দহৰ পৰা ষোল্ল বছৰৰ
সময়খিনি সকলোৰে জীৱনৰ বৰ আপুৰুগীয়া সময় ৷ গজালিৰ দুপতীয়া হোৱা সময়খিনিত যেনেকৈ ভৱিষ্যতৰ
বিকাশৰ বাবে সাৰপানীৰ আটাইতকৈ বেছি প্ৰয়োজন, সি লাগিলে বৃহৎ বৃক্ষৰ সম্ভাৱনা থকা গছেই
হওক নতুবা গহৰা গজা ফলহীন এডাল লতাই হওক, ঠিক তেনেকৈ মানুহৰ জীৱনৰো সেই সময়খিনিত দেহ,
মন আৰু প্ৰজ্ঞাৰ বিকাশৰ বাবে উপযুক্ত খাদ্যৰ আটাইতকৈ বেছি প্ৰয়োজন৷ এই সময়খিনি হাইস্কুলীয়া
জীৱনৰ সময়৷ সেই সময়তে সৃষ্টি হোৱা ৰুচী, মানৱীয় প্ৰমূল্য (Values) আৰু সংস্কাৰে গোটেই
জীৱনতো পৰিচালিত কৰি থাকে বুলি মোৰ বিশ্বাস হয়৷ হয়তো ইও এক কাৰণ হ’ব পাৰে, হাইস্কুলীয়া
জীৱনৰ অভিজ্ঞতাবোৰ সকলোৰে বৰ মৰমৰ স্মৃতি হয়৷ মোৰও৷ সেই সময়ত লগ পোৱা বন্ধু আৰু
শিক্ষাগুৰুৱে পেলোৱা প্ৰভাৱ মই আজীৱন অনুভৱ কৰি আহিছো – বেছিভাগ স্মৃতিয়েই মনটো
ভৰাই তোলে, কৃতজ্ঞতাত মূৰ দোঁ খাই আহে, কেতবোৰ স্মৃতিয়ে আকৌ মনটোত ভাকুটকুতাই
যায়, ক’ব নোৱাৰাকৈয়ে মূখখনত এটা হাঁহি বিয়পি পৰে৷ তেনে সময়ত ওচৰত থকা কোনোবাই এই
অৱস্থা লক্ষ্য কৰিলে সোধে- কি, কি হ’ল, কিয় হাঁহিলি?
আজি এই “কি, কি হ’ল,
কিয় হাঁহিলি” ধৰণৰ কাহিনী এটা মনত পৰিছে৷ সৰ্বেশ্বৰ
ছাৰৰ লগত সম্পৰ্ক থকা৷
আজিৰ পৰা ডেৰকুৰী
বছৰৰ আগতে আমাৰ স্কুলখনে এটা বৃহৎ এলেকা সামৰি ল’ব লগা হৈছিল৷ পূৱ দিশত অৱস্থিত বাগান
কেইখনৰ পৰা অহা মজদূৰ মূলৰ বা কৰ্মচাৰী বাবুসকলৰ ল’ৰা-ছোৱালী, পশ্চিমে থকা গাওঁ কেইখনৰ
পৰা অহা মূলতঃ কৃষিজীৱি ঘৰৰ সন্তানসকল, উত্তৰে অন্ততঃ সাত কিলোমিটাৰ দূৰ বিস্তৃত হৈ
থকা গাৱঁৰ দৰিদ্ৰসীমাৰেখাৰ তলে ওপৰে থকা পৰিয়ালৰ ল’ৰা ছোৱালীহ’ত আৰু দক্ষিণে ব্ৰহ্মপুত্ৰৰ
চাপৰিলৈকে বিস্তৃত ঠাইৰ পৰা অহা খাটি খোৱা ঘৰৰ ছাত্ৰহ’তে দল বান্ধি বান্ধি স্কুললৈ
আহিছিল৷ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই (আমাৰ স্কুলখনত উচ্চতৰ শাখাতহে ছোৱালী আছিল, তলৰ
শ্ৰেণীত নাছিল) ঘৰত থকা সময়খিনিত ঘৰুৱা কামত মাক দেউতাকক সহায় কৰিব লাগিছিল – স্কুললৈ
অহাৰ আগতেওঁ, স্কুলৰ পৰা উভতি যোৱাৰ পিছতো৷ স্কুললৈ অহাৰ আগতে কৰিব লগা কামৰ নমুনা
হিচাপে মনত পৰে - ওচৰৰ চুবুৰীয়াৰ ঘৰৰ কুঁৱাটোৰ পৰা খোৱা পানী দুবাল্টি আনি দিয়া,
উথনা লোৱা গাখীৰ এপোৱা ওচৰৰ গাওঁখনৰ পৰা ঘৰলৈ অনা, গাইজনী চৰণীয়া পথাৰখনত এৰাল দি
অহা, বাৰিষা পথাৰত চাহ-জলপান দি অহা ইত্যাদি৷ আবেলিও বিচিত্ৰ ধৰণৰ কামে ল’ৰা-ছোৱালীহঁতৰ
যথেষ্ট সময় দাবী কৰিছিল৷ এনেবোৰ কামৰ মাজতো খেলিবৰ বাবে অৱশ্যেই বহুত সময় ওলাইছিল৷
বাঁহৰ কাঠিৰে খৰাহী, পাচি, বিচনী, পল, চেপা আদি সজাৰ কামতো বহু ল’ৰাই আবেলিৰ সময়ভাগ
খৰচ কৰিছিল৷ ছোৱালীয়ে চুৱেটাৰ গোঠা, ৰুমালত ফুল তোলা, ‘সত্যৰ সদায় জয়’ ধৰণৰ কথা
থকা নতুবা কোনোবা নাৰীয়ে হৰিণাপোৱালী সাৱতি
বহি থকা ছবি তুলিকাৰে অঁকা, তাতঁ বোৱা, বা তৰিবলৈ লোৱা তাঁতৰ ব-তোলা ইত্যাদি কামেই
আছিল সততে দেখা ব্যস্ততা৷ তেতিয়াৰ দিনত প্লাষ্টিকৰ ব্যৱহাৰ এতিয়াতকৈ বৰ কম আছিল৷ ‘কেৰি
বেগ’ বুলি কোৱা প্লাষ্টিকৰ বেগৰ প্ৰচলন একেবাৰেই নাছিল৷ দাইল, চাউল, চেনী, চাহপাত
আদি বিক্ৰি কৰিবলৈ পুৰণি বাতৰি কাগজ ভাঁজ দি
এঠা লগাই ঠোঙা বুলি কোৱা একোটা বেগ সজা হৈছিল৷ চাৰি পৃষ্ঠাৰ এখন ‘দৈনিক অসম’ৰ পাতৰ
পৰা দুটা ঠোঙা বনাব পৰা গৈছিল৷ তেনেকুৱা পঁছিশটা ঠোঙা সাজি মাৰোৱাৰী দোকানত দিলে
এটকা দিছিল৷ এবাৰ পূজাৰ আগে আগে এনে ঠোঙা সাজি সুন্দৰজীৰ দোকনত দি মই দহটকা ঘটিছিলো৷
বিয়াত দিয়া উপহাৰসমূহো বাতৰি কাগজেৰে মেৰিয়াই দিয়া হৈছিল, তেতিয়াৰ দিনত ‘ৰেপিং পেপাৰ’-ৰ
ব্যৱহাৰ বৰ কম হৈছিল৷
সাত আঠ কিলোমিটাৰ
দূৰৰ পৰা খোজ কাঢ়ি স্কুললৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ কথা মনত পৰিলে এতিয়া এক বিষন্নতাই
মোৰ মনটো ভাৰাক্ৰান্ত কৰি তোলে৷ হাইস্কুলৰ ওপৰখাপৰ ছাত্ৰসকলৰ কোনো কোনোজনে চাইকেল
চলাইও আহিছিল, কিন্তু তেনে সংখ্যা বৰ কম আছিল৷ শিক্ষক সকলেও চাইকেল চলায়েই স্কুললৈ
আহিছিল৷ আমাতকৈ ওপৰৰ শ্ৰেনীত পঢ়া প্ৰতাপগড় বাগানৰ বাবু পৰিয়ালৰ শিখ সম্প্ৰদায়ৰ ল’ৰা
হৰদীপ সিঙে মাজে মাজে দেউতাকৰ মটৰ চাইকেল এখন লৈ স্কুললৈ আহিছিল৷ তেওঁৰ ভায়েকেও মাজে
মাজে তেনে কৰিছিল৷ দুয়ো ককাই-ভায়ে তালুত চুলিৰে খোপা একোটা বান্ধিছিল৷ হৰদীপ সিঙৰ
মটৰ চাইকেলত উঠাৰ সৌভাগ্য হোৱা মুষ্টিমেয় দুই এজন ছাত্ৰই মহাকাশৰ পৰা উভতি আহি নিজৰ
অভিজ্ঞতা বৰ্ণনা কৰাৰ দৰে আমাৰ আগত নিজৰ দুৰ্লভ অভিজ্ঞতাৰ কথা কৈছিল! জীৱবিজ্ঞানৰ স্নাতকোত্তৰ
পৰীক্ষা দি অহাৰ পিছত আলি ছাৰৰ ল’ৰা পদূম ছাৰ অলপদিন ঘৰতে আছিল৷ তেখেতে সেইসময়ত কিছুদিন
আমাৰ স্কুলত শিক্ষকতা কৰিছিল ৷ তেখেতেও মাজে মাজে এখন মটৰ চাইকেল লৈ স্কুললৈ আহিছিল৷
জিৰণীৰ সময়ত মটৰ চাইকেলখন আমি পিটিকি পিটিকি নিৰীক্ষণ কৰিছিলো৷
আলিবাটত দুৰ্ঘটনা
হোৱাৰ ভয় একেবাৰেই নাছিল৷ সেই সময়ত ৰাষ্টাত আঙুলিৰ মূৰত গণিব পৰা গাড়ী-মটৰ চলিছিল৷
অসম ৰাজ্যিক পথ পৰিবহন নিগমৰ বাছ কেইখন আমাৰ চিনাকি আছিল৷ বাঁহবাৰী-পানপুৰ, লক্ষীমপুৰ-গুৱাহাটী,
ইটানগৰ –গুৱাহাটী, ধেমাজী-তেজপুৰ, ন-টা পঞ্চলিছত ৰাঙাপাৰা হৈ গুৱাহাটীলৈ যোৱাখন, ৰাতিপুৱা
ছটা পোন্ধৰত তেজপুৰ হৈ যোৱা চুপাৰখন ইত্যাদি৷ ব্যক্তিগত খণ্ডৰ বাছৰ সংখ্যাও আছিল
তেনেই নগন্য৷ ৰাষ্ট্ৰীয় ঘাঁই পথৰ দাঁতিৰ আন এটা স্কুল চৌহদত বাস কৰি পঢ়াশুনা কৰিবলৈ
সুবিধা পোৱা আমাৰ পেহীৰ ল’ৰা নয়নমনিয়ে পাঁচ কিলোমিটাৰ দূৰৰ কেকুৰিত পাব্লিক বাছ এখন
দৃশ্যমান হোৱাৰ লগে লগেই নামটো কৈ দিব পাৰিছিল ৷কেতিয়াবা আমি বাজি মাৰিছিলো, কিন্তু
সদায় সিয়েই জিকিছিল৷ ত্ৰিৱেণী, পাকিজা, চাৰি ভাই, জয় সন্তোষীমা আদি আছিল পাব্লিক বাছৰ
নাম৷
তেনেকুৱা দিনতে এদিন
সৰ্বেশ্বৰ ছাৰ আমাৰ ক্লাছলৈ বিজ্ঞান পঢ়াবলৈ আহিল৷ সেইদিনাৰ পাঠটো আছিল বিদ্যুৎ অৰ্থাৎ
ইলেক্ট্ৰিচিটিৰ কথা৷ বিদ্যুতে আমাৰ জীৱনটো কিমান সুচল কৰি আনি আছে তাৰ কথা৷ বিদ্যুত
পৰিবহন কি, কেনেকৈ বিদ্যুত এঠাইৰ পৰা আনঠাইলৈ যায় – এনেবোৰ কথা৷ বিদ্যুত বিজ্ঞানৰ
সাধাৰণ কথা থকা পাঠ৷ কিছুমান যন্ত্ৰ আছে তাক চলাবলৈ বিদ্যুত লাগিবই , যেনে – লাইট,
পাংখা, হিটাৰ, ইস্ত্ৰী ইত্যাদি৷ বিদ্যুতৰ পৰিবহনৰ বাবেও অনেক যন্ত্ৰ পাতি থাকে৷ যেনে
জেনেৰেটৰ, ট্ৰেন্সফৰ্মাৰ ….
-
জেনেৰেটৰ দেখিছনে নাই? ছাৰে প্ৰশ্নটো সুধিলে, তাৰ পিছত ইংগিত
এটাও দি দিলে– সাধাৰু মেলাত যে চিনেমা দেখুৱাওতে ধপ ধপাই থাকে?
আটাইবোৰ ছাত্ৰয়েই
সমস্বৰে চিঞৰি উঠিল– দেখিছোঁ, দেখিছোঁ ছাৰ! তাৰ পিছতে জেনেৰটৰে কেনেকৈ কাম কৰে ছাৰে
তাৰ এটা চমু পৰিচয় দিলে৷
এসময়ত ছাৰে সুধিলে
– ট্ৰেন্সফৰ্মাৰ দেখিছনে নাই?
কিছুসময় ছাত্ৰহ’ত
নিমাত৷ তাৰ পিছত দ্বিতীয় বেঞ্চত বহি থকা গুৰুপ্ৰসাদে মাত লগালে – দেখিছোঁ ছাৰ ৷
-
ক’ত দেখিছ? ছাৰে সুধিলে৷
-
গৰু এৰাল দিবলৈ যাওঁতে ৰাষ্টাৰ কিনাৰত দেখিছো ছাৰ!
গিৰ্জনি মাৰি আটায়ে
হাঁহি দিলে৷ গুৰুপ্ৰসাদৰ ভুল হোৱা নাছিল, সততাৰে সি সঁচা কথাই কৈছিল৷ আনঠাইত ট্ৰেন্সফৰ্মাৰ দেখাৰ আমাৰ কোনো সুবিধা নাছিল৷
ক্লাছ শেষ হ’বৰ হ’ল৷
বিজ্ঞানৰ অগ্ৰগতিৰ কথা জানিবৰ কাৰণে বাতৰি কাগজ পঢ়াটো কিমান আৱশ্যক, কথা গৈ তাত পৰিলগৈ৷
হঠাতে ছাৰে সুধিলে – তহ’তে বা আকৌ বাতৰি কাগজ দেখিছনে নাই! সকলো নিমাত৷
ছাৰে গুৰুপ্ৰসাদলৈ
চাই নিক্ষেপ কৰিলে – হেৰৌ, বিয়াত যে উপহাৰ বান্ধি দিয়ে, মাৰোৱাৰী দোকানত যে বস্তু
ভৰাই দিয়ে, সেইখনৰ কথা কৈছোঁ৷
(“জীৱন বাটৰ
ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত
– অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত পেলাই দিলে কিছুদিন ছাৰৰ সহকৰ্মী
হোৱাৰ সুযোগ লাভ কৰা ভন্টীয়ে, মানসী দেৱীয়ে৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড
পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment