবে লিখা চিঠিখনত কৰা চহীটোৱেই আছিল মই জীৱনত কৰা আটাইতকৈ ডাঙৰ ভুলটো ৷ জাৰ্মানিৰ হাতত এই বোমা পৰিব পৰাৰ সম্ভাৱনায়েই সেই সময়ত মোক সেই কাম কৰিবলৈ বাধ্য কৰিছিল!

১৯৪৪ চনৰ ডিচেম্বৰ মাহত পাৰমানৱিক বোমা প্ৰস্তুত হোৱাৰ পিছতে পৰম হতাশাৰে আইনষ্টাইনে বন্ধু নিলছ ব’ৰলৈ লিখিছিল –যুদ্ধ এদিন শেষ হ’ব, তাৰ পিছতো দেশে দেশে গুপ্ত ভাবে পাৰমানৱিক অস্ত্ৰৰ নিৰ্মান কাৰ্য চলিয়েই থাকিব, আৰু ইয়েই আকৌ জন্ম দিব আন এক প্ৰতিৰোধ যুদ্ধৰ ৷ তেনে যুদ্ধৰ পৰিণাম হব অধিক ভয়াবহ৷

সম্প্ৰতি সংঘটিত হোৱা পাৰমানৱিক অস্ত্ৰৰ কুছকাৱাজে এলবাৰ্ট আইনষ্টাইনৰ এই সংশয়কে সঁচা বুলি প্ৰতিপন্ন কৰিছে৷ 

No comments:

Post a Comment